Sunday, February 21, 2016

চতুৰ্দশ অধ্যায়: গুণত্ৰয় বিভাগ যোগ

সফল হোৱাৰ উপায়

ল’ৰা-ছোৱালীহঁতৰ পৰীক্ষাৰ ফলাফল ওলাইছে। ৰাণীয়ে ভালেই কৰিছে, কিন্তু নীলে আশা কৰা ধৰনে নম্বৰ নাপালে। সি সদায় শ্ৰেণীত প্ৰথম হৈ আহিছে। কিন্তু এইবাৰ সি চতুৰ্থ স্থানহে পালে। সেই বাবে তাৰ মনটো বেয়া।

“ককা, দাদাই মনটো বেয়া কৰিছে। সি বোলে এইবাৰ পৰীক্ষাত ভাল নম্বৰ নাপালে”। ৰাণীয়ে আহি ককাকক খবৰ দিলেহি।

“ফলাফলক লৈ কেতিয়াও মন বেয়া কৰিব নাপায়। গীতাত কোৱা নাই জানো, কৰ্ম কৰাটোহে মানুহৰ হাতত থাকে, ফলাফল নাথাকে”। ককাকে ক’লে।

“ককা, তুমি তাক মাতি আনি বুজালে চাগে’ সি কথাটো বুজি পাব”।

“আজি আবেলি তহঁত আটাইকেইটা আহিবি। আজি মই তহঁতক আকৌ গীতাৰ কথা ক’ম”। ককাকে ক’লে।
ৰাণীয়ে অভি, প্ৰীতি আৰু আয়ানলৈ খবৰ পঠিয়ালে। নীলকো ক’লে। আবেলি আটাইকেইটা ককাকৰ কোঠাত হাজিৰ হ’ল।

ককাকে আটাইকে বহিবলৈ ক’লে। “নীল, তই বোলে মনটো বেয়া কৰিছ”? ককাকে নীললৈ চাই ক’লে

“ককা, এইবাৰ কি হ’ল জানো? মই পৰীক্ষাত আগৰ বাৰৰ দৰে ভাল কৰিব নোৱাৰিলোঁ”। নীলে ক’লে।

“মোৰো পৰীক্ষা সিমান ভাল নহ’ল ককা। যোৱাবাৰতকৈ কম নম্বৰ পালোঁ”, প্ৰীতিয়ে ক’লে।

“মই বুজিছোঁ। সকলো পৰীক্ষাতে আমি সমানে ভাল কৰিব নোৱাৰো। কিন্তু এইটো একো ডাঙৰ কথা নহয়। প্ৰতিটো পৰীক্ষাতে সমানে ভাল কৰাটো সহজ নহয়। টেণ্ডুলকাৰে খুব ভাল ক্ৰিকেট খেলিছিলকিন্তু তেওঁ জানো প্ৰতিখন খেলতে চেঞ্চুৰি মাৰিব পাৰিছিল”? ককাকে বুজালে।

“আমাৰ কিয় এনেকুৱা হয় ককা? কেতিয়াবা আমি পৰীক্ষাত ভাল কৰোঁ, কেতিয়াবা কৰিব নোৱাৰোঁ”, অভিয়ে সুধিলে।
“আজি মই সেই কথাকে ক’বলৈ তঁহতক মাতি আনিছোঁ। গীতাৰ চতুৰ্দশ অধ্যায়ত শ্ৰীকৃষ্ণই অৰ্জুনক বুজাইছে, মানুহে কেনেদৰে সকলো সময়তে সকলো কামতে সাফল্য লাভ কৰিব পাৰে”। ককাকে ক’লে।

“সঁচাকৈয়ে সকলো কামতে সফল হ’ব পাৰিনে ককা”? আয়ানে আচৰিত হৈ সুধিলে।

“নিশ্চয়। সকলো কামতে সফল হোৱাৰ উপায় গীতাত শ্ৰীকৃষ্ণই মানৱ জাতিলৈ দি গৈছে”, ককাকে ক’লে।

“ককা, সেই উপায় কি জানিবলৈ বৰ মন গৈছে”, অভিয়ে ক’লে।

“গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক এক বিশেষ জ্ঞানৰ কথা কৈছে, যি জ্ঞানৰ সহায়ত আমাৰ আগৰ ঋষি, মুনি, মহাপুৰুষ সকলে কোনেও কল্পনা কৰিব নোৱৰা সাফল্য লাভ কৰি গৈছে। এই জ্ঞানৰ সহায়ত আমিও সকলো কামতে সফল হ’ব পাৰিম”। ককাকে ক’লে।

“কি সেই জ্ঞান ককা”? ৰাণীয়ে সুধিলে।

“সেয়া হৈছে আমাৰ মাজত থকা তিনিবিধ গুণৰ বিষয়ে জ্ঞান। আমাৰ সকলোৰে মাজত তিনিবিধ বিশেষ গুণ থাকে। এই তিনিবিধ গুন হৈছে সাত্বিক, ৰাজসিক আৰু তামসিক”ককাকে ক’লে।

“সাত্বিক, ৰাজসিক আৰু তামসিক গুণ? তাৰ মানে কি ককা”? প্ৰীতিয়ে সুধিলে।

“মই এটা এটাকৈ তহঁতক আটাইকেইটা গুণৰ বিষয়ে ক’ম। গীতাৰ চতুৰ্দশ অধ্যায়ক গুণত্ৰয় বিভাগ যোগ বুলি কোৱা হয়। গুণত্ৰয় বিভাগ যোগ হৈছে আমাৰ মাজত এই তিনি গুণ কেনেদৰে বেলেগ বেলেগ পৰিমাণত আছে সেই বিষয়ে জ্ঞান। মই প্ৰথমতে তামসিক গুণৰ বিষয়ে ক’ম। তামস শব্দৰ অৰ্থ হ’ল আন্ধাৰ। তামসিক গুণ মানে আন্ধাৰৰ লগত সম্পৰ্ক থকা গুণ”। ককাকে ক’লে।

“আন্ধাৰৰ লগত সম্পৰ্ক থকা গুণ? অলপ বুজাই কোৱাচোন ককা”। অভিয়ে সুধিলে।

“আমাৰ এলাহ, ভাগৰ, টোপনি, কাম কৰিবলৈ মন নোযোৱা হোৱা এইবোৰকে তামসিক গুণ বোলা হয়। সেইদৰে আমাৰ আমোদ প্ৰমোদৰ প্ৰতি থকা আকৰ্ষণ, নিচাৰ প্ৰতি আসক্তি আদিয়ো হ’ল তামসিক গুণ। এই গুণবোৰে মানুহৰ মন আন্ধাৰ কৰি ৰাখে, অজ্ঞানতাত বুৰাই ৰাখে। সেই কাৰণেই এইবোৰ হ’ল তামসিক গুণ। তহঁতে কথাখিনি বুজিছনে”? ককাকে ক’লে।

“বুজিছোঁ ককা। তামসিক গুণে আমাক এলেহুৱা, একো কাম কৰিবলৈ মন নোযোৱা কৰে। কিন্তু আন দুটা গুণ কি ককা”? নীলে সুধিলে।

“ৰাজসিক গুণবোৰ হ’ল আমাৰ মনত থকা ক্ৰোধ, অহংকাৰ, স্বাৰ্থপৰতা, হিংসা-দ্বেষ আৰু কামনা-বাসনা আদি। আমাৰ মনত যেতিয়া কোনো বস্তুৰ প্ৰতি আসক্তি হয়, মনে বিচৰা কিবা বস্তু পালে আমাৰ অহংকাৰ হয়, নাপালে খং উঠে, আত্ম গৌৰৱত ওফন্দি উঠি আমি আমি আনৰ প্ৰতি হিংসা কৰোঁ, টকা পইচা সম্পত্তিৰ পিছে পিছে দৌৰিবলৈ লওঁ, মনৰ সকলো কামনা বাসনা পূৰ কৰিবলৈ চেষ্টা কৰোঁ, সেইবোৰকে ৰাজসিক বা ৰজো: গুণ বুলি কোৱা হয়”। ককাকে ক’লে।
“ৰাজসিক মানে ৰজাৰ দৰে নেকি ককা”? অভিয়ে সুধিলে।

“এৰা ৰজা-মহাৰজা সকলৰ মাজতেই এনে গুণবোৰ বেছিকৈ দেখিবলৈ পোৱা যায়। যেতিয়া ৰজা মহাৰজাৰ দৰে আমাৰ সা সম্পত্তি আৰু টকা পইচাৰ প্ৰতি মোহ জন্মে, আমি সেইবোৰকলৈ অহংকাৰ কৰোঁ, নিজক লৈ গৌৰৱ কৰোঁ সেয়াই হ’ল ৰাজসিক গুণ। আমি কৰা কামৰ পৰা আমি যেতিয়া ফল আশা কৰোঁ, সেয়াও ৰাজসিক গুণৰে লক্ষণ”। ককাকে ক’লে।

“বুজিছোঁ ককা, ৰাজসিক গুণবোৰে আমাক উত্তেজিত কৰে, আমাক অহংকাৰী কৰে”। অভিয়ে ক’লে।

“ককা, আৰু এটা গুণৰ কথা কৈছিলাযে। সেইটো কি ককা”, প্ৰীতিয়ে সুধিলে।

“সেইটো হৈছে সাত্বিক গুণ। এই গুণটোক গীতাত শ্ৰীকৃষ্ণই আটাইতকৈ পৱিত্ৰ গুণ বুলি কৈছে। চতুৰ্দশ অধ্যায়ৰ ৬ নং শ্লোকত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে –

“তত্ৰ সত্বং নিৰ্মলত্বাৎ প্ৰকাশকমনাময়ম।
সুখসংগেন বধ্নাতি জ্ঞানসংগেন চানঘ”।।

অৰ্থাৎ আন গুণভিলাকৰ তুলনাত আটাইতকৈ পৱিত্ৰ বাবে সাত্বিক গুণে আনক পোহৰাই তুলিব পাৰে আৰু এই গুনটো সকলো প্ৰতিক্ৰিয়াৰ পৰা মুক্ত। যিসকলৰ গাত এই গুণটো থাকে তেওঁলোকে সকলো সময়তে সুখ অনুভৱ কৰে। তেওঁলোক সদায় জ্ঞান লাভৰ প্ৰতি আসক্ত হয়”।

“কিন্তু এই সাত্বিক গুন কেনে হয় ককা”? ৰাণীয়ে সুধিলে।

“আমি যেতিয়া এলাহত সময় অপব্যয় নকৰি একান্ত মনে নিজৰ কামত নিমগ্ন হৈ থাকোঁ, কিন্তু কামৰ পৰা একো ফল আশা নকৰোঁ, কিবা পালেও পোৱাখিনিক লৈ আমি গৌৰৱ বা অহংকাৰ নকৰোঁ, নাপালেও নোপোৱা খিনিৰ বাবে শোকত বুৰ নাযাওঁ, স্বাৰ্থপৰ হৈ কেৱল নিজৰ কথা নাভাবি ভগবানৰ ওচৰত নিজকে সমৰ্পন কৰোঁ, সদায় জ্ঞানৰ অন্বেষণ কৰোঁ, তেতিয়া আমাৰ গাত যিবোৰ গুণে দেখা দিয়ে সেয়াই হ’ল সাত্বিক গুণ। সাত্বিক গুণ থকা মানুহে নিজৰ আমোদ প্ৰমোদ, কামনা বাসনা সকলো হাঁহিমুখে ত্যাগ কৰি নিষ্কাম কৰ্মত ব্যস্ত হৈ থাকে আৰু ভগবানৰ ওচৰত নিজকে সমৰ্পন কৰে”, ককাকে ক’লে।

“ককা, এজন মানুহৰ গাত এটাই গুণ থাকিব পাৰেনে? নে আটাইকেইটা গুণেই থাকে”? অভিয়ে সুধিলে।

“এই আটাইকেইটা গুণেই প্ৰতিজন মানুহৰ মাজতে থাকে, কিন্তু পৰিমাণ কম বেছি হয়। এই গুণবোৰৰ পৰিমাণে এজন মানুহৰ ব্যক্তিত্ব নিৰূপন কৰে। আকৌ এই গুণবোৰৰ অনুপাতো বিভিন্ন সময়ত আৰু বিভিন্ন পৰিস্থিতিত সলনি হয়। কোনো এটা গুণৰ প্ৰভাৱ যেতিয়া বেছি হয়, মানুহজনে তেনে ব্যৱহাৰ কৰিবলৈ লয়”। ককাকে ক’লে।

“কথাটো অলপ বুজাই দিয়াচোন ককা:, ৰাণীয়ে ক’লে।

“মই তহঁতক কৈছোঁৱেই, গুণৰ পৰিমাণ অনুসৰি মানুহৰ স্বভাৱ ভিন ভিন হয়। উদাহৰণ স্বৰূপে, যিবোৰ মানুহৰ মাজত তামসিক গুণৰ পৰিমাণ বেছি থাকে, তেওঁলোক এলেহুৱা, আৰাম প্ৰিয়, আমোদ প্ৰিয়, খাদ্য প্ৰিয়, নিচাসক্ত হয়। তেওঁলোকৰ মন গভীৰ আন্ধাৰে আৱৰি থাকে। তেওঁলোকে জীৱনত কোনো উত্সাহ, উদ্দীপনা আৰু নতুন কথা জনাৰ আগ্ৰহ অনুভৱ নকৰে। বাহ্যিক আমোদ প্ৰমোদৰ মাজত থাকিলেও তেওঁলোকৰ মন সদায় অজ্ঞান অন্ধকাৰে আৱৰি থাকে। সেইদৰে যিবোৰ মানুহৰ মাজত ৰাজসিক গুণৰ পৰিমাণ বেছি থাকে তেওঁলোক স্বাৰ্থপৰ, অহংকাৰী আৰু টকা পইচা, ধন সম্পত্তিৰ মোহত আচ্ছন্ন হৈ থাকে। তেওঁলোকে কাম কৰিলেও সেয়া নিজৰ বাবেই কৰে। আনৰ কথা ভাবিবলৈ তেওঁলোকে আহৰি নাপায়। আনহাতে সাত্বিক গুণৰ পৰিমাণ অধিক থকা ব্যক্তিয়ে নিজৰ বাবে একো আশা নকৰাকৈ ভগবানৰ চৰণত নিজকে সমৰ্পন কৰি নিজৰ কৰ্তব্য কৰি যায়। তেওঁলোকে সা সম্পত্তিৰ না নিচাৰ প্ৰতি আসক্ত নহয়, কিন্তু জ্ঞান আহৰণৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ অনুভৱ কৰে। তেওঁলোকে নিজৰ মাজতে সকলো সুখ বিচাৰি পায়”।

“কিন্তু ককা, আমি মানুহ এজনক দেখিলেই ধৰিব পাৰিমনে তেওঁ সাত্বিক, ৰাজসিক নে তামসিক গুণ থকা ব্যক্তি”? আয়ানে সুধিলে।

“নিশ্চয়। সাত্বিক গুণধাৰী মানুহৰ লগত কথা পাতিলে পৰম শান্তি অনুভৱ কৰিব পৰা যায়। তেওঁলোক জ্ঞানৰ পোহৰেৰে উজ্বল হৈ থাকে। তেওঁলোকে সকলোৰে লগত ভাল ব্যৱহাৰ কৰে, মিঠা ভাষাত কথা পাতে আৰু সদায় নিজৰ কামত ব্ৰতী হৈ থাকে। সেইদৰে খঙাল, অহংকাৰী, লোভী, স্বাৰ্থপৰ, হিংসাকুৰীয়া মানুহ দেখিলে জানিবিযে সেইজন ৰাজসিক গুণৰ মানুহ। যিবিলাক মানুহ এলেহুৱা, নিষ্ক্ৰিয়, নিচাসক্ত, উন্মত্ত, হিংসুক, কাজিয়াখোৰ সেইসকল তামসিক গুণৰ প্ৰভাৱত থাকে। আমি মানুহৰ স্বভাৱ বা ব্যৱহাৰৰ পৰা বহুত কথাই জানিব পাৰোঁ। গীতাত এইবুলিও কোৱা হৈছেযে সত্বগুণী সকলে ক্ৰমে ক্ৰমে উদ্গতি লাভ কৰি স্বৰ্গৰ দেৱতাসকলৰ লগত বাস কৰাৰ যোগ্যতা পায়। ৰজোগুণীসকলে এই পৃথিৱীতে থাকি যায় আৰু তমোগুণীসকলে নৰকত স্থান পায়”। ককাকে ক’লে।

“ককা, এই গুণবোৰেই মানুহৰ জীৱন ভাল হ’ব নে বেয়া হ’ব নিৰ্ণয় কৰে নেকি”? নীলে সুধিলে।

“একেবাৰে ঠিক কথা কৈছ নীল। আমি দেখা সকলোবোৰ ৰং যিদৰে মূলতে ৰঙা, নীলা আৰু সেউজীয়া ৰঙৰ বিভিন্ন মিশ্ৰণৰ ফলত সৃষ্টি হয়, সেইদৰে এই পৃথিৱীৰ মানুহৰ স্বভাৱ আৰু ব্যৱহাৰ এই তিনিটা গুণৰ সমষ্টিত সৃষ্টি হয়”। ককাকে ক’লে।

“ককা, মানুহে কেতিয়াবা এই তিনিটা গুণৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব পাৰেনে”? অভিয়ে সুধিলে।

“এই তিনিটা গুণৰ প্ৰভাৱৰ পৰা মুক্ত হোৱাটো সহজসাধ্য নহয়। কিন্তু গীতাত চতুৰ্দশ অধ্যায়ত ২০ নং শ্লোকত  শ্ৰীকৃষ্ণই অৰ্জুনক এই বুলি কৈছে –

গুণানেতানতীত: ত্ৰীন দেহী দেহসমুদভৱান।
জন্মমৃত্যুজড়াদু:খৰ্ৱিমুক্তো অমৃতমশ্নুতে।।

ইয়াৰ অৰ্থ হ’ল, মানুহে যেতিয়া নিজৰ সাধনাৰ বলত এই তিনিওটা গুণৰ প্ৰভাৱৰ পৰা মুক্ত হৈ পৰে, তেওঁ জন্ম মৃত্যু, বুঢ়াকাল আৰু দুখৰ পৰা হাত সাৰি এই পৃথিৱীতে অমৃতৰ সোৱাদ পাব পাৰে। অৰ্থাৎ মানুহে এই তিনিটা গুণৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব পাৰিলে এই পৃথিৱীত থাকিও স্বৰ্গত থকাৰ দৰে সুখ পায়”। ককাকে ক’লে।

“তেনেকুৱা মানুহ সঁচাকৈয়ে আছেনে ককা? আমি তেনে মানুহক চিনি উলিয়াব পাৰিমনে”? নীলে সুধিলে।

“গীতাত অৰ্জুনে শ্ৰীকুষ্ণক একেটা কথাই সুধিছিল। ইয়াৰ উত্তৰত শ্ৰীকৃষ্ণই কৈছে, যিজনে কেতিয়াও কোনো বস্তুৰ প্ৰতি লোভ বা মোহ নকৰে, নিজৰ কৰ্তব্য সম্পূৰ্ণ নিস্থাৰে কৰি যায়, কিবা বস্তু হেৰুৱালেও দুখ নকৰে, কোনো বস্তু পাবলৈ আকাংক্ষা নকৰে, সদায় সকলো বস্তুৰ প্ৰতি উদাসীন আৰু স্থিৰ হৈ থাকিব পাৰে সেইজন মানুহেই এই তিনিগুণৰ প্ৰভাৱৰ পৰা মুক্ত। তেনে এজন মানুহক গুণবোৰৰ প্ৰভাৱে বিচলিত কৰিব নোৱাৰে, তেওঁৰ বাবে দুখ আৰু সুখ দুয়োটা সমান, তেওঁৰ মনোযোগ সদায় আত্মাত নিবদ্ধ থাকে, আনৰ নিন্দা বা প্ৰশংসা, মান বা অপমান সকলো তেওঁ সমানভাৱে গ্ৰহণ কৰিব পাৰে, শত্ৰু আৰু মিত্ৰ উভয়কে তেওঁ সমানে আদৰ সন্মান কৰিব পাৰে। সকলোতকৈ মন কৰিবলগীয়া কথা হ’ল তেনে এজন মানুহে কোনো ব্যতিক্ৰম নোহোৱাকৈ সদায় ভগবানৰ সেৱা ভক্তি কৰে। ভগবানকে একমাত্ৰ আশ্ৰয় বুলি গণ্য কৰে”, ককাকে ক’লে।

“ককা, তুমিযে কৈছিলা, এই তিনিগুণৰ বিষয়ে জ্ঞান লাভ কৰিলে আমি সকলো কামতে সফল হ’ব পাৰিম। কিন্তু সেয়া কেনেকৈ সম্ভৱ হ’ব ককা”? নীলে সুধিলে।

“এই তিনিগুণৰ বিষয়ে আজি আমি জানিলোঁ যেতিয়া আমি আমাৰ প্ৰত্যেকৰে মাজত থকা সাত্বিক, ৰাজসিক আৰু তামসিক গুণৰ প্ৰভাৱৰ বিষয়ে অনুভৱ কৰিব পাৰিম। আমাৰ উদ্দেশ্য হ’ল আমাৰ জীৱনত সাত্বিক গুণৰ প্ৰভাৱ বৃদ্ধি কৰাটো। আমি যেতিয়া সাত্বিক গুণৰ প্ৰভাৱ বেচিকৈ অনুভৱ কৰিব পাৰিম, আমাৰ জীৱনটোৱেই সলনি হৈ যাব”, ককাকে ক’লে।

“জীৱনটো কেনেকৈ সলনি হৈ যাব ককা”? প্ৰীতিয়ে সুধিলে।

“আমাৰ জীৱনত অসফলতা, ব্যৰ্থতা, দুখ, কষ্ট আহে ৰাজসিক আৰু তামসিক গুণৰ কাৰণে। যেতিয়া আমি নিজ ইচ্ছাৰে এই গুণবোৰৰ প্ৰভাৱ কমাই আনিব পাৰিম, আমাৰ সফলতাৰ পৰিমাণো বৃদ্ধি পাব। সাত্বিক গুণৰ প্ৰভাৱে আত্মাৰ অজ্ঞান অন্ধকাৰ দূৰ কৰে আৰু মানুহৰ মগজু অতি কাৰ্যক্ষম কৰি তোলে। যদি সাত্বিক গুণক আমাৰ স্বভাৱত পৰিণত কৰিব পাৰোঁ, সকলো কাৰ্যতে আমি সফল হ’ব পাৰিম”। ককাকে ক’লে।

“আমি সকলোৱে সদায় সফল হ’ব বিচাৰোঁ। কিন্তু আমি চেষ্টা কৰিলেও কেতিয়াবা কিয় আমি সফল হ’ব নোৱাৰোঁ ককা”? আয়ানে সুধিলে।

“আমাৰ মাজত থকা ৰাজসিক আৰু তামসিক গুণবোৰে আমাক সফলতাৰ পথত বাধা দিয়ে। সেই গুণবোৰৰ প্ৰভাৱ দমন কৰিব নোৱৰাৰ বাবেই আমাৰ এনে হয়। কোনোবাই যদি পৰীক্ষাৰ বাবে পঢ়া শুনা নকৰি এলাহত শুই থাকে, টি ভি চাই আমোদ প্ৰমোদত ব্যস্ত হৈ থাকে, তেতিয়া তেওঁ তামসিক গুণৰ প্ৰভাৱত থাকে। সেইদৰে পঢ়া শুনা কৰোঁতে যদি কেৱল নম্বৰ পোৱাৰ আশা কৰি থাকে, নিজৰ আগৰ ফলাফলক লৈ অহংকাৰ কৰে, আনক হিংসা কৰে, তেতিয়া তেওঁ ৰাজসিক গুণৰ প্ৰভাৱত থাকেএইবিলাক গুণৰ প্ৰভাৱৰ পৰা মুক্ত হৈ ভগৱানৰ কথা ভাবি একান্ত মনে পঢ়া শুনা কৰিলে সাত্বিক গুণৰ প্ৰভাৱ পৰিব আৰু প্ৰতিবাৰেই সফল হ’ব পাৰি”। ককাকে ক’লে।

“ককা, আমি পৰীক্ষাত সদায় ভাল কৰিবলৈ হ’লে নিজৰ পৰা কি চেষ্টা কৰিব লাগিব”? প্ৰীতিয়ে সুধিলে।

“পৰীক্ষাত ভাল কৰিবলৈ হ’লে তহঁতে এটা কাম সদায় কৰিব লাগিব। তহঁতে ভগৱানৰ নাম লৈ মনপুতি পঢ়া শুনা কৰিবই লাগিব। পৰীক্ষাত নম্বৰ পোৱাৰ আশাত নহয়, জ্ঞান অৰ্জনৰ হেপাহত পঢ়া শুনা কৰিব লাগিব। সাত্বিক গুণৰ এটা লক্ষণ হ’ল জ্ঞানৰ বাবে হেপাহ। তহঁতৰ মাজত যিবোৰ ৰাজসিক আৰু তামসিক গুণ আছে, সেইবোৰক চিনি উলিয়াই সেইবোৰৰ প্ৰভাৱৰ পৰা নিজকে মুক্ত কৰিব লাগিব। বুজি পাইছনে”?

“বুজি পাইছোঁ ককা। মই এইবাৰ পৰীক্ষাত ভাল কৰিব নোৱৰাৰ কাৰণটোও বুজি পাইছোঁ। মই টি ভিত খুব ফুটবল আৰু ক্ৰিকেট খেল চাই সময় নষ্ট কৰিছিলোঁ। সেইকাৰণেই মোৰ পৰীক্ষা ভাল নহ’ল,” নীলে ক’লে।

“ঠিক এইদৰে তহঁতে ভাবি চালে নিজৰ জীৱনত ৰাজসিক আৰু তামসিক গুণৰ প্ৰভাৱৰ কথা জানিব পাৰিবি। সেই গুণবোৰ ত্যাগ কৰি তহঁতে নিজৰ মাজত সাত্বিক গুণ বিকশিত কৰিবলৈ চেষ্টা কৰিবি। সদায় সকলো কামৰ ফল ভগৱানৰ চৰণত অৰ্পণ কৰিবি। এইদৰে লাহে লাহে তঁহতৰ জীৱন সলনি হৈ যাব। সাত্বিক গুণৰ প্ৰভাৱত সদায় সুখী আৰু আনন্দময় জীৱনৰ অধিকাৰী হ’ব পাৰিবি”, ককাকে ক’লে।