Friday, September 25, 2015

সপ্তম অধ্যায়: জ্ঞান বিজ্ঞান যোগ

ৰসময় মাগোহোঁ ভকতি

“মুক্তিত নিষ্পৃহ যিটো, সেহি ভকতক নমো, ৰসময় মাগোহোঁ ভকতি”।

সন্ধিয়া হোৱাৰ লগে লগে ল’ৰা ছোৱালীহঁতে হাত-ভৰি ধুই এইদৰে প্ৰাৰ্থনা কৰাটো নিয়মত পৰিণত হৈছে। নিতৌ সন্ধিয়া ল’ৰা ছোৱালীকেইটিয়ে প্ৰাৰ্থনা কৰিবলৈ লোৱা দেখি মাক দেউতাকহঁতৰো মনত বৰ আনন্দ লাগিল।

এদিন বাটত অভিৰ দেউতাকে নীলৰ দেউতাকক লগ পাই ক’লে, “আপোনাৰ দেউতাকে ল’ৰা ছোৱালীকেইটিক গীতাৰ জ্ঞান দি বৰ ডাঙৰ উপকাৰ কৰিছে। মই আমাৰ ইহঁতৰ মাজত যথেষ্ট পৰিবৰ্তন মন কৰিছোঁ আমাৰ দুয়োটাই আগতকৈ বহুত কথা জনা হৈছে”।

“দেউতাই সিহঁতক সাধু কোৱাৰ দৰে গীতাৰ কথা বুজাইছে। ইহঁতেও সেই কাৰণে বৰ ভাল পাইছে। ময়ো ইহঁতৰ মুখৰ পৰাই গীতাৰ বহুত কথা এতিয়াহে জানিব পাৰিছোঁ বুজিছেনে”, নীলৰ দেউতাকে হাঁহি মাৰি ক’লে।

“আমিও এতিয়া দুই এটা গীতাৰ কথা শিকি ল’ব লাগিবগীতাৰ জ্ঞানে আমাকো নিশ্চয় সহায় কৰিব, নে কি কয়?”, অভিৰ দেউতাকে ৰসিকতা কৰি ক’লে।

“আপুনিও আহিব ইহঁতৰ লগতে। আমি একেলগে বহি দেউতাৰ পৰা গীতা শুনিম”। নীলৰ দেউতাকে ক’লে

আবেলি অভি আৰু প্ৰীতিৰ লগত দেউতাকো আহিল। নীল আৰু প্ৰীতিয়ে তেওঁলোকক ককাকৰ ওচৰলৈ লৈ গ’ল।

“আজি ময়ো গীতাৰ কথা শুনিবলৈ আহিছোঁ খুড়া”অভিৰ দেউতাকে হাঁহি মাৰি ক’লে।

“বৰ ভাল কথা। গীতাৰ কথা আচলতে সকলোৱে জানিব লাগে। মই যিখিনি জানো ইহঁতক সহজ সৰলকৈ বুজাই দিছোঁ। বহু গুণী জ্ঞানী পণ্ডিতে গীতাৰ ব্যাখ্যা কৰি গৈছেগীতাৰ সমস্ত জ্ঞান দিয়াটো মোৰ কাৰণেও অসম্ভৱ”ককাকে ক’লে।

নীলৰ দেউতাকেও আহি যোগ দিলে। “দেউতা আজি কোনটো অধ্যায়ৰ বিষয়ে ক’বা। আজি আমিও গীতাৰ কথা শুনিম”।

“আমি প্ৰথম ছয়টা অধ্যায় শেষ কৰিলোঁ। আজি গীতাৰ সপ্তম অধ্যায়ৰ কথা ক’ম। এই অধ্যায়ত জ্ঞান-বিজ্ঞান যোগৰ বিষয়ে কোৱা হৈছে”। ককাকে ক’লে।

“বঢ়িয়া, জ্ঞান-বিজ্ঞানৰ কথা যেতিয়া নিশ্চয় খুব আকৰ্ষণীয় হ’ব”, নীলৰ দেউতাকে ক’লে।

“খুড়া, মই পিছে জ্ঞান-বিজ্ঞান যোগৰ বিষয়ে একো নাজানোআজি আপোনাৰ পৰা শিকিব লাগিবপ্ৰথম ছয়টা অধ্যায় মই শুনিবলৈ নাপালোঁ। সেইখিনিৰ বিষয়েও জানিবৰ ইচ্ছা থাকি গ’ল”। অভিৰ দেউতাকে হাঁহি মাৰি ক’লে।

“প্ৰথম ছয়টা অধ্যায়ত আত্মা যে অমৰ আৰু অবিনশ্বৰ, ঈশ্বৰৰ লগত আমি কিয় সংযোগ স্থাপন কৰিব লাগে, কৰ্মযোগ আৰু ধ্যানেৰে কিদৰে ঈশ্বৰৰ লগত সংযোগ স্থাপন কৰিব পৰা যায় এইখিনি কথাকে কোৱা হৈছে। গীতাৰ প্ৰথম ছয়টা অধ্যায় কৰ্মযোগ, অৰ্থাৎ নিজৰ কৰ্মৰ দ্বাৰা ঈশ্বৰ প্ৰাপ্তিৰ পথ দেখুওৱা হৈছে। ভগবানৰ প্ৰিয়পাত্ৰ হ’বলৈ ভক্তজন কেনে হ’ব লাগিব সেই কথাকে প্ৰথম ছয়টা অধ্যায়ত কোৱা হৈছে”। ককাকে ক’লে।

“সপ্তম অধ্যায়ৰ পৰা গীতাত বেলেগ কিবা আছে নেকি দেউতা”? নীলৰ দেউতাকে সুধিলে।

“সপ্তম অধ্যায়ৰ পৰা দ্বাদশ অধ্যায়লৈ এই ছয়টা অধ্যায়ত ভক্তি যোগৰ বিষয়ে কোৱা হৈছে। ভগবানৰ ওচৰত নিজৰ সকলো সমৰ্পন কৰি একান্ত ভক্তিৰ জৰিয়তে ভগবানৰ আশীৰ্বাদ কেনেদৰে লাভ কৰিব পাৰি তাৰেই আভাস দিয়া হৈছে। কথাখিনি মন দি বুজিবলৈ চেষ্টা কৰিব লাগিব। মই বাৰু সৰু ল’ৰা ছোৱালীকেইটাই বুজি পোৱাকে কথাখিনি ক’ম”। ককাকে ক’লে।

নীল, অভি, প্ৰীতি আৰু ৰাণীয়ে ককাকক আগুৰি বহিল। অলপ দূৰত অভি আৰু নীলৰ দেউতাকহঁত বহিল।

ল’ৰা ছোৱালী কেইটিলৈ চাই ককাকে সুধিলে, “আমি ইমান দিনে জানিলোঁ যে ভগবানে একান্ত মনে নিজৰ কাম ভালদৰে কৰি যোৱা ভক্তক ভাল পায়, নহয়নে? কিন্তু ভগবানৰ বিষয়ে আৰু কথা জানিবলৈ মন নাযায়নে? ভগবান আচলতেনো কেনে, ভগবানে আমাৰ পৰা আৰু কি কি বিচাৰে সেই কথাওটো আমি জানিব লাগিব নহয়নে”?

“হয় ককা, ভগবানৰ বিষয়ে জানিবলৈ মোৰ বৰ মন যায়। তেওঁ কি কি ভাল পায়, কি কি ভাল নাপায় এই সকলোবোৰ কথা জানিবৰ মন যায়”, ৰাণীয়ে ক’লে।

“ভগবানে কি কি ভাল পায় জানিব পাৰিলে আমিও ভগবানে বিচৰা মতে কাম কৰিব পাৰিম”। প্ৰীতিয়ে ক’লে।

“তহঁতে ঠিকেই কৈছ। ভগবানক ভালদৰে জানিলেহে আমি গম পাম ভগবানক কেনেকৈ সন্তুষ্ট কৰিব পৰা যায়, কেনেকৈ তেওঁৰ কৃপা লাভ কৰিব পৰা যায়”। ককাকে ক’লে।

“ককা, যেনেদৰে আমাৰ ছাৰ বাইদেউহঁতে কেনেকৈ উত্তৰ লিখিলে ভাল পায়, সেই কথা জানিলে আমি পৰীক্ষাত সেই মতে উত্তৰ লিখি ভাল নম্বৰ পাব পাৰোঁ, নহয়নে”? নীলে সুধিলে।

“একেবাৰে সঠিক কথা কৈছ নীল। ছাৰ বাইদেউহঁতনো আচলতে কেনে, তেওঁলোকেনো কি বিচাৰে জানিলে তহঁতে যেনেদৰে তেওঁলোকে ভাল পোৱা ধৰণে পৰীক্ষাত উত্তৰ কৰিব পাৰ, সেইদৰে ভগবাননো কেনে, ভগবানেনো কি বিচাৰে সেই কথা জানিলেহে আমি ভগবানে ভাল পোৱা কামবোৰ কৰিব পাৰিম। আজি আমি ভগবানৰ বিষয়ে এইবোৰ কথাই জানিবলৈ চেষ্টা কৰিম”ককাকে ক’লে।

“ভগবানৰ বিষয়ে আমি সকলো কথা জনাটো সম্ভৱনে ককা”? প্ৰীতিয়ে প্ৰশ্ন কৰিলে।

“ভগবানৰ বিষয়ে সকলো কথা জানিবলৈ হ’লে প্ৰথম কথা হ’ল আমি ভগবানৰ একান্ত অনুগত বিশ্বাসী ভক্ত হ’ব লাগিব। যিদৰে শিক্ষকৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস থাকিলে আৰু শিক্ষকৰ একান্ত অনুগত হ’লেহে আমি তেওঁৰ পৰা সকলো জ্ঞান লাভ কৰিব পাৰোঁ, সেইদৰে ভগবানৰ প্ৰতি বিশ্বাসী আৰু তেওঁৰ প্ৰতি সম্পূৰ্ণ অনুগত হ’লেহে আমি ভগবানৰ বিষয়ে সকলো কথা জানিব পাৰিম আৰু তেওঁৰ আশীৰ্বাদ লাভ কৰিম”ককাকে ক’লে।

“তাৰমানে সকলো মানুহে ভগবানৰ বিষয়ে জানিব নোৱাৰে নেকি ককা”? ৰাণীয়ে সুধিলে।

“নোৱাৰে। শ্ৰীকৃষ্ণই কৈছে হাজাৰ মানুহৰ মাজত মাথোন এজনেহে ভগবানৰ প্ৰিয়ভাজন হ’বলৈ চেষ্টা কৰে। সেই সকলৰ মাজতো মাথোন কেইজনমানেহে সম্পূৰ্ণ ভাবে ভগবানৰ বিষয়ে জানিব পাৰে”। ককাকে ক’লে।

“ভগবানৰ বিষয়ে জানিবলৈ আমাক হয়তো গীতাৰ জ্ঞান লাগিব, নহয়নে খুড়া”? অভিৰ দেউতাকে সুধিলে।

“এৰা, ঠিকেই কৈছা। গীতাত ভগবানৰ স্বৰূপ বৰ্ণনা কৰা আছে। কিন্তু মানুহে সেই ভগৱানৰ অস্তিত্ৱ নিজেই অনুভৱ কৰিব লাগিব। গীতাৰ সপ্তম অধ্যায়ৰ ৪ নং শ্লোকত শ্ৰীকৃষ্ণই কৈছে –

ভুমিৰাপোৎনলো ৱায়ু: খং মনো বুদ্ধিৰেৱ চ।
অহংকাৰ ইতীয়ং মে ভিন্না প্ৰকৃতিৰষ্টধা ।।

অৰ্থাৎ মাটি, পানী, জুই, বায়ু আৰু আকাশ এই পাঁচবিধ মিলি এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তু তৈয়াৰ হৈছে। এই কেইবিধ বস্তুক একেলগে পঞ্চভূত বুলিও কোৱা হয়। সেইদৰে মন, বুদ্ধি আৰু অহংকাৰ এই কেইবিধে মানুহৰ আৰু জীৱজগতৰ প্ৰকৃতি নিৰ্ণয় কৰে। এই আঠবিধ বস্তুৰ প্ৰতিবিধৰ মাজতে ভগবানৰ অস্তিত্ব আছে”ককাকে ক’লে।

“ভগবান কেৱল এই আঠবিধ বস্তুৰ মাজতে থাকে নেকি ককা’? অভিয়ে সুধিলে।

“গীতাত এই আঠবিধক নিম্ন প্ৰকৃতি বোলা হৈছে। আনৰ মাজত বা আন বস্তুত ভগবানক বিচাৰিবলৈ হ’লে এই আঠবিধ নিম্ন প্ৰকৃতিৰ মাজত বিচাৰিব লাগিব”ককাকে ক’লে।

“নিম্ন প্ৰকৃতি? তাৰমানে উচ্চ প্ৰকৃতিও কিবা আছে নেকি ককা”? নীলে সুধিলে।

“আনৰ মাজত নহয়, মানুহে নিজৰ মাজত ভগবানৰ সন্ধান কৰাটোহে আচল কথা। মানুহৰ আত্মাত ভগবান থাকে বুলি কোৱা হৈছেএয়াই হ’ল ভগবানৰ উচ্চ প্ৰকৃতি। আত্মাত ভগবানৰ অস্তিত্ব অনুভৱ কৰিব পাৰিলেহে ভগবানৰ অসীম শক্তিৰ উমান পোৱা যায়”।  ককাকে ক’লে।

“কথাটো ভালদৰে বুজাই দিয়াচোন দেউতা”, নীলৰ দেউতাকে ক’লে।

“গীতাত যি আঠবিধ নিম্ন প্ৰকৃতিৰ কথা কোৱা হৈছে, সেইবোৰত আমি ভগবানৰ অস্তিত্বৰ উমান পাব পাৰোঁ, কিন্তু সেয়া চিৰস্থায়ী নহয়। নিম্ন প্ৰকৃতিৰ সৃষ্টিও আছে ধ্বংসও আছে। পঞ্চভূতৰ দ্বাৰা নিৰ্মিত প্ৰতিটো বস্তুৰ মাজত ভগবান থাকে, কিন্তু সেই বস্তুটোৱেই এদিন ভাঙি চিঙি যায়। উদাহৰণ  স্বৰূপে, মন্দিৰ, নামঘৰ বা উপাসনাৰ স্থানত ভগবান থাকে বুলি আমি বিশ্বাস কৰোঁ, কিন্তু সেয়া চিৰস্থায়ী নহয়। কিন্তু উচ্চ প্ৰকৃতি, অৰ্থাৎ আত্মাত অনুভৱ কৰা ভগবানৰ অস্তিত্ব চিৰস্থায়ী, কাৰণ আত্মাৰ আদিও নাই অন্তও নাই। আত্মাই ভগবানৰ এই অনুভৱ এটা জন্মৰ পৰা আন এটা জন্মলৈ কঢ়িয়াই লৈ যায়”। ককাকে ক’লে।

“এটা জন্মৰ পৰা আন এটা জন্মলৈ আত্মাই সকলো অনুভৱ কঢ়িয়াই লৈ যাব পাৰে নেকি? এয়া কেনেকৈ সম্ভৱ”? অভিৰ দেউতাকে সুধিলে।

“আত্মাৰ মাজত পূৰ্বজন্মৰ সকলো অনুভৱ সঞ্চিত হৈ থাকে। আত্মাই জ্ঞান আৰু কৰ্মফল এটা জন্মৰ পৰা আন এটা জন্মলৈ কঢ়িয়াই লৈ যায়। এই সকলোবোৰ ভগবানৰ ইচ্ছাতেই পৰিচালিত হয়। গীতাৰ সপ্তম অধ্যায়ৰ ৭ নং শ্লোকত ভগবানে কৈছে –

মত্ত: পৰতৰং নান্যৎ কিঞ্চিদস্তি ধনঞ্জয়:
ময়ি সৰ্বমিদং প্ৰোতং সুত্ৰে মণিগণা ইৱ।।

অৰ্থাৎ ময়েই এই জগতৰ সৰ্বময় কৰ্তা, মোৰ বাহিৰে এই জগতৰ আন কোনো পৰম কাৰণ নাই। যিদৰে মণিবোৰ লগ লাগি মালা তৈয়াৰ হয়, সেইদৰে জগতৰ সকলো বস্তুৱে একেডাল সূতাৰে মোৰ লগতে সংযুক্ত হৈ আছে”।

“একেডাল সূতাৰে সংযুক্ত হৈ থাকে মানে কি ককা”? প্ৰীতিয়ে সুধিলে।

“ইয়াৰ অৰ্থ হ’ল এই পৃথিৱীৰ সকলো বস্তু ভগবানৰেই দান। ভগবানেই সকলোৰে মুৰব্বী। ভগবানেই চন্দ্ৰ আৰু সূৰ্যৰ দ্বাৰা আমাক পোহৰ দিয়াৰ ব্যৱস্থা কৰিছে, ভগবানেই আমাৰ বাবে প্ৰয়োজনীয় বায়ু আৰু পানীৰ যোগান ধৰিছে, ভগবানৰ কৃপাতে মানুহ আৰু পশু পক্ষীৰ বংশ বৃদ্ধি হয়, ভগবানেই ফুলত সুগন্ধ আৰু জুইত উত্তাপৰ সৃষ্টি কৰিছে । এই জগতৰ সকলোবোৰ ভগবানৰে সৃষ্টি। সেই কাৰণে এই জগতৰ সকলো বস্তুৰে লগত ভগবান একেডাল সূতাৰে সংযুক্ত হৈ আছে বুলি কোৱা হৈছে”। ককাকে ক’লে।

“ককা, এই জগতত ভাল বস্তুৰ লগতে বেয়া বস্তুওতো আছে। বানপানী, ভুমিকম্প, খৰাং এইবোৰো ভগবানে সৃষ্টি কৰিছে নেকি”? নীলে সুধিলে।

ককাকে হাঁহিলে। “তই বৰ বুদ্ধিমানৰ প্ৰশ্ন কৰিছ নীল। এই প্ৰাকৃতিক শক্তিবোৰো ভগবানৰেই ৰূপ। এই জগতৰ ভাৰসাম্য ৰাখিবলৈ আৰু মানুহৰ ওপৰত ভগবানৰ শ্ৰেষ্ঠত্ব অটুত ৰাখিবলৈ ভগবানে এই শক্তি সমূহৰ ব্যৱহাৰ কৰে। প্ৰাকৃতিক শক্তি সমূহেই আমাক ভগবানৰ অসীম ক্ষমতাৰ উমান দিয়ে”।

“ককা, ভগবানে ভাল মানুহ আৰু বেয়া মানুহ দুয়োবিধ কিয় সৃষ্টি কৰে”? ৰাণীয়ে সুধিলে।

“ভগবানে মানুহক ভাল বা বেয়া মানুহ হিচাপে সৃষ্টি নকৰে। মানুহে নিজৰ মাজত ভগবানৰ স্বৰূপ উপলব্ধি নকৰাৰ বাবেহে বিপথে গৈ বেয়া মানুহ হয়। মানুহৰ বুদ্ধি, জ্ঞান, তপস্যাৰ ফল এই সকলোবোৰেই ভগবানৰেই দান। মানুহে নিজৰ আসক্তি আৰু কামনা বাসনাৰ বাবে পথভ্ৰষ্ট হয়। যি মানুহে সকলো কামনা বাসনা পৰিত্যাগ কৰি, নিজৰ ইন্দ্ৰিয় সমূহক দমন কৰি ভগবানৰ চৰণত নিজকে সমৰ্পন কৰে, সেই মানুহে নিজৰ মাজতে ভগবানক বিচাৰি পায় আৰু ভাল মানুহ হয়”ককাকে ক’লে।

“ককা, বেয়া মানুহ বোৰেও চোন ভগবানৰ পূজা সেৱা কৰে। তেওঁলোককো জানো ভগবানে সমানে ভাল পাব”? অভিয়ে সুধিলে।

“গীতাত শ্ৰীকৃষ্ণই কৈছে যে বেয়া কাম কৰা মানুহ, মুৰ্খ আৰু পাপী সকলে ভগবানৰ পৰা আঁতৰি থাকে। যিসকলৰ প্ৰাৰ্থনাত নিষ্কাম ভক্তি নাথাকে, যিসকলৰ মন মায়া মোহৰ দ্বাৰা আবৃত্ত হৈ থাকে, যি সকলে কেৱল নিজৰ দুষ্কাৰ্যৰ পৰা সকাহ পাবলৈ ভগবানৰ দ্বাৰস্থ হয়, তেনে লোকৰ সেৱা পূজা ভগবানে গ্ৰহণ নকৰে” ককাকে ক’লে।

“সকলো মানুহকে যদি ভগবানে সৃষ্টি কৰিছে, তেনেহ’লে কিছুমান মানুহে কিয় ইমান বেয়া কাম কৰে ককা”? প্ৰীতিয়ে সুধিলে।

“প্ৰতিজন মানুহৰ মাজত সত্ব:, ৰজ: আৰু তম: এই তিনি প্ৰকাৰৰ গুণ থাকে। ৰজ: গুণ হ’ল মানুহৰ অহংকাৰ, ৰং-ৰহইচ, গৌৰৱ, ৰাজকীয়তাৰ প্ৰতীক। তম: গুণ হ’ল এলাহ, নিচাসক্তি, ঈৰ্ষা, হিংসা, কুত্সাৰটনা আদি নীচ মনোবৃত্তিৰ প্ৰতীকসত্ব: গুণ হ’ল মানুহৰ শান্ত, শিষ্ট, ধীৰ, স্থিৰ মনোবৃত্তিৰ প্ৰতীক। এই গুণ সমূহে মানুহৰ প্ৰকৃতি নিৰ্ণয় কৰে। এই তিনি গুণৰ প্ৰভাৱতে মানুহ মোহিত হয় আৰু এই তিনি গুণেই নিৰ্ধাৰণ কৰে মানুহে ভাল কামত নে বেয়া কামত প্ৰবৃত্ত হয়। এই তিনি তিনিগুণৰ প্ৰভাৱৰ পৰা মুক্ত হ’বলৈ হ’লে মানুহে ভগবানক সকলো সময়তে স্মৰণ কৰিব লাগে আৰু ভগবানৰ চৰণত নিজকে সমৰ্পিত কৰিব লাগে। ভগবানৰ প্ৰকৃত ভক্তই কেতিয়াও বেয়া কাম কৰিব নোৱাৰে”। ককাকে ক’লে।

“এই তিনি গুণৰ বিষয়ে ভালকৈ কোৱাচোন ককা”। ৰাণীয়ে সুধিলে।

“গীতাৰ চতুৰ্দশ অধ্যায়ত কেৱল এই তিনিগুণৰ বিষয়েই বহলাই কোৱা আছে। আমি যেতিয়া চতুৰ্দশ অধ্যায় পাম, তেতিয়া আৰু তিনিগুণৰ বিষয়ে ভালদৰে আলোচনা কৰিম। এতিয়া তহঁতে কেৱল ভগবানৰ অসীম শক্তিৰ বিষয়ে মাথোন অনুভৱ কৰিবলৈ চেষ্টা কৰিবি, প্ৰকৃত ভক্তইহে ভগবানৰ এই শক্তি অনুভৱ কৰিব পাৰে”ককাকে ক’লে।

“ককা ভগবানৰ প্ৰকৃত ভক্ত কেনেকৈ হ’ব পাৰি”, ৰাণীয়ে সুধিলে।

“গীতাত চাৰি প্ৰকাৰৰ ভক্তৰ কথা কোৱা হৈছে – আৰ্ত, অৰ্থাৰ্থী, জিজ্ঞাসু আৰু জ্ঞানী। আৰ্ত হ’ল সেই সকল ভক্ত, যিসকলে বিপদত পৰি, জীৱনৰ বাটত পৰাজিত হৈ শেষ আশ্ৰয় হিচাপে ভগবানৰ চৰণত শৰণ লয়। অৰ্থাৰ্থী হ’ল সেই সকল ভক্ত যিসকলে জীৱনত সফল হোৱাৰ মানসেৰে ভগবানৰ সহায় বিচাৰি ভগবানৰ ভক্ত হয়। জিজ্ঞাসু হ’ল সেই সকল ভক্ত যিসকলে ইহলোক পৰলোকৰ চিন্তাত নিমগ্ন হয়, সংসাৰ চক্ৰত উদ্বিগ্ন হয় আৰু আত্মাৰ মুক্তি বিচাৰি ভগবানৰ শৰণাপন্ন হয়জ্ঞানী হ’ল সেই সকল ভক্ত, যিসকলে সকলো প্ৰকাৰৰ কামনা বাসনাৰ পৰা মুক্ত হৈ কেৱল ভগবানৰ ওচৰত নিজকে সমৰ্পন কৰে, নিজৰ কাৰণে একোকে নিবিচাৰে আৰু ভগবানৰ স্মৰণ আৰু নাম কীৰ্তন কৰিয়েই পৰম আনন্দ লাভ কৰেভগবানে তেনে জ্ঞানী ভক্তকহে বৰ ভাল পায় আৰু তেওঁলোকহে প্ৰকৃত ভক্ত।
সেয়েহে শ্ৰীমন্ত মাধৱদেৱে নামঘোষাত লিখিছে –
মুক্তিত নিষ্পৃহ যিটো, সেহি ভকতক নমো ৰসময় মাগোহোঁ ভকতি
সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য, ভজোঁ হেন দেৱ যদুপতি।।

এই প্ৰাৰ্থনাটো কৰোঁতে কথাখিনিৰ অৰ্থ অনুভৱ কৰিবলৈ চেষ্টা কৰিবি। ইয়াৰ অৰ্থ হ’ল যিজন ভকত মুক্তিৰ প্ৰতিও নিষ্পৃহ, সেই ভকতজন নমস্য আনকি তেওঁৰ ৰসময় ভকতিত ভগবানো তেওঁৰ বশ্য হৈ পৰে”। ককাকে ক’লে।

“ৰসময় ভক্তি মানে কি ককা”? ৰাণীয়ে সুধিলে।

“যিজন ভক্তই ভগবানৰ ভক্তিতেই আনন্দ পায়, ভগবানৰ চিন্তাতেই মনত ৰস পায়, সেইজন ভক্তৰ বাবে ভক্তি ৰসময় হৈ পৰে”, ককাকে ক’লে।

“তেনে ভক্ত হোৱা সহজ নহয় নেকি ককা”? ৰাণীয়ে সুধিলে।

“বহুত সাধনাৰ পিছতহে মানুহে তেনে ৰসময় ভক্তি অনুভৱ কৰিব পাৰে। এই ৰসময় ভক্তি অন্তৰত অনুভৱ কৰিব পৰাজনেই প্ৰকৃত জ্ঞানী। ভগবানেই মোৰ সকলো আনন্দৰ কাৰণ, ভগবানৰ বাহিৰে মোৰ কোনো ইচ্ছা – বাসনা - সাধনা নাই, এনে মনোভাবৰ ভক্ত হোৱাটো অতি কঠিন কাম। তাৰ বাবে লাগিব ভগবানৰ প্ৰতি অটল ভক্তি আৰু গভীৰ সাধনা”ককাকে ক’লে।

“দেউতা এটা কথা কোৱাচোন, আমি কোনজন ভগবানৰ ভক্ত হ’ব লাগে। শ্ৰীকৃষ্ণৰ ভক্ত এজনে যি ফল পায়, শিৱ বা দুৰ্গা ভক্ত এজনেও সেই একেই ফল পায়নে”? নীলৰ দেউতাকে সুধিলে।

“গীতাত শ্ৰীকৃষ্ণই কৈছে যে মানুহে আন দেৱ দেৱীৰ পূজা কৰিলেও সেই দেৱ দেৱীৰ যোগেদি আচলতে তেওঁৰে পূজা কৰা হয়, কাৰণ শ্ৰীকৃষ্ণই হ’ল সৰ্বময় কৰ্তা, সবাতোকৈ শ্ৰেষ্ঠ ভগবান। শ্ৰদ্ধা আৰু ভক্তিৰে কৰা তেনে পূজা সেৱাৰ ফল ভগবান শ্ৰীকৃষ্ণয়েই ভক্তক প্ৰদান কৰে। কিন্তু আন দেৱ দেৱীৰ পূজা আৰু ভগবান শ্ৰীকৃষ্ণৰ ভক্তৰ মাজত পাৰ্থক্য হ’ল, আন দেৱ দেৱীৰ পূজাৰ পৰা লাভ কৰা ফল পাৰ্থিৱ আৰু ক্ষণস্থায়ী, কিন্তু কৃষ্ণ ভক্তিৰ পৰা লাভ কৰা ফল চিৰস্থায়ী আৰু সৰ্বব্যাপী। ভগবান শ্ৰীকৃষ্ণৰ ভক্ত সকলে পাৰ্থিৱ বস্তু প্ৰাপ্তিৰ বাবে নহয়, ভগবানৰ আধ্যাত্মিক সান্নিধ্য লাভ কৰিবলৈহে ভক্তিত মগন হয়”। ককাকে ক’লে।

“কিন্তু, শ্ৰীকৃষ্ণ আৰু আন দেৱ দেৱীৰ পাৰ্থক্য কিহত”, অভিৰ দেউতাকে প্ৰশ্ন কৰিলে।

“গীতাত কোৱা হৈছে যে শ্ৰীকৃষ্ণই হ’ল সকলো দেৱ-দেৱীৰো পূজ্য দেৱতা। মানুহে এই কথা নজনাৰ বাবেহে শ্ৰীকৃষ্ণৰ সলনি আন দেৱ দেৱীক পূজা কৰে। এই অজ্ঞতাৰ কাৰণ হ’ল কেৱল শ্ৰীকৃষ্ণৰ একান্ত ভক্তইহে তেওঁৰ সৰ্বময়তাৰ বিষয়ে অনুভৱ কৰিব পাৰে। আন দেৱ দেৱীৰ সেৱা কৰা সকলক মায়াই আৱৰি থকাৰ বাবে শ্ৰীকৃষ্ণৰ মহত্ব অনুভৱ কৰিব নোৱাৰে”। ককাকে বুজাই দিলে।

“আমি সকলোৱে আন দেৱ দেৱীৰ সলনি শ্ৰীকৃষ্ণৰ ভক্তি কৰিব লাগিব নেকি ককা”? প্ৰীতিয়ে সুধিলে।
“যিহেতু শ্ৰীকৃষ্ণই হ’ল সকলো দেৱ-দেৱীৰো পূজ্য ভগবান, সেয়েহে আমি কৃষ্ণভক্তিৰ যোগেদিয়েই ভগবানৰ কৃপা লাভ কৰিব পাৰিম। সেয়েহে আন দেৱ দেৱীৰ পূজা কৰাৰ প্ৰয়োজন নাই। আন দেৱ দেৱীক পূজা কৰিলেও যি ফল লাভ কৰা হয়, সেয়াও ভগবান শ্ৰীকৃষ্ণৰেই আশীৰ্বাদ। কিন্তু মায়াৰ প্ৰভাৱত মানুহে এই কথা বুজিব নোৱাৰে”। ককাকে ক’লে।

“মায়া মানে কি ককা”? ৰাণীয়ে সুধিলে।

“মানুহে বাস্তৱ সত্য নেদেখি যে কিছুমান ভুল কথাকে সত্য বুলি ভাবে সেয়াই হ’ল মায়া। উদাহৰণ স্বৰূপে মানুহে সমগ্ৰ জীৱন সুখ বিচাৰি ঘূৰি ফুৰে। সকলো দুখৰ পৰা পৰিত্ৰাণ বিচাৰে। সুখ বিচাৰি থাকোঁতে তেওঁলোকে ভগবানৰ কথা চিন্তা কৰিবলৈ সময় নাপায়। ভগবান যে প্ৰকৃত সুখ আৰু আনন্দৰ কাৰণ সেই কথা মানুহে বুজিবই নোৱাৰেএয়াই মায়া”ককাকে ক’লে।

“সকলো মানুহেইতো সুখ বিচাৰে, দুখৰ পৰা মুক্তি বিচাৰে। তেনেহ’লে সকলো মানুহকে মায়াই আগুৰি থাকে নেকি ককা? এই মায়াৰ পৰা কেনেকৈ মুক্তি পাব পাৰি”? নীলে সুধিলে।

“ঠিকেই কৈছ, সৰহভাগ মানুহেই এই মায়াৰ জালত আৱদ্ধ হৈ থাকে। কিন্তু যিসকলে নিজৰ সাধনা আৰু চেষ্টাৰ দ্বাৰা পূৰ্বজন্মৰ সকলো পাপৰ পৰা মুক্তি পাইছে, যিসকলে ভগবান শ্ৰীকৃষ্ণৰ মাহাত্ম্য উপলব্ধি কৰি তেওঁৰ চৰণত নিজকে সমৰ্পন কৰিছে, তেওঁলোকে এই মায়াজালৰ পৰা ওলাই আহিব পাৰে। ভগবানৰ চৰণত নিজকে সমৰ্পন কৰা ভক্তসকলে বৃদ্ধ অৱস্থা আৰু মৰণৰ যন্ত্ৰণাৰ পৰাও মুক্তি লাভ কৰে বুলি গীতাত কোৱা হৈছে” ককাকে ক’লে।

“সেয়া কেনেকৈ সম্ভৱ হয় দেউতা? বৃদ্ধ অৱস্থা আৰু মৰণৰ যন্ত্ৰণাৰ পৰা কেনেকৈ মুক্তি পাব পাৰি”? নীলৰ দেউতাকে সুধিলে।

“যিজন ভক্তই ভগবানৰ মাহাত্ম্য আৰু ভগবানৰ কৰুণা সম্পূৰ্ণভাৱে অনুভৱ কৰে, সেইজন ভক্তক কোনো দুখ-কষ্ট, বিপদ-বিঘিনীয়ে টলাব নোৱাৰে। তেওঁলোকৰ মন এক স্বৰ্গীয় আনন্দেৰে ভৰি থাকে। এয়াই হ’ল মহাপুৰুষ মাধৱদেৱে কোৱা ‘ৰসময় ভকতি’ তেওঁলোকৰ মন ভগবানৰ ওচৰত এনে ভাৱে নিমগ্ন হৈ থাকে যে বাৰ্ধক্য আনকি মৃত্যুৰ মুহুৰ্ততো তেওঁলোকে কোনো যন্ত্ৰণা অনুভৱ নকৰে”ককাকে ক’লে।

“খুড়া, আপোনাৰ কথাখিনি সঁচাকৈয়ে যাদুৰ দৰে লাগিছে। ভগবানৰ চিন্তাত নিজকে বুৰাই ৰাখি যে সকলো দুখ কষ্টৰ পৰা মুক্তি পাব পাৰি আৰু চিৰস্থায়ী সুখৰ সন্ধান পাব পাৰি সেই কথা আজিহে ভালদৰে উপলব্ধি কৰিছোঁ”অভিৰ দেউতাকে ক’লে। তেওঁৰ মুখ আনন্দেৰে ভৰি পৰিল।

“তোমালোকেও ল’ৰা ছোৱালী কেইটিৰ লগত নিয়মীয়াকৈ সময় উলিয়াই ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিবা। ভগবানৰ চিন্তাই যে আমাক সুখ আৰু শান্তিৰ পথ দেখুৱাব পাৰে সেয়া অনুভৱ কৰিবা। ভগবানৰ মাহাত্ম্য নিজৰ জীৱনত অনুভৱ কৰি ভগবানৰ ভক্তিতে আনন্দ বিচাৰি পোৱাটোৱেই আটাইতকৈ ডাঙৰ জ্ঞান। সপ্তম অধ্যায়ত শ্ৰীকৃষ্ণই এই জ্ঞানৰ কথাই কৈছে। এই জ্ঞান আন সকলো জ্ঞান-বিজ্ঞানৰ উৰ্ধত”। ককাকে বুজাই ক’লে।

“আমাক, বিশেষকৈ সৰু ল’ৰা ছোৱালী কেইটিক এইখিনি জ্ঞান দি আপুনি বহুত উপকাৰ কৰিছে। আমিও সময় পালে মাজে সময়ে আপোনাৰ ওচৰলৈ আহিম খুড়া”, অভিৰ দেউতাকৰ মাত কৃতজ্ঞতাত গদ গদ হৈ গ’ল।


“আজি আমি গীতাৰ সপ্তম অধ্যায় সামৰিলোঁ। আটায়ে এতিয়া প্ৰাৰ্থনা কৰি নিজৰ নিজৰ কামত লাগিবৰ সময় হ’ল। অহাবাৰ আমি অষ্টম অধ্যায়লৈ যাম। সেই অধ্যায়ত আমি অক্ষৰ - পৰম ব্ৰহ্ম যোগৰ বিষয়ে কথা পাতিম”। ককাকে ক’লে।

Wednesday, September 23, 2015

ষষ্ঠ অধ্যায়: আত্ম সংযম যোগ



(মহাবলবন্ত দুৰ্বাসনা ঘোৰ)

ককাকে সন্তোষ পালে যে নীল আৰু ৰাণীয়ে তেওঁ শিকাই দিয়াৰ দৰেই ৰাতিপুৱা আৰু ধ্যান কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ নিজেও দুয়োৰে লগত বহি ধ্যান কৰিলে। আবেলি সময়ত অভি আৰু প্ৰীতিও আহি একেলগে ধ্যান কৰিবলৈ ল’লে। ধ্যান কৰিবলৈ শিকাৰ পৰা আটাইকেইটা ল’ৰা ছোৱালী যেন কিছু পৰিমানে শান্ত শিষ্ট হৈ পৰিল।

কেইদিনমান যোৱাৰ পিছত ককাকে এদিন আটাইকেইটাকে ওচৰলৈ মাতিলে।

“ধ্যান কৰি তহঁতৰ কেনে লাগিছে আজি মোক ক চোন”। ককাকে সুধিলে।

“ভাল লাগিছে ককা। প্ৰথমতে মনলৈ বহুত চিন্তা আহি থাকিছিল। তুমি কোৱাৰ দৰে মনৰ পৰা চিন্তা বোৰ উলিয়াই দিব পৰা নাছিলোঁ। কিন্তু এতিয়া লাহে লাহে পৰা হৈছোঁ”। নীলে ক’লে।

“মোৰ টোপনি ধৰি যায় ককা”। ৰাণীয়ে লাজ লাজকৈ ক’লে।

“কিন্তু ধ্যান কৰাৰ পিছত মনটো খুব ভাল লাগে। সতেজ সতেজ লাগে”। অভিয়ে ক’লে।

“তহঁতে ধ্যান কৰা দেখি মই খুব সুখী হৈছোঁ। ধ্যানত বহিলে প্ৰথম প্ৰথম মনক নিয়ন্ত্ৰণ কৰাটো কঠিন হয়েইকিন্তু সদায় অভ্যাস কৰি থাকিলে লাহে লাহে মন একেবাৰে নিয়ন্ত্ৰণলৈ আহিব। মন যেতিয়া শান্ত আৰু নিয়ন্ত্ৰিত হৈ পৰিব, তেতিয়া মনৰ আচল শক্তি অনুভৱ কৰিব পাৰিবি”। ককাকে ক’লে।

“ককা, এনেদৰে দিনে ৰাতিয়ে ধ্যান কৰি থাকিলে আমি বহুত শক্তিশালী হৈ যাম নেকি”? প্ৰীতিয়ে সুধিলে।

ককাকে হাঁহিলে। “কোনো কাম বন নকৰাকৈ অকল ধ্যান কৰি বহি থকাটোও সঠিক কথা নহয়ভগবানে গীতাৰ ষষ্ঠ অধ্যায়ৰ আৰম্ভণিতে কৈছে, অকৰ্মতকৈ কোনো ফলৰ আশা নকৰাকৈ কৰ্ম কৰাটো শ্ৰেয়। আজি আমি গীতাৰ ষষ্ঠ অধ্যায়ৰ বিষয়ে আলোচনা কৰিম”।

আটাইকেইটা ল’ৰা ছোৱালীয়ে ককাকক আগুৰি বহিল।

“কোৱা ককা। ভগবান শ্ৰীকৃষ্ণই অৰ্জুনক কোৱা কথা এতিয়াও শেষ হোৱা নাই নেকি”? ৰাণীয়ে সুধিলে।

“নাই হোৱা। এই অধ্যায়ত ভগবানে আত্ম সংযম যোগৰ কথা অৰ্জুনক বুজাইছে”। ককাকে ক’লে।
“আত্ম সংযম যোগ কি ককা”? প্ৰীতিয়ে সুধিলে।

“লাহে লাহে সকলো বুজিব পৰা হ’বি। আত্ম সংযম হ’ল নিজৰ ওপৰত নিয়ন্ত্ৰণ। মানুহে যেতিয়া লোভ – মোহ, কামনা – বাসনা বোৰ ত্যাগ কৰিব পাৰে, তেতিয়াহে আত্ম সংযম লাভ কৰিব পাৰে”ককাকে ক’লে।

“কিন্তু ককা, মানুহে আত্ম সংযম কেনেদৰে পাব পাৰে”? অভিয়ে সুধিলে।

“যেতিয়া ইন্দ্ৰিয়বোৰৰ দ্বাৰা পাব পৰা বিষয়ৰ প্ৰতি বা নিজে কৰা কামৰ ফলৰ প্ৰতি মানুহৰ মন আকৰ্ষিত হয়, তেতিয়াই মানুহৰ সংযম হেৰাই যায়। সেয়েহে আমি ইন্দ্ৰিয় বা কৰ্মফলে দিয়া সুখ বা আনন্দ ত্যাগ কৰিব পাৰিলেহে আচলতে আত্ম সংযম লাভ কৰিব পাৰিমএটা কথা জানিবি, মানুহে নিজেই নিজৰ মিত্ৰ, নিজেই নিজৰ শত্ৰু। মানুহে নিজৰ সাধনা আৰু ধ্যানৰ দ্বাৰা আত্ম সংযম লাভ কৰিলে সকলো কামতে সফল হ’ব পাৰে আৰু নিজকে সংযমিত কৰিব নোৱাৰিলে পদে পদে বিপদত পৰে”ককাকে ক’লে।

“ককা মানুহে নিজেই নিজৰ মিত্ৰ আৰু নিজেই নিজৰ শত্ৰু কেনেকৈ হ’ব পাৰে”? প্ৰীতিয়ে সুধিলে।

“ভগবান শ্ৰীকৃষ্ণই কৈছে যে যি মানুহে নিজৰ মন, ইন্দ্ৰিয় আৰু শৰীৰ নিয়ন্ত্ৰণলৈ আনিব পাৰিছে, তেওঁ নিজেই নিজৰ মিত্ৰ হৈ পৰে, কাৰণ তেওঁৰ বাহিৰৰ জগতখনৰ পৰা পাবলগীয়া একো নাথাকে। কিন্তু যি মানুহৰ মন, ইন্দ্ৰিয় আৰু শৰীৰ নিয়ন্ত্ৰণত নাথাকে তেওঁলোক নিজেই নিজৰ শত্ৰু, কাৰণ তেওঁৰ আত্ম সংযমৰ অভাৱে কেতিয়াবা তেওঁক বহুত বিপদত পেলায়”। ককাকে ক’লে।

“ককা, মন, ইন্দ্ৰিয় আৰু শৰীৰ একেলগে সকলোকে কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি”? নীলে সুধিলে।

“আচলতে মনক নিয়ন্ত্ৰণ কৰাটো আটাইতকৈ কঠিন কাম। কাৰণ মনেহে ইন্দ্ৰিয় আৰু শৰীৰক চলায়। সেয়েহে মনক বান্ধিব পাৰিলে ইন্দ্ৰিয় আৰু শৰীৰক নিয়ন্ত্ৰণ কৰাটো সহজ হৈ পৰে। সেই কাৰণে আমি মন আৰু চিন্তাক সংযমেৰে বান্ধিব লাগে। যি মানুহে নিজকে সংযমেৰে বান্ধিব পাৰে, তেওঁৰ বাবে সুখ দুখ, মান অপমান, প্ৰাপ্তি অপ্ৰাপ্তি, ভাল মানুহ বেয়া মানুহ সকলো একে হৈ পৰে। যিকোনো পৰিস্থিতিতে তেওঁ সদায় প্ৰসন্ন চিত্তেৰে, হাঁহি মুখেৰে বাস কৰে”।

“কিন্তু ককা, ভাল মানুহ আৰু বেয়া মানুহৰ পাৰ্থক্যতো থাকিবই। সকলো কেনেদৰে একে হৈ পৰিব”? অভিয়ে সুধিলে।

“ভগবানে কৈছে যে আত্ম সংযমী মানুহে নিজৰ শত্ৰু - মিত্ৰ, ধনী - দুখীয়া, মৰমৰ পাত্ৰ -  ঘৃণাৰ পাত্ৰ, সাধু - পাপী সকলোকে একে দৃষ্টিৰে চায়। সকলোকে সমদৃষ্টিৰে গ্ৰহণ কৰিব জনা জনহে ভগবানৰ প্ৰিয়পাত্ৰ হয়” ককাকে বুজাই দিলে।

“ককা, সকলোকে একে দৃষ্টিৰে চোৱাটো কেনেকৈ সম্ভৱ। সকলোৰে বাবে একে ভাৱনা মানুহৰ মনত হ’ব পাৰেনে? মানুহৰ ভাল লগা, বেয়া লগা এইবোৰ কেনেদৰে নাইকীয়া হ’ব পাৰে”? নীলে সুধিলে।
“সকলোকে একে দৃষ্টিৰে চোৱাটো সম্ভৱ হয় মনক কঠোৰ ভাৱে নিয়ন্ত্ৰণ কৰিব পৰা জনৰ বাবেহে।

গীতাৰ ষষ্ঠ অধ্যায়ত ১০ নং শ্লোকত ভগবান শ্ৰীকৃষ্ণই কৈছে –

‘যোগী যুঞ্জিতা সৎ আত্মাত্মানং ৰহসি স্থিত:
একাকী যতচিত্তাত্মা নিৰাশিৰ পৰিগ্ৰহ’ ।।

এই শ্লোকটোৰ অৰ্থ হ’ল আত্ম সংযম লাভ কৰিবলৈ হ’লে মানুহে মন, ইন্দ্ৰিয় আৰু শৰীৰক নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰিব লাগিব কঠোৰ অভ্যাসৰ দ্বাৰাহে লাহে লাহে নিয়ন্ত্ৰণ অৰ্জন কৰিব পৰা যায়। তেনে হ’বলৈ হ’লে মানুহে নিজৰ বাবে একো ফল লাভৰ আশা নকৰাকৈ, ইন্দ্ৰিয় সমূহক বশ কৰি, মনৰ সকলো চিন্তা ত্যাগ কৰি একান্ত মনে ধ্যান কৰিব লাগিব। মই তহঁতক যে ধ্যান কৰিবলৈ শিকাইছিলোঁ, সেই ধ্যানেই হ’ল আত্ম সংযমৰ অতি উপযোগী উপায়তহঁতে যদি একাগ্ৰ চিত্তে সদায় ৰাতিপুৱা আৰু সন্ধিয়া কিছু সময় ধ্যান কৰিব পাৰ, তহঁতেও লাহে লাহে আত্ম সংযম লাভ কৰিব পাৰিবি”। ককাকে বুজনিৰ সুৰত ক’লে।

“আমিয়ো ধ্যান কৰাৰ অভ্যাস কৰিছোঁ ককা। কিন্তু আমি দেখোন এতিয়ালৈ সকলোকে একে দৃষ্টিৰে চাব পৰা হোৱা নাই”। অভিয়ে প্ৰশ্ন কৰিলে।

“আত্ম সংযম দুই এদিনতে লাভ কৰা নাযায়। ইয়াৰ বাবে বহুদিনৰ সাধনা লাগিব। ঋষি মুনি সকলক তপস্যা কৰি থকা দেখিছনে? তেওঁলোকে মনক নিয়ন্ত্ৰণ কৰি আত্ম সংযম লাভ কৰিবৰ বাবেই এনেদৰে বছৰ বছৰ ধৰি তপস্যা কৰে।  তেওঁলোকে নিজৰ শৰীৰ, মূৰ আৰু ডিঙি পোন আৰু স্থিৰ কৰি, নাকৰ আগটোত চকু স্থিৰ কৰি বহু দিন, বহু সময় জুৰি বহি থাকে। তেওঁলোকে চেষ্টা কৰে যাতে ধ্যানৰ সময়ত  আন কোনো কথাই মনলৈ নাহে, কোনো শব্দ বা কোনো দৃশ্যই তেওঁলোকৰ মন বিচলিত কৰিব নোৱাৰে। যিদৰে চাকিৰ শিখা বতাহ নহ’লে অলপো লৰচৰ নকৰে, সেইদৰে ধ্যানৰ দ্বাৰা আত্ম সংযম লাভ কৰা যোগী সকলৰ মন অলপো লৰচৰ নোহোৱাকৈ স্থিৰ হৈ থাকে। এনেদৰে স্থিৰ হৈ, ভয়হীন হৈ, চিন্তাশূন্য হৈ, অতি শান্ত মনৰ গৰাকী হৈ ঋষি মুনি বা যোগী সকলে মনে প্ৰাণে পৰম আনন্দ লাভ কৰে কৰে। তেনে অৱস্থাত ভগবানৰ ওচৰত নিজকে সমৰ্পন কৰি তেওঁলোকে পৰম শান্তি লাভ কৰে”। ককাকে ক’লে।

“ককা, আত্ম সংযম লাভ কৰিবৰ বাবে আমিও ঋষি মুনি হ’ব লাগিব নেকি”? ৰাণীয়ে সুধিলে।

ককাকে হাঁহিলে। “আত্ম সংযম লাভ কৰিবলৈ আমি ঋষি মুনি হোৱাৰ প্ৰয়োজন নাই। আমি মাথোন দিনৰ কিছু সময় ধ্যান কৰিলেই যথেষ্ট। আমি কেৱল নিজৰ কৰিবলগীয়া সকলো কাম নিয়াৰিকৈ, সম্পূৰ্ণ সমৰ্পনেৰে কৰিব লাগিব। সময় কেতিয়াও অপব্যয় কৰিব নালাগিব। ক্ষন্তেকীয়া আমোদ প্ৰমোদ পৰুহাৰ কৰিব লাগিব। লগতে আমাৰ আহাৰ আৰু নিদ্ৰাও সুপৰিমিত হ’ব লাগিব। অতি বেছি বা অতি কম খোৱা আৰু শোৱা দুয়োটাই আত্ম সংযমৰ বাবে অনিষ্টকৰ। শ্ৰীকৃষ্ণই গীতাৰ ষষ্ঠ অধ্যায়ৰ ১৩ নং শ্লোকত অৰ্জুনক কৈছে –

যুক্ত আহাৰ বিহাৰস্য যুক্ত চেষ্টস্য কৰ্মসু।
যুক্ত স্বপ্ৰাবধোস্য যোগো ভৱতি দু:খহা।।

অৰ্থাৎ যি মানুহে দৈনিক কিছু সময় ধ্যান বা যোগাভ্যাস কৰে, যথাযোগ্য আহাৰ আৰু বিশ্ৰাম কৰে, সদায় নিজৰ কাম নিয়াৰিকৈ কৰিবলৈ সচেষ্ট হয়, টোপনি ক্ষতি নকৰে, তেওঁলোকেই সিদ্ধি  লাভ কৰিব পাৰে”। ককাকে ক’লে।

“সিদ্ধি লাভ কৰা মানে কি ককা”? প্ৰীতিয়ে সুধিলে।

“সিদ্ধিৰ বিষয়ে মই তহঁতক আগতেও কৈছোঁ। সিদ্ধি মানে হ’ল মনৰ এনে এটা অৱস্থা, যিটো অৱস্থাত সকলো সময়তে আনন্দ অনুভৱ কৰিব পাৰি। আমি ইন্দ্ৰিয়ৰ দ্বাৰা যি আনন্দ অনুভৱ কৰোঁ সেই আনন্দ ক্ষন্তেকীয়া। কিন্তু যি মানুহে সম্পূৰ্ণ আত্ম সংযম লাভ কৰিব পাৰিছে, যি মানুহে নিজৰ মাজতেই ভগবানৰ অস্তিত্ব অনুভৱ কৰিব পাৰিছে, তেওঁৰ বাবে জীৱনৰ প্ৰতিটো পলেই আনন্দময়। তেনে মানুহে জীৱনত বহুত কিবা কিবি লাভ কৰিলেও প্ৰাপ্তিৰ আনন্দত মতলীয়া নহয়। সেইদৰে জীৱনত বহুত কিবা কিবি হেৰুৱালেও মনৰ আনন্দৰ পৰা বঞ্চিত নহয়। মনৰ এনে অৱস্থাকে সিদ্ধি লাভ কৰা বুলি কোৱা হয়”। ককাকে ক’লে।

“ককা, আমিও কেতিয়াবা সিদ্ধি লাভ কৰিব পাৰিমনে”? ৰাণীয়ে সুধিলে।

“সিদ্ধি লাভ কৰাই আমাৰ জীৱনৰ উদ্দেশ্য হ’ব লাগেকিন্তু ইয়াক সহজতে লাভ কৰা নাযায়। আমি কেৱল সকলো সময়তে চেষ্টাহে কৰি থাকিব লাগিব। যেতিয়াই মন চঞ্চল আৰু অস্থিৰ হয়, তেতিয়াই আমি সাৱধান হৈ মন শান্ত কৰিবলৈ যত্ন কৰিব লাগিব। আমি পুৱা গধূলি কিছু সময় ধ্যান কৰি আমাৰ মনৰ শক্তি বৃদ্ধি কৰিব লাগিব। এনেদৰেই লাহে লাহে আমাৰ বুদ্ধি স্থিৰ হয়, মন শান্ত হয় আৰু অপ্ৰয়োজনীয় চিন্তাৰ পৰা মন মুক্ত হয়”। ককাকে ক’লে।

“অপ্ৰয়োজনীয় চিন্তা মানে কি ককা”? ৰাণীয়ে সুধিলে।

“যিবোৰ চিন্তাই আমাৰ ইন্দ্ৰিয়বোৰক সক্ৰ্ৰিয় কৰি তোলে, যিবোৰ চিন্তাই আমাৰ মন আৰু মগজু উত্তেজিত কৰে, যিবোৰ চিন্তাই আমাক ভীতিগ্ৰস্থ কৰে, যিবোৰ চিন্তাই আমাক হিংসুক বা অহংকাৰী কৰে সেইবোৰেই অপ্ৰয়োজনীয় চিন্তা। এনে অপ্ৰয়োজনীয় চিন্তাবোৰৰ বাবে আমি মনত বৰ কষ্ট পাওঁ। এই চিন্তাবোৰ মনৰ পৰা দূৰ কৰিব পাৰিলেহে মনত সদায় আনন্দ থাকিব আৰু আমি সুখী হ’ব পাৰিম। অপ্ৰয়োজনীয় চিন্তাবোৰ বিষাক্ত পোকৰ দৰে। এই চিন্তাবোৰে আমাক বেয়া কাম বা পাপ কাম কৰিবলৈ উত্সাহিত কৰে। এনে চিন্তা নাথাকিলে আমাৰ মনত পাপ ভাৱো নাথাকিব। মনত পাপ ভাৱ নথকা মানুহৰ আত্মা অতি পৱিত্ৰ হয় আৰু তেওঁলোকে ঈশ্বৰৰ কৃপা লাভ কৰে। তেনে মানুহে সকলো জীৱ আৰু পাৰ্থিৱ বস্তুৰ মাজতেই ঈশ্বৰক বিচাৰি পায়। তেওঁলোকে আনৰ সুখ দুখক নিজৰ দুখ সুখ বুলি ভাবে। তেনে মানুহেই ভগবানৰ অতি প্ৰিয়পাত্ৰ হয়”। ককাকে ক’লে।

আমাৰ মন অপ্ৰয়োজনীয় চিন্তাৰ পৰা মুক্ত হ’লে আমাৰ কি লাভ হ’ব ককা?” প্ৰীতিয়ে সুধিলে।

“গীতাত ভগবান শ্ৰীকৃষ্ণই কৈছে, যি মানুহে একাগ্ৰভাৱে স্থিৰ হৈ ঈশ্বৰৰ আৰাধনা কৰে, সকলো জীৱৰ মাজত ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰে, আনৰ আৰু নিজৰ সুখ দুখ একেধৰণে অনুভৱ কৰে সেই সকল মানুহে জীৱনত কেতিয়াও কষ্ট অনুভৱ নকৰে। ইয়াৰ কাৰণ হ’ল তেওঁলোকৰ মনত অপ্ৰয়োজনীয় চিন্তাই বাহ ল’ব নোৱাৰে। তেওঁলোকে মনত পৰম শান্তি অনুভৱ কৰে”।

“ককা, আমাৰ মনত সকলো সময়ত কিবা নহয় কিবা চিন্তাচোন আহিয়েই থাকে। আমাৰ মন প্ৰায়েই চঞ্চল হয়। আমি মনক অপ্ৰয়োজনীয় চিন্তাৰ পৰা আঁতৰত ৰাখিবলৈ কি কৰিব লাগিব”? নীলে সুধিলে।
“অৰ্জুনেও শ্ৰীকৃষ্ণক একেটা প্ৰশ্নই কৰিছিল। তেতিয়া শ্ৰীকৃষ্ণই কৈছিল যে মনক বশ কৰিবলৈ হ’লে নিৰন্তৰ প্ৰয়াস কৰিব লাগে আৰু মনলৈ ত্যাগ আৰু বৈৰাগ্যৰ ভাৱ আনিব লাগে। মনক বশ কৰিব নোৱাৰিলে ধ্যান বা যোগ কৰিব নোৱাৰি। মন চঞ্চল, অতি বলবান, বৰ দৃঢ়। মহাপুৰুষ মাধৱদেৱেও নামঘোষাত এই বুলি লিখিছে -

মহা বলৱন্ত দুৰ্বাসনা ঘোৰ হৰি এ আমাৰ মনক তেজিয়া দূৰ ন যায় ৰাম ৰাম।।

অৰ্থাৎ আমাৰ দুৰ্বাসনা বা দু:চিন্তাবোৰ অতি বলবান। সেইবোৰে আমাৰ মন এৰি সহজতে দূৰলৈ নাযায়। কিন্তু  মানুহে দৃঢ়তাৰে বাৰম্বাৰ চেষ্টা কৰি কৰি মনক বশ কৰিবলৈ সক্ষম হয়। সেয়েহে তহঁতেও খুব দৃঢ়মনা হৈ মনৰ পৰা অপ্ৰয়োজনীয় চিন্তাবোৰ দূৰ কৰিবলৈ সদায় প্ৰয়াস কৰিবি”। ককাকে ক’লে।

“ককা, মই এটা কথা সোধোঁ। যিবিলাক সাধক বা যোগীয়ে বহু কষ্ট কৰিও সাধনাত সিদ্ধি লাভ কৰিব নোৱাৰে সেইবিলাক মানুহৰ কি হয়? তেওঁলোকে ভগবানক পোৱাৰ আনন্দ আৰু পাৰ্থিৱ আনন্দ দুয়োবিধৰ পৰা বঞ্চিত হয় নেকি”? নীলে সুধিলে।

“তই একেবাৰে উচিত কথাই সুধিছ নীল। একেটা কথাই অৰ্জুনেও শ্ৰীকৃষ্ণক সুধিছিল। পৰীক্ষাত স্থান পোৱাৰ আশাত সকলোৱে কষ্ট কৰে, পঢ়া শুনা কৰে। তাৰে কেইজনমানেহে স্থান লাভ কৰে। তেনেহ’লে স্থান লাভ কৰিব নোৱৰা সকলৰ চেষ্টা অথলে যাব নেকি? কেতিয়াও নাযায়। তেওঁৰ চেষ্টাৰ ফলত যিখিনি জ্ঞান অৰ্জন কৰিলে সেইখিনিৰ পৰা তেওঁক কোনেও বঞ্চিত কৰিব নোৱাৰে। গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক বুজাইছে যে মানুহৰ ধ্যান বা সাধনা কেতিয়াও অথলে নাযায়। তেওঁলোকৰ কষ্টৰ ফল কেতিয়াও বিনাশ নহয়সিদ্ধি লাভত সফল হ’ব নোৱৰা যোগী সকলে কোনোবা জ্ঞানী যোগীৰ পৱিত্ৰ ঘৰতেই পুনৰ জনম লাভ কৰেতেওঁলোকৰ পূৰ্বৰ জনমত আৰ্জিত জ্ঞানে নতুন জীৱনত পূৰ্ণতা লাভ কৰে। আগৰ জনমৰ আধ্যাত্মিক জ্ঞান আৰু যোগাভ্যাসৰ বলত তেওঁলোক স্বয়ং ক্ৰিয় ভাৱে ভগৱানৰ প্ৰতি আকৰ্ষিত হয়। বেদৰ সকলো জ্ঞান লাভ কৰি, মনক সম্পূৰ্ণকৈ নিয়ন্ত্ৰণ কৰি তেওঁলোক সকলো পাপৰ পৰা মুক্ত হয় আৰু সিদ্ধি লাভ কৰে”।

“ককা, আমি তাৰ কাৰণে কি কৰিব লাগিব”? প্ৰীতিয়ে সুধিলে।

“তহঁতে সদায় মনক শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিবি। কোনো কথাতে মন যাতে উত্তেজিত নহয় তাৰ বাবে প্ৰয়াস কৰিবি। সদায় ধ্যান কৰি মনক বশ কৰিবলৈ চেষ্টা কৰিবি। আনৰ বাবে ত্যাগ আৰু নিজৰ বাবে বৈৰাগ্যৰ ভাৱনা মনলৈ আনিবলৈ চাবি। মনক জয় কৰিব পাৰিলে যিকোনো কামতে তহঁতে সহজেই সফল হ’ব পাৰিবি। যিবিলাক মানুহে মনক জয় কৰিব পাৰিছে, তেওঁলোকৰ স্থান আন সকলো মানুহতকৈ ওপৰত। তেনে মানুহৰ স্থান আনকি আমি জ্ঞানী বুলি সমীহ কৰা লোক সকলতকৈও ওপৰত। গীতাত ভগৱানে অৰ্জুনকো তেনে এজন মানুহ হ’বলৈ উপদেশ দিছে”। ককাকে ক’লে।

“ককা আমি সদায় ধ্যান কৰিলে মনক জয় কৰিব পাৰিমনে”? ৰানীয়ে সুধিলে।

“নিশ্চয় পাৰিবি। মনক জয় কৰিবলৈ ধ্যানেই একমাত্ৰ পথ। তহঁতক মই ধ্যান কৰিবলৈ শিকাইছিলোঁ নহয়নে? সদায় নিয়মীয়াকৈ ধ্যান কৰিবি। ধ্যানৰ সময়খিনিত মনলৈ যাতে অপ্ৰয়োজনীয় চিন্তা নাহে তাৰ বাবে চেষ্টা কৰিবি। এনেদৰে সদায় চেষ্টা কৰি থাকিলে এদিন নহয় এদিন তহঁতেও মনক সম্পূৰ্ণ জয় কৰি বিমল আনন্দ লাভ কৰিব পাৰিবি। আজিলৈ ইমানতে সামৰিছোঁ। তহঁতে মই কোৱা কথাবোৰ মনত ৰাখিবি”। ককাকে ক’লে।


“হ’ব ককা”। আটাইকেইটা ল’ৰা ছোৱালীয়ে একেলগে মাত দিলে। 



পঞ্চম অধ্যায়: কৰ্ম-সন্যাস যোগ

(পঞ্চম অধ্যায়: কৰ্ম-সন্যাস যোগ)

ধ্যানৰ মহিমা

আবেলি খেলা ধুলা কৰি  হাত ভৰি ধুই ল’ৰা ছোৱালী কেইটাৰ ককাকৰ ওচৰলৈ যোৱাটো অভ্যাস হৈ পৰিছে। মাক হঁতেও লক্ষ কৰিছে, ককাকৰ পৰা গীতাৰ মৌৰস পান কৰিবলৈ আৰম্ভ কৰাৰ পৰা ল’ৰা ছোৱালীকেটাই বহুতো কথা বুজি পোৱা হৈছে। সন্ধিয়া পঢ়া শুনা কৰাৰ আগতে প্ৰাৰ্থনা কৰিবলৈ এতিয়া আৰু সিহঁতক ক’ব নালাগে।

ককাকেও আগ্ৰহেৰে সন্ধিয়াৰ এই সময়কণলৈ ৰৈ থাকে। তেওঁ সিহঁতক ক’ব লগীয়া গীতাৰ কথাখিনি জুকিয়াই লয়। গীতাৰ কথাবোৰ বুজি পাবলৈ পুৰঠ মনৰ দৰকাৰ হয়। কিন্তু তেওঁ ভাবে গীতাৰ কথাবোৰে ল’ৰা ছোৱালীহঁতৰ মনবোৰ পুৰঠ কৰিবলৈ সহায় কৰে।

চাৰিওটা ল’ৰা ছোৱালীক কাষত বহুৱাই লৈ ককাকে ক’লে, “আমি যে যোৱাবাৰ জ্ঞান – সন্যাস - কৰ্মফলৰ কথা পাতিছিলোঁ, তহঁতে আটায়ে কথাখিনি ভালদৰে বুজিব পাৰিলিনে”?

“ককা, এটা কথা মই বুজি পোৱা নাই। শ্ৰীকৃষ্ণই অৰ্জুনক এহাতে কৈছে যে নিজৰ সকলো কাম ভগৱানৰ নামত অৰ্পন কৰিব লাগে, আনহাতে কৈছে যে যিকোনো পৰিস্থিতিতে নিজৰ কামত মগ্ন হৈ থাকিব লাগে। এজন মানুহে ভগৱানৰ কথা ভাবিব নে নিজৰ কামৰ কথা ভাবিব”? নীলে সুধিলে।

“তই একেবাৰে সঠিক প্ৰশ্ন কৰিছ। এই একেধৰণৰ প্ৰশ্নই অৰ্জুনেও শ্ৰীকৃষ্ণক কৰিছিল। অৰ্জুনে সুধিছিল, ভগৱানৰ নামত সকলো কৰ্ম অৰ্পন কৰি সন্যাসী হৈ বহি থকাটো ভাল নে নিজৰ কামত বিভোৰ হৈ কাম কৰি থকাটো ভাল”। ককাকে ক’লে।

“শ্ৰীকৃষ্ণই কি উত্তৰ দিলে ককা”, ৰাণীয়ে সুধিলে।

“শ্ৰীকৃষ্ণই ক’লে যে ভগৱানৰ নামত সকলো অৰ্পন কৰি সন্যাসী হৈ যি ফল পাব পাৰি নিজৰ কামত আত্ম বিভোৰ হৈ থাকিও সেই একেও ফল পাব পাৰি। কিন্তু শ্ৰীকৃষ্ণই এইবুলিও কৈছে যে সকলো কাম বন এৰি সন্যাসী হোৱাতকৈ নিজৰ সমস্ত ধ্যান আৰু মনোযোগ সহকাৰে কামত মগন হৈ থকাটো বেছি ভাল”। ককাকে ক’লে।

“ককা, আমি যে বাটে ঘাটে গেৰুৱা কাপোৰ পিন্ধা, দীঘল দাঢ়ি চুলি থকা মানুহবোৰ দেখোঁ, সেইবোৰেই সন্যাসী নেকি”? প্ৰীতিয়ে সুধিলে।

“অকল গেৰুৱা কাপোৰ পিন্ধিলেই বা দাঢ়ি চুলি দীঘলকৈ ৰাখিলেই মানুহ সন্যাসী হ’ব নোৱাৰে। শ্ৰীকৃষ্ণই সন্যাসী কোন হয় সেই কথাও গীতাত বুজাই দিছে। যিবোৰ মানুহে সদায় আনৰ উপকাৰ কৰাৰ বাবেই কাম কৰে, যিবোৰ মানুহৰ মনত আন কোনো মানুহৰ প্ৰতি ঘৃণাৰ ভাৱ নাই, যিবোৰ মানুহে নিজৰ কামৰ পৰা একো ফল নিবিচৰাকৈ নিতৌ কাম কৰি থাকে, তেওঁলোকহে প্ৰকৃত সন্যাসী। তেওঁলোক সকলো প্ৰকাৰৰ বন্ধনৰ পৰা মুক্ত হৈ পৰম আনন্দময় জীৱন যাপন কৰে”। ককাকে ক’লে।
“তেনেহ’লে ককা, আমি সকলোৱে সন্যাসী হোৱাটোৱেই ভাল নেকি”? ৰাণীয়ে সুধিলে। ৰাণীৰ কথাত বাকী কেইটা ল’ৰা ছোৱালীয়ে হাঁহিলে।

“শ্ৰীকৃষ্ণই কৈছে, মানুহে সন্যাস আৰু জ্ঞানৰ দ্বাৰা যিখিনি পাব পাৰে, সেই একেখিনিয়েই নিজৰ কামত মগন হৈ থাকিও পাব পাৰে। সেই কাৰনে নিজৰ কামত নিমগ্ন লোকক কৰ্মযোগী বোলা হয়। তেওঁলোকে কৰ্মকে যোগ বা প্ৰাৰ্থনা হিচাপে গণ্য কৰে। মহাত্মা গান্ধী এনে এগৰাকী কৰ্মযোগী আছিল। কিছুমান মানুহে ভাবে যে সকলো কাম এৰি অকল ভগৱানৰ পূজা সেৱা কৰিলেহে মানুহে ভগৱানক পাব পাৰি। কিন্তু এয়া সঁচা নহয়। নিজৰ কাম নিয়াৰিকৈ কৰাটোও ভগৱানৰেই প্ৰাৰ্থনা। আকৌ, ভগৱানৰ পূজা সেৱাও যদি সম্পূৰ্ণ ভক্তি আৰু সমৰ্পনৰ মনোভাৱেৰে কৰা নহয়, তেনে পূজাও আচলতে নিৰৰ্থক”ককাকে বুজাই দিলে।

“ককা, ভগৱানে আচলতে কেনে মানুহক ভাল পায়”? ৰাণীয়ে সুধিলে।

“যি মানুহে নিজৰ কৰ্তব্যকে ভগবানৰ ওচৰত পূজা - সেৱা বুলি গণ্য কৰি ভালদৰে নিজৰ কাম কৰি যায়, যি মানুহৰ অন্তৰ শুদ্ধ, যি মানুহে নিজকে আৰু নিজৰ ইন্দ্ৰিয় সমূহ নিয়ন্ত্ৰণ কৰিব পাৰে, যি মানুহে নিজৰ মাজত আৰু আন সকলো প্ৰাণীৰ মাজত ভগৱানৰ অস্তিত্ব বিচাৰি পায়, তেনে মানুহকে ভগৱানে ভাল পায়। তেনে মানুহৰ অন্তৰত ভগৱানে স্থিতি লয়। তেনে মানুহে আনকি চকুৰে দেখোঁতে, কাণেৰে শুনোতে, হাতেৰে ষ্পৰ্শ কৰোঁতে, খাওঁতে, ক’ৰবালৈ যাওঁতে, টোপনি যাওতে আনকি উশাহ নিশাহ লোৱাৰ সময়তো ভগৱানৰ অস্তিত্ব নিজৰ মাজত অনুভৱ কৰে। তেওঁ নিজে একো নকৰে, ভগৱানেহে তেওঁৰ হতুৱাই কাম কৰোৱায়”। ককাকে ক’লে।

“ককা, ভগৱানে মানুহৰ হতুৱাই কেনেকৈ কাম কৰোৱায়। এয়া কেনেদৰে সম্ভৱ”? অভিয়ে সুধিলে।

ককাকে হাঁহি মাৰি ক’লে, “আমি যদি সকলো কাম ভগৱানৰ ইচ্ছা মতেহে সম্পন্ন হয় বুলি বিশ্বাস কৰিব পাৰোঁ, আমি কৰা যিকোনো কাম ভগৱানেহে আমাৰ দ্বাৰা কৰোৱায় বুলি ভাবিব পাৰোঁ, তেতিয়া আমি  নিজেই অনুভৱ কৰিব পাৰিম যে আমি কৰা প্ৰতিটো কামেই ভগবানে আমাৰ দ্বাৰা কৰোৱাইছে। আমি নিজৰ কাম সম্পূৰ্ণ নিস্থাৰে কৰি যাম। কিন্তু সেই কাম প্ৰকৃতিৰ কিছুমান নিয়মৰ অধীনত ভগৱানৰ দ্বাৰাহে সম্পন্ন হৈছে বুলি অন্তৰত বিশ্বাস ৰাখিব পাৰোঁ। তেনে বিশ্বাস ৰাখিব পৰা মানুহৰ হতুৱাই ভগৱানে কাম কৰোৱায়”।

“কিন্তু ককা, তেনেহ’লে মানুহে বেয়া কাম, পাপ কাম কৰিলেও সেই কাম ভগৱানে কৰোৱা বুলি ভাবিব নেকি”? নীলে আচৰিত হৈ সুধিলে।

“যি মানুহে তেওঁৰ সকলো কৰ্ম ভগৱানৰ নামত সমৰ্পন কৰে, তেওঁ সকলো প্ৰকাৰৰ আসক্তি আৰু কৰ্ম ফলৰ পৰা মুক্তি পায়। সেই কাৰ্য তেতিয়া আৰু বেয়া কাম বা পাপ হৈ নাথাকে। পাপ পুন্য মানুহে নিজে সৃষ্টি কৰা বিচাৰ। ভগৱানৰ দৃষ্টিত ভগৱানৰ নামত সমৰ্পিত সকলো কামেই পুন্যৰ কাম। তেনে কাম মানুহৰ দৃষ্টিত পাপ হ’লেও সেই পাপৰ ফল কৰ্তাজনে কেতিয়াও ভোগ কৰিব লগীয়া নহয়”। ককাকে ক’লে।

“তেনেহ’লে ককা, দুষ্ট লোক সকলে দেখোন নিজে কৰা পাপ সমূহকো ভগৱানৰ নামত সমৰ্পিত কৰি সেয়া পুন্যৰ কাম কৰা বুলি ভাবিব। বহুতো এনে ধাৰ্মিক মানুহ আছে যিবোৰে ভগৱানৰ নামত এনে পাপ কাম কৰি আছে। এয়াতো ভাল কথা নহয় ককা”। অভিয়ে ক’লে।

“আমি তাতেই ভুল কৰোঁ। এজন মানুহে ভগৱানৰ নামত সমৰ্পন কৰিলেই সেই কাম যে ভগৱানে গ্ৰহণ কৰিব সেয়াও সত্য নহয়। ভগৱানে এনে কামহে গ্ৰহণ কৰে যিবোৰ কাম কৰোঁতে মানুহে কোনো ফলৰ আশা  নকৰে আৰু যিবোৰ কামৰ দ্বাৰা সমগ্ৰ মানৱ জাতিৰ উপকাৰ আৰু কল্যাণ হয়যিবোৰ মানুহে নিজৰ ইন্দ্ৰিয় সমুহ দমন কৰিব পাৰিছে, যিবোৰ মানুহে সকলো পাৰ্থিৱ বস্তুৰ প্ৰতি মায়া মোহ ত্যাগ কৰিব পাৰিছে, যি সকলে ফল লাভৰ আসক্তিত কাম নকৰে বা আনৰ দ্বাৰাও নকৰোৱায়, তেনে মানুহৰ কামহে ভগবানে গ্ৰহণ কৰেসেয়েহে ভগৱানৰ নামত উচৰ্গা কৰা প্ৰতিটো কামেই হ’ব লাগিব পৱিত্ৰ, নিষ্কাম, আসক্তি ৰহিত আৰু পৰোপকাৰী”

“ককা, তাৰমানে ভগৱানে আমাক ভাল পালেহে আমাৰ কাম গ্ৰহণ কৰিব নহয়নে”? ৰাণীয়ে সুধিলে।

“ভগৱানে আমাক সদায় ভাল পায়, কাৰণ ভগবান আমাৰ সৃষ্টিকৰ্তাকিন্তু আমি আমাৰ কিছুমান কামেৰে ভগৱানক প্ৰায়ে অসন্তুষ্ট কৰি থাকোঁ। আমি কেৱল ভাল কামেৰেহে ভগৱানৰ ওচৰ চাপিব পাৰোঁ। সেই ভাল কামেই হ’ল জ্ঞান আৰু কৰ্মৰ সাধনা। আগতেও আমি জ্ঞান আৰু কৰ্মৰ সাধনাৰ কথা পাতিছোঁ। দুয়োবিধ সাধনাতে ভগৱানৰ প্ৰতি অটল বিশ্বাস ৰাখিব লাগিব, ভগৱানৰ চৰণত নিজকে সমৰ্পন কৰি আগবাঢ়িব লাগিব। তেতিয়াহে আমি ভগৱানে ভাল পোৱা কাম কৰিব পাৰিম”।

“কিন্তু ককা, মানুহে সদায় ভগৱানে ভাল পোৱা কাম কিয় নকৰে”? প্ৰীতিয়ে সুধিলে।

“কাৰণ মানুহে ভগৱানৰ অস্তিত্বৰ কথা পাহৰি থাকে। মানুহে বিপদত পৰিলেহে ভগৱানৰ নাম লয়। আমি যদি সদায় অনুভৱ কৰোঁ যে আমি কৰা প্ৰতিটো কাম ভগৱানৰ উদ্দেশ্যেহে কৰা উচিত, আমি কেতিয়াও বেয়া কাম নকৰোঁ। ভগৱানে কেতিয়াও মানুহক কোনো কাম কৰিবলৈ বাধ্য নকৰে, কোনো কামৰ কৰ্মফলো মানুহৰ ওপৰত জাপি নিদিয়ে। কিন্তু কাম আৰু কৰ্মফলৰ সংযোগ এক স্বাভাৱিক প্ৰক্ৰিয়া।

গীতাৰ পঞ্চম অধ্যায়ৰ শ্লোক নং ১৪ত শ্ৰীকৃষ্ণই কৈছে –

ন কৰ্তৃত্বং ন কৰ্মাণি লোকস্য সৃজতি প্ৰভূ।
ন কৰ্মফল সংযোগং স্বভাৱস্তু প্ৰৱৰ্ততে।।

এই শ্লোকটোত কোৱা হৈছে যে ভগৱানে মানুহক কোনো কাম কৰিবলৈ বাধ্য নকৰে। কাম আৰু কৰ্মফলৰ সংযোগো ভগৱানে নিৰূপন নকৰে। এই সকলোবোৰ স্বাভাৱিক ভাৱে সম্পন্ন হয়”। ককাকে ক’লে।

“ককা, তুমি চোন কৈছিলা, ভগৱানৰ ওচৰত সমৰ্পিত হৈ কাম কৰিলে মানুহে কৰ্মফলৰ পৰা মুক্তি পায়যদি কৰ্ম আৰু কৰ্মফল স্বাভাৱিক ভাৱেই হয়, তেনেহ’লে ভগৱানৰ ওচৰত সমৰ্পিত হৈ কাম কৰিলে সেই ফল ভগৱানৰ ওচৰলৈহে যায় নেকি”? অভিয়ে সুধিলে।

“এইটো বৰ ভাল প্ৰশ্ন কৰিলি। গীতাত ষ্পষ্টকৈ কোৱা হৈছে যে ভগৱানে কোনো মানুহৰ পাপ বা পুণ্যৰ ফল গ্ৰহণ নকৰে। কৰ্মফল স্বাভাৱিক প্ৰক্ৰিয়াত কৰ্ম কৰা জনেই পাব। কিন্তু গীতাৰ জ্ঞানৰ সহায়ত মানুহে এই কৰ্মফলৰ প্ৰভাৱৰ পৰা নিজকে মুক্ত কৰিব পাৰে। জ্ঞানী মানুহে কৰ্মফল হাঁহিমুখে গ্ৰহণ কৰে আৰু কোনো পৰিস্থিতিতে বিচলিত নহয়। যিকোনো পৰিস্থিতিতে নিজৰ মানসিক অৱস্থা নিয়ন্ত্ৰণত ৰাখিব পাৰিলেই মানুহে কৰ্মফলৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব পাৰে”। ককাকে বুজাই দিলে।

“কথাটো ভালদৰে বুজাই দিয়াচোন ককা”, প্ৰীতিয়ে ক’লে।

“মই এটা উদাহৰণ দিছোঁ। এজন ছাত্ৰই পৰীক্ষা দিয়াটো তেওঁৰ কৰ্ম। সেয়েহে নিস্থাৰে পঢ়া শুনা কৰি এই কৰ্ম তেওঁ ভগৱানৰ ওচৰত সমৰ্পন কৰা উচিত। ভগৱানৰ ওচৰত নিজৰ কৰ্ম সমৰ্পন কৰিলেও এদিন সেই পৰীক্ষাটোৰ ফলাফল ওলাবইযি ছাত্ৰই ভগৱানৰ ওচৰত সমৰ্পিত হৈ পৰীক্ষা দিয়ে, তেওঁ যিকোনো ফলাফল হাঁহিমুখে স্বীকাৰ কৰি ল’ব পাৰে। পৰীক্ষাৰ ফলাফলে তেওঁক বিচলিত কৰিব নোৱাৰে, কাৰণ তেওঁ বিশ্বাস কৰে যে কৰ্মহে তেওঁৰ নিয়ন্ত্ৰণত থাকে, ফলাফল নহয়”। ককাকে ক’লে।
“ককা, তুমি যে কৈছা জ্ঞানী মানুহে কৰ্মফল হাঁহিমুখে গ্ৰহণ কৰে, কোনবোৰ মানুহকনো আমি জ্ঞানী মানুহ বুলি ক’ম”? ৰাণীয়ে সুধিলে।

“যিবোৰ মানুহে শিক্ষিত অশিক্ষিত, ধনী দুখীয়া, জ্ঞানী অজ্ঞানী সকলোকে সমান দৃষ্টিৰে চায়, যি মানুহে কুকুৰ, শিয়াল, গাধ আদিৰ মাজতো ভগৱান দেখা পায়, সেইবোৰ মানুহেই জ্ঞানী, কাৰণ তেওঁলোকে বুজি পায় যে আত্মা সকলোৰে একে। সেয়ে মহাপুৰুষ শংকৰদৱেও লিখিছে –

কুক্কুৰ শৃগাল গদৰ্ভৰো আত্মা ৰাম।
জানিয়া সবাকো কৰিবা প্ৰনাম”।

অৰ্থাৎ কুকুৰ, শিয়াল, গাধ আদি নানান প্ৰাণীৰ মাজতো ভগৱানৰ অস্তিত্ব আছে, কাৰণ ভগৱানেই হ’ল সকলোৰে সৃষ্টিকৰ্তা। যিহেতু সকলোৰে মাজত আত্মা বিৰাজমান হৈ আছে, সেয়েহে সকলোৱে এই জীৱ জন্তু বোৰকো মৰম আৰু শ্ৰদ্ধা কৰিব লাগে”।

“তাৰ মানে হ’ল ককা, মানুহ জীৱ – জন্তু, পশু পক্ষী সকলোকে সমান চকুৰে চোৱা মানুহকে জ্ঞানী মানুহ বুলি কোৱা হয় নহয়নে ককা”? ৰাণীয়ে বুজাৰ সুৰত ক’লে।

“তই ঠিকে বুজিছ। সকলোকে সমভাৱে চোৱাৰ উপৰিও জ্ঞানী মানুহ হয় স্থিৰ বুদ্ধিৰ, সাহসী আৰু উদাৰ। তেওঁলোকে মনে বিচৰা ফল পালেও আনন্দত উত্ৰাৱল নহয়, সেইদৰে মনে বিচৰা ফল নাপালেও বিষাদত ভাঙি নপৰে। তেওঁলোকৰ আত্মাই বাহিৰত নহয়,  নিজৰ মনৰ মাজতে সুখ বিচাৰি পায়। এতিয়া তহঁতে বুজিলিনে জ্ঞানী ব্যক্তি কাক কোৱা হয়”? ককাকে সুধিলে।

“বুজিলোঁ ককা। ককা, যিবোৰ মানুহৰ এইবোৰ গুণ নাই, তেওঁলোক আটায়ে অজ্ঞানী নেকি”? অভিয়ে সুধিলে।

“যিবোৰ মানুহে নিজৰ মনৰ মাজত আনন্দ নিবিচাৰি বাহিৰৰ বস্তুৰ মাজত আনন্দৰ সন্ধান কৰে, যিবোৰ মানুহে বাহ্যিক ৰং ৰহইচ আৰু মনোৰঞ্জনৰ মাজতহে আনন্দ বিচাৰি পায়, তেওঁলোক আচলতে অজ্ঞানী। বাহিৰৰ পৰা পোৱা আনন্দৰ আৰম্ভণিও আছে আৰু সমাপ্তিও আছে। সেয়ে তেনে আনন্দ চিৰস্থায়ী নহয়। তেনে আনন্দই শেষত দুখহে আনে। কিন্তু অজ্ঞানী লোকে সেই ক্ষণস্থায়ী আনন্দতে মতলীয়া হৈ দুখ কষ্ট ভোগ কৰে”। ককাকে ক’লে।

“তেনেহ’লে ককা, আমি হাঁহি ফূৰ্তি কৰাটো বেয়া কথা নেকি”? ৰাণীয়ে সুধিলে।

“নহয়, হাঁহি ফূৰ্তি কৰাটো কেতিয়াও বেয়া হ’ব নোৱাৰে। কিন্তু হাঁহি ধেমালি, ফূৰ্তি তামাছাত মছগুল হৈ সেই আনন্দত আপোন পাহৰা হৈ থকাটোহে ভাল কথা নহয়। বাহ্যিক মনোৰঞ্জনৰ পৰা আহৰণ কৰা আনন্দ বেছি সময় নাথাকে। সেইবাবে আমি নিজৰ মাজতে আনন্দৰ সন্ধান কৰিব লাগে। যি মানুহে সুখ বা দুখ একোতে বিচলিত নহয়, কাম ক্ৰোধৰ দ্বাৰা প্ৰভাৱিত নহয়, অন্তৰাত্মাৰ মাজত সুখৰ আঁকৰ বিচাৰি পায় সেই সকল মানুহকেই যোগী বোলা হয় আৰু তেওঁলোকেই প্ৰকৃততে সুখী হ’ব পাৰে”ককাকে ক’লে।

“ককা, আমিও তেনে মানুহ হ’ব পাৰিমনে”? প্ৰীতিয়ে সুধিলে।

“নিশ্চয় পাৰিবি। তেনে অৱস্থাত উপনীত হ’বলৈ হ’লে ধ্যান কৰিবলৈ শিকিব লাগিব। মই আজি তঁহতক ধ্যান কৰিবলৈ শিকাম। এই ধ্যান কৰাৰ অভ্যাস নিয়মিত ভাৱে কৰিলে তহঁতেও মনৰ ভিতৰতে পৰম আনন্দৰ সন্ধান পাবি”।

“মই কওঁ কওঁ বুলি ভাবিয়েই আছিলোঁ ককা। ধ্যান বা মেডিটেশ্যনৰ বহুত উপকাৰ আছে বুলি আমাক স্কুলত ছাৰেও কৈছে। মেডিটেশ্যন কৰিলে হেনো মনোযোগ বৃদ্ধি হয়। আমাক মেডিটেশ্যন শিকালে আমাৰো বহুত উপকাৰ হ’ব নহয়নে ককা”? নীলে ক’লে।

“ঠিকেই কৈছ। এতিয়া তহঁত আটায়ে  মজিয়াত পোন হৈ বহ। চকু দুটা মুদু দীঘলকৈ উশাহ ল”। ককাকৰ কথা মতে আটাইকেইটাই মজিয়াত পোন হৈ বহি চকু মুদি দীঘলকৈ উশাহ লবলৈ আৰম্ভ কৰিলে।

“এতিয়া তহঁতে একো নভবাকৈ থাকিবলৈ যত্ন কৰ। সকলো চিন্তা মনৰ পৰা উলিয়াই দে। কপালত দুই চেলাউৰিৰ মাজত থকা অংশত মনোযোগ ৰাখিবলৈ চেষ্টা কৰ। উশাহ আৰু নিশাহৰ ওপৰত বিশেষ ভাবে মন কৰ। প্ৰতিবাৰ উশাহ লওঁতে আৰু নিশাহ এৰোঁতে নাকৰ মাজেৰে শৰীৰলৈ অহা যোৱা কৰা বতাহ খিনিৰ প্ৰতি মন কৰ। দীঘলীয়া উশাহ ল, আকৌ দীঘলীয়াকৈ নিশাহ এৰি দে। মনৰ সকলো চিন্তা কেৱল উশাহ আৰু নিশাহৰ ওপৰত কেন্দ্ৰীভূত কৰ। এনেদৰে যিমান সময় পাৰ বহি থাক”।

ককাকৰ কথা মতে আটায়ে দীঘল দীঘলকৈ উশাহ নিশাহ লৈ নাকেৰে ওলোৱা আৰু সোমোৱা বায়ুৰ প্ৰতি মনোযোগ দি কিছু সময় বহি থাকিল। দহ মিনিট মান যোৱাৰ পিছত ককাকে ক’লে, “আজি তহঁতক মই ধ্যান কৰিবলৈ শিকালোঁ। সদায় ৰাতিপুৱা আৰু সন্ধিয়া দহ পোন্ধৰ মিনিট সময় ধ্যান কৰাৰ অভ্যাস কৰিবি। ধ্যান মনক নিয়ন্ত্ৰিত কৰাৰ এক শ্ৰেষ্ঠ উপায়। এই উপায় গীতাৰ পঞ্চম অধ্যায়ত ভগৱান শ্ৰীকৃষ্ণই নিজেই অৰ্জুনৰ যোগেদি মানুহক জনাইছে”।

“ককা, মেডিটেশ্যন কৰি সঁচাকৈয়ে মনটো ইমান যে ভাল লাগি গ’ল। আজিৰ পৰা পুৱা গধুলি মই মেডিটেশ্যন কৰিমেই”। নীলে ক’লে।

“আমিও কৰিম ককা”, প্ৰীতি আৰু ৰাণীয়ে যোগ দিলে। “আমি সকলোৱে কৰিম”। অভিয়ে ক’লে।

“আজিলৈ সামৰিছোঁ। তহঁতে ঘৰৰ সকলো মানুহকে ধ্যান কৰিবলৈ শিকাই দিবি। কাৰণ যিকোনো বয়সৰ মানুহে ধ্যান কৰি উপকাৰ লাভ কৰিব পাৰে”। ককাকে ক’লে।