Sunday, June 5, 2016

দশম অধ্যায়: বিভূতি যোগ


চৌপাশে আছে ভগৱান

আবেলি সময়ত ৰাণীয়ে ককাকৰ ওচৰলৈ আহি ক’লে, “ককা, নীল আৰু অভি দাদাৰ খুব কাজিয়া লাগিছে”।
“হয় নেকি? দুইটাকে মই মাতিছোঁ বুলি ক’চোন”। ককাকে দুয়োকে মাতি পঠিয়ালে।

ৰাণীয়ে দুয়োকে মাতি আনিলে। দুয়ো আহি ককাকৰ ওচৰত থিয় হ’ল।

“বাৰু ক’চোন, তহঁত দুয়ো ইমান ভাল বন্ধু, কাজিয়া কিয় কৰিছ”? ককাকে দুয়োলৈ চাই সুধিলে।

“ককা মোৰ দেউতাই জন্মদিনত উপহাৰ দিয়া ধুনীয়া কলম এটা আছিল। ই আজি মোৰ কলমটো বেয়া কৰিলে”। নীলে গোচৰ দিলে।

“মই জানি শুনি বেয়া কৰা নাই ককা। কিবা এটা কৰোঁতে কলমটোত ঘঁহনি খাই ডাগ এটা পৰিল। ডাগ পৰিলেই কলম বেয়া হয় নেকি”?

“ককা, ই ইচ্ছা কৰিয়েই কলমটো বেয়া কৰিছেমই যে স্কুললৈ ধুনীয়া কলমটো লৈ যাওঁ, তাৰ হিংসা লাগে”। নীলৰ নাকৰ পাঁহি দুটা ফুলি উঠিল।

“এনেয়ে এনেয়ে কথা নকবি দেই। মই কিয় হিংসা কৰিম? মোৰ জন্মদিনত দেউতাই মোকো ধুনীয়া কলম এটা উপহাৰ দিব বুলি কৈছে, বুজিছ”অভিয়ে ফিতাহি মাৰি ক’লে।

ককাকে হাঁহি মাৰি দুয়োকে ওচৰত বহিবলৈ দিলে। “মোক এটা কথা ক’চোন নীল। কলমটো বাৰু বেয়াই হ’ল, তাৰ পৰা তোৰ কিনো লোকচান হ’ব। তোৰ ওচৰত বেলেগ কলমো আছে”।

“কিন্তু সেই কলমটো মোৰ বৰ মৰমৰ আছিল ককাপাৰ্কাৰ কোম্পানীৰ কলমবহুত দামী কলম সেইটো”নীলে ক’লে।

“যিমানেই দামী নহওক, যিমানেই ধুনীয়া নহওক, কলমটো সদায় একে থাকিবনে? এদিন নহয় এদিন কলমটোতো বেয়া হ’বই। তেনেহ’লে কলমটোত ডাগ এটা লগাকলৈ কাজিয়া কৰি কিবা লাভ আছেনে”? ককাকে বুজাই ক’লে।

“মোৰ বস্তু বেয়া কৰিলে খং নুঠিব নেকি? ইমান ভাল কলমটো সি বেয়া কৰি দিলে”, নীলৰ খং মাৰ যোৱা নাছিল।

“এই পৃথিৱীত এনে কিবা বস্তু আছেনে যিটো কেতিয়াও বেয়া নহয়, কেতিয়াও নষ্ট নহয়”? ককাকে তিনিওৰে মুখলৈ চালে।

“আছেতো। সেয়াই আত্মা নহয়জানো ককা? তুমি যে কৈছিলা, আত্মাৰ কেতিয়াও বিনাশ নহয়। আত্মা সদায় একে থাকে”, ৰাণীয়ে তপৰাই ক’লে।

“এৰা, আমি দেখোন শিকিছোঁৱেই আত্মা আৰু পৰমাত্মাৰ বাহিৰে কোনো বস্তুৱেই একে নাথাকেযিবোৰ বস্তুৰ কাৰণে আমি গৌৰৱ কৰোঁ, যিবোৰ বস্তু আমাৰ অতি আপোন, সেইবোৰো এদিন বেয়া হৈ যাব, নষ্ট হৈ যাব। সেইকাৰণে কিবা বস্তু বেয়া হ’লেও, নষ্ট হৈ গ’লেও দুখ নকৰিবি। এইবোৰ কাৰণত কাজিয়া কৰিব নাপায়”ককাকে দুয়োকে বুজনি দি ক’লে।

“ককা, আজিৰ পৰা আমি কাজিয়া নকৰোঁ”, দুয়ো সেমেনা সেমেনিকৈ ক’লে।

“তহঁত আটাইকেইটা মোৰ ওচৰলৈ আহ। আমি আজি গীতাৰ দশম অধ্যায়ৰ বিষয়ে আলোচনা কৰিম”। ককাকৰ কথা শুনি ৰাণীয়ে প্ৰীতিকো মাতি আনিলে। নীলে খবৰ দি আয়ানৰ সৈতে আয়ানৰ দেউতাককো মতাই আনিলেনীল আৰু অভিৰ দেউতাকো আহিল।

“ককা, শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ কথা বতৰা শেষ হোৱাই নাই নেকি”? ৰাণীয়ে সুধিলে।

“নাই হোৱা। অৰ্জুনে এতিয়াও ভগবানৰ মাহাত্ম্য সম্পূৰ্ণভাৱে বুজি পোৱা নাই। আমিও এতিয়ালৈ গীতাৰ কথাবোৰ ভালদৰে বুজি পোৱা নাই, নহয়নে? বুজি পালে নীল আৰু অভিয়ে আজি কাজিয়া নকৰিলিহেঁতেন”। ককাকে ক’লে।

নীল আৰু অভিয়ে লাজ পাই তলমূৰ কৰিলে।

“আজি আমাক কি কথা ক’বা ককা”? ৰাণীয়ে উত্সাহেৰে সুধিলে।

“আজি আমি ভগৱানৰ মাহাত্ম্যৰ বিষয়ে কথা পাতিম। এয়া হ’ল গীতাৰ দশম অধ্যায়। এই অধ্যায়ত ভগৱানক কিয়নো আমি ভক্তি কৰিব লাগে, গীতাৰ কথা কিয়নো মানিব লাগে, এই বিষয়ে ভালদৰে বুজোৱা হৈছে”, ককাকে ক’লে।

“ভগৱানৰ মাহাত্ম্য মানেনো কি ককা”? প্ৰীতিয়ে সুধিলে।

“মাহাত্ম্য মানে হ’ল শ্ৰেষ্ঠত্ব বা মহানতা। তহঁতক পঢ়োৱা শিক্ষকজন যদি এজন গুণী, জ্ঞানী পণ্ডিত হয়, তেওঁৰ প্ৰতি আপোনা আপুনি ভক্তিৰ ভাৱ আহে নহয়নে? সেয়া হ’ল তেওঁৰ মাহাত্ম্য। সেইদৰে আমি যদি ভগৱানৰ মাহাত্ম্যৰ বিষয়ে সঠিককৈ গম পাওঁ, ভগৱানৰ গুণ গৰিমাৰ কথা জানিব পাৰোঁ, আমিও সহজেই নিজকে ভগৱানৰ ভক্ত হ’ব পাৰিম”। ককাকে ক’লে।

“ভগৱানৰ মাহাত্ম্যৰ বিষয়ে জানিবলৈ বৰ মন গৈছে ককা”, নীলে ক’লে।

“ভগৱানৰ মাহাত্ম্যৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। ভগৱান এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা। কিন্তু ভগৱানৰ কোনো আৰম্ভণি নাই বা কোনো শেষো নাই” ককাকে ক’লে।

“আৰম্ভণিও নাই, শেষো নাই মানে কি ককা? সকলো বস্তুৰেইতো আৰম্ভণি আৰু শেষ থাকে”। অভিয়ে সুধিলে।
“ভগৱানে এই সৃষ্টিৰ কেতিয়া নিৰ্মাণ কৰিছিল বা এই সৃষ্টি কেতিয়া শেষ হ’ব কোনেও ক’ব নোৱাৰে। ইয়াৰ আগতেও বহুবাৰ সৃষ্টিৰ আৰম্ভণি হৈছিল আৰু বহুবাৰ শেষ হৈছিল। আগলৈও তেনেকুৱা হৈ থাকিব। এয়া অনাদি, অনন্ত কালৰ পৰা চলি আহিছে। এই সৃষ্টিৰ যিদৰে কোনো আৰম্ভণি বা শেষ নাই, সেইদৰে ভগৱানৰো আৰম্ভণি আৰু শেষ নাই”। ককাকে ক’লে।

“ভগৱানেই অনাদি, অনন্ত কালৰ পৰা এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো কাম কাজ নিয়ন্ত্ৰণ কৰি আহিছে, ভগৱানৰ ইচ্ছা অনুসৰিয়েই ভাল বেয়া সকলো ঘটনা হয়, নহয় জানো দেউতা”? নীলৰ দেউতাকে সুধিলে।

“এৰা ঠিকেই। ভগৱানৰ ইচ্ছা অনুসৰিয়েই ভাল, বেয়া সকলো ঘটনা হয়। মাত্ৰ এইখিনি কথাকে আমি সদায় বিশ্বাস কৰি চলিব লাগে যিবোৰ মানুহে ভগৱানৰ এই মাহাত্ম্যৰ কথা সৰ্বান্তকৰণেৰে উপলব্ধি কৰি ভগৱানৰ পৰম ভক্ত হৈ পৰে, তেওঁলোকে ভগৱানৰ অপাৰ কৃপা লাভ কৰে আৰু সকলো মায়া মোহৰ পৰা মুক্তি পায়। ভগৱানৰ কৃপাত ভক্তসকলৰ গাত বহুতো উত্তম গুণেও দেখা দিয়ে”। ককাকে ক’লে।

“কি কি উত্তম গুণ ককা”, ৰাণীয়ে সুধিলে।

“ভগৱানৰ প্ৰকৃত ভক্ত সকলৰ মন সকলো সময়তে আনন্দৰে ভৰি থাকে। তেওঁলোকে সুন্দৰকৈ সকলো কথা চিন্তা কৰি উচিত সিদ্ধান্ত ল’ব পাৰে। তেওঁলোকে সদায় নতুন নতুন কথা শিকি নিজৰ জ্ঞান বৃদ্ধি কৰিব পাৰেতেওঁলোকে নিজৰ ইন্দ্ৰিয় সমুহ অনায়াসে বশীভূত কৰিব পাৰে। ভগৱানৰ ভক্ত সকলৰ কোনো অহংকাৰ নাথাকে, তেওঁলোকে নিজৰ যশস্যা গাই নুফুৰে। তেওঁলোকে আনৰ প্ৰতি দয়াশীল হয় আৰু দোষীকো সহজতে ক্ষমা কৰি দিব পাৰে”। ককাকে ক’লে।

“আমাৰ ইছলাম ধৰ্মতো শিকোৱা হয়, আল্লাৰ ওপৰত বিশ্বাস ৰাখি আল্লাই দেখুৱাই দিয়া পথেৰে আগবাঢ়িলে মানুহৰ জীৱন সুন্দৰ হৈ পৰে”, ডাক্তৰ ৰহমানে ক’লে।

“হয়, সকলো ধৰ্মতে এজনেই সৰ্বশক্তিমান ভগৱানক মানি লোৱা হৈছে। সেই সৰ্বশক্তিমান ভগৱানৰ বিভূতিৰ বিষয়ে আমি যিমানেই অৱগত হ’ম, যিমানেই তেওঁৰ মাহাত্ম্যৰ বিষয়ে জানিব পাৰিম, সিমানেই আমি তেওঁৰ ভক্ত হ’ব পাৰিম”

“ককা, বিভূতি মানেনো কি”? ৰাণীয়ে সুধিলে।

“বিভূতি মানে হ’ল ভগৱানৰ অলৌকিক শক্তি। ভগৱানৰ এনে কিছুমান অলৌকিক শক্তি থাকে, যিবোৰ মানুহৰ গাত নাথাকে। সেয়েহে এই শক্তিক দৈৱ শক্তি বুলিও কোৱা হয়। মানুহে কৰিব নোৱৰা বহুতো কাম ভগৱানে অনায়াসে কৰিব পাৰে। সেয়াই হ’ল ভগৱানৰ বিভূতি বা অলৌকিক শক্তিগীতাৰ দশম অধ্যায়ত ভগৱানৰ তেনে দৈৱিক শক্তিৰ বিষয়ে কোৱা হৈছেসেয়েহে এই অধ্যায়ক বিভূতি যোগ বুলিও কোৱা হয়। ভগৱানৰ দৈৱিক শক্তিৰ কথা উপলব্ধি কৰিব পাৰিলে আমি ভগৱানৰ মাহাত্ম্য সহজেই উপলব্ধি কৰিব পাৰিম”ককাকে বুজনিৰ সুৰত ক’লে।

“ভগৱানৰ বিভূতিৰ বিষয়ে বুজাই কোৱাচোন ককা”। নীলে ক’লে।

“গীতাৰ দশম অধ্যায়ৰ ৮ নং শ্লোকত ভগৱান শ্ৰীকৃষ্ণই কৈছে –
অহং সৰ্বস্য প্ৰভৱো মত্ত: সৰ্ৱং প্ৰৱৰ্ততে।
ইতি মত্বা ভজন্তে মাং বুধা ভাৱসমম্বিতা:।।
ইয়াৰ অৰ্থ হ’ল ময়েই এই জগতৰ জড় আৰু চেতন সকলো বস্তুৰ উত্পত্তিৰ আদিমূল। সকলো মোৰ পৰাই উদ্ভৱ হয়। যি সকল জ্ঞানী লোক, তেওঁলোকে এই কথা বুজি পায় তেওঁলোকে সৰ্বান্তকৰণে মোৰ ভক্তি আৰু ভজন কৰে”

“ইংৰাজীত ক’বলৈ হ’লে God is the source of all creations নহয় জানো দেউতা। সেইটো বাৰু বুজিলোঁকিন্তু ভক্তি আৰু জ্ঞানী লোকৰ কি সম্পৰ্ক আছে”?  নীলৰ দেউতাকে সুধিলে।

“ভক্তি আৰু জ্ঞানৰ অতি নিকট সম্বন্ধ আছে। যি ভক্তই সৰ্বান্তকৰণে ভগৱানৰ ওচৰত নিজকে সমৰ্পন কৰে, ভগৱানে সেই ভক্তৰ মনৰ অজ্ঞানতা আৰু অন্ধকাৰ দূৰ কৰি তেওঁৰ ওপৰত দয়া কৰে। তেওঁলোক জ্ঞানী লোক হয়। আনহাতে যিসকল জ্ঞানী হয়, সদায় জানিবা, তেওঁলোক ভগৱানৰ পৰম ভক্তও হয় ভগৱানৰ ভক্ত নোহোৱাকৈ বা ভগৱানৰ কৃপা নোহোৱাকৈ কোনো লোক প্ৰকৃত জ্ঞানী হ’ব নোৱাৰে”, ককাকে ক’লে।

“ককা, আমি বুজি পাইছোঁ যে ভগৱানৰ ভক্ত হ’ব লাগে। কিন্তু ভগৱানকতো আমি দেখা নাপাওঁ, ভগৱান ক’ত আছে আমি কেনেকৈ জানিম”? অভিয়ে সুধিলে।

“অৰ্জুনেও শ্ৰীকৃষ্ণক একেটা প্ৰশ্নই কৰিছিল। অৰ্জুনেও বুজি পাইছিল যে ভগৱান সকলো উত্পত্তিৰ মূল, সকলো প্ৰাণীৰে গৰাকী দেৱতাৰো দেৱতা, সমস্ত জগতৰ অধিপতি। কিন্তু তথাপিও তেওঁ জানিব বিচাৰিছিল কেনেদৰে ভগৱানে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড বিয়পি আছে। সকলোতে বিয়পি থকা ভগৱানক মানুহে কেনেদৰে ক’ত বিচাৰি পাব”? ককাকে ক’লে।

“শ্ৰীকৃষ্ণই কি উত্তৰ দিলে ককা”? প্ৰীতিয়ে সুধিলে।

“শ্ৰীকৃষ্ণই অৰ্জুনক ক’লে যে ভগৱান সকলো প্ৰাণীৰ মাজতে আছে। প্ৰতিটো প্ৰাণীত  বিৰাজমান আত্মা ভগৱানৰে অংশ। সেইদৰে সূৰ্য, চন্দ্ৰ আদি গ্ৰহ নক্ষত্ৰৰ মাজতো ভগৱান  থাকে। সমস্ত দেৱতাগণ, যক্ষ আৰু ৰাক্ষস সকলৰ প্ৰতিজনৰ মাজত একেজন ভগৱানেই থাকে। সেইদৰে নদ নদী, পৰ্বত, সাগৰ, গছ গছনি, ফুল ফল সকলোতে ভগৱান থাকে। মুঠতে এই জড় আৰু প্ৰাণী জগতৰ সকলো বস্তুৰ মাজতে ভগৱান আছে। ভাল বেয়া সকলো বস্তুতে ভগৱান থাকে। এই জড় আৰু জীৱ জগতৰ সকলো বস্তুৰ মাজতে ভগৱানৰ অস্তিত্ব আছে। প্ৰকৃত ভক্ত এজনে সকলোতে ভগৱানৰ অস্তিত্ব অনুভৱ কৰে সেইকাৰণে সকলো সময়তে আমি ভগৱান আমাৰ ওচৰতে আছে বুলি ভাবিব লাগে”, ককাকে ক’লে।

“কিন্তু ককা, সকলো সময়তে ভগৱান আমাৰ ওচৰতে আছে বুলি কেনেকৈ ভাবিব পাৰি, সেয়া কেনেকৈ সম্ভৱ”? নীলে সুধিলে।

ককাকে হাঁহি মাৰি ক’লে, “সেয়া এই কাৰণেই সম্ভৱ যে প্ৰতিটো বস্তুৰ মাজতে ভগৱান আছে। আনকি আমি যে বহি আছোঁ, এই কোঠাটোত থকা প্ৰতিটো বস্তুৰ মাজতে ভগৱান আছে। আচল ভক্তই সকলো বস্তু আৰু প্ৰাণীৰ মাজত ভগৱানৰ অস্তিত্ব অনুভৱ কৰে। সেইকাৰণে তেওঁলোকে সকলো সময়তে  ভগৱানৰ কথা ভাবিব পাৰে। তহঁতেও যদি আজিৰ পৰা সকলো বস্তুৰ মাজতে ভগৱান আছে বুলি বিশ্বাস কৰিবলৈ আৰম্ভ কৰ, দেখিবি লাগে লাহে তহঁতৰো অনবৰতে ভগৱান ওচৰত থকা যেন লাগিবএতিয়া বুজিলিতো”?

“ককা, সকলো বস্তুৰ মাজত ভগৱান থকাটো সঁচাকৈয়ে সম্ভৱনে”? নীলে সুধিলে।

“তহঁতে ভক্ত প্ৰহ্লাদৰ সাধুটো শুনিছনে? প্ৰহ্লাদৰ দেউতাক হিৰণকশিপু এজন অত্যাচাৰী ৰজা আছিল। তেওঁ ভগৱানক সমূলি বিশ্বাস নকৰিছিল। তেওঁ ভগৱানক পৰম শত্ৰু বুলি ভাবিছিল। কিন্তু প্ৰহ্লাদে সদায় কৈছিল যে ভগৱান সকলোতে থাকে। ভগৱানৰ ভক্ত হোৱা বাবেই তেওঁ প্ৰহ্লাদৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল। কিন্তু প্ৰতিবাৰেই ভগৱানে প্ৰহ্লাদক ৰক্ষা কৰিছিল। এদিন দেউতাকে স্ফটিকৰ স্তম্ভ এটা দেখুৱাই প্ৰহ্লাদক সুধিলে, সেই স্তম্ভটোত ভগৱান আছে নে নাই। ভগৱানে আছে বুলি কোৱাত তেওঁ স্তম্ভটো ভাঙি পেলালেসঁচাকৈয়ে সেই স্তম্ভটোৰ মাজৰ পৰা নৰসিংহ ৰূপ ধৰি ভগৱান ওলাই আহিল”। ককাকে ক’লে।

“এই সাধুটো আমি শুনিছোঁ ককানৰসিংহ ৰূপ ধৰি ভগৱানে অত্যাচাৰী ৰজা হিৰণ্যকশিপুক মাৰি পেলাইছিল”নীলে ক’লে।

“মহাপুৰুষ শংকৰদেৱেও কীৰ্তনৰ প্ৰহ্লাদ চৰিত্ৰত লিখিছে -

সৱাতে আছন্ত জগত স্বামী
ষ্ফটিকৰ স্তম্ভে দেখোহো আমি।।
অৰ্থাৎ জগতৰ স্বামী ভগৱান সকলোতে আছে। ভক্তই ষ্ফটিকৰ স্তম্ভতো ভগৱানক দেখে”, ককাকে ক’লে।
“ভূতক ভয় কৰা মানুহেযে সকলো বস্তুৰ মাজতে ভূত দেখে, তেনেকৈ ভগৱানক ভক্তি কৰা মানুহে সকলো বস্তুৰ মাজত ভগৱানক দেখা পায় নেকি ককা”? অভিয়ে সুধিলে।

“তই একেবাৰে সঠিক কথা কৈছ অভিভূতৰ প্ৰতি থকা ভয়ে যিদৰে আমাক সকলো সময়তে ভূতৰ কথা মনত পেলাই দি থাকে, সেইদৰে ভগৱানৰ প্ৰতি থকা অটল ভক্তিয়ে আমাক সকলো সময়তে ভগৱানৰ কথা মনত পেলাই দি থাকিব”। ককাকে ক’লে।

“আমি কথাখিনি এতিয়াহে বুজিছোঁ ককা”। ৰাণীয়ে ক’লে।

“এইখিনিতে দশম অধ্যায়ৰ সামৰণি পৰিলএই অধ্যায়ত আমি কি শিকিলোঁ চমুকৈ ক’ব পাৰিবিনে”? ককাকে আটাইকেইটালৈ চাই সুধিলে।

“আমি শিকিলোঁ ভগৱান এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোতে বিয়পি আছে। সকলো বস্তু আৰু প্ৰাণীতে ভগৱান আছে। এয়াই ভগৱানৰ মাহাত্ম্য বা বিভূতি। ভগৱান সকলোতে আছে বুলি অনুভৱ কৰিব পাৰিলে আমি সকলো সময়তে ভগৱানৰ কথা মনত ৰাখিব পাৰিম আৰু প্ৰকৃত ভক্ত হ’ব পাৰিম”। নীলে ক’লে।

“একেবাৰে সঠিক বুজিছ। এই অধ্যায়ৰ মূল কথা হ’ল ভগৱানক ক’তো বিচাৰি যাব নালাগে। আমাৰ চাৰিওফালে সকলো বস্তুতে ভগৱান আছে। সকলো প্ৰাণী আৰু জড় বস্তুৰ মাজতো ভগৱানৰ অস্তিত্ব আছে। সেয়েহে চৌপাশে ভগৱানৰ উপস্থিতি অনুভৱ কৰি আমি তেওঁৰ পৰম ভক্ত হ’ব লাগে। এইখিনিকে কৈ আজি দশম অধ্যায় ইমানতে সামৰিছোঁ”, ককাকে ক’লে।
  

Thursday, June 2, 2016

নৱম অধ্যায়: ৰাজবিদ্যা ৰাজগুহ্য যোগ


গোপন জ্ঞানৰ সন্ধান

ডাক্তৰ ৰহমানে গীতাৰ কথাবোৰ জানিব পাৰি ইমানেই ভাল পালে যে তেওঁ পিছদিনাও আবেলি আয়ানক লগত লৈ নীলহঁতৰ ঘৰলৈ আহিল আৰু নীলৰ ককাকৰ লগত গীতাৰ বিষয়ে আলোচনাত বহিল

“আমাৰ কোৰানত থকা কথাবোৰেই গীতাত আছে। এই কথা জানিব পাৰি মোৰ ভাল লাগিছে”। ডাক্তৰ ৰহমানে ক’লে।

“গীতা হ’ল পৰম জ্ঞানৰ ভাণ্ডাৰ। প্ৰতিজন মানুহেই গীতা পঢ়িব লাগে। গীতা পঢ়িলে মানুহৰ মন উদাৰ হয়, সকলোকে সমভাৱে চাব পৰা হয়”।

“আমি আজিও গীতাৰ কথা শুনিবলৈ আহিছোঁ”। ডাক্তৰ ৰহমানে ক’লে।

“গীতাৰ কথা শুনাটো ডাঙৰ কথা নহয়। কিন্তু কথাখিনি হৃদয়াঙ্গম কৰাটোহে আচল কথা। গীতাৰ জ্ঞান ভালদৰে কৰিবলৈ হ’লে সেই পৰমপিতা পৰমেশ্বৰ ভগবানৰ পৰম ভক্ত হ’ব লাগিব”। ককাকে ক’লে।
“নিশ্চয়, সেই পৰমপিতা পৰমেশ্বৰকেই আপুনি শ্ৰীকৃষ্ণ বুলি কয়, আমি আল্লা বুলি কওঁ। কিন্তু পৰমেশ্বৰ এজনেই”। ডাক্তৰ ৰহমানে হাঁহি মাৰি ক’লে।

“ঠিকেই কৈছে। সৃষ্টিকৰ্তা এজনেই। ঈশ্বৰ, আল্লা, গড একেজনেই। আমি তেনেহ’লে আজি আৰম্ভ কৰোঁ”।

ককাকে নীল আৰু ৰাণীক মাতিলে। নীলে অভি আৰু প্ৰীতিকো মাতি পঠিয়ালে। অভিৰ দেউতাকো দুয়োৰে লগত আহিল। ল’ৰা ছোৱালীহঁতৰ লগত ডাক্তৰ ৰহমান, নীল আৰু অভিৰ দেউতাকো গীতাৰ কথা শুনিবলৈ ককাকৰ ওচৰলৈ আহি বহিল।

“গীতাৰ কাহিনীয়ে সৰু ল’ৰা ছোৱালীৰ লগতে ডাঙৰকো আকৰ্ষণ কৰাৰ বাবে মই বৰ সুখী হৈছোঁ”। ককাকে ক’লে।

“আমিহে আপোনাক ধন্যবাদ দিছোঁ। আপুনি ল’ৰা ছোৱালী কেইটাক ইমান ধুনীয়াকৈ, সহজ ভাষাত গীতাৰ কথাবোৰ বুজাই দিছে। সিহঁতৰ মুখত কথাবোৰ শুনি আমাৰো মন গৈছে গীতাৰ বাণী শুনিবলৈ”। অভিৰ দেউতাকে ক’লে।

“গীতাৰ কথা অকল শুনিলেই নহ’ব, গীতাত ভগবানে দেখুৱাই দিয়া পথত চলিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে গীতাৰ বাণী শুনাটো সাৰ্থক হ’ব। পাঁচ হাজাৰ বছৰ আগতেই গীতাত দেখুওৱা পথ সকলো মানুহৰ বাবে অজিও প্ৰযোজ্য”। ককাকে ক’লে।

“ককা, আজি আমাক গীতাৰ কি কথা ক’বা”? ৰাণীয়ে সুধিলে।

“আজি আমি গীতাৰ নৱম অধ্যায়ৰ বিষয়ে জানিম। এই অধ্যায়ৰ কথাখিনি ৰাজবিদ্যা ৰাজগুহ্য যোগ বোলা হয়। ৰাজগুহ্য মানে হ’ল আটাইতকৈ গোপনীয় আৰু ৰাজবিদ্যা মানে হ’ল আটাইতকৈ ডাঙৰ জ্ঞান। ৰাজবিদ্যা ৰাজগুহ্য মানে হ’ল পৰম গোপনীয় শ্ৰেষ্ঠ জ্ঞান”

“ককা জ্ঞানো গোপনীয় হয়নে? পৰম শ্ৰেষ্ঠ জ্ঞান আকৌ গোপনীয় কেনেকৈ হ’ব পাৰে”? নীলে সুধিলে।
“তই বৰ উচিত প্ৰশ্ন কৰিছ নীল। গীতাত শ্ৰীকৃষ্ণই কৈছে যে পৰম জ্ঞান সকলো মানুহে গ্ৰহণ কৰিব নোৱাৰে। কেৱল এজন প্ৰকৃত ভক্তইহে এই পৰম জ্ঞানৰ আচল অৰ্থ বুজিব পাৰে। গীতাত কোৱা কথাখিনি গোপনীয় নহয়। কিন্তু সাধাৰণ মানুহে এই কথাৰ মাজত থকা জ্ঞানৰ সাগৰ উপলব্ধি কৰিব নোৱাৰে। ভক্ত এজনেহে সেই জ্ঞানৰ সন্ধান পায়, সেয়েহে এই পৰম জ্ঞানক গোপনীয় বোলা হৈছে”। ককাকে বুজাই দিলে।

“আমি এই জ্ঞান লাভ কৰিব পাৰিমনে ককা”? অভিয়ে সুধিলে।

“নৱম অধ্যায়ৰ আৰম্ভণিতে শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে এই জ্ঞান লাভ কৰিবলৈ হ’লে ভগবানক সম্পূৰ্ণকৈ বিশ্বাস কৰিব লাগিব। যি মানুহে ভগবানৰ পৰম শক্তিৰ ওপৰত সন্দেহ কৰে, ভগবানৰ চৰিত্ৰৰ সমালোচনা কৰে, ভগবানৰ প্ৰতি ঈৰ্ষাপৰায়ন হয়, ভগবানৰ প্ৰতি শ্ৰদ্ধাশীল নহয়, তেওঁলোকে এই জ্ঞান লাভ কৰিব নোৱাৰে। পৰম জ্ঞান লাভ কৰিবলৈ হ’লে পৰম ভক্ত হ’বই লাগিব”। ককাকে ক’লে।

“ককা, এই জ্ঞানৰ বিষয়ে জানিবলৈ বৰ মন গৈছে”। আয়ানে ক’লে।
“নৱম অধ্যায়ৰ ৪ নং শ্লোকত ভগবান শ্ৰীকৃষ্ণই কৈছে –

ময়া ততমিদং সৰ্ৱং জগদৱ্যক্তমূৰ্তিনা।
মত্স্থানি সৰ্ৱভূতানি ন চাহং তেষুৱস্থিত:।।

অৰ্থাৎ অগবানে কৈছে যে – মই মোৰ অব্যক্ত ৰূপেৰেএই সমগ্ৰ বিশ্ব ব্যাপি অৱস্থান কৰিছোঁ। সকলো জীৱ মোৰ মাজতে আছে। কিন্তু মই সেই জীৱ বিলাকৰ মাজত নাই”। ককাকে ক’লে।

“তাৰ মানে কি ককা? ভালদৰে বুজাই দিয়াচোন”। প্ৰীতিয়ে ক’লে।

“ইয়াৰ অৰ্থ হ’ল ভগবান এই জগতৰ সকলোতে বিয়পি আছে, কিন্তু আমি তেওঁক দেখা নাপাওঁ। আমি আমাৰ পাৰ্থিৱ ইন্দ্ৰিয়বোৰৰ দ্বাৰা তেওঁৰ উপস্থিতি উপলব্ধি কৰিব নোৱাৰোঁ। এই সৃষ্টিৰ সকলো জীৱ ভগবানৰ কৃপাতে বৰ্তি আছে। কিন্তু সেইবুলি এনে নহয় যে ভগবান প্ৰতিটো জীৱৰ মাজত আছে”। ককাকে ক’লে।

“তাৰ মানে মানুহৰ মাজত ভগবান নাথাকে নেকি”? নীলে সুধিলে।

নীলৰ দেউতাকে মাজতে মাত দিলে। “কথাটো হয়তো এনেকুৱা যে, সকলো জীৱ যিহেতু ভগবানে সৃষ্টি কৰিছে, সেয়েহে সকলোৱে ভগবানৰ অশ্ৰয়ত আছে। কিন্তু তাৰ মানে এয়া নহয় যে সকলো জীৱই ভগবান। কথাটো হয়নে দেউতা”?

“ঠিকেই। যেনেদৰে সূৰ্যৰ পোহৰ পৰা আইনা এখনৰ পৰাও পোহৰ পাব পাৰি, কিন্তু সেই আইনাখন সূৰ্য হ’ব নোৱাৰে, সেইদৰে ভগবানৰ সৃষ্ট জীৱৰ মাজত ভগবানৰ গুণ থাকিব পাৰে কিন্তু তেওঁলোক ভগবান হ’ব নোৱাৰে। এতিয়া বুজিলিনে”? ককাকে ক’লে।

“ভগবানৰ চাগে আন কিছুমান গুণ থাকে যিবোৰ মানুহৰ নাথাকে”। অভিৰ দেউতাকে ক’লে।

“ভগবানে এই জগতৰ সৃষ্টি কৰিছে। সেয়াই ভগবানৰ এক বিশেষ ক্ষমতা যিটো আনৰ নাথাকে”। ককাকে ক’লে।

“ককা, ভগবানে জগতৰ সকলোকে সৃষ্টি কৰিছে। কিন্তু ধ্বংস কোনে কৰে? সকলো বস্তু দেখোন ধ্বংসও হয়”। অভিয়ে ক’লে।

“এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি যিদৰে ভগবানে কৰে সেইদৰে ধ্বংসও ভগবানৰ ইচ্ছাতে হয়। কেৱল জীৱ বা বস্তুৱেই নহয়, এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডই বাৰে বাৰে ভগবানে সৃষ্টিও কৰে আৰু প্ৰয়োজন হ’লে ধ্বংসও কৰে”। ককাকে ক’লে।

“এই কথাটো আচৰিত নহয়নে? ভগবানে নিজৰ সৃষ্টিকে আকৌ ধ্বংস কৰে”। ডাক্তৰ ৰহমানে ক’লে।
“সৃষ্টি আৰু ধ্বংসৰ মাজেদি ভগবানে সমগ্ৰ জগতৰ পৰিচালনা কৰে। অনাদি অনন্ত কালৰ পৰা এয়া চলি আহিছে। ধ্বংসৰ মাজেদি পুৰণিৰ ঠাইত এখন নতুন সৃষ্টিৰ উত্পত্তি হয়”। ককাকে ক’লে।
“ককা, ভগবানে মানুহৰ সকলো কাম চাই থাকে নেকি? কেতিয়াবা খং উঠিলে চাগে ধ্বংস কৰি দিয়ে নহয় জানো”? ৰাণীয়ে সুধিলে।

ৰাণীৰ কথাত আটায়ে হাঁহিলে। “গীতাত কোৱা হৈছে যে ভগবানে কেৱল সৃষ্টিহে কৰে। মানুহে কি কৰে, কি নকৰে সেইবোৰ চকু দি থকাটো ভগবানৰ কাম নহয়। মানুহে নিজৰ নিজৰ কৰ্মফল অনুসৰি এই পৃথিৱীত বাৰে বাৰে জন্ম লৈ থাকে। তাত ভগবানৰ কৰিবলগীয়া একো নাই। কিন্তু যেতিয়া এই পৃথিৱীত মানুহৰ পাপ কৰ্ম বাঢ়ি যায়, ধাৰ্মিক লোক সকলে কষ্ট ভোগ কৰিবলগীয়া হয়, তেতিয়া ভগবানে অৱতাৰ হৈ পৃথিৱীলৈ আহে আৰু পুৰণি সৃষ্টি ধ্বংস কৰি নতুন সৃষ্টিৰ সূচনা কৰে”। ককাকে ক’লে।

“ককা, ভগবানে বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে। তেওঁ কিমানযে শক্তিশালী ভাবিবই নোৱাৰি। কিন্তু তেওঁযে এজন সাধাৰণ মানুহৰ দৰে জন্ম লয়, সেয়া অতি আচৰিত কথা”। অভিয়ে ক’লে।

“হয়, ভগবান পৃথিৱীলৈ অহাটো আচৰিত কথা। কিন্তু মনত ৰাখিবি, যেতিয়া সঁচাকৈয়ে প্ৰযোজন হয়, তেতিয়াহে ধৰ্মৰ উদ্ধাৰৰ বাবে ভগবান পৃথিৱীলৈ আহে। সাধাৰণ মানুহৰ বাবে এই কথাটো বিশ্বাস কৰিবলৈ কঠিন। ভগবান পৃথিৱীলৈ আহিলেও বহুতে সেই কথা অনুভৱেই কৰিব নোৱাৰে। কিন্তু প্ৰকৃত ভক্ত সকলে মানুহৰ ৰূপ লোৱা ভগবানক ঠিকেই চিনি পায়। তেওঁলোকে ভগবান পৃথিৱীলৈ অহাৰ আগজাননিও পায়। যীশুখ্ৰিষ্ট জন্মৰ সময়ত সাধু পুৰুষ কেইজনমানে ইয়াৰ আগজাননি পোৱাৰ কথা জানিবলৈ পোৱা যায়”। ককাকে ক’লে।

“ককা ভগবানৰ বিষয়ে সকলো কথা জানিবলৈ মানুহে কি কৰিব লাগে”? প্ৰীতিয়ে সুধিলে।

“ভগবানৰ বিষয়ে সকলো কথা কেৱল প্ৰকৃত ভক্তইহে জানিব পাৰে। যিজন বক্তিয়ে সকলো সময়তে ভগবানৰ গুণ – কীৰ্তন কৰে, সকলো কাম ভগবানৰ বাবে কৰে, মনত কাৰো প্ৰতি ঈৰ্ষাৰ ভাব না কামনা বাসনা নাৰাখে, সেইজন ব্যক্তিয়েই ভগবানৰ প্ৰিয় ভক্ত হৈ পৰে”। ককাকে ক’লে।

“তেনে ভক্ত সকলোৱে কিয় হ’ব নোৱাৰে”? অভিৰ দেউতাকে সুধিলে।

“মানুহে ভক্ত হ’বলৈ চেষ্টা কৰে যদিও ভক্তিৰ সময়ত নিজকে সম্পূৰ্ণ ভাৱে ভগবানৰ চৰণত সমৰ্পন কৰিব নোৱাৰে। মানুহে ধৰ্ম কৰ্ম কৰে, কিন্তু তেওঁলোকৰ মনত ভগবানৰ পৰা কিবা লাভ কৰাৰ বাসনা থাকে। আন নাথকিলেও বহুতো ভক্তৰ মুক্তিৰ বাসনা থাকে। এনে বাসনা মনলৈ অহা মানেই পৰম পিতা পৰমেশ্বৰৰ পৱিত্ৰ, নিষ্কলুষ ভক্তিৰ পৰা আঁতৰি অহা। পৰম পুৰুষ পৰমেশ্বৰ শ্ৰীকৃষ্ণইযে পৰম সত্য সেই কথাও কিছুমান মানুহে সৰ্বান্তকৰণে মানি নলয়। সেয়েহে তেওঁলোকে শ্ৰীকৃষ্ণৰ সলনি ইপ্সিত বস্তু বিচাৰি আন দেৱ দেৱীৰ শৰণস্থ হয়। সেইসকলৰ ভক্তি অথলে যায়। সেয়েহে পৰম ভক্ত হোৱাটো সহজ নহয়”। ককাকে ক’লে।

“শ্ৰীকৃষ্ণৰ সলনি আনৰ ভক্ত হ’ব নালাগে বুলি কোৱা হৈছে নেকি”? ডাক্তৰ ৰহমানে সুধিলে।

“এজন ভগবানেই এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছে। গতিকে সেইজনকে ভক্তি কৰিব লাগেসেইজনক গীতাত শ্ৰীকৃষ্ণ বুলি কৈছে। আন দেৱ দেৱী সকলকো একেজন ভগবানেই সৃষ্টি কৰিছে। সেই সকলৰ মাজত ভগবানৰ গুণ থাকিব পাৰে। কিন্তু তেওঁলোক ভগবান হ’ব নোৱাৰে। আন দেৱ দেৱীৰো যিহেতু কিছু পৰিমাণে ভগবানৰ গুণ থাকে সেয়ে তেওঁলোকে ভক্তৰ কিছুমান কামনা বাসনা পূৰণ কৰিব পাৰে। কিন্তু তাৰ ফলত ভক্তই কৰ্মফলৰ পৰা মুক্তি পাব নোৱাৰে। নিজৰ কামনা বাসনা পূৰণ কৰিবলৈ আন দেৱ দেৱীৰ শৰণাপন্ন হোৱা সকলে এইদৰে বাৰে বাৰে জন্ম লাভ কৰি কষ্ট লাভ কৰে”। ককাকে ক’লে।

“ককা, প্ৰকৃত ভক্ত হ’বলৈ আমি সদায় ভগবানৰ প্ৰাৰ্থনা কৰিব লাগিব, নহয় জানো”? ৰাণীয়ে সুধিলে।
“গীতাৰ নৱম অধ্যায়ৰ ২২ নং শ্লোকত ভগবানে কৈছে –

অনন্যাশ্চিন্তয়ন্তো মাং য়ে জনা: পৰ্যুপাসতে।
তেষাং নিত্যাভিয়ুক্তানাং য়োগক্ষেমং ৱহাম্যহম।।

ইয়াত কৈছে যে যিজন ভক্তই ভগবানৰ কথা এক মুহূৰ্তও নভবাকৈ থাকিব নোৱাৰে, ভগবানৰ সান্নিধ্য লাভৰ বাহিৰে মনত আন একো বাসনা নথকাকৈ ভক্তিত নিমগ্ন হয়, তেওঁ কোনো সন্দেহ নোহোৱাকৈ ভগবানৰ ওচৰ চাপিব পাৰে। ভগবানৰ লগত সংযোগ হোৱাকে যোগ বুলি কোৱা হয়। তেনে ভক্তক ভগবানে সদায় ৰক্ষা কৰি থাকে। তেওঁলোকৰ দুখ কষ্ট ভগবানেই দূৰ কৰে”। ককাকে বুজাই দিলে।

“ককা, আমি চোন ভগবানক সেৱা কৰিবলৈ মন্দিৰলৈ যাওঁ, নামঘৰলৈ যাওঁ। মনতে ভগবানৰ কথা ভাবিলেই যদি ভগবানক পাওঁ, তেনেহ’লে আমি কিয় মন্দিৰ, নামঘৰলৈ যাব লাগে”? অভিয়ে সুধিলে।

“আমি যদি মন্দিৰ নামঘৰলৈ নোযোৱাকৈও সকলো সময়তে মনত ভগবানৰ কথাই ভাবি থাকিব পাৰোঁ, ভগবানক আমাৰ হৃদয়ত ধাৰণ কৰিব পাৰোঁ, আমি মন্দিৰ - নামঘৰলৈ যোৱাৰ প্ৰয়োজন নাই। আচল কথা হ’ল মন বিশুদ্ধ হ’ব লাগে। বিশুদ্ধ চিত্তেৰে আৰু ভক্তি ভাৱেৰে কোনোবাই পাত, ফুল, ফল বা পানী দিলেও ভগবানে সেয়া গ্ৰহণ কৰে”। ককাকে ক’লে।

“মন্দিৰত মানুহে যে পূজা দিয়ে, যজ্ঞ কৰে, সেইবোৰৰো দৰকাৰ নাই নেকি ককা”? প্ৰীতিয়ে সুধিলে।

“মানুহে পূজা কৰে, যজ্ঞ কৰে, দান দিয়ে, ব্ৰত কৰেএই সকলোবোৰ ভগবানৰ ওচৰলৈকে যায়। কিন্তু এইবোৰতকৈও নিজৰ মনত ভগবানক স্থান দিয়াটোহে বেছি প্ৰয়োজনীয় কথা। যজ্ঞ, পূজা কৰিও মন বিশুদ্ধ কৰি ৰাখিব নোৱৰা মানুহে কোনো ফল নাপায়। যি মানুহে একো নকৰিও কেৱল ভগবানৰ চিন্তাতে মন স্থিৰ কৰি ৰাখিব পাৰে, তেওঁ ভগবানৰ প্ৰিয়পাত্ৰ হৈ কৰ্মৰ ফলৰ পৰা মুক্তি লাভ কৰে”। ককাকে ক’লে।

“ককা, তাৰ মানে ভগবানে কেৱল তেওঁক ভাল পোৱা, তেওঁৰ কথা ভাবি থকা মানুহক বিলাককহে ভাল পায় নেকি”?  নীলে সুধিলে।

“ভগবানে কেতিয়াও পক্ষপাতিত্ব নকৰে, সকলোকে সমভাৱে চায়। কিন্তু যিসকল ভক্তই কেৱল ভগবানৰ চিন্তত মগ্ন হৈ থাকে, তেওঁলোকে ভগবানৰ সান্নিধ্য লাভ কৰাৰ দৰে হয়। তেওঁলোকৰ বাবে ভগবান হৈ পৰে এজন বন্ধুৰ দৰে। তেনে ভক্তৰ বাবে ভগবান সদায় লগত থকাৰ দৰেই হয়”। ককাকে ক’লে।

“কথাটো আৰু অলপ ভালদৰে বুজাই দিয়াচোন ককা”। ৰাণীয়ে ক’লে।

“তহঁতক শ্ৰেণীকোঠাত একেজন শিক্ষকে সকলোকে পঢ়ুৱায়, নহয় জানো? কিন্তু সকলোৱে পৰীক্ষাত সমান নম্বৰ পায়নে”? ককাকে সুধিলে।

“নাপায় ককা। কিছুমানে বেছি আৰু কিছুমানে কমকৈ পায়”। ৰাণীয়ে ক’লে।

“যিবিলাক ল’ৰা ছোৱালীয়ে আন একো কথা নাভাবি পঢ়া শুনাত মগ্ন হৈ থাকে তেওঁলোকে শিক্ষকে পঢ়ুওৱা কথা বেছিকৈ আয়ত্ব কৰিব পাৰে, শিক্ষকৰ প্ৰিয়পাত্ৰ হয় আৰু ভাল ফল দেখুৱায়। সেইদৰে যিবোৰ ভক্তই আন সকলো কথা পাহৰি কেৱল ভগবানৰ চিন্তাত মগ্ন হৈ থাকে, তেওঁলোকক ভগবানে ভাল পায় আৰু তেওঁলোকে ভগবানৰ লগত থকাৰ দৰে অনুভৱ কৰে। তহঁতে একলব্যৰ কাহিনী শুনিছনে”? ককাকে সুধিলে।

“শুনিছোঁ। তথাপিও আকৌ কোৱাচোন”। অভিয়ে ক’লে।

“একলব্য এজন চিকাৰীৰ ল’ৰা আছিল। নীচ কুলৰ হোৱা বাবে তেওঁক গুৰু দ্ৰোণচাৰ্যই ধনুবিদ্যা শিকোৱা নাছিল। কিন্তু একলব্যই দ্ৰোণাচাৰ্যৰ মূৰ্তি সাজি সেই মূৰ্তিকে গুৰু বুলি ভাবি অভ্যাস কৰিছিল। সেই সময়ত তেওঁ ধনুবিদ্যা শিকাৰ বাহিৰে আন একো কথাই ভবা নাছিল। তেওঁৰ একান্ত নিস্থা আৰু ভক্তিৰ বাবে তেওঁ অনুভৱ কৰিছিল যে গুৰুৱে তেওঁৰ ওচৰলৈ আহি তেওঁক ধনু চলাবলৈ শিকাইছিল। সেই একলব্যই পিছলৈ ধনুবিদ্যাত অতি পাৰ্গত হৈ উঠিছিল”। ককাকে ক’লে।

“আমিও যদি ভগবানৰ ভক্ত হ’ব পাৰোঁ, ভগবানো আমাৰ লগত থাকিব, নহয়নে ককা”? প্ৰীতিয়ে সুধিলে।

“একেবাৰে সঠিক কথা। সেয়াই হৈছে গোপনীয় জ্ঞান। যি মানুহে এই গোপনীয় জ্ঞানৰ বিষয়ে জানিও অৱজ্ঞা কৰে, ভগবানৰ প্ৰতি সমৰ্পিত নহয়, তেওঁলোকৰ বাবে এই জ্ঞানৰ কোনো অৰ্থ নাই। ভক্ত ভাল হ’লেহে ভগবান ভক্তৰ ওচৰলৈ আহে, বুজিলিতো”। ককাকে ক’লে।

“আমি সদায় ভাল ভক্ত হ’বলৈ চেষ্টা কৰিব লাগিব, নহয়নে ককা”? ৰাণীয়ে সুধিলে।

“কেৱল সকলো সময়তে, সকলো কামতে ভগবানৰ কথা মনত ৰাখি চলিবি, ভগবানে তেতিয়াই ভাল পাব। তাৰ বাহিৰে ভগবানে আন একো নিবিচাৰে”। ককাকে ক’লে।

“আজিৰ কথাখিনিৰ পৰা তোমালোকে এই কথা শিকিলা নহয়, ভগবানক ভক্তি কৰাটো কিমান প্ৰয়োজনীয়”। নীলৰ দেউতাকে সুধিলে।

“আমি ভক্ত হৈছোৱেই দেউতা। আমি সদায় সন্ধিয়া প্ৰাৰ্থনা কৰোঁ। এতিয়াৰ পৰা আমি সকঊ সময়তে ভগবানৰ কথা মনত ৰাখিবলৈ চেষ্টা কৰিম”। নীলে ক’লে।


“সকলোৱে কথাখিনি বুজি পোৱা বাবে বৰ ভাল পালোঁ। এতিয়া সকলোৱে নিজৰ নিজৰ কামত লাগাগৈ”। ককাকে ক’লে।