শৰীৰৰ যতন
ককাকৰ গাটো কেইদিনমানৰ
পৰা বেয়া হৈ থকা কাৰণে তেওঁ নাতিহঁতৰ মাজত গীতাৰ মৌৰস বিলাব পৰা নাই। সকলোটিয়ে
মাজে মাজে ককাকৰ খবৰ লৈ আছে।
এদিন আবেলি গাটো অলপ ভাল
পাই ককাকে আটাইকেইটাকে তেওঁৰ কোঠালৈ মাতিলে।
“ককা, তুমি এতিয়া অলপ
ভাল পাইছানে”? ৰাণীয়ে সুধিলে।
“পাইছোঁ আইজনী। আজি অলপ
গাটো ভাল লাগিছে। ভগবানে কৃপা কৰিলে সোনকালেই মই ভাল পাম”, ককাকে বিচনাখনতে বহি লৈ
ক’লে।
“ককা, তোমাৰযে বেমাৰ
হৈছে, সেয়াও ভগবানেই কৰি দিছে নেকি”? প্ৰীতিয়ে সুধিলে।
ককাকে হাঁহিলে। “মানুহৰ
শৰীৰৰ বেমাৰ আজাৰ আদি প্ৰকৃতিৰ নিয়ম অনুসৰি হয়। আজি মই তহঁতক মানুহৰ শৰীৰৰ বিষয়ে
ক’ম। গীতাৰ ত্ৰয়োদশ অধ্যায়ত এই শৰীৰটোকে ক্ষেত্ৰ বোলা হৈছে। ক্ষেত্ৰ মানে হ’ল কৰ্ম
কৰা স্থান”।
“যেনে যুদ্ধ কৰা স্থানক
আমি যুদ্ধক্ষেত্ৰ বুলি কওঁ, কাম কৰা স্থানক কৰ্ম ক্ষেত্ৰ বুলি কওঁ, নহয়নে ককা”?
অভিয়ে ক’লে।
“এৰা ঠিক তেনেদৰে শৰীৰ
হ’ল আত্মাৰ কাম কৰাৰ এক মাধ্যম। সেয়েহে শৰীৰক ক্ষেত্ৰ বোলা হৈছে। আত্মাৰ ধাৰক আৰু
মাধ্যম হিচাপে আমাৰ শৰীৰৰো যথেষ্ট গুৰুত্ব আছে। যিসকলে এই গুৰুত্ব আৰু আত্মাৰ লগত
শৰীৰৰ সম্পৰ্কৰ কথা বুজি পায়, তেওঁলোককে ক্ষেত্ৰজ্ঞ বোলা হয়। সেই কাৰণে গীতাৰ
ত্ৰয়োদশ অধ্যায়ক ক্ষেত্ৰ-ক্ষেত্ৰজ্ঞ-বিভাগ যোগ বোলা হয়”, ককাকে ক’লে।
“ক্ষেত্ৰজ্ঞ মানে কি,
ভালদৰে বুজাই দিয়াচোন ককা”, ৰাণীয়ে সুধিলে।
“ক্ষেত্ৰজ্ঞ মানে হ’ল এই
শৰীৰৰ বিষয়ে আৰু শৰীৰত বাস কৰা আত্মাৰ বিষয়ে যিজনে ভালদৰে জানে। এজন খেতিয়কৰ বাবে
ক্ষেত্ৰ হ’ল তেওঁৰ খেতিপথাৰ আৰু সেই খেতিপথাৰত ওপজা শস্যৰ বিষয়ে তেওঁ যদি সকলো কথা
জানে তেওঁক আমি ক্ষেত্ৰজ্ঞ বুলি ক’ম। সেইদৰে তহঁতৰ ক্ষেত্ৰ হ’ল পঢ়া শুনা কৰা আৰু
এয়া তহঁতৰ ক্ষেত্ৰ। এই ক্ষেত্ৰৰ পৰা যিসকলে জ্ঞান আহৰণ কৰিব পাৰে, সকলো বিষয়
ভালদৰে আয়ত্ব কৰিব পাৰে, তেওঁলোক হ’ল পঢ়া শুনাৰ ক্ষেত্ৰখনৰ ক্ষেত্ৰজ্ঞ। এতিয়া
বুজিছতো”?
“শৰীৰৰ বিষয়ে আমি কি কি
কথা জানিব লাগে ককা”? নীলে সুধিলে।
“গীতাত কৈছে যে আমাৰ
শৰীৰ বিভিন্ন প্ৰকাৰৰ দ্ৰব্য মিহলি হৈ সৃষ্টি হৈছে। প্ৰধানকৈ পঞ্চ মহাভুত মিলি
আমাৰ শৰীৰৰ নিৰ্মাণ হৈছে”। ককাকে ক’লে।
“পঞ্চ মহাভুত? সেয়া আকৌ
কি ককা”? অভিয়ে সুধিলে।
“বিজ্ঞানত তহঁতে নিশ্চয়
পাইছ যে প্ৰতিটো বস্তুৱেই কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ অণু পৰমাণু মিলি তৈয়াৰ হয়। অণু
পৰমাণূবোৰ আকৌ ক্ষুদ্ৰ ক্ষুদ্ৰ ইলেকট্ৰন, প্ৰ’টনৰ দ্বাৰা গঠিত। সেইদৰে গীতাত কোৱা
হৈছে যে মানুহৰ শৰীৰকে ধৰি এই পৃথিৱীৰ সকলো বস্তুৱেই মূলত: পাঁচবিধ বস্তুৰে তৈয়াৰ
হয়। এই পঁচবিধ বস্তু হৈছে – পৃথিৱী, পানী, জুই, বায়ু আৰু আকাশ। এই পাঁচবিধকে
পঞ্চভুত বোলা হয়”। ককাকে ক’লে।
“কিন্তু ককা, আমি অণু
পৰমাণু, ইলেক্ট্ৰন প্ৰ’টনৰ কথাহে জানো। বিজ্ঞানত আমি পঞ্চভুতৰ কথা পোৱা নাই”। নীলে
ক’লে।
“আজিৰ বিজ্ঞানে যিদৰে
উলিয়াইছে যে অনু পৰমাণু বা তাতোকৈ সৰু প্ৰ’টন, ইলেকট্ৰ’নক লৈয়েই সকলো বস্তুৰ গঠন
হয়, সেইদৰে গীতাত কোএআ হৈছে যে সকলো বস্তু পাঁচবিধ মৌলিক উপাদানেৰে গঠিত হয়।। এই পাঁচবিধেই হৈছে
পঞ্চভুত”। ককাকে ক’লে।
“শৰীৰত পঞ্চভুতৰ উপৰিও
আৰু কি কি থাকে ককা”? নীলে সুধিলে।
“পঞ্চ মহাভুতৰ বাহিৰেও
মন, বুদ্ধি, অহংকাৰ, পাঁচ ইন্দ্ৰিয় আৰু পাঁচ প্ৰকাৰৰ চেতনা মিলি আমাৰ মানুহৰ শৰীৰ
গঠন হৈছে। পাঁচ প্ৰকাৰৰ চেতনা হ’ল শব্দ, ষ্পৰ্শ, ৰূপ, ৰস আৰু গোন্ধ। তদুপৰি ইচ্ছা, দ্বেষ, সুখ, দুখ আদি মানুহৰ শৰীৰৰ বৈশিষ্ট। আন জড় পদাৰ্থ আৰু
আত্মা ধাৰণ কৰা শৰীৰৰ পাৰ্থক্য হৈছে আনবিলাকত কেৱল পঞ্চভুতহে থাকে, কিন্তু জীৱৰ
শৰীৰত উপৰঞ্চি কেইবাটাও বৈশিষ্ট থাকে। এইবোৰ বৈশিষ্ট আমি য’তেই বিচাৰি পাওঁ, সেয়েই
হ’ল ক্ষেত্ৰ”, ককাকে ক’লে।
“তেনেহ’লে এই ক্ষেত্ৰত
ক্ষেত্ৰজ্ঞ বুলিলে আমি কি বুজিম”? অভিয়ে সুধিলে।
“ক্ষেত্ৰজ্ঞ লোকসকলে
যিহেতু শৰীৰ আৰু শৰীৰত বাস কৰা আত্মাৰ বিষয়ে ভালদৰে জানে, সেয়েহে তেওঁলোকে নিজৰ
শ্ৰেষ্ঠত্বৰ কেতিয়াও অভিমান নকৰে, কেতিয়াও দম্ভাচৰণ নকৰে, কোনো প্ৰাণীকে কেতিয়াও
দুখ নিদিয়ে, সকলোকে ক্ষমা কৰে, নিজৰ মন আৰু কথাৰ সৰলতা বজাই ৰাখে, ইহলোক বা পৰলোকৰ
কোনো বিষয়ৰ প্ৰতি কোনো আসক্তি নকৰে, প্ৰিয় বা অপ্ৰিয় পৰিস্থিতিত সমভাৱে থাকিব
পাৰে। তেনে স্বভাৱৰ লোক সকলেই জ্ঞানী বা ক্ষেত্ৰজ্ঞ বুলি কোৱা হয়”। ককাকে ক’লে।
“ককা ক্ষেত্ৰজ্ঞ মানুহ
কেনে হয়? আমি তেওঁলোকক কেনেকৈ চিনি পাম”? ৰাণীয়ে সুধিলে।
“মই তহঁতক আগতেই কৈছোঁ
মানুহৰ দেহত বাস কৰা আত্মা পৰম ব্ৰহ্ম ভগবানৰে অংশ। যিজনে এই কথা অনুভৱ কৰিব পৰা
হয়, তেওঁ তেতিয়া নিজেই ভগবান স্বৰূপ হৈ পৰে। কিছুমান মানুহক দেখিলেই আপোনা আপুনি
ভক্তি ভাব আহে, ভগবানৰ অৱতাৰ যেন লাগে, কথাটো তহঁতে মন কৰিছনে? তেনে মানুহক চিনি
পাবলৈ কঠিন নহয়। সেইবোৰ মানুহেই আত্মা আৰু পৰমাত্মাৰ বিষয়ে সকলো কথা অনুভৱ কৰিব পৰা
ক্ষেত্ৰজ্ঞ বা পৰম জ্ঞানী”।
ককাকে ক’লে।
“ককা মানুহে নিজৰ দেহত
পৰম ব্ৰহ্ম ভগবান থকা বুলি কেনেকৈ অনুভৱ কৰিব পাৰে? পৰম ব্ৰহ্মইতো পৰমাত্মা। আমি
পৰমাত্মাৰ উপস্থিতিৰ বিষয়ে কেনেকৈ জানিব পাৰোঁ”? অভিয়ে সুধিলে।
“পৰমাত্মাৰ বিষয়ে মানুহে
অনুভৱহে কৰিব পাৰে। এই বিশ্ব ব্ৰহ্মাণ্ড ব্যাপি যি এক শক্তিয়ে সকলোকে আৱৰি আছে,
যাৰ ইচ্ছাত সকলো পৰিচালিত হৈ আছে, সেয়েই পৰমাত্মা।
গীতাৰ ত্ৰয়োদশ অধ্যায়ৰ
১৫ নং শ্লোকত কোৱা হৈছে –
সৰ্বেন্দ্ৰিয়
গুণাভাসং সৰ্ৱেন্দ্ৰিয় ৱিৱৰ্জিতম।
অসক্তং
সৰ্বভূতেষু নিৰ্গুণ গুণভোক্তৃ চ।।
অৰ্থাৎ পৰামাত্মাই সকলো
ইন্দ্ৰিয়ৰ সৃষ্টিকৰ্তা যদিও তেওঁৰ নিজৰ কোনো ইন্দ্ৰিয় নাই। তেওঁ সকলো জীৱৰে
পালনকৰ্তা, কিন্তু তেওঁৰ কোনো আসক্তি নাই। তেওঁ সকলো গুণৰে নিয়ন্তা, কিন্তু তেওঁ
নিজে নিৰ্গুণ। তেওঁ পৰম ঈশ্বৰ, পৰম প্ৰভু। তেওঁৰ চকুৰ আঁৰত কোনো কাম কৰা সম্ভৱ
নহয়। কথাটো তহঁতে বুজিব পাৰিছনে”?
“ককা, মই কথাটো ভালকৈ
বুজি পোৱা নাই”, ৰাণীয়ে ক’লে।
“সহজ কথাত ক’বলৈ হ’লে
ভগবান আমাৰ ভিতৰতো আছে আৰু বাহিৰতো আছে। আমি চকুৰে দেখা প্ৰতিটি বস্তু আৰু প্ৰতিটো
জীৱৰ মাজতে ভগবান আছে। কিন্তু সেই ভগবানক আমাৰ ইন্দ্ৰিয় সমূহেৰে দেখাৰ বা বুজি
পোৱাৰ ক্ষমতা নাই। তেওঁ সকলো জীৱৰ মাজত আছে আৰু তেঁৱেই আন সকলোতে আছে”। ককাকে
ক’লে।
“ককা, তাৰ মানে ভগবানে
নিজকে কেইবাটাও ভাগত ভগাই সকলোপিনে বিলাই দিছে নেকি”? প্ৰীতিয়ে সুধিলে।
ককাকে হাঁহিলে। “ভগবান
সকলো জীৱৰ মাজত বিভক্ত হৈ থকা যেন লাগে যদিও আচলতে তেনে নহয়। ভগবান হ’ল সকলোতে
বিয়পি থকা আমাৰ জীৱ আৰু জড় প্ৰকৃতি জগত চলাই ৰখা শক্তি। তেঁৱেই পৰমাত্মা, তেঁৱেই
সকলো জ্যোতিষ্কৰ পোহৰৰ উত্স। তেঁৱেই মানুহৰ হৃদয়ত থাকে আকৌ তেওঁকেই বিচাৰি মানুহে
হাবাথুৰি খায়”। তেওঁ ক’লে।
“আমি ভগবানক নিজৰ মাজত
কেনেকৈ বিচাৰি পাম ককা”? ৰাণীয়ে সুধিলে।
“এই বিষয়ে মই আগতেও
তহঁতক কৈছোঁ। ভগবানক নিজৰ মাজত বিচাৰি পোৱাৰ আটাইতকৈ সহজ আৰু সঠিক উপায় হ’ল ধ্যান
বা মেডিটেচন। কিছুমানে ধ্যান নকৰি জ্ঞানৰ অনুশীলন কৰিও নিজৰ মাজত ভগবানক বিচাৰি
পায়। সেইদৰে কিছুমানে নিষ্কাম ভাৱে নিজৰ কৰ্তব্য কৰিও ভগবানক পায়”। ককাকে ক’লে।
“কিন্তু ককা, ভগবানক
বিচাৰি পোৱাটো ইমান সহজ হ’লে বহুতেই বিচাৰি পাব লাগিছিল। তেনে নহয় কিয়”? অভিয়ে ক’লে।
“ঠিকেই কৈছ, শুনিবলৈ
যিমান সহজ, আচলতে কাৰ্যক্ষেত্ৰত ভগবানক বিচাৰি পোৱা ইমান সহজ নহয়। ইয়াৰ মূল কাৰণ
হ’ল আমি নিজৰ মনটোকে সঠিক ভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। ভগবানক বিচাৰি পাবলৈ হ’লে আমি
দিনে ৰাতিয়ে, খাওঁতে শোওঁতে, সকলো সময়তে ভগবান আমাৰ লগত আছে বুলি অনুভৱ কৰিব
লাগিব। ধ্যান, জ্ঞানৰ সাধনা বা নিজৰ কামত নেৰানেপেৰা ভাবে একমনে লাগি থাকিব লাগিব।
তেতিয়াহে ভগবানক বিচাৰি পোৱাটো সম্ভৱ হয়”। ককাকে ক’লে।
“ককা, আমাৰ নিজৰ দেহতে
ভগবান আছে, এই কথাটো ভাবিলেই আচৰিত লাগে”, ৰাণীয়ে ক’লে।
“নিশ্চয় আছে। আমাৰ দেহত
জীৱাত্মাৰ লগতে পৰমাত্মাও আছে। সেই কথা আমি অনুভৱ কৰিব পাৰিব লাগিব। এই কথাও মনত ৰাখিবিযে যে জীৱাত্মা আৰু পৰমাত্মা
কোনোটোৰে বিনাশ নহয়। আমি যেতিয়া সকলো জীৱ
আৰু জড় জগতত ভগবানৰ অস্তিত্ব দেখিবলৈ পাম, তেতিয়াই আমি ভগবানক নিজৰ হৃদয়তো বিচাৰি
পাম। নিজৰ দেহৰ মাজত ভগবানৰ অস্তিত্ব অনুভৱ কৰিব পৰাটোৱেই মানুহৰ জীৱনৰ সফলতা। আৰু
এয়াই হ’ল পৰম জ্ঞান”। ককাকে ক’লে।
“ককা, এতিয়া তুমি জিৰণি
লোৱা। তোমাৰ গাটো ভাল নহয়। বেচিকৈ কথা কৈ থাকিলে বেমাৰ বেছি হ’ব”। ৰাণীয়ে ক’লে।
“বাৰু, তহঁত এতিয়া যাগৈ।
মই অলপ জিৰণি লওঁ। তহঁতে কেৱল মই কোৱা কথাবোৰ মনত ৰাখিবি। অন্তৰত ভগবানক স্থাপন কৰিব
পাৰিলে জীৱনত সকলো কামতে সফল হ’ব পাৰিবি”। ককাকে ক’লে।
No comments:
Post a Comment