Sunday, February 19, 2017

অষ্টাদশ অধ্যায়: সন্যাসোত্কৰ্ষ যোগ

সাৰাংশ

নীলহঁতৰ ককাকৰ গাৱঁলৈ উভতি যাবলৈ হ’ল। সেইবাবে ল’ৰা ছোৱালী কেইটিৰ মন বেয়া। এই কেইদিন আটাইকেইটাই ককাকৰ পৰা গীতাৰ কথাৰ লগতে বহুত ভাল ভাল কথা শিকিবলৈ পাইছিল।
“ককা, তুমি গাৱঁলৈ গ’লে আমাক গীতাৰ কথা কোনে ক’ব”? ৰাণীয়ে ককাকৰ ওচৰলৈ গৈ ক’লে।

“মই গীতাৰ কথা শেষ নকৰাকৈ নাযাওঁ নহয় মাজনী। মাত্ৰ শেষৰ অধ্যায়টোহে ক’বলৈ বাকী আছে। এইটো অধ্যায় শেষ হ’লেই গীতাৰ কথা শেষ হ’ব”। ককাকে তাইক ওচৰত বহুৱাই ক’লে।

“শেষৰ অধ্যায়ত কি আছে ককা? শ্ৰীকৃষ্ণই অৰ্জুনক কোৱা কথাখিনি শেষ হ’ব নহয়নে? অৰ্জুনে চাগে’ যুদ্ধ কৰিবলৈ যাব”। ৰাণীয়ে উত্সাহেৰে ক’লে।

“শেষৰ অধ্যায়টো গীতাৰ প্ৰথম সোতৰটা অধ্যায়ৰ সাৰাংশ বুলি ক’ব পাৰি। এই অধ্যায়ত শ্ৰীকৃষ্ণই আগতে কোৱা সকলো কথাৰে মূল কথাবোৰ অৰ্জুনক আকৌ কৈছে। তহঁতে যে পৰীক্ষাৰ কাৰণে খৰচি মাৰি পঢ়াৰ পিছত পৰীক্ষাৰ আগদিনা আকৌ এবাৰ পঢ়াখিনি ৰিভাইজ কৰ, সেইদৰে এই অধ্যায়ত গীতাৰ মূল কথাখিনি ৰিভাইজ কৰা হৈছে। সেই কাৰণে এই অধ্যায়টোৰ বিষয়ে জনাটো অতি আৱশ্যকীয়”। ককাকে ক’লে।

“প্ৰীতিহঁতৰ মাক দেউতাকে মাজত যে কেইবাটাও অধ্যায় শুনিবলৈ আহিব নোৱাৰিলে সেই কাৰণে দুখ কৰিছে”। ৰাণীয়ে ক’লে।

“এটা কাম কৰ, আজি সন্ধিয়া সকলোকে মাতি দে। প্ৰীতি হঁতৰ মাক দেইতাক, ডাক্তৰ ৰহমান, প্ৰফেছাৰ জোছেফ সকলোকে মাতিবি। তহঁত সৰু ল’ৰা ছোৱালী আটাইকেইটা আহিবি। আজি আমি গীতাৰ সাৰ মৰ্ম বুজিবলৈ চেষ্টা কৰিম”। ককাকে ক’লে।

সন্ধিয়া সময়ত আটাইবোৰ মানুহ গোট খালে। ককাকে পুথিখন মেলি বহিল।

“আজি আমি গীতাৰ শেষ অধ্যায়ৰ কথা কম। মাজতে যিসকলৰ গীতাৰ কথা শুনিবলৈ সুবিধা নহ’ল, তেওঁলোকে এইখিনি কথা মন দি শুনিলেও হ’ব। আগৰ সোতৰটা অধ্যায়ৰ সাৰাংশ এই অধ্যায়তে আছে”। ককাকে ক’লে।

“বৰ ভাল কথা। আমি একে বহাতে সকলো কথা জানিব পাৰিমমই আহিম আহিম বুলিও আহিব পৰা নাই।” ডাক্তৰ ৰহমানে হাঁহি মাৰি ক’লে।

“হয় দেউতা, গীতাৰ সাৰাংশ জানিবলৈ মোৰো মন গৈছে”, নীলৰ দেউতাকে ক’লে।

“একেশাৰীত ক’বলৈ হ’লে গীতাৰ মূল কথা হ’ল আমি সকলোৱে পৰম পুৰুষ পৰমেশ্বৰ ভগৱানৰ প্ৰতি ভক্তি কৰিব লাগে। গীতাৰ প্ৰথম ছয়টা অধ্যায়ত কোৱা হৈছে যে নিজৰ কাম ভালদৰে কৰিও ভগৱানৰ ভক্ত হ’ব পাৰি। তাৰ পিছৰ ছয়টা অধ্যায়ত কোৱা হৈছে যে শুদ্ধ ভক্তিৰে ভগৱানৰ ওচৰত আত্ম সমৰ্পন কৰাটোৱেই হ’ল মুক্তিৰ পথ। তাৰ পিছৰ অধ্যায় কেইটাত জ্ঞান, সন্যাস অৰু ত্যাগৰ দ্বাৰা ভগৱানৰ ভক্ত হোৱাৰ পথ দেখুওৱা হৈছে”।

“জ্ঞান, সন্যাস আৰু ত্যাগৰ দ্বাৰা ভগৱানৰ ভক্ত হোৱাৰ কথাটো মই ভালদৰে বুজা নাই ককা”, নীলে মাত লগালে।

“গীতাৰ দ্বাদশ অধ্যায়ৰ পৰা সপ্তদশ অধ্যায়লৈ আমি পাইছো আমি কেনেকৈ আহাৰ গ্ৰহণ কৰিব লাগে, আমাৰ টোপনি কেনে হ’ব লাগে,  মাংগলিক কাৰ্য কেনে হোৱা উচিত, আমাৰ যজ্ঞ আৰু দান কেনে হোৱা উচিত। এয়াই হ’ল জ্ঞান। এই জ্ঞানৰ সহায়ত আমি আমাৰ জীৱনটো সুপৰিচালিত কৰিব পাৰোঁ আৰু ভগৱানৰ প্ৰিয়পাত্ৰ হ’ব পাৰোঁ। আমি এতিয়া সন্যাস আৰু ত্যাগৰ কথা জানিবলৈ চেষ্টা কৰিম”। ককাকে ক’লে।

“সন্যাস আৰু ত্যাগ মানেনো কি ককা? ভালদৰে বুজাই কোৱাচোন”, ৰাণীয়ে ক’লে।

“অৰ্জুনেও শ্ৰীকৃষ্ণক এই একেটা প্ৰশ্নই কৰিছিল। গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে  যে যিবোৰ কাম কিবা ফল পোৱাৰ আশাত কৰা হয়, সেইবোৰৰ ত্যাগ কৰাটোৱেই হ’ল সন্যাস। আমি ভগৱানৰ প্ৰতি ভক্তি সহকাৰে সকলো কাম কৰিব লাগে আৰু সকলো কামৰ ফল ভগৱানক উচৰ্গা কৰিব লাগে। আমি নিজৰ সুখ সুবিধাৰ কাৰণে কৰা কামবোৰ বৰ্জন কৰাটোকে গীতাত সন্যাস বুলি কোৱা হৈছে”। ককাকে ক’লে।

“বা: কি সুন্দৰ কথা। সন্যাসী সকলেতো তাকেই কৰে। নিজৰ সুখ সুবিধা সকলো ত্যাগ কৰি তেওঁলোকে অনবৰতে ভগৱানৰ ধ্যান কৰি থাকে”। অভিৰ দেউতাকে ক’লে।

“ককা, সন্যাস আৰু ত্যাগ একে নহয় নেকি। সন্যাসীবোৰেও দেখোন সকলো ত্যাগ কৰে”, নীলে সুধিলে।

“সন্যাস আৰু ত্যাগ একে যেন লাগিলেও দুয়োটাৰে পাৰ্থক্য আছে। ফল আশা কৰি কৰা সকলো কাম ত্যাগ কৰাটো হ’ল সন্যাস। আকৌ আমি কৰা যিকোনো কামৰে ফল স্ব ইচ্ছাই গ্ৰহণ নকৰাটোৱেই হৈছে ত্যাগ। বুজি পাইছনে”? ককাকে নীলৰ মুখলৈ চালে।

“বুজিছোঁ ককা। কিন্তু ককা, আমি দেখোন পৰীক্ষাত ভাল নম্বৰ পাবলৈ পঢ়া শুনা কৰোঁ। পঢ়া শুনা কৰোঁতেও আমাৰ ফল লাভৰ আশা থাকে। আমি পঢ়া শুনা কৰাও ত্যাগ কৰিব লাগিব নেকি”? নীলে প্ৰশ্ন কৰিলে।

“গীতাৰ অষ্টাদশ অধ্যায়ৰ ৬ নং শ্লোকত কোৱা হৈছে –
এতান্যপি তু কৰ্মাণি সংগং ত্যক্ত্বাং ফলানি চ।
কৰ্তৱ্যানীতি মে পাৰ্থ নিশ্চিতং মতমুত্তমম্‍।।

ইয়াৰ অৰ্থ হ’ল যিবোৰ আমাৰ কৰ্তব্য, সেইবোৰ আমি কোনো আসক্তি  নোহোৱাকৈ আৰু ফলৰ আশা নকৰাকৈ কৰিবই লাগিব। পঢ়া শুনা কৰাতো তহঁতৰ কৰ্তব্য। পঢ়ি শুনি জ্ঞান অৰ্জন কৰাটোহে তহঁতৰ লক্ষ্য হ’ব লাগে, ভাল নম্বৰ পোৱাটো নহয়। জ্ঞান অৰ্জন কৰিলে নম্বৰ আপোনা আপুনি আহিব। আমি সকলোৱে নিজৰ কৰ্তব্য কৰিবই লাগিব, কিন্তু সেই কৰ্তব্যৰ পৰা ফলৰ আশা বাদ দি, নিজৰ উত্কৰ্ষ সাধনকহে লক্ষ্য কৰি ল’ব লাগিব”। ককাকে ক’লে।

“কিন্তু কোনোবাই যদি ভুলকৈ বুজি নিজৰ কাম বন বাদ দি বহি থাকে? গীতাত সকাম কৰ্ম ত্যাগ কৰিবলৈ দিয়া কাৰণে কোনোবাই যদি একেবাৰে কাম কৰিবলৈকে বাদ দিয়ে, তেতিয়াচোন অথন্তৰ হ’ব”, প্ৰফেছৰ জোছেফে ক’লে।

“নিজৰ কৰ্তব্য বা বিহিত কৰ্ম ত্যাগ কৰাটো গীতাত তামসিক ত্যাগ বোলা হৈছে। তেনে ত্যাগে ভগৱানক সন্তুষ্ট কৰিব নোৱাৰে। সেইদৰে কোনো মানুহে দুখৰ কাম বুলি ভাবি বা শৰীৰে কষ্ট পোৱাৰ ভয়ত কৰ্তব্য ত্যাগ কৰাটোকে গীতাত ৰাজসিক ত্যাগ বোলা হৈছে। তামসিক আৰু ৰাজসিক ত্যাগৰ দ্বাৰা মানুহে কোনো আধ্যাত্মিক ফল লাভ কৰিব নোৱাৰে”। ককাকে ক’লে।

“তেনেহ’লে ত্যাগ কেনে হ’ব লাগে ককা”? অভিয়ে সুধিলে।

“ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে আমি যিকোনো পৰিস্থিতিতে আমাৰ কৰ্তব্য পালন কৰিবই লাগিব। নিজৰ কৰ্তব্য কৰিও সেই কামৰ পৰা ফল আশা নকৰাটোৱেই হৈছে প্ৰকৃত ত্যাগ। সেইদৰে নিজৰ কৰ্তব্য কৰোঁতেও সকলো ধৰণৰ আসক্তিৰ পৰা আঁতৰি থকাটো হ’ল ত্যাগ। ছাত্ৰ এজনৰ বাবে পঢ়া শুনা কৰি জ্ঞান আহৰণ কৰাটো হ’ল কৰ্তব্য। এই কৰ্তব্য পালন কৰোঁতে তেওঁ আনকি নিজৰ বিদ্যালয়, শিক্ষক বা সহপাঠী সকলৰ প্ৰতিও আসক্ত হ’ব নালাগে। ছাত্ৰ এজনে জ্ঞান আহৰণৰ বাবে যি ত্যাগ স্বীকাৰ কৰে সেয়েই হ’ল সাত্ত্বিক ত্যাগ”। ককাকে বুজাই দিলে।

“ককা, মানুহে সকলো কামৰে ফল ত্যাগ কৰাটো জানো সম্ভৱ”? নীলে সুধিলে।

“ঠিকেই। আমাৰ দৰে সাধাৰণ মানুহৰ বাবে সকলো কামৰে ফল ত্যাগ কৰাটো বাস্তৱত সম্ভৱ নহয়। যিজনে নিজৰ সকলো কামৰ ফল ত্যাগ কৰিব পাৰে, তেওঁহে প্ৰকৃত ত্যাগী”। ককাকে ক’লে।

“আমি যিবোৰ কাম কৰোঁ, সেইবোৰৰ নিশ্চয় কিবা নহয় কিবা উদ্দেশ্য বা লক্ষ্য থাকে। একো উদ্দেশ্য বা লক্ষ্য নোহোৱাকৈ কোনোবাই কাম কৰিব জানো? কাম কৰাৰ পিছতো যদি ফল উপভোগ কৰিবলৈ নাপায়, মানুহে কাম কৰিবলৈ কাৰণেই বিচাৰি নাপাব চোন”, ডাক্তৰ ৰহমানে ক’লে।

“সকলো কামৰে কোনো লক্ষ্য বা উদ্দেশ্য নিশ্চয় থাকিব লাগিব। কিন্তু সেই লক্ষ্য কেৱল ফলপ্ৰাপ্তি নহবও পাৰে। বেদত কোৱা হৈছে যে মানুহৰ যিকোনো কাম কৰিবলৈ পাঁচবিধ কাৰণ আছে। এই কাৰণ সমূহ হ’ল – কৰ্ম অধিস্থান বা দেহটোৰ দাবী, কৰ্মকৰ্তাজন বা আত্মাৰ আহ্বান, ইন্দ্ৰিয় সমূহৰ তুষ্টি, আন্তৰিক উত্সাহ - অনুপ্ৰেৰণা আৰু পৰমাত্মা বা পৰমেশ্বৰৰ নিৰ্দেশ। মানুহে দেহ, বাক্য আৰু মনেৰে উচিত ব অনুচিত যি কামেই নকৰক কিয়, এই পাঁচবিধৰ কোনোবা নহয় কোনোবাটো কাৰণ থাকিবই লাগিবমানুহে নিজকে সকলো কামৰ কৰ্তা বুলি ভাবে, কিন্তু প্ৰকৃততে এই পাঁচটা কাৰণতহে মানুহৰ দ্বাৰা কোনো কাম হয়”ককাকে ক’লে।

“এইটো বৰ মন কৰিবলগীয়া কথা। আমি যি কাম কৰোঁ সেইবোৰৰ কৰ্তা আমি নহয়, আন কিবা কাৰণেহে আমাৰ দ্বাৰা কামবোৰ কৰোৱাইছে। মানুহে বেছিভাগ কামেই হয়তো দেহৰ দাবী আৰু ইন্দ্ৰিয়ৰ তুষ্টিৰ বাবেই কৰোঁ”। নীলৰ দেউতাকে ক’লে।

“ঠিকেই। কিন্তু যিবোৰ কাম আন্তৰিক অনুপ্ৰেৰণা, আত্মাৰ আহ্বান আৰু পৰমেশ্বৰৰ নিৰ্দেশত কৰা হয়, সেইবোৰ কামৰ বন্ধনত আমি সোমাই নপৰোঁ। সেইবোৰ কামৰ পৰা ব্যক্তিগত ফলৰ কথাও মানুহে নাভাবে। তেনে কামেই হ’ল শ্ৰেষ্ঠ কাম”। ককাকে ক’লে।

“ককা, আন্তৰিক অনুপ্ৰেৰণা মানুহে কেনেকৈ লাভ কৰে”? প্ৰীতিয়ে সুধিলে।

“গীতাত কৈছে, জ্ঞান, জ্ঞেয় আৰু জ্ঞাতা এই তিনিবিধে মানুহক কামৰ বাবে অনুপ্ৰেৰণা দিয়ে। নিজস্ব প্ৰচেষ্টাৰে জ্ঞান লাভ কৰাৰ ষ্পৃহা, আনৰ পৰা জ্ঞান  আহৰণৰ মানসিকতা আৰু আনক জ্ঞান দিয়াৰ হেপাহ এই তিনিবিধেই হ’ল মানুহৰ আন্তৰিক অনুপ্ৰেৰণাৰ উত্স। জ্ঞান লাভৰ বা জ্ঞান বিতৰণৰ হেপাহে মানুহক কৰ্তব্য কৰিবলৈ আন্তৰিক অনুপ্ৰেৰণা দিয়ে”। ককাকে ক’লে।

“এইযে জ্ঞানৰ কথা কোৱা হৈছে, এইটো কেনে ধৰণৰ জ্ঞান? কেৱল ভগৱানৰ বিষয়ে জ্ঞানৰ কথা কোৱা হৈছে নেকি”? অভিৰ দেউতাকে সুধিলে।

“গীতাত কেৱল ভগৱানৰ জ্ঞানৰ কথা কোৱা নাই। সাত্ত্বিক, ৰাজসিক আৰু তামসিক এই তিনিটা গুণ অনুসৰি জ্ঞানো বেলেগ বেলেগ প্ৰকাৰৰ। যি জ্ঞানৰ জৰিয়তে মানুহে আনৰ চকুত ভিন্ন জীৱসমূহৰ মাজত একেজন ভগৱানৰ অস্তিত্ব দেখিবলৈ পায়, আৰু সকলো জীৱকে সমজ্ঞন কৰে, সেয়া হৈছে সাত্ত্বিক জ্ঞান। যি জ্ঞানৰ সহায়ত মানুহে ভিন্ন দেহৰ মাজত থকা জীৱবোৰক বেলেগ বেলেগ প্ৰকাৰৰ বুলি ভাৱে আৰু সকলোৰে মাজত বিভেদ দেখিবলৈ পায়, সেয়াই হ’ল ৰাজসিক জ্ঞান। আৰু যি জ্ঞানৰ দ্বাৰা মানুহে আনৰ কথা নাভাবি কেৱল নিজক লৈয়েই ব্যস্ত থাকে, কেৱল নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰনতে ব্যস্ত থাকে সেয়া হৈছে তামসিক জ্ঞান”।

“সাত্ত্বিক, ৰাজসিক আৰু তামসিক গুণ অনুসৰি জ্ঞানৰ প্ৰকাৰ বেলেগ বেলেগ হয় বুলি মই ভাবিবই পৰা নাছিলোঁ”। অভিৰ দেউতাকে ক’লে।

“অকল জ্ঞানেই নহয়, এই তিনি গুণ অনুসৰি মানুহৰ কৰ্মও ভিন ভিন হয়। যিবোৰ কাম মানুহে কোনো আসক্তি নোহোৱাকৈ, আনৰ প্ৰতি কোনো অনুৰাগ বা বিদ্বেষৰ ভাৱ মনত নাৰাখি আৰু কোনো ফলৰ কামনা নকৰাকৈ কৰে, সেইবোৰ হ’ল সাত্ত্বিক কৰ্ম। কিন্তু যিবিলাক কাম মানুহে নিজৰ মনত থকা অহংকাৰ, কাৰোবাৰ প্ৰতি দুৰ্বলতা বা ঘৃণাৰ বশৱৰ্তী হৈ কৰে, যিবোৰ কাম নিজে লাভবান হোৱাৰ মানসেৰে কৰে, সেইবোৰেই  হ’ল ৰাজসিক কৰ্ম। সেইদৰে যিবোৰ কাম মানুহে মোহৰ বশৱৰ্তী হৈ অনৈতিক আৰু অবৈধ ভাৱে, আনৰ ক্ষতি কৰাৰ উদেশ্যে  বা আনক কষ্ট দিবলৈ কৰে, সেইবোৰ হ’ল তামসিক কৰ্ম”।

“ককা কামটো কেনে হয় সেইটো কাম কৰা মানুহজনৰ ওপৰত নিৰ্ভৰ নকৰিব জানো”? নীলে সুধিলে।
“তই সঠিক প্ৰশ্নই কৰিছ। কাম যিজনে কৰে, তেওঁৰ গুণ অনুসৰি কামৰ প্ৰকাৰো বেলেগ বেলেগ হ’ব পাৰে। যি মানুহে তেওঁ কৰিবলগীয়া কামৰ পৰা কোনো ফলৰ কামনা নকৰে, যিসকলে মিছা অহংকাৰ মনত নাৰাখে, যিসকলে ধৈৰ্যশীল আৰু উত্সাহী হৈ সফলতা আৰু বিফলতা দুয়োটাতে নিৰ্বিকাৰ হৈ থাকি নিজৰ কৰ্তব্য কৰি যায়, তেওঁকেই সাত্ত্বিক কৰ্তা বোলা হয়। যিবোৰ মানুহে কেৱল কৰ্মফলৰ আশাত কাম কৰে, যিবোৰ মানুহ লুভীয়া, হিংসুক স্বভাৱৰ, আনন্দ আৰু দুখ দুয়োটাতে বিচলিত হৈ পৰে তেওঁলোক হ’ল ৰাজসিক কৰ্তা। সেইদৰে যিবোৰ মানুহে নীতি নিয়ম নামানে, আনক অপমান আৰু আঘাট কৰি ভাল পায়, দুৰ্নীতিগ্ৰস্থ হৈ আনৰ ধন আত্মসাৎ কৰে, যিবোৰ এলেহুৱা আৰু পাছলৈ কাম পেলাই থয়, তেনে মানুহক তামসিক কৰ্তা বোলা হয়”। ককাকে ক’লে।

“ককা সাত্ত্বিক, ৰাজসিক আৰু তামসিক এই গুণ কেইটাই মানুহে কি কৰে, কি ভাবে সকলো প্ৰভাৱিত কৰে, নহয়নে”? অভিয়ে সুধিলে।

“এৰা, মানুহ এজন কেনে হয় সেয়া বহু পৰিমাণে নিৰ্ভৰ কৰে তেওঁৰ বুদ্ধি আৰু মানসিকতাৰ ওপৰত। মানুহৰ বুদ্ধি আৰু মানসিকতা এই তিনিটা গুণ অনুসৰি সদায় বেলেগ বেলেগ হয়”। ককাকে ক’লে।

“বুদ্ধি আৰু মানসিকতা আকৌ কেনেকৈ বেলেগ বেলেগ হ’ব পাৰে ককা”? প্ৰীতিয়ে সুধিলে।

“যি বুদ্ধিৰ সহায়ত মানুহে ভাল বেয়া, উচিত অনুচিত, ভয় অভয়, বন্ধন মুক্তি সেই সকলো কথাৰ পাৰ্থক্য ধৰিব পাৰে আৰু বিবেচনা অনুসৰি উচিত সিদ্ধান্ত ল’ব পাৰে সেয়াই হ’ল সাত্ত্বিক বুদ্ধি। যি বুদ্ধিৰে এই পাৰ্থক্যবোৰ বুজিব নোৱাৰি, মন বিচলিত আৰু দোধোৰ মোধোৰ পৰিস্থিতিৰ হয়, সেয়াই হ’ল ৰাজসিক বুদ্ধি। আনহাতে যি বুদ্ধিৰে মানুহে অধৰ্মক ধৰ্ম বুলি, দুৰ্নীতিক নীতি বুলি ভাৱে আৰু সদায় ভুল পথেৰে পৰিচালিত হয় তাকেই তমোগুণী বুদ্ধি বোলা হয়”। ককাকে ক’লে।

“বুদ্ধিৰ দৰে মানসিকতাও বেলেগ বেলেগ প্ৰকাৰৰ হয় নেকি ককা”? ৰাণীয়ে সুধিলে।

“ঠিকেই কৈছ। আমি যোগ আৰু ধ্যানৰ সহায়ত মনৰ স্থিৰতা লাভ কৰি যি মানসিকতা লাভ কৰোঁ আৰু যি মানসিকতাৰ সহায়ত আমি আমাৰ ইন্দ্ৰিয়সমূহক নিযন্ত্ৰণ কৰি চলিব পাৰোঁ, সেয়া হৈছে সাত্ত্বিক মানসিকতাকিন্তু মানুহে আসক্তি প্ৰবণ আৰু ফলাকাংক্ষী হোৱাৰ বাবে যি মানসিকতাৰে কেৱল নিজৰ স্বাৰ্থৰ কাম আৰু ধন উপাৰ্জনত ন্যস্ত থাকে সেয়া হ’ল ৰাজসিক মানসিকতাআকৈ যি মানসিকতাৰ বাবে মানুহে স্বপ্ন, ভয়, শোক, বিষাদ, আসক্তি আৰু আবেগ পৰিহাৰ কৰিব নোৱাৰে, সেই মানসিকতাই হ’ল তামসিক মানসিকতা”। ককাকে ক’লে।

“এইখিনি কথা জানিব পাৰি সঁচাকৈয়ে বৰ ভাল লাগিছে। এই কথাবোৰ মনত ৰাখিলে আমি নিজৰ দোষ গুণবোৰ নিজেই বিবেচনা কৰিব পাৰিম। কিন্তু মানুহ কেনেকৈ সুখী হ’ব পাৰে, এই বিষয়ত গীতাত কি কোৱা আছে”? প্ৰফেছৰ জোছেফে সুধিলে।

“গীতাৰ সকলো বস্তুকে তিনি গুণৰ আধাৰত তুলনা কৰি দেখুওৱা হৈছে। তিনি গুণ অনুসৰি মানুহৰ সুখো তিনি প্ৰকাৰৰ। যি সুখ মানুহৰ আত্মজ্ঞান লাভ কৰাৰ আনন্দৰ পৰা উদ্ভূত হয় আৰু যি সুখ প্ৰথমতে বিষতুল্য আৰু শেষত অমৃততুল্য হৈ পৰে তাকেই সাত্ত্বিক সুখ বোলা হয়। কিন্তু যিবোৰ সুখ কামনা বাসনা পূৰণৰ পৰা অনুভৱ কৰা হয়, যিবোৰ প্ৰথমতে অমৃততুল্য আৰু পিছলৈ বিষতুল্য হৈ পৰে সেয়াই হ’ল ৰাজসিক সুখসেইদৰে যি সুখ আত্মজ্ঞানৰ প্ৰতি অন্ধ আৰু যি সুখে আৰম্ভণিৰ পৰা শেষলৈ অনবৰতে মোহ জন্মায় আৰু যিটোৰ পৰা টোপনি, এলাহ আৰু আবেগৰ উত্পত্তি হয়, সেয়াই হ’ল তামসিক সুখ”।

“খুড়া, মানুহে সকলো সময়তে এই গুণবোৰৰ বিষয়ে সচেতন হৈ থকাটো জানো সম্ভৱ। বেলেগ বেলেগ পৰিস্থিতিত মানুহে বেলেগ বেলেগ ধৰণে কাম কৰে। নহয় জানো”? অভিৰ দেউতাকে সুধিলে।

“কথাটো নোহোৱা নহয়। সেই কাৰণেই স্বভাৱৰ পৰা উত্পন্ন হোৱা গুণ সমূহৰ ভিত্তিত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰিটা ভাগত মানুহৰ কৰ্ম সমূহ ভাগ ভাগ কৰি দিয়া আছে। এই বিভাজনৰ মূল উদ্দেশ্য হ’ল স্বভাৱ অনুসৰি যাতে মানুহে নিজৰ কাম বাচি উলিয়াব পাৰে”ককাকে ক’লে।

“এইবিলাক জাতি ভেদ প্ৰথাৰ বিষয়েও গীতাতে লিখা আছে নেকি”? ডাক্তৰ ৰহমানে আচৰিত হৈ সুধিলে।

“গীতাত মানুহৰ যি চাৰিভাগৰ কথা কোৱা হৈছে তাৰ লগত জাতি ভেদৰ সম্পৰ্ক নাই। কাৰণ স্বভাৱ অনুসৰিহে মানুহক ভাগ কৰা হৈছে যাতে তেও নিজৰ বাবে উচিত কৰ্ম বিচাৰি ল’ব পাৰে। যিবিলাক মানুহৰ গাত শমভাৱ, আত্মসংযম, তপস্যা, পৱিত্ৰতা, ক্ষমা, অকপটতা। জ্ঞান, প্ৰজ্ঞা, ধৰ্মভাৱনা আদি গুণবোৰ স্বাভাৱিক ভাৱেই থাকে তেওঁলোক হ’ল ব্ৰাহ্মণ। সেইদৰে সাহস, শক্তি, দৃঢ় প্ৰতিজ্ঞা, কৰ্ম কুশলতা, বদান্যতা আৰু নেতৃত্ব গ্ৰহণৰ প্ৰবৃত্তি এইবোৰ হ’ল ক্ষত্ৰিয় সকলৰ স্বভাৱজাত গুণ। এই গুণবোৰ অনুসৰি মানুহে নিজৰ কৰ্ম বিচাৰি লয়”, ককাকে ক’লে।

“বৈশ্য আৰু শূদ্ৰ সকলে কেনে ধৰণৰ কাম কৰে ককা”? নীলে সুধিলে।

“বৈশ্য সকলে তেওঁলোকৰ স্বভাৱ অনুসৰি খেতি বাতি, গো – পালন, বাণিজ্য আদি কামত নিবৃত্ত হয়। সেইদৰে শাৰীৰিক পৰিশ্ৰম আৰু আনৰ পৰিচৰ্যা শূদ্ৰসকলৰ স্বভাৱজনিত কৰ্ম হয়”। ককাকে ক’লে।
“ককা, এনে বেলেগ বেলেগ ধৰণৰ কাম কৰিলেও মানুহে ভগৱানৰ কৃপা লাভ কৰিব পাৰেনে? আমি পূজা পাতল কৰিলেহে ভগৱান সন্তুষ্ট হয় বুলি ভাবো”, অভিয়ে সুধিলে।

“গীতাৰ অষ্টাদশ অধ্যায়ৰ ৪৫ নং শ্লোকত শ্ৰীকৃষ্ণই কৈছে –
স্বে স্বে কৰ্মণ্যভিৰত: সংসিদ্ধিং লভতে নৰ:

ইয়াৰ অৰ্থ হ’ল, মানুহে নিজ নিজ কৰ্মত অবিচলিত হৈ থাকিলেও উত্তম সিদ্ধি লাভ কৰে। পূজা পাতল কৰিলে যিদৰে ভগৱান সন্তুষ্ট হয়, খেতি বাতি বা বেপাৰ বাণিজ্য ভালকৈ কৰিলেও ভগৱান একেদৰেই সন্তুষ্ট হয়। আনৰ কামৰ অনুকৰণ কৰাতকৈ নিজৰ স্বভাৱ অনুসৰি মানুহে যিটো কামত লাগে, সেই কামটো ভালকৈ কৰি যোৱাটোহে উত্তম। নিজৰ কৰ্তব্যৰ বাবে কৰা যিকোনো কামেই কেতিয়াও পাপ নহয়। কচাই এজনৰ কামেই হ’ল মাংস কটা। সেয়েহে মাংসৰ বাবে জীৱ হত্যা কৰাটোও তেওঁৰ পাপ হ’ব নোৱাৰে। আনে বেয়া বুলিলেও তেওঁ অবিচলিত ভাৱে নিজৰ কাম কৰি যোৱাটোহে মংগল। এটা কথা নিশ্চয় জানিবি, কচাই এজনে মাংস কাটিও সিদ্ধি লাভ কৰিব পাৰে”। ককাকে বুজাই দিলে।

“তেনেহ’লে সন্যাসীবোৰে ইমান কষ্ট কৰি পাহাৰে পৰ্বতে থাকি কিয়নো তপস্যা কৰি থাকে? নিজৰ কাম ভালদৰে কৰিলেই যদি সিদ্ধিলাভ হয়, এইবোৰ কৰাৰ কি দৰকাৰ”? নীলৰ দেউতাকে সুধিলে।

“কেৱল পৰ্বতে পাহাৰে তপস্যা কৰিলেই যে সন্যাসী হয়, সেইটো এটা ভুল ধাৰণা। গীতাৰ মতে যিজন মানুহে নিজকে পৰমেশ্বৰৰ অংশ বুলি অনুভৱ কৰে, যিজনে তেওঁৰ সকলো ইন্দ্ৰিয়জনিত আসক্তি জয় কৰিব পাৰিছে, যিজন জাগতিক ভোগ বিলাসৰ প্ৰতি স্পৃহাহীন, যিজনে নিষ্কাম, নিষ্কলুষ ভাৱে নিজৰ কামত ব্যস্ত থাকে আৰু কামৰ সকলো ফল ভগৱানক অৰ্পন কৰে তেওঁহে প্ৰকৃত সন্যাসী। নিজকে সন্যাসী বুলি ঘোষণা নকৰি সাধাৰণ জীৱন যাপন কৰিও মানুহ এজন সন্যাসী হ’ব পাৰে”। ককাকে ক’লে।

“তেনেহ’লে ককা, এতিয়াও দেখোন আমি বহুত সন্যাসী দেখা পাওঁ। তেওঁলোকে এই কথাখিনি নাজানে নেকি”? ৰাণীয়ে সুধিলে।

“সন্যসী হ’বলৈ যিকেইটা প্ৰয়োজনীয় গুণৰ কথা কোৱা হৈছে, সেই কেইটা আয়ত্ব কৰাটো সাধাৰণ মানুহৰ বাবে সহজ নহয়। তাৰ বাবে কঠোৰ মানসিক অনুশীলন আৰু অতি দৃঢ় মনোভাৱৰ প্ৰয়োজন হয়। সেয়েহে সন্যাসীৰ গুণসমূহ আয়ত্ব কৰিবলৈকে  মানুহে দৃঢ় সংকল্পৰে মনক সংযত কৰি, ইন্দ্ৰিয়সুখৰ সকলো বিষয়ৰ পৰা আঁতৰি থাকি, নিৰ্জন ঠাইত অকলে বাস কৰি, লঘু আহাৰ গ্ৰহণ কৰি, মিছা অহংকাৰ, মিছা গৰ্ব, কাম, ক্ৰোধ, আসক্তি আদি পৰিহাৰ কৰিবলৈ সাধনা আৰু তপস্যা কৰে। তেওঁলোককে আমি সন্যাসী বুলি কওঁ। কিন্তু গীতাত কোৱা হৈছে কেৱল নিজৰ কামত উত্সৰ্গীত হৈ লাগি থাকি সেই কামৰ সকলো ফল ভগৱানক অৰ্পন কৰিব পাৰিলেও মানুহে সন্যাসীৰ দৰে উপলব্ধি আহৰণ কৰিব পাৰে”। ককাকে বুজাই দিলে।

“তাৰ মানে আমাৰ কামেই আমাৰ তপস্যাৰ দৰে হব লাগে, নহয়নে”? ডাক্তৰ ৰহমানে মাত লগালে।
“এইটোৱেই হৈছে গীতাৰ মূল শিকনি। আমি নিজৰ কাম ভালদৰে কৰাটো আটাইতকৈ প্ৰয়োজনীয় কথা। কিন্তু কাম কৰি থাকোঁতেও আমি মনত ৰাখিব লাগিব যে সকলো কাম আমি ভগৱানৰ বাবেহে কৰিছোঁ আৰু সেই কামৰ ফলো ভগৱানেই লাভ কৰিব। তাৰ অৰ্থ হ’ল আমি কাম কৰোঁতেও ভক্তি ভাৱেৰে কৰিব লাগিব। কাম কৰি থাকোঁতে সদায় ভগৱানৰ উপস্থিতিৰ বিষয়ে সচেতন হৈ থাকিলে আমাৰ কামেই আমাৰ ভক্তি হৈ পৰিব”। ককাকে ক’লে।

“কাম কৰি থাকোঁতেও ভগৱানৰ উপস্থিতি অনুভৱ কৰাটো সঁচাকৈয়ে এটা সুন্দৰ ধাৰণা। ভগৱানে আমাৰ সকলো কাম কাজ নিৰীক্ষণ কৰি আছে বুলি অনুভৱ কৰিলে আমি কেতিয়াও বেয়া কাম কৰিব নোৱাৰিম আৰু সদায় দেহে কেহে ভালকৈ কাম কৰিবলৈ চেষ্টা কৰিম”। অভিৰ দেউতাকে ক’লে।

“গীতাত ভগৱানে কৈছে – আমি যদি ভগৱানে আমাক চাই আছে বুলি সচেতনতা মনলৈ আনিব পাৰোঁ, সেই সচেতনতাৰে আমি আমাৰ কৰ্তব্য কৰি যাব পাৰোঁ, আমাৰ জীৱনৰ সকলো বাধা অনায়াসে অতিক্ৰম কৰিব পাৰিম। আৰু যদিহে আমি সেই সচেতনতা লৈ কাম নকৰোঁ আৰু মিছা গৰ্ব আৰু মিছা অহংকাৰেৰে পৰিচালিত হওঁ, তেনেহ’লে আমি বিনাশৰ দিশে আগবাঢ়িম”। ককাকে ক’লে।

“সকলো মানুহে ভগৱানৰ উপস্থিতি অনুভৱ কৰি নিষ্কাম ভাৱে ভগৱানৰ বাবে কাম কৰি গ’লে সঁচাকৈয়ে কোনেও কেতিয়াও বেয়া কাম কৰিব নোৱাৰে”, নীলে ক’লে।

“এই কথাৰে গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক সোৱঁৰাই দিছে যে কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰত অৰ্জুনৰ স্বভাৱজাত কৰ্তব্য হ’ল যুদ্ধ কৰা। ভগৱানৰ উপস্থিতিত নিজৰ কৰ্তব্য পালনৰ বাবে যুদ্ধ কৰাটো কেতিয়াও পাপ বা দোষণীয় কথা হ’ব নোৱাৰে। শ্ৰীকৃষ্ণই অৰ্জুনক ক’লে যে জীৱবোৰ বাস কৰা শৰীৰ মাথোন একোটা যন্ত্ৰৰ দৰে য’ত পৰমেশ্বৰৰ অংশ আত্মাই থিতাপি লয়। সেয়েহে সেই ভ্ৰমত পৰি সেই শৰীৰৰ মোহত আৱদ্ধ হৈ নিজৰ কৰ্তব্যৰ অবহেলা কৰা অনুচিত”। ককাকে ক’লে।

“অৰ্জুনে শ্ৰীকৃষ্ণৰ কথা মানি লোৱাই নাছিল নেকি ককা”? ৰাণীয়ে সুধিলে।

“এৰা, অৰ্জুনে লাহে লাহে সকলো কথা বুজি উঠিছিল। শ্ৰীকৃষ্ণই তেওঁক বাৰে বাৰে একেটা কথা বুজাইছিল যে ভগৱানৰ ওচৰত সম্পূৰ্ণ আত্ম সমৰ্পন কৰি নিজৰ কৰ্তব্য পালন কৰাটোৱেই জীৱনৰ প্ৰকৃত পথ। আন সকলো ধৰ্মীয় ৰীতি নীতি বাদ দিও ভগৱানৰ চৰণত নিজকে সমৰ্পন কৰিলে ভগৱানে সকলো পাপৰ পৰা মুক্ত কৰি দিয়ে। এয়া হ’ল অৰ্জুনলৈ শ্ৰীকৃষ্ণৰ গোপনতম উপদেশ। এই গোপনতম উপদেশ যি ভক্তই আনৰ আগত প্ৰচাৰ কৰে তেৱোঁ ভগৱানৰ আশিষ লাভ কৰেশেষত শ্ৰীকৃষ্ণই যুদ্ধ কৰা নকৰাৰ সিদ্ধান্ত অৰ্জুনৰ ওপৰত এৰিলে”ককাকে ক’লে।

“অৰ্জুনে কি সিদ্ধান্ত ল’লে ককা”? প্ৰীতিয়ে সুধিলে।

“অৰ্জুনে কৈছে, শ্ৰীকৃষ্ণৰ মূখৰ পৰা ওলোৱা আটাইখিনি কথা জনাৰ পিছত তেওঁৰ মোহ দূৰ হৈছে। তেওঁৰ সমষ্ট সন্দেহ আঁতৰি গৈছে আৰু আন সকলো চিন্তা বাদ দি তেওঁ শ্ৰীকৃষ্ণই কোৱা মতেই কাম কৰিব”। ককাকে ক’লে।

“শেষত অৰ্জুনে কুৰুক্ষেত্ৰত যুদ্ধ কৰাৰ বাবে সন্মত হ’ল, নহয়নে ককা”? নীলে সুধিলে।

“হয়, অৰ্জুনে বুজি পালে যে এজন ক্ষত্ৰিয় বীৰ হিচাপে আন সকলো কথা পাহৰি যুদ্ধ কৰাটোৱেই তেওঁৰ কৰ্তব্য। যিহেতু শ্ৰীকৃষ্ণ তেওঁৰ সাৰথি হিচাপে আছে, গতিকে আন সকলো চিন্তা বাদ দি শ্ৰীকৃষ্ণৰ পৰামৰ্শ মতেই যুদ্ধত প্ৰবৃত্ত হ’বলৈ তেওঁ সন্মত হ’ল”। ককাকে ক’লে।

“তাৰ পিছত কি হ’ল ককা”? ৰাণীয়ে সুধিলে।

“এইখিনিতে আমাৰ গীতাৰ কথা সমাপ্ত হ’ল। এই আটাইখিনি কথা হস্তিনাপুৰত ৰজা ধৃতৰাষ্ট্ৰক কৈ শুনাইছিল তেওঁৰ মন্ত্ৰী সঞ্জয়ে। আজিকালি যে ক্ৰিকেট খেলৰ চলন্ত বিৱৰণী টেলিভিচনত দেখুওৱা হয়, সেইদৰে সঞ্জয়ে এক মহাভাৰতৰ যুদ্ধৰ সকলো দৃশ্য দূৰৰ পৰাই চাই আছিল আৰু ৰজা ধৃতৰাষ্ট্ৰক কৈ শুনাইছিল। দূৰৰ বস্তু চাই থাকিবলৈ তেওঁৰ বিশেষ ক্ষমতা আছিল”। ককাকে ক’লে।

“ৱাও, সেই সময়তো এইদৰে দূৰৰ দৃশ্যৰ চলন্ত বিৱৰণী দিৱব পৰা ব্যৱস্থা আছিল নেকি ককা”? নীলে উত্সাহেৰে সুধিলে।

“হয়তো আছিল। সঞ্জয়ে শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ এই আটাইখিনি কথা শুনাৰ পিছত অত্যন্ত অভিভূত আৰু পুলকিত হৈ পৰিল। গীতাৰ একেবাৰে শেষৰ অষ্টাদশ অধ্যায়ৰ ৭৮ নং শ্লোকত মন্তব্য কৰিছে –

যত্ৰ যোগেশ্বৰ: কৃষ্ণো যত্ৰ পাৰ্থো ধনুৰ্ধৰ:।
তত্ৰ শ্ৰীবিজয়ো ভুতিৰ্ধ্ৰুৱা নীতিৰ্মতিৰ্মম”।।


অৰ্থাৎ য’তেই যোগেশ্বৰ কৃষ্ণ আৰু ধনুৰ্ধৰ অৰ্জুন আছে তাত অসাধাৰণ শক্তি আৰু ভগৱানৰ কৃপা থাকে। অৰ্থাৎ ভগৱানৰ নামত নিজৰ কৰ্তব্য কৰি যোৱাটোৱেই হ’ল গীতাৰ মহৎ বাণী”। ককাকে ক’লে।

সপ্তদশ অধ্যায়: শ্ৰদ্ধাত্ৰয় বিভাগ যোগ

সততা আৰু শ্ৰদ্ধাৰ মহত্ব

চুবুৰিটোত হঠাতে এদিন হুলস্থূল লাগিল। একেটা চুবুৰীত বাস কৰা মুকেশ জালানৰ ঘৰলৈ পুলিছ আহিল। জালানে হেনো নীতি বহিৰ্ভূত ভাৱে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ দ্বাৰা সা সম্পত্তি আহৰণ কৰিছিল। পিছে চুবুৰিত মুকেশ জালানক সকলোৱে ভাল পাইছিল। কাৰণ তেওঁ ৰাজহুৱা পূজা, যজ্ঞ, বিহু আদিত মুক্তহস্তে দান বৰঙণি আগবঢ়াইছিল। তেওঁক চুবুৰিৰ সকলোৱে এজন কঠোৰ পৰিশ্ৰমী ব্যৱসায়ী বুলিয়েই জানিছিল। তেওঁযে নীতি বহিৰ্ভূত ব্যৱসায়ত লিপ্ত হৈ ধন সম্পত্তি ঘটিছিল, সেই কথা কোনেও নাজানিছিল।

নীল আৰু ৰাণীয়ে ককাকক মুকেশ জালানৰ ঘৰলৈ পুলিছ অহাৰ খবৰটো দিলে।

“ককা, জালান আংকল ইমান ভাল মানুহ। তেওঁক কিয় পুলিছে ধৰিছে”? ৰাণীয়ে সুধিলে।

“আচলতে তেওঁ ভাল মানুহ নহয়। তেওঁৰ বোলে বহুত দুই নম্বৰী ব্যৱসায় আছে। বেয় কাম নকৰিলে পুলিছে কিয় ধৰিব”। নীলে ক’লে।

“আচতিত কথা নহয়নে? কিছুমানে তেওঁক ইমান ভাল মানুহ বুলি ভাবে, কিন্তু তেওঁ আচলতে ভাল মানুহ নহয়। কিছুমান মানুহে দান, যজ্ঞ কৰিও ভাল মনুহ হ’ব নোৱাৰে”। ককাকে মাত লগালে।

“তেনেকুৱা কিয় হয় ককা? ভাল কাম কৰিলে ভাল ফল পায় নহয় জানো? জালান আংকলে সদায় পূজা পাতল কৰে, দান দক্ষিণা দিয়ে। তেওঁ কিয় ভাল ফল পোৱা নাই”? ৰাণীয়ে সুধিলে।

“মই তহঁতক আজি এই বিষয়ে ক’ম। গীতাৰ সপ্তদশ অধ্যায়ত এই বিষয়ে বিস্তৃত ভাৱে কোৱা হৈছে। কেৱল দান, যজ্ঞ, তপস্যা কৰাটোৱেই যথেষ্ট নহয়। অভি, প্ৰীতি হঁতকো মাতি দে। আমি এই বিষয়েই আজি কথা পাতো”ককাকে ক’লে।

নীল আৰু ৰাণীয়ে অভি আৰু প্ৰীতিকো মতাই আনিলে। আটাইকেইটা ল’ৰা ছোৱালী ককাকক আগুৰি বহিল।

“আমি যোৱাবাৰ যিবোৰ কথা পাতিছিলোঁ, তহঁতৰ মনত আছে নে”? ককাকে সুধিলে।

“আছে ককা। আমাক মানুহৰ দৈৱ গুণ আৰু আসুৰিক গুণৰ বিষয়ে কৈছিলা। দৈৱ গুণৰ কাৰণে মানুহ ভগবানৰ প্ৰিয় হয়। নহয়নে ককা”? ৰাণীয়ে ক’লে।

“আমি যে শাস্ত্ৰৰ কথা মানি চলিব লাগে, গীতাৰ কথা মতে চলিব লাগে সেই বিষয়েও কৈছিলা”, অভিয়ে ক’লে।

“তহঁতৰ মনত আছে কাৰণে বৰ ভাল পাইছোঁ। শাস্ত্ৰৰ নিয়ম মানি চলাটো খুব প্ৰয়োজনীয় কথা”।  ককাকে ক’লে।

“ককা, বহুত মানুহে শাস্ত্ৰৰ বিষয়ে একো কথাই নাজানে। শাস্ত্ৰৰ কথা নজনাকৈয়ো মানুহে দেখোন পূজা পাতল, দান যজ্ঞ কৰি থাকে। তেনে মানুহো ভগবানৰ প্ৰিয় নহয় নেকি”? নীলে সুধিলে।

“বৰ ভাল প্ৰশ্ন কৰিছ। সপ্তদশ অধ্যায়ত অৰ্জুনেও শ্ৰীকৃষ্ণক একেটা প্ৰশ্নই কৰিছিল। শ্ৰীকৃষ্ণই অৰ্জুনক বুজালেযে মানুহে দান যজ্ঞ তপস্যা যিয়েই নকৰক কিয়, সকলো কাৰ্যই তিনিপ্ৰকাৰৰ হয়। এই তিনিটা প্ৰকাৰ হৈছে সাত্বিক, ৰাজসিক আৰু তামসিক”। ককাকে ক’লে।

“আমি এই তিনিটা গুণৰ কথা আগতে পাই আহিছোঁ, নহয়নে ককা? মানুহৰ গাত এই তিনি প্ৰকাৰৰ গুণ থাকে বুলি কৈছিলা নহয়”। ৰাণীয়ে ক’লে।

“মানুহৰ গাত থকা এই গুণবোৰেই তেওঁৰ কাৰ্য কেনে হ’ব সেয়াও নিৰূপিত কৰে। প্ৰতিজন মানুহেই কোনোবাটো নহয় কোনোবাটো গুণৰ প্ৰভাৱত থাকে আৰু এই গুণবোৰৰ কাৰণেই মানুহে বেলেগ বেলেগ ধৰণে কাৰ্য কৰে”, ককাকে বুজাই দিলে।

“পূজা, যজ্ঞ, তপস্যা এইবোৰ কেনেকৈ বেলেগ বেলেগ গুণ থকা হয় ককা? এই আটাইঅবোৰ মানুহে ভগবানৰ উদ্দেশ্যেৰেইতো কৰে, নহয় জানো”? অভিয়ে সুধিলে।

“যিবোৰ মাংগলিক কাৰ্য শাস্ত্ৰৰ বিধান অনুসৰি, যথাবিহিত ভাৱে আৰু নিষ্কাম ভক্তিৰে দেৱতাসকলৰ উদ্দেশ্যে কৰা হয়, সেইবোৰেই হ’ল সাত্বিক কাৰ্য। শাস্ত্ৰৰ বিধানৰ বিষয়ে নজনাকৈ কেৱল আনৰ চকুত নিজকে ভক্ত বুলি প্ৰতিপন্ন কৰিবলৈ বা নিজৰ ব্যক্তিগত কামনা পূৰণৰ কামনা কৰি ঢাক ঢোল বজাই যিবোৰ মাংগলিক কাৰ্য কৰা হয়, সেইবোৰেই ৰাজসিক কাৰ্য। এনে কাৰ্যত যক্ষ, ৰাক্ষস আদিকো ভগৱানৰ আসনত বহুওৱা হ’ব পাৰে। সেইদৰে কিছুমান মানুহে ভগবানৰ নামত ভূত, প্ৰেত, অসুৰ আদিকো পূজা কৰে। ভূতৰ আকাৰত ভগবানক পূজা কৰা, তেনে তেজ খাই ভালপোৱা ভগবানৰ নামত জীৱ জন্তুৰ বলি দিয়া আদি হ’ল তামসিক কাৰ্য”। ককাকে বুজাই দিলে।

“ককা, ভূত প্ৰেত অসুৰবোৰ আচলতেনো কি? সেইবোৰ সঁচাকৈয়ে থাকে নেকি”? প্ৰীতিয়ে সুধিলে।

“ভূত প্ৰেত অসুৰ এইবোৰ হ’ল কাল্পনিক চৰিত্ৰ। স্বভাৱ অনুসত্ৰি মানুহেই দেৱতা, ৰাক্ষস বা অসুৰ হ’ব পাৰে।  যিবোৰ মানুহ দাম্ভিক আৰু অহংকাৰী হয়, যিবোৰ মানুহক কামনা বাসনা আৰু আসক্তিয়ে ঘেৰি ৰাখে, যিবোৰ মানুহ নিজৰ ক্ষমতাৰ মতলীয়া হয়, যিবোৰ মানুহে আমাৰ শৰীৰত আত্মাৰ উপস্থিতি অৱজ্ঞা কৰে, তেনেবোৰ অজ্ঞানী মানুহেই অসুৰ স্বভাৱ লাভ কৰে”। ককাকে ক’লে।

“মানুহে কেনেকৈ বেলেগ বেলেগ স্বভাৱ পায় ককা? বেলেগ বেলেগ স্বভাৱৰ বিষয়ে বুজাই দিয়াচোন”। নীলে মাত লগালে।

“মানুহে সকলো কৰ্মফল অনুসৰি লাভ কৰে। কৰ্মফলৰ বাবেই মানুহে বেলেগ বেলেগ স্বভাৱৰ বা গুণৰ অধিকাৰী হয়। মানুহৰ স্বভাৱ বা গুণ অনুসৰি তেওঁলোকে গ্ৰহণ কৰা আহাৰ, যজ্ঞ, তপস্যা আৰু দানো বেলেগ বেলেগ ধৰণৰ হয়”, ককাকে ক’লে।

“কথাটো ভালদৰে বুজাই দিয়াচোন ককা”, ৰাণীয়ে ক’লে।

“মানুহে কি আহাৰ গ্ৰহণ কৰি ভাল পায়, তাৰ পৰা মানুহজনৰ স্বভাৱৰ বিষয়ে জানিব পৰা যায়। যিবোৰ মানুহে সদায় আয়ুস, বল, আৰোগ্য, আৰু মনৰ সতেজতা বৃদ্ধি কৰিব পৰা ৰসাল, সতেজ, পুষ্টিকৰ আৰু তৃপ্তিদায়ক আহাৰ গ্ৰহণ কৰে তেওঁলোক নিশ্চয় সাত্বিক স্বভাৱৰ হয়। যিবোৰ মানুহে তিতা, টেঙা, নিমখীয়া, অত্যন্ত গৰম, অত্যন্ত জলা, শুকান আৰু শৰীৰৰ অভ্যন্তৰত পোৰণিৰ সৃষ্টি কৰা খাদ্য গ্ৰহণ কৰে, সেইবোৰ ৰাজসিক গুণযুক্ত হয়। সেইদৰে যিবোৰ মানুহে বাহী, স্বাদহীন, দুৰ্গন্ধযুক্ত, গেলা, পঁচা, আনে খাই এৰা খাদ্য খায়, তেও্লোক তামসিক গুণযুক্ত হয়। কথাটো বুজিলিনে”?

“আহাৰৰ কথাটো বুজিলোঁ ককা। কিন্তু যজ্ঞ, তপস্যা আৰু দান কেনেকৈ স্বভাৱ অনুযায়ী বেলেগ বেলেগ হ’ব পাৰে”? অভিয়ে সুধিলে।

“যিবোৰ যজ্ঞ কোনো ফলৰ আশা নকৰাকৈ শাস্ত্ৰৰ বিধান অনুযায়ী, নিজৰ কৰ্তব্য বুলি ভাবি কৰা হয়, সেই যজ্ঞ হ’ল সাত্বিক যজ্ঞ। কিন্তু কিবা বৈষয়িক লাভৰ বাবে বা দম্ভ দেখুৱাবলৈ যি যজ্ঞ কৰা হয়, সেয়া হ’ল ৰাজসিক যজ্ঞ। সেইদৰে যি যজ্ঞ শাস্ত্ৰৰ বিধান নমনাকৈ, কোনো বৈদিক মন্ত্ৰৰ উচ্চাৰণ নকৰাকৈ, নিজৰ খেয়াল খুচি মতে অসৎ উদ্দেশ্যৰে কৰা হয় সেই যজ্ঞই হ’ল তামসিক যজ্ঞ”। ককাকে ক’লে।

“যজ্ঞৰ কথা বুজিলোঁ। পিছে তপস্যা কেনেকৈ বেলেগ বেলেগ ধৰণৰ হ’ব পাৰে”? নীলে সুধিলে।

“তপস্যা কেৱল ভগৱানক পাবৰ বাবেই কৰা কাৰ্য নহয়। তহঁতে পঢ়া শুনা কৰাটোও হ’ল তপস্যা। যিবোৰ তপস্যাই আমাৰ শৰীৰটো পৱিত্ৰ কৰি ৰাখে, সেয়া হ’ল শাৰীৰিক তপস্যা। জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান, সৰুৰ প্ৰতি মৰম, মনৰ শুচিতা, সৰলতা, অহিংসা আদি হ’ল শাৰীৰিক তপস্যা। শৰীৰটোৱে যাতে কোনো অপকৰ্মত লিপ্ত নহয়, তাৰ বাবে অহৰহ সচেষ্ট হোৱাটোৱেই হৈছে শাৰীৰিক তপস্যা। বুজি পাইছনে”? ককাকে আটাইকেইটিলৈ চাই সুধিলে।

“বুজিছোঁ ককা। আৰু কি কি তপস্যা আছে”? প্ৰীতিয়ে সুধিলে।

“আমাৰ মনটোক শান্ত আৰু নিয়ন্ত্ৰণত ৰখাৰ বাবে যি সাধনা কৰা হয়, সেয়া হ’ল মানসিক তপস্যা। আমি মনত সদায় আনন্দৰ ভাৱ ৰাখিবলৈ যত্ন কৰিব লাগে। প্ৰয়োজন হ’লে মৌন হৈ থকা, আত্মসংযম আৰু নিজৰ মনক সকলো কলুষতাৰ পৰা আঁতৰাই ৰাখিবলৈ যি তপস্যা কৰা হয় সেয়া হ’ল মানসিক তপস্যা। শাৰীৰিক আৰু মানসিক তপস্যাৰ উপৰিও আমি নিজৰ জ্ঞান অৰু কৰ্মকুশলতা বঢ়াবলৈ যি নিৰন্তৰ চেষ্টা কৰিব লাগে, সত্য প্ৰতিস্থাৰ বাবে যি সংগ্ৰাম কৰিব লাগে, সমাজৰ ভালৰ কাৰণে কাম কৰি যাব লাগে, নিয়মিত ধৰ্মৰ বাটত চলিবলৈ প্ৰয়াস কৰিব লাগে সেয়াও হ’ল তপস্যা। এই তপস্যাক বাচিক তপস্যা বোলা হয়”। ককাকে ক’লে।

“ককা, মানুহৰ গুণ অনুযায়ী দানো ভিন ভিন প্ৰকাৰৰ হয় নেকি”? অভিয়ে সুধিলে।

“নিশ্চয়। গুণ অনুসৰি দান ভিন ভিন প্ৰকাৰৰ হয়। উচিত ঠাইত, উচিত সময়ত, যোগ্য ব্যক্তিক, কোনো প্ৰত্যুপকাৰৰ কথা বিবেচনা নকৰাকৈ কেৱল কৰ্তব্য বুলি ভাবিয়েই যি দান দিয়া হয়, সেই দানেই হৈছে সাত্বিক দান। যিবোৰ দান প্ৰত্যুপকাৰৰ আশাত বা কিবা ফল লাভ কৰাৰ আশাত বা অনিচ্ছা সত্ত্বেও দিয়া হয়, সেয়াই হ’ল ৰাজকীয় দান। সেইদৰে অপবিত্ৰ ঠাইত, অনুচিত সময়ত, অযোগ্য মানুহক অথবা যথোচিত ভাৱে মান সত্কাৰ নকৰাকৈ অৱজ্ঞাৰ ভাৱেৰে যি দান দিয়া হয়, তাকেই তামসিক দান বোলা হয়”।

“ককা সকলো কামেই সাত্বিক, ৰাজসিক আৰু তামসিক এই তিনিপ্ৰকাৰৰ গুণ অনুসৰি বেলেগ বেলেগ হয়, নহয়নে”? ৰাণীয়ে সুধিলে।

“একেবাৰে সঠিক কথা কৈছ। আমাৰ জীৱনৰ সকলো কামেই আমি এই তিনিগুণ অনুযায়ী বিবেচনা কৰি চাব পাৰোঁ। মানুহৰ জীৱনত এই তিনিটা গুণৰ প্ৰভাৱৰ বিষয়ে গীতাৰ সপ্তদশ অধ্যায়ত বিস্তৃত ভাৱে কোৱা হৈছে। সেই কাৰণে এই অধ্যায়ক শ্ৰদ্ধাত্ৰয়বিভাগ যোগ বোলা হয়। মানুহে শ্ৰদ্ধা ভক্তিৰে কৰা কামবোৰোযে তিনি প্ৰকাৰৰ হয় সেই কথাখিনিকে ইয়াত বুজোৱা হৈছে”। ককাকে ক’লে

“ককা, মানুহে কেনেকৈ জানিব পাৰিব তেওঁৰ কাম কোন প্ৰকাৰৰ হৈছে। জালান আংকলে দেখোন বহুত পূজা পাতাল কৰে, দান দক্ষিনা দিয়ে। তেওঁকতো সকলোৱে ভাল মানুহ বুলিয়েই ভাবে কিন্তু তেওঁকো চোন এতিয়া পুলিছে ধৰিছে”। নীলে ক’লে।

“মানুহে যিবোৰ কাম সম্পূৰ্ণ সততা, নিস্থা আৰু শ্ৰদ্ধাৰে নকৰে, সেইবোৰ কেতিয়াও ভাল কাম হ’ব নোৱাৰে। গীতাৰ সপ্তদশ অধ্যায়ৰ ২৮ নং শ্লোকত শ্ৰীকৃষ্ণই অৰ্জুনক এই বুলি কৈছে –

অশ্ৰদ্ধয়া হুতং দত্তং তপস্তপ্তংকৃতং চ য়ৎ
অসদিত্যুচ্যতে পাৰ্থন চ তত্প্ৰেত্য নো ইহ।।

ইয়াৰ অৰ্থ হ’ল শ্ৰদ্ধাহীনভাৱে বাবে বা সততা নোহোৱাকৈ কৰা পূজা, যজ্ঞ দান, তপস্যা, শুভকৰ্মএই সকলোবোৰেই হ’ল অসৎএইবিলাক কামৰ পৰা ইহকাল আৰু পৰকাল ক’তো একো লাভ নহয়। জালানে হয়তো বহুত পূজা পাতল, দান যজ্ঞ কৰে, কিন্তু সেয়া যদি সম্পূৰ্ণ সততা আৰু ভগৱানৰ প্ৰতি শ্ৰদ্ধাৰে কৰা নাই, সেয়া ভগৱানে কেতিয়াও গ্ৰহণ নকৰে”। ককাকে ক’লে।


ষষ্ঠদশ অধ্যায়: দেৱাসুৰসম্পদবিভাগ যোগ


ভাল মানুহ, বেয়া মানুহ

এদিন আবেলি ৰাণীয়ে অলপ উত্তেজিত হৈ আহি ককাকক খবৰ দিলেহি, “ককা, নীলে আজি স্কুলত লগৰ ল’ৰাৰ লগত মাৰ পিট কৰি আহিছে। তাৰ ওঁঠ ফাটি তেজ ওলাইছে”।

তাইৰ কথা শুনি ককাক কোঠাৰ পৰা ওলাই আহিল। মাক ৰমলাই নীলক বকিছে, “স্কুললৈ পঢ়িবলৈ যাৱ নে মাৰপিট কৰিবলৈ যাৱ। ভাক ল’ৰাই তেজ ওলোৱাকৈ মাৰ পিট কৰে নেকি”?

“মই মাৰ পিট আগতে কৰা নাই। দৰ্শন খুব বদমাছ ল’ৰা। সি মোক দম দিছে, মোৰ অংকৰ বহীখন সি কাঢ়ি লৈ গৈছে। মই বাধা দিওঁতে মোক মাৰিছে। মই মনে মনে বহি থাকিম নেকি”? নীলে উত্তেজিত হৈ ক’লে।

ককাকে নীলক ক’লে, “হৈ যোৱাখিনি হৈ গ’ল। তাৰ কাৰণে উত্তেজিত নহ’বি নীল। কোনোবাই যদি অন্যায় কৰিছে, সেই অন্যায়ৰ বাবে তেওঁ শাস্তি পাবই”

“আপুনি ইহঁতক সদায় ইমান ভাল ভাল কথা শিকাই থাকে, গীতাৰ কথা কয়। কিন্তু তথাপিও এনেকৈ কোনোবাই স্কুলত কাজিয়া কৰে নেকি? ভাল ল’ৰাৰ লগত ভাল কথা শিকিব লাগে। কিন্তু বেয়া ল’ৰাৰ লগ লাগি কি কৰি আহিছে চাওকচোন” ৰমলাই ভোৰভোৰালে।

“চিন্তা নকৰিবা বোৱাৰী। আজি মই ইহঁতক ভাল আৰু বেয়া মানুহ পাৰ্থক্যৰ কথা ক’ম। ইহঁতে নিজেই ভাল আৰু বেয়া মানুহ চিনিব পোৱা হ’ব”। ককাকে ক’লে।

“তহঁতে মুখ হাত ধুই ককাৰ কোঠালৈ যা। অভিহঁতকো মাতি দে। ভাল কথা শুনিলেই নহ’ব, কথাবোৰ হাতে কামে কৰিবও লাগিব”, ৰমলাৰ খংটো অলপ কমিল।

সন্ধিয়া ল’ৰা ছোৱালীকেইটি ককাকৰ ওচৰলৈ আহিল।

“ককা, আজি তুমি আমাক ভাল আৰু বেয়া মানুহ চিনিবলৈ শিকাবা নহয়নে”? ৰাণীয়ে সুধিলে।

“আজি মই তহঁতক গীতাৰ ষষ্ঠদশ অধ্যায়ৰ কথা কম। এই অধ্যায়ক কোৱা হয় দৈৱাসুৰসম্পদবিভাগ যোগ। অৰ্থাৎ দেৱতা আৰু অসুৰৰ লক্ষণ সমূহ ইয়াত আলোচনা কৰা হৈছে”। ককাকে ক’লে।

“দেৱতা আৰু অসুৰ কিয় ককা? আমাক ভাল আৰু বেয়া মানুহৰ বিষয়েহে ক’বা বুলি কৈছিলা”। প্ৰীতিয়ে ক’লে।

“যিবোৰ মানুহৰ গাত দৈৱ গুণ থাকে তেওঁলোকেই হ’ল দেৱতা। আকৌ যিবোৰ মানুহৰ গাত আসুৰিক গুণ থাকে তেওঁলোকেই হ’ল অসুৰ। মানুহ ভাল আৰু বেয়া হয় তেওঁলোকৰ গুণৰ বাবেএজন মানুহৰ গুণবোৰেই তেওঁক দেৱতা বা অসুৰ কৰিব পাৰে”ককাকে বুজাই দিলে।

“দৈৱ গুণ আৰু আসুৰিক গুণ কোনবোৰক কয় ককা”? নীলে সুধিলে।

“দৈৱ গুণ হ’ল সেইবোৰ গুণ যিবোৰে মানুহক দেৱতাৰ দৰে কৰি তোলে। যিমানুহে সদায় ভক্তিভাৱেৰে ভগবানৰ স্মৰণ কৰে, মন নিৰ্মল কৰি ৰাখে, নিজৰ ইন্দ্ৰিয় সমূহ সদায় দমন কৰি ৰাখে, কোনো কথা বা কামেৰে আনক কষ্ট নিদিয়ে, কেতিয়াও পৰনিন্দা নকৰে, নিজৰ অপকাৰ কৰা জনৰ প্ৰতিও খং নকৰে, সদায় ক্ষমাশীল আৰু ধৈৰ্যশীল হয়, সদায় সহজ সৰল অহংকাৰ শূণ্য জীৱন যাপন কৰে তেওঁলোক হ’ল দৈৱগুণ সম্পন্ন মানুহ। এনেবোৰ গুণক সাত্বিক গুণ বুলিও কোৱা হয়। মানুহৰ গাত দেখা পোৱা এই গুণ সমূহেই দৈৱ গুণ”। ককাকে ক’লে।

“তেনেহ’লে আসুৰিক গুণ কি ককা”?  অভিয়ে সুধিলে।

“যিবোৰ গুণে মানুহক অসুৰৰ দৰে কৰি তোলে সেইবোৰেই হৈছে আসুৰিক গুণ। দম্ভ, দৰ্প, অভিমান, ক্ৰোধ, ৰুক্ষতা আৰু অজ্ঞতা এইবোৰেই হ’ল আসুৰিক গুণ এনে মানুহ অলপ শিক্ষা বা ধন আহৰণ কৰিয়েই দাম্ভিক আৰু অহংকাৰী হৈ পৰে। নিজে সন্মানৰ যোগ্য নহৈয়ো আনৰ পৰা সন্মান দাবী কৰে। সৰু সৰু কথাতে খং কৰে, আনৰ লগত ৰুক্ষভাৱে কথা কয়, আৰু নিজৰ ইচ্ছা মতে নিজৰ ইন্দ্ৰিয় বোৰক তুষ্ট কৰিবলৈ কাম কৰে। আমিযে আগতে ৰাজসিক আৰু তামসিক গুণৰ কথা পাতিছিলোঁ, সেইবোৰৰ প্ৰভাৱতে মানুহে এনে আসুৰিক প্ৰবৃত্তি প্ৰদৰ্শন কৰে”। ককাকে ক’লে।

“ককা, কিছুমান মানুহৰ গাত দৈৱ গুণ আৰু কিছুমানৰ গাৰ আসুৰিক গুণ কিয় থাকে”? ৰাণীয়ে সুধিলে।

“বৰ সুন্দৰ প্ৰশ্ন কৰিছ। আমিযে আগতে পাই আহিছোঁ, মানুহে নিজৰ কৰ্মফল অনুসৰি মৃত্যুৰ পিছতো এই পৃথিৱীত পুনৰ জনম লয় বুলি, তহঁতৰ মনত আছেনে? মানুহে পূৰ্ব জন্মৰ গুণ আৰু কৰ্মৰ ফল লৈ নতুন জন্ম লাভ কৰে। সেয়েহে কিছুমান মানুহৰ গাৰ দৈৱ গুণ আৰু কিছুমানৰ গাৰ আসুৰিক গুণ দেখা পোৱা যায়”। ককাকে ক’লে।

“দৈৱ গুণ আৰু আসুৰিক গুণৰ মানুহ কাৰ ঘৰত জন্ম ল’ব, সেইবোৰ কেনেকৈ নিৰ্ণয় কৰা হয় ককা”? অভিয়ে সুধিলে।

“অতি উত্তম প্ৰশ্ন কৰিছ। গীতাত কোৱা হৈছেযে, পিতৃ মাতৃ যেতিয়া সাত্বিক ভাৱপন্ন হয় আৰু তেওঁলোকে ঈশ্বৰক চিন্তা কৰি সন্তানৰ কামনা কৰে, তেওঁলোকে দৈৱ গুনসম্পন্ন সন্তান লাভ কৰে। পূৰ্ব জন্মত যিসকলে কৰ্মৰ দ্বাৰা দৈৱগুণসমূহ আয়ত্ব কৰিব পাৰিছে, তেওঁলোকেই  এনে সাত্বিক ভাৱাপন্ন পিতৃ মাতৃৰ সন্তানৰ ৰূপত জন্ম হয়। দৈৱ গুণসম্পন্ন নহ’লেও সাত্বিক পিতৃ মাতৃৰ ঘৰত ওপজা সন্তানে লাহে লাহে দৈৱ গুন সমূহ আয়ত্ব কৰিবলৈ লয়”। ককাকে বুজাই ক’লে।

“আসুৰিক গুণৰ মানুহ কেনে ঘৰত জন্ম লয় ককা”? প্ৰীতিয়ে সুধিলে।

“যিসকল পিতৃ মাতৃয়ে লাহ বিলাহ, আমোদ প্ৰমোদত জীৱন যাপন কৰে, যিসকলে সাত্বিক কৰ্মলৈ পিঠি দি ৰাজসিক আৰু তামসিক কৰ্মত মত্ত হয়, যিসকলে সন্তানৰ কামনা কৰোঁতে ঈশ্বৰৰ চিন্তা সমূলি নকৰে, তেওঁলোকে আসুৰিক গুণসম্পন্ন সন্তান লাভ কৰে। আকৌ তেনে পিতৃ মাতৃৰ ঘৰত ওপজা সন্তানে লাহে লাহে অধিক আসুৰিক গুণ আয়ত্ব কৰিবলৈ কয়”। ককাকে ক’লে।

“ককা আমাক আসুৰিক গুণৰ বিষয়ে বহলাই কোৱাচোন”, ৰাণীয়ে ক’লে

“যিবিলাক মানুহে সমাজৰ নীতি নিয়ম মানি চলিব নিবিচাৰে, নিজৰ ইচ্ছা মতেই কৰ্ম আৰু অপকৰ্মবোৰ কৰি যায়, কোনো কাম নিকা মনোভাৱেৰে নকৰে, সদাচাৰী আৰু সত্যবাদী নহয়, সেইবোৰকে গীতাত আসুৰিক মনোভাৱৰ মানুহ বোলা হৈছে”। ককাকে ক’লে।

“ককা আমাৰ লগৰ দৰ্শনো এনে আসুৰিক মনোভাৱৰ ল’ৰা। সি ছাৰ বাইদেউহঁতৰ কথা নুশুনে, নিজৰ যি ইচ্ছা তাকে কৰে, মিছা কথা কয় আৰু আনক বেয়া বেয়া ব্যৱহাৰ কৰে”। নীলে ক’লে।

“গতিকে আমি এই কথা বুজিব লাগিবযে তেনে মনোভাৱৰ মানুহে আচলতে পূৰ্ব জন্মৰ কৰ্মৰ ফল ভোগ কৰিছে। তেওঁলোকে ডাঙৰ দীঘল হোৱা পৰিয়ালৰ পৰাও তেওঁলোকে কিছুমান আসুৰিক গুণ আয়ত্ব কৰিছে। তেওঁলোকে দৈৱ গুণ আয়ত্ব কৰিবলৈ সুবিধা পোৱা নাই। আমি এইখিনি কথা বুজি পালে আমাৰ তেওঁলোকৰ প্ৰতি খং নুঠে, তেওঁলোকৰ প্ৰতি পুতৌহে জাগিব”। ককাকে ক’লে।

“ককা, ঠিকেই কৈছা। সিহঁতে ভগবানকো নামানেআমি ভগবানৰ কথা ক’লে কয়, ভগবান আচলতে ক’তো নাই। সিহঁতে ভগবানৰ কথা বেয়াকৈ ক’বলৈকো ভয় নকৰে”। নীলে ক’লে।

“তই ঠিকেই ধৰিব পাৰিছ নীল। তেওঁলোকে ভগবানক নামানে, কাৰণ তেওঁলোকে নিজৰ মাজতোযে ভগবানৰ অংশ আছে এই কথা মানি ল’ব নোৱাৰে। আত্মাৰ বিষয়ে আৰু আত্মা পৰমাত্মাৰ সম্বন্ধৰ বিষয়েও তেওঁলোক তেনেই অজ্ঞ। তেওঁলোকে নিজকে সৰ্বশক্তিমান আৰু কেতিয়াবা ঈশ্বৰ বুলিও ভাবিবলৈ লয়। তেওঁলোকে এই পৃথিৱীত যিমান আমোদ প্ৰমোদ, ৰং ৰহইচ আছে, সকলো উপভোগ কৰিব বিচাৰে। তেওঁলোকে বিশাল ধন সম্পত্তিৰ গৰাকী হ’বলৈ অহৰহ মনোবাঞ্ছা কৰে। ইন্দ্ৰিয়ক সন্তুষ্ট কৰিবলৈ তেওঁলোক আন প্ৰাণী বা আন মানুহৰ প্ৰতি নিৰ্মম হ’বলৈকো কুণ্ঠাবোধ নকৰে”। ককাকে ক’লে।

“এনে মানুহ সঁচাকৈয়ে ভয় লগা, নহয়নে ককা”? প্ৰীতিয়ে ক’লে।

“ঠিকেই কৈছ। এনেবিলাক মানুহেই তেওঁলোকৰ আসুৰিক প্ৰবৃত্তিৰ বাবে কিছুমান ভয়ংকৰ কামত লিপ্ত হয়। তেওঁলোকৰ এনে কামৰ বাবে আন মানুহে বহুত কষ্ট পায়। এনে লোকসকলৰ বাবেই সমাজৰ বহুতো ক্ষতি হয়”ককাকে ক’লে।

“এনে আসুৰিক প্ৰবৃত্তিৰ মানুহক ভগবানে শাস্তি দিয়েনে ককা”, নীলে সুধিলে।

“নিশ্চয়। আমি আগতে পাই আহিছোঁ, কৰ্মৰ ফল সকলোৱে ভোগ কৰিবই লাগিব। কোনেও সাৰি যাব নোৱাৰে। আসুৰিক গুনসম্পন্ন মানুহে দম্ভ, অহংকাৰ, মিথ্যাচাৰ, কামভাৱ আদিৰ কবলত পৰি ইন্দ্ৰিয়বিলাকৰ বশ হৈ পৰে আৰু নানান অপকৰ্মত লিপ্ত হয়। তেওঁলোকে ইন্দ্ৰিয়ৰ পৰিতৃপ্তিকে জীৱন বুলি ভাবিবলৈ লয়। ইয়াৰ ফলত জীৱনৰ অন্তিম দিনলৈ তেওঁলোকৰ দুশ্চিন্তাৰ ওৰ নপৰে। মৃত্যুৰ পিছতো তেওঁলোকে পুনৰ জন্ম লৈ আকৌ কষ্ট ভোগ কৰে”। ককাকে ক’লে।

“ককা তেনে মানুহবোৰে বুজি নাপায় নেকিযে তেওঁলোকে ইমান বেয়া কাম কৰি আছে। এনে কামৰ কাৰণে তেওঁলোকেযে ইমান শাস্তি পাব লাগিব”। ৰাণীয়ে সুধিলে।

“আসুৰিক প্ৰকৃতিৰ মানুহবোৰৰ সেই চেঅতনাবোধ হেৰাই যায়। ধন সম্পত্তি, টকা পইছা, আমোদ প্ৰমোদৰ পিছে পিছে তেওঁলোক লৱৰি ফুৰে। তেওঁলোকে নিজৰ যিখিনি ধন সম্পত্তি আছে, সেইখিনিত কেতিয়াও সন্তুষ্ট নহয়। তেওঁলোকে সদায় আৰু অধিক ধন সম্পত্তি আহৰণৰ সপোন দেখি থাকে আৰু সৎ আৰু অসৎ দুয়োটা উপায়েৰে ধন গোতাই সম্পত্তিৰ পাহাৰ গঢ়ে। সজ উপদেশ দিয়া লোকসকলকো তেওঁলোকে শত্ৰুজ্ঞান কৰে। তেওঁলোকে নিজকে আনতকৈ চহকী, শক্তিশালী আৰু সুখী বুলি ভাবে। তেওঁলোকে পূজা পাতল আৰু যজ্ঞ কৰি, দান দক্ষিণা দি মনক প্ৰবোধ দিয়ে যদিও ঈশ্বৰৰ ওচৰ চাপিব নোৱাৰে। অজ্ঞান অন্ধকাৰে তেওঁলোকক সদায় মোহাচ্ছন্ন কৰি ৰাখে আৰু সদায় চৰম দুশ্চিন্তাত বিভ্ৰান্ত হৈ, মোহৰ জালত আবদ্ধ হৈ দিন নিয়ায়”। ককাকে ক’লে।

“ককা, তেনে মানুহে ভগবানৰ কাৰণে পূজা পাতল কৰিলেও সেয়া ভগবানে গ্ৰহণ নকৰে নেকি”? অভিয়ে সুধিলে।

“ভগবানে কেৱল প্ৰকৃত ভক্তৰহে পূজা গ্ৰহণ কৰে। মই তহঁতক আগতেও কৈছোঁ, কেৱল কিছুমান নীতি নিয়ম পালন কৰি জাক জমকেৰে পূজা পাতল কৰিলেই ভগবান সন্তুষ্ট নহয়। ভগবানক সঁচাকৈয়ে সন্তুষ্ট কৰিবলৈ হ’লে আমি আমাৰ মাজত দৈৱ গুণৰ বিকাশ কৰি ভগবানৰ একান্ত ভক্ত হ’ব লাগিব”। ককাকে ক’লে।

“আসুৰিক গুণৰ মানুহবোৰে কেতিয়াও ভগবানৰ ওচৰলৈ যাব নোৱাৰে নেকি ককা? তেওঁলোকে বাৰে বাৰে জন্ম লৈ কেৱল কষ্ট ভোগ কৰি থাকিবলগীয়া হয় নেকি”? নীলে সুধিলে।

“গীতাৰ ষষ্ঠদশ অধ্যায়ৰ ১৯ নং শ্লোকত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে –

তানহং দ্বিষত: ক্ৰুৰান্‍ সংসাৰেষু নৰাধমান্‍।
ক্ষিপাম্যজস্ৰমশুভানুনাসুৰীষেৱ য়োনিষু।।

অৰ্থাৎ সেই আসুৰিক গুণসম্পন্ন নৃশংস আৰু নৰাধমহঁতক ভগবানে চিৰকাললৈ জন্ম মৃত্যুৰ চক্ৰলৈ ঠেলি দিয়ে আৰু তেওঁলোকে বাৰে বাৰে আসুৰিক প্ৰকৃতিৰ মানুহৰ ঘৰতে জন্ম লৈ দুখ কষ্ট ভোগ কৰে। বাৰে বাৰে আসুৰিক স্বভাৱ পাই এই জীৱাত্মাবোৰে কেতিয়াও ভগবানৰ ওচৰ চাপিব নোৱৰা হয়”। ককাকে ক’লে।

“ককা, আসুৰিক স্বভাৱৰ মানুহে আকৌ ভাল মানুহ হ’ব নোৱাৰে নেকি? তেও্লোকে কেতিয়াও মুক্তি পাব নোৱাৰে নেকি”? ৰাণীয়ে সুধিলে।

“নিশ্চয় পাৰে। সকলোৰে মাজত দৈৱ আৰু আসুৰিক দুয়োবিধ গুণেই থাকে। মানুহে আসুৰিক গুণৰ ঠাইত দৈৱ গুণৰ সাধনা কৰিবলৈ ল’লে নিশ্চয় মুক্তিৰ পথ বিচাৰি পাব। গীতাত ইয়াৰ এক অতি সহজ উপায়ৰ বিষয়ে কোৱা হৈছে। আসুৰিক স্বভাৱৰ মানুহে নিজকে সংশোধন কৰিবলৈ হ’লে মূলত: তিনিপ্ৰকাৰৰ বেয়া গুণৰ পৰা নিজকে সংশোধন কৰিব লাগিব। সেইকেইটা হৈছে কাম, ক্ৰোধ আৰু লোভ কাম হৈছে মনৰ মাজত থকা কামনা বাসনা, যিবোৰ তৃপ্ত হোৱাটো মানুহে বিচাৰে। সেইখিনি তৃপ্ত নহ’লে মানুহৰ মনত ক্ৰোধ জাগি উঠে। আনহাতে কামনা বাসনা তৃপ্ত হ’লে মানুহৰ সেই বিষয়ৰ প্ৰতি মনত মোহ আৰু লোভ ওপজে। সেয়ে এই তিনিটাৰ পৰা পৰিত্ৰাণ পাব পাৰিলেই আসুৰিক গুণৰ ঠাইত দৈৱ গুণে লাহে লাহে খোপনি পোতে”ককাকে ক’লে।

“ককা দৈৱ গুণৰ মানুহৰ এই তিনিটা বেয়া গুণ নাথাকে নেকি”? প্ৰীতিয়ে সুধিলে।

“ভাল প্ৰশ্ন কৰিছ। দৈৱগুণসম্পন্ন মানুহৰ গাত বহুতো ভাল গুণ থাকে। কিন্তু তেওঁলোক যদি কাম, ক্ৰোধ আৰু লোভৰ কবলত পৰে, তেওঁলোকৰ ভাল গুণসমূহো ক্ষয় হ’বলৈ ধৰে। সেইকাৰণে গীতাত কাম, ক্ৰোধ আৰু লোভক নৰকৰ দুৱাৰ বুলি কৈছে। যিবোৰ মানুহে এই তিনিখন দুৱাৰেৰে প্ৰৱেশ কৰে, অৰ্থাৎ কাম, ক্ৰোধ আৰু লোভৰ বশৱৰ্তী হয়, তেওঁলোকৰ মাজত আসুৰিক গুণ সমূহে লাহে লাহে খোপনি পোতে”ককাকে ক’লে।

“ককা, আমি আসুৰিক গুণ সমূহৰ পৰা আঁতৰি থাকিবলৈ কি কৰিব লাগিব”? অভিয়ে সুধিলে।

“গীতাৰ ষষ্ঠদশ অধ্যায়ৰ শ্লোক নং ২৪ত কোৱা হৈছে –
তস্মাচ্ছাস্ত্ৰং প্ৰমাণং তে কাৰ্য়াকাৰ্য়ৱ্যৱস্থিতৌ।
জ্ঞাত্বা শাস্ত্ৰৱিধানোক্তং কৰ্ম কৰ্তুমিহাৰ্হসি।।

অৰ্থাৎ আমি শাস্ত্ৰৰ কথা মানি চলিব লাগিব। মানাৰ কৰ্তব্য আৰু অকৰ্তব্য নিৰ্ধাৰণ কৰিবৰ বাবে শাস্ত্ৰই হ’ল একমাত্ৰ উপায়। ইয়াত পৰোক্ষভাৱে আমাক গীতাৰ কথা সকলো সময়তে মানি চলিবলৈ শ্ৰীকৃষ্ণই উপদেশ দিছে আমি এতিয়ালৈ গীতাৰ যিখিনি কথা শিকিলোঁ, সেই আটাইবোৰেই আমাৰ জীৱনত মানি চলিবলৈ আমি চেষ্টা কৰিব লাগিব। গীতাৰ মূল কথাই হ’ল ভগবানৰ প্ৰতি ভক্তি আৰু ভগবানৰ ওচৰত আত্মসমৰ্পন। আমি কেৱল এই দুটা কথা মনত ৰাখিলে আমি আসুৰিক গুণ সমূহৰ পৰা আঁতৰি থাকিব পাৰিম”। ককাকে ক’লে।

“মই বুজিব পাৰিছোঁ ককা, দৰ্শনে কিয় মোৰ লগত তেনে ব্যৱহাৰ কৰিছিল। এতিয়া আৰু মোৰ তাৰ ওপৰত খং উঠি থকা নাই। তাৰ বাবে বেয়াহে লাগিছে”। নীলে ক’লে।

“বৰ ভাল কথা। এইখিনি কথা তহঁতে উপলব্ধি কৰা কাৰণে মই বৰ সুখী হৈছোঁ। এতিয়া তঁহতৰ পঢ়া শুনা কৰিবলৈ হ’ল। আটায়ে প্ৰাৰ্থনা কৰি পঢ়া মেজলৈ যা”। ককাকে ক’লে।


আটাই কেইটা ল’ৰা ছোৱালীয়ে ককাকক মাত লগাই কোঠাৰ পৰা ওলাই গ’ল।

ত্ৰয়োদশ অধ্যায়: ক্ষেত্ৰ-ক্ষেত্ৰজ্ঞ-বিভাগ যোগ

শৰীৰৰ যতন

ককাকৰ গাটো কেইদিনমানৰ পৰা বেয়া হৈ থকা কাৰণে তেওঁ নাতিহঁতৰ মাজত গীতাৰ মৌৰস বিলাব পৰা নাই। সকলোটিয়ে মাজে মাজে ককাকৰ খবৰ লৈ আছে।

এদিন আবেলি গাটো অলপ ভাল পাই ককাকে আটাইকেইটাকে তেওঁৰ কোঠালৈ মাতিলে।

“ককা, তুমি এতিয়া অলপ ভাল পাইছানে”? ৰাণীয়ে সুধিলে।

“পাইছোঁ আইজনী। আজি অলপ গাটো ভাল লাগিছে। ভগবানে কৃপা কৰিলে সোনকালেই মই ভাল পাম”, ককাকে বিচনাখনতে বহি লৈ ক’লে।

“ককা, তোমাৰযে বেমাৰ হৈছে, সেয়াও ভগবানেই কৰি দিছে নেকি”? প্ৰীতিয়ে সুধিলে।

ককাকে হাঁহিলে। “মানুহৰ শৰীৰৰ বেমাৰ আজাৰ আদি প্ৰকৃতিৰ নিয়ম অনুসৰি হয়। আজি মই তহঁতক মানুহৰ শৰীৰৰ বিষয়ে ক’ম। গীতাৰ ত্ৰয়োদশ অধ্যায়ত এই শৰীৰটোকে ক্ষেত্ৰ বোলা হৈছে। ক্ষেত্ৰ মানে হ’ল কৰ্ম কৰা স্থান”।

“যেনে যুদ্ধ কৰা স্থানক আমি যুদ্ধক্ষেত্ৰ বুলি কওঁ, কাম কৰা স্থানক কৰ্ম ক্ষেত্ৰ বুলি কওঁ, নহয়নে ককা”? অভিয়ে ক’লে।
“এৰা ঠিক তেনেদৰে শৰীৰ হ’ল আত্মাৰ কাম কৰাৰ এক মাধ্যম। সেয়েহে শৰীৰক ক্ষেত্ৰ বোলা হৈছে। আত্মাৰ ধাৰক আৰু মাধ্যম হিচাপে আমাৰ শৰীৰৰো যথেষ্ট গুৰুত্ব আছে। যিসকলে এই গুৰুত্ব আৰু আত্মাৰ লগত শৰীৰৰ সম্পৰ্কৰ কথা বুজি পায়, তেওঁলোককে ক্ষেত্ৰজ্ঞ বোলা হয়। সেই কাৰণে গীতাৰ ত্ৰয়োদশ অধ্যায়ক ক্ষেত্ৰ-ক্ষেত্ৰজ্ঞ-বিভাগ যোগ বোলা হয়”, ককাকে ক’লে।

“ক্ষেত্ৰজ্ঞ মানে কি, ভালদৰে বুজাই দিয়াচোন ককা”, ৰাণীয়ে সুধিলে।

“ক্ষেত্ৰজ্ঞ মানে হ’ল এই শৰীৰৰ বিষয়ে আৰু শৰীৰত বাস কৰা আত্মাৰ বিষয়ে যিজনে ভালদৰে জানে। এজন খেতিয়কৰ বাবে ক্ষেত্ৰ হ’ল তেওঁৰ খেতিপথাৰ আৰু সেই খেতিপথাৰত ওপজা শস্যৰ বিষয়ে তেওঁ যদি সকলো কথা জানে তেওঁক আমি ক্ষেত্ৰজ্ঞ বুলি ক’ম। সেইদৰে তহঁতৰ ক্ষেত্ৰ হ’ল পঢ়া শুনা কৰা আৰু এয়া তহঁতৰ ক্ষেত্ৰ। এই ক্ষেত্ৰৰ পৰা যিসকলে জ্ঞান আহৰণ কৰিব পাৰে, সকলো বিষয় ভালদৰে আয়ত্ব কৰিব পাৰে, তেওঁলোক হ’ল পঢ়া শুনাৰ ক্ষেত্ৰখনৰ ক্ষেত্ৰজ্ঞ। এতিয়া বুজিছতো”?

“শৰীৰৰ বিষয়ে আমি কি কি কথা জানিব লাগে ককা”? নীলে সুধিলে।

“গীতাত কৈছে যে আমাৰ শৰীৰ বিভিন্ন প্ৰকাৰৰ দ্ৰব্য মিহলি হৈ সৃষ্টি হৈছে। প্ৰধানকৈ পঞ্চ মহাভুত মিলি আমাৰ শৰীৰৰ নিৰ্মাণ হৈছে”। ককাকে ক’লে।

“পঞ্চ মহাভুত? সেয়া আকৌ কি ককা”? অভিয়ে সুধিলে।

“বিজ্ঞানত তহঁতে নিশ্চয় পাইছ যে প্ৰতিটো বস্তুৱেই কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ অণু পৰমাণু মিলি তৈয়াৰ হয়। অণু পৰমাণূবোৰ আকৌ ক্ষুদ্ৰ ক্ষুদ্ৰ ইলেকট্ৰন, প্ৰ’টনৰ দ্বাৰা গঠিত। সেইদৰে গীতাত কোৱা হৈছে যে মানুহৰ শৰীৰকে ধৰি এই পৃথিৱীৰ সকলো বস্তুৱেই মূলত: পাঁচবিধ বস্তুৰে তৈয়াৰ হয়। এই পঁচবিধ বস্তু হৈছে – পৃথিৱী, পানী, জুই, বায়ু আৰু আকাশ। এই পাঁচবিধকে পঞ্চভুত বোলা হয়”। ককাকে ক’লে।

“কিন্তু ককা, আমি অণু পৰমাণু, ইলেক্ট্ৰন প্ৰ’টনৰ কথাহে জানো। বিজ্ঞানত আমি পঞ্চভুতৰ কথা পোৱা নাই”। নীলে ক’লে।

“আজিৰ বিজ্ঞানে যিদৰে উলিয়াইছে যে অনু পৰমাণু বা তাতোকৈ সৰু প্ৰ’টন, ইলেকট্ৰ’নক লৈয়েই সকলো বস্তুৰ গঠন হয়, সেইদৰে গীতাত কোএআ হৈছে যে সকলো বস্তু পাঁচবিধ মৌলিক উপাদানেৰে গঠিত হয়।এই পাঁচবিধেই হৈছে পঞ্চভুত ককাকে ক’লে।

“শৰীৰত পঞ্চভুতৰ উপৰিও আৰু কি কি থাকে ককা”? নীলে সুধিলে।

“পঞ্চ মহাভুতৰ বাহিৰেও মন, বুদ্ধি, অহংকাৰ, পাঁচ ইন্দ্ৰিয় আৰু পাঁচ প্ৰকাৰৰ চেতনা মিলি আমাৰ মানুহৰ শৰীৰ গঠন হৈছে। পাঁচ প্ৰকাৰৰ চেতনা হ’ল শব্দ, ষ্পৰ্শ, ৰূপ, ৰস আৰু গোন্ধতদুপৰি ইচ্ছা, দ্বেষ, সুখ, দুখ আদি মানুহৰ শৰীৰৰ বৈশিষ্ট। আন জড় পদাৰ্থ আৰু আত্মা ধাৰণ কৰা শৰীৰৰ পাৰ্থক্য হৈছে আনবিলাকত কেৱল পঞ্চভুতহে থাকে, কিন্তু জীৱৰ শৰীৰত উপৰঞ্চি কেইবাটাও বৈশিষ্ট থাকে। এইবোৰ বৈশিষ্ট আমি য’তেই বিচাৰি পাওঁ, সেয়েই হ’ল ক্ষেত্ৰ”, ককাকে ক’লে।

“তেনেহ’লে এই ক্ষেত্ৰত ক্ষেত্ৰজ্ঞ বুলিলে আমি কি বুজিম”? অভিয়ে সুধিলে।

“ক্ষেত্ৰজ্ঞ লোকসকলে যিহেতু শৰীৰ আৰু শৰীৰত বাস কৰা আত্মাৰ বিষয়ে ভালদৰে জানে, সেয়েহে তেওঁলোকে নিজৰ শ্ৰেষ্ঠত্বৰ কেতিয়াও অভিমান নকৰে, কেতিয়াও দম্ভাচৰণ নকৰে, কোনো প্ৰাণীকে কেতিয়াও দুখ নিদিয়ে, সকলোকে ক্ষমা কৰে, নিজৰ মন আৰু কথাৰ সৰলতা বজাই ৰাখে, ইহলোক বা পৰলোকৰ কোনো বিষয়ৰ প্ৰতি কোনো আসক্তি নকৰে, প্ৰিয় বা অপ্ৰিয় পৰিস্থিতিত সমভাৱে থাকিব পাৰে। তেনে স্বভাৱৰ লোক সকলেই জ্ঞানী বা ক্ষেত্ৰজ্ঞ বুলি কোৱা হয়”ককাকে ক’লে।

“ককা ক্ষেত্ৰজ্ঞ মানুহ কেনে হয়? আমি তেওঁলোকক কেনেকৈ চিনি পাম”? ৰাণীয়ে সুধিলে।

“মই তহঁতক আগতেই কৈছোঁ মানুহৰ দেহত বাস কৰা আত্মা পৰম ব্ৰহ্ম ভগবানৰে অংশ। যিজনে এই কথা অনুভৱ কৰিব পৰা হয়, তেওঁ তেতিয়া নিজেই ভগবান স্বৰূপ হৈ পৰে। কিছুমান মানুহক দেখিলেই আপোনা আপুনি ভক্তি ভাব আহে, ভগবানৰ অৱতাৰ যেন লাগে, কথাটো তহঁতে মন কৰিছনে? তেনে মানুহক চিনি পাবলৈ কঠিন নহয়। সেইবোৰ মানুহেই আত্মা আৰু পৰমাত্মাৰ বিষয়ে সকলো কথা অনুভৱ কৰিব পৰা ক্ষেত্ৰজ্ঞ বা পৰম জ্ঞানী”ককাকে ক’লে।
“ককা মানুহে নিজৰ দেহত পৰম ব্ৰহ্ম ভগবান থকা বুলি কেনেকৈ অনুভৱ কৰিব পাৰে? পৰম ব্ৰহ্মইতো পৰমাত্মা। আমি পৰমাত্মাৰ উপস্থিতিৰ বিষয়ে কেনেকৈ জানিব পাৰোঁ”? অভিয়ে সুধিলে।

“পৰমাত্মাৰ বিষয়ে মানুহে অনুভৱহে কৰিব পাৰে। এই বিশ্ব ব্ৰহ্মাণ্ড ব্যাপি যি এক শক্তিয়ে সকলোকে আৱৰি আছে, যাৰ ইচ্ছাত সকলো পৰিচালিত হৈ আছে, সেয়েই পৰমাত্মা।

গীতাৰ ত্ৰয়োদশ অধ্যায়ৰ ১৫ নং শ্লোকত কোৱা হৈছে –

সৰ্বেন্দ্ৰিয় গুণাভাসং সৰ্ৱেন্দ্ৰিয় ৱিৱৰ্জিতম।
অসক্তং সৰ্বভূতেষু নিৰ্গুণ গুণভোক্তৃ চ।।

অৰ্থাৎ পৰামাত্মাই সকলো ইন্দ্ৰিয়ৰ সৃষ্টিকৰ্তা যদিও তেওঁৰ নিজৰ কোনো ইন্দ্ৰিয় নাই। তেওঁ সকলো জীৱৰে পালনকৰ্তা, কিন্তু তেওঁৰ কোনো আসক্তি নাই। তেওঁ সকলো গুণৰে নিয়ন্তা, কিন্তু তেওঁ নিজে নিৰ্গুণ। তেওঁ পৰম ঈশ্বৰ, পৰম প্ৰভু। তেওঁৰ চকুৰ আঁৰত কোনো কাম কৰা সম্ভৱ নহয়। কথাটো তহঁতে বুজিব পাৰিছনে”?

“ককা, মই কথাটো ভালকৈ বুজি পোৱা নাই”, ৰাণীয়ে ক’লে।

“সহজ কথাত ক’বলৈ হ’লে ভগবান আমাৰ ভিতৰতো আছে আৰু বাহিৰতো আছে। আমি চকুৰে দেখা প্ৰতিটি বস্তু আৰু প্ৰতিটো জীৱৰ মাজতে ভগবান আছে। কিন্তু সেই ভগবানক আমাৰ ইন্দ্ৰিয় সমূহেৰে দেখাৰ বা বুজি পোৱাৰ ক্ষমতা নাই। তেওঁ সকলো জীৱৰ মাজত আছে আৰু তেঁৱেই আন সকলোতে আছে”। ককাকে ক’লে।

“ককা, তাৰ মানে ভগবানে নিজকে কেইবাটাও ভাগত ভগাই সকলোপিনে বিলাই দিছে নেকি”? প্ৰীতিয়ে সুধিলে।

ককাকে হাঁহিলে। “ভগবান সকলো জীৱৰ মাজত বিভক্ত হৈ থকা যেন লাগে যদিও আচলতে তেনে নহয়। ভগবান হ’ল সকলোতে বিয়পি থকা আমাৰ জীৱ আৰু জড় প্ৰকৃতি জগত চলাই ৰখা শক্তি। তেঁৱেই পৰমাত্মা, তেঁৱেই সকলো জ্যোতিষ্কৰ পোহৰৰ উত্স। তেঁৱেই মানুহৰ হৃদয়ত থাকে আকৌ তেওঁকেই বিচাৰি মানুহে হাবাথুৰি খায়”। তেওঁ ক’লে।
“আমি ভগবানক নিজৰ মাজত কেনেকৈ বিচাৰি পাম ককা”? ৰাণীয়ে সুধিলে।

“এই বিষয়ে মই আগতেও তহঁতক কৈছোঁ। ভগবানক নিজৰ মাজত বিচাৰি পোৱাৰ আটাইতকৈ সহজ আৰু সঠিক উপায় হ’ল ধ্যান বা মেডিটেচন। কিছুমানে ধ্যান নকৰি জ্ঞানৰ অনুশীলন কৰিও নিজৰ মাজত ভগবানক বিচাৰি পায়। সেইদৰে কিছুমানে নিষ্কাম ভাৱে নিজৰ কৰ্তব্য কৰিও ভগবানক পায়”। ককাকে ক’লে।

“কিন্তু ককা, ভগবানক বিচাৰি পোৱাটো ইমান সহজ হ’লে বহুতেই বিচাৰি পাব লাগিছিল। তেনে নহয় কিয়”? অভিয়ে ক’লে।

“ঠিকেই কৈছ, শুনিবলৈ যিমান সহজ, আচলতে কাৰ্যক্ষেত্ৰত ভগবানক বিচাৰি পোৱা ইমান সহজ নহয়। ইয়াৰ মূল কাৰণ হ’ল আমি নিজৰ মনটোকে সঠিক ভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। ভগবানক বিচাৰি পাবলৈ হ’লে আমি দিনে ৰাতিয়ে, খাওঁতে শোওঁতে, সকলো সময়তে ভগবান আমাৰ লগত আছে বুলি অনুভৱ কৰিব লাগিব। ধ্যান, জ্ঞানৰ সাধনা বা নিজৰ কামত নেৰানেপেৰা ভাবে একমনে লাগি থাকিব লাগিব। তেতিয়াহে ভগবানক বিচাৰি পোৱাটো সম্ভৱ হয়”। ককাকে ক’লে।

“ককা, আমাৰ নিজৰ দেহতে ভগবান আছে, এই কথাটো ভাবিলেই আচৰিত লাগে”, ৰাণীয়ে ক’লে।

“নিশ্চয় আছে। আমাৰ দেহত জীৱাত্মাৰ লগতে পৰমাত্মাও আছে। সেই কথা আমি অনুভৱ কৰিব পাৰিব লাগিবএই কথাও মনত ৰাখিবিযে যে জীৱাত্মা আৰু পৰমাত্মা কোনোটোৰে বিনাশ নহয়। আমি যেতিয়া  সকলো জীৱ আৰু জড় জগতত ভগবানৰ অস্তিত্ব দেখিবলৈ পাম, তেতিয়াই আমি ভগবানক নিজৰ হৃদয়তো বিচাৰি পাম। নিজৰ দেহৰ মাজত ভগবানৰ অস্তিত্ব অনুভৱ কৰিব পৰাটোৱেই মানুহৰ জীৱনৰ সফলতা। আৰু এয়াই হ’ল পৰম জ্ঞান”। ককাকে ক’লে।
“ককা, এতিয়া তুমি জিৰণি লোৱা। তোমাৰ গাটো ভাল নহয়। বেচিকৈ কথা কৈ থাকিলে বেমাৰ বেছি হ’ব”। ৰাণীয়ে ক’লে।


“বাৰু, তহঁত এতিয়া যাগৈ। মই অলপ জিৰণি লওঁ। তহঁতে কেৱল মই কোৱা কথাবোৰ মনত ৰাখিবি। অন্তৰত ভগবানক স্থাপন কৰিব পাৰিলে জীৱনত সকলো কামতে সফল হ’ব পাৰিবি”। ককাকে ক’লে।