Saturday, March 12, 2016

অষ্টম অধ্যায়: অক্ষৰ পৰম ব্ৰহ্ম যোগ



পৰম ধামৰ পথ

নীলহঁতৰ ককাকে সৰু ল’ৰা ছোৱালীয়ে বুজিব পৰাকৈ গীতাৰ কথা কোৱা কথাটো সোনকালেই চুবুৰিটোত জনাজাত হৈ পৰিল। নীলহঁতৰ চুবুৰীয়া ডাক্তৰ ৰহমানে এদিন নীলৰ দেউতাকক লগ পাই কথা পাতিলে, “আপোনাৰ দেউতাকে গীতাৰ কথা ল’ৰা ছোৱালীবোৰক শিকাই বৰ ভাল কাম এটা আৰম্ভ কৰিছে বুলি শুনিছোঁ।  ময়ো ভাবিছোঁ ময়ো সন্ধিয়া আমাৰ ল’ৰা আয়ানক লৈ গীতাৰ কথা শুনিবলৈ আহিম। আপোনালোকৰ একো অসুবিধা নহয়তো”?

“নিশ্চয় আহিব। মোৰ ভাল লাগিছে যে আন ধৰ্মৰ হৈয়ো আপুনি গীতাৰ কথা জানিবলৈ আগ্ৰহ কৰিছে”। নীলৰ দেউতাকে ক’লে।

“আচলতে সকলো ধৰ্মৰ মূল কথাবোৰ একেই। আমি এজনে আনজনৰ ধৰ্মৰ কথা ভালদৰে জানিলেহে আমি সকলো যে আচলতে একেই বুজিব পাৰিম। মই তেনেকৈয়ে ভাবোঁ”। ডাক্তৰ ৰহমানে ক’লে।
সন্ধিয়া ডাক্তৰ ৰহমান তেওঁৰ ল’ৰা আয়ানক লৈ আহিল। আয়ান নীল আৰু অভিৰ সমনীয়া। ককাকৰ কোঠাত আটায়ে বহিল। নীলৰ দেউতাকে ডাক্তৰ ৰহমানৰ লগত দেউতাকৰ পৰিচয় কৰাই দি নিজেও বহিল

“আমি মুছলমান। গীতাৰ কথা শুনাত কিবা বাধা আছে নেকি খুড়া”, ডাক্তৰ ৰহমানে সুধিলে।
“যেতিয়া গীতাৰ বাণী প্ৰথমবাৰৰ বাবে কোৱা হৈছিল, তেতিয়া পৃথিৱীত কোনো ধৰ্ম ভেদাভেদ নাছিল। সেই সময়ত ঈশ্বৰ চিন্তাৰ কেৱল এটাই পথ মানুহে জানিছিল। গীতাৰ বাণী সমগ্ৰ মানৱ জাতিৰ বাবে উপযোগী আৰু কল্যানকাৰকগীতাৰ বাণী শুনাত কাৰো বাবে কেতিয়াও কোনো বাধা নাই”। ককাকে হাঁহি মাৰি ক’লে।

ল’ৰা ছোৱালীকেইটিয়ে ককাকক আগুৰি ধৰি বহিল।

“ককা, আজি আমাক গীতাৰ কি কথা ক’বা”? ৰাণীয়ে সুধিলে।

“আজি আমি গীতাৰ অষ্টম অধ্যায়ৰ কথা ক’ম। এই অধ্যায়ত শ্ৰীকৃষ্ণই অৰ্জুনক যোগাভ্যাসৰ উপকাৰিতাৰ বিষয়ে বিস্তৃত ভাবে বুজাইছে। তদুপৰি এই মানৱ জীৱনৰ দুখ কষ্টৰ পৰা চিৰকাললৈ মুক্তি পোৱাৰ পথ দেখুৱাইছে। পাৰ্থিৱ দুনিয়াৰ মায়া মোহত পৰি মানুহে নিজৰ বাবে সঠিক পথ বিচাৰি নাপায়। সেয়েহে শ্ৰীকৃষ্ণই এই অধ্যায়ত অৰ্জুনক ভাল আৰু বেয়া দুয়োপ্ৰকাৰৰ পথৰ বিষয়ে বুজাইছে আৰু শেষত মানুহক প্ৰকৃত পথৰ সন্ধান দিছেমানুহে নিজৰ কৰ্ম আৰু আধ্যাত্মিকতাৰ দ্বাৰা কিদৰে পৰম ব্ৰহ্মৰ সন্ধান কৰিব পাৰে তাকেই ইয়াত বুজোৱা হৈছে”, ককাকে গীতা পুথিখন মেলি লৈ ক’লে।
“এইখিনি কথা জানিবলৈ ময়ো বৰ আগ্ৰহী”। ডাক্তৰ ৰহমানে ক’লে।

“ককা, পৰম ব্ৰহ্ম মানে কি? ভালদৰে বুজাই দিয়াচোন”। নীলে ক’লে।

“গীতাত অৰ্জুনেও শ্ৰীকৃষ্ণৰ পৰা পৰম ব্ৰহ্মৰ বিষয়ে প্ৰশ্ন কৰিছে। শ্ৰীকৃষ্ণই অৰ্জুনক বুজাই কৈছে যে যি অজৰ অমৰ, যাৰ কেতিয়াও কোনে একো ক্ষয় কৰিব নোৱাৰে, যি সকলোতকৈ শক্তিশালী, সেয়াই হৈছে ব্ৰহ্ম। এতিয়া ক’চোন, আগতে যে আমি পাই আহিছোঁ, এনে কি হ’ব পাৰে, যি অজৰ অমৰ, শক্তিশালী, যাৰ কোনেও একো ক্ষয় কৰিব নোৱাৰে”? ককাকে আটাইৰে মুখলৈ চালে।

“আত্মা”? প্ৰীতিয়ে তপৰাই ক’লে।

“ঠিকেই কৈছ। মানুহৰ শৰীৰত থকা আত্মাৰ কেতিয়াও কোনোদিনে ক্ষয় হ’ব নোৱাৰে। আত্মাই হ’ল ব্ৰহ্ম আৰু ব্ৰহ্ম হ’ল পৰমাত্মাৰ অংশ। পৰমাত্মা হ’ল সকলো আত্মাৰে মালিক। সেয়াই হ’ল পৰম ব্ৰহ্ম। সেয়াই হ’ল ঈশ্বৰ। সেয়াই ভগবান। এতিয়া বুজি পাইছনে”? ককাকে সুধিলে।

“মানুহৰ মাজত যদি ঈশ্বৰৰ অংশ থাকে, সকলো মানুহেই চোন ভগবান হ’লহেতেন। কথাটো মই ঠিক ধৰিব পৰা নাই”। ডাক্তৰ ৰহমানে ক’লে।

“মানুহৰ মাজত যদিও ভগবান থাকে সেই কথা মানুহে সহজতে বুজিব বা অনুভৱ কৰিব নোৱাৰেইয়াৰ কাৰণ হ’লে এই পাৰ্থিৱ জগতখনত বাস কৰা সময়ত মানুহে বাহ্যিক জগতৰ প্ৰতিহে সচেতন হৈ থাকে। পাৰ্থিৱ জগতত মায়া মোহত আছন্ন হৈ মানুহে সকলো সুখ সুবিধা, আমোদ প্ৰমোদ পাবলৈ বিচাৰে, কিন্তু ভগবানৰ কথা পাহৰি যায়। তেওঁলোকে আধ্যাত্মিক ভাব মনলৈ আনিব নোৱৰা হৈ পৰে”। ককাকে ক’লে।

“আধ্যাত্মিক ভাব মানে কি ককা”? ৰাণীয়ে সুধিলে।

“আধ্যাত্মিক ভাব মানে হ’ল অন্তৰ্দৃষ্টি। আমি যিদৰে বাহিৰৰ জগতখন দেখোঁ, সেইদৰে আমাৰ ভিতৰতো এখন জগত আছে, যিখন কেৱল মনৰ চকুৰেহে চাব পাৰি। ধ্যানৰ দ্বাৰা মনৰ চকুৰে চাই মানুহে নিজৰ মাজত আত্মাৰ অস্তিত্ব বিচাৰি পায়। আমাৰ মাজতোযে ভগবানৰ অংশস্বৰূপ আত্মা বাস কৰে সেই অনুভৱেই হ’ল আধ্যাত্মিক ভাব বা আধ্যাত্মিকতা”। ককাকে ক’লে।

“ককা, আমাৰ মাজতো সঁচাকৈয়ে ভগবানৰ অংশ আছে নেকি”? প্ৰীতিয়ে সুধিলে।

“নিশ্চয় আছে। কিন্তু সেই ভগবানক আমি নিজে বিচাৰিব লাগিব। যিবোৰ মানুহে নিজৰ ভিতৰত ভগবানক বিচাৰি পায়, তেওঁলোক অতি সৌভাগ্যবান। তেওঁলোকে কায়মনোবাক্যে নিজকে ভগবানৰ চৰণত সমৰ্পন কৰে। গীতাত কোৱা হৈছেযে ভগবানৰ ওচৰত নিজকে সম্পূৰ্ণকৈ সমৰ্পন কৰিব পাৰিলেহে প্ৰকৃত সুখ পোৱা যায়”। ককাকে ক’লে।

“আমাৰ ইছলাম ধৰ্মতো আল্লাৰ ওচৰত কায়মনোবাক্যে নিজকে সমৰ্পন কৰিবলৈ কোৱা হৈছে। ইছলাম শব্দৰ অৰ্থই হ’ল সমৰ্পন। গীতাত কোৱাৰ দৰে পৱিত্ৰ কোৰানতো কোৱা হৈছে যে সৃষ্টিকৰ্তাৰ ওচৰত সম্পূৰ্ণ সমৰ্পন কৰিব পাৰিলেহে পৰম সুখ পাব পাৰি”। ডাক্তৰ ৰহমানে ক’লে।

“সকলো ধৰ্মৰে সাৰ আচলতে একেই। মানুহে নিজকে ভগবানৰ অংশৰূপে অনুভৱ কৰিব পাৰিলে আধ্যাত্মিক শৰীৰৰ অধিকাৰী হ’ব পাৰে”ককাকে ক’লে।

“আধ্যাত্মিক শৰীৰ মানে কি ককা”? ৰাণীয়ে সুধিলে।

“মানুহে নিজকে এই পাৰ্থিৱ জগতৰ অংশ বুলি ভাবি ভোগ বিলাসত মত্ত হৈ থাকিলে মানুহৰ শৰীৰ পাৰ্থিৱ শৰীৰহে হয় আৰু নিজৰ কৰ্মফল অনুসৰি বাৰে বাৰে এই পৃথিৱীত পুনৰ জনম লয়। কিন্তু মানুহে নিজৰ মাজত থকা ভগবানক বিচাৰি উলিয়াই সেই ভগবানৰ ওচৰত নিজকে সমৰ্পন কৰিলে মানুহৰ শৰীৰ আধ্যাত্মিক হৈ পৰে আৰু আত্মাই পুনৰ জনমৰ পৰা মুক্তি লাভ কৰি পৰমাত্মাৰ ওচৰলৈ যায়”। ককাকে ক’লে।

“ককা, পাৰ্থিৱ জগত আৰু পাৰ্থিৱ শৰীৰ কি ভালদৰে বুজি পোৱা নাই”। ৰাণীয়ে ক’লে।

“অনবৰতে পৰিৱৰ্তন হৈ থকা, ক্ষয় হৈ থকা সকলো বস্তুকে পাৰ্থিৱ বস্তু বুলি কোৱা হয়। আমি বাস কৰা জগতখনৰ সকলো বস্তুৱেই পৰিবৰ্তনশীল। সেই কাৰণে এই জগতখন পাৰ্থিৱ। গীতাত এই পাৰ্থিৱ জগতখনক অধিভূত বুলি কোৱা হৈছে। আমাৰ শৰীৰৰো যিহেতু পৰিবৰ্তন হয়, আমি সৰুৰ পৰা ডাঙৰ হওঁ, ডেকাৰ পৰা বুঢ়া হওঁ সেয়ে আমাৰ শৰীৰো পাৰ্থিৱ শৰীৰ”। ককাকে ক’লে।

“ককা মানুহে ভগবানক যদি কেৱল নিজৰ মাজতেই বিচাৰিব লাগে, তেনেহ’লে মানুহে কিয় পূজা, যজ্ঞ, নাম প্ৰসংগ আদি কৰি সকলোতে ভগবানক বিচাৰি ফুৰে”? অভিয়ে সুধিলে।

“ভগবানক নিজৰ মাজত বিচাৰি পোৱাটো সহজ কাম নহয়। বহুতো সাধনা আৰু তপস্যাৰ পিচতহে মানুহে নিজৰ মাজত ভগবানৰ অস্তিত্ব অনুভৱ কৰিব পাৰে। ভগবানক নিজৰ মাজত বিচাৰি পাবলৈ সক্ষম নোহোৱা সকলৰ বাবেহে ভগবানৰ বাহ্যিক ৰূপ এটা আছে। সূৰ্য, চন্দ্ৰ আদিকে ধৰি এই বিশ্বৰ সকলো শক্তিৰ মাজতে ভগবান আছে। ভগবানৰ এই বাহ্যিক ৰূপক গীতাত বোলা হৈছে অধিদৈৱপ্ৰায়বোৰ মানুহে পূজা, যজ্ঞ আদি কৰি এই বাহ্যিক ৰূপৰ মাজতে ভগবানক বিচাৰি ফুৰে”। ককাকে ক’লে।

“এনেদৰে সকলোতে ভগবানক বিচাৰিলে পোৱা যায়নে ককা”? ৰাণীয়ে সুধিলে।

ককাকে হাঁহি মাৰি ক’লে, “যিকোনো কামৰ দ্বাৰা ভগবানৰ ভাব সকলো সময়তে মনলৈ আনিব পাৰিলে ভগবানক নিশ্চয় পোৱা যায়। আচলতে ভগবানক পোৱাৰ বাবে আটাইতকৈ সহজ উপায় গীতাতে দিয়া আছে। যিজন মানুহে তেওঁৰ অন্তিম সময়ত কেৱল ভগবানৰ চিন্তা কৰি দেহত্যাগ কৰে, সেইজন মানুহে ভগবানৰ স্বভাৱ লাভ কৰে, অৰ্থাৎ ভগবানৰ সান্নিধ্য লাভ কৰে”।

“ককা, তেনেহ’লে সদায় বেয়া কাম কৰা মানুহ এজনেও দেখোন কেৱল মৃত্যুৰ সময়ত ভগবানৰ কথা চিন্তা কৰিলে ভগবানক পাই যাব”। ইমানপৰে মনে মনে শুনি থকা আয়ানে মাত লগালে।

“অতি উত্তম প্ৰশ্ন। মৃত্যুৰ সময়ত ভগবানৰ চিন্তা সেইজন মানুহেহে কৰিব পাৰে যিজনে জীৱনৰ সকলো সময়তে ভগবানক স্মৰণ কৰি আহিছে। তেনে মানুহৰ মনত ভগবানৰ চিন্তা স্বভাৱজাত। তেওঁলোকে নিজৰ বাবে একো নিবিচৰাকৈয়ে ভগবানৰ চিন্তা কৰি থাকিব পাৰে। যিবোৰ মানুহে মায়া মোহৰ দ্বাৰা আবৃত হৈ থাকে, যিবোৰ মানুহে কেতিয়াও একো নিবিচৰাকৈ ভগবানক স্মৰণ কৰি পোৱা নাই, সেইবোৰ মানুহৰ বাবে মৰণ কালত ভগবানৰ কথা চিন্তা কৰাটো সম্ভৱ নহয়। কিন্তু কেতিয়াবা কিছুমান মানুহে হয়তো ভাগ্যৰ বলত শেষ অৱস্থাত ভগবানৰ নাম লৈ মুক্তি পায়। অজামিলৰ উপাখ্যান তহঁতে শুনিছনে”?

“নাই শুনা ককা”? প্ৰীতিয়ে মাত লগালে।

“অজামিল নামৰ এজন বৰ দুষ্ট মানুহ আছিল। ওৰেটো জীৱন তেওঁ বেয়া কাম কৰিয়েই কটালে। তেওঁৰ সৰু পুত্ৰৰ নাম অছিল নাৰায়ণ। মৃত্যুৰ আগে আগে তেওঁ সৰু পুতেকক নাৰায়ণ, নাৰায়ণ বুলি চিঞৰিলে। মৃত্যুৰ আগে আগে ভগবানৰ নাম লোৱা বাবে তেওঁ ভগবানৰ ওচৰলৈ গ’ল”। ককাকৰ সাধু শুনি আটাইকেইটা ল’ৰা ছোৱালীয়ে হাঁহিলে।

“দেউতা আমি ইহঁত কেইটাৰ নামো ভগবানৰ নাম অনুসৰি দিব লাগিছিল। আমিও হয়তো ভাগ্যৰ বলত ভগবানক পালোঁহেতেন”নীলৰ দেউতাকৰ কথা শুনি আটায়ে হাঁহিলে।

“পিচে ভগবানে অজামিলৰ ক্ষেত্ৰত কৰাৰ দৰে ভুল বাৰে বাৰে কেতিয়াও নকৰে। সেয়েহে আমি ভগবানৰ উপস্থিতি অনুভৱ কৰিবলৈ নিজেই চেষ্টা কৰিব লাগে। কাম কাজ কৰি থকাৰ সময়তো ভগবানৰ কথা চিন্তা কৰি থাকিব লাগে। ভগবানৰ নাম লোৱাটো স্বভাৱত পৰিণত হ’লেহে অন্তিম সময়ত মানুহে ভগবানৰ নাম লৈ চকু মুদিব পাৰে”। ককাকে কৈ গ’ল।

“ককা,  আমি কি কৰিলে সকলো সময়তে ভগবানৰ কথা মনত ৰাখিব পাৰিম? বেছিভাগ সময়তে ভগবানৰ কথাচোন আমাৰ মনলৈ নাহেই”? নীলে ক’লে।

“ভগবানৰ কথা সকলো সময়তে মনত ৰাখিবলৈ হ’লে আমি ধ্যানৰ দ্বাৰা মনক বান্ধিব লাগিব। আমি ইন্দ্ৰিয়বোৰক কঠোৰভাৱে নিয়ন্ত্ৰণত ৰখিব লাগিব। সকলো প্ৰকাৰৰ আমোদ প্ৰমোদ বা লাহ বিলাসৰ পৰা স্বেচ্ছাই আঁতৰি থাকিব লাগিব”। ককাকে ক’লে।

“আমাৰ ইছলাম ধৰ্মতো একে কথাই কোৱা হৈছে। আমোদ প্ৰমোদ, লাহ বিলাসৰ পৰা আঁতৰি থাকিলেহে আল্লাৰ আশীৰ্বাদ পাব পাৰি”। ডাক্তৰ ৰহমানে ক’লে।

“গীতা, কোৰান, বাইবেল সকলো ধৰ্মগ্ৰন্থতে মানুহক সংযমী হ’বলৈ শিকনি দিছে। আমোদ প্ৰমোদত মত্ত মানুহ কেতিয়াও সংযমী হ’ব নোৱাৰে। মানুহে ভগবানক পাবলৈ হ’লে লাহ বিলাস ত্যাগ কৰি ধ্যানমগ্ন হ’বই লাগিব”। ককাকে ক’লে।

“ধ্যানমগ্ন কেনেকৈ হ’ব পাৰি ককা”? অভিয়ে সুধিলে।

“গীতাত শ্ৰীকৃষ্ণই ধ্যান বা যোগসাধনাৰ বিষয়ে সুন্দৰকৈ বুজাই দিছে। অষ্টম অধ্যায়ৰ ১২ নং শ্লোকত কোৱা হৈছে –

সৰ্বদ্বাৰাণি সংয়েম্য: মনো হৃদি নিৰুধ্য চ ।
মূৰ্ধ্যাধায়াত্মন: প্ৰাণমাস্থিতো য়োগধাৰণাম্‍ ।।

এই শ্লোকটোত কোৱা হৈছে যে যোগসাধনাৰ বাবে আমি ইন্দ্ৰিয় বোৰক সম্পূৰ্ণকৈ নিয়ন্ত্ৰণ কৰিব লাগিব।  ইন্দ্ৰিয়ৰ লগতে মনকো নিয়ন্ত্ৰিত কৰি, দুই চেলাউৰিৰ মাজত মন একাগ্ৰ চিত্তে ৰাখিব পাৰিলে যোগযুক্ত অৱস্থা এটা পাব পাৰি”

“ককা দুই চেলাউৰিৰ মাজত মন কেনেকৈ একাগ্ৰ ভাবে ৰাখিব পাৰি”? নীলে সুধিলে।

“মনৰ সকলো ভাব চিন্তাক কোনো এঠাইত একাগ্ৰ কৰাটো যোগসাধনাৰ বাবে মনক নিয়ন্ত্ৰণ কৰাৰ এটা উপায়আন এটা উপায় হ’ল কোনো প্ৰতীকক লৈ কৰা জপ। ‘ঔঁম’ শব্দটো মুখেৰে আওৰাই জপ কৰিলে সহজেই মনক নিয়ন্ত্ৰণ কৰিব পাৰি। ‘ঔঁম’ প্ৰতীকটোক সকলো আখৰৰ ভিতৰত শ্ৰেষ্ঠ বোলা হয়। ‘ঔঁম’ প্ৰতীকটো তহঁতে আটায়ে চিনি পাৱনে”? ককাকে সুধিলে।

“দেখিছোঁ ককা। কিছুমান মন্দিৰত ঔঁম লিখা থকা দেখিছোঁ”। অভিয়ে ক’লে

“এই ঔঁম শব্দটো বৰ পৱিত্ৰ আৰু মহত্বপূৰ্ণ। এইটোকেই এই বিশ্ব ব্ৰহ্মাণ্ডৰ আদি শব্দ বুলি জ্ঞান কৰা হয়। ঔঁম লিখা থকা ছবি চকুৰ আগত ৰাখি ঔঁম শব্দটো উচ্চাৰণ কৰিলে যোগসাধনাৰ বাবে সহজ হয়”। ককাকে ক’লে।

“আমি মুছলমান সকলেও ৭৮৬ সংখ্যাটো পৱিত্ৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰোঁ। কোৰানৰ আৰম্ভণিত থকা ‘বিছমিল্লা এ ৰহমানে ৰহিম’ৰ প্ৰতীক হিচাপে ৭৮৬ সংখ্যাটো ব্যৱহাৰ কৰা হয়।  হয়তো ঔঁম প্ৰতীকৰ দৰেই এই প্ৰতীকৰো মহত্ব আছে”। ডাক্তৰ ৰহমানে ক’লে।

“নিশ্চয় আছে। অতি আচৰিত কথা হৈছে, আৰবী ভাষাৰ লিপিত ৭৮৬ যদি ওলোটা পিনৰ পৰা লিখা হয়, সাইলাখ ঔঁম প্ৰতীকটো পোৱা যায়। গতিকে এইটো প্ৰতীক অকল হিন্দু সকলৰ বাবেই নহয়, মুছলমান সকলৰ বাবেও অতি পৱিত্ৰ”।

“অ, হয় নেকি? মই এই কথাটো নাজানিছিলোঁ। সঁচাকৈয়ে অতি আচৰিত কথা”। ডাক্তৰ ৰহমান আনন্দিত হ’ল।

“আমাৰ সকলোৰে স্ৰষ্টা একেজনেই। মানুহে মাথোন তেওঁৰ ওচৰলৈ যোৱা পথৰ বেলেগ বেলেগ নাম দি লৈছে। আনকি তেওঁৰ কথা ধ্যান কৰা পথৰো মিল আছে”। ককাকে ক’লে।


“ধ্যান কৰিলেই ভগবানক পোৱা যায় নেকি ককা”? ৰাণীয়ে সুধিলে।

“যি মানুহে এনেদৰে একাগ্ৰ চিত্তেৰে সকলো সময়তে ভগবানৰ কথা চিন্তা কৰে, তেওঁ সহজেই ভগবানক লাভ কৰেতেওঁলোকে নিজৰ মাজতেই ভগবানৰ অস্তিত্ব বিচাৰি পায়”। ককাকে ক’লে।

“ভগবানক লাভ কৰা মানে ভগবানক ওচৰতে পোৱা নেকি ককা”? ৰাণীয়ে সুধিলে।

“ভগবানক লাভ কৰা মানে হ’ল ভগবানৰ প্ৰিয়পাত্ৰ হোৱা। যি মানুহ ভগবানৰ প্ৰিয়পাত্ৰ হয়, তেওঁলোকে মৃত্যুৰ পিছত এই দুখ কষ্ট, বেমাৰ আজাৰেৰে ভৰা পৃথিৱীলৈ কেতিয়াও ঘূৰি নাহে। তেওঁলোকৰ আত্মাই ভগবানৰ লগত অনন্ত ধামত বাস কৰি থাকে”। ককাকে ক’লে।

“অনন্ত ধাম মানে কি ককা? সেয়া স্বৰ্গ নেকি”? প্ৰীতিয়ে সুধিলে।

“অনন্ত ধাম হ’ল ভগবানৰ স্থান। সেই স্থানত আত্মাই পৰমাত্মাৰ সান্নিধ্য পায়। সেই স্থান আত্মাৰ পৰম লক্ষ্যস্থান। সেয়েহে গীতাক ইয়াকে শ্ৰেষ্ঠ ধাম বোলা হৈছে”ককাকে ক’লে।

“আমিও একেটা কথাকে বিশ্বাস কৰোঁ। যি মানুহ আল্লাৰ প্ৰিয় হয়, তেওঁলোকে জন্নতত বাস কৰে। তেওঁলোকে আৰু কেতিয়াও উভতি আহিবলগীয়া নহয়”। ডাক্তৰ ৰহমানে ক’লে।

“সকলো ধৰ্মতে স্বৰ্গ আৰু নৰকৰ কথা আছে। কিন্তু গীতাত নৰকৰ কথা কোৱা নাই। অনন্ত ধামৰ কথাহে কোৱা হৈছে। যিবিলাক জীৱ পাপী, তেওঁলোকে পৰম ধাম পাব নোৱাৰে। তেওঁলোকে পুনৰ বাৰে বাৰে এই পৃথিৱীলৈ উভতি আহে”। ককাকে ক’লে।

“ককা, যদি ভগবানে পৰম ধামত বাস কৰে, তেওঁ আকৌ পৃথিৱীৰ মানুহৰ মাজত কেনেকৈ থাকে। এয়া আচৰিত কথা নহয়নে”? অভিয়ে ক’লে।

“সেই কাৰণেই ভগবান পৰম পুৰুষ আৰু পৰমেশ্বৰ। গীতাৰ অষ্টম অধ্যায়ৰ ২২ নং শ্লোকত কোৱা হৈছে –

পুৰুষ: স পৰ: পাৰ্থ ভক্ত্যা লভ্যস্ত্বনন্যয়া ।
য়স্যান্ত:স্থানি ভূতানি য়েন সৰ্বমিদং ততম্‍।।

অৰ্থাৎ সকলোতকৈ শ্ৰেষ্ঠ পৰম পুৰুষ পৰমেশ্বৰ যদিও তেওঁ নিজৰ ধামত বাস কৰে তথাপি তেৱেঁই তেওঁৰ অলৌকিক শক্তিৰে সকলোৰে মাজত আছে আৰু সকলো বস্তু তেওঁৰ আশ্ৰয়তে আছে”। ককাকে ক’লে।

“ভগবান সকলোৰে মাজত আছে, সকলো বস্তুত আছে, কিন্তু আমি তেওঁক বিচাৰি পাবলৈ ইমান টান কিয় ককা”? নীলে সুধিলে।

“ভগবানক পোৱাটো ইমান সহজ হ’লে মানুহে ভগবানৰ প্ৰতি ভক্তি ৰাখিব জানো? সেয়েহে ভগবানে সকলোৰে মাজত থাকিও দেখা নিদিয়ে। কেৱল সৎ কৰ্ম, সৎ চিন্তা আৰু নিষ্কাম ভক্তিৰ দ্বাৰাহে ভগবানক বিচাৰি পাব পাৰি। কেৱল ভক্তিৰে নিজৰ কৰ্ম কৰি গ’লেই ভক্ত এজনে পৰম ধাম লাভ কৰিব পাৰে। সেই কাৰণে সকলো কামেই ভক্তি সহকাৰে একাগ্ৰ চিত্তে কৰিব লাগে। তহঁতে নিজৰ পঢ়া শুনাও সদায় ভক্তিসহকাৰে কৰিবি। এইখিনিয়েই গীতাৰ অষ্টম অধ্যায়ৰ সাৰ মৰ্ম। এই অধ্যায়ত শ্ৰীকৃষ্ণই অৰ্জুনক ওঁমকাৰ শব্দৰ মহত্ব আৰু পৰম ব্ৰহ্মৰ জ্ঞান দিছে, সেয়েহে এই অধ্যায়ক অক্ষৰ পৰম ব্ৰহ্ম যোগ বুলিও কোৱ হয়”। ককাকে ক’লে।

“সঁচাকৈয়ে গীতাৰ কথাখিনি শুনি খুব ভাল লাগিল। পৱিত্ৰ কোৰানত থকা কথাৰ লগত গীতাৰ কথাৰ বহুখিনি মিল আছে”। ডাক্তৰ ৰহমানে ক’লে।

“আচলতে সকলো ধৰ্মতে কোৱা হৈছে যে ভক্তিয়েই হৈছে ভগবান প্ৰাপ্তিৰ সহজ উপায়। ভক্তিয়েই হ’ল আচল ধৰ্ম”। ককাকে ক’লে।


“আমি আকৌ কেতিয়াবা আহিম গীতা শুনিবলৈ। এতিয়া বিদায় লৈছোঁ”। এইবুলি জনাৰ্দন মহন্তক নমষ্কাৰ দি ডাক্তৰ ৰহমানে আয়নক লৈ বিদায় ল’লে। ককাকে নাতি নাতিনীহঁতক ঘৰাঘৰি গৈ প্ৰাৰ্থনা কৰি পঢ়া টেবুলত বহিবলৈ ক’লে।

পঞ্চদশ অধ্যায়: পুৰুষোত্তম যোগ

সংসাৰ বৃক্ষ আৰু ঘাই শিপা

আগদিনা ৰাতি খুব ধুমুহা বৰষুণ হৈছিল। কেইবাজোপাও গছ উভালি পৰিছিল। ৰাতিপুৱা নিশাৰ ধুমুহাৰ তাণ্ডৱৰ প্ৰভাৱ সকলোপিনে দেখিবলৈ পোৱা গৈছিল।

সেইদিনা দেওবাৰ। ৰাতিপুৱাই ককাকে নীলক মাতি ক’লে, “তহঁত আটাইবোৰ মোৰ লগত ব’ল। ধুমুহাত কিমান ক্ষয় ক্ষতি হ’ল চাই আহোঁগৈ।

নীলে আটাইকে মাতি দিলে। ককাকে মতা বুলি ক’লে আটাইকেইটা ঢপলিয়াই আহে।

ককাকে আটাইকে পুখুৰীৰ পাৰলৈ লৈ গ’ল। পুখুৰীৰ পাৰৰ কেইবাজোপাও গছ উভালি পৰিছে। ডাঙৰ আঁহতজোপাৰ পিছে একো হোৱা নাই।

“ককা, ধুমুহাৰ কাৰণে গছবোৰ কিয় উভালি পৰে”? ৰাণীয়ে সুধিলে।

“তই তাকো নাজাননে? ধুমুহাত ইমান জোৰেৰে বতাহ বলেযে সেই বতাহে গছ উভালি পেলাই দিয়ে। গছৰ শিপাই গছজোপা ধৰি ৰাখিব নোৱাৰে”, নীলে ক’লে।

“তেনেহ’লে আটাইবোৰ গছ উভালি পৰি যোৱা নাই কিয়”? ৰাণীয়ে উভতি ধৰিলে।

“ডাঙৰ গছবোৰহে উভালি পৰা নাই। ডাঙৰ গছবোৰৰ শিপা বহুত মজবুত থাকে বুলি নাজান নেকি? আহঁত গছৰ শিপাবোৰ চাচোন। ইমানবোৰ শিপা থকা গছ বতাহে উঘালিব পাৰিব নেকি”? নীলে ক’লে।

“তহঁতে বুজিলিতো, ডাঙৰ গছবোৰৰ শিপা বিস্তৃত হৈ থাকে কাৰণে বতাহে একো কৰিব নোৱাৰে। আজি মই তহঁতক এনে এজোপা গছৰ কথাই কম। গীতাৰ পঞ্চদশ অধ্যায়ত এজোপা বৰ অদ্ভুত গছৰ কথা কোৱা হৈছে”। ককাকে ক’লে।

“বঢ়িয়া ককা, আজি আমি পুখুৰীত পাৰতে গীতাৰ কথা শুনিম”, অভিয়ে ক’লে।

উভালি পৰা গছ এজোপাৰ গা গছত আটায়ে ককাকৰ লগত বহি ল’লে।

“কি অদ্ভুত গছ ককা?”, প্ৰীতিয়ে ক’লে।

“গীতাৰ পঞ্চদশ অধ্যায়ত এজোপা বটগছৰ কথা কৈছে যিজোপা গছৰ শিপা ওপৰৰ পিনে আৰু ডাল পাতবোৰ তলৰ পিনে থাকে”। ককাকে ক’লে।

“এনেকুৱা গছ থাকিব পাৰেনে ককা”? ৰাণী আচৰিত হ’ল।

“পুখুৰীৰ পানীত পাৰৰ গছ এজোপাৰ প্ৰতিবিম্ব কেনে হয় ক’চোন? পানীত আমি ডাল পাতবোৰ তলৰ পিনে আৰু শিপাবোৰ ওপৰৰ পিনে দেখোঁ, নহয়নে? পানীত প্ৰতিবিম্ব দেখাৰ কাৰণেই আমাৰ ভ্ৰম হয়। মানুহৰ জীৱনতো এনে ভ্ৰম হয়। এনে ভ্ৰমেই হ’ল মায়া।”, ককাকে ক’লে।

“কথাটো বুজাই দিয়াচোন ককা। গছৰ শিপা ওপৰলৈ আৰু ডাল পাতবোৰ তললৈ থকা গছ মানে কি”? অভিয়ে ক’লে।

“গছৰ শিপা ওপৰলৈ আৰু ডাল পাতবোৰ তললৈ থকা গছজোপাক গীতাত সংসাৰ বৃক্ষ বোলা হৈছে। এই গছজোপাৰ শিপা ওপৰৰ পিনে মানে ইয়াকে বুজোৱা হৈছেযে, এই সমগ্ৰ সংসাৰৰ মূল হ’ল ভগৱান। ইয়াৰ অৰ্থ হ’ল গছে জীৱন ধাৰণৰ শক্তি মাটিৰ পৰা পায় যদিও সেই শক্তি ভগৱানৰ পৰাই আহে। এই গছজোপাৰ পাতবোৰে আমাৰ ইন্দ্ৰিয় বোৰক বুজায়। গছৰ ডালবোৰ হ’ল ইন্দ্ৰিয়বোৰে আমাৰ হতুৱাই কৰোৱা কাম।  আমাৰ মনৰ কামনা বাসনাবোৰ হ’ল গছজোপাৰ ঠাল ঠেঙুলি। এইবোৰ আমি দেখাত ওপৰৰ পিনে থাকে যদিও এইবোৰৰ কাৰণে আমি তললৈ গৈ থাকোঁ” ককাকে বুজোৱাৰ সুৰত ক’লে।

“সংসাৰ বৃক্ষ সঁচাকৈয়ে আছেনে এয়া এক কল্পনা ককা”? অভিয়ে সুধিলে।

“মানুহৰ জীৱনৰ প্ৰকৃত পথ দেখুৱাবলৈ শ্ৰীকৃষ্ণই গীতাত এই বটগছজোপাৰ উদাহৰণ দিছে। আমাৰ মনৰ কামনা বাসনাবোৰে গছৰ ঠাল ঠেঙুলিৰ দৰে সদায় বাঢ়ি গৈ থাকে। সদায় নতুন নতুন বস্তুৰ প্ৰতি আমাৰ মোহ ওপজে। এই মোহেই আমাক ভগবানৰ পৰা আঁতৰাই তললৈ লৈ যায় আৰু আমাৰ ইন্দ্ৰিয়বোৰৰ দ্বাৰা আমাৰ দ্বাৰা নকৰিব লগীয়া কাম কৰোৱায়। আমাৰ ইন্দ্ৰিয়বোৰ গছৰ পাতৰ দৰে, কাৰণ এই ইন্দ্ৰিয়বোৰৰ যোগেদিয়েই  আমি এই জগতৰ সকলো ভাল বেয়া অনুভৱ কৰোঁ। আমাৰ কামনা বাসনাবোৰ আৰু ইন্দ্ৰিয়বোৰৰ সংযোগ দেখুৱাবলৈ গছৰ ডাল ব্যৱহাৰ কৰা হৈছে, কাৰণ কামনা বাসনাবোৰেই ইন্দ্ৰিয়বোৰৰ হতুৱাই ভাল বা বেয়া কাম কৰোৱায়”। ককাকে ক’লে।

“কামনা বাসনাবোৰে ভাল আৰু বেয়া দুয়োবিধ কাম কৰোৱায় নেকি ককা”? নীলে সুধিলে।

“কামৰ ভাল আৰু বেয়া নিৰ্ভৰ কৰে আমাৰ মাজত থকা তিনিবিধ গুণৰ ওপৰত। আমি যোৱাবাৰ এই তিনিগুণৰ কথাই কৈছিলোঁ, মনত আছেনে”? ককাকে সুধিলে।

“আছে ককা, আমি সাত্বিক, ৰাজসিক আৰু তামসিক গুণৰ কথা শিকিছিলোঁ”। অভিয়ে ক’লে।

“আমাৰ প্ৰত্যেকৰে মাজত থকা এই তিনিবিধ গুণে আমাৰ কামনা বাসনাবোৰৰ প্ৰকৃতি নিৰূপণ কৰে। গতিকে এই তিনিগুণৰ প্ৰভাৱতে আমাৰ দ্বাৰা ভাল বা বেয়া দুয়োপ্ৰকাৰৰ কাম হ’ব পাৰে”। ককাকে ক’লে।

“আমি এই গছজোপাৰ বিষয়ে জানিলে কি হ’বনো ককা”? ৰাণীয়ে সুধিলে।

“কেতিয়াবা শিক্ষকে টান কথা এটা বুজাবলৈ সকলোৱে বুজি পোৱা আন কথাৰ সহায় লোৱাটো মন কৰিছনে? মানুহৰ মনত থকা অতৃপ্ত কামনা বাসনাবোৰে ইন্দ্ৰিয়ৰ হতুৱাই মানুহক কিদৰে নকৰিবলগীয়া কামত লিপ্ত কৰায় আৰু মানুহক অধোগামী কৰে তাকেই বুজাবলৈ গীতাত গছজোপাৰ কথা কোৱা হৈছে। যিদৰে গছ এজোপাৰ পাত, ঠাল ঠেঙুলি কিমান বাঢ়িছে আমি তত্ক্ষণাত ধৰিব নোৱাৰো, সেইদৰে আমাৰ কামনা বাসনাবোৰে আমাৰ কৰ্মক কিমান দূৰ প্ৰভাৱিত কৰিছে, আমাক নৈতিক ভাৱে কিমান অৱনমিত কৰিছে সেই কথা আমি গম নাপাওঁ। ঠাল ঠেঙুলিৰে বাঢ়ি অহা গছ এজোপাৰ ঘাই শিপাডাল বিচাৰি নোপোৱাৰ দৰে আমি আমাৰ জীৱনৰ মূল আধাৰ ভগৱানৰ নাম লবলৈকো আমি পাহৰি যাওঁ। আমি গছ এজোপাৰ ডাল, পাত, ঠাল ঠেঙুলিবোৰ চাই মোহগ্ৰস্থ হৈ থকাৰ দৰে এই পাৰ্থিৱ জগতৰ সুখ সুবিধাবোৰ উপভোগ কৰিয়েই আমি আমাৰ জীৱন পাৰ কৰি দিওঁ”, ককাকে ক’লে।

“তেনেহ’লে আমি কি কৰিব লাগে ককা”? প্ৰীতিয়ে সুধিলে।

“আমি গছ এজোপাৰ ডাল পাত, ঠাল ঠেঙুলিৰ পৰা মোহ আতঁৰাই গছজোপাৰ গুৰিটো বা ঘাইশিপাডালৰ যত্ন ল’ব লাগে, তেতিয়াহে গছজোপা দীৰ্ঘায়ু হয়। গছৰ ঘাই শিপা যদি অনাদৰত পঁচি যায়, তেতিয়া যিমানেই সুন্দৰ নহওক কিয়, গছজোপা বাগৰি পৰে। সেইদৰে আমিও আমাৰ জীৱনৰ সুখ সুবিধাবোৰত বুৰ গৈ নাথাকি আমি ভগৱানৰ নাম ল’ব লাগে, ভগৱানৰ ওচৰত নিজকে সমৰ্পন কৰিব লাগে। ভগৱানক পাহৰি আমোদ প্ৰমোদত জীৱন পাৰ কৰিলে সেই জীৱনৰ একো মূল্য নাথাকে”, ককাকে ক’লে।

“ভগৱানেই মানুহৰ জীৱনৰ ঘাইশিপা নেকি ককা”? অভিয়ে সুধিলে।

“তই ঠিকেই কৈছ। গীতাত ভগৱানে নিজেই কৈছে ‘অহং সৰ্ৱস্য প্ৰভৱ:’, অৰ্থাৎ ময়েই সকলো সৃষ্টিৰ, সকলো উত্পত্তিৰ মূল। যেনেদৰে ঘাইশিপাডাল গছ এজোপাৰ উত্পত্তিৰ মূল, সেইদৰে ভগবানেই আমাৰ জীৱনৰ উত্পত্তিৰ মূল। সেয়েহে ভগৱানেই মানুহৰ জীৱনৰ ঘাইশিপা”, ককাকে ক’লে।

“ভগৱানৰ ওচৰত নিজকে সমৰ্পন কেনেকৈ কৰিব পাৰি ককা”, নীলে সুধিলে।

“ভগৱানৰ ওচৰত আত্ম সমৰ্পন কৰিবলৈ হ’লে প্ৰথম কথা হ’ল আমাৰ কোনো প্ৰকাৰৰ গৰ্ব বা অহংকাৰ থাকিব নালাগিব। আমি এই কথা অনুভৱ কৰিব লাগিবযে আমি যিবোৰ সা সম্পত্তি, নাম সন্মান, মান যশ লাভ কৰোঁ, এই আটাইবোৰৰে গৰাকী হ’ল ভগৱান। আমাৰ ওচৰত যিবোৰ পাৰ্থিৱ বস্তু আছে সেইবোৰৰ গৰাকী আমি নিজেই বুলি ভ্ৰম বা ভুল ধাৰণা লৈ থাকোঁ। সেইবোৰৰ গৰাকীওযে ভগৱানহে সেই কথা আমি হাড়ে হিমজুৱে উপলব্ধি কৰিব পাৰিব লাগিব। মনত সুখ সুবিধা, আনন্দ বিলাসৰ আশা কৰি থাকিলেও ভগৱানৰ ওচৰত সমৰ্পন কৰিব নোৱাৰোঁ। যেতিয়াই আমি এই কথা মানি ল’ম যে ভগৱানৰ কৃপা অবিহনে আমাৰ একোৱেই নাই, তেতিয়াই আমি ভগবানৰ ওচৰত নিজকে সমৰ্পন কৰিব পাৰিম”। ককাকে ক’লে।

“কিন্তু ককা, তেনেকুৱা ভাব মনলৈ আনিবলৈ মানুহে কি কৰিব লাগে”? অভিয়ে সুধিলে।

“মানুহে নিজৰ মন বৈষয়িক সুখ আনন্দ প্ৰমোদৰ পৰা আঁতৰাই আনিবলৈ সদায় চেষ্টা কৰি থাকিব লাগে। সাময়িক আমোদ প্ৰমোদেযে আমাক চিৰস্থায়ী আনন্দ দিব নোৱাৰে সেই কথা আমি জানিব লাগে। নিজৰ মাজত ভগৱানৰ অস্তিত্ব অনুভৱ কৰিবলৈ প্ৰয়াস কৰিব লাগে। সকলো কামনা বাসনা বিসৰ্জন দি, নিজৰ সুখ সুবিধা, সা সম্পত্তিৰ প্ৰতি মোহ বিসৰ্জন দিব পৰাজনেই আধ্যাত্মিক জ্ঞান আৰু পৰম আনন্দৰ অধিকাৰী হয়। গীতাৰ পঞ্চদশ অধ্যায়ৰ ১১ নং শ্লোকত কোৱা হৈছে –

য়তন্তো য়োগিনশ্চৈনং পশ্যন্ত্যাত্মন্যৱস্থিতম্‍।
য়তন্তোত্পকৃতাত্মানো নৈনং পশ্যন্ত্যচেতস: ।।

ইয়াৰ অৰ্থ হ’ল আত্মজ্ঞান বা নিজৰ বিষয়ে থকা জ্ঞানেই আটাইতকৈ মহৎ জ্ঞান। নিজৰ অন্তৰৰ মাজত ভগবানক বিচাৰি পোৱাজনেই আটাইতকৈ জ্ঞানী, আটাইতকৈ সফল যোগী। তেওঁ সাময়িক সুখ-দুখ, আনন্দ বেজাৰ আদি ভাৱৰ পৰা মুক্ত হৈ পৰম সন্তুষ্টি অনুভৱ কৰে। এই সন্তুষ্টিয়েই তেওঁক নিজৰ কৰ্তব্য হেলাৰঙে কৰি যাবলৈ অনুপ্ৰাণিত কৰে। আনহাতে নিজৰ মাজত ভগবানক বিচাৰি নোপোৱাজনে অনেক বাহ্যিক জ্ঞান লাভ কৰিলেও, অনেক সুখ সুবিধাৰে জীৱন অতিবাহিত কৰিলেও কেতিয়াও সন্তুষ্ট হ’ব নোৱাৰে”। ককাকে ক’লে।

“কিন্তু ককা, কথাটো বৰ আচৰিত। কিছুমানে সকলো সুখ সুবিধা পায়ো সন্তুষ্ট নহয়, আৰু কিছুমানে সকলো সুখ সুবিধা ত্যাগ কৰিও সন্তুষ্ট হয়”, নীলে ক’লে।

“একেবাৰে ঠিক কথা কৈছ নীল। গীতাত বাৰে বাৰে কোৱা হৈছে, আমি যিবোৰ সা সুবিধা, আমোদ প্ৰমোদ, লাহ বিলাসত সুখী হোৱাৰ আশা কৰোঁ, সেইবোৰ গছৰ ডাল পাতৰ দৰে ক্ষণস্থায়ী। যেনেদৰে এখন চিনেমা চাই কেৱল চিনেমাখন শেষ নোহোৱালৈহে আনন্দ লাভ কৰিব পাৰি, সেইদৰে আমোদ প্ৰমোদৰ পৰা পোৱা সকলো আনন্দই এসময়ত শেষ হৈ যায়। কিন্তু সকলো আমোদ প্ৰমোদৰ পৰা আঁতৰত থাকি ভগৱানৰ চিন্তা কৰি যি আনন্দ পোৱা যায়, সেই আনন্দৰ শেষ নাই। বাহ্যিক আমোদ প্ৰমোদৰ পৰা আঁতৰত নিজৰ মনৰ মাজত বিচাৰি পোৱা আনন্দক আধ্যাত্মিক আনন্দ বোলা হয়। আমি তেনে আনন্দকে পাবলৈ সদায় চেষ্টা কৰিব লাগে”। ককাকে ক’লে।

“তেনে আনন্দ সকলোৱে পাব নোৱাৰে নেকি ককা”? ৰাণীয়ে সুধিলে।

ককাকে হাঁহিলে। “কথাবোৰ শুনিবলৈ সহজ। কিন্তু কাৰ্যক্ষেত্ৰত ইমান সহজ নহয়। আমি সকলোৱে জানো, কামৰ ফল আশা নকৰি, ভগৱানৰ ওচৰত সকলো সমৰ্পন কৰি নিজৰ কৰ্তব্য কৰি যাব লাগে। কিন্তু আমি সকলো জানিও তেনে কৰিব পাৰোঁ জানো? সেইদৰে মনত কোনো সংশয় নৰখাকৈ পৰম পুৰুষ পৰমেশ্বৰ ভগৱানৰ ওচৰত নিজকে সমৰ্পন কৰাজনেই প্ৰকৃত জ্ঞানী বুলি আমি জানো। কিন্তু প্ৰকৃততে আমি নিজকে ভগৱানৰ ওচৰত সমৰ্পন কৰিব পাৰোঁ জানো”?

“তেনে মানুহ চাগে’ খুব ভাল মানুহ হয়, নহয়নে ককা”? প্ৰীতিয়ে সুধিলে।

“গীতাৰ পঞ্চদশ অধ্যায়ত কোৱা হৈছে যে, যিজনে নিজৰ সকলো কামনা বাসনা, মোহ অহংকাৰ ত্যাগ কৰি ভগৱানৰ ওচৰত নিজকে সম্পূৰ্ণভাৱে সমৰ্পন কৰে তেওঁহে পুৰুষোত্তম, অৰ্থাৎ শ্ৰেষ্ঠ মানুহগীতাৰ পঞ্চদশ অধ্যায়ক সেয়েহে পুৰুষোত্তম যোগ বুলি কোৱা হয়”।

“তেনেকুৱা মানুহেই আচল জ্ঞানী মানুহ নেকি ককা”? ৰাণীয়ে সুধিলে।

“গীতাৰ পঞ্চদশ অধ্যায়ৰ অন্তিম ২০ নং শ্লোকত কোৱা হৈছে –
ইতি গুহ্যতমং শাস্ত্ৰমিদমুক্তং ময়ানঘ।
এতদ্‍ বুদ্ধা বুদ্ধিমান্‍ স্যাৎ কৃতকৃত্যশ্চ ভাৰত।।
অৰ্থাৎ ভগবানে ষ্পষ্ট ভাষাত কৈছেযে সকলো শাস্ত্ৰৰ মূল কথা এয়াইযে পৰমপিতা পৰমেশ্বৰ ভগৱানেই হ’ল সৰ্বশক্তিমান, সৰ্বজ্ঞ আৰু সকলোৰে ভাগ্য নিয়ন্তা। বেদ, উপনিষদ, কোৰান, বাইবেল সকলোতে এই একেটাই কথা কোৱা হৈছে। এই মহান সত্য শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধক্ষেত্ৰত অৰ্জুনক কৈছে। শ্ৰীকৃষ্ণই অৰ্জুনক এইবুলিও কৈছেযে যিজনে এই কথা বুজিব পাৰিছে, তেৱেঁই প্ৰকৃততে জ্ঞানী। এনে জ্ঞানীলোকেই নিজৰ সকলো প্ৰচেষ্টাত সফল হয় আৰু তেনে ব্যক্তিয়েই হয় পুৰুষোত্তম অৰ্থাৎ উত্তম মানুহ”ককাকে ক’লে।

ইতিমধ্যে বতাহ এজাক জোৰেৰে ববলৈ আৰম্ভ কৰিছিল। আকৌ যেন ধুমুহা এজাক আহি, এনে অনুভৱ হ’ল।

“ব’ল, আমি ঘৰলৈ যাওঁ। আকৌ ধুমুহা আহিব যেন লাগিছে”। ককাকে বহাৰ পৰা উঠিল।

“ককা, ধুমুহাও ভগৱানৰ ইচ্ছাতে আহিব নহয়নে’? প্ৰীতিয়ে সুধিলে।

“এৰা, এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো কাৰ্য ভগৱানৰ ইচ্ছামতেই হয়। আনকি সূৰ্য, চন্দ্ৰ, গ্ৰহ নক্ষত্ৰ সকলো ভগবানৰ ইচ্ছাতেই চলি আছে। বতাহ, বৰষুণ, ধুমুহা আদিও ভগৱানে নিয়ন্ত্ৰণ কৰা শক্তি”। কথাখিনি কৈ ককাকে আটাইকে লগত লৈ ঘৰৰ পিনে আগবাঢ়িল।


বাটে বাটে ককাকে কৈ গ’ল, “সকলোৱে মই কোৱা কথাখিনি মনত ৰাখিবি। জীৱনত কেতিয়াও ভগৱানক পাহৰি নাযাবি। গছ এজোপাৰ ঘাই শিপাৰ দৰে ভগৱানেই মানুহৰ জীৱনৰ মূল, এই কথা অনুভৱ কৰিবলৈ চেষ্টা কৰিবি। আমি যেতিয়া কোনো সংশয় নোহোৱাকৈ ভগৱানকে নিজৰ গৰাকী হিচাপে মানি ল’ব পাৰিম, তেতিয়াই আমাৰ জীৱন অতি উত্তম আৰু আনন্দময় হৈ পৰিব”।