Friday, September 2, 2016

দ্বাদশ অধ্যায়: ভক্তি যোগ

ভক্তিৰ পথ

ডাক্তৰ ৰহমানে এদিন নীলৰ দেউতাকক বাটত লগ পাই ক’লে, “বহুদিন গীতাৰ কথা শুনিবলৈ যোৱা হোৱা নাই। আজি সন্ধিয়া যাম দুলি ভাবিছোঁ”।

নীলৰ দেউতাকে ক’লে, “নিশ্চয় আহিব, দেউতাই ভাল পাব। ল’ৰা ছোৱালীহঁতৰ পৰীক্ষাৰ বাবে সিহঁতেও কিছুদিন ককাকৰ ওচৰলৈ যাব পৰা নাই। আজি সিহঁতৰো পৰীক্ষা শেষ। গতিকে আজি আকৌ গীতাৰ কথা শুনাৰ সময়”।

ঘৰলৈ আহি নীলৰ দেউতাকে সন্ধিয়া গীতাৰ কথা শুনিবলৈ ডাক্তৰ ৰহমান অহাৰ কথা ক’লে। দেউতাকে ভাল পালে।

নীলৰ মাক ৰমলাই ক’লে, “ওচৰৰ প্ৰফেচাৰ জোছেফ ছাৰ কৈ থৈছে, দেউতাই গীতাৰ কথা ক’লে তেওঁকো খবৰ দিবলৈ”।

সন্ধিয়া নীলহঁতে খেলা ধূলা কৰি ঘৰ সোমোৱাৰ পিছত হাত ভৰি ধুই ককাকৰ ওচৰলৈ আহিল। ডাক্তৰ ৰহমান আৰু জোছেফ ছাৰ ইতিমধ্যে আহি ককাকৰ কোঠাত কথা পাতি আছিল। ল’ৰা ছোৱালীকেইটি আহি ককাকৰ আশে পাশে বহিল।

ককাকে ক’লে, “আমি কেইবাদিনো গীতাৰ কথা আলোচনা কৰা হোৱা নাই। তহঁতৰ কথাবোৰ মনত আছেনে”?
“আছে ককা। আমি যোৱাবাৰ ভগবানৰ বিশ্বৰূপৰ কথা জানিব পাৰিছিলোঁ”। নীলে ক’লে।

“অৰ্জুনে ভগবানৰ বিশ্বৰূপ দৰ্শন কৰি কি কথা জানিব পাৰিলে ক’ব পাৰিবিনে”? ককাকে সুধিলে।

“ককা, অৰ্জুনে জানিব পাৰিলে যে এই বিশ্বৰ সকলো বস্তুতেই ভগবান আছে আৰু সকলোবোৰ ঘটনা ভগবানৰ ইচ্ছা অনুসৰিয়েই হয়। লগতে অৰ্জুনে ভগবানৰ সৃষ্টিকৰ্তা, পালনকাৰী আৰু সংহাৰী এই তিনিওটা ৰূপেই দেখা পালে”। নীলে ক’লে।

“মই বৰ ভাল পাইছোঁ যে কথাবোৰ তহঁতে মনত ৰাখিছ। এইখিনি জনাৰ পিছত তহঁতৰ মনলৈ একো প্ৰশ্ন অহা নাইনে”? ককাকে সুধিলে।

“আহিছে ককা, তেনে এজন সকলোতে বিয়পি থকা, ইমান শক্তিশালী ভগবানক আমি কেনেদৰে সন্তুষ্ট কৰিব পাৰিম”? অভিয়ে ক’লে।

“মোৰ এটা প্ৰশ্ন আছে খুড়া। আমি ইছলাম ধৰ্মত এজন নিৰাকাৰ, সৰ্বশক্তিমান ঈশ্বৰৰ কথা বিশ্বাস কৰোঁ। আমাৰ ধৰ্মৰ মতে ভগবানৰ কোনো ৰূপ নাই। কিন্তু গীতাত ভগবানে তেওঁৰ বিশ্বৰূপ প্ৰদৰ্শন কৰিছে। গীতাত শ্ৰীকৃষ্ণৰ সাকাৰ ৰূপকে ভগবান বুলি কোৱা হৈছে। এতিয়া কোনটো সঠিক? এজন নিৰাকাৰ ভগবানৰ অনুগত হোৱা উচিত নে গীতাত কোৱাৰ দৰে সাকাৰ ৰূপত ভগবানক বিচৰা উচিত”? ডাক্তৰ ৰহমানে সুধিলে।

“দ্বাদশ অধ্যায়ত এই একেটা প্ৰশ্নই অৰ্জুনে শ্ৰীকৃষ্ণক কৰিছে। বিশ্বৰূপ দৰ্শনৰ পিছতে অৰ্জুকে শ্ৰীকৃষ্ণৰ পৰা জানিব বিচাৰিছে ভগবানৰ সাকাৰ বা সবিশেষ ৰূপ আৰু নিৰাকাৰ বা নিৰ্বিশেষ ৰূপ এই দুটাৰ কোনটো শুদ্ধ। কোনটো পথেৰে গ’লে ভগবানৰ আশীষধন্য হ’ব পাৰি”।

“শ্ৰীকৃষ্ণই কি উত্তৰ দিলে”? ডাক্তৰ ৰহমানে উত্কণ্ঠাৰে সুধিলে।

“ইয়াৰ উত্তৰৰ শ্ৰীকৃষ্ণই অৰ্জুনক বুজালে যে দুয়োবিধ পথেৰেই ভগবানৰ আশীষধন্য হ’ব পাৰি। কিন্তু নিৰ্বিশেষ ৰূপত ভগবানৰ আৰাধনা কৰাটো কঠিন। যিসকল ব্যক্তিয়ে নিজৰ ইন্দ্ৰিয়সমূহৰ সংযমিত কৰি সকলো প্ৰাণীৰে প্ৰতি সমদৃষ্টি ৰাখে, সকলো জীৱৰে হিত সাধনত সদায় ব্ৰতী হৈ থাকে, ভগবানৰ নিৰাকাৰ - নিৰ্বিশেষ ৰূপটোক সম্পূৰ্ণ আস্থা আৰু সমৰ্পনৰ মনোভাৱেৰে একান্তমনে উপাসনা কৰে, তেওঁলোকেহে ভগবানৰ আশীষ লাভ কৰে। গীতাত কোৱা হৈছে যে এই পথেৰে আগবাঢ়ি যোৱাটো কষ্টসাধ্য, কাৰণ এই পথ অনুসৰণ কৰি ভগবানৰ আশীষ পাবলৈ হ’লে মানুহে সকলো বৈষয়িক কামনা বাসনা আৰু মায়া মোহৰ পৰা সম্পূৰ্ণভাৱে মুক্ত হ’ব লাগিব। তদুপৰি এই পথত মানুহৰ আধ্যাত্মিক জ্ঞানে এক বিশেষ মাত্ৰা পাব লাগিব। জ্ঞানৰ সাধনাৰে এনে বিশেষ মাত্ৰাত উপনীত হোৱাটো সকলো মানুহৰ বাবে সহজসাধ্য নহয়”। জনাৰ্দন মহন্তই ক’লে।

“আমি খ্ৰিষ্টধৰ্মী সকলে নিৰাকাৰ ভগবানৰ কথাই বিশ্বাস কৰোঁ। কিন্তু আমি যীশুক ভগবানৰ পুত্ৰ আৰু তেওঁৰ সাকাৰ ৰূপক ভগবানৰ প্ৰতিনিধি বুলিও বিশ্বাস কৰোঁ। সেইদৰে আমি যীশুৰ মাতৃ মেৰীকো কৰুণাময় ভগবানৰ ৰূপ বুলি মানো”। জোছেফ ছাৰে ক’লে।

“গীতাত কোৱা হৈছে যে নিৰাকাৰ ৰূপতকৈ ভগবানৰ সাকাৰ ৰূপ এটাৰ ওপৰত মনটো স্থিৰ কৰাটো সাধাৰণ মানুহৰ বাবে সহজ। যিসকলে ভগবানৰ সাকাৰ ৰূপত মনটো স্থিৰ ৰাখি পৰম পাৰমাৰ্থিক বিশ্বাসেৰে ভগবানৰ উপাসনা কৰে, নিজ সকলো কৰ্ম ভগবানক অৰ্পন কৰে, অবিচলিত ভক্তিযোগেৰে ভগবানৰ ধ্যান কৰি তেওঁৰ উপাসনা কৰে, তেওঁ সহজতে ভগবানক বিচাৰি পায়। সেইকাৰণে সকলো ধৰ্মতে ভগবানক বুজাবলৈ কিবা নহয় কিবা প্ৰতীক ব্যৱহাৰ কৰা হয়। সেই প্ৰতীকত মন স্থিৰ কৰি ভগবানৰ উপাসনা কৰাটো সাধাৰণ মানুহৰ বাবে সহজ”।

“কথাটো ভালদৰে বুজাই দিয়াচোন ককা”, ৰাণীয়ে ক’লে।

“কাইলৈৰ পৰা যদি তহঁতক কৈ দিয়া হয় যে তহঁতৰ স্কুলত কোনো শিক্ষক নাথাকিব, তহঁতে পাঠ্যপুথি পঢ়ি নিজে নিজে শিকিব লাগিব, তেতিয়া তহঁতৰ কেনে লাগিব? তহঁতে নিজে নিজে চেষ্টা কৰি পঢ়ি শিক্ষকে পঢ়োৱাৰ দৰে জ্ঞান পাব পাৰিবিনে”? ককাকে ক’লে।

“নোৱাৰিম ককা। ছাৰ বাইদেৱে বুজাই নিদিলে আমি কেনেকৈ বুজি পাম”। প্ৰীতিয়ে ক’লে।

“আমাক আটাইকে একোজন শিক্ষক লাগে, যিজনে আমাক সঠিক বাটৰ সন্ধান দিব পাৰে। গীতাত ভগবান শ্ৰীকৃষ্ণই সাকাৰ ৰূপত অৱতীৰ্ণ হৈ সেই শিক্ষকৰ ভূমিকা লৈছে। সেয়েহে গীতাত শ্ৰীকৃষ্ণৰ সাকাৰ ৰূপতেই মন স্থিৰ কৰি ভগবানৰ উপাসনা কৰাৰ কৰাৰ নিৰ্দেশ দিছে। দ্বাদশ অধ্যায়ৰ ৮ নং শ্লোকত শ্ৰীকৃষ্ণই কৈছে –

ময়্যেৱ মন আধত্স্ব ময়ি বুদ্ধিং নিৱেষয়।
নিৱসিষ্যসি ময়্যেৱ অত ঊৰ্ধং ন সংশয়:।।

অৰ্থাৎ মোৰ সাকাৰ ৰূপৰ ওপৰতে তোমাৰ মনটো নিবিষ্ট কৰা। তোমাৰ বুদ্ধিও মোক পোৱাৰ উদ্দেশ্যেই প্ৰয়োগ কৰা। তাৰ পিছত তুমি সদায়েই মোৰ ওচৰতে বাস কৰিবা, সেই কথাত কোনো সন্দেহ নাই”। ককাকে ক’লে।

“আমি এতিয়া ভগবানৰ সাকাৰ ৰূপ কেনেকৈ বিচাৰি পাম? আমাৰ ধৰ্মত ভগবানৰ কোনো সাকাৰ ৰূপৰ কথা নাই”। ডাক্তৰ ৰহমানে ক’লে।

“কেৱল সাকাৰ ৰূপতেই ভগবানৰ উপসনা কৰিব পাৰি তেনে নহয়। জ্ঞানৰ সাধনাৰে নিৰাকাৰ ৰূপত ভগবানৰ উপাসনাও ভগবানৰ আশীষ লাভ কৰাৰ উত্তম পথ। গীতাত কেৱল কোৱা হৈছে যে অবিচল ভক্তিৰে ভগবানৰ সাকাৰ ৰূপত মন স্থিৰ কৰাটো সহজ”। ককাকে ক’লে।

“কিন্তু ককা, আমি ভগবানৰ উপাসনা কেনেকৈ কৰিব লাগে”? ৰাণীয়ে সুধিলে।

“গীতাৰ দ্বাদশ অধ্যায়ক ভক্তি যোগ বোলা হয়। এই অধ্যায়ত দুবিধ ভক্তিযোগৰ কথা কোৱা হৈছে। আমাৰ ভগবানৰ লগত যদি ভাৱাতীত প্ৰেমৰ সম্বন্ধ গঢ়ি উঠে সেয়াই আটাইতকৈ উত্তম ভক্তি বোলা হৈছে। যিসকলে এনে সম্বন্ধ গঢ়ি তুলিব পাৰে, তেওঁলোকে খাওঁতে, শোওঁতে, উঠোতে, বহোঁতে সদায় ভগবানৰ চিন্তাতে নিমগ্ন হৈ থাকে। যিসকলে এনে ভক্ত হ’ব নোৱাৰে তেওঁলোকৰ বাবে দ্বিতীয়বিধ ভক্তিৰ ব্যৱস্থাও আছে। তেওঁলোকে অভ্যাস আৰু অনুশীলনীৰ দ্বাৰা নিজৰ মনটো ভগবানৰ প্ৰতি স্থিৰ কৰাৰ চেষ্টা কৰিব লাগে”। ককাকে ক’লে।

“ভগবানৰ লগত প্ৰেমৰ সম্পৰ্ক কেনেকুৱা হ’ব লাগে”? জোছেফ ছাৰে সুধিলে।

“যেতিয়া মানুহৰ কিবা প্ৰয়োজন হয়, তেতিয়াহে সাধাৰণতে ভগবানৰ কথা মনত পেলায়। কিন্তু যিসকলে ভগবানক সঁচাকৈয়ে ভাল পায়, তেওঁলোকে অনবৰতে, সকলো সময়তে মনত ভগবানৰ কথাই চিন্তা কৰি থাকে। মানুহৰ মনৰ এনে অৱস্থাকেই ভগবানৰ লগত প্ৰেমৰ সম্বন্ধ গঢ়া বুলি কোৱা হয়”।

“দ্বিতীয়বিধ ভক্তিত যে অভ্যাস আৰু অনুশীলনীৰ কথা কোৱা হৈছে, সেই বিষয়ে অলপ বুজাই ক’বনে”? ডাক্তৰ ৰহমানে সুধিলে।

“জ্ঞানৰ চৰ্চা, যোগৰ অভ্যাস আৰু ধ্যানৰ অনুশীলনীৰ যোগেদিও মানুহে ভগবানৰ প্ৰিয়পাত্ৰ হ’ব পাৰে। যিবোৰ মানুহে কঠোৰ সাধনাৰে নিজৰ মনক অবিচলিত কৰি জ্ঞান আহৰণত আত্মনিয়োগ কৰে সেইজনো এজন উত্তম ভক্ত, কাৰণ অভ্যাস আৰু অনুশীলনীৰ যোগেদি তেওঁ নিজৰ মন স্থিৰ কৰিবলৈ সক্ষম হয়”। জনাৰ্দন মহন্তই ক’লে।

“অভ্যাস আৰু অনুশীলনীৰেও যদি মানুহে ভগবানৰ প্ৰতি মন স্থিৰ কৰিব নোৱাৰে তেতিয়া কি হ’ব ককা”? অভিয়ে সুধিলে

“জ্ঞানৰ চৰ্চা - অনুশীলন কৰিব নোৱৰা সকলৰ বাবেও গীতাত নিৰ্দেশ দিয়া আছে। তেনে লোকে ভগবানৰ বাবে নিস্বাৰ্থ ভাৱে কাম কৰিবলৈ চেষ্টা কৰিব লাগে। গীতাত কোৱা হৈছে যে ভগবানৰ বাবে কাম কৰিলেও সিদ্ধি লাভ হয়”। ককাকে ক’লে।

“ভগবানৰ বাবে কেনেকৈ কাম কৰিব পাৰি”? নীলে সুধিলে।

“আমি বেছিভাগ কাম নিজৰ আৰু নিজৰ পৰিয়ালৰ বাবেই কৰোঁ। সেইবোৰ কামত আমাৰ স্বাৰ্থ থাকে। কিন্তু নিস্বাৰ্থ ভাৱে নিজৰ বাবে একো আশা নকৰাকৈ আমি ভগবানৰ বাবে কাম কৰিলে তাতো ভগবান সন্তুষ্ট হয়। মন্দিৰ, মছজিত, গীৰ্জা, গুৰুদ্বাৰা আদিত বহুত মানুহে নিজৰ সেৱা আগবঢ়ায়। বহুত মানুহে মন্দিৰ, মছজিদ সাজিবলৈ দান বৰঙণি দিয়ে। কিছুমান মানুহে ভগবানৰ কথা প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰে। এঈ আটাইবোৰেই হ’ল ভগবানৰ কাৰণে কৰা কাম”। ককাকে ক’লে।

“ককা। কোনোবা মানুহে যদি ভগবানৰ বাবে কাম কৰিবলৈকো সময় উলিয়াব নোৱাৰে? আজিকালি বহুত মানুহৰে এইবোৰ কৰিবলৈ সময় নাথাকে”। নীলে ক’লে।

“ভগবানৰ বাবে কাম কৰিবলৈ সময় উলিয়াব নোৱাৰিলে মানুহে নিজে কৰা সকলো কামৰ ফল ত্যাগ কৰাই হ’ল একমাত্ৰ উপায়। নিষ্কাম ভাৱে, নিস্বাৰ্থ ভাৱে, সংযত হৈ নিজৰ কামত ব্যস্ত হৈ থাকি নিজৰ কামৰ সকলো ফল ভগবানৰ চৰণত অৰ্পন কৰিব পাৰিলেও ভগবানৰ প্ৰিয় হ’ব পৰা যায়। যিমানুহে নিজৰ কামৰ বাবে ভগবানৰ চিন্তাত নিমগ্ন হৈ থাকিব নোৱাৰে, তেওঁলোকে নিজৰ কাম একান্তচিত্তে কৰি সেই কামৰ ফলৰ আশা ত্যাগ কৰিব পাৰিলে সেয়াও হয় উত্তম ভক্তি আৰু তাৰ দ্বাৰাও ভগবানৰ আশীষ পোৱাটো সম্ভৱ”। ককাকে ক’লে।

“কিন্তু ককা, ভগবানৰ ভক্ত হ’বলৈ থকা ইমানবোৰ উপায়ৰ মাজত কোনটো শ্ৰেষ্ঠ”? অভিয়ে সুধিলে।
“গীতাৰ দ্বাদশ অধ্যায়ত ১২ নং শ্লোকত কোৱা হৈছে –

শ্ৰেয়ো হি জ্ঞানমভ্যাসাজ জ্ঞানাধ্যানং ৱিশিষ্যতে ।
ধ্যানাৎ কৰ্মফলত্যাগস্ত্যাগাচ্ছান্তিৰন্তৰম ।।

অৰ্থাৎ ইয়াত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে যদি তুমি ভগবানৰ একান্ত ভক্ত হ’ব নোৱৰা, তেনেহ’লে জ্ঞানৰ চৰ্চাত আত্মনিয়োগ কৰা। অৱশ্যে জ্ঞানতকৈও শ্ৰেষ্ঠ হ’ল ধ্যান আৰু ধ্যানতকৈও উত্তম হ’ল কৰ্মৰ ফলৰ আশা ত্যাগ, কাৰণ তেনে ত্যাগৰ দ্বাৰা মনৰ শান্তি লাভ কৰিব পাৰি। কিন্তু গীতাত এই বুলিও কোৱা আছে যে ভগবানৰ প্ৰতি অবিচলিত ভক্তিত নিজকে নিয়োজিত কৰাটো মানুহৰ বাবে আটাইতকৈ সহজ উপায়। আনবোৰ উপায়ত কঠোৰ সাধনাৰে নিজৰ উত্কৰ্ষ সাধন প্ৰয়োজনীয় হৈ পৰে। সেয়েহে আমাৰ বাবে একান্ত ভক্ত হোৱাটোহে শ্ৰেষ্ঠ উপায় বুলি মই ক’ম”। ককাকে ক’লে।

“কিন্তু এই সহজ উপায়টো মানুহে কিয় ল’ব নোৱাৰে। আপুনিযে ক’লে সকলো মানুহ ভগবানৰ ভক্ত হ’ব নোৱাৰে”। প্ৰফেছাৰ জোছেফে সুধিলে।

“সকলো মানুহে ভগবানৰ ভক্ত এই কাৰণেই হ’ব নোৱাৰে যে মানুহে ভগবানৰ লগত প্ৰেমৰ সম্বন্ধ গঢ়িবলৈ সংকোচ কৰে। যদিও এই পথটো সহজ, কিন্তু তেনে কৰিবলৈ মানুহে নিজৰ মনক বুজাব নোৱাৰে। সেয়েহে সৰহভাগ মানুহে এই পোনপেটীয়া পথ এৰি আওপকীয়া পথ অনুসৰন কৰে আৰু জ্ঞানৰ সাধনা, ধ্যান, নিষ্কাম কৰ্ম আদিৰে ভগবানৰ আশীষ পাবলৈ চেষ্টা কৰে”। ককাকে ক’লে।

“ককা, মানুহে ভগবানৰ আশীষ পোৱা বুলি কেতিয়া গম পায়। আমি কেনেকৈ জানিম কোনজন মানুহ ভগবানৰ প্ৰিয়”, নীলে সুধিলে।

“ভগবানৰ আশীষ পোৱা এজন মানুহ, যাক আমি প্ৰকৃত ভক্ত বুলি কওঁ তেওঁ কেনে প্ৰকৃতিৰ হ’ব লাগে সেই বিষয়েও গীতাত সুন্দৰকৈ কোৱা আছে। যিজনে কাকো ঈৰ্ষা নকৰে আৰু সকলো জীৱৰ প্ৰতি বন্ধুত্বৰ ভাৱ পোষণ কৰে, যিজন দয়াশীল, যিজনে নিজকে একো বস্তুৰে গৰাকী বুলি নাভাবে, যিজন অহংকাৰশূন্য, যাৰ বাবে সুখ আৰু দুখ দুয়োটাই সমান, যিজন ক্ষমাশীল, যিজন সদা সন্তুষ্ট, আত্মসংযমী আৰু দৃঢ়সংকল্প, যিজনে তেওঁৰ মন আৰু বুদ্ধি কেৱল ভগবানৰ নামতেই সমৰ্পিত কৰিছে, যিজনে সুখ, দুখ, ভয় আৰু উদ্বেগৰ অৱস্থাত সমানে অবিচলিত হৈ থাকে সেইজন মানুহেই প্ৰকৃত ভক্ত”। ককাকে ক’লে।

“কিন্তু ইমানবোৰ গুণ এজন মানুহৰ গাত কেনেকৈ থাকিব পাৰে”? নীলে সুধিলে।

“ভগবানৰ ভক্ত এজনৰ গাত আপোনা আপুনি এইবোৰ গুণ ফুটি ওলায়। তেনে এজন ব্যক্তিৰ সুখ, দুখ কেতিয়াও কিবা পোৱা নোপোৱাৰ ওপৰত বা সাধাৰণ কাম কিছুমানৰ সমাধানৰ ওপৰত নিৰ্ভৰশীল নহয়। তেনে এজন ব্যক্তিয়ে আতি আনন্দত হৰ্ষও নকৰে, অতি দুখত বিষাদো নকৰে। তেওঁ শোকো নকৰে, কোনো আকাংক্ষাও নকৰে। তেওঁ শত্ৰু আৰু মিত্ৰ উভয়ৰে বাবে সমভাৱাপন্ন, তেওঁ মান আৰু অপমান দুয়োটাকে সমানে সহজভাৱে ল’ব পাৰে। সেইদৰে তেওঁ শীত – তাপ, সুখ – দুখ, যশস্যা – অপযশ আদিকো সমানে গ্ৰহণ কৰিব পাৰে”। ককাকে ক’লে।

“তেনে স্বভাৱৰ ব্যক্তি সঁচাকৈয়ে বিচাৰি পাবলৈ টান”। ডাক্তৰ ৰহমানে মন্তব্য কৰিলে।

“তেনে ব্যক্তিৰ স্বভাৱেই এনে হৈ পৰে যে তেওঁ নিজেই অসৎ সংগৰ পৰা আঁতৰি থাকে, তেওঁ মৌনস্বভাৱৰ হয় আৰু যি পায় তাক লৈয়েই সন্তুষ্ট থাকে। তেনে এজন ব্যক্তিৰ নিজা বুলিবলৈ কোনো পাৰ্থিৱ সা সামগ্ৰী নাথাকে, নিজৰ কোনো সাফল্য বা সম্পত্তিক লৈ তেওঁ গৌৰৱ নকৰে। স্থিৰ বুদ্ধিৰে তেওঁ সকলো সকলো সময়তে ভক্তিৰে কৰা কাৰ্যত ব্ৰতী হৈ থাকে”। ককাকে ক’লে।

“এতিয়াহে আমি বুজিব পাৰিছোঁ ভগবানৰ প্ৰকৃত ভক্ত হোৱাটো কিয় সহজ নহয়”। অভিয়ে ক’লে।

ককাকে হাঁহিলে। “ভক্তি যোগেৰে ভগবানক পোৱাটো আটাইতকৈ পোনপেটীয়া পথ অথচ বেছিভাগ মানুহে এই পথেৰে আগবাঢ়িব নোৱাৰে। পাহাৰৰ ওপৰলৈ যোৱা ঠিয় পোনপেটীয়া পথেৰে বগাই গ’লে সোনকালে ওপৰ পোৱা যায়, কিন্তু সেই পথেৰে বহুতো মানুহে আগবাঢ়িবই নোৱাৰে। সেয়েহে দীঘলীয়া হ’লেও ঘূৰি ঘূৰি যোৱা আওপকীয়া পথহে বাচি লয়। ভক্তিৰ ক্ষেত্ৰতো তেনেকুৱাই। ভগবানৰ ভক্ত হ’বলৈ হ’লে মন আৰু বুদ্ধি স্থিৰ কৰি ভগবানৰ ওচৰত নিজৰ সকলো কাম অৰ্পন কৰিব লাগিব। একেদিনাই ভগবানৰ ভক্ত হোৱাটো সহজ নহয়। নিৰন্তৰ চেষ্টাৰ ফলতহে ভগবানৰ প্ৰিয় ভক্ত হ’ব পৰা যায়”। ককাকে ক’লে।

“ভক্ত এজনৰ গাত থাকিবলগীয়া যিবোৰ গুণৰ কথা আপুনি ক’লে, সেইবোৰ গুণ আচলতে প্ৰতিজন মানুহৰ গাতেই থাকিবলগীয়া গুণ। সেই গুণবোৰ থাকিলে মানুহ এজনৰ জীৱনটো এনেয়ো সুন্দৰ হৈ পৰিব। সেয়াই হয়তো ওপৰত থকা জনৰ আশীৰ্বাদ বুলি ক’ব পাৰি”। ডাক্তৰ ৰহমানে ক’লে।


“হয়, সেইটোৱেই আচল কথা। ভাগৱত গীতাৰ দ্বাদশ অধ্যায়ত শ্ৰীকৃষ্ণই ভক্তিযোগৰ আচিলাত মানুহক সুন্দৰকৈ জীৱন যাপন কৰাৰ পথ দেখুৱাইছে। আমি সকলোৱে সেই পথত চলিবলৈ চেষ্টা কৰিব লাগিব”। ককাকে ক’লে।

Saturday, July 2, 2016

একাদশ অধ্যায়: বিশ্বৰূপ দৰ্শন


ভগৱানৰ স্বৰূপ

বতৰ ফৰকাল। আকাশত শুকুলা মেঘে অহাযোৱা কৰিছে।

ৰবিবাৰে ৰাতিপুৱাই ককাকে আটাইকেইটা ল’ৰা ছোৱালীক মাতি পঠিয়ালে। নীল, অভি, ৰাণী, প্ৰীতি, আয়ান আটাইকেইটা গোট খালে।

“আমি আজি ফুৰিবলৈ যাওঁ ব’ল। গছ গছনিৰ মাজত সময় কটাওঁ। বতৰো বৰ ভাল”।

ককাকৰ কথা শুনি আটায়ে জঁপিয়াই উঠিল। নীল আৰু ৰাণীয়ে এটা বেগত খাবলৈ কল আৰু আপেল কেইটামান লৈ ল’লে। লগতে দুবটল পানী।

ঘৰৰ পৰা অলপ দূৰ গ’লেই এডৰা হাবি আছে। সেই হাবিত গছ গছনিৰ মাজে মাজে খোজকাঢ়ি যাবলৈ লুংলুঙীয়া বাট আছে। ককাকে সেই হাবিডৰালৈকে ল’ৰা ছোৱালীহঁতক লৈ গ’ল।

গছ গছনিবোৰলৈ আঙুলিয়াই ককাকে ক’লে, “চা চোন, ইয়াত কিমান বেলেগে বেলেগ ধৰণৰ গছ আছে, লতা বন আছে। এই গছ গছনি, লতা বন বোৰত আশ্ৰয় কৰি কিমান বেলেগ বেলেগ জীৱ জন্তু, চৰাই চিৰিকতি আছে”।

“ককা, এই গছ গছনি, জীৱ জন্তু বোৰো ভগৱানেই সৃষ্টি কৰিছে নহয়নে”? ৰাণীয়ে সুধিলে।

“ভগৱানে এই গছ গছনি, জীৱ জন্তু বোৰৰো অকল সৃষ্টিয়েই কৰা নাই, এই সকলোবোৰৰ মাজতো ভগৱান আছে, নহয় জানো ককা”? নীলে ক’লে।

“মই বৰ সন্তোষ পাইছোঁ যে তহঁতে গীতাৰ শিকনিবোৰ বুজিবলৈ লৈছ”ককাকে মিচিকিয়াই হাঁহিলে।
“ককা, মই সঁচাকৈয়ে আচৰিত হওঁ। ইমানবোৰ গছ গছনি, ইমানবোৰ জীৱ জন্তু সকলোতে একে সময়তে ভগৱান থাকিব পাৰেনে? সেয়া কেনেকৈ সম্ভৱ ককা”? নীলে সুধিলে।

“অকল গছ গছনি, জীৱ জন্তুৱেই নহয়, মই দেখোন কৈছিলোঁৱেই এই পৃথিৱীৰ পাহাৰ - ভৈয়াম, নদ – নদী, সাগৰ - মহাসাগৰ আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ গ্ৰহ, নক্ষত্ৰ, ধুমকেতু, উল্কা আদি এই সকলোবোৰ ভগৱানেই সৃষ্টি কৰিছে বাবে সকলোতেই ভগৱানত অস্তিত্ব আছে”।

“কিন্তু ককা, সকলোতে যে ভগৱান আছে তাৰ কিবা প্ৰমাণ আছেনে”? অভিয়ে সুধিলে।

“গীতাৰ একাদশ অধ্যায়ত অৰ্জুনেও শ্ৰীকৃষ্ণৰ পৰা জানিব বিচাৰিছে একেজন ভগৱান একেসময়তে সকলোতে কেনেদৰে থাকিব পাৰে নতুবা সকলোতে ভগৱানৰ অস্তিত্ব কেনেকৈ থাকিব পাৰে। অৰ্জুনেও শ্ৰীকৃষ্ণৰ ওচৰত এই কথাৰ প্ৰমাণ বিচাৰিলে” ককাকে ক’লে।

“প্ৰমাণ চাব বিচাৰিলে? কেনেকুৱা প্ৰমাণ ককা”? প্ৰীতিয়ে সুধিলে।

“তেওঁ ভগৱানৰ সেই ৰূপটো চাবলৈ বিচাৰিলে যিটো ৰূপত এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৰ মাজতে ভগৱানৰ অস্তিত্ব থকাৰ উমান পোৱা যায়” এই বুলি কৈ ককাকে লুংলুঙীয়া বাট এটাৰে অলপ দূৰ আগবাঢ়ি গ’ল। পিছে পিছে ল’ৰা ছোৱালীহঁত। 

পিছে পিছে যোৱা ৰাণীয়ে সুধিলে, “ভগবানৰ সেই ৰূপটো কেনেকুৱা ককা? সেই ৰূপটো আমি নেদেখোঁ নেকি”?

“ভগবানৰ এই ৰূপ সকলোৱে দেখা নাপায়, কাৰণ সেই ৰূপ চাবলৈ হ’লে ভগবানে দিব্য চক্ষু প্ৰদান কৰিব লাগিব। কুৰুক্ষেত্ৰ যুদ্ধক্ষেত্ৰৰ সোঁমাজত শ্ৰীকৃষ্ণই যেতিয়া ভগবানৰ প্ৰকৃত ৰূপ প্ৰদৰ্শন কৰিছিল, তেতিয়া অৰ্জুনৰ বাহিৰে কোনেও সেই ৰূপ নিজৰ চকুৰে দেখা পোৱা নাছিল। কাৰণ কেৱল অৰ্জুনকহে ভগৱানে দিব্য চক্ষু প্ৰদান কৰিছিল”ককাকে ক’লে।

হাবিৰ মাজৰ এডোখৰ মুকলি ঠাইত গছৰ গুৰি এটাত ককাক বহিল। ল’ৰা ছোৱালীকেইটিয়ে ওচৰে পাজৰে ৰ’ল।

“দিব্য চক্ষু মানে কি ককা”? আয়ানে সুধিলে।

“একাদশ অধ্যায়ৰ ৮ নং শ্লোকত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে,

ন তুং মাং শক্যসে দ্ৰষ্টুমনেনৈৱ স্বচক্ষুষা।
দিৱ্যং দদামি তে চক্ষু: পশ্য মে য়োগমৈশ্বৰম।।

এই শ্লোকটোত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে তুমি তোমাৰ এই চকু দুটাৰে মোৰ প্ৰকৃত ৰূপ দেখা নাপাবা। তাৰ বাবে তোমাক দিব্যচক্ষুৰ প্ৰয়োজন হ’ব। সেই চকুৰেহে তুমি মোৰ ঐশ্বৰিক ৰূপ দেখিবলৈ পাবা। ইয়াৰ অৰ্থ হ’ল আমি আমাৰ সাধাৰণ চকুৰে কেৱল বাহিৰৰ পাৰ্থিৱ জগতখনহে দেখা পাওঁ। কিন্তু আমাৰ মনৰ ভিতৰৰ জগতখন দেখা নাপাওঁ। আমাৰ মনৰ ভিতৰৰ জগতখন চাবলৈ আৰু ভগৱানৰ স্বৰূপ বুজি পাবলৈ আমাক দিব্য চক্ষুৰ প্ৰয়োজন”ককাকে ক’লে।

“ককা, আজিকালি ওলোৱা থ্ৰি ডি চিনেমা চাবলৈ যে বিশেষ ধৰণৰ চশমা পিন্ধিব লাগে, সেইদৰে ভগৱানৰ প্ৰকৃত ৰূপ দৰ্শন কৰিবলৈও দিব্য চক্ষু নামৰ এক বিশেষ চশমাৰ প্ৰয়োজন হয় নেকি”? নীলে সুধিলে। নীলৰ কথা শুনি আটায়ে হাঁহিলে।

“তই ঠিকেই বুজিছ। কিন্তু দিব্য চক্ষু কেৱল এজোৰ চশমা নহয়। আচলতে দিব্য চক্ষু হ’ল আমাৰ অন্তৰত ভগৱানৰ অস্তিত্ব আৰু ভগৱানৰ বিশালতা অনুভৱ কৰাৰ এক বিশেষ ক্ষমতা। এই বিশেষ ক্ষমতা অৰ্জন কৰিব পাৰিলেহে ভগৱানৰ প্ৰকৃত ৰূপ দৰ্শন কৰিব পাৰি”। ককাকে বুজাই দিলে।

“ককা, অৰ্জুনৰ সেই বিশেষ ক্ষমতা আছিল নেকি”? ৰাণীয়ে সুধিলে।

“অৰ্জুন শ্ৰীকৃষ্ণৰ আটাইতকৈ ভাল বন্ধু আৰু একান্ত অনুগত ভক্ত আছিল। সেই কাৰণে অৰ্জুনক শ্ৰীকৃষ্ণই কেৱল অলপ সময়ৰ বাবে সেই বিশেষ ক্ষমতা প্ৰদান কৰিছিল”। ককাকে ক’লে।

“ককা, অৰ্জুনক শ্ৰীকৃষ্ণই দিব্য চক্ষুৰে কি দেখুৱালে”? প্ৰীতিয়ে সুধিলে।

“অৰ্জুনক শ্ৰীকৃষ্ণই দিব্য চক্ষুৰে ভগৱানৰ বিশ্বৰূপ দেখুৱালে”। ককাকে ক’লে।

“বিশ্বৰূপ কি ককা? বিশ্বৰূপ দেখিবলৈ কেনেকুৱা”? আয়ানে সুধিলে।

“গীতাৰ একাদশ অধ্যায়ত ভগৱানৰ এই বিশ্বৰূপৰ বৰ্ণনা দিয়া আছে। এই বিশ্বৰূপ অতি আচৰিত সেই ৰূপত অসংখ্য মুখ আৰু অসংখ্য চকু থকা, দিব্য অলংকাৰ পিন্ধা, উজ্জ্বল ৰঙৰ কাপোৰেৰে আৱৰা, বিভিন্ন অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত, গাত বিভিন্ন  সুগন্ধি প্ৰলেপ সনা, হাজাৰ সূৰ্যতকৈও উজ্জ্বল, চকু চাট মাৰি ধৰা ভগৱানৰ বিশাল আৰু বিৰাট ৰূপৰ কথা কোৱা হৈছে। এই ৰূপৰ বৰ্ণনা দিয়াটোৱেই কঠিন। এই সন্মোহিনী ৰূপেৰে ভগৱানে অৰ্জুনক দেখুৱাইছিল যে এই বিশ্ব ব্ৰহ্মাণ্ডত ভগৱানতকৈ শক্তিশালী, ভগৱানতকৈ সৰ্বব্যাপী আন একোৱেই হ’ব নোৱাৰে”। ককাকে ক’লে।

“কথাটো বুজাই দিয়াচোন ককা। ভগবানৰ অসংখ্য মুখ আৰু অসংখ্য চকু  কেনেকৈ থাকিব পাৰে”? ৰাণী আচৰিত হ’ল।

“অসংখ্য মুখ আৰু অসংখ্য চকুৰ অৰ্থ হ’ল এই বিশ্বৰ সকলোৰে মাজত সমানেই একেজন ভগৱান আছে। আজিকালি যে সকলোতে কেমেৰা লগোৱা থাকে আৰু কেমেৰাৰে সকলো চাই থাকিব পাৰি ঠিক তেনেকৈয়ে ভগৱানেও অসংখ্য চকুৰে আমাক সকলোকে চাই থাকে”। ককাকে বুজালে।

“চি চি টি ভি কেমেৰাৰ দৰে নেকি ককা? আজিকালি বজাৰ, শ্বপিং মল আদিতো এনেকুৱা কেমেৰা থাকে”। অভিয়ে ক’লে।

“ঠিকেই বুজিছ। যিদৰে সেই কেমেৰাবোৰেৰে কোনে, ক’ত কি কৰিছে চাব পাৰি, ভগৱানেও তেওঁৰ অসংখ্য চকুৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোকে চাই থাকে”। ককাকে ক’লে।

“ককা, অৰ্জুনে আৰু কি কি দেখিলে”? আয়ানে সুধিলে।

“অৰ্জুনে দেখিলে যে ভগৱান যিদৰে সকলোতে বিয়পি আছে, সেইদৰে ভগৱানৰ মাজতে সকলো আছে। আনকি সূৰ্য, চন্দ্ৰ, গ্ৰহ, নক্ষত্ৰ, তাৰকাৰাজ্য, উল্কা, ধুমকেতু আদিও ভগৱানৰ মাজতেই আছেএই পৃথিৱীৰ সকলো জীৱ জন্তু, গছ গছনি, চৰাই চিৰিকতি, পাহাৰ পৰ্বত, নদী সাগৰ আদি সকলো ভগৱানতে আছে। আনকি তেওঁ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বহুত ঘটনাই সেই বিশ্বৰূপত দেখিবলৈ পালে”। ককাকে ক’লে।

“কথাটো বৰ আচৰিত লাগিছে ককা? অৰ্জুনে ভৱিষ্যতৰ কথাও দেখিবলৈ পাইছিলনে? এয়া কেনেকৈ সম্ভৱ”? নীলে সুধিলে।

“গীতাত অৰ্জুনক শ্ৰীকৃষ্ণই কৈছে যে তেওঁ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ যিহকে চাবলৈ বিচাৰে সকলো ভগৱানৰ মাজতে বিচাৰি পাব। ইয়াৰ অৰ্থ হ’ল এইটো যে আমাৰ জীৱনত ঘটা বৰ্তমান, অতীত বা ভৱিষ্যতৰ সকলো ঘটনা ভগৱানৰ ইচ্ছা অনুসৰিয়েই হয়। ভগৱানৰ ওচৰত সকলো ঘটনাৰে কাৰণ বিচাৰি পোৱা যায়। ভৱিষ্যতৰ কথা দেখা পোৱাৰ অৰ্থ হ’ল, ভগৱানৰ পৰম ভক্ত জনে ভৱিষ্যতৰ আগজাননি পায় আৰু ভৱিষ্যতৰ কথাও অনুমান কৰিব পৰা জ্ঞান লাভ কৰে। সঁচাকৈয়ে ভগৱানৰ দৰে বিশাল আন একোৱেই হ’ব নোৱাৰে। অৰ্জুনে শ্ৰীকৃষ্ণৰ কৃপাত ভগৱানৰ এই বিশালতা অনুভৱ কৰিব পাৰিছিল”। ককাকে ক’লে।

“অৰ্জুনে সঁচাকৈয়ে এইবোৰ দেখিছিলনে ককা? নে এয়া তেওঁৰ মনৰ ভ্ৰম আছিল”? অভিয়ে সুধিলে।

“তই বৰ উচিত প্ৰশ্ন কৰিছ অভি। সাধাৰণ মানুহৰ বাবে অৰ্জুনৰ বিশ্বৰূপ দৰ্শন সঁচাকৈয়ে এক অলৌকিক ঘটনাআচলতে বাহ্যিক দৃষ্টিৰে আমি এই বিশ্বৰূপৰ মহত্ব অনুভৱ কৰিবই নোৱাৰোঅৰ্জুনেও হয়তো দিব্য চক্ষুৰে বিশ্বৰূপ দৰ্শন কৰাৰ লগতে মনৰ মাজতো ভগৱানৰ সৰ্বব্যাপী স্বৰূপ উপলব্ধি কৰিছিল। ব্ৰহ্মা, বিষ্ণু, শিৱ আদি দেৱতা সকল আৰু আন আন দেৱ দেৱী, দেৱতা, ঋষি মুনি সকলকো তেওঁ ভগৱানৰ সেই বিশ্বৰূপত দৰ্শন কৰিছিল। আনকি তেওঁ কুৰুক্ষেত্ৰ যুদ্ধক্ষেত্ৰত গোট খোৱা ৰজা মহাৰজা, বীৰ সকলকো সেই বিশ্বৰূপত প্ৰত্যক্ষ কৰিছিল। এই জগতত আমি দেখা প্ৰায় প্ৰতিটো বস্তুৱেই তেও বিশ্বৰূপত দেখা পাইছিল। এই বিশ্বৰূপ দৰ্শনৰ দ্বাৰা বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তুৰ মাজতে যে ভগৱান বিৰাজমান সেই কথা তেওঁ ভালদৰে হৃদয়ঙ্গম কৰিব পাৰিছিল। গতিকে এয়া অৰ্জুনৰ ভ্ৰম নাছিল, বৰং সৰ্ব ব্যাপী ভগৱানৰ ব্যাপকতা আৰু বিশালতাৰ অনুভৱ আছিল”।

“ককা, অৰ্জুনক শ্ৰীকৃষ্ণই আৰু আৰু কি কি দেখুৱালে”? ৰাণীয়ে প্ৰশ্ন কৰিলে।

“অৰ্জুনক শ্ৰীকৃষ্ণই ভগৱানৰ সংহাৰকাৰী ৰূপটোও দেখুৱালে। ভগৱানে যিদৰে সকলোকে সৃষ্টি কৰিছে, সেইদৰে ভগৱানে সকলোকে বিনাশো কৰে। ভগৱানৰ এই সংহাৰকাৰী ৰূপটোকে গীতাত কাল বুলি কৈছে। কালৰ হাতত সকলোৰে এদিন নহয় এদিন মৃত্যু হ’বই। কালে সকলোকে ধ্বংস কৰিব, কালৰ হাতৰ পৰা কোনেও সাৰি যাব নোৱাৰে। ভগৱানে সকলোৰে ভাগ্য আগতেই নিৰ্ণয় কৰি থৈছে। সকলোৰে মৃত্যুও আগতেই স্থিৰ কৰি থোৱা আছে। আনকি কুৰুক্ষেত্ৰ যুদ্ধৰ ফলাফলো আগতেই ঠিৰাং কৰি থোৱা হৈছে, কাৰণ সদায় সত্যৰহে জয় হয়। সেয়েহে শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, ‘উঠা, যুদ্ধ কৰা। যুদ্ধত যিসকলৰ মৃত্যু হ’ব, তেওঁলোকৰ মৰণ আগতেই বিধাতাই স্থিৰ কৰি ৰাখিছে। তেওঁলোকৰ মৃত্যুৰ কাৰণে তুমি চিন্তা নকৰিবা। যুদ্ধ কৰি মাথোন নিজৰ কৰ্তব্য পালন কৰা’”

“তেতিয়া অৰ্জুনে কি কৰিলে ককা”? আয়ানে সুধিলে।

“ভগৱানৰ তেনেকুৱা বিশাল, সৰ্বব্যাপী ৰূপ অন্তৰত উপলব্ধি কৰাৰ পিছত অৰ্জুনৰ কেনে অনুভৱ হ’ব তহঁতেই ক’চোন। ৰাণী তয়েই ক’চোন তেনে অৱস্থাত তোৰ কেনে লাগিব”, ককাকে ৰাণীৰ পিনে চালে।

“মোৰ হ’লে বৰ ভয় লাগিলহেঁতেন। ভয়তে মই দৌৰ মাৰি ঘৰৰ ভিতৰত সোমলোঁহেতেন”। ৰাণীৰ কথা শুনি আটায়ে হাঁহিলে।

“আচলতে অৰ্জুনৰো বৰ ভয় লাগিছিল। তেওঁৰ মুখৰ মাত হেৰাই গৈছিল। অণ্ঠ কণ্ঠ শুকাই গৈছিল। যিজন শ্ৰীকৃষ্ণক তেওঁ লগৰীয়া বুলি ভাবিছিল, যিজনৰ সৈতে সদায় ৰং ধেমালি কৰিছিল, সেইজন শ্ৰীকৃষ্ণই সৰ্বব্যাপী ভগৱান বুলি জানিব পাৰি তেওঁ  থক থককৈ কঁপি উঠিছিল। তেওঁ বহু সময়ত শ্ৰীকৃষ্ণক লগৰীয়া বুলি ভাবি হাঁহি ধেমালি কৰিছিল, কেতিয়াবা উপহাসো কৰিছিল। কিন্তু সেইজনেই যেতিয়া পৰম ক্ষমতাশালী ভগৱান বুলি জানিব পাৰিলে তেওঁ লজ্জিত হ’ল। সেইবোৰৰ বাবে তেওঁ শ্ৰীকৃষ্ণৰ ওচৰত ক্ষমাও বিচাৰিলে”।

“তেতিয়া শ্ৰীকৃষ্ণই কি ক’লে ককা”? ৰাণীয়ে সুধিলে।

“শ্ৰীকৃষ্ণই যেতিয়া দেখিলে যে তেওঁৰ বিশ্বৰূপ দেখি অৰ্জুনে ভয় খাই কঁপিবলৈ ধৰিছে, অৰ্জুনে তেওঁকেই ভগৱান বুলি বুজিব পাৰি লজ্জিত হৈছে, তেতিয়াই তেওঁ নিজৰ মানৱ ৰূপলৈ ঘূৰি আহিল। তেওঁ অৰ্জুনক ক’লে যে ভগৱানৰ বিশ্বৰূপ দৰ্শনৰ সৌভাগ্য কেৱল অৰ্জুনৰহে হৈছেএই জগতত আন কোনেও সেই ৰূপ কেতিয়াও দেখা পোৱা নাই। কিন্তু সেই বুলি অৰ্জুনৰ লগত থকা তেওঁৰ পূৰ্বৰ সম্পৰ্ক আৰু বন্ধুত্ব অকণো সলনি হোৱা নাই”। ককাকে ক’লে।

“ককা, ভগৱানৰ সেই ৰূপ আন কোনেও কিয় দেখা পোৱা নাই? ঋষি মুনি সকলে ভগৱানক পাবলৈ চোন গভীৰ তপস্যা কৰে। তেওঁলোকেও ভগৱানৰ এই ৰূপ দেখা নাপায়নে”? অভিয়ে সুধিলে।

“তই বৰ ভাল প্ৰশ্ন কৰিছ অভি। একাদশ অধ্যায়ৰ ৫৩ নং শ্লোকত শ্ৰীকৃষ্ণই কৈছে –

নাহং ৱেদৈৰ্ন তপসা ন দানেন ন চেজ্যয়া ।
শক্য এৱংৱিধো দ্ৰষ্টুং দৃষ্টৱানসি মাং য়থা।।

অৰ্থাৎ কেৱল বেদৰ অধ্যয়ন, কঠোৰ তপস্যা কৰি, দান দি বা পূজা কৰি ভগৱানৰ বিশ্বৰূপ উপলব্ধি কৰিব নোৱাৰি”। ককাকে ক’লে।

“তেনেহ’লে কেনেকৈ পাৰি ককা”? প্ৰীতিয়ে সুধিলে।

“কেৱল একান্ত ভক্তিৰ দ্বাৰাহে সেই বিশ্বৰূপ অনুভৱ কৰিব পাৰি। অৰ্জুন কোনো ঋষি মুনি বা তপস্বী নাছিল। কেৱল শ্ৰীকৃষ্ণৰ একান্ত অনুগত ভক্ত হোৱা বাবেহে তেওঁ ভগৱানৰ বিশ্বৰূপ দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিছে। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, যিজন ব্যক্তি সকাম কৰ্ম আৰু জল্পনা কল্পনাৰ কুপ্ৰভাৱৰ পৰা মুক্ত, যিজনে কেৱল ভগৱানৰ বাবেই কাম কৰে, যিজনে ভগবানকেই জীৱনৰ লক্ষ্য কৰি লৈছে, যিজনে সকলো প্ৰাণীকে মিত্ৰ জ্ঞান কৰে, সেইজন ভক্তইহে ভগবানৰ বিশ্বৰূপৰ স্বৰূপ উপলব্ধি কৰিব পাৰে”। ককাকে ক’লে।

“ককা অৰ্জুনৰ পিছত আৰু কোনো ভক্তই ভগবানৰ বিশ্বৰূপ দেখা নাই নেকি”? নীলে সুধিলে।

“ভগৱানৰ বিশ্বৰূপ দৰ্শন কৰাটো সাধাৰণ মানুহৰ বাবে সহজসাধ্য নহয়। কাৰণ বিশ্বৰূপ দৰ্শন কৰিবলৈ হ’লে ভগৱানৰ পৰা দিব্য চক্ষু লাভ কৰিব লাগিব। কিন্তু শ্ৰীকৃষ্ণই গীতাত কৈছে যে একান্ত অনুগত ভক্তই সেই বিশ্বৰূপৰ স্বৰূপ নিশ্চয়কৈ উপলব্ধি আৰু অনুভৱ কৰিব পাৰে। আমিও যদি ভগৱানৰ একান্ত ভক্ত হওঁ আমিও কিজানি সেই বিশ্বৰূপৰ স্বৰূপ অন্তৰত অনুভৱ কৰিব পাৰিম”। ককাকে ক’লে।

“ককা, এই কথাখিনি শুনি আমাৰ সঁচাকৈয়ে ভগৱানৰ বিশ্বৰূপ দৰ্শন কৰা যেনেই লাগিছে”। অভিয়ে ক’লে।

“তহঁতে ভগৱানৰ কথা সদায়েই মনত চিন্তা কৰি থাকিলে নিশ্চয় এদিন নহয় এদিন ভগৱানৰ বিশ্বৰূপৰ স্বৰূপ মনৰ মাজত অনুভৱ কৰিব পাৰিবিসদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবি”।
“ককা, আমি সদায় প্ৰাৰ্থনা কৰোঁৱেই। আমি এদিন নহয় এদিন ভগৱানৰ স্বৰূপ জানিব পাৰিম নহয়নে”? ৰাণীয়ে সুধিলে।

“নিশ্চয় পাৰিবি। পিছে এতিয়া আমাৰ ভোকো লাগিছে, নহয়নে? নীল আৰু ৰাণীয়ে মোনাত অনা বস্তুবোৰ উলিয়াই দে। আমি আজি ইয়াতেই বনভোজ কৰোঁ। তহঁত আটায়ে বহি ল”ককাকে সকলোকে য’ত যেনেকৈ পাৰে বহিবলৈ ক’লে।

নীল আৰু ৰাণীয়ে লগত অনা কল আৰু আপেল সকলোৰে মাজত বিলাই দিলে। আটায়ে আনন্দ মনেৰে বনভোজ কৰি আন্ধাৰ হোৱাৰ আগে আগে ঘৰ পালেহি।

Sunday, June 5, 2016

দশম অধ্যায়: বিভূতি যোগ


চৌপাশে আছে ভগৱান

আবেলি সময়ত ৰাণীয়ে ককাকৰ ওচৰলৈ আহি ক’লে, “ককা, নীল আৰু অভি দাদাৰ খুব কাজিয়া লাগিছে”।
“হয় নেকি? দুইটাকে মই মাতিছোঁ বুলি ক’চোন”। ককাকে দুয়োকে মাতি পঠিয়ালে।

ৰাণীয়ে দুয়োকে মাতি আনিলে। দুয়ো আহি ককাকৰ ওচৰত থিয় হ’ল।

“বাৰু ক’চোন, তহঁত দুয়ো ইমান ভাল বন্ধু, কাজিয়া কিয় কৰিছ”? ককাকে দুয়োলৈ চাই সুধিলে।

“ককা মোৰ দেউতাই জন্মদিনত উপহাৰ দিয়া ধুনীয়া কলম এটা আছিল। ই আজি মোৰ কলমটো বেয়া কৰিলে”। নীলে গোচৰ দিলে।

“মই জানি শুনি বেয়া কৰা নাই ককা। কিবা এটা কৰোঁতে কলমটোত ঘঁহনি খাই ডাগ এটা পৰিল। ডাগ পৰিলেই কলম বেয়া হয় নেকি”?

“ককা, ই ইচ্ছা কৰিয়েই কলমটো বেয়া কৰিছেমই যে স্কুললৈ ধুনীয়া কলমটো লৈ যাওঁ, তাৰ হিংসা লাগে”। নীলৰ নাকৰ পাঁহি দুটা ফুলি উঠিল।

“এনেয়ে এনেয়ে কথা নকবি দেই। মই কিয় হিংসা কৰিম? মোৰ জন্মদিনত দেউতাই মোকো ধুনীয়া কলম এটা উপহাৰ দিব বুলি কৈছে, বুজিছ”অভিয়ে ফিতাহি মাৰি ক’লে।

ককাকে হাঁহি মাৰি দুয়োকে ওচৰত বহিবলৈ দিলে। “মোক এটা কথা ক’চোন নীল। কলমটো বাৰু বেয়াই হ’ল, তাৰ পৰা তোৰ কিনো লোকচান হ’ব। তোৰ ওচৰত বেলেগ কলমো আছে”।

“কিন্তু সেই কলমটো মোৰ বৰ মৰমৰ আছিল ককাপাৰ্কাৰ কোম্পানীৰ কলমবহুত দামী কলম সেইটো”নীলে ক’লে।

“যিমানেই দামী নহওক, যিমানেই ধুনীয়া নহওক, কলমটো সদায় একে থাকিবনে? এদিন নহয় এদিন কলমটোতো বেয়া হ’বই। তেনেহ’লে কলমটোত ডাগ এটা লগাকলৈ কাজিয়া কৰি কিবা লাভ আছেনে”? ককাকে বুজাই ক’লে।

“মোৰ বস্তু বেয়া কৰিলে খং নুঠিব নেকি? ইমান ভাল কলমটো সি বেয়া কৰি দিলে”, নীলৰ খং মাৰ যোৱা নাছিল।

“এই পৃথিৱীত এনে কিবা বস্তু আছেনে যিটো কেতিয়াও বেয়া নহয়, কেতিয়াও নষ্ট নহয়”? ককাকে তিনিওৰে মুখলৈ চালে।

“আছেতো। সেয়াই আত্মা নহয়জানো ককা? তুমি যে কৈছিলা, আত্মাৰ কেতিয়াও বিনাশ নহয়। আত্মা সদায় একে থাকে”, ৰাণীয়ে তপৰাই ক’লে।

“এৰা, আমি দেখোন শিকিছোঁৱেই আত্মা আৰু পৰমাত্মাৰ বাহিৰে কোনো বস্তুৱেই একে নাথাকেযিবোৰ বস্তুৰ কাৰণে আমি গৌৰৱ কৰোঁ, যিবোৰ বস্তু আমাৰ অতি আপোন, সেইবোৰো এদিন বেয়া হৈ যাব, নষ্ট হৈ যাব। সেইকাৰণে কিবা বস্তু বেয়া হ’লেও, নষ্ট হৈ গ’লেও দুখ নকৰিবি। এইবোৰ কাৰণত কাজিয়া কৰিব নাপায়”ককাকে দুয়োকে বুজনি দি ক’লে।

“ককা, আজিৰ পৰা আমি কাজিয়া নকৰোঁ”, দুয়ো সেমেনা সেমেনিকৈ ক’লে।

“তহঁত আটাইকেইটা মোৰ ওচৰলৈ আহ। আমি আজি গীতাৰ দশম অধ্যায়ৰ বিষয়ে আলোচনা কৰিম”। ককাকৰ কথা শুনি ৰাণীয়ে প্ৰীতিকো মাতি আনিলে। নীলে খবৰ দি আয়ানৰ সৈতে আয়ানৰ দেউতাককো মতাই আনিলেনীল আৰু অভিৰ দেউতাকো আহিল।

“ককা, শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ কথা বতৰা শেষ হোৱাই নাই নেকি”? ৰাণীয়ে সুধিলে।

“নাই হোৱা। অৰ্জুনে এতিয়াও ভগবানৰ মাহাত্ম্য সম্পূৰ্ণভাৱে বুজি পোৱা নাই। আমিও এতিয়ালৈ গীতাৰ কথাবোৰ ভালদৰে বুজি পোৱা নাই, নহয়নে? বুজি পালে নীল আৰু অভিয়ে আজি কাজিয়া নকৰিলিহেঁতেন”। ককাকে ক’লে।

নীল আৰু অভিয়ে লাজ পাই তলমূৰ কৰিলে।

“আজি আমাক কি কথা ক’বা ককা”? ৰাণীয়ে উত্সাহেৰে সুধিলে।

“আজি আমি ভগৱানৰ মাহাত্ম্যৰ বিষয়ে কথা পাতিম। এয়া হ’ল গীতাৰ দশম অধ্যায়। এই অধ্যায়ত ভগৱানক কিয়নো আমি ভক্তি কৰিব লাগে, গীতাৰ কথা কিয়নো মানিব লাগে, এই বিষয়ে ভালদৰে বুজোৱা হৈছে”, ককাকে ক’লে।

“ভগৱানৰ মাহাত্ম্য মানেনো কি ককা”? প্ৰীতিয়ে সুধিলে।

“মাহাত্ম্য মানে হ’ল শ্ৰেষ্ঠত্ব বা মহানতা। তহঁতক পঢ়োৱা শিক্ষকজন যদি এজন গুণী, জ্ঞানী পণ্ডিত হয়, তেওঁৰ প্ৰতি আপোনা আপুনি ভক্তিৰ ভাৱ আহে নহয়নে? সেয়া হ’ল তেওঁৰ মাহাত্ম্য। সেইদৰে আমি যদি ভগৱানৰ মাহাত্ম্যৰ বিষয়ে সঠিককৈ গম পাওঁ, ভগৱানৰ গুণ গৰিমাৰ কথা জানিব পাৰোঁ, আমিও সহজেই নিজকে ভগৱানৰ ভক্ত হ’ব পাৰিম”। ককাকে ক’লে।

“ভগৱানৰ মাহাত্ম্যৰ বিষয়ে জানিবলৈ বৰ মন গৈছে ককা”, নীলে ক’লে।

“ভগৱানৰ মাহাত্ম্যৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। ভগৱান এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা। কিন্তু ভগৱানৰ কোনো আৰম্ভণি নাই বা কোনো শেষো নাই” ককাকে ক’লে।

“আৰম্ভণিও নাই, শেষো নাই মানে কি ককা? সকলো বস্তুৰেইতো আৰম্ভণি আৰু শেষ থাকে”। অভিয়ে সুধিলে।
“ভগৱানে এই সৃষ্টিৰ কেতিয়া নিৰ্মাণ কৰিছিল বা এই সৃষ্টি কেতিয়া শেষ হ’ব কোনেও ক’ব নোৱাৰে। ইয়াৰ আগতেও বহুবাৰ সৃষ্টিৰ আৰম্ভণি হৈছিল আৰু বহুবাৰ শেষ হৈছিল। আগলৈও তেনেকুৱা হৈ থাকিব। এয়া অনাদি, অনন্ত কালৰ পৰা চলি আহিছে। এই সৃষ্টিৰ যিদৰে কোনো আৰম্ভণি বা শেষ নাই, সেইদৰে ভগৱানৰো আৰম্ভণি আৰু শেষ নাই”। ককাকে ক’লে।

“ভগৱানেই অনাদি, অনন্ত কালৰ পৰা এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো কাম কাজ নিয়ন্ত্ৰণ কৰি আহিছে, ভগৱানৰ ইচ্ছা অনুসৰিয়েই ভাল বেয়া সকলো ঘটনা হয়, নহয় জানো দেউতা”? নীলৰ দেউতাকে সুধিলে।

“এৰা ঠিকেই। ভগৱানৰ ইচ্ছা অনুসৰিয়েই ভাল, বেয়া সকলো ঘটনা হয়। মাত্ৰ এইখিনি কথাকে আমি সদায় বিশ্বাস কৰি চলিব লাগে যিবোৰ মানুহে ভগৱানৰ এই মাহাত্ম্যৰ কথা সৰ্বান্তকৰণেৰে উপলব্ধি কৰি ভগৱানৰ পৰম ভক্ত হৈ পৰে, তেওঁলোকে ভগৱানৰ অপাৰ কৃপা লাভ কৰে আৰু সকলো মায়া মোহৰ পৰা মুক্তি পায়। ভগৱানৰ কৃপাত ভক্তসকলৰ গাত বহুতো উত্তম গুণেও দেখা দিয়ে”। ককাকে ক’লে।

“কি কি উত্তম গুণ ককা”, ৰাণীয়ে সুধিলে।

“ভগৱানৰ প্ৰকৃত ভক্ত সকলৰ মন সকলো সময়তে আনন্দৰে ভৰি থাকে। তেওঁলোকে সুন্দৰকৈ সকলো কথা চিন্তা কৰি উচিত সিদ্ধান্ত ল’ব পাৰে। তেওঁলোকে সদায় নতুন নতুন কথা শিকি নিজৰ জ্ঞান বৃদ্ধি কৰিব পাৰেতেওঁলোকে নিজৰ ইন্দ্ৰিয় সমুহ অনায়াসে বশীভূত কৰিব পাৰে। ভগৱানৰ ভক্ত সকলৰ কোনো অহংকাৰ নাথাকে, তেওঁলোকে নিজৰ যশস্যা গাই নুফুৰে। তেওঁলোকে আনৰ প্ৰতি দয়াশীল হয় আৰু দোষীকো সহজতে ক্ষমা কৰি দিব পাৰে”। ককাকে ক’লে।

“আমাৰ ইছলাম ধৰ্মতো শিকোৱা হয়, আল্লাৰ ওপৰত বিশ্বাস ৰাখি আল্লাই দেখুৱাই দিয়া পথেৰে আগবাঢ়িলে মানুহৰ জীৱন সুন্দৰ হৈ পৰে”, ডাক্তৰ ৰহমানে ক’লে।

“হয়, সকলো ধৰ্মতে এজনেই সৰ্বশক্তিমান ভগৱানক মানি লোৱা হৈছে। সেই সৰ্বশক্তিমান ভগৱানৰ বিভূতিৰ বিষয়ে আমি যিমানেই অৱগত হ’ম, যিমানেই তেওঁৰ মাহাত্ম্যৰ বিষয়ে জানিব পাৰিম, সিমানেই আমি তেওঁৰ ভক্ত হ’ব পাৰিম”

“ককা, বিভূতি মানেনো কি”? ৰাণীয়ে সুধিলে।

“বিভূতি মানে হ’ল ভগৱানৰ অলৌকিক শক্তি। ভগৱানৰ এনে কিছুমান অলৌকিক শক্তি থাকে, যিবোৰ মানুহৰ গাত নাথাকে। সেয়েহে এই শক্তিক দৈৱ শক্তি বুলিও কোৱা হয়। মানুহে কৰিব নোৱৰা বহুতো কাম ভগৱানে অনায়াসে কৰিব পাৰে। সেয়াই হ’ল ভগৱানৰ বিভূতি বা অলৌকিক শক্তিগীতাৰ দশম অধ্যায়ত ভগৱানৰ তেনে দৈৱিক শক্তিৰ বিষয়ে কোৱা হৈছেসেয়েহে এই অধ্যায়ক বিভূতি যোগ বুলিও কোৱা হয়। ভগৱানৰ দৈৱিক শক্তিৰ কথা উপলব্ধি কৰিব পাৰিলে আমি ভগৱানৰ মাহাত্ম্য সহজেই উপলব্ধি কৰিব পাৰিম”ককাকে বুজনিৰ সুৰত ক’লে।

“ভগৱানৰ বিভূতিৰ বিষয়ে বুজাই কোৱাচোন ককা”। নীলে ক’লে।

“গীতাৰ দশম অধ্যায়ৰ ৮ নং শ্লোকত ভগৱান শ্ৰীকৃষ্ণই কৈছে –
অহং সৰ্বস্য প্ৰভৱো মত্ত: সৰ্ৱং প্ৰৱৰ্ততে।
ইতি মত্বা ভজন্তে মাং বুধা ভাৱসমম্বিতা:।।
ইয়াৰ অৰ্থ হ’ল ময়েই এই জগতৰ জড় আৰু চেতন সকলো বস্তুৰ উত্পত্তিৰ আদিমূল। সকলো মোৰ পৰাই উদ্ভৱ হয়। যি সকল জ্ঞানী লোক, তেওঁলোকে এই কথা বুজি পায় তেওঁলোকে সৰ্বান্তকৰণে মোৰ ভক্তি আৰু ভজন কৰে”

“ইংৰাজীত ক’বলৈ হ’লে God is the source of all creations নহয় জানো দেউতা। সেইটো বাৰু বুজিলোঁকিন্তু ভক্তি আৰু জ্ঞানী লোকৰ কি সম্পৰ্ক আছে”?  নীলৰ দেউতাকে সুধিলে।

“ভক্তি আৰু জ্ঞানৰ অতি নিকট সম্বন্ধ আছে। যি ভক্তই সৰ্বান্তকৰণে ভগৱানৰ ওচৰত নিজকে সমৰ্পন কৰে, ভগৱানে সেই ভক্তৰ মনৰ অজ্ঞানতা আৰু অন্ধকাৰ দূৰ কৰি তেওঁৰ ওপৰত দয়া কৰে। তেওঁলোক জ্ঞানী লোক হয়। আনহাতে যিসকল জ্ঞানী হয়, সদায় জানিবা, তেওঁলোক ভগৱানৰ পৰম ভক্তও হয় ভগৱানৰ ভক্ত নোহোৱাকৈ বা ভগৱানৰ কৃপা নোহোৱাকৈ কোনো লোক প্ৰকৃত জ্ঞানী হ’ব নোৱাৰে”, ককাকে ক’লে।

“ককা, আমি বুজি পাইছোঁ যে ভগৱানৰ ভক্ত হ’ব লাগে। কিন্তু ভগৱানকতো আমি দেখা নাপাওঁ, ভগৱান ক’ত আছে আমি কেনেকৈ জানিম”? অভিয়ে সুধিলে।

“অৰ্জুনেও শ্ৰীকৃষ্ণক একেটা প্ৰশ্নই কৰিছিল। অৰ্জুনেও বুজি পাইছিল যে ভগৱান সকলো উত্পত্তিৰ মূল, সকলো প্ৰাণীৰে গৰাকী দেৱতাৰো দেৱতা, সমস্ত জগতৰ অধিপতি। কিন্তু তথাপিও তেওঁ জানিব বিচাৰিছিল কেনেদৰে ভগৱানে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড বিয়পি আছে। সকলোতে বিয়পি থকা ভগৱানক মানুহে কেনেদৰে ক’ত বিচাৰি পাব”? ককাকে ক’লে।

“শ্ৰীকৃষ্ণই কি উত্তৰ দিলে ককা”? প্ৰীতিয়ে সুধিলে।

“শ্ৰীকৃষ্ণই অৰ্জুনক ক’লে যে ভগৱান সকলো প্ৰাণীৰ মাজতে আছে। প্ৰতিটো প্ৰাণীত  বিৰাজমান আত্মা ভগৱানৰে অংশ। সেইদৰে সূৰ্য, চন্দ্ৰ আদি গ্ৰহ নক্ষত্ৰৰ মাজতো ভগৱান  থাকে। সমস্ত দেৱতাগণ, যক্ষ আৰু ৰাক্ষস সকলৰ প্ৰতিজনৰ মাজত একেজন ভগৱানেই থাকে। সেইদৰে নদ নদী, পৰ্বত, সাগৰ, গছ গছনি, ফুল ফল সকলোতে ভগৱান থাকে। মুঠতে এই জড় আৰু প্ৰাণী জগতৰ সকলো বস্তুৰ মাজতে ভগৱান আছে। ভাল বেয়া সকলো বস্তুতে ভগৱান থাকে। এই জড় আৰু জীৱ জগতৰ সকলো বস্তুৰ মাজতে ভগৱানৰ অস্তিত্ব আছে। প্ৰকৃত ভক্ত এজনে সকলোতে ভগৱানৰ অস্তিত্ব অনুভৱ কৰে সেইকাৰণে সকলো সময়তে আমি ভগৱান আমাৰ ওচৰতে আছে বুলি ভাবিব লাগে”, ককাকে ক’লে।

“কিন্তু ককা, সকলো সময়তে ভগৱান আমাৰ ওচৰতে আছে বুলি কেনেকৈ ভাবিব পাৰি, সেয়া কেনেকৈ সম্ভৱ”? নীলে সুধিলে।

ককাকে হাঁহি মাৰি ক’লে, “সেয়া এই কাৰণেই সম্ভৱ যে প্ৰতিটো বস্তুৰ মাজতে ভগৱান আছে। আনকি আমি যে বহি আছোঁ, এই কোঠাটোত থকা প্ৰতিটো বস্তুৰ মাজতে ভগৱান আছে। আচল ভক্তই সকলো বস্তু আৰু প্ৰাণীৰ মাজত ভগৱানৰ অস্তিত্ব অনুভৱ কৰে। সেইকাৰণে তেওঁলোকে সকলো সময়তে  ভগৱানৰ কথা ভাবিব পাৰে। তহঁতেও যদি আজিৰ পৰা সকলো বস্তুৰ মাজতে ভগৱান আছে বুলি বিশ্বাস কৰিবলৈ আৰম্ভ কৰ, দেখিবি লাগে লাহে তহঁতৰো অনবৰতে ভগৱান ওচৰত থকা যেন লাগিবএতিয়া বুজিলিতো”?

“ককা, সকলো বস্তুৰ মাজত ভগৱান থকাটো সঁচাকৈয়ে সম্ভৱনে”? নীলে সুধিলে।

“তহঁতে ভক্ত প্ৰহ্লাদৰ সাধুটো শুনিছনে? প্ৰহ্লাদৰ দেউতাক হিৰণকশিপু এজন অত্যাচাৰী ৰজা আছিল। তেওঁ ভগৱানক সমূলি বিশ্বাস নকৰিছিল। তেওঁ ভগৱানক পৰম শত্ৰু বুলি ভাবিছিল। কিন্তু প্ৰহ্লাদে সদায় কৈছিল যে ভগৱান সকলোতে থাকে। ভগৱানৰ ভক্ত হোৱা বাবেই তেওঁ প্ৰহ্লাদৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল। কিন্তু প্ৰতিবাৰেই ভগৱানে প্ৰহ্লাদক ৰক্ষা কৰিছিল। এদিন দেউতাকে স্ফটিকৰ স্তম্ভ এটা দেখুৱাই প্ৰহ্লাদক সুধিলে, সেই স্তম্ভটোত ভগৱান আছে নে নাই। ভগৱানে আছে বুলি কোৱাত তেওঁ স্তম্ভটো ভাঙি পেলালেসঁচাকৈয়ে সেই স্তম্ভটোৰ মাজৰ পৰা নৰসিংহ ৰূপ ধৰি ভগৱান ওলাই আহিল”। ককাকে ক’লে।

“এই সাধুটো আমি শুনিছোঁ ককানৰসিংহ ৰূপ ধৰি ভগৱানে অত্যাচাৰী ৰজা হিৰণ্যকশিপুক মাৰি পেলাইছিল”নীলে ক’লে।

“মহাপুৰুষ শংকৰদেৱেও কীৰ্তনৰ প্ৰহ্লাদ চৰিত্ৰত লিখিছে -

সৱাতে আছন্ত জগত স্বামী
ষ্ফটিকৰ স্তম্ভে দেখোহো আমি।।
অৰ্থাৎ জগতৰ স্বামী ভগৱান সকলোতে আছে। ভক্তই ষ্ফটিকৰ স্তম্ভতো ভগৱানক দেখে”, ককাকে ক’লে।
“ভূতক ভয় কৰা মানুহেযে সকলো বস্তুৰ মাজতে ভূত দেখে, তেনেকৈ ভগৱানক ভক্তি কৰা মানুহে সকলো বস্তুৰ মাজত ভগৱানক দেখা পায় নেকি ককা”? অভিয়ে সুধিলে।

“তই একেবাৰে সঠিক কথা কৈছ অভিভূতৰ প্ৰতি থকা ভয়ে যিদৰে আমাক সকলো সময়তে ভূতৰ কথা মনত পেলাই দি থাকে, সেইদৰে ভগৱানৰ প্ৰতি থকা অটল ভক্তিয়ে আমাক সকলো সময়তে ভগৱানৰ কথা মনত পেলাই দি থাকিব”। ককাকে ক’লে।

“আমি কথাখিনি এতিয়াহে বুজিছোঁ ককা”। ৰাণীয়ে ক’লে।

“এইখিনিতে দশম অধ্যায়ৰ সামৰণি পৰিলএই অধ্যায়ত আমি কি শিকিলোঁ চমুকৈ ক’ব পাৰিবিনে”? ককাকে আটাইকেইটালৈ চাই সুধিলে।

“আমি শিকিলোঁ ভগৱান এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোতে বিয়পি আছে। সকলো বস্তু আৰু প্ৰাণীতে ভগৱান আছে। এয়াই ভগৱানৰ মাহাত্ম্য বা বিভূতি। ভগৱান সকলোতে আছে বুলি অনুভৱ কৰিব পাৰিলে আমি সকলো সময়তে ভগৱানৰ কথা মনত ৰাখিব পাৰিম আৰু প্ৰকৃত ভক্ত হ’ব পাৰিম”। নীলে ক’লে।

“একেবাৰে সঠিক বুজিছ। এই অধ্যায়ৰ মূল কথা হ’ল ভগৱানক ক’তো বিচাৰি যাব নালাগে। আমাৰ চাৰিওফালে সকলো বস্তুতে ভগৱান আছে। সকলো প্ৰাণী আৰু জড় বস্তুৰ মাজতো ভগৱানৰ অস্তিত্ব আছে। সেয়েহে চৌপাশে ভগৱানৰ উপস্থিতি অনুভৱ কৰি আমি তেওঁৰ পৰম ভক্ত হ’ব লাগে। এইখিনিকে কৈ আজি দশম অধ্যায় ইমানতে সামৰিছোঁ”, ককাকে ক’লে।