ককাকে সন্তোষ পালে যে নীল আৰু ৰাণীয়ে তেওঁ শিকাই দিয়াৰ দৰেই
ৰাতিপুৱা আৰু ধ্যান কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ নিজেও দুয়োৰে লগত বহি ধ্যান কৰিলে।
আবেলি সময়ত অভি আৰু প্ৰীতিও আহি একেলগে ধ্যান কৰিবলৈ ল’লে। ধ্যান কৰিবলৈ শিকাৰ পৰা
আটাইকেইটা ল’ৰা ছোৱালী যেন কিছু পৰিমানে শান্ত শিষ্ট হৈ পৰিল।
কেইদিনমান যোৱাৰ পিছত ককাকে এদিন আটাইকেইটাকে ওচৰলৈ মাতিলে।
“ধ্যান কৰি তহঁতৰ কেনে লাগিছে আজি মোক ক চোন”। ককাকে
সুধিলে।
“ভাল লাগিছে ককা। প্ৰথমতে মনলৈ বহুত চিন্তা আহি থাকিছিল। তুমি
কোৱাৰ দৰে মনৰ পৰা চিন্তা বোৰ উলিয়াই দিব পৰা নাছিলোঁ। কিন্তু এতিয়া লাহে লাহে পৰা
হৈছোঁ”। নীলে ক’লে।
“মোৰ টোপনি ধৰি যায় ককা”। ৰাণীয়ে লাজ লাজকৈ ক’লে।
“কিন্তু ধ্যান কৰাৰ পিছত মনটো খুব ভাল লাগে। সতেজ সতেজ
লাগে”। অভিয়ে ক’লে।
“তহঁতে ধ্যান কৰা দেখি মই খুব সুখী হৈছোঁ। ধ্যানত বহিলে
প্ৰথম প্ৰথম মনক নিয়ন্ত্ৰণ কৰাটো কঠিন হয়েই। কিন্তু সদায় অভ্যাস কৰি থাকিলে লাহে লাহে মন একেবাৰে নিয়ন্ত্ৰণলৈ আহিব। মন
যেতিয়া শান্ত আৰু নিয়ন্ত্ৰিত হৈ পৰিব, তেতিয়া মনৰ আচল শক্তি অনুভৱ কৰিব পাৰিবি”।
ককাকে ক’লে।
“ককা, এনেদৰে দিনে ৰাতিয়ে ধ্যান কৰি থাকিলে আমি বহুত
শক্তিশালী হৈ যাম নেকি”? প্ৰীতিয়ে সুধিলে।
ককাকে হাঁহিলে। “কোনো কাম বন নকৰাকৈ অকল ধ্যান কৰি বহি
থকাটোও সঠিক কথা নহয়। ভগবানে গীতাৰ ষষ্ঠ অধ্যায়ৰ
আৰম্ভণিতে কৈছে, অকৰ্মতকৈ কোনো ফলৰ আশা নকৰাকৈ কৰ্ম কৰাটো শ্ৰেয়। আজি আমি গীতাৰ
ষষ্ঠ অধ্যায়ৰ বিষয়ে আলোচনা কৰিম”।
আটাইকেইটা ল’ৰা ছোৱালীয়ে ককাকক আগুৰি বহিল।
“কোৱা ককা। ভগবান শ্ৰীকৃষ্ণই অৰ্জুনক কোৱা কথা এতিয়াও শেষ
হোৱা নাই নেকি”? ৰাণীয়ে সুধিলে।
“নাই হোৱা। এই অধ্যায়ত ভগবানে আত্ম সংযম যোগৰ কথা অৰ্জুনক
বুজাইছে”। ককাকে ক’লে।
“আত্ম সংযম যোগ কি ককা”? প্ৰীতিয়ে সুধিলে।
“লাহে লাহে সকলো বুজিব পৰা হ’বি। আত্ম সংযম হ’ল নিজৰ ওপৰত
নিয়ন্ত্ৰণ। মানুহে যেতিয়া লোভ – মোহ, কামনা – বাসনা বোৰ ত্যাগ কৰিব পাৰে, তেতিয়াহে
আত্ম সংযম লাভ কৰিব পাৰে”। ককাকে ক’লে।
“কিন্তু ককা, মানুহে আত্ম সংযম কেনেদৰে পাব পাৰে”? অভিয়ে
সুধিলে।
“যেতিয়া ইন্দ্ৰিয়বোৰৰ দ্বাৰা পাব পৰা বিষয়ৰ প্ৰতি বা নিজে
কৰা কামৰ ফলৰ প্ৰতি মানুহৰ মন আকৰ্ষিত হয়, তেতিয়াই মানুহৰ সংযম হেৰাই যায়। সেয়েহে
আমি ইন্দ্ৰিয় বা কৰ্মফলে দিয়া সুখ বা আনন্দ ত্যাগ কৰিব পাৰিলেহে আচলতে আত্ম সংযম
লাভ কৰিব পাৰিম। এটা কথা জানিবি, মানুহে নিজেই নিজৰ
মিত্ৰ, নিজেই নিজৰ শত্ৰু। মানুহে নিজৰ সাধনা আৰু ধ্যানৰ দ্বাৰা আত্ম সংযম লাভ
কৰিলে সকলো কামতে সফল হ’ব পাৰে আৰু নিজকে সংযমিত কৰিব নোৱাৰিলে পদে পদে বিপদত পৰে”। ককাকে ক’লে।
“ককা মানুহে নিজেই নিজৰ মিত্ৰ আৰু নিজেই নিজৰ শত্ৰু কেনেকৈ
হ’ব পাৰে”? প্ৰীতিয়ে সুধিলে।
“ভগবান শ্ৰীকৃষ্ণই কৈছে যে যি মানুহে নিজৰ মন, ইন্দ্ৰিয় আৰু
শৰীৰ নিয়ন্ত্ৰণলৈ আনিব পাৰিছে, তেওঁ নিজেই নিজৰ মিত্ৰ হৈ পৰে, কাৰণ তেওঁৰ বাহিৰৰ
জগতখনৰ পৰা পাবলগীয়া একো নাথাকে। কিন্তু যি মানুহৰ মন, ইন্দ্ৰিয় আৰু শৰীৰ
নিয়ন্ত্ৰণত নাথাকে তেওঁলোক নিজেই নিজৰ শত্ৰু, কাৰণ তেওঁৰ আত্ম সংযমৰ অভাৱে কেতিয়াবা
তেওঁক বহুত বিপদত পেলায়”। ককাকে ক’লে।
“ককা, মন, ইন্দ্ৰিয় আৰু শৰীৰ একেলগে সকলোকে কেনেদৰে
নিয়ন্ত্ৰণ কৰিব পাৰি”? নীলে সুধিলে।
“আচলতে মনক নিয়ন্ত্ৰণ কৰাটো আটাইতকৈ কঠিন কাম। কাৰণ মনেহে
ইন্দ্ৰিয় আৰু শৰীৰক চলায়। সেয়েহে মনক বান্ধিব পাৰিলে ইন্দ্ৰিয় আৰু শৰীৰক নিয়ন্ত্ৰণ
কৰাটো সহজ হৈ পৰে। সেই কাৰণে আমি মন আৰু চিন্তাক সংযমেৰে বান্ধিব লাগে। যি মানুহে
নিজকে সংযমেৰে বান্ধিব পাৰে, তেওঁৰ বাবে সুখ দুখ, মান অপমান, প্ৰাপ্তি অপ্ৰাপ্তি,
ভাল মানুহ বেয়া মানুহ সকলো একে হৈ পৰে। যিকোনো পৰিস্থিতিতে তেওঁ সদায় প্ৰসন্ন
চিত্তেৰে, হাঁহি মুখেৰে বাস কৰে”।
“কিন্তু ককা, ভাল মানুহ আৰু বেয়া মানুহৰ পাৰ্থক্যতো থাকিবই।
সকলো কেনেদৰে একে হৈ পৰিব”? অভিয়ে সুধিলে।
“ভগবানে কৈছে যে আত্ম সংযমী মানুহে নিজৰ শত্ৰু - মিত্ৰ, ধনী
- দুখীয়া, মৰমৰ পাত্ৰ - ঘৃণাৰ পাত্ৰ, সাধু
- পাপী সকলোকে একে দৃষ্টিৰে চায়। সকলোকে সমদৃষ্টিৰে গ্ৰহণ কৰিব জনা জনহে ভগবানৰ
প্ৰিয়পাত্ৰ হয়”। ককাকে বুজাই দিলে।
“ককা, সকলোকে একে দৃষ্টিৰে চোৱাটো কেনেকৈ সম্ভৱ। সকলোৰে
বাবে একে ভাৱনা মানুহৰ মনত হ’ব পাৰেনে? মানুহৰ ভাল লগা, বেয়া লগা এইবোৰ কেনেদৰে
নাইকীয়া হ’ব পাৰে”? নীলে সুধিলে।
“সকলোকে একে দৃষ্টিৰে চোৱাটো সম্ভৱ হয় মনক কঠোৰ ভাৱে
নিয়ন্ত্ৰণ কৰিব পৰা জনৰ বাবেহে।
গীতাৰ ষষ্ঠ অধ্যায়ত ১০ নং শ্লোকত ভগবান শ্ৰীকৃষ্ণই কৈছে –
‘যোগী যুঞ্জিতা সৎ আত্মাত্মানং ৰহসি স্থিত:
একাকী যতচিত্তাত্মা নিৰাশিৰ পৰিগ্ৰহ’ ।।
এই শ্লোকটোৰ অৰ্থ হ’ল আত্ম সংযম লাভ কৰিবলৈ হ’লে মানুহে মন,
ইন্দ্ৰিয় আৰু শৰীৰক নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰিব লাগিব। কঠোৰ অভ্যাসৰ দ্বাৰাহে লাহে লাহে নিয়ন্ত্ৰণ অৰ্জন কৰিব পৰা যায়। তেনে হ’বলৈ
হ’লে মানুহে নিজৰ বাবে একো ফল লাভৰ আশা নকৰাকৈ, ইন্দ্ৰিয় সমূহক বশ কৰি, মনৰ সকলো
চিন্তা ত্যাগ কৰি একান্ত মনে ধ্যান কৰিব লাগিব। মই তহঁতক যে ধ্যান কৰিবলৈ
শিকাইছিলোঁ, সেই ধ্যানেই হ’ল আত্ম সংযমৰ অতি উপযোগী উপায়। তহঁতে যদি একাগ্ৰ চিত্তে সদায় ৰাতিপুৱা আৰু সন্ধিয়া কিছু সময় ধ্যান কৰিব পাৰ,
তহঁতেও লাহে লাহে আত্ম সংযম লাভ কৰিব পাৰিবি”। ককাকে বুজনিৰ সুৰত ক’লে।
“আমিয়ো ধ্যান কৰাৰ অভ্যাস কৰিছোঁ ককা। কিন্তু আমি দেখোন
এতিয়ালৈ সকলোকে একে দৃষ্টিৰে চাব পৰা হোৱা নাই”। অভিয়ে প্ৰশ্ন কৰিলে।
“আত্ম সংযম দুই এদিনতে লাভ কৰা নাযায়। ইয়াৰ বাবে বহুদিনৰ
সাধনা লাগিব। ঋষি মুনি সকলক তপস্যা কৰি থকা দেখিছনে? তেওঁলোকে মনক নিয়ন্ত্ৰণ কৰি
আত্ম সংযম লাভ কৰিবৰ বাবেই এনেদৰে বছৰ বছৰ ধৰি তপস্যা কৰে। তেওঁলোকে নিজৰ শৰীৰ, মূৰ আৰু ডিঙি পোন আৰু স্থিৰ
কৰি, নাকৰ আগটোত চকু স্থিৰ কৰি বহু দিন, বহু সময় জুৰি বহি থাকে। তেওঁলোকে চেষ্টা
কৰে যাতে ধ্যানৰ সময়ত আন কোনো কথাই মনলৈ
নাহে, কোনো শব্দ বা কোনো দৃশ্যই তেওঁলোকৰ মন বিচলিত কৰিব নোৱাৰে। যিদৰে চাকিৰ শিখা
বতাহ নহ’লে অলপো লৰচৰ নকৰে, সেইদৰে ধ্যানৰ দ্বাৰা আত্ম সংযম লাভ কৰা যোগী সকলৰ মন
অলপো লৰচৰ নোহোৱাকৈ স্থিৰ হৈ থাকে। এনেদৰে স্থিৰ হৈ, ভয়হীন হৈ, চিন্তাশূন্য হৈ,
অতি শান্ত মনৰ গৰাকী হৈ ঋষি মুনি বা যোগী সকলে মনে প্ৰাণে পৰম আনন্দ লাভ কৰে কৰে। তেনে
অৱস্থাত ভগবানৰ ওচৰত নিজকে সমৰ্পন কৰি তেওঁলোকে পৰম শান্তি লাভ কৰে”। ককাকে ক’লে।
“ককা, আত্ম সংযম লাভ কৰিবৰ বাবে আমিও ঋষি মুনি হ’ব লাগিব
নেকি”? ৰাণীয়ে সুধিলে।
ককাকে হাঁহিলে। “আত্ম সংযম লাভ কৰিবলৈ আমি ঋষি মুনি হোৱাৰ
প্ৰয়োজন নাই। আমি মাথোন দিনৰ কিছু সময় ধ্যান কৰিলেই যথেষ্ট। আমি কেৱল নিজৰ
কৰিবলগীয়া সকলো কাম নিয়াৰিকৈ, সম্পূৰ্ণ সমৰ্পনেৰে কৰিব লাগিব। সময় কেতিয়াও অপব্যয়
কৰিব নালাগিব। ক্ষন্তেকীয়া আমোদ প্ৰমোদ পৰুহাৰ কৰিব লাগিব। লগতে আমাৰ আহাৰ আৰু
নিদ্ৰাও সুপৰিমিত হ’ব লাগিব। অতি বেছি বা অতি কম খোৱা আৰু শোৱা দুয়োটাই আত্ম সংযমৰ
বাবে অনিষ্টকৰ। শ্ৰীকৃষ্ণই গীতাৰ ষষ্ঠ অধ্যায়ৰ ১৩ নং শ্লোকত অৰ্জুনক কৈছে –
যুক্ত আহাৰ বিহাৰস্য যুক্ত চেষ্টস্য কৰ্মসু।
যুক্ত স্বপ্ৰাবধোস্য যোগো ভৱতি দু:খহা।।
অৰ্থাৎ যি মানুহে দৈনিক কিছু সময় ধ্যান বা যোগাভ্যাস কৰে,
যথাযোগ্য আহাৰ আৰু বিশ্ৰাম কৰে, সদায় নিজৰ কাম নিয়াৰিকৈ কৰিবলৈ সচেষ্ট হয়, টোপনি
ক্ষতি নকৰে, তেওঁলোকেই সিদ্ধি লাভ কৰিব
পাৰে”। ককাকে ক’লে।
“সিদ্ধি লাভ কৰা মানে কি ককা”? প্ৰীতিয়ে সুধিলে।
“সিদ্ধিৰ বিষয়ে মই তহঁতক আগতেও কৈছোঁ। সিদ্ধি মানে হ’ল মনৰ
এনে এটা অৱস্থা, যিটো অৱস্থাত সকলো সময়তে আনন্দ অনুভৱ কৰিব পাৰি। আমি ইন্দ্ৰিয়ৰ
দ্বাৰা যি আনন্দ অনুভৱ কৰোঁ সেই আনন্দ ক্ষন্তেকীয়া। কিন্তু যি মানুহে সম্পূৰ্ণ
আত্ম সংযম লাভ কৰিব পাৰিছে, যি মানুহে নিজৰ মাজতেই ভগবানৰ অস্তিত্ব অনুভৱ কৰিব
পাৰিছে, তেওঁৰ বাবে জীৱনৰ প্ৰতিটো পলেই আনন্দময়। তেনে মানুহে জীৱনত বহুত কিবা কিবি
লাভ কৰিলেও প্ৰাপ্তিৰ আনন্দত মতলীয়া নহয়। সেইদৰে জীৱনত বহুত কিবা কিবি হেৰুৱালেও মনৰ
আনন্দৰ পৰা বঞ্চিত নহয়। মনৰ এনে অৱস্থাকে সিদ্ধি লাভ কৰা বুলি কোৱা হয়”। ককাকে
ক’লে।
“ককা, আমিও কেতিয়াবা সিদ্ধি লাভ কৰিব পাৰিমনে”? ৰাণীয়ে
সুধিলে।
“সিদ্ধি লাভ কৰাই আমাৰ জীৱনৰ উদ্দেশ্য হ’ব লাগে। কিন্তু ইয়াক সহজতে লাভ কৰা নাযায়। আমি কেৱল সকলো
সময়তে চেষ্টাহে কৰি থাকিব লাগিব। যেতিয়াই মন চঞ্চল আৰু অস্থিৰ হয়, তেতিয়াই আমি
সাৱধান হৈ মন শান্ত কৰিবলৈ যত্ন কৰিব লাগিব। আমি পুৱা গধূলি কিছু সময় ধ্যান কৰি
আমাৰ মনৰ শক্তি বৃদ্ধি কৰিব লাগিব। এনেদৰেই লাহে লাহে আমাৰ বুদ্ধি স্থিৰ হয়, মন শান্ত
হয় আৰু অপ্ৰয়োজনীয় চিন্তাৰ পৰা মন মুক্ত হয়”। ককাকে ক’লে।
“অপ্ৰয়োজনীয় চিন্তা মানে কি ককা”? ৰাণীয়ে সুধিলে।
“যিবোৰ চিন্তাই আমাৰ ইন্দ্ৰিয়বোৰক সক্ৰ্ৰিয় কৰি তোলে, যিবোৰ
চিন্তাই আমাৰ মন আৰু মগজু উত্তেজিত কৰে, যিবোৰ চিন্তাই আমাক ভীতিগ্ৰস্থ কৰে, যিবোৰ
চিন্তাই আমাক হিংসুক বা অহংকাৰী কৰে সেইবোৰেই অপ্ৰয়োজনীয় চিন্তা। এনে অপ্ৰয়োজনীয়
চিন্তাবোৰৰ বাবে আমি মনত বৰ কষ্ট পাওঁ। এই চিন্তাবোৰ মনৰ পৰা দূৰ কৰিব পাৰিলেহে
মনত সদায় আনন্দ থাকিব আৰু আমি সুখী হ’ব পাৰিম। অপ্ৰয়োজনীয় চিন্তাবোৰ বিষাক্ত পোকৰ
দৰে। এই চিন্তাবোৰে আমাক বেয়া কাম বা পাপ কাম কৰিবলৈ উত্সাহিত কৰে। এনে চিন্তা
নাথাকিলে আমাৰ মনত পাপ ভাৱো নাথাকিব। মনত পাপ ভাৱ নথকা মানুহৰ আত্মা অতি পৱিত্ৰ হয়
আৰু তেওঁলোকে ঈশ্বৰৰ কৃপা লাভ কৰে। তেনে মানুহে সকলো জীৱ আৰু পাৰ্থিৱ বস্তুৰ মাজতেই
ঈশ্বৰক বিচাৰি পায়। তেওঁলোকে আনৰ সুখ দুখক নিজৰ দুখ সুখ বুলি ভাবে। তেনে মানুহেই
ভগবানৰ অতি প্ৰিয়পাত্ৰ হয়”। ককাকে ক’লে।
“আমাৰ মন অপ্ৰয়োজনীয় চিন্তাৰ পৰা মুক্ত হ’লে আমাৰ কি লাভ হ’ব ককা?” প্ৰীতিয়ে
সুধিলে।
“গীতাত ভগবান শ্ৰীকৃষ্ণই কৈছে, যি মানুহে একাগ্ৰভাৱে স্থিৰ
হৈ ঈশ্বৰৰ আৰাধনা কৰে, সকলো জীৱৰ মাজত ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰে, আনৰ আৰু নিজৰ
সুখ দুখ একেধৰণে অনুভৱ কৰে সেই সকল মানুহে জীৱনত কেতিয়াও কষ্ট অনুভৱ নকৰে। ইয়াৰ
কাৰণ হ’ল তেওঁলোকৰ মনত অপ্ৰয়োজনীয় চিন্তাই বাহ ল’ব নোৱাৰে। তেওঁলোকে মনত পৰম
শান্তি অনুভৱ কৰে”।
“ককা, আমাৰ মনত সকলো সময়ত কিবা নহয় কিবা চিন্তাচোন আহিয়েই
থাকে। আমাৰ মন প্ৰায়েই চঞ্চল হয়। আমি মনক অপ্ৰয়োজনীয় চিন্তাৰ পৰা আঁতৰত ৰাখিবলৈ কি
কৰিব লাগিব”? নীলে সুধিলে।
“অৰ্জুনেও শ্ৰীকৃষ্ণক একেটা প্ৰশ্নই কৰিছিল। তেতিয়া
শ্ৰীকৃষ্ণই কৈছিল যে মনক বশ কৰিবলৈ হ’লে নিৰন্তৰ প্ৰয়াস কৰিব লাগে আৰু মনলৈ ত্যাগ
আৰু বৈৰাগ্যৰ ভাৱ আনিব লাগে। মনক বশ কৰিব নোৱাৰিলে ধ্যান বা যোগ কৰিব নোৱাৰি। মন
চঞ্চল, অতি বলবান, বৰ দৃঢ়। মহাপুৰুষ মাধৱদেৱেও নামঘোষাত এই বুলি লিখিছে -
মহা বলৱন্ত দুৰ্বাসনা ঘোৰ হৰি এ আমাৰ মনক তেজিয়া দূৰ
ন যায় ৰাম ৰাম।।
অৰ্থাৎ আমাৰ দুৰ্বাসনা বা দু:চিন্তাবোৰ অতি বলবান। সেইবোৰে
আমাৰ মন এৰি সহজতে দূৰলৈ নাযায়। কিন্তু
মানুহে দৃঢ়তাৰে বাৰম্বাৰ চেষ্টা কৰি কৰি মনক বশ কৰিবলৈ সক্ষম হয়। সেয়েহে
তহঁতেও খুব দৃঢ়মনা হৈ মনৰ পৰা অপ্ৰয়োজনীয় চিন্তাবোৰ দূৰ কৰিবলৈ সদায় প্ৰয়াস
কৰিবি”। ককাকে ক’লে।
“ককা, মই এটা কথা সোধোঁ। যিবিলাক সাধক বা যোগীয়ে বহু কষ্ট
কৰিও সাধনাত সিদ্ধি লাভ কৰিব নোৱাৰে সেইবিলাক মানুহৰ কি হয়? তেওঁলোকে ভগবানক পোৱাৰ
আনন্দ আৰু পাৰ্থিৱ আনন্দ দুয়োবিধৰ পৰা বঞ্চিত হয় নেকি”? নীলে সুধিলে।
“তই একেবাৰে উচিত কথাই সুধিছ নীল। একেটা কথাই অৰ্জুনেও
শ্ৰীকৃষ্ণক সুধিছিল। পৰীক্ষাত স্থান পোৱাৰ আশাত সকলোৱে কষ্ট কৰে, পঢ়া শুনা কৰে।
তাৰে কেইজনমানেহে স্থান লাভ কৰে। তেনেহ’লে স্থান লাভ কৰিব নোৱৰা সকলৰ চেষ্টা অথলে
যাব নেকি? কেতিয়াও নাযায়। তেওঁৰ চেষ্টাৰ ফলত যিখিনি জ্ঞান অৰ্জন কৰিলে সেইখিনিৰ
পৰা তেওঁক কোনেও বঞ্চিত কৰিব নোৱাৰে। গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক বুজাইছে যে মানুহৰ
ধ্যান বা সাধনা কেতিয়াও অথলে নাযায়। তেওঁলোকৰ কষ্টৰ ফল কেতিয়াও বিনাশ নহয়। সিদ্ধি লাভত সফল হ’ব নোৱৰা যোগী সকলে কোনোবা জ্ঞানী
যোগীৰ পৱিত্ৰ ঘৰতেই পুনৰ জনম লাভ কৰে। তেওঁলোকৰ পূৰ্বৰ জনমত
আৰ্জিত জ্ঞানে নতুন জীৱনত পূৰ্ণতা লাভ কৰে। আগৰ জনমৰ আধ্যাত্মিক জ্ঞান আৰু
যোগাভ্যাসৰ বলত তেওঁলোক স্বয়ং ক্ৰিয় ভাৱে ভগৱানৰ প্ৰতি আকৰ্ষিত হয়। বেদৰ সকলো
জ্ঞান লাভ কৰি, মনক সম্পূৰ্ণকৈ নিয়ন্ত্ৰণ কৰি তেওঁলোক সকলো পাপৰ পৰা মুক্ত হয় আৰু
সিদ্ধি লাভ কৰে”।
“ককা, আমি তাৰ কাৰণে কি কৰিব লাগিব”? প্ৰীতিয়ে সুধিলে।
“তহঁতে সদায় মনক শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিবি। কোনো
কথাতে মন যাতে উত্তেজিত নহয় তাৰ বাবে প্ৰয়াস কৰিবি। সদায় ধ্যান কৰি মনক বশ কৰিবলৈ
চেষ্টা কৰিবি। আনৰ বাবে ত্যাগ আৰু নিজৰ বাবে বৈৰাগ্যৰ ভাৱনা মনলৈ আনিবলৈ চাবি। মনক
জয় কৰিব পাৰিলে যিকোনো কামতে তহঁতে সহজেই সফল হ’ব পাৰিবি। যিবিলাক মানুহে মনক জয়
কৰিব পাৰিছে, তেওঁলোকৰ স্থান আন সকলো মানুহতকৈ ওপৰত। তেনে মানুহৰ স্থান আনকি আমি
জ্ঞানী বুলি সমীহ কৰা লোক সকলতকৈও ওপৰত। গীতাত ভগৱানে অৰ্জুনকো তেনে এজন মানুহ
হ’বলৈ উপদেশ দিছে”। ককাকে ক’লে।
“ককা আমি সদায় ধ্যান কৰিলে মনক জয় কৰিব পাৰিমনে”? ৰানীয়ে
সুধিলে।
“নিশ্চয় পাৰিবি। মনক জয় কৰিবলৈ ধ্যানেই একমাত্ৰ পথ। তহঁতক
মই ধ্যান কৰিবলৈ শিকাইছিলোঁ নহয়নে? সদায় নিয়মীয়াকৈ ধ্যান কৰিবি। ধ্যানৰ সময়খিনিত
মনলৈ যাতে অপ্ৰয়োজনীয় চিন্তা নাহে তাৰ বাবে চেষ্টা কৰিবি। এনেদৰে সদায় চেষ্টা কৰি
থাকিলে এদিন নহয় এদিন তহঁতেও মনক সম্পূৰ্ণ জয় কৰি বিমল আনন্দ লাভ কৰিব পাৰিবি।
আজিলৈ ইমানতে সামৰিছোঁ। তহঁতে মই কোৱা কথাবোৰ মনত ৰাখিবি”। ককাকে ক’লে।
“হ’ব ককা”। আটাইকেইটা ল’ৰা ছোৱালীয়ে একেলগে মাত দিলে।
No comments:
Post a Comment