ভাল মানুহ, বেয়া মানুহ
এদিন আবেলি ৰাণীয়ে অলপ উত্তেজিত হৈ আহি ককাকক খবৰ দিলেহি,
“ককা, নীলে আজি স্কুলত লগৰ ল’ৰাৰ লগত মাৰ পিট কৰি আহিছে। তাৰ ওঁঠ ফাটি তেজ
ওলাইছে”।
তাইৰ কথা শুনি ককাক কোঠাৰ পৰা ওলাই আহিল। মাক ৰমলাই নীলক
বকিছে, “স্কুললৈ পঢ়িবলৈ যাৱ নে মাৰপিট কৰিবলৈ যাৱ। ভাক ল’ৰাই তেজ ওলোৱাকৈ মাৰ পিট
কৰে নেকি”?
“মই মাৰ পিট আগতে কৰা নাই। দৰ্শন খুব বদমাছ ল’ৰা। সি মোক দম
দিছে, মোৰ অংকৰ বহীখন সি কাঢ়ি লৈ গৈছে। মই বাধা দিওঁতে মোক মাৰিছে। মই মনে মনে বহি
থাকিম নেকি”? নীলে উত্তেজিত হৈ ক’লে।
ককাকে নীলক ক’লে, “হৈ যোৱাখিনি হৈ গ’ল। তাৰ কাৰণে উত্তেজিত
নহ’বি নীল। কোনোবাই যদি অন্যায় কৰিছে, সেই অন্যায়ৰ বাবে তেওঁ শাস্তি পাবই”।
“আপুনি ইহঁতক সদায় ইমান ভাল ভাল কথা শিকাই থাকে, গীতাৰ কথা
কয়। কিন্তু তথাপিও এনেকৈ কোনোবাই স্কুলত কাজিয়া কৰে নেকি? ভাল ল’ৰাৰ লগত ভাল কথা
শিকিব লাগে। কিন্তু বেয়া ল’ৰাৰ লগ লাগি কি কৰি আহিছে চাওকচোন” ৰমলাই ভোৰভোৰালে।
“চিন্তা নকৰিবা বোৱাৰী। আজি মই ইহঁতক ভাল আৰু বেয়া মানুহ
পাৰ্থক্যৰ কথা ক’ম। ইহঁতে নিজেই ভাল আৰু বেয়া মানুহ চিনিব পোৱা হ’ব”। ককাকে ক’লে।
“তহঁতে মুখ হাত ধুই ককাৰ কোঠালৈ যা। অভিহঁতকো মাতি দে। ভাল
কথা শুনিলেই নহ’ব, কথাবোৰ হাতে কামে কৰিবও লাগিব”, ৰমলাৰ খংটো অলপ কমিল।
সন্ধিয়া ল’ৰা ছোৱালীকেইটি ককাকৰ ওচৰলৈ আহিল।
“ককা, আজি তুমি আমাক ভাল আৰু বেয়া মানুহ চিনিবলৈ শিকাবা
নহয়নে”? ৰাণীয়ে সুধিলে।
“আজি মই তহঁতক গীতাৰ ষষ্ঠদশ অধ্যায়ৰ কথা কম। এই অধ্যায়ক
কোৱা হয় দৈৱাসুৰসম্পদবিভাগ যোগ। অৰ্থাৎ দেৱতা আৰু অসুৰৰ লক্ষণ সমূহ ইয়াত আলোচনা
কৰা হৈছে”। ককাকে ক’লে।
“দেৱতা আৰু অসুৰ কিয় ককা? আমাক ভাল আৰু বেয়া মানুহৰ বিষয়েহে
ক’বা বুলি কৈছিলা”। প্ৰীতিয়ে ক’লে।
“যিবোৰ মানুহৰ গাত দৈৱ গুণ থাকে তেওঁলোকেই হ’ল দেৱতা। আকৌ
যিবোৰ মানুহৰ গাত আসুৰিক গুণ থাকে তেওঁলোকেই হ’ল অসুৰ। মানুহ ভাল আৰু বেয়া হয়
তেওঁলোকৰ গুণৰ বাবে। এজন মানুহৰ গুণবোৰেই তেওঁক দেৱতা
বা অসুৰ কৰিব পাৰে”। ককাকে বুজাই দিলে।
“দৈৱ গুণ আৰু আসুৰিক গুণ কোনবোৰক কয় ককা”? নীলে সুধিলে।
“দৈৱ গুণ হ’ল সেইবোৰ গুণ যিবোৰে মানুহক দেৱতাৰ দৰে কৰি
তোলে। যিমানুহে সদায় ভক্তিভাৱেৰে ভগবানৰ স্মৰণ কৰে, মন নিৰ্মল কৰি ৰাখে, নিজৰ
ইন্দ্ৰিয় সমূহ সদায় দমন কৰি ৰাখে, কোনো কথা বা কামেৰে আনক কষ্ট নিদিয়ে, কেতিয়াও
পৰনিন্দা নকৰে, নিজৰ অপকাৰ কৰা জনৰ প্ৰতিও খং নকৰে, সদায় ক্ষমাশীল আৰু ধৈৰ্যশীল
হয়, সদায় সহজ সৰল অহংকাৰ শূণ্য জীৱন যাপন কৰে তেওঁলোক হ’ল দৈৱগুণ সম্পন্ন মানুহ।
এনেবোৰ গুণক সাত্বিক গুণ বুলিও কোৱা হয়। মানুহৰ গাত দেখা পোৱা এই গুণ সমূহেই দৈৱ
গুণ”। ককাকে ক’লে।
“তেনেহ’লে আসুৰিক গুণ কি ককা”? অভিয়ে সুধিলে।
“যিবোৰ গুণে মানুহক অসুৰৰ দৰে কৰি তোলে সেইবোৰেই হৈছে
আসুৰিক গুণ। দম্ভ, দৰ্প, অভিমান, ক্ৰোধ, ৰুক্ষতা আৰু অজ্ঞতা এইবোৰেই হ’ল আসুৰিক
গুণ। এনে মানুহ অলপ শিক্ষা বা ধন আহৰণ কৰিয়েই দাম্ভিক আৰু
অহংকাৰী হৈ পৰে। নিজে সন্মানৰ যোগ্য নহৈয়ো আনৰ পৰা সন্মান দাবী কৰে। সৰু সৰু কথাতে
খং কৰে, আনৰ লগত ৰুক্ষভাৱে কথা কয়, আৰু নিজৰ ইচ্ছা মতে নিজৰ ইন্দ্ৰিয় বোৰক তুষ্ট
কৰিবলৈ কাম কৰে। আমিযে আগতে ৰাজসিক আৰু তামসিক গুণৰ কথা পাতিছিলোঁ, সেইবোৰৰ
প্ৰভাৱতে মানুহে এনে আসুৰিক প্ৰবৃত্তি প্ৰদৰ্শন কৰে”। ককাকে ক’লে।
“ককা, কিছুমান মানুহৰ গাত দৈৱ গুণ আৰু কিছুমানৰ গাৰ আসুৰিক
গুণ কিয় থাকে”? ৰাণীয়ে সুধিলে।
“বৰ সুন্দৰ প্ৰশ্ন কৰিছ। আমিযে আগতে পাই আহিছোঁ, মানুহে
নিজৰ কৰ্মফল অনুসৰি মৃত্যুৰ পিছতো এই পৃথিৱীত পুনৰ জনম লয় বুলি, তহঁতৰ মনত আছেনে?
মানুহে পূৰ্ব জন্মৰ গুণ আৰু কৰ্মৰ ফল লৈ নতুন জন্ম লাভ কৰে। সেয়েহে কিছুমান মানুহৰ
গাৰ দৈৱ গুণ আৰু কিছুমানৰ গাৰ আসুৰিক গুণ দেখা পোৱা যায়”। ককাকে ক’লে।
“দৈৱ গুণ আৰু আসুৰিক গুণৰ মানুহ কাৰ ঘৰত জন্ম ল’ব, সেইবোৰ
কেনেকৈ নিৰ্ণয় কৰা হয় ককা”? অভিয়ে সুধিলে।
“অতি উত্তম প্ৰশ্ন কৰিছ। গীতাত কোৱা হৈছেযে, পিতৃ মাতৃ
যেতিয়া সাত্বিক ভাৱপন্ন হয় আৰু তেওঁলোকে ঈশ্বৰক চিন্তা কৰি সন্তানৰ কামনা কৰে,
তেওঁলোকে দৈৱ গুনসম্পন্ন সন্তান লাভ কৰে। পূৰ্ব জন্মত যিসকলে কৰ্মৰ দ্বাৰা
দৈৱগুণসমূহ আয়ত্ব কৰিব পাৰিছে, তেওঁলোকেই
এনে সাত্বিক ভাৱাপন্ন পিতৃ মাতৃৰ সন্তানৰ ৰূপত জন্ম হয়। দৈৱ গুণসম্পন্ন
নহ’লেও সাত্বিক পিতৃ মাতৃৰ ঘৰত ওপজা সন্তানে লাহে লাহে দৈৱ গুন সমূহ আয়ত্ব কৰিবলৈ
লয়”। ককাকে বুজাই ক’লে।
“আসুৰিক গুণৰ মানুহ কেনে ঘৰত জন্ম লয় ককা”? প্ৰীতিয়ে
সুধিলে।
“যিসকল পিতৃ মাতৃয়ে লাহ বিলাহ, আমোদ প্ৰমোদত জীৱন যাপন কৰে,
যিসকলে সাত্বিক কৰ্মলৈ পিঠি দি ৰাজসিক আৰু তামসিক কৰ্মত মত্ত হয়, যিসকলে সন্তানৰ
কামনা কৰোঁতে ঈশ্বৰৰ চিন্তা সমূলি নকৰে, তেওঁলোকে আসুৰিক গুণসম্পন্ন সন্তান লাভ
কৰে। আকৌ তেনে পিতৃ মাতৃৰ ঘৰত ওপজা সন্তানে লাহে লাহে অধিক আসুৰিক গুণ আয়ত্ব
কৰিবলৈ কয়”। ককাকে ক’লে।
“ককা আমাক আসুৰিক গুণৰ বিষয়ে বহলাই কোৱাচোন”, ৰাণীয়ে ক’লে।
“যিবিলাক মানুহে সমাজৰ নীতি নিয়ম মানি চলিব নিবিচাৰে, নিজৰ
ইচ্ছা মতেই কৰ্ম আৰু অপকৰ্মবোৰ কৰি যায়, কোনো কাম নিকা মনোভাৱেৰে নকৰে, সদাচাৰী
আৰু সত্যবাদী নহয়, সেইবোৰকে গীতাত আসুৰিক মনোভাৱৰ মানুহ বোলা হৈছে”। ককাকে ক’লে।
“ককা আমাৰ লগৰ দৰ্শনো এনে আসুৰিক মনোভাৱৰ ল’ৰা। সি ছাৰ
বাইদেউহঁতৰ কথা নুশুনে, নিজৰ যি ইচ্ছা তাকে কৰে, মিছা কথা কয় আৰু আনক বেয়া বেয়া
ব্যৱহাৰ কৰে”। নীলে ক’লে।
“গতিকে আমি এই কথা বুজিব লাগিবযে তেনে মনোভাৱৰ মানুহে আচলতে
পূৰ্ব জন্মৰ কৰ্মৰ ফল ভোগ কৰিছে। তেওঁলোকে ডাঙৰ দীঘল হোৱা পৰিয়ালৰ পৰাও তেওঁলোকে
কিছুমান আসুৰিক গুণ আয়ত্ব কৰিছে। তেওঁলোকে দৈৱ গুণ আয়ত্ব কৰিবলৈ সুবিধা পোৱা নাই।
আমি এইখিনি কথা বুজি পালে আমাৰ তেওঁলোকৰ প্ৰতি খং নুঠে, তেওঁলোকৰ প্ৰতি পুতৌহে
জাগিব”। ককাকে ক’লে।
“ককা, ঠিকেই কৈছা। সিহঁতে ভগবানকো নামানে। আমি ভগবানৰ কথা ক’লে কয়, ভগবান আচলতে ক’তো নাই।
সিহঁতে ভগবানৰ কথা বেয়াকৈ ক’বলৈকো ভয় নকৰে”। নীলে ক’লে।
“তই ঠিকেই ধৰিব পাৰিছ নীল। তেওঁলোকে ভগবানক নামানে, কাৰণ
তেওঁলোকে নিজৰ মাজতোযে ভগবানৰ অংশ আছে এই কথা মানি ল’ব নোৱাৰে। আত্মাৰ বিষয়ে আৰু
আত্মা পৰমাত্মাৰ সম্বন্ধৰ বিষয়েও তেওঁলোক তেনেই অজ্ঞ। তেওঁলোকে নিজকে সৰ্বশক্তিমান
আৰু কেতিয়াবা ঈশ্বৰ বুলিও ভাবিবলৈ লয়। তেওঁলোকে এই পৃথিৱীত যিমান আমোদ প্ৰমোদ, ৰং
ৰহইচ আছে, সকলো উপভোগ কৰিব বিচাৰে। তেওঁলোকে বিশাল ধন সম্পত্তিৰ গৰাকী হ’বলৈ অহৰহ
মনোবাঞ্ছা কৰে। ইন্দ্ৰিয়ক সন্তুষ্ট কৰিবলৈ তেওঁলোক আন প্ৰাণী বা আন মানুহৰ প্ৰতি
নিৰ্মম হ’বলৈকো কুণ্ঠাবোধ নকৰে”। ককাকে ক’লে।
“এনে মানুহ সঁচাকৈয়ে ভয় লগা, নহয়নে ককা”? প্ৰীতিয়ে ক’লে।
“ঠিকেই কৈছ। এনেবিলাক মানুহেই তেওঁলোকৰ আসুৰিক প্ৰবৃত্তিৰ
বাবে কিছুমান ভয়ংকৰ কামত লিপ্ত হয়। তেওঁলোকৰ এনে কামৰ বাবে আন মানুহে বহুত কষ্ট
পায়। এনে লোকসকলৰ বাবেই সমাজৰ বহুতো ক্ষতি হয়”। ককাকে ক’লে।
“এনে আসুৰিক প্ৰবৃত্তিৰ মানুহক ভগবানে শাস্তি দিয়েনে ককা”,
নীলে সুধিলে।
“নিশ্চয়। আমি আগতে পাই আহিছোঁ, কৰ্মৰ ফল সকলোৱে ভোগ কৰিবই
লাগিব। কোনেও সাৰি যাব নোৱাৰে। আসুৰিক গুনসম্পন্ন মানুহে দম্ভ, অহংকাৰ, মিথ্যাচাৰ,
কামভাৱ আদিৰ কবলত পৰি ইন্দ্ৰিয়বিলাকৰ বশ হৈ পৰে আৰু নানান অপকৰ্মত লিপ্ত হয়।
তেওঁলোকে ইন্দ্ৰিয়ৰ পৰিতৃপ্তিকে জীৱন বুলি ভাবিবলৈ লয়। ইয়াৰ ফলত জীৱনৰ অন্তিম
দিনলৈ তেওঁলোকৰ দুশ্চিন্তাৰ ওৰ নপৰে। মৃত্যুৰ পিছতো তেওঁলোকে পুনৰ জন্ম লৈ আকৌ
কষ্ট ভোগ কৰে”। ককাকে ক’লে।
“ককা তেনে মানুহবোৰে বুজি নাপায় নেকিযে তেওঁলোকে ইমান বেয়া
কাম কৰি আছে। এনে কামৰ কাৰণে তেওঁলোকেযে ইমান শাস্তি পাব লাগিব”। ৰাণীয়ে সুধিলে।
“আসুৰিক প্ৰকৃতিৰ মানুহবোৰৰ সেই চেঅতনাবোধ হেৰাই যায়। ধন
সম্পত্তি, টকা পইছা, আমোদ প্ৰমোদৰ পিছে পিছে তেওঁলোক লৱৰি ফুৰে। তেওঁলোকে নিজৰ
যিখিনি ধন সম্পত্তি আছে, সেইখিনিত কেতিয়াও সন্তুষ্ট নহয়। তেওঁলোকে সদায় আৰু অধিক
ধন সম্পত্তি আহৰণৰ সপোন দেখি থাকে আৰু সৎ আৰু অসৎ দুয়োটা উপায়েৰে ধন গোতাই
সম্পত্তিৰ পাহাৰ গঢ়ে। সজ উপদেশ দিয়া লোকসকলকো তেওঁলোকে শত্ৰুজ্ঞান কৰে। তেওঁলোকে
নিজকে আনতকৈ চহকী, শক্তিশালী আৰু সুখী বুলি ভাবে। তেওঁলোকে পূজা পাতল আৰু যজ্ঞ
কৰি, দান দক্ষিণা দি মনক প্ৰবোধ দিয়ে যদিও ঈশ্বৰৰ ওচৰ চাপিব নোৱাৰে। অজ্ঞান
অন্ধকাৰে তেওঁলোকক সদায় মোহাচ্ছন্ন কৰি ৰাখে আৰু সদায় চৰম দুশ্চিন্তাত বিভ্ৰান্ত
হৈ, মোহৰ জালত আবদ্ধ হৈ দিন নিয়ায়”। ককাকে ক’লে।
“ককা, তেনে মানুহে ভগবানৰ কাৰণে পূজা পাতল কৰিলেও সেয়া
ভগবানে গ্ৰহণ নকৰে নেকি”? অভিয়ে সুধিলে।
“ভগবানে কেৱল প্ৰকৃত ভক্তৰহে পূজা গ্ৰহণ কৰে। মই তহঁতক
আগতেও কৈছোঁ, কেৱল কিছুমান নীতি নিয়ম পালন কৰি জাক জমকেৰে পূজা পাতল কৰিলেই ভগবান
সন্তুষ্ট নহয়। ভগবানক সঁচাকৈয়ে সন্তুষ্ট কৰিবলৈ হ’লে আমি আমাৰ মাজত দৈৱ গুণৰ বিকাশ
কৰি ভগবানৰ একান্ত ভক্ত হ’ব লাগিব”। ককাকে ক’লে।
“আসুৰিক গুণৰ মানুহবোৰে কেতিয়াও ভগবানৰ ওচৰলৈ যাব নোৱাৰে
নেকি ককা? তেওঁলোকে বাৰে বাৰে জন্ম লৈ কেৱল কষ্ট ভোগ কৰি থাকিবলগীয়া হয় নেকি”?
নীলে সুধিলে।
“গীতাৰ ষষ্ঠদশ অধ্যায়ৰ ১৯ নং শ্লোকত শ্ৰীকৃষ্ণই অৰ্জুনক
কৈছে –
তানহং দ্বিষত: ক্ৰুৰান্ সংসাৰেষু নৰাধমান্।
ক্ষিপাম্যজস্ৰমশুভানুনাসুৰীষেৱ য়োনিষু।।
অৰ্থাৎ সেই আসুৰিক গুণসম্পন্ন নৃশংস আৰু নৰাধমহঁতক ভগবানে
চিৰকাললৈ জন্ম মৃত্যুৰ চক্ৰলৈ ঠেলি দিয়ে আৰু তেওঁলোকে বাৰে বাৰে আসুৰিক প্ৰকৃতিৰ
মানুহৰ ঘৰতে জন্ম লৈ দুখ কষ্ট ভোগ কৰে। বাৰে বাৰে আসুৰিক স্বভাৱ পাই এই
জীৱাত্মাবোৰে কেতিয়াও ভগবানৰ ওচৰ চাপিব নোৱৰা হয়”। ককাকে ক’লে।
“ককা, আসুৰিক স্বভাৱৰ মানুহে আকৌ ভাল মানুহ হ’ব নোৱাৰে
নেকি? তেও্লোকে কেতিয়াও মুক্তি পাব নোৱাৰে নেকি”? ৰাণীয়ে সুধিলে।
“নিশ্চয় পাৰে। সকলোৰে মাজত দৈৱ আৰু আসুৰিক দুয়োবিধ গুণেই
থাকে। মানুহে আসুৰিক গুণৰ ঠাইত দৈৱ গুণৰ সাধনা কৰিবলৈ ল’লে নিশ্চয় মুক্তিৰ পথ
বিচাৰি পাব। গীতাত ইয়াৰ এক অতি সহজ উপায়ৰ বিষয়ে কোৱা হৈছে। আসুৰিক স্বভাৱৰ মানুহে
নিজকে সংশোধন কৰিবলৈ হ’লে মূলত: তিনিপ্ৰকাৰৰ বেয়া গুণৰ পৰা নিজকে সংশোধন কৰিব
লাগিব। সেইকেইটা হৈছে কাম, ক্ৰোধ আৰু লোভ। কাম
হৈছে মনৰ মাজত থকা কামনা বাসনা, যিবোৰ তৃপ্ত হোৱাটো মানুহে বিচাৰে। সেইখিনি তৃপ্ত
নহ’লে মানুহৰ মনত ক্ৰোধ জাগি উঠে। আনহাতে কামনা বাসনা তৃপ্ত হ’লে মানুহৰ সেই বিষয়ৰ
প্ৰতি মনত মোহ আৰু লোভ ওপজে। সেয়ে এই তিনিটাৰ পৰা পৰিত্ৰাণ পাব পাৰিলেই আসুৰিক
গুণৰ ঠাইত দৈৱ গুণে লাহে লাহে খোপনি পোতে”। ককাকে ক’লে।
“ককা দৈৱ
গুণৰ মানুহৰ এই তিনিটা বেয়া গুণ নাথাকে নেকি”? প্ৰীতিয়ে সুধিলে।
“ভাল প্ৰশ্ন কৰিছ। দৈৱগুণসম্পন্ন মানুহৰ গাত বহুতো ভাল গুণ
থাকে। কিন্তু তেওঁলোক যদি কাম, ক্ৰোধ আৰু লোভৰ কবলত পৰে, তেওঁলোকৰ ভাল গুণসমূহো
ক্ষয় হ’বলৈ ধৰে। সেইকাৰণে গীতাত কাম, ক্ৰোধ আৰু লোভক নৰকৰ দুৱাৰ বুলি কৈছে। যিবোৰ
মানুহে এই তিনিখন দুৱাৰেৰে প্ৰৱেশ কৰে, অৰ্থাৎ কাম, ক্ৰোধ আৰু লোভৰ বশৱৰ্তী হয়,
তেওঁলোকৰ মাজত আসুৰিক গুণ সমূহে লাহে লাহে খোপনি পোতে”। ককাকে ক’লে।
“ককা, আমি
আসুৰিক গুণ সমূহৰ পৰা আঁতৰি থাকিবলৈ কি কৰিব লাগিব”? অভিয়ে সুধিলে।
“গীতাৰ
ষষ্ঠদশ অধ্যায়ৰ শ্লোক নং ২৪ত কোৱা হৈছে –
তস্মাচ্ছাস্ত্ৰং প্ৰমাণং তে কাৰ্য়াকাৰ্য়ৱ্যৱস্থিতৌ।
জ্ঞাত্বা শাস্ত্ৰৱিধানোক্তং কৰ্ম কৰ্তুমিহাৰ্হসি।।
অৰ্থাৎ আমি
শাস্ত্ৰৰ কথা মানি চলিব লাগিব। মানাৰ কৰ্তব্য আৰু অকৰ্তব্য নিৰ্ধাৰণ কৰিবৰ বাবে
শাস্ত্ৰই হ’ল একমাত্ৰ উপায়। ইয়াত পৰোক্ষভাৱে আমাক গীতাৰ কথা সকলো সময়তে মানি
চলিবলৈ শ্ৰীকৃষ্ণই উপদেশ দিছে। আমি এতিয়ালৈ গীতাৰ
যিখিনি কথা শিকিলোঁ, সেই আটাইবোৰেই আমাৰ জীৱনত মানি চলিবলৈ আমি চেষ্টা কৰিব লাগিব।
গীতাৰ মূল কথাই হ’ল ভগবানৰ প্ৰতি ভক্তি আৰু ভগবানৰ ওচৰত আত্মসমৰ্পন। আমি কেৱল এই
দুটা কথা মনত ৰাখিলে আমি আসুৰিক গুণ সমূহৰ পৰা আঁতৰি থাকিব পাৰিম”। ককাকে ক’লে।
“মই বুজিব
পাৰিছোঁ ককা, দৰ্শনে কিয় মোৰ লগত তেনে ব্যৱহাৰ কৰিছিল। এতিয়া আৰু মোৰ তাৰ ওপৰত খং
উঠি থকা নাই। তাৰ বাবে বেয়াহে লাগিছে”। নীলে ক’লে।
“বৰ ভাল
কথা। এইখিনি কথা তহঁতে উপলব্ধি কৰা কাৰণে মই বৰ সুখী হৈছোঁ। এতিয়া তঁহতৰ পঢ়া শুনা
কৰিবলৈ হ’ল। আটায়ে প্ৰাৰ্থনা কৰি পঢ়া মেজলৈ যা”। ককাকে ক’লে।
আটাই কেইটা
ল’ৰা ছোৱালীয়ে ককাকক মাত লগাই কোঠাৰ পৰা ওলাই গ’ল।
No comments:
Post a Comment