Monday, September 5, 2022

গীতাৰ মণি মুকুতাবোৰ - ১৮

 সাৰাংশ

The Summary
এতিয়ালৈ গীতাৰ মণি মুকুতাবোৰ পঢ়ি থকা পাঠকসকলৰ মনত চাগে প্ৰশ্ন জাগিছে, গীতাৰ শেষৰ অধ্যায়তনো কি আছে? শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধৰ মাজত অৰ্জুনক কোৱা উপদেশবোৰ শেষ হ’বনে? শ্ৰীকৃষ্ণৰ কথা শুনি অৰ্জুনে চাগে’ যুদ্ধ কৰিবলৈ গান্দীৱ হাতত তুলি ল’ব।
গীতাৰ অষ্টাদশ তথা অন্তিম অধ্যায় মোক্ষ সন্যাস যোগত শ্ৰীকৃষ্ণই আগতে কোৱা সকলো অধ্যায়ৰে মূল কথাবোৰ অৰ্জুনক আকৌ এবাৰ সোঁৱৰাই দিছে। এই কথাখিনিয়ে অৰ্জুনৰ মন সলনি কৰিলে। শেষৰ অধ্যায়টো গীতাৰ প্ৰথম সোতৰটা অধ্যায়ৰ সাৰাংশ বুলিও ক’ব পাৰি।
আজি আমি গীতাৰ শেষ অধ্যায়ৰ কথা কম। যিসকলৰ গীতাৰ আটাইকেইটা অধ্যায়ৰ কথা পঢ়িবলৈ সুবিধা নহ’ল, তেওঁলোকে এইখিনি কথা মন দি পঢ়িলেও হ’ব। আগৰ সোতৰটা অধ্যায়ৰ সাৰাংশ এই অধ্যায়তে আছে।
একেশাৰীত ক’বলৈ হ’লে গীতাৰ মূল কথা হ’ল পৰম পুৰুষ পৰমেশ্বৰ ভগৱানৰ প্ৰতি আমাৰ সকলোৰে অবিচলিত আৰু অকুণ্ঠ ভক্তি থাকিব লাগে। গীতাৰ প্ৰথম ছয়টা অধ্যায়ত কোৱা হৈছে যে কৰ্মযোগৰ দ্বাৰা অৰ্থাৎ নিজৰ কাম ভালদৰে কৰিও ভগৱানৰ ভক্ত হ’ব পাৰি। তাৰ পিছৰ ছয়টা অধ্যায়ত কোৱা হৈছে যে শুদ্ধ ভক্তিৰে ভগৱানৰ ওচৰত আত্ম সমৰ্পন কৰাটোৱে অৰ্থাৎ ভক্তিযোগেই হ’ল মুক্তিৰ পথ।
গীতাৰ দ্বাদশ অধ্যায়ৰ পৰা সপ্তদশ অধ্যায়লৈ গীতাত আমাক শিকাইছে আমি কেনেকৈ আমাৰ জীৱন কটাব লগে। যেনে আমি আহাৰ গ্ৰহণ কৰিব লাগে, আমাৰ টোপনি কেনে হ’ব লাগে, মাংগলিক কাৰ্য কেনে হোৱা উচিত, আমাৰ যজ্ঞ আৰু দান কেনে হোৱা উচিত এই সকলোবোৰ কথা গীতাত লিখা আছে। এয়াই হ’ল জ্ঞান। এই জ্ঞানৰ সহায়ত আমি আমাৰ জীৱনটো সুপৰিচালিত কৰিব পাৰোঁ আৰু ভগৱানৰ প্ৰিয়পাত্ৰ হ’ব পাৰোঁ। জ্ঞানৰ লগতে আমি সন্যাস আৰু ত্যাগৰ কথাও জানিব লাগে।
অষ্টাদশ অধ্যায়ত অৰ্জুনে শ্ৰীকৃষ্ণৰ পৰা সন্যাস আৰু ত্যাগৰ প্ৰকৃত অৰ্থ জানিব বিচাৰিলে।
শ্ৰীকৃষ্ণই অৰ্জুনক বুজাই কৈছে যে যিবোৰ কাম কিবা ফল পোৱাৰ আশাত কৰা হয়, সেইবোৰৰ ত্যাগ কৰাটোৱেই হ’ল সন্যাস। আমি ভগৱানৰ প্ৰতি ভক্তি সহকাৰে সকলো কাম কৰিব লাগে আৰু সকলো কামৰ ফল ভগৱানক উচৰ্গা কৰিব লাগে। আমি নিজৰ সুখ সুবিধাৰ কাৰণে কৰা কামবোৰ বৰ্জন কৰাটোকে গীতাত সন্যাস বুলি কোৱা হৈছে।
অৰ্জুনে পুনৰ সুধিলে, সন্যাস আৰু ত্যাগ একে নহয় নেকি।
শ্ৰীকৃষ্ণই ক’লে, সন্যাস আৰু ত্যাগ একে যেন লাগিলেও দুয়োটাৰে পাৰ্থক্য আছে। ফলৰ আশা নকৰাকৈ নিজৰ কাম কৰি যোৱাটোৱেই হ’ল সন্যাস। কিন্তু সেই কামটোৰ পৰা যদি কিবা ফল লাভ হয় আৰু সেই ফলো গ্ৰহণ নকৰাটো হৈছে ত্যাগ। কিছুমান মানুহে পুৰষ্কাৰৰ আশাত কাম নকৰে, কিন্তু কাম কৰাৰ বাবে পুৰষ্কাৰ পালেও সেই পুৰষ্কাৰ সবিনয়ে প্ৰত্যাখ্যান কৰে, সেয়েই হৈছে ত্যাগ।
গীতাৰ অষ্টাদশ অধ্যায়ৰ ৬ নং শ্লোকত কোৱা হৈছে –
এতান্যপি তু কৰ্মাণি সংগং ত্যক্ত্বাং ফলানি চ।
কৰ্তৱ্যানীতি মে পাৰ্থ নিশ্চিতং মতমুত্তমম।।
ইয়াৰ অৰ্থ হ’ল যিবোৰ আমাৰ কৰ্তব্য, সেইবোৰ আমি কোনো আসক্তি নোহোৱাকৈ আৰু ফলৰ আশা নকৰাকৈ কৰিবই লাগিব। উদাহৰণ স্বৰূপে, পঢ়া শুনা কৰাতো ছাত্ৰ ছাত্ৰীৰ কৰ্তব্য। পঢ়ি শুনি জ্ঞান অৰ্জন কৰাটোহে তেওঁলোকৰ লক্ষ্য হ’ব লাগে, ভাল নম্বৰ পোৱাটো নহয়। জ্ঞান অৰ্জন কৰিলে নম্বৰ আপুনা আপুনি আহিব। কিন্তু সেই ভাল নম্বৰ পোৱাৰ আনন্দত আত্মহাৰা হোৱা উচিত নহয়। আমি সকলোৱে নিজৰ কৰ্তব্য কৰিবই লাগিব, কিন্তু সেই কৰ্তব্যৰ পৰা ফলৰ আশা বাদ দি, নিজৰ উত্কৰ্ষ সাধনকহে লক্ষ্য কৰি ল’ব লাগিব।
নিজৰ কৰ্তব্য বা কৰিবলগীয়া কাম ত্যাগ কৰাটো গীতাত তামসিক ত্যাগ বোলা হৈছে। তেনে ত্যাগে ভগৱানক সন্তুষ্ট কৰিব নোৱাৰে। সেইদৰে কোনো মানুহে দুখ কষ্টৰ কাম বুলি ভাবি বা শৰীৰে কষ্ট পোৱাৰ ভয়ত কৰ্তব্য ত্যাগ কৰাটোকে গীতাত ৰাজসিক ত্যাগ বোলা হৈছে। তামসিক আৰু ৰাজসিক ত্যাগৰ দ্বাৰা মানুহে কোনো আধ্যাত্মিক ফল লাভ কৰিব নোৱাৰে।
ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে আমি যিকোনো পৰিস্থিতিতে আমাৰ কৰ্তব্য পালন কৰিবই লাগিব। নিজৰ কৰ্তব্য কৰিও সেই কামৰ পৰা ফল গ্ৰহণ নকৰাটোৱেই হৈছে প্ৰকৃত ত্যাগ। সেইদৰে নিজৰ কৰ্তব্য কৰোঁতেও সকলো ধৰণৰ আসক্তিৰ পৰা আঁতৰি থকাটো হ’ল ত্যাগ। ছাত্ৰ এজনৰ বাবে পঢ়া শুনা কৰি জ্ঞান আহৰণ কৰাটো হ’ল কৰ্তব্য। ছাত্ৰ এজনে জ্ঞান আহৰণৰ বাবে যি ত্যাগ স্বীকাৰ কৰে সেয়েই হ’ল সাত্ত্বিক ত্যাগ।
অৰ্জুনে সুধিলে, মানুহে সকলো কামৰে ফল ত্যাগ কৰাটো জানো সম্ভৱ?
শ্ৰীকৃষ্ণই বুজাই ক’লে, সকলো কামৰে কোনো লক্ষ্য বা উদ্দেশ্য নিশ্চয় থাকিব লাগিব। কিন্তু সেই লক্ষ্য কেৱল ফলপ্ৰাপ্তি হোৱা উচিত নহয়। ফলপ্ৰাপ্তিতেই কামৰ উদ্দেশ্য সীমিত হ’লে সেই কাম কেতিয়াও মহান হ’ব নোৱাৰে।
বেদত কোৱা হৈছে যে মানুহৰ যিকোনো কাম কৰিবলৈ পাঁচবিধ কাৰণ আছে। এই কাৰণ সমূহ হ’ল – কৰ্ম অধিস্থান বা দেহটোৰ দাবী, কৰ্মকৰ্তাজন বা আত্মাৰ আহ্বান, ইন্দ্ৰিয় সমূহৰ তুষ্টি, আন্তৰিক উত্সাহ - অনুপ্ৰেৰণা আৰু পৰমাত্মা বা পৰমেশ্বৰৰ নিৰ্দেশ। মানুহে দেহ, বাক্য আৰু মনেৰে উচিত বা অনুচিত যি কামেই নকৰক কিয়, এই পাঁচবিধৰ কোনোবা নহয় কোনোবাটো কাৰণ থাকিবই লাগিব। মানুহে নিজকে সকলো কামৰ কৰ্তা বুলি ভাবে, কিন্তু প্ৰকৃততে এই পাঁচটা কাৰণেহে মানুহৰ দ্বাৰা কাম কৰোৱায়।
মন কৰিবলগীয়া কথা যে আমি যি কাম কৰোঁ সেইবোৰৰ কৰ্তা আমি নহয়, আন কিবা কাৰণেহে আমাৰ দ্বাৰা কামবোৰ কৰোৱাইছে। মানুহে বেছিভাগ কামেই হয়তো দেহৰ দাবী আৰু ইন্দ্ৰিয়ৰ তুষ্টিৰ বাবেই কৰে। কিন্তু যিবোৰ কাম আন্তৰিক অনুপ্ৰেৰণা, আত্মাৰ আহ্বান আৰু পৰমেশ্বৰৰ নিৰ্দেশত কৰা হয়, সেইবোৰ কামৰ বন্ধনত আমি সোমাই নপৰোঁ। সেইবোৰ কামৰ পৰা ব্যক্তিগত ফলৰ কথাও মানুহে নাভাবে। তেনে কামেই হ’ল শ্ৰেষ্ঠ কাম।
গীতাত কৈছে, নিজস্ব প্ৰচেষ্টাৰে জ্ঞান লাভ কৰাৰ ষ্পৃহা, আনৰ পৰা জ্ঞান আহৰণৰ মানসিকতা আৰু আনক জ্ঞান দিয়াৰ হেপাহ এই তিনিবিধেই হ’ল মানুহৰ আন্তৰিক অনুপ্ৰেৰণাৰ উত্স। জ্ঞান লাভৰ বা জ্ঞান বিতৰণৰ হেপাহে মানুহক কৰ্তব্য কৰিবলৈ আন্তৰিক অনুপ্ৰেৰণা দিয়ে।
গীতাত কেৱল ভগৱানৰ বিষয়ে জ্ঞানৰ কথা কোৱা নাই। সাত্ত্বিক, ৰাজসিক আৰু তামসিক এই তিনিটা গুণ অনুসৰি জ্ঞানো বেলেগ বেলেগ প্ৰকাৰৰ। যি জ্ঞানৰ জৰিয়তে মানুহে আনৰ চকুত ভিন্ন জীৱসমূহৰ মাজত একেজন ভগৱানৰ অস্তিত্ব দেখিবলৈ পায়, আৰু সকলো জীৱকে সমজ্ঞান কৰে, সেয়া হৈছে সাত্ত্বিক জ্ঞান। যি জ্ঞানৰ সহায়ত মানুহে ভিন্ন দেহৰ মাজত থকা জীৱবোৰক বেলেগ বেলেগ প্ৰকাৰৰ বুলি ভাবে আৰু সকলোৰে মাজত বিভেদ দেখিবলৈ পায়, সেয়াই হ’ল ৰাজসিক জ্ঞান। আৰু যি জ্ঞানৰ দ্বাৰা মানুহে আনৰ কথা নাভাবি কেৱল নিজক লৈয়েই ব্যস্ত থাকে, কেৱল নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰনতে ব্যস্ত থাকে সেয়া হৈছে তামসিক জ্ঞান।
অকল জ্ঞানেই নহয়, এই তিনি গুণ অনুসৰি মানুহৰ কৰ্মও ভিন ভিন হয়। যিবোৰ কাম মানুহে কোনো আসক্তি নোহোৱাকৈ, আনৰ প্ৰতি কোনো অনুৰাগ বা বিদ্বেষৰ ভাৱ মনত নাৰাখি আৰু কোনো ফলৰ কামনা নকৰাকৈ কৰে, সেইবোৰ হ’ল সাত্ত্বিক কৰ্ম। কিন্তু যিবিলাক কাম মানুহে নিজৰ মনত থকা অহংকাৰ, কাৰোবাৰ প্ৰতি দুৰ্বলতা বা ঘৃণাৰ বশৱৰ্তী হৈ কৰে, যিবোৰ কাম নিজে লাভবান হোৱাৰ মানসেৰে কৰে, সেইবোৰেই হ’ল ৰাজসিক কৰ্ম। সেইদৰে যিবোৰ কাম মানুহে মোহৰ বশৱৰ্তী হৈ অনৈতিক আৰু অবৈধ ভাৱে, আনৰ ক্ষতি কৰাৰ উদেশ্যে বা আনক কষ্ট দিবলৈ কৰে, সেইবোৰ হ’ল তামসিক কৰ্ম।
গীতাত শ্ৰীকৃষ্ণই কৈছে, যিজনে কৰ্ম কৰে, তেওঁৰ গুণ অনুসৰি কামৰ ধৰণ-কৰণো বেলেগ বেলেগ হ’ব পাৰে। যি মানুহে তেওঁ কৰিবলগীয়া কামৰ পৰা কোনো ফলৰ কামনা নকৰে, যিসকল মিছা অহংকাৰৰ বশৱৰ্তী নহয়, যিসকলে ধৈৰ্যশীল আৰু উত্সাহী হৈ সফলতা আৰু বিফলতা দুয়োটাতে নিৰ্বিকাৰ হৈ থাকি নিজৰ কৰ্তব্য কৰি যায়, তেওঁকেই সাত্ত্বিক কৰ্তা বোলা হয়। যিবোৰ মানুহে কেৱল কৰ্মফলৰ আশাত কাম কৰে, যিবোৰ মানুহ লুভীয়া, হিংসুক স্বভাৱৰ, আনন্দ আৰু দুখ দুয়োটাতে বিচলিত হৈ পৰে তেওঁলোক হ’ল ৰাজসিক কৰ্তা। সেইদৰে যিবোৰ মানুহে নীতি নিয়ম নামানে, আনক অপমান আৰু আঘাট কৰি ভাল পায়, দুৰ্নীতিগ্ৰস্থ হৈ আনৰ ধন আত্মসাৎ কৰে, যিবোৰ এলেহুৱা আৰু পাছলৈ কাম পেলাই থয়, তেনে মানুহক তামসিক কৰ্তা বোলা হয়।
মানুহ এজন কেনে হয় সেয়া বহু পৰিমাণে নিৰ্ভৰ কৰে তেওঁৰ বুদ্ধি আৰু মানসিকতাৰ ওপৰত। মানুহৰ বুদ্ধি আৰু মানসিকতাও সাত্ত্বিক, ৰাজসিক আৰু তামসিক গুণ অনুসৰি সদায় বেলেগ বেলেগ হয়।
যি বুদ্ধিৰ সহায়ত মানুহে ভাল-বেয়া, উচিত-অনুচিত, ভয়-অভয়, বন্ধন-মুক্তি সেই সকলো কথাৰ পাৰ্থক্য ধৰিব পাৰে আৰু বিবেচনা অনুসৰি উচিত সিদ্ধান্ত ল’ব পাৰে সেয়াই হ’ল সাত্ত্বিক বুদ্ধি। যি বুদ্ধিৰে এই পাৰ্থক্যবোৰ বুজিব নোৱাৰে, গৰ্ব আৰু অহংকাৰৰ বাবে মন বিচলিত আৰু দোধোৰ মোধোৰ পৰিস্থিতিৰ হয়, সেয়াই হ’ল ৰাজসিক বুদ্ধি। আনহাতে যি বুদ্ধিৰে মানুহে অধৰ্মক ধৰ্ম বুলি, দুৰ্নীতিক নীতি বুলি ভাবে আৰু সদায় ভুল পথেৰে পৰিচালিত হয় তাকেই তমোগুণী বুদ্ধি বোলা হয়।

অৰ্জুনে শ্ৰীকৃষ্ণক সুধিলে, মানুহ কেনেকৈ সুখী হ’ব পাৰে, প্ৰকৃত সুখনো কি?
শ্ৰীকৃষ্ণই ক'লে, সাত্বিক ৰাজসিক আৰু তামসিক এই তিনি গুণ অনুসৰি মানুহৰ সুখো তিনি প্ৰকাৰৰ হয়। যি সুখ মানুহৰ কঠোৰ পৰিশ্ৰমেৰে আত্মজ্ঞান লাভ কৰাৰ আনন্দৰ পৰা উদ্ভূত হয় আৰু যি সুখ প্ৰথমতে বিষতুল্য যেন লাগে কিন্তু পাছত অমৃততুল্য হৈ পৰে তাকেই সাত্ত্বিক সুখ বোলা হয়। কিন্তু যিবোৰ সুখ কামনা বাসনা পূৰণৰ পৰা অনুভৱ কৰা হয়, যিবোৰ প্ৰথমতে অমৃততুল্য যেন লাগে কিন্তু পিছলৈ বিষতুল্য হৈ পৰে সেয়াই হ’ল ৰাজসিক সুখ। সেইদৰে যি সুখ আত্মজ্ঞানৰ প্ৰতি অন্ধ আৰু যি সুখে আৰম্ভণিৰ পৰা শেষলৈ অনবৰতে মোহ জন্মায় আৰু যিটোৰ পৰা টোপনি, এলাহ আৰু আবেগৰ উত্পত্তি হয়, সেয়াই হ’ল তামসিক সুখ।
মানুহে সকলো সময়তে এই গুণবোৰৰ বিষয়ে সচেতন হৈ থকাটো সম্ভৱ নহয়। বেলেগ বেলেগ পৰিস্থিতিত মানুহে বেলেগ বেলেগ ধৰণে কাম কৰে। সেই কাৰণেই স্বভাৱৰ পৰা উত্পন্ন হোৱা গুণ সমূহৰ ভিত্তিত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰিটা ভাগত মানুহৰ কৰ্ম সমূহ ভাগ ভাগ কৰি দিয়া আছে। এই বিভাজনৰ মূল উদ্দেশ্য হ’ল স্বভাৱ অনুসৰি যাতে মানুহে নিজৰ কাম বাচি উলিয়াব পাৰে।
মন কৰিবলগীয়াযে, গীতাত মানুহৰ যি চাৰিভাগৰ কথা কোৱা হৈছে তাৰ লগত জাতি-ভেদৰ সম্পৰ্ক নাই। কাৰণ স্বভাৱ অনুসৰিহে মানুহক ভাগ কৰা হৈছে যাতে তেওঁ নিজৰ বাবে উচিত কৰ্ম বিচাৰি ল’ব পাৰে। যিবিলাক মানুহৰ গাত সমভাৱ, আত্মসংযম, তপস্যা, পৱিত্ৰতা, ক্ষমা, অকপটতা, জ্ঞান, প্ৰজ্ঞা, ধৰ্মভাৱনা আদি গুণবোৰ স্বাভাৱিক ভাৱেই থাকে তেওঁলোক হ’ল ব্ৰাহ্মণ। সেইদৰে সাহস, শক্তি, দৃঢ় প্ৰতিজ্ঞা, কৰ্ম কুশলতা, বদান্যতা আৰু নেতৃত্ব গ্ৰহণৰ প্ৰবৃত্তি এইবোৰ হ’ল ক্ষত্ৰিয় সকলৰ স্বভাৱজাত গুণ। স্বভাৱ অনুসৰি খেতি বাতি, গো – পালন, বাণিজ্য আদি কামত নিবৃত্ত হোৱা ব্যক্তিসকলেই হ’ল বৈশ্য। সেইদৰে শাৰীৰিক পৰিশ্ৰম আৰু আনৰ পৰিচৰ্যা যিসকলৰ স্বভাৱজনিত কৰ্ম হয়, তেওঁলোকেই হ’ল শূদ্ৰ। এই গুণবোৰ অনুসৰি মানুহে নিজৰ কৰ্ম বিচাৰি লয়। অৰ্থাত্, বৰ্ণসমূহ জন্ম অনুসৰি নহয় মানুহে কৰ্মফল অনুসৰি লাভ কৰা গুণ অনুসৰিহে হয়।
গীতাৰ অষ্টাদশ অধ্যায়ৰ ৪৫ নং শ্লোকত শ্ৰীকৃষ্ণই কৈছে –
স্বে স্বে কৰ্মণ্যভিৰত: সংসিদ্ধিং লভতে নৰ: ।
ইয়াৰ অৰ্থ হ’ল, মানুহে নিজ নিজ কৰ্মত অবিচলিত হৈ থাকিলেও উত্তম সিদ্ধি লাভ কৰে। পূজা পাতল কৰিলে যিদৰে ভগৱান সন্তুষ্ট হয়, আমাৰ নিজৰ কৰ্তব্য, যেনে খেতি-বাতি বা বেপাৰ-বাণিজ্য ভালকৈ কৰিলেও ভগৱান একেদৰেই সন্তুষ্ট হয়। আনৰ কামৰ অনুকৰণ কৰাতকৈ নিজৰ স্বভাৱ অনুসৰি মানুহে যিটো কামত লাগে, সেই কামটো ভালকৈ কৰি যোৱাটোহে উত্তম। নিজৰ কৰ্তব্যৰ বাবে কৰা কোনো কামেই কেতিয়াও পাপ নহয়। কচাই এজনৰ কামেই হ’ল মাংস কটা। সেয়েহে মাংসৰ বাবে জীৱ হত্যা কৰাটোও তেওঁৰ পাপ হ’ব নোৱাৰে। আনে বেয়া বুলিলেও তেওঁ অবিচলিত ভাৱে নিজৰ কাম কৰি যোৱাটোহে মংগল।
এইখিনিতে প্ৰশ্ন হয়, সন্যাসীবোৰে ইমান কষ্ট কৰি পাহাৰে পৰ্বতে থাকি কিয়নো তপস্যা কৰি থাকে? নিজৰ কাম ভালদৰে কৰিলেই যদি সিদ্ধিলাভ হয়, এইবোৰ কৰাৰ কি দৰকাৰ?
গীতাৰ মতে যিজন মানুহে নিজকে পৰমেশ্বৰৰ অংশ বুলি অনুভৱ কৰে, যিজনে তেওঁৰ সকলো ইন্দ্ৰিয়জনিত আসক্তি জয় কৰিব পাৰিছে, যিজন জাগতিক ভোগ-বিলাসৰ প্ৰতি স্পৃহাহীন, যিজনে নিষ্কাম, নিষ্কলুষ ভাৱে নিজৰ কামত ব্যস্ত থাকে আৰু কামৰ সকলো ফল ভগৱানক অৰ্পন কৰে তেওঁহে প্ৰকৃত সন্যাসী। নিজকে সন্যাসী বুলি ঘোষণা নকৰি সাধাৰণ জীৱন যাপন কৰিও মানুহ এজন সন্যাসী হ’ব পাৰে।
সন্যসী হ’বলৈ যিকেইটা প্ৰয়োজনীয় গুণৰ কথা গীতাত কোৱা হৈছে, সেই কেইটা আয়ত্ব কৰাটো সাধাৰণ মানুহৰ বাবে সহজ নহয়। তাৰ বাবে কঠোৰ মানসিক অনুশীলন আৰু অতি দৃঢ় মনোভাৱৰ প্ৰয়োজন হয়। সেয়েহে সন্যাসীৰ গুণসমূহ আয়ত্ব কৰিবলৈকে মানুহে দৃঢ় সংকল্পৰে মনক সংযত কৰি, ইন্দ্ৰিয়সুখৰ সকলো বিষয়ৰ পৰা আঁতৰি থাকি, নিৰ্জন ঠাইত অকলে বাস কৰি, লঘু আহাৰ গ্ৰহণ কৰি, মিছা অহংকাৰ, মিছা গৰ্ব, কাম, ক্ৰোধ, আসক্তি আদি পৰিহাৰ কৰিবলৈ সাধনা আৰু তপস্যা কৰে। তেওঁলোককে আমি সন্যাসী বুলি কওঁ। কিন্তু গীতাত কোৱা হৈছে কেৱল নিজৰ কামত উত্সৰ্গীত হৈ লাগি থাকি সেই কামৰ সকলো ফল ভগৱানক অৰ্পন কৰিব পাৰিলেও মানুহে সন্যাসীৰ দৰে আধ্যাত্মিক উপলব্ধি আহৰণ কৰিব পাৰে।
আমাৰ কামেই আমাৰ তপস্যাৰ দৰে হব লাগে, এইটোৱেই হৈছে গীতাৰ মূল শিকনি। আমি নিজৰ কাম ভালদৰে কৰাটো আটাইতকৈ প্ৰয়োজনীয় কথা। কিন্তু কাম কৰি থাকোঁতেও আমি মনত ৰাখিব লাগিব যে সকলো কাম আমি ভগৱানৰ বাবেহে কৰিছোঁ আৰু সেই কামৰ ফলো ভগৱানেই লাভ কৰিব। তাৰ অৰ্থ হ’ল আমি কাম কৰোঁতেও ভক্তি ভাৱেৰে কৰিব লাগিব। কাম কৰি থাকোঁতে সদায় ভগৱানৰ উপস্থিতিৰ বিষয়ে সচেতন হৈ থাকিলে আমাৰ কামেই আমাৰ ভক্তি হৈ পৰিব।
গীতাত ভগৱানে কৈছে – আমি যদি ভগৱানে আমাক চাই আছে বুলি সচেতনতা মনলৈ আনিব পাৰোঁ আৰু সেই সচেতনতাৰে আমি আমাৰ কৰ্তব্য কৰি যাব পাৰোঁ, আমাৰ জীৱনৰ সকলো বাধা অনায়াসে অতিক্ৰম কৰিব পাৰিম। আৰু যদিহে আমি সেই সচেতনতা লৈ কাম নকৰোঁ আৰু মিছা গৰ্ব আৰু মিছা অহংকাৰেৰে পৰিচালিত হওঁ, তেনেহ’লে আমি বিনাশৰ দিশে আগবাঢ়িম।
সকলো মানুহে ভগৱানৰ উপস্থিতি অনুভৱ কৰি নিষ্কাম ভাৱে ভগৱানৰ বাবে কাম কৰি গ’লে সঁচাকৈয়ে কোনেও কেতিয়াও বেয়া কাম কৰিব নোৱাৰে, এইষাৰ কথাৰে গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক সোৱঁৰাই দিছে যে কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰত অৰ্জুনৰ স্বভাৱজাত কৰ্তব্য হ’ল যুদ্ধ কৰা। ভগৱানৰ উপস্থিতিত নিজৰ কৰ্তব্য পালনৰ বাবে যুদ্ধ কৰাটো কেতিয়াও পাপ বা দোষণীয় কথা হ’ব নোৱাৰে। শ্ৰীকৃষ্ণই অৰ্জুনক ক’লে যে জীৱবোৰ বাস কৰা শৰীৰ মাথোন একোটা যন্ত্ৰৰ দৰে য’ত পৰমেশ্বৰৰ অংশ আত্মাই থিতাপি লয়। সেয়েহে জীৱৰ মৃত্যু হ’লে সেই যন্ত্ৰৰহে অৱসান হয়। কিন্তু মোহগ্ৰস্থ মানুহে সেই কথা বুজিব নোৱাৰি ভ্ৰমত আৱদ্ধ হয়। সেয়েহে মানুহে ভ্ৰমত পৰি সেই শৰীৰৰ মোহত আৱদ্ধ হৈ নিজৰ কৰ্তব্যৰ অবহেলা কৰে।
অৰ্জুনে লাহে লাহে সকলো কথা বুজি পালে। শ্ৰীকৃষ্ণই তেওঁক বাৰে বাৰে একেটা কথাকে বুজাইছিল যে ভগৱানৰ ওচৰত সম্পূৰ্ণ আত্ম সমৰ্পন কৰি নিজৰ কৰ্তব্য পালন কৰাটোৱেই হৈছে জীৱনৰ প্ৰকৃত পথ। আন সকলো ধৰ্মীয় ৰীতি নীতি বাদ দিও ভগৱানৰ চৰণত নিজকে সমৰ্পন কৰিলে ভগৱানে সকলো পাপৰ পৰা মুক্ত কৰি দিয়ে। এয়াই হ’ল অৰ্জুনলৈ তথা সমগ্ৰ মানৱজাতিলৈ দিয়া শ্ৰীকৃষ্ণৰ মহান উপদেশ। এই মহান উপদেশ যি ভক্তই আনৰ আগত প্ৰচাৰ কৰে তেৱোঁ ভগৱানৰ আশিষ লাভ কৰে। শেষত শ্ৰীকৃষ্ণই যুদ্ধ কৰা নকৰাৰ সিদ্ধান্ত অৰ্জুনৰ ওপৰত এৰিলে।
শেষত অৰ্জুনে কৈছে, শ্ৰীকৃষ্ণৰ মুখৰ পৰা ওলোৱা আটাইখিনি কথা জনাৰ পিছত তেওঁৰ মোহ দূৰ হৈছে। তেওঁৰ সমষ্ট সন্দেহ আঁতৰি গৈছে আৰু আন সকলো চিন্তা বাদ দি তেওঁ শ্ৰীকৃষ্ণই কোৱা মতেই কাম কৰিব। অৰ্জুনে বুজি পালে যে এজন ক্ষত্ৰিয় বীৰ হিচাপে আন সকলো কথা পাহৰি যুদ্ধ কৰাটোৱেই তেওঁৰ কৰ্তব্য। যিহেতু স্বয়ং ভগৱান শ্ৰীকৃষ্ণ তেওঁৰ সাৰথি হিচাপে আছে, গতিকে আন সকলো চিন্তা বাদ দি শ্ৰীকৃষ্ণৰ পৰামৰ্শ মতেই যুদ্ধত প্ৰবৃত্ত হোৱাটোহে উচিত বুলি তেওঁ বুজি পালে।
এইখিনিতে আমাৰ গীতাৰ কথা সমাপ্ত হ’ল। এই আটাইখিনি কথা হস্তিনাপুৰত ৰজা ধৃতৰাষ্ট্ৰক কৈ শুনাইছিল তেওঁৰ মন্ত্ৰী সঞ্জয়ে। আজিকালি যে ক্ৰিকেট খেলৰ চলন্ত বিৱৰণী টেলিভিচনত দেখুওৱা হয়, সেইদৰে সঞ্জয়ে এক মহাভাৰতৰ যুদ্ধৰ সকলো দৃশ্য দূৰৰ পৰাই চাই আছিল আৰু ৰজা ধৃতৰাষ্ট্ৰক কৈ শুনাইছিল। দূৰৰ বস্তু চাই থাকিবলৈ তেওঁৰ বিশেষ ক্ষমতা আছিল। সেই সময়ত প্ৰযুক্তি হয়তো আজিৰ সমানেই উন্নত আছিল।
সঞ্জয়ে শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ এই আটাইখিনি কথা শুনাৰ পিছত অত্যন্ত অভিভূত আৰু পুলকিত হৈ পৰিল। গীতাৰ একেবাৰে শেষৰ অষ্টাদশ অধ্যায়ৰ ৭৮ নং শ্লোকত মন্তব্য কৰিছে –
যত্ৰ যোগেশ্বৰ: কৃষ্ণো যত্ৰ পাৰ্থো ধনুৰ্ধৰ:।
তত্ৰ শ্ৰীবিজয়ো ভুতিৰ্ধ্ৰুৱা নীতিৰ্মতিৰ্মম”।।
অৰ্থাৎ য’তেই যোগেশ্বৰ কৃষ্ণ আৰু ধনুৰ্ধৰ অৰ্জুন আছে তাত অসাধাৰণ শক্তি আৰু ভগৱানৰ কৃপা থাকে। অৰ্থাৎ য’তেই কৃষ্ণৰূপী ভগৱানৰ আশীৰ্বাদ আৰু অৰ্জুনৰ দৰে কৰ্মযোগী থাকে, তাতেই বিজয় সুনিশ্চিত হয়। এয়াই হ’ল গীতাৰ মহৎ বাণী। সঁচাকৈয়ে ভগৱানৰ প্ৰতি ভক্তি আৰু নিজৰ কামৰ প্ৰতি নিস্থা থাকিলে মানুহৰ জীৱনটোৱেই সুন্দৰ হৈ পৰিব।
গীতাৰ এই অক্ষয় জ্ঞানৰ তৃপ্তি লোৱাৰ পাছত আমি সকলোৱে মিলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁহক – হে ভগৱান পৰমপিতা পৰমেশ্বৰ। আমি তোমাৰ ওচৰত নিজকে সমৰ্পন কৰিছোঁ। আমি তোমাৰ প্ৰতি অবিচলিত ভক্তিৰে নিষ্কাম ভাৱে আমাৰ কৰ্তব্য কৰি যাম। আমাক তোমাৰ কৃপা ভিক্ষা কৰা যাতে আমি তোমাৰ সান্নিধ্য লাভ কৰি জীৱন সাৰ্থক কৰিব পাৰোঁ।

গীতাৰ মণি মুকুতাবোৰ - ১৭

 ভাল কাম আৰু বেয়া কাম

Good and bad deeds
আমাৰ সমাজত বাস কৰা কিছুমান মানুহে দুখীয়াক সহায় কৰে, দান দক্ষিণা দিয়ে, সামাজিক কাম কাজতো বৰঙণি যোগায়। কিন্তু এই কামবোৰ ভাল কাম হিচাপে ভগৱানে গ্ৰহণ কৰেনে?
গীতাত কৰ্মফলৰ বিষয়ে কৈছে। অৰ্থাৎ ভাল কাম কৰিলে ভাল ফল পায় আৰু বেয়া কাম কৰিলে ভাল ফল পায়। কিন্তু প্ৰশ্ন হয়, কেতিয়াবা ভাল কাম কৰা মানুহো কিয় বিপৰ্যস্ত হয়? মানুহে ভাল বুলি ভাবি কৰা সকলো কামেই ভাল কাম নহয় নেকি?
গীতাৰ সপ্তদশ অধ্যায়ত এই বিষয়ে বিস্তৃত ভাৱে কোৱা হৈছে।
সপ্তদশ অধ্যায়ত অৰ্জুনে শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছে, গীতাত সকলো কৰ্ম শাস্ত্ৰৰ মতে কৰিবলৈ নিৰ্দেশ দিছে। কিন্তু, বহুত মানুহে শাস্ত্ৰৰ কথা নজনাকৈয়ে পূজা পাতল, দান যজ্ঞ কৰি থাকে। তেনে পূজা পাতল, দান যজ্ঞৰ মূল্য আছেনে?
এই প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই অৰ্জুনক ক’লে যে মানুহে দান, যজ্ঞ, তপস্যা যিয়েই নকৰক কিয়, যি ভাবেই নকৰক কিয় সকলো কাৰ্যই আচলতে তিনিপ্ৰকাৰৰ হয়। এই তিনিটা প্ৰকাৰ হৈছে সাত্বিক, ৰাজসিক আৰু তামসিক।
মানুহৰ গাত থকা এই গুণবোৰেই তেওঁ কৰা কামটো কেনে হ’ব সেয়াও নিৰূপিত কৰে। প্ৰতিজন মানুহেই কোনোবাটো নহয় কোনোবাটো গুণৰ প্ৰভাৱত থাকে আৰু এই গুণবোৰৰ কাৰণেই মানুহে বেলেগ বেলেগ ধৰণে কাৰ্য কৰে।
যিবোৰ মাংগলিক কাৰ্য শাস্ত্ৰৰ বিধান অনুসৰি, যথাবিহিত ভাৱে আৰু নিষ্কাম ভক্তিৰে দেৱতাসকলৰ উদ্দেশ্যে কৰা হয়, সেইবোৰেই হ’ল সাত্বিক কাৰ্য। শাস্ত্ৰৰ বিধানৰ বিষয়ে নজনাকৈ কেৱল আনৰ চকুত নিজকে ভক্ত বুলি প্ৰতিপন্ন কৰিবলৈ বা নিজৰ ব্যক্তিগত কামনা পূৰণৰ কামনা কৰি, ঢাক ঢোল বজাই মহা আড়ম্বৰেৰে যিবোৰ মাংগলিক কাৰ্য কৰা হয়, সেইবোৰেই ৰাজসিক কাৰ্য। সেইদৰে কিছুমান মানুহে ভগৱানৰ নামত শাস্ত্ৰই দিয়া বিধানৰ বিপৰীতে ভূত, প্ৰেত, অসুৰ আদিকো পূজা কৰে। ভূতৰ ৰূপত ভগৱানক পূজা কৰা, ভগৱানৰ নামত জীৱ জন্তুৰ বলি দিয়া আদি হ’ল তামসিক কাৰ্য। ভগৱানে সাত্বিক ভাৱেৰে কৰা মাংগলিক কাৰ্যহে গ্ৰহণ কৰে।
গীতাত কৈছে, স্বভাৱ অনুসৰি মানুহেই দেৱতা, ৰাক্ষস বা অসুৰ হ’ব পাৰে। যিবোৰ মানুহ দাম্ভিক আৰু অহংকাৰী হয়, যিবোৰ মানুহক কামনা বাসনা আৰু আসক্তিয়ে ঘেৰি ৰাখে, যিবোৰ মানুহ ক্ষমতাৰ বাবে মতলীয়া হয়, যিবোৰ মানুহে আনৰ অপকাৰ কৰিবলৈ কাম কৰে, যিবোৰ মানুহে শৰীৰত আত্মাৰ উপস্থিতি অৱজ্ঞা কৰে, তেনেবোৰ অজ্ঞানী মানুহেই আসুৰিক স্বভাৱ লাভ কৰে।
শ্ৰীকৃষ্ণই অৰ্জুনক বুজাই কৈছে, মানুহে জীৱনত যি পায়, সকলোবোৰ কৰ্মফল অনুসৰিহে লাভ কৰে। কৰ্মফলৰ বাবেই মানুহে বেলেগ বেলেগ স্বভাৱৰ বা গুণৰ অধিকাৰী হয়। মানুহৰ স্বভাৱ বা গুণ অনুসৰি তেওঁলোকৰ আহাৰ, যজ্ঞ, তপস্যা আৰু দানো বেলেগ বেলেগ ধৰণৰ হয়।
মানুহে কি আহাৰ গ্ৰহণ কৰি ভাল পায়, তাৰ পৰা মানুহজনৰ স্বভাৱৰ বিষয়ে জানিব পৰা যায়। যিবোৰ মানুহে সদায় আয়ুস, বল, আৰোগ্য, আৰু মনৰ সতেজতা বৃদ্ধি কৰিব পৰা ৰসাল, সতেজ, পুষ্টিকৰ আৰু তৃপ্তিদায়ক আহাৰ গ্ৰহণ কৰে তেওঁলোক নিশ্চয় সাত্বিক স্বভাৱৰ হয়। যিবোৰ মানুহে তিতা, টেঙা, নিমখীয়া, অত্যন্ত গৰম, অত্যন্ত জলা, শুকান আৰু শৰীৰৰ অভ্যন্তৰত পোৰণিৰ সৃষ্টি কৰা খাদ্য গ্ৰহণ কৰে, সেইবোৰ ৰাজসিক গুণযুক্ত হয়। সেইদৰে যিবোৰ মানুহে বাহি, স্বাদহীন, দুৰ্গন্ধযুক্ত, গেলা -পঁচা, আনে খাই এৰা খাদ্য খায়, তেওঁলোক তামসিক গুণযুক্ত হয়।
যিবোৰ যজ্ঞ কোনো ফলৰ আশা নকৰাকৈ শাস্ত্ৰৰ বিধান অনুযায়ী, নিজৰ কৰ্তব্য বুলি ভাবি কৰা হয়, সেই যজ্ঞ হ’ল সাত্বিক যজ্ঞ। কিন্তু কিবা বৈষয়িক লাভৰ বাবে বা দম্ভ, পৰাক্ৰম দেখুৱাবলৈ যি যজ্ঞ কৰা হয়, সেয়া হ’ল ৰাজসিক যজ্ঞ। আগৰ দিনত কোনো কোনো ৰজাই নিজৰ পৰাক্ৰম দেখুৱাবলৈ অশ্বমেধ নামৰ এনে ৰাজসিক যজ্ঞ পাতিছিল। সেইদৰে যি যজ্ঞ শাস্ত্ৰৰ বিধান নমনাকৈ, কোনো বৈদিক মন্ত্ৰৰ উচ্চাৰণ নকৰাকৈ, নিজৰ খেয়াল খুচি মতে কাৰোবাৰ অনিষ্ট কৰিবলৈ বা অসৎ উদ্দেশ্যৰে কৰা হয় সেই যজ্ঞই হ’ল তামসিক যজ্ঞ। সাত্বিক যজ্ঞৰ আহুতিহে ভগৱানে গ্ৰহণ কৰে।
গীতাত কোৱা হৈছে যে আমি কিবা পাবলৈ যি সাধনা কৰোঁ, যি তপস্যা কৰোঁ, সেয়াও তিনিপ্ৰকাৰৰ।
তপস্যা কেৱল ভগৱানক পাবৰ বাবেই কৰা কাৰ্য নহয়। তপস্যা হ’ল এক সাধনা। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰাটোও হ’ল তপস্যা। যিবোৰ তপস্যাই আমাৰ শৰীৰটো পৱিত্ৰ কৰি ৰাখে, সেয়া হ’ল শাৰীৰিক তপস্যা। জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান, সৰুৰ প্ৰতি মৰম, মনৰ শুচিতা, সৰলতা, সকলোৰে প্ৰতি সমভাৱ আদি হ’ল শাৰীৰিক তপস্যা। শৰীৰটোৱে যাতে কোনো অপকৰ্মত লিপ্ত নহয়, তাৰ বাবে অহৰহ সচেষ্ট হোৱাটোৱেই হৈছে শাৰীৰিক তপস্যা।
আমাৰ মনটোক শান্ত আৰু নিয়ন্ত্ৰণত ৰখাৰ বাবে যি সাধনা কৰা হয়, সেয়া হ’ল মানসিক তপস্যা। আমি মনত সদায় আনন্দৰ ভাৱ ৰাখিবলৈ যত্ন কৰিব লাগে। প্ৰয়োজন হ’লে মৌন হৈ থকা, আত্মসংযম আৰু নিজৰ মনক সকলো কলুষতাৰ পৰা আঁতৰাই ৰাখিবলৈ যি তপস্যা কৰা হয় সেয়া হ’ল মানসিক তপস্যা।
শাৰীৰিক আৰু মানসিক তপস্যাৰ উপৰিও আমি নিজৰ জ্ঞান অৰু কৰ্মকুশলতা বঢ়াবলৈ যি নিৰন্তৰ চেষ্টা কৰিব লাগে, সত্য প্ৰতিস্থাৰ বাবে যি সংগ্ৰাম কৰিব লাগে, সমাজৰ ভালৰ কাৰণে কাম কৰি যাব লাগে, নিয়মিত ধৰ্মৰ বাটত চলিবলৈ প্ৰয়াস কৰিব লাগে সেয়াও হ’ল তপস্যা। এই তপস্যাক বৌদ্ধিক তপস্যা বোলা হয়।
গুণ অনুসৰি দান ভিন ভিন প্ৰকাৰৰ হয়। উচিত ঠাইত, উচিত সময়ত, যোগ্য ব্যক্তিক, কোনো প্ৰতিদানৰ কথা বিবেচনা নকৰাকৈ কেৱল কৰ্তব্য বুলি ভাবিয়েই যি দান দিয়া হয়, সেই দানেই হৈছে সাত্বিক দান। যিবোৰ দান প্ৰতিদানৰ আশাত, নিজকে ধনী দেখুৱাবলৈ, কিবা ফল লাভ কৰাৰ আশাত দিয়া হয়, সেয়াই হ’ল ৰাজকীয় দান। সেইদৰে অপবিত্ৰ ঠাইত, অনুচিত সময়ত, অযোগ্য মানুহক অথবা যথোচিত ভাৱে মান সত্কাৰ নকৰাকৈ অৱজ্ঞাৰ ভাৱেৰে যি দান দিয়া হয়, তাকেই তামসিক দান বোলা হয়। কেৱল সাত্বিক দানেহে মানুহক ভগৱানৰ প্ৰিয় কৰে।
আমাৰ জীৱনৰ সকলো কামেই আমি এই তিনিগুণ অনুযায়ী বিবেচনা কৰি চাব পাৰোঁ। মানুহৰ জীৱনত এই তিনিটা গুণৰ প্ৰভাৱৰ বিষয়ে গীতাৰ সপ্তদশ অধ্যায়ত বিস্তৃত ভাৱে কোৱা হৈছে। সেই কাৰণে এই অধ্যায়ক শ্ৰদ্ধাত্ৰয়বিভাগ যোগ বোলা হয়। মানুহে শ্ৰদ্ধা ভক্তিৰে কৰা কামবোৰোযে তিনি প্ৰকাৰৰ হয় সেই কথাখিনিকে ইয়াত বুজোৱা হৈছে৷
গীতাত শ্ৰীকৃষ্ণই কৈছে, মানুহে যিবোৰ কাম সম্পূৰ্ণ সততা, নিস্থা আৰু শ্ৰদ্ধাৰে নকৰে, সেইবোৰ কেতিয়াও ভাল কাম হ’ব নোৱাৰে।
গীতাৰ সপ্তদশ অধ্যায়ৰ ২৮ নং শ্লোকত শ্ৰীকৃষ্ণই অৰ্জুনক এই বুলি কৈছে –
অশ্ৰদ্ধয়া হুতং দত্তং তপস্তপ্তংকৃতং চ য়ৎ।
অসদিত্যুচ্যতে পাৰ্থন চ তত্প্ৰেত্য নো ইহ।।
ইয়াৰ অৰ্থ হ’ল শ্ৰদ্ধাহীনভাৱে বাবে বা সততা নোহোৱাকৈ কৰা পূজা, যজ্ঞ দান, তপস্যা, শুভকৰ্ম আদিৰ কোনো মূল্য নাই। এইবিলাক কামৰ পৰা ইহকাল আৰু পৰকাল ক’তো একো লাভ নহয়। কোনো এজন ব্যক্তিয়ে হয়তো বহুত পূজা পাতল, দান যজ্ঞ কৰে, কিন্তু তেওঁ যদি সৎ ব্যক্তি নহয় বা মাংগলিক কাৰ্য ভগৱানৰ প্ৰতি শ্ৰদ্ধা ভক্তিৰে কৰা নাই, আনৰ অপকাৰ কৰে, তেনে মানুহৰ মাংগলিক কাৰ্যও ভগৱানে কেতিয়াও গ্ৰহণ নকৰে।
আমি প্ৰতিটো কামেই যদি সততা আৰু ভগৱানৰ প্ৰতি শ্ৰদ্ধাৰে কৰোঁ, সকলো কামেই আমাৰ সাত্বিক কাম হ’ব। ভগৱানৰ প্ৰতি শ্ৰদ্ধা অন্তৰত থাকিলে কোনো মানুহে বেয়া কাম কৰিব নোৱাৰে। সেইদৰে শাস্ত্ৰৰ কথা মানি চলা মানুহেও বেয়া কাম কৰিব নোৱাৰে।
গীতাৰ সপ্তদশ অধ্যায়ত কোৱা হৈছেযে যজ্ঞ, তপস্যা, দান এই আটাইবোৰ যদিও দেখাত ভাল কাম, কিন্তু প্ৰতিটো কাম সাত্বিক, ৰাজসিক আৰু তামসিক এই তিনি প্ৰকাৰৰ হ’ব পাৰে। শাস্ত্ৰৰ কথা মানি ভগৱানৰ প্ৰতি শ্ৰদ্ধা ৰাখি কৰিলে প্ৰতিটো কামেই সাত্বিক গুণসম্পন্ন আৰু বৰ ভাল হয়। আনহাতে ৰাজসিক আৰু তামসিক কাম দেখাত ভাল হ’লেও ভাল কাম নহয়।
এতিয়ালৈ আমি সোতৰটা অধ্যায়ৰ কথা পাতিলোঁ। ইয়াৰ পিছৰটো হ’ল অষ্টাদশ আৰু গীতাৰ শেষ অধ্যায়।