Wednesday, September 23, 2015

পঞ্চম অধ্যায়: কৰ্ম-সন্যাস যোগ

(পঞ্চম অধ্যায়: কৰ্ম-সন্যাস যোগ)

ধ্যানৰ মহিমা

আবেলি খেলা ধুলা কৰি  হাত ভৰি ধুই ল’ৰা ছোৱালী কেইটাৰ ককাকৰ ওচৰলৈ যোৱাটো অভ্যাস হৈ পৰিছে। মাক হঁতেও লক্ষ কৰিছে, ককাকৰ পৰা গীতাৰ মৌৰস পান কৰিবলৈ আৰম্ভ কৰাৰ পৰা ল’ৰা ছোৱালীকেটাই বহুতো কথা বুজি পোৱা হৈছে। সন্ধিয়া পঢ়া শুনা কৰাৰ আগতে প্ৰাৰ্থনা কৰিবলৈ এতিয়া আৰু সিহঁতক ক’ব নালাগে।

ককাকেও আগ্ৰহেৰে সন্ধিয়াৰ এই সময়কণলৈ ৰৈ থাকে। তেওঁ সিহঁতক ক’ব লগীয়া গীতাৰ কথাখিনি জুকিয়াই লয়। গীতাৰ কথাবোৰ বুজি পাবলৈ পুৰঠ মনৰ দৰকাৰ হয়। কিন্তু তেওঁ ভাবে গীতাৰ কথাবোৰে ল’ৰা ছোৱালীহঁতৰ মনবোৰ পুৰঠ কৰিবলৈ সহায় কৰে।

চাৰিওটা ল’ৰা ছোৱালীক কাষত বহুৱাই লৈ ককাকে ক’লে, “আমি যে যোৱাবাৰ জ্ঞান – সন্যাস - কৰ্মফলৰ কথা পাতিছিলোঁ, তহঁতে আটায়ে কথাখিনি ভালদৰে বুজিব পাৰিলিনে”?

“ককা, এটা কথা মই বুজি পোৱা নাই। শ্ৰীকৃষ্ণই অৰ্জুনক এহাতে কৈছে যে নিজৰ সকলো কাম ভগৱানৰ নামত অৰ্পন কৰিব লাগে, আনহাতে কৈছে যে যিকোনো পৰিস্থিতিতে নিজৰ কামত মগ্ন হৈ থাকিব লাগে। এজন মানুহে ভগৱানৰ কথা ভাবিব নে নিজৰ কামৰ কথা ভাবিব”? নীলে সুধিলে।

“তই একেবাৰে সঠিক প্ৰশ্ন কৰিছ। এই একেধৰণৰ প্ৰশ্নই অৰ্জুনেও শ্ৰীকৃষ্ণক কৰিছিল। অৰ্জুনে সুধিছিল, ভগৱানৰ নামত সকলো কৰ্ম অৰ্পন কৰি সন্যাসী হৈ বহি থকাটো ভাল নে নিজৰ কামত বিভোৰ হৈ কাম কৰি থকাটো ভাল”। ককাকে ক’লে।

“শ্ৰীকৃষ্ণই কি উত্তৰ দিলে ককা”, ৰাণীয়ে সুধিলে।

“শ্ৰীকৃষ্ণই ক’লে যে ভগৱানৰ নামত সকলো অৰ্পন কৰি সন্যাসী হৈ যি ফল পাব পাৰি নিজৰ কামত আত্ম বিভোৰ হৈ থাকিও সেই একেও ফল পাব পাৰি। কিন্তু শ্ৰীকৃষ্ণই এইবুলিও কৈছে যে সকলো কাম বন এৰি সন্যাসী হোৱাতকৈ নিজৰ সমস্ত ধ্যান আৰু মনোযোগ সহকাৰে কামত মগন হৈ থকাটো বেছি ভাল”। ককাকে ক’লে।

“ককা, আমি যে বাটে ঘাটে গেৰুৱা কাপোৰ পিন্ধা, দীঘল দাঢ়ি চুলি থকা মানুহবোৰ দেখোঁ, সেইবোৰেই সন্যাসী নেকি”? প্ৰীতিয়ে সুধিলে।

“অকল গেৰুৱা কাপোৰ পিন্ধিলেই বা দাঢ়ি চুলি দীঘলকৈ ৰাখিলেই মানুহ সন্যাসী হ’ব নোৱাৰে। শ্ৰীকৃষ্ণই সন্যাসী কোন হয় সেই কথাও গীতাত বুজাই দিছে। যিবোৰ মানুহে সদায় আনৰ উপকাৰ কৰাৰ বাবেই কাম কৰে, যিবোৰ মানুহৰ মনত আন কোনো মানুহৰ প্ৰতি ঘৃণাৰ ভাৱ নাই, যিবোৰ মানুহে নিজৰ কামৰ পৰা একো ফল নিবিচৰাকৈ নিতৌ কাম কৰি থাকে, তেওঁলোকহে প্ৰকৃত সন্যাসী। তেওঁলোক সকলো প্ৰকাৰৰ বন্ধনৰ পৰা মুক্ত হৈ পৰম আনন্দময় জীৱন যাপন কৰে”। ককাকে ক’লে।
“তেনেহ’লে ককা, আমি সকলোৱে সন্যাসী হোৱাটোৱেই ভাল নেকি”? ৰাণীয়ে সুধিলে। ৰাণীৰ কথাত বাকী কেইটা ল’ৰা ছোৱালীয়ে হাঁহিলে।

“শ্ৰীকৃষ্ণই কৈছে, মানুহে সন্যাস আৰু জ্ঞানৰ দ্বাৰা যিখিনি পাব পাৰে, সেই একেখিনিয়েই নিজৰ কামত মগন হৈ থাকিও পাব পাৰে। সেই কাৰনে নিজৰ কামত নিমগ্ন লোকক কৰ্মযোগী বোলা হয়। তেওঁলোকে কৰ্মকে যোগ বা প্ৰাৰ্থনা হিচাপে গণ্য কৰে। মহাত্মা গান্ধী এনে এগৰাকী কৰ্মযোগী আছিল। কিছুমান মানুহে ভাবে যে সকলো কাম এৰি অকল ভগৱানৰ পূজা সেৱা কৰিলেহে মানুহে ভগৱানক পাব পাৰি। কিন্তু এয়া সঁচা নহয়। নিজৰ কাম নিয়াৰিকৈ কৰাটোও ভগৱানৰেই প্ৰাৰ্থনা। আকৌ, ভগৱানৰ পূজা সেৱাও যদি সম্পূৰ্ণ ভক্তি আৰু সমৰ্পনৰ মনোভাৱেৰে কৰা নহয়, তেনে পূজাও আচলতে নিৰৰ্থক”ককাকে বুজাই দিলে।

“ককা, ভগৱানে আচলতে কেনে মানুহক ভাল পায়”? ৰাণীয়ে সুধিলে।

“যি মানুহে নিজৰ কৰ্তব্যকে ভগবানৰ ওচৰত পূজা - সেৱা বুলি গণ্য কৰি ভালদৰে নিজৰ কাম কৰি যায়, যি মানুহৰ অন্তৰ শুদ্ধ, যি মানুহে নিজকে আৰু নিজৰ ইন্দ্ৰিয় সমূহ নিয়ন্ত্ৰণ কৰিব পাৰে, যি মানুহে নিজৰ মাজত আৰু আন সকলো প্ৰাণীৰ মাজত ভগৱানৰ অস্তিত্ব বিচাৰি পায়, তেনে মানুহকে ভগৱানে ভাল পায়। তেনে মানুহৰ অন্তৰত ভগৱানে স্থিতি লয়। তেনে মানুহে আনকি চকুৰে দেখোঁতে, কাণেৰে শুনোতে, হাতেৰে ষ্পৰ্শ কৰোঁতে, খাওঁতে, ক’ৰবালৈ যাওঁতে, টোপনি যাওতে আনকি উশাহ নিশাহ লোৱাৰ সময়তো ভগৱানৰ অস্তিত্ব নিজৰ মাজত অনুভৱ কৰে। তেওঁ নিজে একো নকৰে, ভগৱানেহে তেওঁৰ হতুৱাই কাম কৰোৱায়”। ককাকে ক’লে।

“ককা, ভগৱানে মানুহৰ হতুৱাই কেনেকৈ কাম কৰোৱায়। এয়া কেনেদৰে সম্ভৱ”? অভিয়ে সুধিলে।

ককাকে হাঁহি মাৰি ক’লে, “আমি যদি সকলো কাম ভগৱানৰ ইচ্ছা মতেহে সম্পন্ন হয় বুলি বিশ্বাস কৰিব পাৰোঁ, আমি কৰা যিকোনো কাম ভগৱানেহে আমাৰ দ্বাৰা কৰোৱায় বুলি ভাবিব পাৰোঁ, তেতিয়া আমি  নিজেই অনুভৱ কৰিব পাৰিম যে আমি কৰা প্ৰতিটো কামেই ভগবানে আমাৰ দ্বাৰা কৰোৱাইছে। আমি নিজৰ কাম সম্পূৰ্ণ নিস্থাৰে কৰি যাম। কিন্তু সেই কাম প্ৰকৃতিৰ কিছুমান নিয়মৰ অধীনত ভগৱানৰ দ্বাৰাহে সম্পন্ন হৈছে বুলি অন্তৰত বিশ্বাস ৰাখিব পাৰোঁ। তেনে বিশ্বাস ৰাখিব পৰা মানুহৰ হতুৱাই ভগৱানে কাম কৰোৱায়”।

“কিন্তু ককা, তেনেহ’লে মানুহে বেয়া কাম, পাপ কাম কৰিলেও সেই কাম ভগৱানে কৰোৱা বুলি ভাবিব নেকি”? নীলে আচৰিত হৈ সুধিলে।

“যি মানুহে তেওঁৰ সকলো কৰ্ম ভগৱানৰ নামত সমৰ্পন কৰে, তেওঁ সকলো প্ৰকাৰৰ আসক্তি আৰু কৰ্ম ফলৰ পৰা মুক্তি পায়। সেই কাৰ্য তেতিয়া আৰু বেয়া কাম বা পাপ হৈ নাথাকে। পাপ পুন্য মানুহে নিজে সৃষ্টি কৰা বিচাৰ। ভগৱানৰ দৃষ্টিত ভগৱানৰ নামত সমৰ্পিত সকলো কামেই পুন্যৰ কাম। তেনে কাম মানুহৰ দৃষ্টিত পাপ হ’লেও সেই পাপৰ ফল কৰ্তাজনে কেতিয়াও ভোগ কৰিব লগীয়া নহয়”। ককাকে ক’লে।

“তেনেহ’লে ককা, দুষ্ট লোক সকলে দেখোন নিজে কৰা পাপ সমূহকো ভগৱানৰ নামত সমৰ্পিত কৰি সেয়া পুন্যৰ কাম কৰা বুলি ভাবিব। বহুতো এনে ধাৰ্মিক মানুহ আছে যিবোৰে ভগৱানৰ নামত এনে পাপ কাম কৰি আছে। এয়াতো ভাল কথা নহয় ককা”। অভিয়ে ক’লে।

“আমি তাতেই ভুল কৰোঁ। এজন মানুহে ভগৱানৰ নামত সমৰ্পন কৰিলেই সেই কাম যে ভগৱানে গ্ৰহণ কৰিব সেয়াও সত্য নহয়। ভগৱানে এনে কামহে গ্ৰহণ কৰে যিবোৰ কাম কৰোঁতে মানুহে কোনো ফলৰ আশা  নকৰে আৰু যিবোৰ কামৰ দ্বাৰা সমগ্ৰ মানৱ জাতিৰ উপকাৰ আৰু কল্যাণ হয়যিবোৰ মানুহে নিজৰ ইন্দ্ৰিয় সমুহ দমন কৰিব পাৰিছে, যিবোৰ মানুহে সকলো পাৰ্থিৱ বস্তুৰ প্ৰতি মায়া মোহ ত্যাগ কৰিব পাৰিছে, যি সকলে ফল লাভৰ আসক্তিত কাম নকৰে বা আনৰ দ্বাৰাও নকৰোৱায়, তেনে মানুহৰ কামহে ভগবানে গ্ৰহণ কৰেসেয়েহে ভগৱানৰ নামত উচৰ্গা কৰা প্ৰতিটো কামেই হ’ব লাগিব পৱিত্ৰ, নিষ্কাম, আসক্তি ৰহিত আৰু পৰোপকাৰী”

“ককা, তাৰমানে ভগৱানে আমাক ভাল পালেহে আমাৰ কাম গ্ৰহণ কৰিব নহয়নে”? ৰাণীয়ে সুধিলে।

“ভগৱানে আমাক সদায় ভাল পায়, কাৰণ ভগবান আমাৰ সৃষ্টিকৰ্তাকিন্তু আমি আমাৰ কিছুমান কামেৰে ভগৱানক প্ৰায়ে অসন্তুষ্ট কৰি থাকোঁ। আমি কেৱল ভাল কামেৰেহে ভগৱানৰ ওচৰ চাপিব পাৰোঁ। সেই ভাল কামেই হ’ল জ্ঞান আৰু কৰ্মৰ সাধনা। আগতেও আমি জ্ঞান আৰু কৰ্মৰ সাধনাৰ কথা পাতিছোঁ। দুয়োবিধ সাধনাতে ভগৱানৰ প্ৰতি অটল বিশ্বাস ৰাখিব লাগিব, ভগৱানৰ চৰণত নিজকে সমৰ্পন কৰি আগবাঢ়িব লাগিব। তেতিয়াহে আমি ভগৱানে ভাল পোৱা কাম কৰিব পাৰিম”।

“কিন্তু ককা, মানুহে সদায় ভগৱানে ভাল পোৱা কাম কিয় নকৰে”? প্ৰীতিয়ে সুধিলে।

“কাৰণ মানুহে ভগৱানৰ অস্তিত্বৰ কথা পাহৰি থাকে। মানুহে বিপদত পৰিলেহে ভগৱানৰ নাম লয়। আমি যদি সদায় অনুভৱ কৰোঁ যে আমি কৰা প্ৰতিটো কাম ভগৱানৰ উদ্দেশ্যেহে কৰা উচিত, আমি কেতিয়াও বেয়া কাম নকৰোঁ। ভগৱানে কেতিয়াও মানুহক কোনো কাম কৰিবলৈ বাধ্য নকৰে, কোনো কামৰ কৰ্মফলো মানুহৰ ওপৰত জাপি নিদিয়ে। কিন্তু কাম আৰু কৰ্মফলৰ সংযোগ এক স্বাভাৱিক প্ৰক্ৰিয়া।

গীতাৰ পঞ্চম অধ্যায়ৰ শ্লোক নং ১৪ত শ্ৰীকৃষ্ণই কৈছে –

ন কৰ্তৃত্বং ন কৰ্মাণি লোকস্য সৃজতি প্ৰভূ।
ন কৰ্মফল সংযোগং স্বভাৱস্তু প্ৰৱৰ্ততে।।

এই শ্লোকটোত কোৱা হৈছে যে ভগৱানে মানুহক কোনো কাম কৰিবলৈ বাধ্য নকৰে। কাম আৰু কৰ্মফলৰ সংযোগো ভগৱানে নিৰূপন নকৰে। এই সকলোবোৰ স্বাভাৱিক ভাৱে সম্পন্ন হয়”। ককাকে ক’লে।

“ককা, তুমি চোন কৈছিলা, ভগৱানৰ ওচৰত সমৰ্পিত হৈ কাম কৰিলে মানুহে কৰ্মফলৰ পৰা মুক্তি পায়যদি কৰ্ম আৰু কৰ্মফল স্বাভাৱিক ভাৱেই হয়, তেনেহ’লে ভগৱানৰ ওচৰত সমৰ্পিত হৈ কাম কৰিলে সেই ফল ভগৱানৰ ওচৰলৈহে যায় নেকি”? অভিয়ে সুধিলে।

“এইটো বৰ ভাল প্ৰশ্ন কৰিলি। গীতাত ষ্পষ্টকৈ কোৱা হৈছে যে ভগৱানে কোনো মানুহৰ পাপ বা পুণ্যৰ ফল গ্ৰহণ নকৰে। কৰ্মফল স্বাভাৱিক প্ৰক্ৰিয়াত কৰ্ম কৰা জনেই পাব। কিন্তু গীতাৰ জ্ঞানৰ সহায়ত মানুহে এই কৰ্মফলৰ প্ৰভাৱৰ পৰা নিজকে মুক্ত কৰিব পাৰে। জ্ঞানী মানুহে কৰ্মফল হাঁহিমুখে গ্ৰহণ কৰে আৰু কোনো পৰিস্থিতিতে বিচলিত নহয়। যিকোনো পৰিস্থিতিতে নিজৰ মানসিক অৱস্থা নিয়ন্ত্ৰণত ৰাখিব পাৰিলেই মানুহে কৰ্মফলৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব পাৰে”। ককাকে বুজাই দিলে।

“কথাটো ভালদৰে বুজাই দিয়াচোন ককা”, প্ৰীতিয়ে ক’লে।

“মই এটা উদাহৰণ দিছোঁ। এজন ছাত্ৰই পৰীক্ষা দিয়াটো তেওঁৰ কৰ্ম। সেয়েহে নিস্থাৰে পঢ়া শুনা কৰি এই কৰ্ম তেওঁ ভগৱানৰ ওচৰত সমৰ্পন কৰা উচিত। ভগৱানৰ ওচৰত নিজৰ কৰ্ম সমৰ্পন কৰিলেও এদিন সেই পৰীক্ষাটোৰ ফলাফল ওলাবইযি ছাত্ৰই ভগৱানৰ ওচৰত সমৰ্পিত হৈ পৰীক্ষা দিয়ে, তেওঁ যিকোনো ফলাফল হাঁহিমুখে স্বীকাৰ কৰি ল’ব পাৰে। পৰীক্ষাৰ ফলাফলে তেওঁক বিচলিত কৰিব নোৱাৰে, কাৰণ তেওঁ বিশ্বাস কৰে যে কৰ্মহে তেওঁৰ নিয়ন্ত্ৰণত থাকে, ফলাফল নহয়”। ককাকে ক’লে।
“ককা, তুমি যে কৈছা জ্ঞানী মানুহে কৰ্মফল হাঁহিমুখে গ্ৰহণ কৰে, কোনবোৰ মানুহকনো আমি জ্ঞানী মানুহ বুলি ক’ম”? ৰাণীয়ে সুধিলে।

“যিবোৰ মানুহে শিক্ষিত অশিক্ষিত, ধনী দুখীয়া, জ্ঞানী অজ্ঞানী সকলোকে সমান দৃষ্টিৰে চায়, যি মানুহে কুকুৰ, শিয়াল, গাধ আদিৰ মাজতো ভগৱান দেখা পায়, সেইবোৰ মানুহেই জ্ঞানী, কাৰণ তেওঁলোকে বুজি পায় যে আত্মা সকলোৰে একে। সেয়ে মহাপুৰুষ শংকৰদৱেও লিখিছে –

কুক্কুৰ শৃগাল গদৰ্ভৰো আত্মা ৰাম।
জানিয়া সবাকো কৰিবা প্ৰনাম”।

অৰ্থাৎ কুকুৰ, শিয়াল, গাধ আদি নানান প্ৰাণীৰ মাজতো ভগৱানৰ অস্তিত্ব আছে, কাৰণ ভগৱানেই হ’ল সকলোৰে সৃষ্টিকৰ্তা। যিহেতু সকলোৰে মাজত আত্মা বিৰাজমান হৈ আছে, সেয়েহে সকলোৱে এই জীৱ জন্তু বোৰকো মৰম আৰু শ্ৰদ্ধা কৰিব লাগে”।

“তাৰ মানে হ’ল ককা, মানুহ জীৱ – জন্তু, পশু পক্ষী সকলোকে সমান চকুৰে চোৱা মানুহকে জ্ঞানী মানুহ বুলি কোৱা হয় নহয়নে ককা”? ৰাণীয়ে বুজাৰ সুৰত ক’লে।

“তই ঠিকে বুজিছ। সকলোকে সমভাৱে চোৱাৰ উপৰিও জ্ঞানী মানুহ হয় স্থিৰ বুদ্ধিৰ, সাহসী আৰু উদাৰ। তেওঁলোকে মনে বিচৰা ফল পালেও আনন্দত উত্ৰাৱল নহয়, সেইদৰে মনে বিচৰা ফল নাপালেও বিষাদত ভাঙি নপৰে। তেওঁলোকৰ আত্মাই বাহিৰত নহয়,  নিজৰ মনৰ মাজতে সুখ বিচাৰি পায়। এতিয়া তহঁতে বুজিলিনে জ্ঞানী ব্যক্তি কাক কোৱা হয়”? ককাকে সুধিলে।

“বুজিলোঁ ককা। ককা, যিবোৰ মানুহৰ এইবোৰ গুণ নাই, তেওঁলোক আটায়ে অজ্ঞানী নেকি”? অভিয়ে সুধিলে।

“যিবোৰ মানুহে নিজৰ মনৰ মাজত আনন্দ নিবিচাৰি বাহিৰৰ বস্তুৰ মাজত আনন্দৰ সন্ধান কৰে, যিবোৰ মানুহে বাহ্যিক ৰং ৰহইচ আৰু মনোৰঞ্জনৰ মাজতহে আনন্দ বিচাৰি পায়, তেওঁলোক আচলতে অজ্ঞানী। বাহিৰৰ পৰা পোৱা আনন্দৰ আৰম্ভণিও আছে আৰু সমাপ্তিও আছে। সেয়ে তেনে আনন্দ চিৰস্থায়ী নহয়। তেনে আনন্দই শেষত দুখহে আনে। কিন্তু অজ্ঞানী লোকে সেই ক্ষণস্থায়ী আনন্দতে মতলীয়া হৈ দুখ কষ্ট ভোগ কৰে”। ককাকে ক’লে।

“তেনেহ’লে ককা, আমি হাঁহি ফূৰ্তি কৰাটো বেয়া কথা নেকি”? ৰাণীয়ে সুধিলে।

“নহয়, হাঁহি ফূৰ্তি কৰাটো কেতিয়াও বেয়া হ’ব নোৱাৰে। কিন্তু হাঁহি ধেমালি, ফূৰ্তি তামাছাত মছগুল হৈ সেই আনন্দত আপোন পাহৰা হৈ থকাটোহে ভাল কথা নহয়। বাহ্যিক মনোৰঞ্জনৰ পৰা আহৰণ কৰা আনন্দ বেছি সময় নাথাকে। সেইবাবে আমি নিজৰ মাজতে আনন্দৰ সন্ধান কৰিব লাগে। যি মানুহে সুখ বা দুখ একোতে বিচলিত নহয়, কাম ক্ৰোধৰ দ্বাৰা প্ৰভাৱিত নহয়, অন্তৰাত্মাৰ মাজত সুখৰ আঁকৰ বিচাৰি পায় সেই সকল মানুহকেই যোগী বোলা হয় আৰু তেওঁলোকেই প্ৰকৃততে সুখী হ’ব পাৰে”ককাকে ক’লে।

“ককা, আমিও তেনে মানুহ হ’ব পাৰিমনে”? প্ৰীতিয়ে সুধিলে।

“নিশ্চয় পাৰিবি। তেনে অৱস্থাত উপনীত হ’বলৈ হ’লে ধ্যান কৰিবলৈ শিকিব লাগিব। মই আজি তঁহতক ধ্যান কৰিবলৈ শিকাম। এই ধ্যান কৰাৰ অভ্যাস নিয়মিত ভাৱে কৰিলে তহঁতেও মনৰ ভিতৰতে পৰম আনন্দৰ সন্ধান পাবি”।

“মই কওঁ কওঁ বুলি ভাবিয়েই আছিলোঁ ককা। ধ্যান বা মেডিটেশ্যনৰ বহুত উপকাৰ আছে বুলি আমাক স্কুলত ছাৰেও কৈছে। মেডিটেশ্যন কৰিলে হেনো মনোযোগ বৃদ্ধি হয়। আমাক মেডিটেশ্যন শিকালে আমাৰো বহুত উপকাৰ হ’ব নহয়নে ককা”? নীলে ক’লে।

“ঠিকেই কৈছ। এতিয়া তহঁত আটায়ে  মজিয়াত পোন হৈ বহ। চকু দুটা মুদু দীঘলকৈ উশাহ ল”। ককাকৰ কথা মতে আটাইকেইটাই মজিয়াত পোন হৈ বহি চকু মুদি দীঘলকৈ উশাহ লবলৈ আৰম্ভ কৰিলে।

“এতিয়া তহঁতে একো নভবাকৈ থাকিবলৈ যত্ন কৰ। সকলো চিন্তা মনৰ পৰা উলিয়াই দে। কপালত দুই চেলাউৰিৰ মাজত থকা অংশত মনোযোগ ৰাখিবলৈ চেষ্টা কৰ। উশাহ আৰু নিশাহৰ ওপৰত বিশেষ ভাবে মন কৰ। প্ৰতিবাৰ উশাহ লওঁতে আৰু নিশাহ এৰোঁতে নাকৰ মাজেৰে শৰীৰলৈ অহা যোৱা কৰা বতাহ খিনিৰ প্ৰতি মন কৰ। দীঘলীয়া উশাহ ল, আকৌ দীঘলীয়াকৈ নিশাহ এৰি দে। মনৰ সকলো চিন্তা কেৱল উশাহ আৰু নিশাহৰ ওপৰত কেন্দ্ৰীভূত কৰ। এনেদৰে যিমান সময় পাৰ বহি থাক”।

ককাকৰ কথা মতে আটায়ে দীঘল দীঘলকৈ উশাহ নিশাহ লৈ নাকেৰে ওলোৱা আৰু সোমোৱা বায়ুৰ প্ৰতি মনোযোগ দি কিছু সময় বহি থাকিল। দহ মিনিট মান যোৱাৰ পিছত ককাকে ক’লে, “আজি তহঁতক মই ধ্যান কৰিবলৈ শিকালোঁ। সদায় ৰাতিপুৱা আৰু সন্ধিয়া দহ পোন্ধৰ মিনিট সময় ধ্যান কৰাৰ অভ্যাস কৰিবি। ধ্যান মনক নিয়ন্ত্ৰিত কৰাৰ এক শ্ৰেষ্ঠ উপায়। এই উপায় গীতাৰ পঞ্চম অধ্যায়ত ভগৱান শ্ৰীকৃষ্ণই নিজেই অৰ্জুনৰ যোগেদি মানুহক জনাইছে”।

“ককা, মেডিটেশ্যন কৰি সঁচাকৈয়ে মনটো ইমান যে ভাল লাগি গ’ল। আজিৰ পৰা পুৱা গধুলি মই মেডিটেশ্যন কৰিমেই”। নীলে ক’লে।

“আমিও কৰিম ককা”, প্ৰীতি আৰু ৰাণীয়ে যোগ দিলে। “আমি সকলোৱে কৰিম”। অভিয়ে ক’লে।

“আজিলৈ সামৰিছোঁ। তহঁতে ঘৰৰ সকলো মানুহকে ধ্যান কৰিবলৈ শিকাই দিবি। কাৰণ যিকোনো বয়সৰ মানুহে ধ্যান কৰি উপকাৰ লাভ কৰিব পাৰে”। ককাকে ক’লে।


No comments:

Post a Comment