Friday, September 25, 2015

সপ্তম অধ্যায়: জ্ঞান বিজ্ঞান যোগ

ৰসময় মাগোহোঁ ভকতি

“মুক্তিত নিষ্পৃহ যিটো, সেহি ভকতক নমো, ৰসময় মাগোহোঁ ভকতি”।

সন্ধিয়া হোৱাৰ লগে লগে ল’ৰা ছোৱালীহঁতে হাত-ভৰি ধুই এইদৰে প্ৰাৰ্থনা কৰাটো নিয়মত পৰিণত হৈছে। নিতৌ সন্ধিয়া ল’ৰা ছোৱালীকেইটিয়ে প্ৰাৰ্থনা কৰিবলৈ লোৱা দেখি মাক দেউতাকহঁতৰো মনত বৰ আনন্দ লাগিল।

এদিন বাটত অভিৰ দেউতাকে নীলৰ দেউতাকক লগ পাই ক’লে, “আপোনাৰ দেউতাকে ল’ৰা ছোৱালীকেইটিক গীতাৰ জ্ঞান দি বৰ ডাঙৰ উপকাৰ কৰিছে। মই আমাৰ ইহঁতৰ মাজত যথেষ্ট পৰিবৰ্তন মন কৰিছোঁ আমাৰ দুয়োটাই আগতকৈ বহুত কথা জনা হৈছে”।

“দেউতাই সিহঁতক সাধু কোৱাৰ দৰে গীতাৰ কথা বুজাইছে। ইহঁতেও সেই কাৰণে বৰ ভাল পাইছে। ময়ো ইহঁতৰ মুখৰ পৰাই গীতাৰ বহুত কথা এতিয়াহে জানিব পাৰিছোঁ বুজিছেনে”, নীলৰ দেউতাকে হাঁহি মাৰি ক’লে।

“আমিও এতিয়া দুই এটা গীতাৰ কথা শিকি ল’ব লাগিবগীতাৰ জ্ঞানে আমাকো নিশ্চয় সহায় কৰিব, নে কি কয়?”, অভিৰ দেউতাকে ৰসিকতা কৰি ক’লে।

“আপুনিও আহিব ইহঁতৰ লগতে। আমি একেলগে বহি দেউতাৰ পৰা গীতা শুনিম”। নীলৰ দেউতাকে ক’লে

আবেলি অভি আৰু প্ৰীতিৰ লগত দেউতাকো আহিল। নীল আৰু প্ৰীতিয়ে তেওঁলোকক ককাকৰ ওচৰলৈ লৈ গ’ল।

“আজি ময়ো গীতাৰ কথা শুনিবলৈ আহিছোঁ খুড়া”অভিৰ দেউতাকে হাঁহি মাৰি ক’লে।

“বৰ ভাল কথা। গীতাৰ কথা আচলতে সকলোৱে জানিব লাগে। মই যিখিনি জানো ইহঁতক সহজ সৰলকৈ বুজাই দিছোঁ। বহু গুণী জ্ঞানী পণ্ডিতে গীতাৰ ব্যাখ্যা কৰি গৈছেগীতাৰ সমস্ত জ্ঞান দিয়াটো মোৰ কাৰণেও অসম্ভৱ”ককাকে ক’লে।

নীলৰ দেউতাকেও আহি যোগ দিলে। “দেউতা আজি কোনটো অধ্যায়ৰ বিষয়ে ক’বা। আজি আমিও গীতাৰ কথা শুনিম”।

“আমি প্ৰথম ছয়টা অধ্যায় শেষ কৰিলোঁ। আজি গীতাৰ সপ্তম অধ্যায়ৰ কথা ক’ম। এই অধ্যায়ত জ্ঞান-বিজ্ঞান যোগৰ বিষয়ে কোৱা হৈছে”। ককাকে ক’লে।

“বঢ়িয়া, জ্ঞান-বিজ্ঞানৰ কথা যেতিয়া নিশ্চয় খুব আকৰ্ষণীয় হ’ব”, নীলৰ দেউতাকে ক’লে।

“খুড়া, মই পিছে জ্ঞান-বিজ্ঞান যোগৰ বিষয়ে একো নাজানোআজি আপোনাৰ পৰা শিকিব লাগিবপ্ৰথম ছয়টা অধ্যায় মই শুনিবলৈ নাপালোঁ। সেইখিনিৰ বিষয়েও জানিবৰ ইচ্ছা থাকি গ’ল”। অভিৰ দেউতাকে হাঁহি মাৰি ক’লে।

“প্ৰথম ছয়টা অধ্যায়ত আত্মা যে অমৰ আৰু অবিনশ্বৰ, ঈশ্বৰৰ লগত আমি কিয় সংযোগ স্থাপন কৰিব লাগে, কৰ্মযোগ আৰু ধ্যানেৰে কিদৰে ঈশ্বৰৰ লগত সংযোগ স্থাপন কৰিব পৰা যায় এইখিনি কথাকে কোৱা হৈছে। গীতাৰ প্ৰথম ছয়টা অধ্যায় কৰ্মযোগ, অৰ্থাৎ নিজৰ কৰ্মৰ দ্বাৰা ঈশ্বৰ প্ৰাপ্তিৰ পথ দেখুওৱা হৈছে। ভগবানৰ প্ৰিয়পাত্ৰ হ’বলৈ ভক্তজন কেনে হ’ব লাগিব সেই কথাকে প্ৰথম ছয়টা অধ্যায়ত কোৱা হৈছে”। ককাকে ক’লে।

“সপ্তম অধ্যায়ৰ পৰা গীতাত বেলেগ কিবা আছে নেকি দেউতা”? নীলৰ দেউতাকে সুধিলে।

“সপ্তম অধ্যায়ৰ পৰা দ্বাদশ অধ্যায়লৈ এই ছয়টা অধ্যায়ত ভক্তি যোগৰ বিষয়ে কোৱা হৈছে। ভগবানৰ ওচৰত নিজৰ সকলো সমৰ্পন কৰি একান্ত ভক্তিৰ জৰিয়তে ভগবানৰ আশীৰ্বাদ কেনেদৰে লাভ কৰিব পাৰি তাৰেই আভাস দিয়া হৈছে। কথাখিনি মন দি বুজিবলৈ চেষ্টা কৰিব লাগিব। মই বাৰু সৰু ল’ৰা ছোৱালীকেইটাই বুজি পোৱাকে কথাখিনি ক’ম”। ককাকে ক’লে।

নীল, অভি, প্ৰীতি আৰু ৰাণীয়ে ককাকক আগুৰি বহিল। অলপ দূৰত অভি আৰু নীলৰ দেউতাকহঁত বহিল।

ল’ৰা ছোৱালী কেইটিলৈ চাই ককাকে সুধিলে, “আমি ইমান দিনে জানিলোঁ যে ভগবানে একান্ত মনে নিজৰ কাম ভালদৰে কৰি যোৱা ভক্তক ভাল পায়, নহয়নে? কিন্তু ভগবানৰ বিষয়ে আৰু কথা জানিবলৈ মন নাযায়নে? ভগবান আচলতেনো কেনে, ভগবানে আমাৰ পৰা আৰু কি কি বিচাৰে সেই কথাওটো আমি জানিব লাগিব নহয়নে”?

“হয় ককা, ভগবানৰ বিষয়ে জানিবলৈ মোৰ বৰ মন যায়। তেওঁ কি কি ভাল পায়, কি কি ভাল নাপায় এই সকলোবোৰ কথা জানিবৰ মন যায়”, ৰাণীয়ে ক’লে।

“ভগবানে কি কি ভাল পায় জানিব পাৰিলে আমিও ভগবানে বিচৰা মতে কাম কৰিব পাৰিম”। প্ৰীতিয়ে ক’লে।

“তহঁতে ঠিকেই কৈছ। ভগবানক ভালদৰে জানিলেহে আমি গম পাম ভগবানক কেনেকৈ সন্তুষ্ট কৰিব পৰা যায়, কেনেকৈ তেওঁৰ কৃপা লাভ কৰিব পৰা যায়”। ককাকে ক’লে।

“ককা, যেনেদৰে আমাৰ ছাৰ বাইদেউহঁতে কেনেকৈ উত্তৰ লিখিলে ভাল পায়, সেই কথা জানিলে আমি পৰীক্ষাত সেই মতে উত্তৰ লিখি ভাল নম্বৰ পাব পাৰোঁ, নহয়নে”? নীলে সুধিলে।

“একেবাৰে সঠিক কথা কৈছ নীল। ছাৰ বাইদেউহঁতনো আচলতে কেনে, তেওঁলোকেনো কি বিচাৰে জানিলে তহঁতে যেনেদৰে তেওঁলোকে ভাল পোৱা ধৰণে পৰীক্ষাত উত্তৰ কৰিব পাৰ, সেইদৰে ভগবাননো কেনে, ভগবানেনো কি বিচাৰে সেই কথা জানিলেহে আমি ভগবানে ভাল পোৱা কামবোৰ কৰিব পাৰিম। আজি আমি ভগবানৰ বিষয়ে এইবোৰ কথাই জানিবলৈ চেষ্টা কৰিম”ককাকে ক’লে।

“ভগবানৰ বিষয়ে আমি সকলো কথা জনাটো সম্ভৱনে ককা”? প্ৰীতিয়ে প্ৰশ্ন কৰিলে।

“ভগবানৰ বিষয়ে সকলো কথা জানিবলৈ হ’লে প্ৰথম কথা হ’ল আমি ভগবানৰ একান্ত অনুগত বিশ্বাসী ভক্ত হ’ব লাগিব। যিদৰে শিক্ষকৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস থাকিলে আৰু শিক্ষকৰ একান্ত অনুগত হ’লেহে আমি তেওঁৰ পৰা সকলো জ্ঞান লাভ কৰিব পাৰোঁ, সেইদৰে ভগবানৰ প্ৰতি বিশ্বাসী আৰু তেওঁৰ প্ৰতি সম্পূৰ্ণ অনুগত হ’লেহে আমি ভগবানৰ বিষয়ে সকলো কথা জানিব পাৰিম আৰু তেওঁৰ আশীৰ্বাদ লাভ কৰিম”ককাকে ক’লে।

“তাৰমানে সকলো মানুহে ভগবানৰ বিষয়ে জানিব নোৱাৰে নেকি ককা”? ৰাণীয়ে সুধিলে।

“নোৱাৰে। শ্ৰীকৃষ্ণই কৈছে হাজাৰ মানুহৰ মাজত মাথোন এজনেহে ভগবানৰ প্ৰিয়ভাজন হ’বলৈ চেষ্টা কৰে। সেই সকলৰ মাজতো মাথোন কেইজনমানেহে সম্পূৰ্ণ ভাবে ভগবানৰ বিষয়ে জানিব পাৰে”। ককাকে ক’লে।

“ভগবানৰ বিষয়ে জানিবলৈ আমাক হয়তো গীতাৰ জ্ঞান লাগিব, নহয়নে খুড়া”? অভিৰ দেউতাকে সুধিলে।

“এৰা, ঠিকেই কৈছা। গীতাত ভগবানৰ স্বৰূপ বৰ্ণনা কৰা আছে। কিন্তু মানুহে সেই ভগৱানৰ অস্তিত্ৱ নিজেই অনুভৱ কৰিব লাগিব। গীতাৰ সপ্তম অধ্যায়ৰ ৪ নং শ্লোকত শ্ৰীকৃষ্ণই কৈছে –

ভুমিৰাপোৎনলো ৱায়ু: খং মনো বুদ্ধিৰেৱ চ।
অহংকাৰ ইতীয়ং মে ভিন্না প্ৰকৃতিৰষ্টধা ।।

অৰ্থাৎ মাটি, পানী, জুই, বায়ু আৰু আকাশ এই পাঁচবিধ মিলি এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তু তৈয়াৰ হৈছে। এই কেইবিধ বস্তুক একেলগে পঞ্চভূত বুলিও কোৱা হয়। সেইদৰে মন, বুদ্ধি আৰু অহংকাৰ এই কেইবিধে মানুহৰ আৰু জীৱজগতৰ প্ৰকৃতি নিৰ্ণয় কৰে। এই আঠবিধ বস্তুৰ প্ৰতিবিধৰ মাজতে ভগবানৰ অস্তিত্ব আছে”ককাকে ক’লে।

“ভগবান কেৱল এই আঠবিধ বস্তুৰ মাজতে থাকে নেকি ককা’? অভিয়ে সুধিলে।

“গীতাত এই আঠবিধক নিম্ন প্ৰকৃতি বোলা হৈছে। আনৰ মাজত বা আন বস্তুত ভগবানক বিচাৰিবলৈ হ’লে এই আঠবিধ নিম্ন প্ৰকৃতিৰ মাজত বিচাৰিব লাগিব”ককাকে ক’লে।

“নিম্ন প্ৰকৃতি? তাৰমানে উচ্চ প্ৰকৃতিও কিবা আছে নেকি ককা”? নীলে সুধিলে।

“আনৰ মাজত নহয়, মানুহে নিজৰ মাজত ভগবানৰ সন্ধান কৰাটোহে আচল কথা। মানুহৰ আত্মাত ভগবান থাকে বুলি কোৱা হৈছেএয়াই হ’ল ভগবানৰ উচ্চ প্ৰকৃতি। আত্মাত ভগবানৰ অস্তিত্ব অনুভৱ কৰিব পাৰিলেহে ভগবানৰ অসীম শক্তিৰ উমান পোৱা যায়”।  ককাকে ক’লে।

“কথাটো ভালদৰে বুজাই দিয়াচোন দেউতা”, নীলৰ দেউতাকে ক’লে।

“গীতাত যি আঠবিধ নিম্ন প্ৰকৃতিৰ কথা কোৱা হৈছে, সেইবোৰত আমি ভগবানৰ অস্তিত্বৰ উমান পাব পাৰোঁ, কিন্তু সেয়া চিৰস্থায়ী নহয়। নিম্ন প্ৰকৃতিৰ সৃষ্টিও আছে ধ্বংসও আছে। পঞ্চভূতৰ দ্বাৰা নিৰ্মিত প্ৰতিটো বস্তুৰ মাজত ভগবান থাকে, কিন্তু সেই বস্তুটোৱেই এদিন ভাঙি চিঙি যায়। উদাহৰণ  স্বৰূপে, মন্দিৰ, নামঘৰ বা উপাসনাৰ স্থানত ভগবান থাকে বুলি আমি বিশ্বাস কৰোঁ, কিন্তু সেয়া চিৰস্থায়ী নহয়। কিন্তু উচ্চ প্ৰকৃতি, অৰ্থাৎ আত্মাত অনুভৱ কৰা ভগবানৰ অস্তিত্ব চিৰস্থায়ী, কাৰণ আত্মাৰ আদিও নাই অন্তও নাই। আত্মাই ভগবানৰ এই অনুভৱ এটা জন্মৰ পৰা আন এটা জন্মলৈ কঢ়িয়াই লৈ যায়”। ককাকে ক’লে।

“এটা জন্মৰ পৰা আন এটা জন্মলৈ আত্মাই সকলো অনুভৱ কঢ়িয়াই লৈ যাব পাৰে নেকি? এয়া কেনেকৈ সম্ভৱ”? অভিৰ দেউতাকে সুধিলে।

“আত্মাৰ মাজত পূৰ্বজন্মৰ সকলো অনুভৱ সঞ্চিত হৈ থাকে। আত্মাই জ্ঞান আৰু কৰ্মফল এটা জন্মৰ পৰা আন এটা জন্মলৈ কঢ়িয়াই লৈ যায়। এই সকলোবোৰ ভগবানৰ ইচ্ছাতেই পৰিচালিত হয়। গীতাৰ সপ্তম অধ্যায়ৰ ৭ নং শ্লোকত ভগবানে কৈছে –

মত্ত: পৰতৰং নান্যৎ কিঞ্চিদস্তি ধনঞ্জয়:
ময়ি সৰ্বমিদং প্ৰোতং সুত্ৰে মণিগণা ইৱ।।

অৰ্থাৎ ময়েই এই জগতৰ সৰ্বময় কৰ্তা, মোৰ বাহিৰে এই জগতৰ আন কোনো পৰম কাৰণ নাই। যিদৰে মণিবোৰ লগ লাগি মালা তৈয়াৰ হয়, সেইদৰে জগতৰ সকলো বস্তুৱে একেডাল সূতাৰে মোৰ লগতে সংযুক্ত হৈ আছে”।

“একেডাল সূতাৰে সংযুক্ত হৈ থাকে মানে কি ককা”? প্ৰীতিয়ে সুধিলে।

“ইয়াৰ অৰ্থ হ’ল এই পৃথিৱীৰ সকলো বস্তু ভগবানৰেই দান। ভগবানেই সকলোৰে মুৰব্বী। ভগবানেই চন্দ্ৰ আৰু সূৰ্যৰ দ্বাৰা আমাক পোহৰ দিয়াৰ ব্যৱস্থা কৰিছে, ভগবানেই আমাৰ বাবে প্ৰয়োজনীয় বায়ু আৰু পানীৰ যোগান ধৰিছে, ভগবানৰ কৃপাতে মানুহ আৰু পশু পক্ষীৰ বংশ বৃদ্ধি হয়, ভগবানেই ফুলত সুগন্ধ আৰু জুইত উত্তাপৰ সৃষ্টি কৰিছে । এই জগতৰ সকলোবোৰ ভগবানৰে সৃষ্টি। সেই কাৰণে এই জগতৰ সকলো বস্তুৰে লগত ভগবান একেডাল সূতাৰে সংযুক্ত হৈ আছে বুলি কোৱা হৈছে”। ককাকে ক’লে।

“ককা, এই জগতত ভাল বস্তুৰ লগতে বেয়া বস্তুওতো আছে। বানপানী, ভুমিকম্প, খৰাং এইবোৰো ভগবানে সৃষ্টি কৰিছে নেকি”? নীলে সুধিলে।

ককাকে হাঁহিলে। “তই বৰ বুদ্ধিমানৰ প্ৰশ্ন কৰিছ নীল। এই প্ৰাকৃতিক শক্তিবোৰো ভগবানৰেই ৰূপ। এই জগতৰ ভাৰসাম্য ৰাখিবলৈ আৰু মানুহৰ ওপৰত ভগবানৰ শ্ৰেষ্ঠত্ব অটুত ৰাখিবলৈ ভগবানে এই শক্তি সমূহৰ ব্যৱহাৰ কৰে। প্ৰাকৃতিক শক্তি সমূহেই আমাক ভগবানৰ অসীম ক্ষমতাৰ উমান দিয়ে”।

“ককা, ভগবানে ভাল মানুহ আৰু বেয়া মানুহ দুয়োবিধ কিয় সৃষ্টি কৰে”? ৰাণীয়ে সুধিলে।

“ভগবানে মানুহক ভাল বা বেয়া মানুহ হিচাপে সৃষ্টি নকৰে। মানুহে নিজৰ মাজত ভগবানৰ স্বৰূপ উপলব্ধি নকৰাৰ বাবেহে বিপথে গৈ বেয়া মানুহ হয়। মানুহৰ বুদ্ধি, জ্ঞান, তপস্যাৰ ফল এই সকলোবোৰেই ভগবানৰেই দান। মানুহে নিজৰ আসক্তি আৰু কামনা বাসনাৰ বাবে পথভ্ৰষ্ট হয়। যি মানুহে সকলো কামনা বাসনা পৰিত্যাগ কৰি, নিজৰ ইন্দ্ৰিয় সমূহক দমন কৰি ভগবানৰ চৰণত নিজকে সমৰ্পন কৰে, সেই মানুহে নিজৰ মাজতে ভগবানক বিচাৰি পায় আৰু ভাল মানুহ হয়”ককাকে ক’লে।

“ককা, বেয়া মানুহ বোৰেও চোন ভগবানৰ পূজা সেৱা কৰে। তেওঁলোককো জানো ভগবানে সমানে ভাল পাব”? অভিয়ে সুধিলে।

“গীতাত শ্ৰীকৃষ্ণই কৈছে যে বেয়া কাম কৰা মানুহ, মুৰ্খ আৰু পাপী সকলে ভগবানৰ পৰা আঁতৰি থাকে। যিসকলৰ প্ৰাৰ্থনাত নিষ্কাম ভক্তি নাথাকে, যিসকলৰ মন মায়া মোহৰ দ্বাৰা আবৃত্ত হৈ থাকে, যি সকলে কেৱল নিজৰ দুষ্কাৰ্যৰ পৰা সকাহ পাবলৈ ভগবানৰ দ্বাৰস্থ হয়, তেনে লোকৰ সেৱা পূজা ভগবানে গ্ৰহণ নকৰে” ককাকে ক’লে।

“সকলো মানুহকে যদি ভগবানে সৃষ্টি কৰিছে, তেনেহ’লে কিছুমান মানুহে কিয় ইমান বেয়া কাম কৰে ককা”? প্ৰীতিয়ে সুধিলে।

“প্ৰতিজন মানুহৰ মাজত সত্ব:, ৰজ: আৰু তম: এই তিনি প্ৰকাৰৰ গুণ থাকে। ৰজ: গুণ হ’ল মানুহৰ অহংকাৰ, ৰং-ৰহইচ, গৌৰৱ, ৰাজকীয়তাৰ প্ৰতীক। তম: গুণ হ’ল এলাহ, নিচাসক্তি, ঈৰ্ষা, হিংসা, কুত্সাৰটনা আদি নীচ মনোবৃত্তিৰ প্ৰতীকসত্ব: গুণ হ’ল মানুহৰ শান্ত, শিষ্ট, ধীৰ, স্থিৰ মনোবৃত্তিৰ প্ৰতীক। এই গুণ সমূহে মানুহৰ প্ৰকৃতি নিৰ্ণয় কৰে। এই তিনি গুণৰ প্ৰভাৱতে মানুহ মোহিত হয় আৰু এই তিনি গুণেই নিৰ্ধাৰণ কৰে মানুহে ভাল কামত নে বেয়া কামত প্ৰবৃত্ত হয়। এই তিনি তিনিগুণৰ প্ৰভাৱৰ পৰা মুক্ত হ’বলৈ হ’লে মানুহে ভগবানক সকলো সময়তে স্মৰণ কৰিব লাগে আৰু ভগবানৰ চৰণত নিজকে সমৰ্পিত কৰিব লাগে। ভগবানৰ প্ৰকৃত ভক্তই কেতিয়াও বেয়া কাম কৰিব নোৱাৰে”। ককাকে ক’লে।

“এই তিনি গুণৰ বিষয়ে ভালকৈ কোৱাচোন ককা”। ৰাণীয়ে সুধিলে।

“গীতাৰ চতুৰ্দশ অধ্যায়ত কেৱল এই তিনিগুণৰ বিষয়েই বহলাই কোৱা আছে। আমি যেতিয়া চতুৰ্দশ অধ্যায় পাম, তেতিয়া আৰু তিনিগুণৰ বিষয়ে ভালদৰে আলোচনা কৰিম। এতিয়া তহঁতে কেৱল ভগবানৰ অসীম শক্তিৰ বিষয়ে মাথোন অনুভৱ কৰিবলৈ চেষ্টা কৰিবি, প্ৰকৃত ভক্তইহে ভগবানৰ এই শক্তি অনুভৱ কৰিব পাৰে”ককাকে ক’লে।

“ককা ভগবানৰ প্ৰকৃত ভক্ত কেনেকৈ হ’ব পাৰি”, ৰাণীয়ে সুধিলে।

“গীতাত চাৰি প্ৰকাৰৰ ভক্তৰ কথা কোৱা হৈছে – আৰ্ত, অৰ্থাৰ্থী, জিজ্ঞাসু আৰু জ্ঞানী। আৰ্ত হ’ল সেই সকল ভক্ত, যিসকলে বিপদত পৰি, জীৱনৰ বাটত পৰাজিত হৈ শেষ আশ্ৰয় হিচাপে ভগবানৰ চৰণত শৰণ লয়। অৰ্থাৰ্থী হ’ল সেই সকল ভক্ত যিসকলে জীৱনত সফল হোৱাৰ মানসেৰে ভগবানৰ সহায় বিচাৰি ভগবানৰ ভক্ত হয়। জিজ্ঞাসু হ’ল সেই সকল ভক্ত যিসকলে ইহলোক পৰলোকৰ চিন্তাত নিমগ্ন হয়, সংসাৰ চক্ৰত উদ্বিগ্ন হয় আৰু আত্মাৰ মুক্তি বিচাৰি ভগবানৰ শৰণাপন্ন হয়জ্ঞানী হ’ল সেই সকল ভক্ত, যিসকলে সকলো প্ৰকাৰৰ কামনা বাসনাৰ পৰা মুক্ত হৈ কেৱল ভগবানৰ ওচৰত নিজকে সমৰ্পন কৰে, নিজৰ কাৰণে একোকে নিবিচাৰে আৰু ভগবানৰ স্মৰণ আৰু নাম কীৰ্তন কৰিয়েই পৰম আনন্দ লাভ কৰেভগবানে তেনে জ্ঞানী ভক্তকহে বৰ ভাল পায় আৰু তেওঁলোকহে প্ৰকৃত ভক্ত।
সেয়েহে শ্ৰীমন্ত মাধৱদেৱে নামঘোষাত লিখিছে –
মুক্তিত নিষ্পৃহ যিটো, সেহি ভকতক নমো ৰসময় মাগোহোঁ ভকতি
সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য, ভজোঁ হেন দেৱ যদুপতি।।

এই প্ৰাৰ্থনাটো কৰোঁতে কথাখিনিৰ অৰ্থ অনুভৱ কৰিবলৈ চেষ্টা কৰিবি। ইয়াৰ অৰ্থ হ’ল যিজন ভকত মুক্তিৰ প্ৰতিও নিষ্পৃহ, সেই ভকতজন নমস্য আনকি তেওঁৰ ৰসময় ভকতিত ভগবানো তেওঁৰ বশ্য হৈ পৰে”। ককাকে ক’লে।

“ৰসময় ভক্তি মানে কি ককা”? ৰাণীয়ে সুধিলে।

“যিজন ভক্তই ভগবানৰ ভক্তিতেই আনন্দ পায়, ভগবানৰ চিন্তাতেই মনত ৰস পায়, সেইজন ভক্তৰ বাবে ভক্তি ৰসময় হৈ পৰে”, ককাকে ক’লে।

“তেনে ভক্ত হোৱা সহজ নহয় নেকি ককা”? ৰাণীয়ে সুধিলে।

“বহুত সাধনাৰ পিছতহে মানুহে তেনে ৰসময় ভক্তি অনুভৱ কৰিব পাৰে। এই ৰসময় ভক্তি অন্তৰত অনুভৱ কৰিব পৰাজনেই প্ৰকৃত জ্ঞানী। ভগবানেই মোৰ সকলো আনন্দৰ কাৰণ, ভগবানৰ বাহিৰে মোৰ কোনো ইচ্ছা – বাসনা - সাধনা নাই, এনে মনোভাবৰ ভক্ত হোৱাটো অতি কঠিন কাম। তাৰ বাবে লাগিব ভগবানৰ প্ৰতি অটল ভক্তি আৰু গভীৰ সাধনা”ককাকে ক’লে।

“দেউতা এটা কথা কোৱাচোন, আমি কোনজন ভগবানৰ ভক্ত হ’ব লাগে। শ্ৰীকৃষ্ণৰ ভক্ত এজনে যি ফল পায়, শিৱ বা দুৰ্গা ভক্ত এজনেও সেই একেই ফল পায়নে”? নীলৰ দেউতাকে সুধিলে।

“গীতাত শ্ৰীকৃষ্ণই কৈছে যে মানুহে আন দেৱ দেৱীৰ পূজা কৰিলেও সেই দেৱ দেৱীৰ যোগেদি আচলতে তেওঁৰে পূজা কৰা হয়, কাৰণ শ্ৰীকৃষ্ণই হ’ল সৰ্বময় কৰ্তা, সবাতোকৈ শ্ৰেষ্ঠ ভগবান। শ্ৰদ্ধা আৰু ভক্তিৰে কৰা তেনে পূজা সেৱাৰ ফল ভগবান শ্ৰীকৃষ্ণয়েই ভক্তক প্ৰদান কৰে। কিন্তু আন দেৱ দেৱীৰ পূজা আৰু ভগবান শ্ৰীকৃষ্ণৰ ভক্তৰ মাজত পাৰ্থক্য হ’ল, আন দেৱ দেৱীৰ পূজাৰ পৰা লাভ কৰা ফল পাৰ্থিৱ আৰু ক্ষণস্থায়ী, কিন্তু কৃষ্ণ ভক্তিৰ পৰা লাভ কৰা ফল চিৰস্থায়ী আৰু সৰ্বব্যাপী। ভগবান শ্ৰীকৃষ্ণৰ ভক্ত সকলে পাৰ্থিৱ বস্তু প্ৰাপ্তিৰ বাবে নহয়, ভগবানৰ আধ্যাত্মিক সান্নিধ্য লাভ কৰিবলৈহে ভক্তিত মগন হয়”। ককাকে ক’লে।

“কিন্তু, শ্ৰীকৃষ্ণ আৰু আন দেৱ দেৱীৰ পাৰ্থক্য কিহত”, অভিৰ দেউতাকে প্ৰশ্ন কৰিলে।

“গীতাত কোৱা হৈছে যে শ্ৰীকৃষ্ণই হ’ল সকলো দেৱ-দেৱীৰো পূজ্য দেৱতা। মানুহে এই কথা নজনাৰ বাবেহে শ্ৰীকৃষ্ণৰ সলনি আন দেৱ দেৱীক পূজা কৰে। এই অজ্ঞতাৰ কাৰণ হ’ল কেৱল শ্ৰীকৃষ্ণৰ একান্ত ভক্তইহে তেওঁৰ সৰ্বময়তাৰ বিষয়ে অনুভৱ কৰিব পাৰে। আন দেৱ দেৱীৰ সেৱা কৰা সকলক মায়াই আৱৰি থকাৰ বাবে শ্ৰীকৃষ্ণৰ মহত্ব অনুভৱ কৰিব নোৱাৰে”। ককাকে বুজাই দিলে।

“আমি সকলোৱে আন দেৱ দেৱীৰ সলনি শ্ৰীকৃষ্ণৰ ভক্তি কৰিব লাগিব নেকি ককা”? প্ৰীতিয়ে সুধিলে।
“যিহেতু শ্ৰীকৃষ্ণই হ’ল সকলো দেৱ-দেৱীৰো পূজ্য ভগবান, সেয়েহে আমি কৃষ্ণভক্তিৰ যোগেদিয়েই ভগবানৰ কৃপা লাভ কৰিব পাৰিম। সেয়েহে আন দেৱ দেৱীৰ পূজা কৰাৰ প্ৰয়োজন নাই। আন দেৱ দেৱীক পূজা কৰিলেও যি ফল লাভ কৰা হয়, সেয়াও ভগবান শ্ৰীকৃষ্ণৰেই আশীৰ্বাদ। কিন্তু মায়াৰ প্ৰভাৱত মানুহে এই কথা বুজিব নোৱাৰে”। ককাকে ক’লে।

“মায়া মানে কি ককা”? ৰাণীয়ে সুধিলে।

“মানুহে বাস্তৱ সত্য নেদেখি যে কিছুমান ভুল কথাকে সত্য বুলি ভাবে সেয়াই হ’ল মায়া। উদাহৰণ স্বৰূপে মানুহে সমগ্ৰ জীৱন সুখ বিচাৰি ঘূৰি ফুৰে। সকলো দুখৰ পৰা পৰিত্ৰাণ বিচাৰে। সুখ বিচাৰি থাকোঁতে তেওঁলোকে ভগবানৰ কথা চিন্তা কৰিবলৈ সময় নাপায়। ভগবান যে প্ৰকৃত সুখ আৰু আনন্দৰ কাৰণ সেই কথা মানুহে বুজিবই নোৱাৰেএয়াই মায়া”ককাকে ক’লে।

“সকলো মানুহেইতো সুখ বিচাৰে, দুখৰ পৰা মুক্তি বিচাৰে। তেনেহ’লে সকলো মানুহকে মায়াই আগুৰি থাকে নেকি ককা? এই মায়াৰ পৰা কেনেকৈ মুক্তি পাব পাৰি”? নীলে সুধিলে।

“ঠিকেই কৈছ, সৰহভাগ মানুহেই এই মায়াৰ জালত আৱদ্ধ হৈ থাকে। কিন্তু যিসকলে নিজৰ সাধনা আৰু চেষ্টাৰ দ্বাৰা পূৰ্বজন্মৰ সকলো পাপৰ পৰা মুক্তি পাইছে, যিসকলে ভগবান শ্ৰীকৃষ্ণৰ মাহাত্ম্য উপলব্ধি কৰি তেওঁৰ চৰণত নিজকে সমৰ্পন কৰিছে, তেওঁলোকে এই মায়াজালৰ পৰা ওলাই আহিব পাৰে। ভগবানৰ চৰণত নিজকে সমৰ্পন কৰা ভক্তসকলে বৃদ্ধ অৱস্থা আৰু মৰণৰ যন্ত্ৰণাৰ পৰাও মুক্তি লাভ কৰে বুলি গীতাত কোৱা হৈছে” ককাকে ক’লে।

“সেয়া কেনেকৈ সম্ভৱ হয় দেউতা? বৃদ্ধ অৱস্থা আৰু মৰণৰ যন্ত্ৰণাৰ পৰা কেনেকৈ মুক্তি পাব পাৰি”? নীলৰ দেউতাকে সুধিলে।

“যিজন ভক্তই ভগবানৰ মাহাত্ম্য আৰু ভগবানৰ কৰুণা সম্পূৰ্ণভাৱে অনুভৱ কৰে, সেইজন ভক্তক কোনো দুখ-কষ্ট, বিপদ-বিঘিনীয়ে টলাব নোৱাৰে। তেওঁলোকৰ মন এক স্বৰ্গীয় আনন্দেৰে ভৰি থাকে। এয়াই হ’ল মহাপুৰুষ মাধৱদেৱে কোৱা ‘ৰসময় ভকতি’ তেওঁলোকৰ মন ভগবানৰ ওচৰত এনে ভাৱে নিমগ্ন হৈ থাকে যে বাৰ্ধক্য আনকি মৃত্যুৰ মুহুৰ্ততো তেওঁলোকে কোনো যন্ত্ৰণা অনুভৱ নকৰে”ককাকে ক’লে।

“খুড়া, আপোনাৰ কথাখিনি সঁচাকৈয়ে যাদুৰ দৰে লাগিছে। ভগবানৰ চিন্তাত নিজকে বুৰাই ৰাখি যে সকলো দুখ কষ্টৰ পৰা মুক্তি পাব পাৰি আৰু চিৰস্থায়ী সুখৰ সন্ধান পাব পাৰি সেই কথা আজিহে ভালদৰে উপলব্ধি কৰিছোঁ”অভিৰ দেউতাকে ক’লে। তেওঁৰ মুখ আনন্দেৰে ভৰি পৰিল।

“তোমালোকেও ল’ৰা ছোৱালী কেইটিৰ লগত নিয়মীয়াকৈ সময় উলিয়াই ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিবা। ভগবানৰ চিন্তাই যে আমাক সুখ আৰু শান্তিৰ পথ দেখুৱাব পাৰে সেয়া অনুভৱ কৰিবা। ভগবানৰ মাহাত্ম্য নিজৰ জীৱনত অনুভৱ কৰি ভগবানৰ ভক্তিতে আনন্দ বিচাৰি পোৱাটোৱেই আটাইতকৈ ডাঙৰ জ্ঞান। সপ্তম অধ্যায়ত শ্ৰীকৃষ্ণই এই জ্ঞানৰ কথাই কৈছে। এই জ্ঞান আন সকলো জ্ঞান-বিজ্ঞানৰ উৰ্ধত”। ককাকে বুজাই ক’লে।

“আমাক, বিশেষকৈ সৰু ল’ৰা ছোৱালী কেইটিক এইখিনি জ্ঞান দি আপুনি বহুত উপকাৰ কৰিছে। আমিও সময় পালে মাজে সময়ে আপোনাৰ ওচৰলৈ আহিম খুড়া”, অভিৰ দেউতাকৰ মাত কৃতজ্ঞতাত গদ গদ হৈ গ’ল।


“আজি আমি গীতাৰ সপ্তম অধ্যায় সামৰিলোঁ। আটায়ে এতিয়া প্ৰাৰ্থনা কৰি নিজৰ নিজৰ কামত লাগিবৰ সময় হ’ল। অহাবাৰ আমি অষ্টম অধ্যায়লৈ যাম। সেই অধ্যায়ত আমি অক্ষৰ - পৰম ব্ৰহ্ম যোগৰ বিষয়ে কথা পাতিম”। ককাকে ক’লে।

2 comments: