Thursday, August 25, 2022

গীতাৰ মণি মুকুতাবোৰ - ১৬


ভাল মানুহ হোৱাৰ উপায়

আমি বাস কৰা সমাজত থকা মানুহবোৰৰ কিছুমান ভাল আৰু কিছুমান বেয়া। একে সমাজত, একে পৰিৱেশত আনকি একে পৰিয়ালত থকা কিছুমান মানুহ ভাল আৰু কিছুমান মানুহ বেয়া কেনেকৈ হয়?
গীতাত কৈছে, মানুহ ভাল বা বেয়া হয় তেওঁলোকৰ গাত থকা গুণৰ বাবে। কিছুমান মানুহৰ গাত দৈৱ গুণ থাকে আৰু কিছুমান মানুহৰ গাত আসুৰিক গুণ থাকে। এই গুণবোৰেই মানুহ এজনক দেৱতাসদৃশ বা অসুৰসদৃশ কৰিব পাৰে।
গীতাৰ ষষ্ঠদশ অধ্যায়ক কোৱা হয় দৈৱাসুৰসম্পদবিভাগ যোগ। অৰ্থাৎ দেৱতা আৰু অসুৰৰ লক্ষণ আৰু গুণাগুণ সমূহ ইয়াত আলোচনা কৰা হৈছে।
দৈৱ গুণ হ’ল সেইবোৰ গুণ যিবোৰে মানুহক দেৱতাৰ দৰে কৰি তোলে। যিবোৰ মানুহে সদায় ভক্তিভাৱেৰে ভগৱানৰ স্মৰণ কৰে, মন নিৰ্মল কৰি ৰাখে, নিজৰ ইন্দ্ৰিয় সমূহ সদায় দমন কৰি ৰাখে, কোনো কথা বা কামেৰে আনক কষ্ট নিদিয়ে, কেতিয়াও পৰনিন্দা নকৰে, নিজৰ অপকাৰ কৰা জনৰ প্ৰতিও খং নকৰে, সদায় ক্ষমাশীল আৰু ধৈৰ্যশীল হয়, সদায় সহজ সৰল অহংকাৰ শূণ্য জীৱন যাপন কৰে তেওঁলোক হ’ল দৈৱগুণ সম্পন্ন মানুহ। এনেবোৰ গুণক সাত্বিক গুণ বুলিও কোৱা হয়। মানুহৰ গাত দেখা পোৱা এই গুণ সমূহেই দৈৱ গুণ।
আনহাতে, যিবোৰ গুণে মানুহক অসুৰৰ দৰে কৰি তোলে সেইবোৰেই হৈছে আসুৰিক গুণ। দম্ভ, দৰ্প, অভিমান, ক্ৰোধ, ৰুক্ষতা আৰু অজ্ঞতা এইবোৰেই হ’ল আসুৰিক গুণ। এইবোৰ মানুহ অলপ শিক্ষা বা ধন আহৰণ কৰিয়েই দাম্ভিক আৰু অহংকাৰী হৈ পৰে। নিজে সন্মানৰ যোগ্য নোহোৱা স্বত্বেও আনৰ পৰা সন্মান দাবী কৰে। সৰু সৰু কথাতে খং কৰে, আনৰ লগত ৰুক্ষভাৱে কথা কয়, আৰু নিজৰ ইচ্ছা মতে নিজৰ ইন্দ্ৰিয় বোৰক তুষ্ট কৰিবলৈ কাম কৰে। ৰাজসিক আৰু তামসিক গুণৰ প্ৰভাৱতে মানুহে এনে আসুৰিক প্ৰবৃত্তি প্ৰদৰ্শন কৰে।
অৰ্জুনে শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিলে, কিছুমান মানুহৰ গাত দৈৱ গুণ আৰু কিছুমানৰ গাৰ আসুৰিক গুণ কিয় থাকে?
শ্ৰীকৃষ্ণই বুজাই দিলে, মানুহে নিজৰ কৰ্মফল অনুসৰি মৃত্যুৰ পিছতো এই পৃথিৱীত পুনৰ জনম লয়। মানুহে পূৰ্ব জন্মৰ গুণ আৰু কৰ্মৰ ফল লৈ নতুন জন্ম লাভ কৰে। সেয়েহে কিছুমান মানুহৰ গাত দৈৱ গুণ আৰু কিছুমানৰ গাত আসুৰিক গুণ দেখা পোৱা যায়।
অৰ্জুনে আকৌ সুধিলে, দৈৱ গুণ আৰু আসুৰিক গুণৰ মানুহ কাৰ ঘৰত জন্ম ল’ব, সেইবোৰ কেনেকৈ নিৰ্ণয় হয়?
শ্ৰীকৃষ্ণই ক’লে, পিতৃ মাতৃ যেতিয়া সাত্বিক ভাৱপন্ন হয় আৰু তেওঁলোকে ঈশ্বৰক চিন্তা কৰি সন্তানৰ কামনা কৰে, তেওঁলোকে দৈৱ গুনসম্পন্ন সন্তান লাভ কৰে। আকৌ পূৰ্ব জন্মত যিসকলে কৰ্মৰ দ্বাৰা দৈৱগুণসমূহ আয়ত্ব কৰিব পাৰিছে, তেওঁলোকেই এনে সাত্বিক ভাৱাপন্ন পিতৃ মাতৃৰ সন্তানৰ ৰূপত জন্ম হয়। জন্মৰ সময়ত দৈৱ গুণসম্পন্ন নহ’লেও সাত্বিক পিতৃ মাতৃৰ ঘৰত ওপজা সন্তানে লাহে লাহে দৈৱ গুন সমূহ আয়ত্ব কৰিবলৈ লয়।
আনহাতে যিসকল পিতৃ মাতৃয়ে লাহ বিলাহ, আমোদ প্ৰমোদত জীৱন যাপন কৰে, যিসকলে সাত্বিক কৰ্মলৈ পিঠি দি ৰাজসিক আৰু তামসিক কৰ্মত মত্ত হয়, যিসকলে সন্তানৰ কামনা কৰোঁতে ঈশ্বৰৰ চিন্তা সমূলি নকৰে, তেওঁলোকে আসুৰিক গুণসম্পন্ন সন্তান লাভ কৰে। আকৌ তেনে পিতৃ মাতৃৰ ঘৰত ওপজা সন্তানে লাহে লাহে অধিক আসুৰিক গুণ আয়ত্ব কৰিবলৈ কয়।
যিবিলাক মানুহে সমাজৰ নীতি নিয়ম মানি চলিব নিবিচাৰে, নিজৰ ইচ্ছা মতেই কৰ্ম আৰু অপকৰ্মবোৰ কৰি যায়, কোনো কাম নিকা মনোভাৱেৰে নকৰে, সদাচাৰী আৰু সত্যবাদী নহয়, সেইবোৰকে গীতাত আসুৰিক মনোভাৱৰ মানুহ বোলা হৈছে।
গতিকে আমি যদি কোনো আসুৰিক গুণসম্পন্ন মানুহক লগ পাওঁ, এই কথা বুজিব লাগিবযে সেইজন মানুহে আচলতে পূৰ্ব জন্মৰ কৰ্মৰ ফল ভোগ কৰিছে। তেওঁ ডাঙৰ দীঘল হোৱা পৰিয়ালৰ পৰাও তেওঁ কিছুমান আসুৰিক গুণ আয়ত্ব কৰিছে। তেওঁ দৈৱ গুণ আয়ত্ব কৰিবলৈ সুবিধা পোৱা নাই। আমি এইখিনি কথা বুজি পালে আমাৰ তেওঁৰ প্ৰতি খং নুঠে, পুতৌহে জাগিব।
কিছুমান মানুহে ভগৱানক নামানে, কাৰণ তেওঁলোকে নিজৰ মাজতোযে ভগৱানৰ অংশ আছে এই কথা মানি ল’ব নোৱাৰে। আত্মাৰ বিষয়ে আৰু আত্মা পৰমাত্মাৰ সম্বন্ধৰ বিষয়েও তেওঁলোক তেনেই অজ্ঞ। তেওঁলোকে নিজকে সৰ্বশক্তিমান আৰু কেতিয়াবা ঈশ্বৰ বুলিও ভাবিবলৈ লয়।
তেওঁলোকে এই পৃথিৱীত যিমান আমোদ প্ৰমোদ, ৰং ৰহইচ আছে, সকলো উপভোগ কৰিব বিচাৰে। তেওঁলোকে বিশাল ধন সম্পত্তিৰ গৰাকী হ’বলৈ অহৰহ মনোবাঞ্ছা কৰে। ইন্দ্ৰিয়ক সন্তুষ্ট কৰিবলৈ তেওঁলোক আন প্ৰাণী বা আন মানুহৰ প্ৰতি নিৰ্মম হ’বলৈকো কুণ্ঠাবোধ নকৰে। এনেবিলাক মানুহেই তেওঁলোকৰ আসুৰিক প্ৰবৃত্তিৰ বাবে কিছুমান ভয়ংকৰ কামত লিপ্ত হয়। তেওঁলোকৰ এনে কামৰ বাবে আন মানুহে বহুত কষ্ট পায়। এনে লোকসকলৰ বাবেই সমাজৰ বহুতো ক্ষতি হয়।
অৰ্জুনে সুধিলে, আসুৰিক প্ৰবৃত্তিৰ মানুহে তেওঁলোকৰ কাৰণে শাস্তি পায়নে?
শ্ৰীকৃষ্ণই ক’লে, কৰ্মৰ ফল সকলোৱে ভোগ কৰিবই লাগিব। কোনেও সাৰি যাব নোৱাৰে। আসুৰিক গুনসম্পন্ন মানুহে দম্ভ, অহংকাৰ, মিথ্যাচাৰ, কামভাৱ আদিৰ কবলত পৰি ইন্দ্ৰিয়বিলাকৰ বশ হৈ পৰে আৰু নানান অপকৰ্মত লিপ্ত হয়। তেওঁলোকে ইন্দ্ৰিয়ৰ পৰিতৃপ্তিকে জীৱন বুলি ভাবিবলৈ লয়। ইয়াৰ ফলত জীৱনৰ অন্তিম দিনলৈ তেওঁলোকৰ দুশ্চিন্তাৰ ওৰ নপৰে। মৃত্যুৰ পিছতো তেওঁলোকে পুনৰ জন্ম লৈ আকৌ কষ্ট ভোগ কৰে।
অৰ্জুনে জানিব খুজিলে, তেনে মানুহবোৰে বুজি নাপায় নেকিযে তেওঁলোকে কৰা বেয়া কামৰ কাৰণে তেওঁলোকে শাস্তি পাব লাগিব?
শ্ৰীকৃষ্ণই ক’লে, আসুৰিক প্ৰকৃতিৰ মানুহবোৰৰ সেই চেতনাবোধ হেৰাই যায়। ধন সম্পত্তি, টকা পইছা, আমোদ প্ৰমোদৰ পিছে পিছে তেওঁলোক লৱৰি ফুৰে। তেওঁলোকে নিজৰ যিখিনি ধন সম্পত্তি আছে, সেইখিনিত কেতিয়াও সন্তুষ্ট নহয়। তেওঁলোকে সদায় আৰু অধিক ধন সম্পত্তি আহৰণৰ সপোন দেখি থাকে আৰু সৎ আৰু অসৎ দুয়োটা উপায়েৰে ধন গোটাই সম্পত্তিৰ পাহাৰ গঢ়ে। সজ উপদেশ দিয়া লোকসকলকো তেওঁলোকে শত্ৰুজ্ঞান কৰে। তেওঁলোকে নিজকে আনতকৈ চহকী, শক্তিশালী আৰু সুখী বুলি ভাবে। তেওঁলোকে পূজা পাতল আৰু যজ্ঞ কৰি, দান দক্ষিণা দি মনক প্ৰবোধ দিয়ে যদিও ঈশ্বৰৰ ওচৰ চাপিব নোৱাৰে। অজ্ঞান অন্ধকাৰে তেওঁলোকক সদায় মোহাচ্ছন্ন কৰি ৰাখে আৰু সদায় চৰম দুশ্চিন্তাত বিভ্ৰান্ত হৈ, মোহৰ জালত আবদ্ধ হৈ দিন নিয়ায়।
গীতাৰ ষষ্ঠদশ অধ্যায়ৰ ১৯ নং শ্লোকত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে –
তানহং দ্বিষত: ক্ৰুৰান্ সংসাৰেষু নৰাধমান্
ক্ষিপাম্যজস্ৰমশুভানুনাসুৰীষেৱ য়োনিষু।।
অৰ্থাৎ সেই আসুৰিক গুণসম্পন্ন নৃশংস আৰু নৰাধমহঁতক ভগৱানে চিৰকাললৈ জন্ম মৃত্যুৰ চক্ৰলৈ ঠেলি দিয়ে আৰু তেওঁলোকে বাৰে বাৰে আসুৰিক প্ৰকৃতিৰ মানুহৰ ঘৰতে জন্ম লৈ দুখ কষ্ট ভোগ কৰে। বাৰে বাৰে আসুৰিক স্বভাৱ পাই এই জীৱাত্মাবোৰে কেতিয়াও ভগৱানৰ ওচৰ চাপিব নোৱৰা হয়।
অৰ্জুনে সুধিলে, আসুৰিক স্বভাৱৰ মানুহে আকৌ ভাল মানুহ হ’ব নোৱাৰে নেকি? তেওঁলোকে কেতিয়াও মুক্তি পাব নোৱাৰে নেকি?
শ্ৰীকৃষ্ণই ক’লে, মানুহে আসুৰিক গুণৰ ঠাইত দৈৱ গুণৰ সাধনা কৰিবলৈ ল’লে নিশ্চয় মুক্তিৰ পথ বিচাৰি পাব। গীতাত ইয়াৰ এক অতি সহজ উপায়ৰ বিষয়ে কোৱা হৈছে। আসুৰিক স্বভাৱৰ মানুহে নিজকে সংশোধন কৰিবলৈ হ’লে মূলত: তিনিপ্ৰকাৰৰ বেয়া গুণৰ পৰা নিজকে সংশোধন কৰিব লাগিব। সেইকেইটা হৈছে কাম, ক্ৰোধ আৰু লোভ। কাম হৈছে মনৰ মাজত থকা কামনা বাসনা, যিবোৰ তৃপ্ত হোৱাটো মানুহে বিচাৰে। সেইখিনি তৃপ্ত নহ’লে মানুহৰ মনত ক্ৰোধ জাগি উঠে। আকৌ কামনা বাসনা তৃপ্ত হ’লে মানুহৰ সেই বিষয়ৰ প্ৰতি মনত মোহ আৰু লোভ ওপজে। সেয়ে এই তিনিটাৰ পৰা পৰিত্ৰাণ পাব পাৰিলেই আসুৰিক গুণৰ ঠাইত দৈৱ গুণে লাহে লাহে খোপনি পোতে।
দৈৱগুণসম্পন্ন মানুহৰ গাত বহুতো ভাল গুণ থাকে। কিন্তু তেওঁলোকো যদি যদি কাম, ক্ৰোধ আৰু লোভৰ কবলত পৰে, তেওঁলোকৰ ভাল গুণসমূহো ক্ষয় হ’বলৈ ধৰে। সেইকাৰণে গীতাত কাম, ক্ৰোধ আৰু লোভক নৰকৰ দুৱাৰ বুলি কৈছে। যিবোৰ মানুহে এই তিনিখন দুৱাৰেৰে প্ৰৱেশ কৰে, অৰ্থাৎ কাম, ক্ৰোধ আৰু লোভৰ বশৱৰ্তী হয়, তেওঁলোকৰ মাজত আসুৰিক গুণ সমূহে খোপনি পোতে আৰু জীৱন দুৰ্বিসহ কৰি তোলে।
গীতাৰ ষষ্ঠদশ অধ্যায়ৰ শ্লোক নং ২৪ত কোৱা হৈছে –
তস্মাচ্ছাস্ত্ৰং প্ৰমাণং তে কাৰ্য়াকাৰ্য়ৱ্যৱস্থিতৌ।
জ্ঞাত্বা শাস্ত্ৰৱিধানোক্তং কৰ্ম কৰ্তুমিহাৰ্হসি।।
অৰ্থাৎ আমি দৈৱ গুণৰ বিকাশ কৰিবলৈ হ’লে শাস্ত্ৰৰ কথা মানি চলিব লাগিব। মানুহৰ কৰ্তব্য আৰু অকৰ্তব্য নিৰ্ধাৰণ কৰিবৰ বাবে শাস্ত্ৰই হ’ল একমাত্ৰ উপায়। যিদৰে মেছিন এটা ভালদৰে চলাবলৈ সেই মেছিনটোৰ নিৰ্দেশ-পুস্তিকা বা মেনুৱেল খন মতে কাম কৰিব লাগে, সেইদৰে আমাৰ জীৱনটো ভালদৰে চলিবলৈ হ’লেও আমি শাস্ত্ৰই দিয়া দিহামতে চলিব লাগে। ইয়াত পৰোক্ষভাৱে আমাক গীতাৰ কথা সকলো সময়তে মানি চলিবলৈ শ্ৰীকৃষ্ণই উপদেশ দিছে। গীতাৰ মূল কথাই হ’ল ভগৱানৰ প্ৰতি ভক্তি আৰু ভগৱানৰ ওচৰত আত্মসমৰ্পন। আমি কেৱল এই দুটা কথা মনত ৰাখিলে আমি আসুৰিক গুণ সমূহৰ পৰা আঁতৰি থাকিব পাৰিম।
গীতাৰ ষষ্ঠদশ অধ্যায়ত ইয়াকে কৈছেযে, ভগৱানৰ ভক্ত এজনৰ মাজলৈ আপোনা আপুনি দৈৱ গুণ আহিবলৈ লয়। সেয়েহে আমি সদায় সকলো কামতে ভক্তিভাৱেৰে ভগৱানক স্মৰণ কৰিব লাগে। যেতিয়াই কাৰোবাৰ আচৰণে আমাক অসন্তুষ্ট কৰে, মনত খং তোলে, তেতিয়াই আমি ভাবিব লাগেযে মানুহজনৰ মাজত থকা আসুৰিক গুণসমূহেহে তেওঁক এনে আচৰণ কৰিবলৈ প্ৰৰোচিত কৰিছে।
May be a cartoon of text that says 'GOOD BAD'
Sanjib Handique and Smriti Rekha Goswami

No comments:

Post a Comment