Monday, September 5, 2022

গীতাৰ মণি মুকুতাবোৰ - ১৭

 ভাল কাম আৰু বেয়া কাম

Good and bad deeds
আমাৰ সমাজত বাস কৰা কিছুমান মানুহে দুখীয়াক সহায় কৰে, দান দক্ষিণা দিয়ে, সামাজিক কাম কাজতো বৰঙণি যোগায়। কিন্তু এই কামবোৰ ভাল কাম হিচাপে ভগৱানে গ্ৰহণ কৰেনে?
গীতাত কৰ্মফলৰ বিষয়ে কৈছে। অৰ্থাৎ ভাল কাম কৰিলে ভাল ফল পায় আৰু বেয়া কাম কৰিলে ভাল ফল পায়। কিন্তু প্ৰশ্ন হয়, কেতিয়াবা ভাল কাম কৰা মানুহো কিয় বিপৰ্যস্ত হয়? মানুহে ভাল বুলি ভাবি কৰা সকলো কামেই ভাল কাম নহয় নেকি?
গীতাৰ সপ্তদশ অধ্যায়ত এই বিষয়ে বিস্তৃত ভাৱে কোৱা হৈছে।
সপ্তদশ অধ্যায়ত অৰ্জুনে শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছে, গীতাত সকলো কৰ্ম শাস্ত্ৰৰ মতে কৰিবলৈ নিৰ্দেশ দিছে। কিন্তু, বহুত মানুহে শাস্ত্ৰৰ কথা নজনাকৈয়ে পূজা পাতল, দান যজ্ঞ কৰি থাকে। তেনে পূজা পাতল, দান যজ্ঞৰ মূল্য আছেনে?
এই প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই অৰ্জুনক ক’লে যে মানুহে দান, যজ্ঞ, তপস্যা যিয়েই নকৰক কিয়, যি ভাবেই নকৰক কিয় সকলো কাৰ্যই আচলতে তিনিপ্ৰকাৰৰ হয়। এই তিনিটা প্ৰকাৰ হৈছে সাত্বিক, ৰাজসিক আৰু তামসিক।
মানুহৰ গাত থকা এই গুণবোৰেই তেওঁ কৰা কামটো কেনে হ’ব সেয়াও নিৰূপিত কৰে। প্ৰতিজন মানুহেই কোনোবাটো নহয় কোনোবাটো গুণৰ প্ৰভাৱত থাকে আৰু এই গুণবোৰৰ কাৰণেই মানুহে বেলেগ বেলেগ ধৰণে কাৰ্য কৰে।
যিবোৰ মাংগলিক কাৰ্য শাস্ত্ৰৰ বিধান অনুসৰি, যথাবিহিত ভাৱে আৰু নিষ্কাম ভক্তিৰে দেৱতাসকলৰ উদ্দেশ্যে কৰা হয়, সেইবোৰেই হ’ল সাত্বিক কাৰ্য। শাস্ত্ৰৰ বিধানৰ বিষয়ে নজনাকৈ কেৱল আনৰ চকুত নিজকে ভক্ত বুলি প্ৰতিপন্ন কৰিবলৈ বা নিজৰ ব্যক্তিগত কামনা পূৰণৰ কামনা কৰি, ঢাক ঢোল বজাই মহা আড়ম্বৰেৰে যিবোৰ মাংগলিক কাৰ্য কৰা হয়, সেইবোৰেই ৰাজসিক কাৰ্য। সেইদৰে কিছুমান মানুহে ভগৱানৰ নামত শাস্ত্ৰই দিয়া বিধানৰ বিপৰীতে ভূত, প্ৰেত, অসুৰ আদিকো পূজা কৰে। ভূতৰ ৰূপত ভগৱানক পূজা কৰা, ভগৱানৰ নামত জীৱ জন্তুৰ বলি দিয়া আদি হ’ল তামসিক কাৰ্য। ভগৱানে সাত্বিক ভাৱেৰে কৰা মাংগলিক কাৰ্যহে গ্ৰহণ কৰে।
গীতাত কৈছে, স্বভাৱ অনুসৰি মানুহেই দেৱতা, ৰাক্ষস বা অসুৰ হ’ব পাৰে। যিবোৰ মানুহ দাম্ভিক আৰু অহংকাৰী হয়, যিবোৰ মানুহক কামনা বাসনা আৰু আসক্তিয়ে ঘেৰি ৰাখে, যিবোৰ মানুহ ক্ষমতাৰ বাবে মতলীয়া হয়, যিবোৰ মানুহে আনৰ অপকাৰ কৰিবলৈ কাম কৰে, যিবোৰ মানুহে শৰীৰত আত্মাৰ উপস্থিতি অৱজ্ঞা কৰে, তেনেবোৰ অজ্ঞানী মানুহেই আসুৰিক স্বভাৱ লাভ কৰে।
শ্ৰীকৃষ্ণই অৰ্জুনক বুজাই কৈছে, মানুহে জীৱনত যি পায়, সকলোবোৰ কৰ্মফল অনুসৰিহে লাভ কৰে। কৰ্মফলৰ বাবেই মানুহে বেলেগ বেলেগ স্বভাৱৰ বা গুণৰ অধিকাৰী হয়। মানুহৰ স্বভাৱ বা গুণ অনুসৰি তেওঁলোকৰ আহাৰ, যজ্ঞ, তপস্যা আৰু দানো বেলেগ বেলেগ ধৰণৰ হয়।
মানুহে কি আহাৰ গ্ৰহণ কৰি ভাল পায়, তাৰ পৰা মানুহজনৰ স্বভাৱৰ বিষয়ে জানিব পৰা যায়। যিবোৰ মানুহে সদায় আয়ুস, বল, আৰোগ্য, আৰু মনৰ সতেজতা বৃদ্ধি কৰিব পৰা ৰসাল, সতেজ, পুষ্টিকৰ আৰু তৃপ্তিদায়ক আহাৰ গ্ৰহণ কৰে তেওঁলোক নিশ্চয় সাত্বিক স্বভাৱৰ হয়। যিবোৰ মানুহে তিতা, টেঙা, নিমখীয়া, অত্যন্ত গৰম, অত্যন্ত জলা, শুকান আৰু শৰীৰৰ অভ্যন্তৰত পোৰণিৰ সৃষ্টি কৰা খাদ্য গ্ৰহণ কৰে, সেইবোৰ ৰাজসিক গুণযুক্ত হয়। সেইদৰে যিবোৰ মানুহে বাহি, স্বাদহীন, দুৰ্গন্ধযুক্ত, গেলা -পঁচা, আনে খাই এৰা খাদ্য খায়, তেওঁলোক তামসিক গুণযুক্ত হয়।
যিবোৰ যজ্ঞ কোনো ফলৰ আশা নকৰাকৈ শাস্ত্ৰৰ বিধান অনুযায়ী, নিজৰ কৰ্তব্য বুলি ভাবি কৰা হয়, সেই যজ্ঞ হ’ল সাত্বিক যজ্ঞ। কিন্তু কিবা বৈষয়িক লাভৰ বাবে বা দম্ভ, পৰাক্ৰম দেখুৱাবলৈ যি যজ্ঞ কৰা হয়, সেয়া হ’ল ৰাজসিক যজ্ঞ। আগৰ দিনত কোনো কোনো ৰজাই নিজৰ পৰাক্ৰম দেখুৱাবলৈ অশ্বমেধ নামৰ এনে ৰাজসিক যজ্ঞ পাতিছিল। সেইদৰে যি যজ্ঞ শাস্ত্ৰৰ বিধান নমনাকৈ, কোনো বৈদিক মন্ত্ৰৰ উচ্চাৰণ নকৰাকৈ, নিজৰ খেয়াল খুচি মতে কাৰোবাৰ অনিষ্ট কৰিবলৈ বা অসৎ উদ্দেশ্যৰে কৰা হয় সেই যজ্ঞই হ’ল তামসিক যজ্ঞ। সাত্বিক যজ্ঞৰ আহুতিহে ভগৱানে গ্ৰহণ কৰে।
গীতাত কোৱা হৈছে যে আমি কিবা পাবলৈ যি সাধনা কৰোঁ, যি তপস্যা কৰোঁ, সেয়াও তিনিপ্ৰকাৰৰ।
তপস্যা কেৱল ভগৱানক পাবৰ বাবেই কৰা কাৰ্য নহয়। তপস্যা হ’ল এক সাধনা। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰাটোও হ’ল তপস্যা। যিবোৰ তপস্যাই আমাৰ শৰীৰটো পৱিত্ৰ কৰি ৰাখে, সেয়া হ’ল শাৰীৰিক তপস্যা। জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান, সৰুৰ প্ৰতি মৰম, মনৰ শুচিতা, সৰলতা, সকলোৰে প্ৰতি সমভাৱ আদি হ’ল শাৰীৰিক তপস্যা। শৰীৰটোৱে যাতে কোনো অপকৰ্মত লিপ্ত নহয়, তাৰ বাবে অহৰহ সচেষ্ট হোৱাটোৱেই হৈছে শাৰীৰিক তপস্যা।
আমাৰ মনটোক শান্ত আৰু নিয়ন্ত্ৰণত ৰখাৰ বাবে যি সাধনা কৰা হয়, সেয়া হ’ল মানসিক তপস্যা। আমি মনত সদায় আনন্দৰ ভাৱ ৰাখিবলৈ যত্ন কৰিব লাগে। প্ৰয়োজন হ’লে মৌন হৈ থকা, আত্মসংযম আৰু নিজৰ মনক সকলো কলুষতাৰ পৰা আঁতৰাই ৰাখিবলৈ যি তপস্যা কৰা হয় সেয়া হ’ল মানসিক তপস্যা।
শাৰীৰিক আৰু মানসিক তপস্যাৰ উপৰিও আমি নিজৰ জ্ঞান অৰু কৰ্মকুশলতা বঢ়াবলৈ যি নিৰন্তৰ চেষ্টা কৰিব লাগে, সত্য প্ৰতিস্থাৰ বাবে যি সংগ্ৰাম কৰিব লাগে, সমাজৰ ভালৰ কাৰণে কাম কৰি যাব লাগে, নিয়মিত ধৰ্মৰ বাটত চলিবলৈ প্ৰয়াস কৰিব লাগে সেয়াও হ’ল তপস্যা। এই তপস্যাক বৌদ্ধিক তপস্যা বোলা হয়।
গুণ অনুসৰি দান ভিন ভিন প্ৰকাৰৰ হয়। উচিত ঠাইত, উচিত সময়ত, যোগ্য ব্যক্তিক, কোনো প্ৰতিদানৰ কথা বিবেচনা নকৰাকৈ কেৱল কৰ্তব্য বুলি ভাবিয়েই যি দান দিয়া হয়, সেই দানেই হৈছে সাত্বিক দান। যিবোৰ দান প্ৰতিদানৰ আশাত, নিজকে ধনী দেখুৱাবলৈ, কিবা ফল লাভ কৰাৰ আশাত দিয়া হয়, সেয়াই হ’ল ৰাজকীয় দান। সেইদৰে অপবিত্ৰ ঠাইত, অনুচিত সময়ত, অযোগ্য মানুহক অথবা যথোচিত ভাৱে মান সত্কাৰ নকৰাকৈ অৱজ্ঞাৰ ভাৱেৰে যি দান দিয়া হয়, তাকেই তামসিক দান বোলা হয়। কেৱল সাত্বিক দানেহে মানুহক ভগৱানৰ প্ৰিয় কৰে।
আমাৰ জীৱনৰ সকলো কামেই আমি এই তিনিগুণ অনুযায়ী বিবেচনা কৰি চাব পাৰোঁ। মানুহৰ জীৱনত এই তিনিটা গুণৰ প্ৰভাৱৰ বিষয়ে গীতাৰ সপ্তদশ অধ্যায়ত বিস্তৃত ভাৱে কোৱা হৈছে। সেই কাৰণে এই অধ্যায়ক শ্ৰদ্ধাত্ৰয়বিভাগ যোগ বোলা হয়। মানুহে শ্ৰদ্ধা ভক্তিৰে কৰা কামবোৰোযে তিনি প্ৰকাৰৰ হয় সেই কথাখিনিকে ইয়াত বুজোৱা হৈছে৷
গীতাত শ্ৰীকৃষ্ণই কৈছে, মানুহে যিবোৰ কাম সম্পূৰ্ণ সততা, নিস্থা আৰু শ্ৰদ্ধাৰে নকৰে, সেইবোৰ কেতিয়াও ভাল কাম হ’ব নোৱাৰে।
গীতাৰ সপ্তদশ অধ্যায়ৰ ২৮ নং শ্লোকত শ্ৰীকৃষ্ণই অৰ্জুনক এই বুলি কৈছে –
অশ্ৰদ্ধয়া হুতং দত্তং তপস্তপ্তংকৃতং চ য়ৎ।
অসদিত্যুচ্যতে পাৰ্থন চ তত্প্ৰেত্য নো ইহ।।
ইয়াৰ অৰ্থ হ’ল শ্ৰদ্ধাহীনভাৱে বাবে বা সততা নোহোৱাকৈ কৰা পূজা, যজ্ঞ দান, তপস্যা, শুভকৰ্ম আদিৰ কোনো মূল্য নাই। এইবিলাক কামৰ পৰা ইহকাল আৰু পৰকাল ক’তো একো লাভ নহয়। কোনো এজন ব্যক্তিয়ে হয়তো বহুত পূজা পাতল, দান যজ্ঞ কৰে, কিন্তু তেওঁ যদি সৎ ব্যক্তি নহয় বা মাংগলিক কাৰ্য ভগৱানৰ প্ৰতি শ্ৰদ্ধা ভক্তিৰে কৰা নাই, আনৰ অপকাৰ কৰে, তেনে মানুহৰ মাংগলিক কাৰ্যও ভগৱানে কেতিয়াও গ্ৰহণ নকৰে।
আমি প্ৰতিটো কামেই যদি সততা আৰু ভগৱানৰ প্ৰতি শ্ৰদ্ধাৰে কৰোঁ, সকলো কামেই আমাৰ সাত্বিক কাম হ’ব। ভগৱানৰ প্ৰতি শ্ৰদ্ধা অন্তৰত থাকিলে কোনো মানুহে বেয়া কাম কৰিব নোৱাৰে। সেইদৰে শাস্ত্ৰৰ কথা মানি চলা মানুহেও বেয়া কাম কৰিব নোৱাৰে।
গীতাৰ সপ্তদশ অধ্যায়ত কোৱা হৈছেযে যজ্ঞ, তপস্যা, দান এই আটাইবোৰ যদিও দেখাত ভাল কাম, কিন্তু প্ৰতিটো কাম সাত্বিক, ৰাজসিক আৰু তামসিক এই তিনি প্ৰকাৰৰ হ’ব পাৰে। শাস্ত্ৰৰ কথা মানি ভগৱানৰ প্ৰতি শ্ৰদ্ধা ৰাখি কৰিলে প্ৰতিটো কামেই সাত্বিক গুণসম্পন্ন আৰু বৰ ভাল হয়। আনহাতে ৰাজসিক আৰু তামসিক কাম দেখাত ভাল হ’লেও ভাল কাম নহয়।
এতিয়ালৈ আমি সোতৰটা অধ্যায়ৰ কথা পাতিলোঁ। ইয়াৰ পিছৰটো হ’ল অষ্টাদশ আৰু গীতাৰ শেষ অধ্যায়।

No comments:

Post a Comment