Monday, July 4, 2022

গীতাৰ মণি মুকুতাবোৰ - ১

 

অৰ্জুন বিষাদ যোগ

বিষাদৰ জৰিয়তেই পাতনি মেলা হৈছে বিশ্বৰ প্ৰথমখন অনুপ্ৰেৰণামূলক গ্ৰন্থৰ (Motivational Book)। এই অনুপ্ৰেৰণামূলক গ্ৰন্থৰ মূল বাণীৰ প্ৰবক্তাজন হৈছে বিশ্বৰ প্ৰথমজন Motivational Speaker ভগৱান শ্ৰীকৃষ্ণ আৰু শ্ৰোতাজন হৈছে তেওঁৰ পৰম বন্ধু আৰু বিশ্বৰ প্ৰথমজন সমৰ নায়ক (War Hero) অৰ্জুন।
সেয়া পাঁচ হাজাৰ বছৰৰো আগৰ কথা
বিশ্বৰ প্ৰথমখন মহাসমৰ কুৰুক্ষেত্ৰৰ ৰণভূমিত সেইসময়ৰ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধনুৰ্ধৰ মহাবীৰ অৰ্জুনৰ বিষাদগ্ৰস্থতা আৰু কিংকৰ্তব্যবিমূঢ়তাৰ চিত্ৰৰে আৰম্ভ হৈছে ভাগৱত গীতা। এই মহাগ্ৰন্থৰ প্ৰথম অধ্যায় হ'ল - অৰ্জুন বিষাদ যোগ।
কৌৰৱৰ পিতা ধৃতৰাষ্ট্ৰৰ এফাকি বচনেৰে গীতাৰ সূচনা হৈছে। তেওঁ সহচৰ সঞ্জয়ৰ পৰা কুৰুক্ষেত্ৰত তেওঁৰ সন্তান কৌৰৱসকল আৰু পাণ্ডুপুত্ৰ পাণ্ডৱসকলৰ মাজত হোৱা যুদ্ধৰ বাতৰি জানিব খুজিছে। সঞ্জয়ৰ আছিল দূৰৰ যিকোনো ঘটনাকে চাই থাকিব পৰা অসাধাৰণ ক্ষমতা - যি ক্ষমতাক দিব্যদৃষ্টি বুলি কোৱা হৈছে। টেলিভিছনত চাই খেলৰ চলন্ত বিবৰণী দি থকাৰ দৰে সঞ্জয়ে ৰাজ প্ৰাসাদত বহি বহিয়েই অন্ধ ৰজা ধৃতৰাষ্ট্ৰক যুদ্ধৰ বিষয়ে সকলো কথা কৈ আছিল।
সেইদিনা আছিল যুদ্ধৰ প্ৰথম দিন। সেইদিনা কুৰুক্ষেত্ৰ নামৰ বিশাল পথাৰ এখনত কৌৰৱ আৰু পাণ্ডৱ সকল মুখামুখিকৈ যুদ্ধৰ বাবে সাজু হৈছিল। কৌৰৱৰ পিনে আছিল কৌৰৱ ভাতৃ সকলৰ উপৰিও ভীষ্ম, দ্ৰোণাচাৰ্য, কৃপাচাৰ্য, কৰ্ণ আদিৰ দৰে বীৰ যোদ্ধা। সেইদৰে পাণ্ডৱৰ পিনে আছিল পঞ্চ পাণ্ডৱৰ উপৰিও ধৃষ্টদুম্ন, বিৰাট, সাত্যকি, অভিমন্যু আদিৰ দৰে বীৰ। সেই সময়ত শংখ বজাই যুদ্ধৰ আৰম্ভণি কৰা হৈছিল। সকলোৱে নিজৰ নিজৰ শংখ বজাই যুদ্ধৰ আৰম্ভণি ঘোষণা কৰিছিল।
কুৰুক্ষেত্ৰ বৰ ডাঙৰ ইপাৰ-সিপাৰ ভালদৰে মণিব নোৱৰা পথাৰ আছিল। দূৰৰ পৰা অৰ্জুনে প্ৰতিপক্ষৰ যোদ্ধা সকলক ভালদৰে চিনিব পৰা নাছিল। সেইকাৰণে কৌৰৱৰ পক্ষতনো কোনে কোনে যুদ্ধ কৰিবলৈ আহিছে চাই লবলৈ তেওঁৰ মন গ’ল। অৰ্জুনৰ ৰথৰ সাৰথি আছিল শ্ৰীকৃষ্ণ। অৰ্জুনে শ্ৰীকৃষ্ণক অনুৰোধ কৰিলে ৰথখন যেন প্ৰতিপক্ষৰ ওচৰলৈ লৈ যায়। অৰ্জুনৰ কথামতে শ্ৰীকৃষ্ণই ৰথখন চলাই নি দুয়োপক্ষৰ মাজলৈ গৈ ৰখাই দিলে।
অৰ্জুনে দেখিলে তেওঁ যিসকলৰ লগত যুদ্ধ কৰিব লাগিব, সকলোৱে তেওঁৰ অতি পৰিচিত, অতি আপোন মানুহ। কৌৰৱৰ সেনাপতি আছিল ভীষ্ম পিতামহ। তেওঁ আছিল অৰ্জুনৰ অতি আপোন আৰু পৰিয়ালৰ সকলোৰে অতি সন্মানীয় ব্যক্তি। তেওঁৰ কোলাত উঠি অৰ্জুনহঁত ডাঙৰ হৈছিল। ইয়াৰ উপৰিও অৰ্জুনে তেওঁৰ শিক্ষাগুৰু দ্ৰোণাচাৰ্যক দেখা পালে, যিজনে তেওঁক হাতত ধৰি যুদ্ধ কৰিবলৈ শিকাইছিল। অৰ্জুন দ্ৰোণাচাৰ্যৰ আটাইতকৈ প্ৰিয় ছাত্ৰ আছিল। আকৌ দেখা পালে কুলগুৰু কৃপাচাৰ্যক, যিজনৰ আশীৰ্বাদ লৈহে পৰিয়ালত মাংগলিক কাৰ্য অনুস্থিত হৈছিল। লগতে দেখা পালে অনেক সম্বন্ধীয় লোকক যিসকলৰ লগত ওমলি জামলি তেওঁলোক ডাঙৰ দীঘল হৈছিল, যিবোৰ তেওঁৰ সন্মানীয় নতুবা মিত্ৰ আছিল।
অৰ্জুনে ভাবিলে তেওঁ এনে লোক সকলৰ লগত যুদ্ধ কৰিবলৈ ওলাইছে, যিসকলৰ লগত তেওঁৰ কোনো ব্যক্তিগত শত্ৰুতা নাই। পিতামহ, শিক্ষাগুৰু, কুলগুৰুৰ লগতে নিজৰ ভাই, ভতিজা, খুৰা, মামা, বন্ধু সকলক কৌৰৱ বাহিনীত দেখি অৰ্জুনৰ মনটো খুব বেয়া লাগিল। নিজৰ আপোন মানুহবোৰৰ লগত যুদ্ধ কৰিবলগীয়া হোৱা কথাটোৱে তেওঁৰ মনত বৰ আঘাত দিলে। তেওঁৰ মুখ শুকাই গ’ল, হাত ভৰি কঁপিবলৈ ধৰিলে, হাতৰ ধনুখন পৰি যাওঁ যাওঁ হ’ল। তেওঁ শ্ৰীকৃষ্ণক ক’লে যে নিজৰ পৰিয়ালৰ মানুহক হত্যা কৰি লাভ কৰা ৰাজ্য তেওঁক নালাগে। পৰিয়ালৰ আপোনজন, পূজনীয় জনক, গুৰুজনক হত্যা কৰি তেওঁ পাপৰ ভাগী হ’বলৈ নিবিচাৰে। এনে পাপ কৰিলে তেওঁ নৰকগামী হ’ব লাগিব। তাতকৈ তেওঁ যুদ্ধ নকৰাকৈ কৌৰৱৰ ওচৰত আত্মসমৰ্পন কৰি উভতি যাবলৈ ভাল পাব।
অৰ্জুন সেই সময়ৰ বিশ্বৰ শ্ৰেষ্ঠ ধনুৰ্ধৰ বীৰ আছিল। তেওঁৰ সাৰথি হৈ আছিল স্বয়ং ভগৱান শ্ৰীকৃষ্ণ। তথাপিও অৰ্জুনৰ মন বিচলিত হৈছিল। তেওঁ অতি আবেগিক আৰু অনুভূতিপ্ৰবন হৈ পৰিছিল আৰু যুদ্ধ কৰাৰ মানসিক শক্তি হেৰুৱাই পেলাইছিল। গতিকে দেখা যায়যে মনক নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে আৰু আবেগেৰে পৰিচালিত হ'লে অৰ্জুনৰ দৰে শক্তিশালী মানুহো অতি দুৰ্বল হৈ পৰিব পাৰে। আবেগ বৰ্জন কৰিব নোৱাৰিলে কৰিবলগীয়া কামবোৰো মানুহে কৰিব নোৱৰা হয়।
শ্ৰীকৃষ্ণই অৰ্জুনক যুদ্ধক্ষেত্ৰত এনে ভয়াতুৰ হৈ পৰাৰ বাবে ককৰ্থনা কৰিলে। তেওঁ অৰ্জুনক বুজালে যে অৰ্জুনৰ দৰে এজন বীৰৰ বাবে ইমান আবেগিক আৰু দুৰ্বল হোৱাটো শোভা নাপায়। তেওঁ অৰ্জুনক ক’লে যে সত্য আৰু ন্যায়ৰ বাবে যুদ্ধ কৰাটো প্ৰতিজন মানুহৰ কৰ্তব্য।
কিন্তু অৰ্জুন শ্ৰীকৃষ্ণৰ কথাত সহজতে পতিয়ন নগ’ল। তেওঁ ধনু কাঁড় সামৰি ৰথত বহি দিলে। তেওঁ ক’লে যে পিতামহ ভীষ্ম, কুলগুৰু কৃপাচাৰ্য আৰু তেওঁৰ গুৰু দ্ৰোণাচাৰ্যৰ লগত যুদ্ধ কৰাৰ কথা তেওঁ সপোনতো ভাবিব নোৱাৰে। তেওঁ এই কথা ভাবি বিচলিত হৈ পৰিল যে নিজৰ আপোন জন, পূজনীয় জনক হত্যা কৰি যুদ্ধত জয়ী হ'লেও সেই বিজয়ে তেওঁক কেতিয়াও আনন্দ দিব নোৱাৰে। তেনেকৈ বিজয় লাভ কৰাতকৈ যুদ্ধ নকৰাই ভাল।
কুৰুক্ষেত্ৰ যুদ্ধক্ষেত্ৰত ভগ্ন মনোবল আৰু আবেগ জৰ্জৰিত হৈ পৰিস্থিতিৰ ওচৰত নিজকে সমৰ্পন কৰি যুঁজাৰ আগতেই পৰাজয় স্বীকাৰ কৰি লোৱা অৰ্জুনক যুদ্ধৰ কাৰণে প্ৰস্তুত কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণই গোৱা উপদেশমূলক গীতকে মদ্ভাগৱত গীতা বোলা হয়। আন কথাত ক'বলৈ গ'লে গীতা হ'ল Song of the Lord...
গীতাৰ প্ৰথম অধ্যায়ত অৰ্জুনৰ মনৰ বেজাৰৰ কথা কোৱা হৈছে। বেজাৰৰ আন এটা নাম হ'ল বিষাদ। সেই কাৰণে এই প্ৰথম অধ্যায়ক বিষাদ যোগ বোলা হয়। এই বিষাদ যোগত ৪৭ টা শ্লোক আছে। এই অধ্যায়ত প্ৰতিটো শ্লোকত অৰ্জুনৰ মনত জাগি উঠা বিষাদৰ ভাৱ প্ৰকট হৈ উঠিছে।

No comments:

Post a Comment