Friday, September 2, 2016

দ্বাদশ অধ্যায়: ভক্তি যোগ

ভক্তিৰ পথ

ডাক্তৰ ৰহমানে এদিন নীলৰ দেউতাকক বাটত লগ পাই ক’লে, “বহুদিন গীতাৰ কথা শুনিবলৈ যোৱা হোৱা নাই। আজি সন্ধিয়া যাম দুলি ভাবিছোঁ”।

নীলৰ দেউতাকে ক’লে, “নিশ্চয় আহিব, দেউতাই ভাল পাব। ল’ৰা ছোৱালীহঁতৰ পৰীক্ষাৰ বাবে সিহঁতেও কিছুদিন ককাকৰ ওচৰলৈ যাব পৰা নাই। আজি সিহঁতৰো পৰীক্ষা শেষ। গতিকে আজি আকৌ গীতাৰ কথা শুনাৰ সময়”।

ঘৰলৈ আহি নীলৰ দেউতাকে সন্ধিয়া গীতাৰ কথা শুনিবলৈ ডাক্তৰ ৰহমান অহাৰ কথা ক’লে। দেউতাকে ভাল পালে।

নীলৰ মাক ৰমলাই ক’লে, “ওচৰৰ প্ৰফেচাৰ জোছেফ ছাৰ কৈ থৈছে, দেউতাই গীতাৰ কথা ক’লে তেওঁকো খবৰ দিবলৈ”।

সন্ধিয়া নীলহঁতে খেলা ধূলা কৰি ঘৰ সোমোৱাৰ পিছত হাত ভৰি ধুই ককাকৰ ওচৰলৈ আহিল। ডাক্তৰ ৰহমান আৰু জোছেফ ছাৰ ইতিমধ্যে আহি ককাকৰ কোঠাত কথা পাতি আছিল। ল’ৰা ছোৱালীকেইটি আহি ককাকৰ আশে পাশে বহিল।

ককাকে ক’লে, “আমি কেইবাদিনো গীতাৰ কথা আলোচনা কৰা হোৱা নাই। তহঁতৰ কথাবোৰ মনত আছেনে”?
“আছে ককা। আমি যোৱাবাৰ ভগবানৰ বিশ্বৰূপৰ কথা জানিব পাৰিছিলোঁ”। নীলে ক’লে।

“অৰ্জুনে ভগবানৰ বিশ্বৰূপ দৰ্শন কৰি কি কথা জানিব পাৰিলে ক’ব পাৰিবিনে”? ককাকে সুধিলে।

“ককা, অৰ্জুনে জানিব পাৰিলে যে এই বিশ্বৰ সকলো বস্তুতেই ভগবান আছে আৰু সকলোবোৰ ঘটনা ভগবানৰ ইচ্ছা অনুসৰিয়েই হয়। লগতে অৰ্জুনে ভগবানৰ সৃষ্টিকৰ্তা, পালনকাৰী আৰু সংহাৰী এই তিনিওটা ৰূপেই দেখা পালে”। নীলে ক’লে।

“মই বৰ ভাল পাইছোঁ যে কথাবোৰ তহঁতে মনত ৰাখিছ। এইখিনি জনাৰ পিছত তহঁতৰ মনলৈ একো প্ৰশ্ন অহা নাইনে”? ককাকে সুধিলে।

“আহিছে ককা, তেনে এজন সকলোতে বিয়পি থকা, ইমান শক্তিশালী ভগবানক আমি কেনেদৰে সন্তুষ্ট কৰিব পাৰিম”? অভিয়ে ক’লে।

“মোৰ এটা প্ৰশ্ন আছে খুড়া। আমি ইছলাম ধৰ্মত এজন নিৰাকাৰ, সৰ্বশক্তিমান ঈশ্বৰৰ কথা বিশ্বাস কৰোঁ। আমাৰ ধৰ্মৰ মতে ভগবানৰ কোনো ৰূপ নাই। কিন্তু গীতাত ভগবানে তেওঁৰ বিশ্বৰূপ প্ৰদৰ্শন কৰিছে। গীতাত শ্ৰীকৃষ্ণৰ সাকাৰ ৰূপকে ভগবান বুলি কোৱা হৈছে। এতিয়া কোনটো সঠিক? এজন নিৰাকাৰ ভগবানৰ অনুগত হোৱা উচিত নে গীতাত কোৱাৰ দৰে সাকাৰ ৰূপত ভগবানক বিচৰা উচিত”? ডাক্তৰ ৰহমানে সুধিলে।

“দ্বাদশ অধ্যায়ত এই একেটা প্ৰশ্নই অৰ্জুনে শ্ৰীকৃষ্ণক কৰিছে। বিশ্বৰূপ দৰ্শনৰ পিছতে অৰ্জুকে শ্ৰীকৃষ্ণৰ পৰা জানিব বিচাৰিছে ভগবানৰ সাকাৰ বা সবিশেষ ৰূপ আৰু নিৰাকাৰ বা নিৰ্বিশেষ ৰূপ এই দুটাৰ কোনটো শুদ্ধ। কোনটো পথেৰে গ’লে ভগবানৰ আশীষধন্য হ’ব পাৰি”।

“শ্ৰীকৃষ্ণই কি উত্তৰ দিলে”? ডাক্তৰ ৰহমানে উত্কণ্ঠাৰে সুধিলে।

“ইয়াৰ উত্তৰৰ শ্ৰীকৃষ্ণই অৰ্জুনক বুজালে যে দুয়োবিধ পথেৰেই ভগবানৰ আশীষধন্য হ’ব পাৰি। কিন্তু নিৰ্বিশেষ ৰূপত ভগবানৰ আৰাধনা কৰাটো কঠিন। যিসকল ব্যক্তিয়ে নিজৰ ইন্দ্ৰিয়সমূহৰ সংযমিত কৰি সকলো প্ৰাণীৰে প্ৰতি সমদৃষ্টি ৰাখে, সকলো জীৱৰে হিত সাধনত সদায় ব্ৰতী হৈ থাকে, ভগবানৰ নিৰাকাৰ - নিৰ্বিশেষ ৰূপটোক সম্পূৰ্ণ আস্থা আৰু সমৰ্পনৰ মনোভাৱেৰে একান্তমনে উপাসনা কৰে, তেওঁলোকেহে ভগবানৰ আশীষ লাভ কৰে। গীতাত কোৱা হৈছে যে এই পথেৰে আগবাঢ়ি যোৱাটো কষ্টসাধ্য, কাৰণ এই পথ অনুসৰণ কৰি ভগবানৰ আশীষ পাবলৈ হ’লে মানুহে সকলো বৈষয়িক কামনা বাসনা আৰু মায়া মোহৰ পৰা সম্পূৰ্ণভাৱে মুক্ত হ’ব লাগিব। তদুপৰি এই পথত মানুহৰ আধ্যাত্মিক জ্ঞানে এক বিশেষ মাত্ৰা পাব লাগিব। জ্ঞানৰ সাধনাৰে এনে বিশেষ মাত্ৰাত উপনীত হোৱাটো সকলো মানুহৰ বাবে সহজসাধ্য নহয়”। জনাৰ্দন মহন্তই ক’লে।

“আমি খ্ৰিষ্টধৰ্মী সকলে নিৰাকাৰ ভগবানৰ কথাই বিশ্বাস কৰোঁ। কিন্তু আমি যীশুক ভগবানৰ পুত্ৰ আৰু তেওঁৰ সাকাৰ ৰূপক ভগবানৰ প্ৰতিনিধি বুলিও বিশ্বাস কৰোঁ। সেইদৰে আমি যীশুৰ মাতৃ মেৰীকো কৰুণাময় ভগবানৰ ৰূপ বুলি মানো”। জোছেফ ছাৰে ক’লে।

“গীতাত কোৱা হৈছে যে নিৰাকাৰ ৰূপতকৈ ভগবানৰ সাকাৰ ৰূপ এটাৰ ওপৰত মনটো স্থিৰ কৰাটো সাধাৰণ মানুহৰ বাবে সহজ। যিসকলে ভগবানৰ সাকাৰ ৰূপত মনটো স্থিৰ ৰাখি পৰম পাৰমাৰ্থিক বিশ্বাসেৰে ভগবানৰ উপাসনা কৰে, নিজ সকলো কৰ্ম ভগবানক অৰ্পন কৰে, অবিচলিত ভক্তিযোগেৰে ভগবানৰ ধ্যান কৰি তেওঁৰ উপাসনা কৰে, তেওঁ সহজতে ভগবানক বিচাৰি পায়। সেইকাৰণে সকলো ধৰ্মতে ভগবানক বুজাবলৈ কিবা নহয় কিবা প্ৰতীক ব্যৱহাৰ কৰা হয়। সেই প্ৰতীকত মন স্থিৰ কৰি ভগবানৰ উপাসনা কৰাটো সাধাৰণ মানুহৰ বাবে সহজ”।

“কথাটো ভালদৰে বুজাই দিয়াচোন ককা”, ৰাণীয়ে ক’লে।

“কাইলৈৰ পৰা যদি তহঁতক কৈ দিয়া হয় যে তহঁতৰ স্কুলত কোনো শিক্ষক নাথাকিব, তহঁতে পাঠ্যপুথি পঢ়ি নিজে নিজে শিকিব লাগিব, তেতিয়া তহঁতৰ কেনে লাগিব? তহঁতে নিজে নিজে চেষ্টা কৰি পঢ়ি শিক্ষকে পঢ়োৱাৰ দৰে জ্ঞান পাব পাৰিবিনে”? ককাকে ক’লে।

“নোৱাৰিম ককা। ছাৰ বাইদেৱে বুজাই নিদিলে আমি কেনেকৈ বুজি পাম”। প্ৰীতিয়ে ক’লে।

“আমাক আটাইকে একোজন শিক্ষক লাগে, যিজনে আমাক সঠিক বাটৰ সন্ধান দিব পাৰে। গীতাত ভগবান শ্ৰীকৃষ্ণই সাকাৰ ৰূপত অৱতীৰ্ণ হৈ সেই শিক্ষকৰ ভূমিকা লৈছে। সেয়েহে গীতাত শ্ৰীকৃষ্ণৰ সাকাৰ ৰূপতেই মন স্থিৰ কৰি ভগবানৰ উপাসনা কৰাৰ কৰাৰ নিৰ্দেশ দিছে। দ্বাদশ অধ্যায়ৰ ৮ নং শ্লোকত শ্ৰীকৃষ্ণই কৈছে –

ময়্যেৱ মন আধত্স্ব ময়ি বুদ্ধিং নিৱেষয়।
নিৱসিষ্যসি ময়্যেৱ অত ঊৰ্ধং ন সংশয়:।।

অৰ্থাৎ মোৰ সাকাৰ ৰূপৰ ওপৰতে তোমাৰ মনটো নিবিষ্ট কৰা। তোমাৰ বুদ্ধিও মোক পোৱাৰ উদ্দেশ্যেই প্ৰয়োগ কৰা। তাৰ পিছত তুমি সদায়েই মোৰ ওচৰতে বাস কৰিবা, সেই কথাত কোনো সন্দেহ নাই”। ককাকে ক’লে।

“আমি এতিয়া ভগবানৰ সাকাৰ ৰূপ কেনেকৈ বিচাৰি পাম? আমাৰ ধৰ্মত ভগবানৰ কোনো সাকাৰ ৰূপৰ কথা নাই”। ডাক্তৰ ৰহমানে ক’লে।

“কেৱল সাকাৰ ৰূপতেই ভগবানৰ উপসনা কৰিব পাৰি তেনে নহয়। জ্ঞানৰ সাধনাৰে নিৰাকাৰ ৰূপত ভগবানৰ উপাসনাও ভগবানৰ আশীষ লাভ কৰাৰ উত্তম পথ। গীতাত কেৱল কোৱা হৈছে যে অবিচল ভক্তিৰে ভগবানৰ সাকাৰ ৰূপত মন স্থিৰ কৰাটো সহজ”। ককাকে ক’লে।

“কিন্তু ককা, আমি ভগবানৰ উপাসনা কেনেকৈ কৰিব লাগে”? ৰাণীয়ে সুধিলে।

“গীতাৰ দ্বাদশ অধ্যায়ক ভক্তি যোগ বোলা হয়। এই অধ্যায়ত দুবিধ ভক্তিযোগৰ কথা কোৱা হৈছে। আমাৰ ভগবানৰ লগত যদি ভাৱাতীত প্ৰেমৰ সম্বন্ধ গঢ়ি উঠে সেয়াই আটাইতকৈ উত্তম ভক্তি বোলা হৈছে। যিসকলে এনে সম্বন্ধ গঢ়ি তুলিব পাৰে, তেওঁলোকে খাওঁতে, শোওঁতে, উঠোতে, বহোঁতে সদায় ভগবানৰ চিন্তাতে নিমগ্ন হৈ থাকে। যিসকলে এনে ভক্ত হ’ব নোৱাৰে তেওঁলোকৰ বাবে দ্বিতীয়বিধ ভক্তিৰ ব্যৱস্থাও আছে। তেওঁলোকে অভ্যাস আৰু অনুশীলনীৰ দ্বাৰা নিজৰ মনটো ভগবানৰ প্ৰতি স্থিৰ কৰাৰ চেষ্টা কৰিব লাগে”। ককাকে ক’লে।

“ভগবানৰ লগত প্ৰেমৰ সম্পৰ্ক কেনেকুৱা হ’ব লাগে”? জোছেফ ছাৰে সুধিলে।

“যেতিয়া মানুহৰ কিবা প্ৰয়োজন হয়, তেতিয়াহে সাধাৰণতে ভগবানৰ কথা মনত পেলায়। কিন্তু যিসকলে ভগবানক সঁচাকৈয়ে ভাল পায়, তেওঁলোকে অনবৰতে, সকলো সময়তে মনত ভগবানৰ কথাই চিন্তা কৰি থাকে। মানুহৰ মনৰ এনে অৱস্থাকেই ভগবানৰ লগত প্ৰেমৰ সম্বন্ধ গঢ়া বুলি কোৱা হয়”।

“দ্বিতীয়বিধ ভক্তিত যে অভ্যাস আৰু অনুশীলনীৰ কথা কোৱা হৈছে, সেই বিষয়ে অলপ বুজাই ক’বনে”? ডাক্তৰ ৰহমানে সুধিলে।

“জ্ঞানৰ চৰ্চা, যোগৰ অভ্যাস আৰু ধ্যানৰ অনুশীলনীৰ যোগেদিও মানুহে ভগবানৰ প্ৰিয়পাত্ৰ হ’ব পাৰে। যিবোৰ মানুহে কঠোৰ সাধনাৰে নিজৰ মনক অবিচলিত কৰি জ্ঞান আহৰণত আত্মনিয়োগ কৰে সেইজনো এজন উত্তম ভক্ত, কাৰণ অভ্যাস আৰু অনুশীলনীৰ যোগেদি তেওঁ নিজৰ মন স্থিৰ কৰিবলৈ সক্ষম হয়”। জনাৰ্দন মহন্তই ক’লে।

“অভ্যাস আৰু অনুশীলনীৰেও যদি মানুহে ভগবানৰ প্ৰতি মন স্থিৰ কৰিব নোৱাৰে তেতিয়া কি হ’ব ককা”? অভিয়ে সুধিলে

“জ্ঞানৰ চৰ্চা - অনুশীলন কৰিব নোৱৰা সকলৰ বাবেও গীতাত নিৰ্দেশ দিয়া আছে। তেনে লোকে ভগবানৰ বাবে নিস্বাৰ্থ ভাৱে কাম কৰিবলৈ চেষ্টা কৰিব লাগে। গীতাত কোৱা হৈছে যে ভগবানৰ বাবে কাম কৰিলেও সিদ্ধি লাভ হয়”। ককাকে ক’লে।

“ভগবানৰ বাবে কেনেকৈ কাম কৰিব পাৰি”? নীলে সুধিলে।

“আমি বেছিভাগ কাম নিজৰ আৰু নিজৰ পৰিয়ালৰ বাবেই কৰোঁ। সেইবোৰ কামত আমাৰ স্বাৰ্থ থাকে। কিন্তু নিস্বাৰ্থ ভাৱে নিজৰ বাবে একো আশা নকৰাকৈ আমি ভগবানৰ বাবে কাম কৰিলে তাতো ভগবান সন্তুষ্ট হয়। মন্দিৰ, মছজিত, গীৰ্জা, গুৰুদ্বাৰা আদিত বহুত মানুহে নিজৰ সেৱা আগবঢ়ায়। বহুত মানুহে মন্দিৰ, মছজিদ সাজিবলৈ দান বৰঙণি দিয়ে। কিছুমান মানুহে ভগবানৰ কথা প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰে। এঈ আটাইবোৰেই হ’ল ভগবানৰ কাৰণে কৰা কাম”। ককাকে ক’লে।

“ককা। কোনোবা মানুহে যদি ভগবানৰ বাবে কাম কৰিবলৈকো সময় উলিয়াব নোৱাৰে? আজিকালি বহুত মানুহৰে এইবোৰ কৰিবলৈ সময় নাথাকে”। নীলে ক’লে।

“ভগবানৰ বাবে কাম কৰিবলৈ সময় উলিয়াব নোৱাৰিলে মানুহে নিজে কৰা সকলো কামৰ ফল ত্যাগ কৰাই হ’ল একমাত্ৰ উপায়। নিষ্কাম ভাৱে, নিস্বাৰ্থ ভাৱে, সংযত হৈ নিজৰ কামত ব্যস্ত হৈ থাকি নিজৰ কামৰ সকলো ফল ভগবানৰ চৰণত অৰ্পন কৰিব পাৰিলেও ভগবানৰ প্ৰিয় হ’ব পৰা যায়। যিমানুহে নিজৰ কামৰ বাবে ভগবানৰ চিন্তাত নিমগ্ন হৈ থাকিব নোৱাৰে, তেওঁলোকে নিজৰ কাম একান্তচিত্তে কৰি সেই কামৰ ফলৰ আশা ত্যাগ কৰিব পাৰিলে সেয়াও হয় উত্তম ভক্তি আৰু তাৰ দ্বাৰাও ভগবানৰ আশীষ পোৱাটো সম্ভৱ”। ককাকে ক’লে।

“কিন্তু ককা, ভগবানৰ ভক্ত হ’বলৈ থকা ইমানবোৰ উপায়ৰ মাজত কোনটো শ্ৰেষ্ঠ”? অভিয়ে সুধিলে।
“গীতাৰ দ্বাদশ অধ্যায়ত ১২ নং শ্লোকত কোৱা হৈছে –

শ্ৰেয়ো হি জ্ঞানমভ্যাসাজ জ্ঞানাধ্যানং ৱিশিষ্যতে ।
ধ্যানাৎ কৰ্মফলত্যাগস্ত্যাগাচ্ছান্তিৰন্তৰম ।।

অৰ্থাৎ ইয়াত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে যদি তুমি ভগবানৰ একান্ত ভক্ত হ’ব নোৱৰা, তেনেহ’লে জ্ঞানৰ চৰ্চাত আত্মনিয়োগ কৰা। অৱশ্যে জ্ঞানতকৈও শ্ৰেষ্ঠ হ’ল ধ্যান আৰু ধ্যানতকৈও উত্তম হ’ল কৰ্মৰ ফলৰ আশা ত্যাগ, কাৰণ তেনে ত্যাগৰ দ্বাৰা মনৰ শান্তি লাভ কৰিব পাৰি। কিন্তু গীতাত এই বুলিও কোৱা আছে যে ভগবানৰ প্ৰতি অবিচলিত ভক্তিত নিজকে নিয়োজিত কৰাটো মানুহৰ বাবে আটাইতকৈ সহজ উপায়। আনবোৰ উপায়ত কঠোৰ সাধনাৰে নিজৰ উত্কৰ্ষ সাধন প্ৰয়োজনীয় হৈ পৰে। সেয়েহে আমাৰ বাবে একান্ত ভক্ত হোৱাটোহে শ্ৰেষ্ঠ উপায় বুলি মই ক’ম”। ককাকে ক’লে।

“কিন্তু এই সহজ উপায়টো মানুহে কিয় ল’ব নোৱাৰে। আপুনিযে ক’লে সকলো মানুহ ভগবানৰ ভক্ত হ’ব নোৱাৰে”। প্ৰফেছাৰ জোছেফে সুধিলে।

“সকলো মানুহে ভগবানৰ ভক্ত এই কাৰণেই হ’ব নোৱাৰে যে মানুহে ভগবানৰ লগত প্ৰেমৰ সম্বন্ধ গঢ়িবলৈ সংকোচ কৰে। যদিও এই পথটো সহজ, কিন্তু তেনে কৰিবলৈ মানুহে নিজৰ মনক বুজাব নোৱাৰে। সেয়েহে সৰহভাগ মানুহে এই পোনপেটীয়া পথ এৰি আওপকীয়া পথ অনুসৰন কৰে আৰু জ্ঞানৰ সাধনা, ধ্যান, নিষ্কাম কৰ্ম আদিৰে ভগবানৰ আশীষ পাবলৈ চেষ্টা কৰে”। ককাকে ক’লে।

“ককা, মানুহে ভগবানৰ আশীষ পোৱা বুলি কেতিয়া গম পায়। আমি কেনেকৈ জানিম কোনজন মানুহ ভগবানৰ প্ৰিয়”, নীলে সুধিলে।

“ভগবানৰ আশীষ পোৱা এজন মানুহ, যাক আমি প্ৰকৃত ভক্ত বুলি কওঁ তেওঁ কেনে প্ৰকৃতিৰ হ’ব লাগে সেই বিষয়েও গীতাত সুন্দৰকৈ কোৱা আছে। যিজনে কাকো ঈৰ্ষা নকৰে আৰু সকলো জীৱৰ প্ৰতি বন্ধুত্বৰ ভাৱ পোষণ কৰে, যিজন দয়াশীল, যিজনে নিজকে একো বস্তুৰে গৰাকী বুলি নাভাবে, যিজন অহংকাৰশূন্য, যাৰ বাবে সুখ আৰু দুখ দুয়োটাই সমান, যিজন ক্ষমাশীল, যিজন সদা সন্তুষ্ট, আত্মসংযমী আৰু দৃঢ়সংকল্প, যিজনে তেওঁৰ মন আৰু বুদ্ধি কেৱল ভগবানৰ নামতেই সমৰ্পিত কৰিছে, যিজনে সুখ, দুখ, ভয় আৰু উদ্বেগৰ অৱস্থাত সমানে অবিচলিত হৈ থাকে সেইজন মানুহেই প্ৰকৃত ভক্ত”। ককাকে ক’লে।

“কিন্তু ইমানবোৰ গুণ এজন মানুহৰ গাত কেনেকৈ থাকিব পাৰে”? নীলে সুধিলে।

“ভগবানৰ ভক্ত এজনৰ গাত আপোনা আপুনি এইবোৰ গুণ ফুটি ওলায়। তেনে এজন ব্যক্তিৰ সুখ, দুখ কেতিয়াও কিবা পোৱা নোপোৱাৰ ওপৰত বা সাধাৰণ কাম কিছুমানৰ সমাধানৰ ওপৰত নিৰ্ভৰশীল নহয়। তেনে এজন ব্যক্তিয়ে আতি আনন্দত হৰ্ষও নকৰে, অতি দুখত বিষাদো নকৰে। তেওঁ শোকো নকৰে, কোনো আকাংক্ষাও নকৰে। তেওঁ শত্ৰু আৰু মিত্ৰ উভয়ৰে বাবে সমভাৱাপন্ন, তেওঁ মান আৰু অপমান দুয়োটাকে সমানে সহজভাৱে ল’ব পাৰে। সেইদৰে তেওঁ শীত – তাপ, সুখ – দুখ, যশস্যা – অপযশ আদিকো সমানে গ্ৰহণ কৰিব পাৰে”। ককাকে ক’লে।

“তেনে স্বভাৱৰ ব্যক্তি সঁচাকৈয়ে বিচাৰি পাবলৈ টান”। ডাক্তৰ ৰহমানে মন্তব্য কৰিলে।

“তেনে ব্যক্তিৰ স্বভাৱেই এনে হৈ পৰে যে তেওঁ নিজেই অসৎ সংগৰ পৰা আঁতৰি থাকে, তেওঁ মৌনস্বভাৱৰ হয় আৰু যি পায় তাক লৈয়েই সন্তুষ্ট থাকে। তেনে এজন ব্যক্তিৰ নিজা বুলিবলৈ কোনো পাৰ্থিৱ সা সামগ্ৰী নাথাকে, নিজৰ কোনো সাফল্য বা সম্পত্তিক লৈ তেওঁ গৌৰৱ নকৰে। স্থিৰ বুদ্ধিৰে তেওঁ সকলো সকলো সময়তে ভক্তিৰে কৰা কাৰ্যত ব্ৰতী হৈ থাকে”। ককাকে ক’লে।

“এতিয়াহে আমি বুজিব পাৰিছোঁ ভগবানৰ প্ৰকৃত ভক্ত হোৱাটো কিয় সহজ নহয়”। অভিয়ে ক’লে।

ককাকে হাঁহিলে। “ভক্তি যোগেৰে ভগবানক পোৱাটো আটাইতকৈ পোনপেটীয়া পথ অথচ বেছিভাগ মানুহে এই পথেৰে আগবাঢ়িব নোৱাৰে। পাহাৰৰ ওপৰলৈ যোৱা ঠিয় পোনপেটীয়া পথেৰে বগাই গ’লে সোনকালে ওপৰ পোৱা যায়, কিন্তু সেই পথেৰে বহুতো মানুহে আগবাঢ়িবই নোৱাৰে। সেয়েহে দীঘলীয়া হ’লেও ঘূৰি ঘূৰি যোৱা আওপকীয়া পথহে বাচি লয়। ভক্তিৰ ক্ষেত্ৰতো তেনেকুৱাই। ভগবানৰ ভক্ত হ’বলৈ হ’লে মন আৰু বুদ্ধি স্থিৰ কৰি ভগবানৰ ওচৰত নিজৰ সকলো কাম অৰ্পন কৰিব লাগিব। একেদিনাই ভগবানৰ ভক্ত হোৱাটো সহজ নহয়। নিৰন্তৰ চেষ্টাৰ ফলতহে ভগবানৰ প্ৰিয় ভক্ত হ’ব পৰা যায়”। ককাকে ক’লে।

“ভক্ত এজনৰ গাত থাকিবলগীয়া যিবোৰ গুণৰ কথা আপুনি ক’লে, সেইবোৰ গুণ আচলতে প্ৰতিজন মানুহৰ গাতেই থাকিবলগীয়া গুণ। সেই গুণবোৰ থাকিলে মানুহ এজনৰ জীৱনটো এনেয়ো সুন্দৰ হৈ পৰিব। সেয়াই হয়তো ওপৰত থকা জনৰ আশীৰ্বাদ বুলি ক’ব পাৰি”। ডাক্তৰ ৰহমানে ক’লে।


“হয়, সেইটোৱেই আচল কথা। ভাগৱত গীতাৰ দ্বাদশ অধ্যায়ত শ্ৰীকৃষ্ণই ভক্তিযোগৰ আচিলাত মানুহক সুন্দৰকৈ জীৱন যাপন কৰাৰ পথ দেখুৱাইছে। আমি সকলোৱে সেই পথত চলিবলৈ চেষ্টা কৰিব লাগিব”। ককাকে ক’লে।