Wednesday, September 23, 2015

চতুৰ্থ অধ্যায়: জ্ঞান-কৰ্ম-সন্যাস যোগ


ভগৱানৰ অৱতৰণ

আবেলি সময়ত ককাকৰ ওচৰলৈ অহাটো নীল, অভি, ৰাণী আৰু প্ৰীতিৰ বাবে নিয়মৰ দৰে হৈ পৰিছে। ককাকে শিকোৱা গীতাৰ কথাবিলাকৰ বিষয়ে জানিব পাৰি অভি আৰু প্ৰীতিৰ মাক দেউতাকেও বৰ সন্তোষ পাইছে। অভিৰ মাক মিতালীও এদিন ল’ৰা ছোৱালী দুটিৰ লগত আহিল গীতাৰ কথা শুনিবলৈ।
“আপুনি ল’ৰা ছোৱালী কেইটিক গীতাৰ বিষয়ে কৈ বৰ উপকাৰ কৰিছে। আমি ইমান দিনে ভাবি আছিলোঁ, গীতা বয়স হ’লেহে পঢ়িব লাগে। গীতাত সৰু ল’ৰা ছোৱালীয়ে জানিব লগাও ইমান কথা আছে বুলি জনাই নাছিলোঁ। আজি ময়ো গুচি আহিলোঁ গীতাৰ কথা শুনিবলৈ”, অভিৰ মাকে ককাকৰ ওচৰত বহি লৈ ক’লে।

“বৰ ভাল কৰিলা। গীতাত সমস্ত শাস্ত্ৰৰ মূল কথাখিনি আছে। সকলো ধৰ্মৰে মূল কথাখিনিও গীতাতে পাবা। আমাৰ মানুহে জীৱনৰ ভাটি বয়সত যেতিয়া গীতা পঢ়িবলৈ লয়, তেতিয়া এনে লাগে যেন এইবোৰ কথা আগতে জনা হ’লে জীৱনটোৱেইচোন বেলেগ হ’লহেঁতেনসেই কাৰণে গীতাৰ জ্ঞান সোনকালে লোৱাই ভাল। সেই কাৰণে মই ইহঁতক এটা এটা অধ্যায়কৈ গীতাৰ কথাবোৰ বুজাইছোঁ”, ককাক জনাৰ্দন মহন্তই ক’লে।

“ময়ো আপোনাৰ পৰা আজি গীতা শুনিম বুলি আহিছোঁ। আপুনি আৰম্ভ কৰক”। এই বুলি অভি আৰু প্ৰীতিৰ মাক মাক মিতালিয়েও ল’ৰা ছোৱালীহঁতৰ লগতে বহি ল’লে। নীল আৰু ৰাণীৰ মাক ৰমলাও আহি তেওঁৰ ওচৰতে বহিল।

“দেউতা, গীতা খন কিমান পুৰণি বাৰু? কিমান বছৰৰ পৰা গীতাৰ কথা মানুহে জানে”? ৰমলাই সুধিলে।

“গীতাৰ জ্ঞান হ’ল ঈশ্বৰৰ বাণী। হেজাৰ হেজাৰ বছৰ আগতেই ভগৱানে এই জ্ঞান মানুহক দিছিল। গীতাত শ্ৰীকৃষ্ণই কৈছে, গীতাৰ মূল বাণী তেওঁ প্ৰথম সূৰ্যক দিছিল। সূৰ্যই সেই জ্ঞান তেওঁৰ পুত্ৰ বৈৱস্বত মনুক দিছিল আৰু মনুৱে তেওঁৰ পুত্ৰ ৰজা ইক্ষাকুক দিছিল। এইদৰে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ গীতাৰ জ্ঞান প্ৰবাহিত হৈ আহিছিল। পিছলৈ এই জ্ঞান ৰাজৰ্ষি সকলে লাভ কৰিছিল। কিন্তু মাজতে বহুকাল জুৰি এই জ্ঞান পৃথিৱীত লুপ্তপ্ৰায় হৈ আছিল। যিহেতু অৰ্জুন শ্ৰীকৃষ্ণৰ পৰম ভক্ত আৰু সখা আছিল সেয়েহে শ্ৰীকৃষ্ণই এই জ্ঞান অৰ্জুনক দিছিল”। ককাকে ক’লে।

“এটা কথা বুজি নাপালোঁ দেউতা। শ্ৰীকৃষ্ণই কেনেকৈ হেজাৰ হেজাৰ বছৰ আগতে গীতাৰ জ্ঞান সূৰ্যক দিছিল। কৃষ্ণতো হেজাৰ হেজাৰ বছৰ জীয়াই থকা নাছিল”। ৰমলাই সুধিলে।

“তুমি উচিত প্ৰশ্নই কৰিছা বোৱাৰী। অৰ্জুনেও শ্ৰীকৃষ্ণক একেটা প্ৰশ্নই কৰিছিল। এই কথা সঁচাকৈয়ে বুজিবলৈ কঠিন যে একেজন শ্ৰীকৃষ্ণই কিদৰে হেজাৰ হেজাৰ বছৰ আগতে সূৰ্যক গীতাৰ জ্ঞান দিছিল”,  ককাকে ক’লে।

“এই প্ৰশ্নটোৰ শ্ৰীকৃষ্ণই কি উত্তৰ দিলে ককা”? নীলে সুধিলে।

“শ্ৰীকৃষ্ণই অৰ্জুনক ক’লে, তেওঁ আগতে বহুত বাৰ এই পৃথিৱীত জন্ম লৈছে। সেইদৰে অৰ্জুনেও বহুত বাৰ এই পৃথিৱীলৈ আহিছে। আমি যে কথা পাতিছিলোঁ আত্মা অজৰ – অমৰ। মৃত্যুৰ পিছতো আত্মাই বেলেগ এটা ৰূপ লৈ পৃথিৱীলৈ উভতি আহে। মনত আছেনে”? ককাকে নাতিহঁতলৈ চালে।

“আছে ককা। কিন্তু ককা, মানুহৰ দৰে ভগৱানেও এইদৰে বাৰে বাৰে জন্ম লয় নেকি? ভগৱানৰ আত্মাও এইদৰে এটাৰ পিছত এটা জনম লৈ ঘূৰি ফুৰে নেকি”? অভিয়ে সুধিলে।

“বৰ উপযুক্ত প্ৰশ্ন কৰিছ। সাধাৰণ মানুহৰ আৰু ভগৱানৰ পুনৰ জন্মৰ মাজত পৰ্থক্য এয়ে যে মানুহৰ আত্মাই কৰ্মফল অনুসৰি এটাৰ পিছত এটাকৈ বিৰামহীন জন্ম লৈয়েই থাকিব লাগিব। কিন্তু ভগৱানে এই পৃথিৱীত প্ৰয়োজন হ’লেহে অৱতৰণ কৰে। তেওঁ নিজৰ ইচ্ছা অনুসৰি উপযুক্ত সময়ত মানুহ হৈ জন্ম লয়। ভগৱানে তেওঁৰ আগৰ জন্মৰ সকলোবোৰ কথা মনত ৰাখে, কিন্তু সাধাৰণ মানুহে এইবোৰ কথা মনত ৰাখিব নোৱাৰে”। ককাকে বুজাই দিলে।

“কিন্তু ভগৱানে এই পৃথিৱীত কেতিয়া আৰু কিয় অৱতৰণ কৰে”? অভিৰ মাক মিতালিয়ে সুধিলে?
“গীতাৰ চতুৰ্থ অধ্যায়ৰ ৭ আৰু ৮ নং শ্লোকত শ্ৰীকৃষ্ণই কৈছে

যদা যদাহি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত।
অভ্যুত্থানমধৰ্মস্য তদাত্মানং সৃজম্যাহম।।
পৰিত্ৰাণায় সাধুনাম ৱিনাশায় চ দুস্কৃতাম।
ধৰ্মসংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে।।

ইয়াৰ অৰ্থ হ’ল যেতিয়াই পৃথিৱীত ধৰ্মৰ গ্লানি হয় আৰু অধৰ্ম বৃদ্ধি পায়, তেতিয়াই ঈশ্বৰে এই পৃথিৱীত মানুহৰ ৰূপত জন্ম লয়। যেতিয়া অধৰ্মৰ বাবে ধাৰ্মিক আৰু সাধু মানুহৰ বিলাই বিপত্তি হয়, তেতিয়াই পাপী সকলক বিনাশ কৰিবলৈ আৰু ধৰ্মৰ প্ৰতিস্থা কৰিবলৈ যুগে যুগে ভগৱানে এই পৃথিৱীত অৱতৰণ কৰে”। ককাকে ক’লে।

“ককা, আজিকালিতো সকলোপিনে অন্যায় অধৰ্ম বেছি হোৱাৰ কথা শুনিবলৈ পাওঁ। ভগৱান আকৌ এবাৰ পৃথিৱীলৈ আহিব নেকি”? নীলে সুধিলে।

“নিশ্চয় আহিব। ভগৱানে গীতাত সেই প্ৰতিশ্ৰুতিকে দিছে। অন্যায় অধৰ্মৰ পৰা ভাল মানুহক ৰক্ষা কৰিবলৈ আৰু পৃথিৱীত ধৰ্ম প্ৰতিস্থা কৰিবলৈ ভগৱান আকৌ আহিব”। ককাকে ক’লে।

“ভগৱান যদি পৃথিৱীলৈ আকৌ আহে, আমি কেনেকৈ গম পাম ককা”? ৰাণীয়ে সুধিলে।

“সেই কথা নিজে নিজেই সকলো মানুহে গম পাবমানুহ হৈ জন্ম ল’লেও তেওঁৰ এনে কিছুমান অলৌকিক আৰু দিব্য কাৰ্য কৰিব যে মানুহে তেওঁৰ বিষয়ে জানিব পাৰিব। আজিলৈকে পৃথিৱীত যিমানবোৰ মহাপুৰুষ আহিছে, যিমানবোৰ ধৰ্ম প্ৰচাৰক আহিছে, সকলোৰেই এনে অলৌকিক আৰু দিব্য ক্ষমতা আছিল। এই সকল মহাপুৰুষেই ভগৱানে পৃথিৱীত বাৰে বাৰে জন্ম লোৱাৰ প্ৰমাণ”। ককাকে ক’লে।

“তাৰ মানে ককা, আন আন ধৰ্মৰ প্ৰচাৰক সকলো ভগৱানৰেই ৰূপ নেকি”? প্ৰীতিয়ে সুধিলে।

“এই পৃথিৱীত নিজৰ ধৰ্ম, আনৰ ধৰ্ম বুলি কোনো কথা নাই। ন্যায় আৰু সত্য প্ৰতিস্থাই হ’ল ধৰ্ম। বিভিন্ন ধৰ্ম প্ৰচাৰকে পৃথিৱীত সত্য আৰু ন্যায় প্ৰতিস্থাৰ কথাকে কৈ গৈছে। পৃথিৱীত ন্যায় আৰু সত্য প্ৰতিস্থা কৰা প্ৰতিজনেই হ’ল ভগৱানৰেই অৱতাৰ। সেই ভগৱানকে আমি শ্ৰীকৃষ্ণ বুলি কওঁ। আন ধৰ্মৰ লোকে ভগৱানক বেলেগ বেলেগ নামেৰে স্মৰণ কৰে মুছলমান সকলে আল্লা বুলি কয়, খ্ৰিষ্টান সকলে যীশু বুলি কয়, ইহুদী সকলে হাছিম বুলি কয়”,  ককাকে ক’লে।

“দেউতা, কথা এটা কওকচোন। আজিকালিতো বহুত মানুহ ওলাইছে, যিসকলে নিজকে ভগৱানৰ অৱতাৰ বুলি দাবী কৰে। বহুতো সাধু, মহত্মা আছে যিসকল পিছত ভণ্ড বুলি প্ৰমাণিত হৈছে। আমি কিদৰে জানিম, কোনজন ভগৱানৰ অৱতাৰ হয় আৰু কোনজন নহয়”? নীলৰ মাক ৰমলাই সুধিলে।

“মানুহে এনে সাধু, মহাত্মাৰ ওচৰলৈ যায় কিবা ফল বিচাৰি আৰু হয়তো বহু সময়ত তেওঁলোকে এনে ফল পায়সেয়েহে বহুত মানুহে এনে লোক সকলকো ভগৱানৰ শাৰীত বহুৱায়। কিন্তু মনত ৰাখিবা বোৱাৰী, ভগৱানে এই পৃথিৱীত জন্ম লয় তেতিয়াহে যেতিয়া অন্যায় অধৰ্মৰ বাবে ভাল মানুহ থাকিব নোৱৰা অৱস্থা হয়। ভগৱানে অৱতাৰ লয় পাপীসকলক বিনাশ কৰি ধৰ্ম প্ৰতিস্থাৰ বাবে। বেজালি কৰা, তাবিজ দিয়া ধৰণৰ কামৰ বাবে ভগৱানে কেতিয়াও পৃথিৱীলৈ নাহে”।

“বহুত মানুহে ভাল কাম কৰি থকা দেখুৱায়, কিন্তু প্ৰকৃততে বেয়া কাম কৰি থাকে। আমি সাধাৰণ মানুহে সেইবোৰ ধৰিবকে নোৱাৰোঁ”। অভিৰ মাক মিতালিয়ে ক’লে।

“এৰা তুমি ঠিকেই কৈছা। কৰ্ম কি, অকৰ্ম কি এই কথা ডাঙৰ ডাঙৰ বিদ্বানেই ধৰিব নোৱাৰে। গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৰ্ম কি এই বিষয়ে বৰ সুন্দৰ উপদেশ দিছে”। ককাকে ক’লে।

“কি উপদেশ ককা? কৰ্ম আৰু অকৰ্ম মানে কি  আমাক ভালদৰে বুজাই দিয়াচোন”। ৰাণীয়ে সুধিলে।

“আমি যিকোনো এটা কাম কৰাৰ আগতে কামটোৰ বিষয়ে ভালদৰে জানি লোৱাটো খুব প্ৰয়োজনীয়। সেইদৰে সেই কামটো কৰা উচিত হ’বনে অনুচিত হ’ব এই কথাও আমি চিন্তা কৰিব লাগে। যি মানুহে কাম এটাৰ ভাল বেয়া দুয়োটা দিশ গমি পিতি ল’ব পাৰে তেওঁহে প্ৰকৃততে বুদ্ধিমান মানুহ। তদুপৰি মানুহে যিবোৰ কাম শাস্ত্ৰ আৰু বিধিসন্মত ভাৱে কোনো ফলাফল আশা নকৰাকৈ কৰে সেইবোৰহে কৰ্ম জ্ঞানীলোকে নিজৰ কামৰ পৰা একো প্ৰতিদান নিবিচাৰে”।

“প্ৰতিদান নিবিচৰাকৈ কাম কৰাটো আজিকালি সঁচাকৈয়ে বিৰল”। অভিৰ মাক গীতালিয়ে ক’লে।

“যিসকল লোকে নিজৰ কৰ্মৰ ফলাফলৰ প্ৰতি নিস্পৃহ হৈ কাম কৰি যায়, তেওঁলোকৰ বাবে কৰ্ম কৰাটো কেতিয়াও বোজাস্বৰূপ নহয়। কাম কৰাৰ মাজেৰেই তেওঁলোকে পৰম আনন্দ আৰু তৃপ্তি লাভ কৰে। তেওঁলোকে অনুভৱ কৰে যে সকলো কৰ্ম ভগৱানৰ ইচ্ছা অনুসৰি আৰু ভগৱানক উদ্দেশ্য কৰিয়েই হয়। সেইবাবে তেওঁলোক হিংসা, অহংকাৰ আৰু আসক্তিৰ পৰা মুক্ত হয়”।

“ভগৱানক উদ্দেশ্য কৰি কেনেকৈ কাম কৰিব পাৰি ককা”? ৰাণীয়ে সুধিলে।
“আমি ফল লাভৰ আশা নকৰি আনন্দ  মনেৰে নিজৰ কাম কৰি যোৱাটোতে ভগৱান সন্তুষ্ট হয়। বেলেগকৈ আৰু ভগৱানক উদ্দেশ্য কৰি কাম কৰাৰ প্ৰয়োজন নাই। আমাৰ কামৰ বিনিময়ত আমি যি পাওঁ তাতেই আমি সন্তুষ্ট হ’ব লাগে, কাৰণ সেয়া ভগৱানৰেই দান। কাৰো প্ৰতি মনত ঈৰ্ষা নৰখাকৈ, দুখ সুখ একোতে বিচলিত নোহোৱাকৈ সদায় নিজৰ কাম ভালদৰে কৰি যোৱাতকৈ ডাঙৰ ঈশ্বৰ সেৱা একো নাই”। ককাকে ক’লে।

“আটায়ে শুনা, ককাৰ কথাবোৰ তোমালোক আটায়ে মনত ৰাখিবা। নিজৰ কাম ভালদৰে কৰিলে, ভালদৰে পঢ়াশুনা কৰিলেই ঈশ্বৰ সন্তুষ্ট হ’ব”। ৰমলাই ল’ৰা ছোৱালীহঁতক ক’লে।

“ককা সকলো কাম ভগৱানৰ কাৰনেই যদি কৰোঁ, আমিনো তাৰ বিনিময়ত কি পাম”? নীলে সুধিলে।

“আমি আমাৰ সকলো কৰ্ম ভগৱানৰ চৰণত অৰ্পন কৰাৰ অৰ্থই হ’ল আমি সেই কৰ্মৰ সকলো ফলৰ পৰা মুক্তি লাভ কৰিম। আমি সেই কৰ্মৰ লগত বান্ধ নাখাওঁ, সেই কৰ্মৰ পৰা কিবা ফল লাভ কৰাৰ কথাও আমি নাভাবোঁ। আমাৰ কৰ্ম হ’ব নিস্বাৰ্থ, পোৱা নোপোৱাৰ উৰ্দ্ধতআমি কি পাওঁ বা নাপাওঁ, সেয়া ঈশ্বৰেহে ঠিক কৰিব। তহঁতে বুজি পাইছতো”? ককাকে সুধিলে।

“কিন্তু ককা, আমি কেনেকৈ আমাৰ সকলো কাম ভগৱানক অৰ্পন কৰিম ভগৱানতো সকলোতে নাথাকে”। ৰাণীয়ে ক’লে।

“কোনে ক’লে তোক ভগৱান সকলোতে নাথাকে। এই বিশ্বৰ প্ৰতিটো বস্তুৰ মাজতেই, চুকে কোনে, সকলোতে ভগৱান আছে। আমি সকলোতে ভগৱান আছে বুলি মনৰ মাজত অনুভৱ কৰিব লাগিব। আমি কৰা প্ৰতিটো কাম সেই ভগৱানৰ উদ্দেশ্যেই কৰা বুলি ভাবিব পাৰিব লাগিব। এয়া অতি কঠিন কাম। সকলো কাম ভগৱানৰ বাবে কৰা বুলি সচেতন হৈ থাকিলে আমি কেতিয়াও বেয়া কাম কৰিব নোৱাৰোঁ”। ককাকে ক’লে।

“এনে কঠিন কাম চাগে সন্যাসী বোৰেহে কৰিব পাৰে, নহয়নে ককা”, প্ৰীতিয়ে মাত লগালে।

“নিজৰ সকলো কাম ভগৱানৰ নামত অৰ্পন কৰা কামযে অকল সন্যাসীয়েহে কৰিব পাৰে তেনে নহয়। সন্যাসী সকলে নিজৰ ইন্দ্ৰিয় সমূহ দমন কৰি ৰাখিবলৈ কঠোৰ সাধনা কৰেতেওঁলোকে তপস্যা কৰা দেখিছনে? মনটোক নিয়ন্ত্ৰিত কৰি ৰখাটো তেওঁলোকৰ তপস্যাৰ এক মূল উদ্দেশ্য। তেওঁলোকে নিজৰ কামনা বাসনা সকলো ত্যাগ কৰি কেৱল ভগৱানৰ নামত সমৰ্পিত জীৱন কটায়কিন্তু আমি সাধাৰণ ঘৰ সংসাৰ থকা মনুহেতো এনে তপস্যা কৰিব নোৱাৰোঁ। সেয়েহে গীতাত শ্ৰীকৃষ্ণই উপদেশ দিছে যে ঘৰ সংসাৰ থকা মানুহে তপস্যা কৰাৰ সলনি নিজৰ নিজৰ সকলো প্ৰকাৰৰ কাৰ্য ভগৱানৰ বাবে কৰা বুলি ভাবিব লাগে”।

“কিন্তু দেউতা, সংসাৰী মানুহৰতো কামনা বাসনা বোৰ থাকিবইএইবোৰ নোহোৱাকৈ মানুহ জানো জীয়াই থাকিব পাৰে”? অভিৰ মাকে সুধিলে।

“তুমি সঠিক প্ৰশ্নই কৰিছা। গৃহস্থী মানুহে কামনা বাসনা সমূহ সম্পূৰ্ণভাৱে ত্যাগ কৰাটো সম্ভৱ নহয়। কিন্তু সেই কামনা বাসনা পূৰণৰ বাবে কৰা কাৰ্যকো ভগৱানৰ চৰণত অৰ্পন কৰিব লাগে। অৰ্থাৎ সকলো সময়তে মনত ভগৱানৰ প্ৰতি ভক্তি ভাৱ ৰাখিব লাগে। বুজি পাইছাতো মই কি ক’বলৈ বিচাৰছোঁ”। অভিৰ মাক আৰু নীলৰ মাকে ইজনী সিজনীলৈ চালে আৰু বুজি পোৱাৰ হাঁহি মাৰিলে।
“ককা, মানুহে যে পূজা কৰে, যজ্ঞ কৰে, সেইবোৰচোন ভগৱানৰ বাবেই কৰে। সেইবোৰ কৰিলেই যথেষ্ট নহয় নেকি”? নীলে সুধিলে।

“পূজা, যজ্ঞ, নাম কীৰ্তন এই আটাইবোৰেই ভগৱানৰ বাবেই কৰা হয়। কিন্তু এইবোৰ কাৰ্য কৰোঁতেও সম্পূৰ্ণ ভাৱে ভগৱানৰ ওচৰত সমৰ্পিত হৈ কৰা নাযায়, তেনেহ’লে এইবোৰ কাৰ্যও ভগৱানে গ্ৰহণ নকৰে। কিন্তু নিজৰ কৰ্তব্য কৰোঁতেও যদি সেই কাৰ্য ভগৱানৰ ওচৰত সমৰ্পিত হৈ কৰা হয়, তেতিয়াও ভগৱান সন্তুষ্ট হয়”। ককাকে বুজাই দিলে।

“তাৰ মানে ভগৱানৰ নামত সকলো কাম কৰিলেহে ভগৱানে আমাক ভাল পায় নেকি ককা”? ৰাণীয়ে সুধিলে।

“আচলতে কথাটো এনেকুৱা যে, ভগৱানৰ নামত নিজৰ কৰ্তব্য সমৰ্পন কৰিব পাৰিলে মানুহৰ জীৱনেই সুখদায়ক হৈ পৰে। যিবোৰ মানুহে নিজৰ কৰ্তব্য বোজা বুলি ভাৱে, নিজৰ কামত ফাঁকি দিয়ে, দুৰ্নীতিত লিপ্ত হয়, তেওঁলোকে কেতিয়াও মাসসিক তৃপ্তি পাব নোৱাৰে। তেনে মানুহৰ জীৱন শেষত দুখদায়ক হৈ পৰে। যিবোৰ মনুহৰ জীৱন এইকালতে দুখী হয়, তেওঁলোকৰ জীৱন পৰকালত কেনেদৰে সুখী হ’ব পাৰে”? ককাকে নাতিহঁতৰ মুখলৈ চালে।

“কিন্তু ককা, ইমান জাকজমতাৰে যে দুৰ্গা পূজা পতা হয়, গণেশ পূজা পতা হয়, সেইবোৰৰ একো মূল্য নাই নেকি”? অভিয়ে সুধিলে।

“মূল্য আছে যদিহে সেয়া সম্পূৰ্ণ ভক্তি ভাৱেৰে কৰা হয়। ভক্তি নথকাকৈ কেৱল জাকজমকতাৰে পূজা কৰিলে ভগৱান সন্তুষ্ট নহয়। গীতাত শ্ৰীকৃষ্ণই কৈছে ভক্তিহীন ভাৱে ভগৱানক পূজা কৰাতকৈ নিজৰ অন্তৰত জ্ঞানৰ সাধনা কৰিলেহে ভগৱান সন্তুষ্ট হয়। জ্ঞানৰ সাধনাৰে মানুহে নিজৰ কৰ্মফলৰ পৰাও মুক্তি পাব পাৰে। তহঁতে ৰত্নাকৰ দস্যু কিদৰে জ্ঞানৰ সাধনাৰে ঋষি বাল্মিকী হৈছিল সেই কথা জান নহয়। জ্ঞানৰ সাধনাৰে মানুহৰ পাপো নাশ হয়”।

“দেউতা, ইহঁতক বুজাই দিয়কচোন, কেনেদৰে ইহঁতে জ্ঞানৰ সাধনা কৰিন পাৰিব”। নীলৰ মাকে ক’লে।

“শ্ৰীকৃষ্ণই গীতাত ইয়াৰো বিধান দিছে। প্ৰকৃত জ্ঞান লাভ কৰিবলৈ হ’লে যিসকলে ইতিমধ্যে জ্ঞান লাভ কৰিছে, সেইসকলক গুৰু হিচাপে গ্ৰহণ কৰিব লাগিব। তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকক দণ্ডৱত প্ৰণাম কৰি তেওঁলোকৰ ওচৰত শিষ্যত্ব গ্ৰহণ কৰিব লাগিব। মনত কোনো কপটতা নোহোৱাকৈ সৰলতাৰে প্ৰশ্ন কৰিলেহে পৰম তত্বৰ জ্ঞান পোৱা যায়”। ককাকে ক’লে।

“ইহঁতৰ স্কুলৰ শিক্ষক শিক্ষয়ত্ৰী সকল তেনে গুৰু হ’ব পাৰেনে”? অভিৰ মাকে সুধিলে।

“গুৰু হ’বলৈ হ’লে শিক্ষক হ’বই লাগিব বা কোনো শিক্ষাগত অৰ্হতা যে থাকিবই লাগিব তেনে কোনো কথা নাই। ইয়াত যি জ্ঞানৰ কথা কোৱা হৈছে সেয়া কেৱল পুথিগত জ্ঞানো নহয়। মানুহে যি জ্ঞানৰ সহায়ত মায়া মোহৰ পৰা মুক্ত হ’ব পাৰে, এই পৃথিৱীৰ সকলো জীৱৰ মাজত ভগৱানক বিচাৰি পাব পাৰে, সকলো কাম ভগৱানৰ ওচৰত সমৰ্পন কৰিব পাৰে, সেয়াহে প্ৰকৃত জ্ঞান। এই জ্ঞানে মানুহৰ সকলো পাপ ধুই নাশ কৰিব পাৰে। এই জ্ঞান সহজতে পোৱা নাযায়। এনে জ্ঞান দিব পৰা গুৰুৰ সন্ধান কৰিব লাগিব”। ককাকে ক’লে।

“কিন্তু তেনে কোনো গুৰু যদি বিচাৰি পোৱা নাযায়”? অভিৰ মাকে পুনৰ প্ৰশ্ন কৰিলে।

“কোনো গুৰু নাপালেও আমি যদি ভগবানৰ ধ্যানত মগ্ন হ’ব পাৰোঁ, তেতিয়া এই জ্ঞানে আপোনা আপুনি হৃদয়ত স্থিতি লয়। সেই কাৰণে আমি দিনটোৰ কিছু সময় মৌন হৈ ভগৱানৰ ধ্যান কৰিব লাগেএই ধ্যানক যোগ বা মেডিটেশ্যন বুলিও কোৱা হয়। প্ৰাৰ্থনাও এক প্ৰকাৰৰ ধ্যান”ককাকে ক’লে।

“তুমি আমাক সেই কাৰণে প্ৰাৰ্থনা কৰিবলৈ কৈছা নেকি ককা”, ৰাণীয়ে সুধিলে।

“ঠিক বুজিছ। আমি কিছুসময় ধ্যানত মগ্ন হোৱাৰ উদ্দেশ্যেই প্ৰাৰ্থনা কৰিব লাগে। এই প্ৰাৰ্থনাই আমাৰ মনত, আমাৰ হৃদয়ত নতুন জ্ঞানৰ উদয় কৰে। আমাৰ মনৰ বেয়া ভাব বোৰ আঁতৰি যায়। যিসকলে ভগবান আৰু আন মানুহৰ প্ৰতি শ্ৰদ্ধাশীল হয়, নিজৰ ইন্দ্ৰিয় বোৰক নিয়ন্ত্ৰণত ৰাখে তেওঁলোকৰ বাবে এই দিব্যজ্ঞান লাভ কৰিবলৈ সহজ হয়। তেওঁলোকে মনত পৰম শান্তি লাভ কৰে”। ককাকে বুজাই ক’লে।

“ককা বহুত মানুহে দেখোন ভগবানক নামানে, আনক বেয়া ব্যৱহাৰ কৰে”। প্ৰীতিয়ে ক’লে।

“যিবোৰ মানুহে ভগবানৰ প্ৰতি ভক্তি নাৰাখে, আন মানুহৰ প্ৰতি শ্ৰদ্ধাশীল নহয়, সেইবোৰ মানুহক পথভ্ৰষ্ট হোৱা বুলি ক’ব পাৰি। তেওঁলোকে ইহকাল বা পৰকাল কোনোটোতে সুখ নাপায়”। ককাকে ক’লে।

“আমি আজি বহুত কথা শিকিলোঁ ককা’, নীলে ক’লে।

“শিকিলেই নহ’ব। এইবোৰ শিক্ষা জীৱনত প্ৰয়োগ কৰিব লাগিব। গীতাৰ চতুৰ্থ অধ্যায়ৰ ৪১ নং শ্লোকত কোৱা হৈছে

যোগ সন্যাস্ত কৰ্মেন্য জ্ঞান সচ্ছিন্ন সংশয়ম।
আত্মৱন্তম না কৰ্মাণি নিবধন্তি ধনঞ্জয়।।

এই শ্লোকটোৰ অৰ্থ হৈছে আমি ধ্যান বা যোগৰ দ্বাৰা নিজৰ কৰ্মফলৰ পৰা মুক্ত হ’ব পাৰোঁ, ধ্যানৰ দ্বাৰা লাভ কৰা জ্ঞানৰ দ্বাৰা সকলো ভয় বা আশংকা নাইকীয়া হৈ যায়। যি মানুহে নিজকে বুজি পায় আৰু নিজৰ বিষয়ে সচেতন, তেওঁক কৰ্মফলে বান্ধি ৰাখিব নোৱাৰে। সেয়েহে তহঁতে মই কোৱা কথাকেইটা হৃদয়ংগম কৰিবলৈ চেষ্টা কৰিবি। প্ৰাৰ্থনাৰ মাজেৰে ভগবানক নিজৰ হৃদয়ত স্থাপন কৰিবি। তেতিয়া জ্ঞানৰ দুৱাৰ আপোনা আপুনি খোল খাব”।

“আজি আমিও বহুত কথা শিকিলোঁ দেউতা”, বোৱাৰীয়েক ৰমলাই ক’লে।

“তোমালোকেও কথাবিলাক বুজিবলৈ চেষ্টা কৰিবা। কাৰণ গীতাৰ সকলো কথা সকলো বয়সত মানুহৰ বাবেই প্ৰযোজ্য। আজি এইখিনিৰে আমি গীতাৰ চতুৰ্থ অধ্যায় সামৰিছোঁ”নাতিহঁত ঘৰাঘৰি যোৱাৰ পিছত ককাকে অলপ জিৰণি ল’লে।


No comments:

Post a Comment