Sunday, February 19, 2017

অষ্টাদশ অধ্যায়: সন্যাসোত্কৰ্ষ যোগ

সাৰাংশ

নীলহঁতৰ ককাকৰ গাৱঁলৈ উভতি যাবলৈ হ’ল। সেইবাবে ল’ৰা ছোৱালী কেইটিৰ মন বেয়া। এই কেইদিন আটাইকেইটাই ককাকৰ পৰা গীতাৰ কথাৰ লগতে বহুত ভাল ভাল কথা শিকিবলৈ পাইছিল।
“ককা, তুমি গাৱঁলৈ গ’লে আমাক গীতাৰ কথা কোনে ক’ব”? ৰাণীয়ে ককাকৰ ওচৰলৈ গৈ ক’লে।

“মই গীতাৰ কথা শেষ নকৰাকৈ নাযাওঁ নহয় মাজনী। মাত্ৰ শেষৰ অধ্যায়টোহে ক’বলৈ বাকী আছে। এইটো অধ্যায় শেষ হ’লেই গীতাৰ কথা শেষ হ’ব”। ককাকে তাইক ওচৰত বহুৱাই ক’লে।

“শেষৰ অধ্যায়ত কি আছে ককা? শ্ৰীকৃষ্ণই অৰ্জুনক কোৱা কথাখিনি শেষ হ’ব নহয়নে? অৰ্জুনে চাগে’ যুদ্ধ কৰিবলৈ যাব”। ৰাণীয়ে উত্সাহেৰে ক’লে।

“শেষৰ অধ্যায়টো গীতাৰ প্ৰথম সোতৰটা অধ্যায়ৰ সাৰাংশ বুলি ক’ব পাৰি। এই অধ্যায়ত শ্ৰীকৃষ্ণই আগতে কোৱা সকলো কথাৰে মূল কথাবোৰ অৰ্জুনক আকৌ কৈছে। তহঁতে যে পৰীক্ষাৰ কাৰণে খৰচি মাৰি পঢ়াৰ পিছত পৰীক্ষাৰ আগদিনা আকৌ এবাৰ পঢ়াখিনি ৰিভাইজ কৰ, সেইদৰে এই অধ্যায়ত গীতাৰ মূল কথাখিনি ৰিভাইজ কৰা হৈছে। সেই কাৰণে এই অধ্যায়টোৰ বিষয়ে জনাটো অতি আৱশ্যকীয়”। ককাকে ক’লে।

“প্ৰীতিহঁতৰ মাক দেউতাকে মাজত যে কেইবাটাও অধ্যায় শুনিবলৈ আহিব নোৱাৰিলে সেই কাৰণে দুখ কৰিছে”। ৰাণীয়ে ক’লে।

“এটা কাম কৰ, আজি সন্ধিয়া সকলোকে মাতি দে। প্ৰীতি হঁতৰ মাক দেইতাক, ডাক্তৰ ৰহমান, প্ৰফেছাৰ জোছেফ সকলোকে মাতিবি। তহঁত সৰু ল’ৰা ছোৱালী আটাইকেইটা আহিবি। আজি আমি গীতাৰ সাৰ মৰ্ম বুজিবলৈ চেষ্টা কৰিম”। ককাকে ক’লে।

সন্ধিয়া সময়ত আটাইবোৰ মানুহ গোট খালে। ককাকে পুথিখন মেলি বহিল।

“আজি আমি গীতাৰ শেষ অধ্যায়ৰ কথা কম। মাজতে যিসকলৰ গীতাৰ কথা শুনিবলৈ সুবিধা নহ’ল, তেওঁলোকে এইখিনি কথা মন দি শুনিলেও হ’ব। আগৰ সোতৰটা অধ্যায়ৰ সাৰাংশ এই অধ্যায়তে আছে”। ককাকে ক’লে।

“বৰ ভাল কথা। আমি একে বহাতে সকলো কথা জানিব পাৰিমমই আহিম আহিম বুলিও আহিব পৰা নাই।” ডাক্তৰ ৰহমানে হাঁহি মাৰি ক’লে।

“হয় দেউতা, গীতাৰ সাৰাংশ জানিবলৈ মোৰো মন গৈছে”, নীলৰ দেউতাকে ক’লে।

“একেশাৰীত ক’বলৈ হ’লে গীতাৰ মূল কথা হ’ল আমি সকলোৱে পৰম পুৰুষ পৰমেশ্বৰ ভগৱানৰ প্ৰতি ভক্তি কৰিব লাগে। গীতাৰ প্ৰথম ছয়টা অধ্যায়ত কোৱা হৈছে যে নিজৰ কাম ভালদৰে কৰিও ভগৱানৰ ভক্ত হ’ব পাৰি। তাৰ পিছৰ ছয়টা অধ্যায়ত কোৱা হৈছে যে শুদ্ধ ভক্তিৰে ভগৱানৰ ওচৰত আত্ম সমৰ্পন কৰাটোৱেই হ’ল মুক্তিৰ পথ। তাৰ পিছৰ অধ্যায় কেইটাত জ্ঞান, সন্যাস অৰু ত্যাগৰ দ্বাৰা ভগৱানৰ ভক্ত হোৱাৰ পথ দেখুওৱা হৈছে”।

“জ্ঞান, সন্যাস আৰু ত্যাগৰ দ্বাৰা ভগৱানৰ ভক্ত হোৱাৰ কথাটো মই ভালদৰে বুজা নাই ককা”, নীলে মাত লগালে।

“গীতাৰ দ্বাদশ অধ্যায়ৰ পৰা সপ্তদশ অধ্যায়লৈ আমি পাইছো আমি কেনেকৈ আহাৰ গ্ৰহণ কৰিব লাগে, আমাৰ টোপনি কেনে হ’ব লাগে,  মাংগলিক কাৰ্য কেনে হোৱা উচিত, আমাৰ যজ্ঞ আৰু দান কেনে হোৱা উচিত। এয়াই হ’ল জ্ঞান। এই জ্ঞানৰ সহায়ত আমি আমাৰ জীৱনটো সুপৰিচালিত কৰিব পাৰোঁ আৰু ভগৱানৰ প্ৰিয়পাত্ৰ হ’ব পাৰোঁ। আমি এতিয়া সন্যাস আৰু ত্যাগৰ কথা জানিবলৈ চেষ্টা কৰিম”। ককাকে ক’লে।

“সন্যাস আৰু ত্যাগ মানেনো কি ককা? ভালদৰে বুজাই কোৱাচোন”, ৰাণীয়ে ক’লে।

“অৰ্জুনেও শ্ৰীকৃষ্ণক এই একেটা প্ৰশ্নই কৰিছিল। গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে  যে যিবোৰ কাম কিবা ফল পোৱাৰ আশাত কৰা হয়, সেইবোৰৰ ত্যাগ কৰাটোৱেই হ’ল সন্যাস। আমি ভগৱানৰ প্ৰতি ভক্তি সহকাৰে সকলো কাম কৰিব লাগে আৰু সকলো কামৰ ফল ভগৱানক উচৰ্গা কৰিব লাগে। আমি নিজৰ সুখ সুবিধাৰ কাৰণে কৰা কামবোৰ বৰ্জন কৰাটোকে গীতাত সন্যাস বুলি কোৱা হৈছে”। ককাকে ক’লে।

“বা: কি সুন্দৰ কথা। সন্যাসী সকলেতো তাকেই কৰে। নিজৰ সুখ সুবিধা সকলো ত্যাগ কৰি তেওঁলোকে অনবৰতে ভগৱানৰ ধ্যান কৰি থাকে”। অভিৰ দেউতাকে ক’লে।

“ককা, সন্যাস আৰু ত্যাগ একে নহয় নেকি। সন্যাসীবোৰেও দেখোন সকলো ত্যাগ কৰে”, নীলে সুধিলে।

“সন্যাস আৰু ত্যাগ একে যেন লাগিলেও দুয়োটাৰে পাৰ্থক্য আছে। ফল আশা কৰি কৰা সকলো কাম ত্যাগ কৰাটো হ’ল সন্যাস। আকৌ আমি কৰা যিকোনো কামৰে ফল স্ব ইচ্ছাই গ্ৰহণ নকৰাটোৱেই হৈছে ত্যাগ। বুজি পাইছনে”? ককাকে নীলৰ মুখলৈ চালে।

“বুজিছোঁ ককা। কিন্তু ককা, আমি দেখোন পৰীক্ষাত ভাল নম্বৰ পাবলৈ পঢ়া শুনা কৰোঁ। পঢ়া শুনা কৰোঁতেও আমাৰ ফল লাভৰ আশা থাকে। আমি পঢ়া শুনা কৰাও ত্যাগ কৰিব লাগিব নেকি”? নীলে প্ৰশ্ন কৰিলে।

“গীতাৰ অষ্টাদশ অধ্যায়ৰ ৬ নং শ্লোকত কোৱা হৈছে –
এতান্যপি তু কৰ্মাণি সংগং ত্যক্ত্বাং ফলানি চ।
কৰ্তৱ্যানীতি মে পাৰ্থ নিশ্চিতং মতমুত্তমম্‍।।

ইয়াৰ অৰ্থ হ’ল যিবোৰ আমাৰ কৰ্তব্য, সেইবোৰ আমি কোনো আসক্তি  নোহোৱাকৈ আৰু ফলৰ আশা নকৰাকৈ কৰিবই লাগিব। পঢ়া শুনা কৰাতো তহঁতৰ কৰ্তব্য। পঢ়ি শুনি জ্ঞান অৰ্জন কৰাটোহে তহঁতৰ লক্ষ্য হ’ব লাগে, ভাল নম্বৰ পোৱাটো নহয়। জ্ঞান অৰ্জন কৰিলে নম্বৰ আপোনা আপুনি আহিব। আমি সকলোৱে নিজৰ কৰ্তব্য কৰিবই লাগিব, কিন্তু সেই কৰ্তব্যৰ পৰা ফলৰ আশা বাদ দি, নিজৰ উত্কৰ্ষ সাধনকহে লক্ষ্য কৰি ল’ব লাগিব”। ককাকে ক’লে।

“কিন্তু কোনোবাই যদি ভুলকৈ বুজি নিজৰ কাম বন বাদ দি বহি থাকে? গীতাত সকাম কৰ্ম ত্যাগ কৰিবলৈ দিয়া কাৰণে কোনোবাই যদি একেবাৰে কাম কৰিবলৈকে বাদ দিয়ে, তেতিয়াচোন অথন্তৰ হ’ব”, প্ৰফেছৰ জোছেফে ক’লে।

“নিজৰ কৰ্তব্য বা বিহিত কৰ্ম ত্যাগ কৰাটো গীতাত তামসিক ত্যাগ বোলা হৈছে। তেনে ত্যাগে ভগৱানক সন্তুষ্ট কৰিব নোৱাৰে। সেইদৰে কোনো মানুহে দুখৰ কাম বুলি ভাবি বা শৰীৰে কষ্ট পোৱাৰ ভয়ত কৰ্তব্য ত্যাগ কৰাটোকে গীতাত ৰাজসিক ত্যাগ বোলা হৈছে। তামসিক আৰু ৰাজসিক ত্যাগৰ দ্বাৰা মানুহে কোনো আধ্যাত্মিক ফল লাভ কৰিব নোৱাৰে”। ককাকে ক’লে।

“তেনেহ’লে ত্যাগ কেনে হ’ব লাগে ককা”? অভিয়ে সুধিলে।

“ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে আমি যিকোনো পৰিস্থিতিতে আমাৰ কৰ্তব্য পালন কৰিবই লাগিব। নিজৰ কৰ্তব্য কৰিও সেই কামৰ পৰা ফল আশা নকৰাটোৱেই হৈছে প্ৰকৃত ত্যাগ। সেইদৰে নিজৰ কৰ্তব্য কৰোঁতেও সকলো ধৰণৰ আসক্তিৰ পৰা আঁতৰি থকাটো হ’ল ত্যাগ। ছাত্ৰ এজনৰ বাবে পঢ়া শুনা কৰি জ্ঞান আহৰণ কৰাটো হ’ল কৰ্তব্য। এই কৰ্তব্য পালন কৰোঁতে তেওঁ আনকি নিজৰ বিদ্যালয়, শিক্ষক বা সহপাঠী সকলৰ প্ৰতিও আসক্ত হ’ব নালাগে। ছাত্ৰ এজনে জ্ঞান আহৰণৰ বাবে যি ত্যাগ স্বীকাৰ কৰে সেয়েই হ’ল সাত্ত্বিক ত্যাগ”। ককাকে বুজাই দিলে।

“ককা, মানুহে সকলো কামৰে ফল ত্যাগ কৰাটো জানো সম্ভৱ”? নীলে সুধিলে।

“ঠিকেই। আমাৰ দৰে সাধাৰণ মানুহৰ বাবে সকলো কামৰে ফল ত্যাগ কৰাটো বাস্তৱত সম্ভৱ নহয়। যিজনে নিজৰ সকলো কামৰ ফল ত্যাগ কৰিব পাৰে, তেওঁহে প্ৰকৃত ত্যাগী”। ককাকে ক’লে।

“আমি যিবোৰ কাম কৰোঁ, সেইবোৰৰ নিশ্চয় কিবা নহয় কিবা উদ্দেশ্য বা লক্ষ্য থাকে। একো উদ্দেশ্য বা লক্ষ্য নোহোৱাকৈ কোনোবাই কাম কৰিব জানো? কাম কৰাৰ পিছতো যদি ফল উপভোগ কৰিবলৈ নাপায়, মানুহে কাম কৰিবলৈ কাৰণেই বিচাৰি নাপাব চোন”, ডাক্তৰ ৰহমানে ক’লে।

“সকলো কামৰে কোনো লক্ষ্য বা উদ্দেশ্য নিশ্চয় থাকিব লাগিব। কিন্তু সেই লক্ষ্য কেৱল ফলপ্ৰাপ্তি নহবও পাৰে। বেদত কোৱা হৈছে যে মানুহৰ যিকোনো কাম কৰিবলৈ পাঁচবিধ কাৰণ আছে। এই কাৰণ সমূহ হ’ল – কৰ্ম অধিস্থান বা দেহটোৰ দাবী, কৰ্মকৰ্তাজন বা আত্মাৰ আহ্বান, ইন্দ্ৰিয় সমূহৰ তুষ্টি, আন্তৰিক উত্সাহ - অনুপ্ৰেৰণা আৰু পৰমাত্মা বা পৰমেশ্বৰৰ নিৰ্দেশ। মানুহে দেহ, বাক্য আৰু মনেৰে উচিত ব অনুচিত যি কামেই নকৰক কিয়, এই পাঁচবিধৰ কোনোবা নহয় কোনোবাটো কাৰণ থাকিবই লাগিবমানুহে নিজকে সকলো কামৰ কৰ্তা বুলি ভাবে, কিন্তু প্ৰকৃততে এই পাঁচটা কাৰণতহে মানুহৰ দ্বাৰা কোনো কাম হয়”ককাকে ক’লে।

“এইটো বৰ মন কৰিবলগীয়া কথা। আমি যি কাম কৰোঁ সেইবোৰৰ কৰ্তা আমি নহয়, আন কিবা কাৰণেহে আমাৰ দ্বাৰা কামবোৰ কৰোৱাইছে। মানুহে বেছিভাগ কামেই হয়তো দেহৰ দাবী আৰু ইন্দ্ৰিয়ৰ তুষ্টিৰ বাবেই কৰোঁ”। নীলৰ দেউতাকে ক’লে।

“ঠিকেই। কিন্তু যিবোৰ কাম আন্তৰিক অনুপ্ৰেৰণা, আত্মাৰ আহ্বান আৰু পৰমেশ্বৰৰ নিৰ্দেশত কৰা হয়, সেইবোৰ কামৰ বন্ধনত আমি সোমাই নপৰোঁ। সেইবোৰ কামৰ পৰা ব্যক্তিগত ফলৰ কথাও মানুহে নাভাবে। তেনে কামেই হ’ল শ্ৰেষ্ঠ কাম”। ককাকে ক’লে।

“ককা, আন্তৰিক অনুপ্ৰেৰণা মানুহে কেনেকৈ লাভ কৰে”? প্ৰীতিয়ে সুধিলে।

“গীতাত কৈছে, জ্ঞান, জ্ঞেয় আৰু জ্ঞাতা এই তিনিবিধে মানুহক কামৰ বাবে অনুপ্ৰেৰণা দিয়ে। নিজস্ব প্ৰচেষ্টাৰে জ্ঞান লাভ কৰাৰ ষ্পৃহা, আনৰ পৰা জ্ঞান  আহৰণৰ মানসিকতা আৰু আনক জ্ঞান দিয়াৰ হেপাহ এই তিনিবিধেই হ’ল মানুহৰ আন্তৰিক অনুপ্ৰেৰণাৰ উত্স। জ্ঞান লাভৰ বা জ্ঞান বিতৰণৰ হেপাহে মানুহক কৰ্তব্য কৰিবলৈ আন্তৰিক অনুপ্ৰেৰণা দিয়ে”। ককাকে ক’লে।

“এইযে জ্ঞানৰ কথা কোৱা হৈছে, এইটো কেনে ধৰণৰ জ্ঞান? কেৱল ভগৱানৰ বিষয়ে জ্ঞানৰ কথা কোৱা হৈছে নেকি”? অভিৰ দেউতাকে সুধিলে।

“গীতাত কেৱল ভগৱানৰ জ্ঞানৰ কথা কোৱা নাই। সাত্ত্বিক, ৰাজসিক আৰু তামসিক এই তিনিটা গুণ অনুসৰি জ্ঞানো বেলেগ বেলেগ প্ৰকাৰৰ। যি জ্ঞানৰ জৰিয়তে মানুহে আনৰ চকুত ভিন্ন জীৱসমূহৰ মাজত একেজন ভগৱানৰ অস্তিত্ব দেখিবলৈ পায়, আৰু সকলো জীৱকে সমজ্ঞন কৰে, সেয়া হৈছে সাত্ত্বিক জ্ঞান। যি জ্ঞানৰ সহায়ত মানুহে ভিন্ন দেহৰ মাজত থকা জীৱবোৰক বেলেগ বেলেগ প্ৰকাৰৰ বুলি ভাৱে আৰু সকলোৰে মাজত বিভেদ দেখিবলৈ পায়, সেয়াই হ’ল ৰাজসিক জ্ঞান। আৰু যি জ্ঞানৰ দ্বাৰা মানুহে আনৰ কথা নাভাবি কেৱল নিজক লৈয়েই ব্যস্ত থাকে, কেৱল নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰনতে ব্যস্ত থাকে সেয়া হৈছে তামসিক জ্ঞান”।

“সাত্ত্বিক, ৰাজসিক আৰু তামসিক গুণ অনুসৰি জ্ঞানৰ প্ৰকাৰ বেলেগ বেলেগ হয় বুলি মই ভাবিবই পৰা নাছিলোঁ”। অভিৰ দেউতাকে ক’লে।

“অকল জ্ঞানেই নহয়, এই তিনি গুণ অনুসৰি মানুহৰ কৰ্মও ভিন ভিন হয়। যিবোৰ কাম মানুহে কোনো আসক্তি নোহোৱাকৈ, আনৰ প্ৰতি কোনো অনুৰাগ বা বিদ্বেষৰ ভাৱ মনত নাৰাখি আৰু কোনো ফলৰ কামনা নকৰাকৈ কৰে, সেইবোৰ হ’ল সাত্ত্বিক কৰ্ম। কিন্তু যিবিলাক কাম মানুহে নিজৰ মনত থকা অহংকাৰ, কাৰোবাৰ প্ৰতি দুৰ্বলতা বা ঘৃণাৰ বশৱৰ্তী হৈ কৰে, যিবোৰ কাম নিজে লাভবান হোৱাৰ মানসেৰে কৰে, সেইবোৰেই  হ’ল ৰাজসিক কৰ্ম। সেইদৰে যিবোৰ কাম মানুহে মোহৰ বশৱৰ্তী হৈ অনৈতিক আৰু অবৈধ ভাৱে, আনৰ ক্ষতি কৰাৰ উদেশ্যে  বা আনক কষ্ট দিবলৈ কৰে, সেইবোৰ হ’ল তামসিক কৰ্ম”।

“ককা কামটো কেনে হয় সেইটো কাম কৰা মানুহজনৰ ওপৰত নিৰ্ভৰ নকৰিব জানো”? নীলে সুধিলে।
“তই সঠিক প্ৰশ্নই কৰিছ। কাম যিজনে কৰে, তেওঁৰ গুণ অনুসৰি কামৰ প্ৰকাৰো বেলেগ বেলেগ হ’ব পাৰে। যি মানুহে তেওঁ কৰিবলগীয়া কামৰ পৰা কোনো ফলৰ কামনা নকৰে, যিসকলে মিছা অহংকাৰ মনত নাৰাখে, যিসকলে ধৈৰ্যশীল আৰু উত্সাহী হৈ সফলতা আৰু বিফলতা দুয়োটাতে নিৰ্বিকাৰ হৈ থাকি নিজৰ কৰ্তব্য কৰি যায়, তেওঁকেই সাত্ত্বিক কৰ্তা বোলা হয়। যিবোৰ মানুহে কেৱল কৰ্মফলৰ আশাত কাম কৰে, যিবোৰ মানুহ লুভীয়া, হিংসুক স্বভাৱৰ, আনন্দ আৰু দুখ দুয়োটাতে বিচলিত হৈ পৰে তেওঁলোক হ’ল ৰাজসিক কৰ্তা। সেইদৰে যিবোৰ মানুহে নীতি নিয়ম নামানে, আনক অপমান আৰু আঘাট কৰি ভাল পায়, দুৰ্নীতিগ্ৰস্থ হৈ আনৰ ধন আত্মসাৎ কৰে, যিবোৰ এলেহুৱা আৰু পাছলৈ কাম পেলাই থয়, তেনে মানুহক তামসিক কৰ্তা বোলা হয়”। ককাকে ক’লে।

“ককা সাত্ত্বিক, ৰাজসিক আৰু তামসিক এই গুণ কেইটাই মানুহে কি কৰে, কি ভাবে সকলো প্ৰভাৱিত কৰে, নহয়নে”? অভিয়ে সুধিলে।

“এৰা, মানুহ এজন কেনে হয় সেয়া বহু পৰিমাণে নিৰ্ভৰ কৰে তেওঁৰ বুদ্ধি আৰু মানসিকতাৰ ওপৰত। মানুহৰ বুদ্ধি আৰু মানসিকতা এই তিনিটা গুণ অনুসৰি সদায় বেলেগ বেলেগ হয়”। ককাকে ক’লে।

“বুদ্ধি আৰু মানসিকতা আকৌ কেনেকৈ বেলেগ বেলেগ হ’ব পাৰে ককা”? প্ৰীতিয়ে সুধিলে।

“যি বুদ্ধিৰ সহায়ত মানুহে ভাল বেয়া, উচিত অনুচিত, ভয় অভয়, বন্ধন মুক্তি সেই সকলো কথাৰ পাৰ্থক্য ধৰিব পাৰে আৰু বিবেচনা অনুসৰি উচিত সিদ্ধান্ত ল’ব পাৰে সেয়াই হ’ল সাত্ত্বিক বুদ্ধি। যি বুদ্ধিৰে এই পাৰ্থক্যবোৰ বুজিব নোৱাৰি, মন বিচলিত আৰু দোধোৰ মোধোৰ পৰিস্থিতিৰ হয়, সেয়াই হ’ল ৰাজসিক বুদ্ধি। আনহাতে যি বুদ্ধিৰে মানুহে অধৰ্মক ধৰ্ম বুলি, দুৰ্নীতিক নীতি বুলি ভাৱে আৰু সদায় ভুল পথেৰে পৰিচালিত হয় তাকেই তমোগুণী বুদ্ধি বোলা হয়”। ককাকে ক’লে।

“বুদ্ধিৰ দৰে মানসিকতাও বেলেগ বেলেগ প্ৰকাৰৰ হয় নেকি ককা”? ৰাণীয়ে সুধিলে।

“ঠিকেই কৈছ। আমি যোগ আৰু ধ্যানৰ সহায়ত মনৰ স্থিৰতা লাভ কৰি যি মানসিকতা লাভ কৰোঁ আৰু যি মানসিকতাৰ সহায়ত আমি আমাৰ ইন্দ্ৰিয়সমূহক নিযন্ত্ৰণ কৰি চলিব পাৰোঁ, সেয়া হৈছে সাত্ত্বিক মানসিকতাকিন্তু মানুহে আসক্তি প্ৰবণ আৰু ফলাকাংক্ষী হোৱাৰ বাবে যি মানসিকতাৰে কেৱল নিজৰ স্বাৰ্থৰ কাম আৰু ধন উপাৰ্জনত ন্যস্ত থাকে সেয়া হ’ল ৰাজসিক মানসিকতাআকৈ যি মানসিকতাৰ বাবে মানুহে স্বপ্ন, ভয়, শোক, বিষাদ, আসক্তি আৰু আবেগ পৰিহাৰ কৰিব নোৱাৰে, সেই মানসিকতাই হ’ল তামসিক মানসিকতা”। ককাকে ক’লে।

“এইখিনি কথা জানিব পাৰি সঁচাকৈয়ে বৰ ভাল লাগিছে। এই কথাবোৰ মনত ৰাখিলে আমি নিজৰ দোষ গুণবোৰ নিজেই বিবেচনা কৰিব পাৰিম। কিন্তু মানুহ কেনেকৈ সুখী হ’ব পাৰে, এই বিষয়ত গীতাত কি কোৱা আছে”? প্ৰফেছৰ জোছেফে সুধিলে।

“গীতাৰ সকলো বস্তুকে তিনি গুণৰ আধাৰত তুলনা কৰি দেখুওৱা হৈছে। তিনি গুণ অনুসৰি মানুহৰ সুখো তিনি প্ৰকাৰৰ। যি সুখ মানুহৰ আত্মজ্ঞান লাভ কৰাৰ আনন্দৰ পৰা উদ্ভূত হয় আৰু যি সুখ প্ৰথমতে বিষতুল্য আৰু শেষত অমৃততুল্য হৈ পৰে তাকেই সাত্ত্বিক সুখ বোলা হয়। কিন্তু যিবোৰ সুখ কামনা বাসনা পূৰণৰ পৰা অনুভৱ কৰা হয়, যিবোৰ প্ৰথমতে অমৃততুল্য আৰু পিছলৈ বিষতুল্য হৈ পৰে সেয়াই হ’ল ৰাজসিক সুখসেইদৰে যি সুখ আত্মজ্ঞানৰ প্ৰতি অন্ধ আৰু যি সুখে আৰম্ভণিৰ পৰা শেষলৈ অনবৰতে মোহ জন্মায় আৰু যিটোৰ পৰা টোপনি, এলাহ আৰু আবেগৰ উত্পত্তি হয়, সেয়াই হ’ল তামসিক সুখ”।

“খুড়া, মানুহে সকলো সময়তে এই গুণবোৰৰ বিষয়ে সচেতন হৈ থকাটো জানো সম্ভৱ। বেলেগ বেলেগ পৰিস্থিতিত মানুহে বেলেগ বেলেগ ধৰণে কাম কৰে। নহয় জানো”? অভিৰ দেউতাকে সুধিলে।

“কথাটো নোহোৱা নহয়। সেই কাৰণেই স্বভাৱৰ পৰা উত্পন্ন হোৱা গুণ সমূহৰ ভিত্তিত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰিটা ভাগত মানুহৰ কৰ্ম সমূহ ভাগ ভাগ কৰি দিয়া আছে। এই বিভাজনৰ মূল উদ্দেশ্য হ’ল স্বভাৱ অনুসৰি যাতে মানুহে নিজৰ কাম বাচি উলিয়াব পাৰে”ককাকে ক’লে।

“এইবিলাক জাতি ভেদ প্ৰথাৰ বিষয়েও গীতাতে লিখা আছে নেকি”? ডাক্তৰ ৰহমানে আচৰিত হৈ সুধিলে।

“গীতাত মানুহৰ যি চাৰিভাগৰ কথা কোৱা হৈছে তাৰ লগত জাতি ভেদৰ সম্পৰ্ক নাই। কাৰণ স্বভাৱ অনুসৰিহে মানুহক ভাগ কৰা হৈছে যাতে তেও নিজৰ বাবে উচিত কৰ্ম বিচাৰি ল’ব পাৰে। যিবিলাক মানুহৰ গাত শমভাৱ, আত্মসংযম, তপস্যা, পৱিত্ৰতা, ক্ষমা, অকপটতা। জ্ঞান, প্ৰজ্ঞা, ধৰ্মভাৱনা আদি গুণবোৰ স্বাভাৱিক ভাৱেই থাকে তেওঁলোক হ’ল ব্ৰাহ্মণ। সেইদৰে সাহস, শক্তি, দৃঢ় প্ৰতিজ্ঞা, কৰ্ম কুশলতা, বদান্যতা আৰু নেতৃত্ব গ্ৰহণৰ প্ৰবৃত্তি এইবোৰ হ’ল ক্ষত্ৰিয় সকলৰ স্বভাৱজাত গুণ। এই গুণবোৰ অনুসৰি মানুহে নিজৰ কৰ্ম বিচাৰি লয়”, ককাকে ক’লে।

“বৈশ্য আৰু শূদ্ৰ সকলে কেনে ধৰণৰ কাম কৰে ককা”? নীলে সুধিলে।

“বৈশ্য সকলে তেওঁলোকৰ স্বভাৱ অনুসৰি খেতি বাতি, গো – পালন, বাণিজ্য আদি কামত নিবৃত্ত হয়। সেইদৰে শাৰীৰিক পৰিশ্ৰম আৰু আনৰ পৰিচৰ্যা শূদ্ৰসকলৰ স্বভাৱজনিত কৰ্ম হয়”। ককাকে ক’লে।
“ককা, এনে বেলেগ বেলেগ ধৰণৰ কাম কৰিলেও মানুহে ভগৱানৰ কৃপা লাভ কৰিব পাৰেনে? আমি পূজা পাতল কৰিলেহে ভগৱান সন্তুষ্ট হয় বুলি ভাবো”, অভিয়ে সুধিলে।

“গীতাৰ অষ্টাদশ অধ্যায়ৰ ৪৫ নং শ্লোকত শ্ৰীকৃষ্ণই কৈছে –
স্বে স্বে কৰ্মণ্যভিৰত: সংসিদ্ধিং লভতে নৰ:

ইয়াৰ অৰ্থ হ’ল, মানুহে নিজ নিজ কৰ্মত অবিচলিত হৈ থাকিলেও উত্তম সিদ্ধি লাভ কৰে। পূজা পাতল কৰিলে যিদৰে ভগৱান সন্তুষ্ট হয়, খেতি বাতি বা বেপাৰ বাণিজ্য ভালকৈ কৰিলেও ভগৱান একেদৰেই সন্তুষ্ট হয়। আনৰ কামৰ অনুকৰণ কৰাতকৈ নিজৰ স্বভাৱ অনুসৰি মানুহে যিটো কামত লাগে, সেই কামটো ভালকৈ কৰি যোৱাটোহে উত্তম। নিজৰ কৰ্তব্যৰ বাবে কৰা যিকোনো কামেই কেতিয়াও পাপ নহয়। কচাই এজনৰ কামেই হ’ল মাংস কটা। সেয়েহে মাংসৰ বাবে জীৱ হত্যা কৰাটোও তেওঁৰ পাপ হ’ব নোৱাৰে। আনে বেয়া বুলিলেও তেওঁ অবিচলিত ভাৱে নিজৰ কাম কৰি যোৱাটোহে মংগল। এটা কথা নিশ্চয় জানিবি, কচাই এজনে মাংস কাটিও সিদ্ধি লাভ কৰিব পাৰে”। ককাকে বুজাই দিলে।

“তেনেহ’লে সন্যাসীবোৰে ইমান কষ্ট কৰি পাহাৰে পৰ্বতে থাকি কিয়নো তপস্যা কৰি থাকে? নিজৰ কাম ভালদৰে কৰিলেই যদি সিদ্ধিলাভ হয়, এইবোৰ কৰাৰ কি দৰকাৰ”? নীলৰ দেউতাকে সুধিলে।

“কেৱল পৰ্বতে পাহাৰে তপস্যা কৰিলেই যে সন্যাসী হয়, সেইটো এটা ভুল ধাৰণা। গীতাৰ মতে যিজন মানুহে নিজকে পৰমেশ্বৰৰ অংশ বুলি অনুভৱ কৰে, যিজনে তেওঁৰ সকলো ইন্দ্ৰিয়জনিত আসক্তি জয় কৰিব পাৰিছে, যিজন জাগতিক ভোগ বিলাসৰ প্ৰতি স্পৃহাহীন, যিজনে নিষ্কাম, নিষ্কলুষ ভাৱে নিজৰ কামত ব্যস্ত থাকে আৰু কামৰ সকলো ফল ভগৱানক অৰ্পন কৰে তেওঁহে প্ৰকৃত সন্যাসী। নিজকে সন্যাসী বুলি ঘোষণা নকৰি সাধাৰণ জীৱন যাপন কৰিও মানুহ এজন সন্যাসী হ’ব পাৰে”। ককাকে ক’লে।

“তেনেহ’লে ককা, এতিয়াও দেখোন আমি বহুত সন্যাসী দেখা পাওঁ। তেওঁলোকে এই কথাখিনি নাজানে নেকি”? ৰাণীয়ে সুধিলে।

“সন্যসী হ’বলৈ যিকেইটা প্ৰয়োজনীয় গুণৰ কথা কোৱা হৈছে, সেই কেইটা আয়ত্ব কৰাটো সাধাৰণ মানুহৰ বাবে সহজ নহয়। তাৰ বাবে কঠোৰ মানসিক অনুশীলন আৰু অতি দৃঢ় মনোভাৱৰ প্ৰয়োজন হয়। সেয়েহে সন্যাসীৰ গুণসমূহ আয়ত্ব কৰিবলৈকে  মানুহে দৃঢ় সংকল্পৰে মনক সংযত কৰি, ইন্দ্ৰিয়সুখৰ সকলো বিষয়ৰ পৰা আঁতৰি থাকি, নিৰ্জন ঠাইত অকলে বাস কৰি, লঘু আহাৰ গ্ৰহণ কৰি, মিছা অহংকাৰ, মিছা গৰ্ব, কাম, ক্ৰোধ, আসক্তি আদি পৰিহাৰ কৰিবলৈ সাধনা আৰু তপস্যা কৰে। তেওঁলোককে আমি সন্যাসী বুলি কওঁ। কিন্তু গীতাত কোৱা হৈছে কেৱল নিজৰ কামত উত্সৰ্গীত হৈ লাগি থাকি সেই কামৰ সকলো ফল ভগৱানক অৰ্পন কৰিব পাৰিলেও মানুহে সন্যাসীৰ দৰে উপলব্ধি আহৰণ কৰিব পাৰে”। ককাকে বুজাই দিলে।

“তাৰ মানে আমাৰ কামেই আমাৰ তপস্যাৰ দৰে হব লাগে, নহয়নে”? ডাক্তৰ ৰহমানে মাত লগালে।
“এইটোৱেই হৈছে গীতাৰ মূল শিকনি। আমি নিজৰ কাম ভালদৰে কৰাটো আটাইতকৈ প্ৰয়োজনীয় কথা। কিন্তু কাম কৰি থাকোঁতেও আমি মনত ৰাখিব লাগিব যে সকলো কাম আমি ভগৱানৰ বাবেহে কৰিছোঁ আৰু সেই কামৰ ফলো ভগৱানেই লাভ কৰিব। তাৰ অৰ্থ হ’ল আমি কাম কৰোঁতেও ভক্তি ভাৱেৰে কৰিব লাগিব। কাম কৰি থাকোঁতে সদায় ভগৱানৰ উপস্থিতিৰ বিষয়ে সচেতন হৈ থাকিলে আমাৰ কামেই আমাৰ ভক্তি হৈ পৰিব”। ককাকে ক’লে।

“কাম কৰি থাকোঁতেও ভগৱানৰ উপস্থিতি অনুভৱ কৰাটো সঁচাকৈয়ে এটা সুন্দৰ ধাৰণা। ভগৱানে আমাৰ সকলো কাম কাজ নিৰীক্ষণ কৰি আছে বুলি অনুভৱ কৰিলে আমি কেতিয়াও বেয়া কাম কৰিব নোৱাৰিম আৰু সদায় দেহে কেহে ভালকৈ কাম কৰিবলৈ চেষ্টা কৰিম”। অভিৰ দেউতাকে ক’লে।

“গীতাত ভগৱানে কৈছে – আমি যদি ভগৱানে আমাক চাই আছে বুলি সচেতনতা মনলৈ আনিব পাৰোঁ, সেই সচেতনতাৰে আমি আমাৰ কৰ্তব্য কৰি যাব পাৰোঁ, আমাৰ জীৱনৰ সকলো বাধা অনায়াসে অতিক্ৰম কৰিব পাৰিম। আৰু যদিহে আমি সেই সচেতনতা লৈ কাম নকৰোঁ আৰু মিছা গৰ্ব আৰু মিছা অহংকাৰেৰে পৰিচালিত হওঁ, তেনেহ’লে আমি বিনাশৰ দিশে আগবাঢ়িম”। ককাকে ক’লে।

“সকলো মানুহে ভগৱানৰ উপস্থিতি অনুভৱ কৰি নিষ্কাম ভাৱে ভগৱানৰ বাবে কাম কৰি গ’লে সঁচাকৈয়ে কোনেও কেতিয়াও বেয়া কাম কৰিব নোৱাৰে”, নীলে ক’লে।

“এই কথাৰে গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক সোৱঁৰাই দিছে যে কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰত অৰ্জুনৰ স্বভাৱজাত কৰ্তব্য হ’ল যুদ্ধ কৰা। ভগৱানৰ উপস্থিতিত নিজৰ কৰ্তব্য পালনৰ বাবে যুদ্ধ কৰাটো কেতিয়াও পাপ বা দোষণীয় কথা হ’ব নোৱাৰে। শ্ৰীকৃষ্ণই অৰ্জুনক ক’লে যে জীৱবোৰ বাস কৰা শৰীৰ মাথোন একোটা যন্ত্ৰৰ দৰে য’ত পৰমেশ্বৰৰ অংশ আত্মাই থিতাপি লয়। সেয়েহে সেই ভ্ৰমত পৰি সেই শৰীৰৰ মোহত আৱদ্ধ হৈ নিজৰ কৰ্তব্যৰ অবহেলা কৰা অনুচিত”। ককাকে ক’লে।

“অৰ্জুনে শ্ৰীকৃষ্ণৰ কথা মানি লোৱাই নাছিল নেকি ককা”? ৰাণীয়ে সুধিলে।

“এৰা, অৰ্জুনে লাহে লাহে সকলো কথা বুজি উঠিছিল। শ্ৰীকৃষ্ণই তেওঁক বাৰে বাৰে একেটা কথা বুজাইছিল যে ভগৱানৰ ওচৰত সম্পূৰ্ণ আত্ম সমৰ্পন কৰি নিজৰ কৰ্তব্য পালন কৰাটোৱেই জীৱনৰ প্ৰকৃত পথ। আন সকলো ধৰ্মীয় ৰীতি নীতি বাদ দিও ভগৱানৰ চৰণত নিজকে সমৰ্পন কৰিলে ভগৱানে সকলো পাপৰ পৰা মুক্ত কৰি দিয়ে। এয়া হ’ল অৰ্জুনলৈ শ্ৰীকৃষ্ণৰ গোপনতম উপদেশ। এই গোপনতম উপদেশ যি ভক্তই আনৰ আগত প্ৰচাৰ কৰে তেৱোঁ ভগৱানৰ আশিষ লাভ কৰেশেষত শ্ৰীকৃষ্ণই যুদ্ধ কৰা নকৰাৰ সিদ্ধান্ত অৰ্জুনৰ ওপৰত এৰিলে”ককাকে ক’লে।

“অৰ্জুনে কি সিদ্ধান্ত ল’লে ককা”? প্ৰীতিয়ে সুধিলে।

“অৰ্জুনে কৈছে, শ্ৰীকৃষ্ণৰ মূখৰ পৰা ওলোৱা আটাইখিনি কথা জনাৰ পিছত তেওঁৰ মোহ দূৰ হৈছে। তেওঁৰ সমষ্ট সন্দেহ আঁতৰি গৈছে আৰু আন সকলো চিন্তা বাদ দি তেওঁ শ্ৰীকৃষ্ণই কোৱা মতেই কাম কৰিব”। ককাকে ক’লে।

“শেষত অৰ্জুনে কুৰুক্ষেত্ৰত যুদ্ধ কৰাৰ বাবে সন্মত হ’ল, নহয়নে ককা”? নীলে সুধিলে।

“হয়, অৰ্জুনে বুজি পালে যে এজন ক্ষত্ৰিয় বীৰ হিচাপে আন সকলো কথা পাহৰি যুদ্ধ কৰাটোৱেই তেওঁৰ কৰ্তব্য। যিহেতু শ্ৰীকৃষ্ণ তেওঁৰ সাৰথি হিচাপে আছে, গতিকে আন সকলো চিন্তা বাদ দি শ্ৰীকৃষ্ণৰ পৰামৰ্শ মতেই যুদ্ধত প্ৰবৃত্ত হ’বলৈ তেওঁ সন্মত হ’ল”। ককাকে ক’লে।

“তাৰ পিছত কি হ’ল ককা”? ৰাণীয়ে সুধিলে।

“এইখিনিতে আমাৰ গীতাৰ কথা সমাপ্ত হ’ল। এই আটাইখিনি কথা হস্তিনাপুৰত ৰজা ধৃতৰাষ্ট্ৰক কৈ শুনাইছিল তেওঁৰ মন্ত্ৰী সঞ্জয়ে। আজিকালি যে ক্ৰিকেট খেলৰ চলন্ত বিৱৰণী টেলিভিচনত দেখুওৱা হয়, সেইদৰে সঞ্জয়ে এক মহাভাৰতৰ যুদ্ধৰ সকলো দৃশ্য দূৰৰ পৰাই চাই আছিল আৰু ৰজা ধৃতৰাষ্ট্ৰক কৈ শুনাইছিল। দূৰৰ বস্তু চাই থাকিবলৈ তেওঁৰ বিশেষ ক্ষমতা আছিল”। ককাকে ক’লে।

“ৱাও, সেই সময়তো এইদৰে দূৰৰ দৃশ্যৰ চলন্ত বিৱৰণী দিৱব পৰা ব্যৱস্থা আছিল নেকি ককা”? নীলে উত্সাহেৰে সুধিলে।

“হয়তো আছিল। সঞ্জয়ে শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ এই আটাইখিনি কথা শুনাৰ পিছত অত্যন্ত অভিভূত আৰু পুলকিত হৈ পৰিল। গীতাৰ একেবাৰে শেষৰ অষ্টাদশ অধ্যায়ৰ ৭৮ নং শ্লোকত মন্তব্য কৰিছে –

যত্ৰ যোগেশ্বৰ: কৃষ্ণো যত্ৰ পাৰ্থো ধনুৰ্ধৰ:।
তত্ৰ শ্ৰীবিজয়ো ভুতিৰ্ধ্ৰুৱা নীতিৰ্মতিৰ্মম”।।


অৰ্থাৎ য’তেই যোগেশ্বৰ কৃষ্ণ আৰু ধনুৰ্ধৰ অৰ্জুন আছে তাত অসাধাৰণ শক্তি আৰু ভগৱানৰ কৃপা থাকে। অৰ্থাৎ ভগৱানৰ নামত নিজৰ কৰ্তব্য কৰি যোৱাটোৱেই হ’ল গীতাৰ মহৎ বাণী”। ককাকে ক’লে।

No comments:

Post a Comment