Saturday, March 12, 2016

পঞ্চদশ অধ্যায়: পুৰুষোত্তম যোগ

সংসাৰ বৃক্ষ আৰু ঘাই শিপা

আগদিনা ৰাতি খুব ধুমুহা বৰষুণ হৈছিল। কেইবাজোপাও গছ উভালি পৰিছিল। ৰাতিপুৱা নিশাৰ ধুমুহাৰ তাণ্ডৱৰ প্ৰভাৱ সকলোপিনে দেখিবলৈ পোৱা গৈছিল।

সেইদিনা দেওবাৰ। ৰাতিপুৱাই ককাকে নীলক মাতি ক’লে, “তহঁত আটাইবোৰ মোৰ লগত ব’ল। ধুমুহাত কিমান ক্ষয় ক্ষতি হ’ল চাই আহোঁগৈ।

নীলে আটাইকে মাতি দিলে। ককাকে মতা বুলি ক’লে আটাইকেইটা ঢপলিয়াই আহে।

ককাকে আটাইকে পুখুৰীৰ পাৰলৈ লৈ গ’ল। পুখুৰীৰ পাৰৰ কেইবাজোপাও গছ উভালি পৰিছে। ডাঙৰ আঁহতজোপাৰ পিছে একো হোৱা নাই।

“ককা, ধুমুহাৰ কাৰণে গছবোৰ কিয় উভালি পৰে”? ৰাণীয়ে সুধিলে।

“তই তাকো নাজাননে? ধুমুহাত ইমান জোৰেৰে বতাহ বলেযে সেই বতাহে গছ উভালি পেলাই দিয়ে। গছৰ শিপাই গছজোপা ধৰি ৰাখিব নোৱাৰে”, নীলে ক’লে।

“তেনেহ’লে আটাইবোৰ গছ উভালি পৰি যোৱা নাই কিয়”? ৰাণীয়ে উভতি ধৰিলে।

“ডাঙৰ গছবোৰহে উভালি পৰা নাই। ডাঙৰ গছবোৰৰ শিপা বহুত মজবুত থাকে বুলি নাজান নেকি? আহঁত গছৰ শিপাবোৰ চাচোন। ইমানবোৰ শিপা থকা গছ বতাহে উঘালিব পাৰিব নেকি”? নীলে ক’লে।

“তহঁতে বুজিলিতো, ডাঙৰ গছবোৰৰ শিপা বিস্তৃত হৈ থাকে কাৰণে বতাহে একো কৰিব নোৱাৰে। আজি মই তহঁতক এনে এজোপা গছৰ কথাই কম। গীতাৰ পঞ্চদশ অধ্যায়ত এজোপা বৰ অদ্ভুত গছৰ কথা কোৱা হৈছে”। ককাকে ক’লে।

“বঢ়িয়া ককা, আজি আমি পুখুৰীত পাৰতে গীতাৰ কথা শুনিম”, অভিয়ে ক’লে।

উভালি পৰা গছ এজোপাৰ গা গছত আটায়ে ককাকৰ লগত বহি ল’লে।

“কি অদ্ভুত গছ ককা?”, প্ৰীতিয়ে ক’লে।

“গীতাৰ পঞ্চদশ অধ্যায়ত এজোপা বটগছৰ কথা কৈছে যিজোপা গছৰ শিপা ওপৰৰ পিনে আৰু ডাল পাতবোৰ তলৰ পিনে থাকে”। ককাকে ক’লে।

“এনেকুৱা গছ থাকিব পাৰেনে ককা”? ৰাণী আচৰিত হ’ল।

“পুখুৰীৰ পানীত পাৰৰ গছ এজোপাৰ প্ৰতিবিম্ব কেনে হয় ক’চোন? পানীত আমি ডাল পাতবোৰ তলৰ পিনে আৰু শিপাবোৰ ওপৰৰ পিনে দেখোঁ, নহয়নে? পানীত প্ৰতিবিম্ব দেখাৰ কাৰণেই আমাৰ ভ্ৰম হয়। মানুহৰ জীৱনতো এনে ভ্ৰম হয়। এনে ভ্ৰমেই হ’ল মায়া।”, ককাকে ক’লে।

“কথাটো বুজাই দিয়াচোন ককা। গছৰ শিপা ওপৰলৈ আৰু ডাল পাতবোৰ তললৈ থকা গছ মানে কি”? অভিয়ে ক’লে।

“গছৰ শিপা ওপৰলৈ আৰু ডাল পাতবোৰ তললৈ থকা গছজোপাক গীতাত সংসাৰ বৃক্ষ বোলা হৈছে। এই গছজোপাৰ শিপা ওপৰৰ পিনে মানে ইয়াকে বুজোৱা হৈছেযে, এই সমগ্ৰ সংসাৰৰ মূল হ’ল ভগৱান। ইয়াৰ অৰ্থ হ’ল গছে জীৱন ধাৰণৰ শক্তি মাটিৰ পৰা পায় যদিও সেই শক্তি ভগৱানৰ পৰাই আহে। এই গছজোপাৰ পাতবোৰে আমাৰ ইন্দ্ৰিয় বোৰক বুজায়। গছৰ ডালবোৰ হ’ল ইন্দ্ৰিয়বোৰে আমাৰ হতুৱাই কৰোৱা কাম।  আমাৰ মনৰ কামনা বাসনাবোৰ হ’ল গছজোপাৰ ঠাল ঠেঙুলি। এইবোৰ আমি দেখাত ওপৰৰ পিনে থাকে যদিও এইবোৰৰ কাৰণে আমি তললৈ গৈ থাকোঁ” ককাকে বুজোৱাৰ সুৰত ক’লে।

“সংসাৰ বৃক্ষ সঁচাকৈয়ে আছেনে এয়া এক কল্পনা ককা”? অভিয়ে সুধিলে।

“মানুহৰ জীৱনৰ প্ৰকৃত পথ দেখুৱাবলৈ শ্ৰীকৃষ্ণই গীতাত এই বটগছজোপাৰ উদাহৰণ দিছে। আমাৰ মনৰ কামনা বাসনাবোৰে গছৰ ঠাল ঠেঙুলিৰ দৰে সদায় বাঢ়ি গৈ থাকে। সদায় নতুন নতুন বস্তুৰ প্ৰতি আমাৰ মোহ ওপজে। এই মোহেই আমাক ভগবানৰ পৰা আঁতৰাই তললৈ লৈ যায় আৰু আমাৰ ইন্দ্ৰিয়বোৰৰ দ্বাৰা আমাৰ দ্বাৰা নকৰিব লগীয়া কাম কৰোৱায়। আমাৰ ইন্দ্ৰিয়বোৰ গছৰ পাতৰ দৰে, কাৰণ এই ইন্দ্ৰিয়বোৰৰ যোগেদিয়েই  আমি এই জগতৰ সকলো ভাল বেয়া অনুভৱ কৰোঁ। আমাৰ কামনা বাসনাবোৰ আৰু ইন্দ্ৰিয়বোৰৰ সংযোগ দেখুৱাবলৈ গছৰ ডাল ব্যৱহাৰ কৰা হৈছে, কাৰণ কামনা বাসনাবোৰেই ইন্দ্ৰিয়বোৰৰ হতুৱাই ভাল বা বেয়া কাম কৰোৱায়”। ককাকে ক’লে।

“কামনা বাসনাবোৰে ভাল আৰু বেয়া দুয়োবিধ কাম কৰোৱায় নেকি ককা”? নীলে সুধিলে।

“কামৰ ভাল আৰু বেয়া নিৰ্ভৰ কৰে আমাৰ মাজত থকা তিনিবিধ গুণৰ ওপৰত। আমি যোৱাবাৰ এই তিনিগুণৰ কথাই কৈছিলোঁ, মনত আছেনে”? ককাকে সুধিলে।

“আছে ককা, আমি সাত্বিক, ৰাজসিক আৰু তামসিক গুণৰ কথা শিকিছিলোঁ”। অভিয়ে ক’লে।

“আমাৰ প্ৰত্যেকৰে মাজত থকা এই তিনিবিধ গুণে আমাৰ কামনা বাসনাবোৰৰ প্ৰকৃতি নিৰূপণ কৰে। গতিকে এই তিনিগুণৰ প্ৰভাৱতে আমাৰ দ্বাৰা ভাল বা বেয়া দুয়োপ্ৰকাৰৰ কাম হ’ব পাৰে”। ককাকে ক’লে।

“আমি এই গছজোপাৰ বিষয়ে জানিলে কি হ’বনো ককা”? ৰাণীয়ে সুধিলে।

“কেতিয়াবা শিক্ষকে টান কথা এটা বুজাবলৈ সকলোৱে বুজি পোৱা আন কথাৰ সহায় লোৱাটো মন কৰিছনে? মানুহৰ মনত থকা অতৃপ্ত কামনা বাসনাবোৰে ইন্দ্ৰিয়ৰ হতুৱাই মানুহক কিদৰে নকৰিবলগীয়া কামত লিপ্ত কৰায় আৰু মানুহক অধোগামী কৰে তাকেই বুজাবলৈ গীতাত গছজোপাৰ কথা কোৱা হৈছে। যিদৰে গছ এজোপাৰ পাত, ঠাল ঠেঙুলি কিমান বাঢ়িছে আমি তত্ক্ষণাত ধৰিব নোৱাৰো, সেইদৰে আমাৰ কামনা বাসনাবোৰে আমাৰ কৰ্মক কিমান দূৰ প্ৰভাৱিত কৰিছে, আমাক নৈতিক ভাৱে কিমান অৱনমিত কৰিছে সেই কথা আমি গম নাপাওঁ। ঠাল ঠেঙুলিৰে বাঢ়ি অহা গছ এজোপাৰ ঘাই শিপাডাল বিচাৰি নোপোৱাৰ দৰে আমি আমাৰ জীৱনৰ মূল আধাৰ ভগৱানৰ নাম লবলৈকো আমি পাহৰি যাওঁ। আমি গছ এজোপাৰ ডাল, পাত, ঠাল ঠেঙুলিবোৰ চাই মোহগ্ৰস্থ হৈ থকাৰ দৰে এই পাৰ্থিৱ জগতৰ সুখ সুবিধাবোৰ উপভোগ কৰিয়েই আমি আমাৰ জীৱন পাৰ কৰি দিওঁ”, ককাকে ক’লে।

“তেনেহ’লে আমি কি কৰিব লাগে ককা”? প্ৰীতিয়ে সুধিলে।

“আমি গছ এজোপাৰ ডাল পাত, ঠাল ঠেঙুলিৰ পৰা মোহ আতঁৰাই গছজোপাৰ গুৰিটো বা ঘাইশিপাডালৰ যত্ন ল’ব লাগে, তেতিয়াহে গছজোপা দীৰ্ঘায়ু হয়। গছৰ ঘাই শিপা যদি অনাদৰত পঁচি যায়, তেতিয়া যিমানেই সুন্দৰ নহওক কিয়, গছজোপা বাগৰি পৰে। সেইদৰে আমিও আমাৰ জীৱনৰ সুখ সুবিধাবোৰত বুৰ গৈ নাথাকি আমি ভগৱানৰ নাম ল’ব লাগে, ভগৱানৰ ওচৰত নিজকে সমৰ্পন কৰিব লাগে। ভগৱানক পাহৰি আমোদ প্ৰমোদত জীৱন পাৰ কৰিলে সেই জীৱনৰ একো মূল্য নাথাকে”, ককাকে ক’লে।

“ভগৱানেই মানুহৰ জীৱনৰ ঘাইশিপা নেকি ককা”? অভিয়ে সুধিলে।

“তই ঠিকেই কৈছ। গীতাত ভগৱানে নিজেই কৈছে ‘অহং সৰ্ৱস্য প্ৰভৱ:’, অৰ্থাৎ ময়েই সকলো সৃষ্টিৰ, সকলো উত্পত্তিৰ মূল। যেনেদৰে ঘাইশিপাডাল গছ এজোপাৰ উত্পত্তিৰ মূল, সেইদৰে ভগবানেই আমাৰ জীৱনৰ উত্পত্তিৰ মূল। সেয়েহে ভগৱানেই মানুহৰ জীৱনৰ ঘাইশিপা”, ককাকে ক’লে।

“ভগৱানৰ ওচৰত নিজকে সমৰ্পন কেনেকৈ কৰিব পাৰি ককা”, নীলে সুধিলে।

“ভগৱানৰ ওচৰত আত্ম সমৰ্পন কৰিবলৈ হ’লে প্ৰথম কথা হ’ল আমাৰ কোনো প্ৰকাৰৰ গৰ্ব বা অহংকাৰ থাকিব নালাগিব। আমি এই কথা অনুভৱ কৰিব লাগিবযে আমি যিবোৰ সা সম্পত্তি, নাম সন্মান, মান যশ লাভ কৰোঁ, এই আটাইবোৰৰে গৰাকী হ’ল ভগৱান। আমাৰ ওচৰত যিবোৰ পাৰ্থিৱ বস্তু আছে সেইবোৰৰ গৰাকী আমি নিজেই বুলি ভ্ৰম বা ভুল ধাৰণা লৈ থাকোঁ। সেইবোৰৰ গৰাকীওযে ভগৱানহে সেই কথা আমি হাড়ে হিমজুৱে উপলব্ধি কৰিব পাৰিব লাগিব। মনত সুখ সুবিধা, আনন্দ বিলাসৰ আশা কৰি থাকিলেও ভগৱানৰ ওচৰত সমৰ্পন কৰিব নোৱাৰোঁ। যেতিয়াই আমি এই কথা মানি ল’ম যে ভগৱানৰ কৃপা অবিহনে আমাৰ একোৱেই নাই, তেতিয়াই আমি ভগবানৰ ওচৰত নিজকে সমৰ্পন কৰিব পাৰিম”। ককাকে ক’লে।

“কিন্তু ককা, তেনেকুৱা ভাব মনলৈ আনিবলৈ মানুহে কি কৰিব লাগে”? অভিয়ে সুধিলে।

“মানুহে নিজৰ মন বৈষয়িক সুখ আনন্দ প্ৰমোদৰ পৰা আঁতৰাই আনিবলৈ সদায় চেষ্টা কৰি থাকিব লাগে। সাময়িক আমোদ প্ৰমোদেযে আমাক চিৰস্থায়ী আনন্দ দিব নোৱাৰে সেই কথা আমি জানিব লাগে। নিজৰ মাজত ভগৱানৰ অস্তিত্ব অনুভৱ কৰিবলৈ প্ৰয়াস কৰিব লাগে। সকলো কামনা বাসনা বিসৰ্জন দি, নিজৰ সুখ সুবিধা, সা সম্পত্তিৰ প্ৰতি মোহ বিসৰ্জন দিব পৰাজনেই আধ্যাত্মিক জ্ঞান আৰু পৰম আনন্দৰ অধিকাৰী হয়। গীতাৰ পঞ্চদশ অধ্যায়ৰ ১১ নং শ্লোকত কোৱা হৈছে –

য়তন্তো য়োগিনশ্চৈনং পশ্যন্ত্যাত্মন্যৱস্থিতম্‍।
য়তন্তোত্পকৃতাত্মানো নৈনং পশ্যন্ত্যচেতস: ।।

ইয়াৰ অৰ্থ হ’ল আত্মজ্ঞান বা নিজৰ বিষয়ে থকা জ্ঞানেই আটাইতকৈ মহৎ জ্ঞান। নিজৰ অন্তৰৰ মাজত ভগবানক বিচাৰি পোৱাজনেই আটাইতকৈ জ্ঞানী, আটাইতকৈ সফল যোগী। তেওঁ সাময়িক সুখ-দুখ, আনন্দ বেজাৰ আদি ভাৱৰ পৰা মুক্ত হৈ পৰম সন্তুষ্টি অনুভৱ কৰে। এই সন্তুষ্টিয়েই তেওঁক নিজৰ কৰ্তব্য হেলাৰঙে কৰি যাবলৈ অনুপ্ৰাণিত কৰে। আনহাতে নিজৰ মাজত ভগবানক বিচাৰি নোপোৱাজনে অনেক বাহ্যিক জ্ঞান লাভ কৰিলেও, অনেক সুখ সুবিধাৰে জীৱন অতিবাহিত কৰিলেও কেতিয়াও সন্তুষ্ট হ’ব নোৱাৰে”। ককাকে ক’লে।

“কিন্তু ককা, কথাটো বৰ আচৰিত। কিছুমানে সকলো সুখ সুবিধা পায়ো সন্তুষ্ট নহয়, আৰু কিছুমানে সকলো সুখ সুবিধা ত্যাগ কৰিও সন্তুষ্ট হয়”, নীলে ক’লে।

“একেবাৰে ঠিক কথা কৈছ নীল। গীতাত বাৰে বাৰে কোৱা হৈছে, আমি যিবোৰ সা সুবিধা, আমোদ প্ৰমোদ, লাহ বিলাসত সুখী হোৱাৰ আশা কৰোঁ, সেইবোৰ গছৰ ডাল পাতৰ দৰে ক্ষণস্থায়ী। যেনেদৰে এখন চিনেমা চাই কেৱল চিনেমাখন শেষ নোহোৱালৈহে আনন্দ লাভ কৰিব পাৰি, সেইদৰে আমোদ প্ৰমোদৰ পৰা পোৱা সকলো আনন্দই এসময়ত শেষ হৈ যায়। কিন্তু সকলো আমোদ প্ৰমোদৰ পৰা আঁতৰত থাকি ভগৱানৰ চিন্তা কৰি যি আনন্দ পোৱা যায়, সেই আনন্দৰ শেষ নাই। বাহ্যিক আমোদ প্ৰমোদৰ পৰা আঁতৰত নিজৰ মনৰ মাজত বিচাৰি পোৱা আনন্দক আধ্যাত্মিক আনন্দ বোলা হয়। আমি তেনে আনন্দকে পাবলৈ সদায় চেষ্টা কৰিব লাগে”। ককাকে ক’লে।

“তেনে আনন্দ সকলোৱে পাব নোৱাৰে নেকি ককা”? ৰাণীয়ে সুধিলে।

ককাকে হাঁহিলে। “কথাবোৰ শুনিবলৈ সহজ। কিন্তু কাৰ্যক্ষেত্ৰত ইমান সহজ নহয়। আমি সকলোৱে জানো, কামৰ ফল আশা নকৰি, ভগৱানৰ ওচৰত সকলো সমৰ্পন কৰি নিজৰ কৰ্তব্য কৰি যাব লাগে। কিন্তু আমি সকলো জানিও তেনে কৰিব পাৰোঁ জানো? সেইদৰে মনত কোনো সংশয় নৰখাকৈ পৰম পুৰুষ পৰমেশ্বৰ ভগৱানৰ ওচৰত নিজকে সমৰ্পন কৰাজনেই প্ৰকৃত জ্ঞানী বুলি আমি জানো। কিন্তু প্ৰকৃততে আমি নিজকে ভগৱানৰ ওচৰত সমৰ্পন কৰিব পাৰোঁ জানো”?

“তেনে মানুহ চাগে’ খুব ভাল মানুহ হয়, নহয়নে ককা”? প্ৰীতিয়ে সুধিলে।

“গীতাৰ পঞ্চদশ অধ্যায়ত কোৱা হৈছে যে, যিজনে নিজৰ সকলো কামনা বাসনা, মোহ অহংকাৰ ত্যাগ কৰি ভগৱানৰ ওচৰত নিজকে সম্পূৰ্ণভাৱে সমৰ্পন কৰে তেওঁহে পুৰুষোত্তম, অৰ্থাৎ শ্ৰেষ্ঠ মানুহগীতাৰ পঞ্চদশ অধ্যায়ক সেয়েহে পুৰুষোত্তম যোগ বুলি কোৱা হয়”।

“তেনেকুৱা মানুহেই আচল জ্ঞানী মানুহ নেকি ককা”? ৰাণীয়ে সুধিলে।

“গীতাৰ পঞ্চদশ অধ্যায়ৰ অন্তিম ২০ নং শ্লোকত কোৱা হৈছে –
ইতি গুহ্যতমং শাস্ত্ৰমিদমুক্তং ময়ানঘ।
এতদ্‍ বুদ্ধা বুদ্ধিমান্‍ স্যাৎ কৃতকৃত্যশ্চ ভাৰত।।
অৰ্থাৎ ভগবানে ষ্পষ্ট ভাষাত কৈছেযে সকলো শাস্ত্ৰৰ মূল কথা এয়াইযে পৰমপিতা পৰমেশ্বৰ ভগৱানেই হ’ল সৰ্বশক্তিমান, সৰ্বজ্ঞ আৰু সকলোৰে ভাগ্য নিয়ন্তা। বেদ, উপনিষদ, কোৰান, বাইবেল সকলোতে এই একেটাই কথা কোৱা হৈছে। এই মহান সত্য শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধক্ষেত্ৰত অৰ্জুনক কৈছে। শ্ৰীকৃষ্ণই অৰ্জুনক এইবুলিও কৈছেযে যিজনে এই কথা বুজিব পাৰিছে, তেৱেঁই প্ৰকৃততে জ্ঞানী। এনে জ্ঞানীলোকেই নিজৰ সকলো প্ৰচেষ্টাত সফল হয় আৰু তেনে ব্যক্তিয়েই হয় পুৰুষোত্তম অৰ্থাৎ উত্তম মানুহ”ককাকে ক’লে।

ইতিমধ্যে বতাহ এজাক জোৰেৰে ববলৈ আৰম্ভ কৰিছিল। আকৌ যেন ধুমুহা এজাক আহি, এনে অনুভৱ হ’ল।

“ব’ল, আমি ঘৰলৈ যাওঁ। আকৌ ধুমুহা আহিব যেন লাগিছে”। ককাকে বহাৰ পৰা উঠিল।

“ককা, ধুমুহাও ভগৱানৰ ইচ্ছাতে আহিব নহয়নে’? প্ৰীতিয়ে সুধিলে।

“এৰা, এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো কাৰ্য ভগৱানৰ ইচ্ছামতেই হয়। আনকি সূৰ্য, চন্দ্ৰ, গ্ৰহ নক্ষত্ৰ সকলো ভগবানৰ ইচ্ছাতেই চলি আছে। বতাহ, বৰষুণ, ধুমুহা আদিও ভগৱানে নিয়ন্ত্ৰণ কৰা শক্তি”। কথাখিনি কৈ ককাকে আটাইকে লগত লৈ ঘৰৰ পিনে আগবাঢ়িল।


বাটে বাটে ককাকে কৈ গ’ল, “সকলোৱে মই কোৱা কথাখিনি মনত ৰাখিবি। জীৱনত কেতিয়াও ভগৱানক পাহৰি নাযাবি। গছ এজোপাৰ ঘাই শিপাৰ দৰে ভগৱানেই মানুহৰ জীৱনৰ মূল, এই কথা অনুভৱ কৰিবলৈ চেষ্টা কৰিবি। আমি যেতিয়া কোনো সংশয় নোহোৱাকৈ ভগৱানকে নিজৰ গৰাকী হিচাপে মানি ল’ব পাৰিম, তেতিয়াই আমাৰ জীৱন অতি উত্তম আৰু আনন্দময় হৈ পৰিব”। 

No comments:

Post a Comment