সততা আৰু শ্ৰদ্ধাৰ মহত্ব
চুবুৰিটোত হঠাতে এদিন
হুলস্থূল লাগিল। একেটা চুবুৰীত বাস কৰা মুকেশ জালানৰ ঘৰলৈ পুলিছ আহিল। জালানে হেনো
নীতি বহিৰ্ভূত ভাৱে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ দ্বাৰা সা সম্পত্তি আহৰণ কৰিছিল।
পিছে চুবুৰিত মুকেশ জালানক সকলোৱে ভাল পাইছিল। কাৰণ তেওঁ ৰাজহুৱা পূজা, যজ্ঞ, বিহু
আদিত মুক্তহস্তে দান বৰঙণি আগবঢ়াইছিল। তেওঁক চুবুৰিৰ সকলোৱে এজন কঠোৰ পৰিশ্ৰমী
ব্যৱসায়ী বুলিয়েই জানিছিল। তেওঁযে নীতি বহিৰ্ভূত ব্যৱসায়ত লিপ্ত হৈ ধন সম্পত্তি ঘটিছিল,
সেই কথা কোনেও নাজানিছিল।
নীল আৰু ৰাণীয়ে ককাকক
মুকেশ জালানৰ ঘৰলৈ পুলিছ অহাৰ খবৰটো দিলে।
“ককা, জালান আংকল ইমান
ভাল মানুহ। তেওঁক কিয় পুলিছে ধৰিছে”? ৰাণীয়ে সুধিলে।
“আচলতে তেওঁ ভাল মানুহ
নহয়। তেওঁৰ বোলে বহুত দুই নম্বৰী ব্যৱসায় আছে। বেয় কাম নকৰিলে পুলিছে কিয় ধৰিব”।
নীলে ক’লে।
“আচতিত কথা নহয়নে?
কিছুমানে তেওঁক ইমান ভাল মানুহ বুলি ভাবে, কিন্তু তেওঁ আচলতে ভাল মানুহ নহয়।
কিছুমান মানুহে দান, যজ্ঞ কৰিও ভাল মনুহ হ’ব নোৱাৰে”। ককাকে মাত লগালে।
“তেনেকুৱা কিয় হয় ককা?
ভাল কাম কৰিলে ভাল ফল পায় নহয় জানো? জালান আংকলে সদায় পূজা পাতল কৰে, দান দক্ষিণা
দিয়ে। তেওঁ কিয় ভাল ফল পোৱা নাই”? ৰাণীয়ে সুধিলে।
“মই তহঁতক আজি এই বিষয়ে
ক’ম। গীতাৰ সপ্তদশ অধ্যায়ত এই বিষয়ে বিস্তৃত ভাৱে কোৱা হৈছে। কেৱল দান, যজ্ঞ,
তপস্যা কৰাটোৱেই যথেষ্ট নহয়। অভি, প্ৰীতি হঁতকো মাতি দে। আমি এই বিষয়েই আজি কথা
পাতো”। ককাকে ক’লে।
নীল আৰু ৰাণীয়ে অভি আৰু
প্ৰীতিকো মতাই আনিলে। আটাইকেইটা ল’ৰা ছোৱালী ককাকক আগুৰি বহিল।
“আমি যোৱাবাৰ যিবোৰ কথা
পাতিছিলোঁ, তহঁতৰ মনত আছে নে”? ককাকে সুধিলে।
“আছে ককা। আমাক মানুহৰ
দৈৱ গুণ আৰু আসুৰিক গুণৰ বিষয়ে কৈছিলা। দৈৱ গুণৰ কাৰণে মানুহ ভগবানৰ প্ৰিয় হয়।
নহয়নে ককা”? ৰাণীয়ে ক’লে।
“আমি যে শাস্ত্ৰৰ কথা
মানি চলিব লাগে, গীতাৰ কথা মতে চলিব লাগে সেই বিষয়েও কৈছিলা”, অভিয়ে ক’লে।
“তহঁতৰ মনত আছে কাৰণে বৰ
ভাল পাইছোঁ। শাস্ত্ৰৰ নিয়ম মানি চলাটো খুব প্ৰয়োজনীয় কথা”। ককাকে ক’লে।
“ককা, বহুত মানুহে
শাস্ত্ৰৰ বিষয়ে একো কথাই নাজানে। শাস্ত্ৰৰ কথা নজনাকৈয়ো মানুহে দেখোন পূজা পাতল,
দান যজ্ঞ কৰি থাকে। তেনে মানুহো ভগবানৰ প্ৰিয় নহয় নেকি”? নীলে সুধিলে।
“বৰ ভাল প্ৰশ্ন কৰিছ।
সপ্তদশ অধ্যায়ত অৰ্জুনেও শ্ৰীকৃষ্ণক একেটা প্ৰশ্নই কৰিছিল। শ্ৰীকৃষ্ণই অৰ্জুনক
বুজালেযে মানুহে দান যজ্ঞ তপস্যা যিয়েই নকৰক কিয়, সকলো কাৰ্যই তিনিপ্ৰকাৰৰ হয়। এই
তিনিটা প্ৰকাৰ হৈছে সাত্বিক, ৰাজসিক আৰু তামসিক”। ককাকে ক’লে।
“আমি এই তিনিটা গুণৰ কথা
আগতে পাই আহিছোঁ, নহয়নে ককা? মানুহৰ গাত এই তিনি প্ৰকাৰৰ গুণ থাকে বুলি কৈছিলা
নহয়”। ৰাণীয়ে ক’লে।
“মানুহৰ গাত থকা এই
গুণবোৰেই তেওঁৰ কাৰ্য কেনে হ’ব সেয়াও নিৰূপিত কৰে। প্ৰতিজন মানুহেই কোনোবাটো নহয়
কোনোবাটো গুণৰ প্ৰভাৱত থাকে আৰু এই গুণবোৰৰ কাৰণেই মানুহে বেলেগ বেলেগ ধৰণে কাৰ্য
কৰে”, ককাকে বুজাই দিলে।
“পূজা, যজ্ঞ, তপস্যা
এইবোৰ কেনেকৈ বেলেগ বেলেগ গুণ থকা হয় ককা? এই আটাইঅবোৰ মানুহে ভগবানৰ
উদ্দেশ্যেৰেইতো কৰে, নহয় জানো”? অভিয়ে সুধিলে।
“যিবোৰ মাংগলিক কাৰ্য
শাস্ত্ৰৰ বিধান অনুসৰি, যথাবিহিত ভাৱে আৰু নিষ্কাম ভক্তিৰে দেৱতাসকলৰ উদ্দেশ্যে
কৰা হয়, সেইবোৰেই হ’ল সাত্বিক কাৰ্য। শাস্ত্ৰৰ বিধানৰ বিষয়ে নজনাকৈ কেৱল আনৰ চকুত
নিজকে ভক্ত বুলি প্ৰতিপন্ন কৰিবলৈ বা নিজৰ ব্যক্তিগত কামনা পূৰণৰ কামনা কৰি ঢাক
ঢোল বজাই যিবোৰ মাংগলিক কাৰ্য কৰা হয়, সেইবোৰেই ৰাজসিক কাৰ্য। এনে কাৰ্যত যক্ষ,
ৰাক্ষস আদিকো ভগৱানৰ আসনত বহুওৱা হ’ব পাৰে। সেইদৰে কিছুমান মানুহে ভগবানৰ নামত
ভূত, প্ৰেত, অসুৰ আদিকো পূজা কৰে। ভূতৰ আকাৰত ভগবানক পূজা কৰা, তেনে তেজ খাই
ভালপোৱা ভগবানৰ নামত জীৱ জন্তুৰ বলি দিয়া আদি হ’ল তামসিক কাৰ্য”। ককাকে বুজাই
দিলে।
“ককা, ভূত প্ৰেত অসুৰবোৰ
আচলতেনো কি? সেইবোৰ সঁচাকৈয়ে থাকে নেকি”? প্ৰীতিয়ে সুধিলে।
“ভূত প্ৰেত অসুৰ এইবোৰ
হ’ল কাল্পনিক চৰিত্ৰ। স্বভাৱ অনুসত্ৰি মানুহেই দেৱতা, ৰাক্ষস বা অসুৰ হ’ব
পাৰে। যিবোৰ মানুহ দাম্ভিক আৰু অহংকাৰী
হয়, যিবোৰ মানুহক কামনা বাসনা আৰু আসক্তিয়ে ঘেৰি ৰাখে, যিবোৰ মানুহ নিজৰ ক্ষমতাৰ
মতলীয়া হয়, যিবোৰ মানুহে আমাৰ শৰীৰত আত্মাৰ উপস্থিতি অৱজ্ঞা কৰে, তেনেবোৰ অজ্ঞানী
মানুহেই অসুৰ স্বভাৱ লাভ কৰে”। ককাকে ক’লে।
“মানুহে কেনেকৈ বেলেগ
বেলেগ স্বভাৱ পায় ককা? বেলেগ বেলেগ স্বভাৱৰ বিষয়ে বুজাই দিয়াচোন”। নীলে মাত লগালে।
“মানুহে সকলো কৰ্মফল
অনুসৰি লাভ কৰে। কৰ্মফলৰ বাবেই মানুহে বেলেগ বেলেগ স্বভাৱৰ বা গুণৰ অধিকাৰী হয়।
মানুহৰ স্বভাৱ বা গুণ অনুসৰি তেওঁলোকে গ্ৰহণ কৰা আহাৰ, যজ্ঞ, তপস্যা আৰু দানো
বেলেগ বেলেগ ধৰণৰ হয়”, ককাকে ক’লে।
“কথাটো ভালদৰে বুজাই
দিয়াচোন ককা”, ৰাণীয়ে ক’লে।
“মানুহে কি আহাৰ গ্ৰহণ
কৰি ভাল পায়, তাৰ পৰা মানুহজনৰ স্বভাৱৰ বিষয়ে জানিব পৰা যায়। যিবোৰ মানুহে সদায়
আয়ুস, বল, আৰোগ্য, আৰু মনৰ সতেজতা বৃদ্ধি কৰিব পৰা ৰসাল, সতেজ, পুষ্টিকৰ আৰু
তৃপ্তিদায়ক আহাৰ গ্ৰহণ কৰে তেওঁলোক নিশ্চয় সাত্বিক স্বভাৱৰ হয়। যিবোৰ মানুহে তিতা,
টেঙা, নিমখীয়া, অত্যন্ত গৰম, অত্যন্ত জলা, শুকান আৰু শৰীৰৰ অভ্যন্তৰত পোৰণিৰ
সৃষ্টি কৰা খাদ্য গ্ৰহণ কৰে, সেইবোৰ ৰাজসিক গুণযুক্ত হয়। সেইদৰে যিবোৰ মানুহে
বাহী, স্বাদহীন, দুৰ্গন্ধযুক্ত, গেলা, পঁচা, আনে খাই এৰা খাদ্য খায়, তেও্লোক
তামসিক গুণযুক্ত হয়। কথাটো বুজিলিনে”?
“আহাৰৰ কথাটো বুজিলোঁ
ককা। কিন্তু যজ্ঞ, তপস্যা আৰু দান কেনেকৈ স্বভাৱ অনুযায়ী বেলেগ বেলেগ হ’ব পাৰে”?
অভিয়ে সুধিলে।
“যিবোৰ যজ্ঞ কোনো ফলৰ
আশা নকৰাকৈ শাস্ত্ৰৰ বিধান অনুযায়ী, নিজৰ কৰ্তব্য বুলি ভাবি কৰা হয়, সেই যজ্ঞ হ’ল
সাত্বিক যজ্ঞ। কিন্তু কিবা বৈষয়িক লাভৰ বাবে বা দম্ভ দেখুৱাবলৈ যি যজ্ঞ কৰা হয়,
সেয়া হ’ল ৰাজসিক যজ্ঞ। সেইদৰে যি যজ্ঞ শাস্ত্ৰৰ বিধান নমনাকৈ, কোনো বৈদিক মন্ত্ৰৰ
উচ্চাৰণ নকৰাকৈ, নিজৰ খেয়াল খুচি মতে অসৎ উদ্দেশ্যৰে কৰা হয় সেই যজ্ঞই হ’ল তামসিক
যজ্ঞ”। ককাকে ক’লে।
“যজ্ঞৰ কথা বুজিলোঁ।
পিছে তপস্যা কেনেকৈ বেলেগ বেলেগ ধৰণৰ হ’ব পাৰে”? নীলে সুধিলে।
“তপস্যা কেৱল ভগৱানক
পাবৰ বাবেই কৰা কাৰ্য নহয়। তহঁতে পঢ়া শুনা কৰাটোও হ’ল তপস্যা। যিবোৰ তপস্যাই আমাৰ
শৰীৰটো পৱিত্ৰ কৰি ৰাখে, সেয়া হ’ল শাৰীৰিক তপস্যা। জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা আৰু
সন্মান, সৰুৰ প্ৰতি মৰম, মনৰ শুচিতা, সৰলতা, অহিংসা আদি হ’ল শাৰীৰিক তপস্যা।
শৰীৰটোৱে যাতে কোনো অপকৰ্মত লিপ্ত নহয়, তাৰ বাবে অহৰহ সচেষ্ট হোৱাটোৱেই হৈছে
শাৰীৰিক তপস্যা। বুজি পাইছনে”? ককাকে আটাইকেইটিলৈ চাই সুধিলে।
“বুজিছোঁ ককা। আৰু কি কি
তপস্যা আছে”? প্ৰীতিয়ে সুধিলে।
“আমাৰ মনটোক শান্ত আৰু
নিয়ন্ত্ৰণত ৰখাৰ বাবে যি সাধনা কৰা হয়, সেয়া হ’ল মানসিক তপস্যা। আমি মনত সদায়
আনন্দৰ ভাৱ ৰাখিবলৈ যত্ন কৰিব লাগে। প্ৰয়োজন হ’লে মৌন হৈ থকা, আত্মসংযম আৰু নিজৰ
মনক সকলো কলুষতাৰ পৰা আঁতৰাই ৰাখিবলৈ যি তপস্যা কৰা হয় সেয়া হ’ল মানসিক তপস্যা।
শাৰীৰিক আৰু মানসিক তপস্যাৰ উপৰিও আমি নিজৰ জ্ঞান অৰু কৰ্মকুশলতা বঢ়াবলৈ যি
নিৰন্তৰ চেষ্টা কৰিব লাগে, সত্য প্ৰতিস্থাৰ বাবে যি সংগ্ৰাম কৰিব লাগে, সমাজৰ ভালৰ
কাৰণে কাম কৰি যাব লাগে, নিয়মিত ধৰ্মৰ বাটত চলিবলৈ প্ৰয়াস কৰিব লাগে সেয়াও হ’ল
তপস্যা। এই তপস্যাক বাচিক তপস্যা বোলা হয়”। ককাকে ক’লে।
“ককা, মানুহৰ গুণ
অনুযায়ী দানো ভিন ভিন প্ৰকাৰৰ হয় নেকি”? অভিয়ে সুধিলে।
“নিশ্চয়। গুণ অনুসৰি দান
ভিন ভিন প্ৰকাৰৰ হয়। উচিত ঠাইত, উচিত সময়ত, যোগ্য ব্যক্তিক, কোনো প্ৰত্যুপকাৰৰ কথা
বিবেচনা নকৰাকৈ কেৱল কৰ্তব্য বুলি ভাবিয়েই যি দান দিয়া হয়, সেই দানেই হৈছে সাত্বিক
দান। যিবোৰ দান প্ৰত্যুপকাৰৰ আশাত বা কিবা ফল লাভ কৰাৰ আশাত বা অনিচ্ছা সত্ত্বেও
দিয়া হয়, সেয়াই হ’ল ৰাজকীয় দান। সেইদৰে অপবিত্ৰ ঠাইত, অনুচিত সময়ত, অযোগ্য মানুহক
অথবা যথোচিত ভাৱে মান সত্কাৰ নকৰাকৈ অৱজ্ঞাৰ ভাৱেৰে যি দান দিয়া হয়, তাকেই তামসিক
দান বোলা হয়”।
“ককা সকলো কামেই
সাত্বিক, ৰাজসিক আৰু তামসিক এই তিনিপ্ৰকাৰৰ গুণ অনুসৰি বেলেগ বেলেগ হয়, নহয়নে”?
ৰাণীয়ে সুধিলে।
“একেবাৰে সঠিক কথা কৈছ।
আমাৰ জীৱনৰ সকলো কামেই আমি এই তিনিগুণ অনুযায়ী বিবেচনা কৰি চাব পাৰোঁ। মানুহৰ
জীৱনত এই তিনিটা গুণৰ প্ৰভাৱৰ বিষয়ে গীতাৰ সপ্তদশ অধ্যায়ত বিস্তৃত ভাৱে কোৱা হৈছে।
সেই কাৰণে এই অধ্যায়ক শ্ৰদ্ধাত্ৰয়বিভাগ যোগ বোলা হয়। মানুহে শ্ৰদ্ধা ভক্তিৰে কৰা
কামবোৰোযে তিনি প্ৰকাৰৰ হয় সেই কথাখিনিকে ইয়াত বুজোৱা হৈছে”। ককাকে ক’লে।
“ককা, মানুহে কেনেকৈ
জানিব পাৰিব তেওঁৰ কাম কোন প্ৰকাৰৰ হৈছে। জালান আংকলে দেখোন বহুত পূজা পাতাল কৰে,
দান দক্ষিনা দিয়ে। তেওঁকতো সকলোৱে ভাল মানুহ বুলিয়েই ভাবে। কিন্তু তেওঁকো চোন এতিয়া পুলিছে ধৰিছে”। নীলে ক’লে।
“মানুহে যিবোৰ কাম
সম্পূৰ্ণ সততা, নিস্থা আৰু শ্ৰদ্ধাৰে নকৰে, সেইবোৰ কেতিয়াও ভাল কাম হ’ব নোৱাৰে।
গীতাৰ সপ্তদশ অধ্যায়ৰ ২৮ নং শ্লোকত শ্ৰীকৃষ্ণই অৰ্জুনক এই বুলি কৈছে –
অশ্ৰদ্ধয়া
হুতং দত্তং তপস্তপ্তংকৃতং চ য়ৎ।
অসদিত্যুচ্যতে
পাৰ্থন চ তত্প্ৰেত্য নো ইহ।।
ইয়াৰ অৰ্থ হ’ল
শ্ৰদ্ধাহীনভাৱে বাবে বা সততা নোহোৱাকৈ কৰা পূজা, যজ্ঞ দান, তপস্যা, শুভকৰ্মএই
সকলোবোৰেই হ’ল অসৎ। এইবিলাক কামৰ পৰা ইহকাল আৰু পৰকাল ক’তো একো লাভ নহয়।
জালানে হয়তো বহুত পূজা পাতল, দান যজ্ঞ কৰে, কিন্তু সেয়া যদি সম্পূৰ্ণ সততা আৰু
ভগৱানৰ প্ৰতি শ্ৰদ্ধাৰে কৰা নাই, সেয়া ভগৱানে কেতিয়াও গ্ৰহণ নকৰে”। ককাকে ক’লে।
No comments:
Post a Comment