কৰ্মই ধৰ্ম
এতিয়া বতৰ
ভাল হৈছে। ঘৰৰ সন্মুখৰ পথাৰ খনত ল’ৰা ছোৱালীহঁতে
খেলিছে।
ককাক
জনাৰ্দন মহন্তই মুঢ়া এটাত বহি লৈ ল’ৰা ছোৱালীহঁতৰ খেল
চাইছে। ল’ৰাবোৰে ফুটবল খেলিছে। ছোৱালীহঁতে বেডমিণ্টন খেলিছে।
বেলি পৰি অহাৰ পিছতে অভি আৰু নীল খেল সামৰি ককাকৰ ওচৰ পালেহি।
“ককা, আমি আজি ফুটবলত বেয়াকৈ হাৰিলোঁ। এতিয়া আৰু খেলিবলৈ মন যোৱা নাই। তোমাৰ
সাধু শুনিবলৈহে মন গৈছে”। নীলে ক’লে।
“ওঁ ককা,
আমাক যে গীতাৰ কাহিনী কৈ আছিলা। আজি পিছৰ খিনি শুনিম”। নীলে
ক’লে।
“তহঁতে আটাইয়ে
হাত ভৰি ধুই ভগবানৰ নাম লৈ মোৰ ওচৰলৈ আহ। প্ৰীতি আৰু ৰাণীকো লৈ আহ”। এই
বুলি ককাকে কোঠাৰ ভিতৰলৈ খোজ ল’লে।
অলপ সময়ৰ
পিছতে চাৰিওটা ল’ৰা-ছোৱালী হাত-ভৰি ধুই ককাকৰ কাষত বহিলহি।
“যোৱাকালি মই
তহঁতক কোৱা কথাবোৰ মনত আছে নে”? ককাকে আটাইকেইটালৈ চাই
সুধিলে।
“আছে ককা,
আমি শ্ৰীকৃষ্ণই অৰ্জুনক জ্ঞান দিয়াৰ কাহিনী শুনিছিলোঁ”। অভিয়ে
ক’লে।
“শ্ৰীকৃষ্ণই
অৰ্জুনক কি জ্ঞান দিয়াৰ কথা কৈছিলোঁ মনত আছেনে”? ককাকে অভিলৈ
চাই সুধিলে।
“ককা, শ্ৰীকৃষ্ণই অৰ্জুনক জ্ঞান দিলে যে মানুহৰ আত্মা অজৰ অমৰ। সেই কাৰণে মানুহে
কেতিয়াও কোনো কথাতে দুখ কৰিব বা ভয় খাব নালাগে। মই ঠিকে কৈছোনে ককা”? অভিয়ে ককাকলৈ চালে।
“একেবাৰে সঠিক
কথা কৈছ। তহঁতে কথাবোৰ বুজি পোৱা বাবে বৰ সন্তোষ পাইছোঁ”। ককাকৰ
মুখত হাঁহি বিৰিঙি গ’ল।
“কিন্তু ককা,
যদি মানুহৰ আত্মা অজৰ অমৰ হয়েই, তেনেহ’লে মানুহে ভাল কামনো কিয় কৰিব লাগে। কোনেওতো আত্মাক একো কৰিব নোৱাৰে”। নীলে
সুধিলে।
“তই ভাল
প্ৰশ্নই কৰিছ নীল। এই একেটা প্ৰশ্নই গীতাৰ তৃতীয় অধ্যায়ত অৰ্জুনে শ্ৰীকৃষ্ণক
কৰিছে। অৰ্জুনে সুধিছে, যদি আত্মাৰ বিষয়ে জ্ঞান লাভেই মানুহৰ
জীৱনৰ মূল কথা, তেনেহ’লে শ্ৰীকৃষ্ণই
তেওঁক যুদ্ধ কৰাটো কিয় বিচাৰিছে। সেই সময়ত অৰ্জুনৰ মনত নানান ভাৱে খেলা কৰি আছিল।
নীলে কৰা প্ৰশ্নটোৰ দৰে অৰ্জুনেও জানিব বিচাৰিছিল, আত্মা যদি
অজৰ অমৰ, তেনেহ’লে ভাল কৰ্ম কৰাৰ
প্ৰয়োজন ক’ত”, ককাকে ক’লে।
“তেতিয়া
শ্ৰীকৃষ্ণই কি ক’লে ককা”? প্ৰীতিয়ে
সুধিলে।
“শ্ৰীকৃষ্ণই
অৰ্জুনক ক’লে যে কাম নকৰি বহি থকাটোহে মহা পাপ। সেয়েহে
মানুহে কাম কৰিবই লাগিব"। ককাকে ক'লে।
"কিন্তু
ককা, কিছুমান সন্যাসীয়ে যে কাম বন নকৰাকৈ কেৱল তপস্যা কৰি
থাকে"। অভিয়ে সুধিলে।
"এই জগতত
যিসকল সন্যাসী, যিসকলে সংসাৰৰ মায়া মোহ ত্যাগ কৰিছে, তেওঁলোকে একো নকৰাকৈ কেৱল জ্ঞানৰ সাধনা কৰিব পাৰে। তেওঁলোকৰ কাৰণে
জ্ঞানযোগ অতি উত্তম"। ককাকে ক'লে।
"বাকীবোৰে
কি কৰা উচিত ককা"? ৰানীয়ে সুধিলে।
"কিন্তু
যিসকলে সন্যাস লোৱা নাই, তেওঁলোকে একো নকৰাকৈ বহি থকাটো উচিত
নহয়। সেই সকলৰ বাবে উচিত হ’ল কৰ্মযোগ। শ্ৰীকৃষ্ণই অৰ্জুনক
বুজাই দিলে যে এই পৃথিৱীত মানুহে কাম নকৰি বহি থকাটো আতাইতকৈ ডাঙৰ পাপ। তেনে লোকে
কেতিয়াও ভগবানৰ আশিষ বা সিদ্ধি পাব নোৱাৰে”। ককাকে
ক’লে।
“সিদ্ধি
পোৱা মানে কি ককা”? ৰাণীয়ে সুধিলে।
“সিদ্ধি পোৱা
মানে হ’ল ভগৱানৰ কৰুণা আৰু আশিষ লাভ কৰা। ভগৱানৰ আশিষে
মানুহৰ মনলৈ সন্তুষ্টি আনে। সেয়াই হৈছে সিদ্ধি লাভ”। ককাকে
ক’লে।
“আমি কেনেকৈ
সিদ্ধি লাভ কৰিম ককা”? প্ৰীতিয়ে সুধিলে।
“ভক্তি সহকাৰে
নিজৰ কাম কৰি যোৱাটোৱেই সিদ্ধি লাভ কৰিবলৈ আটাইতকৈ সহজ আৰু উত্তম উপায়। আমি যদি
আমাৰ প্ৰতিটো কাম ভগৱানৰ চৰণত উচৰ্গা কৰিব পাৰোঁ, সেয়াই হ’ব সিদ্ধি লাভ”। ককাকে ক’লে।
“কাম নকৰাকৈ
থাকিলে সিদ্ধি পাব পাৰি নে নোৱাৰি ককা”? ৰাণীয়ে সুধিলে।
“নিজৰ কাম
অৱহেলা কৰা মানুহক ভগৱানে বেয়া পায়। তহঁতে যদি পঢ়া শুনা অৱহেলা কৰ, দিনটো শুই বহি বা অলাগতিয়াল কাম কৰি সময় কটাৱ ভগৱানে তহঁতক নিশ্চয় বেয়া
পাব”। ককাকে ক’লে।
“ককা, শুই বহি থাকিলে আমাৰ খুব আমনি লাগে। মই যে একো নকৰাকৈ থাকিবই নোৱাৰোঁ”। অভিয়ে
ক’লে।
“ঠিকেই। মানুহে
একো নকৰাকৈ থাকি কেতিয়াও আনন্দ পাব নোৱাৰে। সেই কাৰণেই মানুহে সদায় কামত ব্যস্ত হৈ
থাকিব লাগে। ভগবানে আমাক কাম কৰিবৰ বাবেহে সৃষ্টি কৰিছে। শুই বহি থাকিবৰ কাৰণে
নহয়। আমাৰ শৰীৰটো কামত ব্যস্ত ৰখাটো আমাৰ স্বাস্থ্যৰ বাবেও অতি জৰুৰী”। ককাকে
ক’লে।
“ককা, কাম মানে আমি ভাল কামহে কৰিব লাগে নহয়নে”? নীলে ক’লে।
“এৰা, আমাৰ সকলো কামেই উত্তম হোৱা উচিত। যি কামে আমাৰ মন আৰু দেহৰ ক্ষতি কৰিব
পাৰে, তেনে কাম কৰাটো তেনেই অনুচিত। কাম কৰোঁতে মনত সদায় ভাল
ভাৱ লৈ কৰিব লাগে। কিছুমান মানুহে দেখাত একো বেয়া কাম নকৰে, কিন্তু
মনত বেয়া ভাৱ ৰাখি কাম কৰে। তেনে কৰাটো
মিছা কথা কোৱাৰ লেখীয়া আৰু তেনে কৰাটো পাপ কাম বুলি গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে”। ককাকে
বুজাই দিলে।
“তাৰ মানে ককা,
মনত ভাল ভাৱ ৰাখি কৰা কামহে ভাল নেকি”? অভিয়ে
সুধিলে।
“তই একেবাৰে
ঠিক কথা কৈছ। আমি কাম কৰাৰ সময়তো ভগৱানৰ কথা ভাবিব পাৰিলে আমাৰ সকলো কামেই ভাল হ’ব”। ককাকে ক’লে।
“আমি পঢ়া শুনা
কৰাৰ সময়তো ভগৱানৰ কথা মনত ৰাখিব লাগিব, নহয়নে ককা”? প্ৰীতিয়ে সুধিলে।
“তহঁতে কথাটো
বুজি পোৱা কাৰণে মোৰ বৰ ভাল লাগিছে। ভগৱানৰ কথা মনত ৰাখিলেই নহ’ব, নিজৰ ইন্দ্ৰিয় সমূহক নিয়ন্ত্ৰণত ৰাখি ফলৰ প্ৰতি
সম্পূৰ্ণ নিৰাসক্ত হৈ কাম কৰিব লাগিব। তেনেকৈ কৰা কামেই হ’ল
শ্ৰেষ্ঠ কাম”। ককাকে ক’লে।
“কথাটো ভালদৰে
বুজাই দিয়াচোন ককা”। ৰাণীয়ে মূৰ
খজুৱাই ক’লে।
“আমি যোৱাবাৰযে
পাতিছিলোঁ আমাৰ ইন্দ্ৰিয়বোৰৰ কথা, তহঁতৰ মনত আছেনে নাই”?
ককাকে আটাইকেইটালৈ চাই সুধিলে।
“আছে ককা। আমাৰ
চকু, কাণ, নাক, জিভা,
ছাল এইবোৰেই আমাৰ ইন্দ্ৰিয়। নহয়নে ককা”? ৰাণীয়ে
ককাকলৈ চাই ক’লে।
“কথাবোৰ তহঁতে
মনত ৰখা বাবে মই ভাল পাইছোঁ। আমাৰ ইন্দ্ৰিয়বোৰৰ দ্বাৰাই আমি বাহিৰৰ জগতখন অনুভৱ
কৰিব পাৰোঁ। কিন্তু ইন্দ্ৰিয়বোৰক নিয়ন্ত্ৰণত নাৰাখিলে এইবোৰে আমাক বেয়া কাম কৰিবলৈ
আকৰ্ষিত কৰিব পাৰে। বেয়া বস্তু চাবলৈ, বেয়া কথা শুনিবলৈ,
বেয়া কথা ক’বলৈ মন যাব পাৰে”। ককাকে
ক’লে।
“তেনেকুৱা হ’লে আমি ভাল কাম কৰিব নোৱাৰিম নহয়নে ককা”? ৰাণীয়ে
সুধিলে।
“ঠিকেই,
আমাৰ সকলো কাম ইন্দ্ৰিয়বোৰক নিয়ন্ত্ৰণত ৰাখিহে কৰা উচিত। আমি কামৰ
পৰা একো ফল পাবলৈও হেপাহ কৰিব নালাগে। ফল লাভৰ আশা বাদ দি কৰা কামহে আচলতে ভাল কাম”। ককাকে
বুজাই দিলে।
“আমি যে সদায়
কিবা কিবি কাম কৰোঁ, সেইবোৰ কাম ভাল নে বেয়া কাম আমি কেনেকৈ
গম পাম ককা”, ৰাণীয়ে সুধিলে।
“তই বৰ ভাল
প্ৰশ্ন কৰিলি। সঁচাকৈয়ে কোনটো কাম ভাল, কোনটো কাম বেয়া
নিৰ্ধাৰণ কৰাটো কঠিন। মই যিটো কাম ভাল বুলি ভাবিছোঁ, সেই
কামটো আন এজনে বেয়াও বুলিব পাৰে নহয়নে”? ককাকে ক’লে।
“ভগৱানৰ নাম লৈ
কৰা কাম ভাল বুলি তুমিয়েইচোন কৈছা ককা”। অভিয়ে
ক’লে।
“ভগৱানৰ নাম লৈ
কৰা কাম ভাল। কিন্তু আমি কামৰ ভাল বেয়াৰ বিচাৰ নিজে নকৰি সেয়া ভগৱানৰ ওপৰত এৰিব
লাগে। আমি মাথোন এটা কথাই মনত ৰাখিব লাগে যে, যিবোৰ কামে আনৰ
উপকাৰ কৰে, যিবোৰ কাম ভগৱানৰ নামত উচৰ্গা কৰি কৰা হয়,
সেইবোৰ কামকে শ্ৰীকৃষ্ণই উত্তম কাম বুলি কৈছে। বুজি পাইছতো”। ককাকে
হাঁহি মাৰি ক’লে।
"ককা,
ভগৱানৰ নামত উচৰ্গা কৰা কামহে উত্তম কাম নেকি? আমি দেখোন ভগৱানৰ নাম নোলোৱাকৈও কিছুমান ভাল কাম কৰোঁ"। নীলে সুধিলে।
"কথাটো তই
ঠিকেই কৈছ। কিন্তু আমি ভাল কাম কৰিছোনে বেয়া কাম কৰিছোঁ সেয়া ফল চাইহে গম পাওঁ।
কিন্তু যিবিলাক কাম ভগৱানৰ নামত উচৰ্গা কৰা হয়, সেইবোৰ কামৰ
ফল চাব নালাগে। সেইবোৰ সদায় উত্তম কাম"। ককাকে ক'লে।
“ককা, আমি সকলো কাম কেনেকৈ ভগবানৰ ওচৰত উচৰ্গা কৰিব পাৰোঁ”? প্ৰীতিয়ে সুধিলে।
“ভগৱানৰ নামত
উচৰ্গা মানে হ’ল আমি কাম কৰি থাকোঁতে মনত এনে ভাব ৰাখিব লাগে
যে সেই কামটো আমি ভগবানক সন্তুষ্ট কৰিবলৈকে পৰম ভক্তিৰে কৰিছোঁ। যেতিয়া কামৰ লগত
ভক্তি মিহলি হয়, তেতিয়াই সেই কামটো খুব ভাল কাম হৈ পৰে।
সেয়াই হৈছে উত্তম কাম”। ককাকে বুজাই
দিলে।
“আমি নিজৰ কাম
ভগৱানক চিন্তা কৰি কৰিলেই ভগৱান সন্তুষ্ট হ'ব, নহয়নে ককা"? ৰাণীয়ে সুধিলে।
"আমি
ভগৱানক চিন্তা কৰি পৰীক্ষাৰ কাৰণে ভালদৰে পঢ়িলে ভগৱান সন্তুষ্ট হ’বনে ককা”? অভিয়ে সুধিলে।
"নিশ্চয় হ'ব। পঢ়া শুনা কৰাই তহঁতৰ কৰ্তব্য। এই কৰ্তব্য যদি ভগৱানৰ নাম লৈ কৰ,
তাতকৈ ভাল কথা একো হ'ব নোৱাৰে। তাতেই ভগৱান
সন্তুষ্ট হ'ব"। ককাকে ক'লে।
"ভগৱান
সন্তুষ্ট হ'লে আমি পৰীক্ষাতো ভাল কৰিব পাৰিম, নহয়নে ককা"? প্ৰীতিয়ে সুধিলে।
“শ্ৰীকৃষ্ণই
গীতাত কৈছে যে মানুহে যদি নিজৰ কামেৰে ভগৱানক সন্তুষ্ট কৰে, ভগৱানেও
সদায় মানুহক সন্তুষ্ট কৰিব। কিন্তু কেৱল ফলৰ আশা কৰি ভগৱানৰ কথা ভাবিব নাপায়। কাৰণ
কামৰ ফল আশা নকৰি কৰা কামৰ সুফল ভগৱানে সদায় মানুহক দিয়ে। বুজি পাইছতো”? ককাকে অভিলৈ চাই সুধিলে।
“কিন্তু ককা
আমি পৰীক্ষাত ভাল ফল হোৱাটোকে সদায় বিচাৰিম নহয় জানো”? নীলে
সুধিলে।
“ভাল ফল বিচাৰি
নিস্থাৰে কাম কৰিও যদি আশা কৰা মতে ফল পোৱা নাযায়, তেতিয়া
কেনে লাগে ক’চোন? পৰীক্ষাৰ ফল বেয়া হ’লে মন বেয়া লাগে নহয়েনে”? ককাকে নীললৈ চাই সুধিলে।
“পৰীক্ষা বেয়া
হ’লেতো মন বেয়া লাগিবই ককা”। নীলে
ক’লে।
“আমি কাম কৰিলে
ফলৰ আশা কিয় কৰিব নালাগে জাননে? ফলৰ আশা নকৰাকৈ কাম কৰিব
পাৰিলে সেই কামত অসফল হ’লেও মন কেতিয়াও বেয়া নালাগে। কিন্তু
ফলৰ আশাত কৰা কামত সফল নহ'লে আমি ভাঙি পৰোঁ"। ককাকে ক'লে।
"ফলৰ আশা
নকৰাকৈ কেনেকৈ কাম কৰিব পাৰি? আমি পৰীক্ষাত ভাল নম্বৰ পাবলৈ
সদায় আশা কৰোঁ। সেইটো বেয়া কথা নেকি ককা"? অভিয়ে সুধিলে।
"তহঁতে
যদি নিয়মিত ভাবে ভগৱানৰ নাম লৈ খুব ভালদৰে পঢ়া শুনা কৰি নিজৰ কৰ্তব্য পালন কৰ,
তেনেহ’লে পৰীক্ষাত ফল বেয়া হোৱাৰ কথাই নাই।
তহঁতে আশা নকৰাকৈয়ে পৰীক্ষাত ভাল ফল পাবি"। ককাকে ক'লে।
"আৰু যদি
ভাল ফল নাপাওঁ ককা"? ৰাণীয়ে সুধিলে।
"ভাল ফল
নাপালেও কথা নাই। তাৰ বাবে দুখ কৰিব নালাগে, কাৰণ কৰ্তব্য
কৰাটোহে তহঁতৰ হাতত আছে, ফলাফল নাই"। ককাকে ক'লে।
"ৰিজাল্ট
বেয়া হ'লে দেখোন আমাৰ সকলো চেষ্টা এনেয়ে যাব", প্ৰীতিয়ে ক'লে।
"এটা কথা
সদায় মনত ৰাখিবি যে, যে আমি যদি ভগবানৰ ভক্ত হৈ নিজৰ কৰ্তব্য
কৰোঁ, ভগৱান সন্তুষ্ট হয়। ভগবানেও আমাক এদিন নহয় এদিন সেই
কামৰ ফল দিবই। আমি আশা নকৰাকৈয়ে এদিন নহয় এদিন সেই ফল পামেই"। ককাকে ক’লে।
“ককা, আমি পৰীক্ষাত ভাল কৰিলে মা দেউতাহঁত আনন্দিত হয়। আমাৰো বৰ ভাল লাগে। আমাৰ
দেউতাই সদায় কয়, যত্ন কৰিলে ৰত্ন পায়। তুমিয়ো কৈছা, পৰীক্ষাৰ বাবে ভালদৰে পঢ়িলে পৰীক্ষা ভাল নোহোৱাৰ কাৰণ নাই। আমি দেখোন
এনেয়ো আমাৰ কষ্টৰ ফল পাওঁ। তেনেহ’লে আমি ভগৱানৰ নাম লৈ কিয়
কাম কৰিব লাগে”? অভিয়ে সুধিলে।
“গীতাত ভগবান
শ্ৰীকৃষ্ণই কৈছে যে আমি যদি সদায় ফলৰ আশা কৰি কাম কৰোঁ, ফল
ভাল বা বেয়া হোৱাৰ প্ৰভাৱ আমাৰ ওপৰতে পৰে। ফল ভাল হ'লে যিদৰে
আনন্দ লাগে, ফল বেয়া হ'লে সেইদৰে দুখ
লাগে। কিন্তু ফলৰ আশা নকৰি ভগৱানৰ নামত কৰ্তব্য কৰিলে আমি তেনে ভাৱৰ পৰা মুক্ত হৈ
পৰোঁ। তেতিয়া আৰু ফল ভাল হওক বা বেয়াই হওক, আমি ফল একেধৰনে
গ্ৰহণ কৰিব পাৰোঁ"। ককাকে ক'লে।
"ককা,
তেতিয়া পৰীক্ষাত ফেইল কৰিলেও বেয়া নালাগিব নেকি"? ৰাণীয়ে সুধিলে।
"নালাগে।
তেতিয়া বেয়া লগাৰ সলনি আমি বুজিব পাৰিম যে আমি আমাৰ কৰ্তব্য আৰু ভালদৰে কৰিব
লাগিব। মনত বেয়া লগাৰ পৰা আমাৰ একো লাভ নহয়। কিন্তু পৰাজিত হ'লেও মন স্থিৰ ৰাখি পুনৰ সাজু হোৱাটোহে আচল কথা"। ককাকে ক'লে।
"ৰিজাল্ট
ভাল হ'লেও স্ফূৰ্তি কৰিব নালাগে নেকি ককা"? অভিয়ে সুধিলে।
"স্ফূৰ্তি
নিশ্চয় কৰিব লাগে। কিন্তু ফলৰ বাবে অহংকাৰ বা গৌৰৱবোধ কৰিব নালাগে। লাভ কৰা ভাল ফল
ভগৱানৰ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিব লাগে। ফল ভাল হোৱাৰ কাৰণে আনন্দত মতলীয়া নহৈ আগলৈ
মন স্থিৰ কৰি আগুৱাই যোৱা মানুহে আৰু বেছি সাফল্য লাভ কৰিব পাৰে। বুজিলিনে"?
ককাকে ক'লে।
"বুজিছোঁ
ককা", নীলে মূৰ দুপিয়ালে।
"কি
বুজিলি চমুকৈ ক' চোন", ককাকে ক'লে।
"ফলৰ আশা
কৰি, ভগৱানৰ কথা নিচিন্তি কাম কৰিলে মানুহে ভাল বেয়া দুয়োটা
ফল নিজেই ভোগ কৰিবলগীয়া হয়। কিন্তু সকলো কাম ভগৱানৰ বাবে কৰা বুলি মনত ৰাখিলে
মানুহে তেনে ভাৱৰ পৰা নিজকে মুক্ত কৰিব পাৰে”। নীলে
ক'লে। ককাকৰ মুখত হাঁহি বিৰিঙি উঠিল।
“কিন্তু
ককা, আজিকালি এনে মানুহোতো আছে, যিবিলাকে
কেতিয়াও ভগৱানৰ নাম নলয়, কোনো ভাল কাম নকৰে। কিন্তু তেওঁলোক
চোন খুব লাহ-বিলাহ
আৰু স্ফূৰ্তিৰ মাজত থাকে”? নীলে
সুধিলে।
“গীতাত শ্ৰীকৃষ্ণই কৈছে, যিবিলাক
মানুহে ভগৱানৰ কথা পাহৰি কেবল ভোগ বিলাসতে মত্ত হৈ, আনন্দত মতলীয়া হৈ জীৱন কটায়, তেওঁলোকৰ জীৱন আচলতে ব্যৰ্থ"। ককাকে ক'লে।
"তেওঁলোকৰ জীৱন কিয় ব্যৰ্থ ককা"? নীল আচৰিত হ'ল।
"তেওঁলোকে নিজৰ ইন্দ্ৰিয়বোৰক সন্তুষ্ট কৰা
কামতেই জীৱন অতিবাহিত কৰে। তেওঁলোকে মনত ক্ষন্তেকীয়া আনন্দ পাবলৈ নতুন নতুন লাহ
বিলাসৰ সামগ্ৰী বিচাৰি ঢপলিয়াই ফুৰে। ক্ষন্তেকীয়া লাহ বিলাসৰ মাজতে তেওঁলোকৰ জীৱন
অতিবাহিত যায়। তেওঁলোকে কেতিয়াও মনত শান্তি নাপায়। সেই কাৰণে তেওঁলোকৰ জীৱন
ব্যৰ্থ"। ককাকে বুজাই ক'লে।
"কোনবিলাক মানুহৰ জীৱন ব্যৰ্থ নহয় ককা"? ৰাণীয়ে সুধিলে।
"যিবিলাক মানুহে নিজৰ কামৰ মাজতে সন্তুষ্টি, তৃপ্তি আৰু পৰিপূৰ্ণতা পায়, তেওঁলোকৰ বাবে কোনো লাহ বিলাহৰ প্ৰয়োজন নহয়।
তেওঁলোকে কাম কৰাৰ মাজতে পৰম আনন্দ অনুভৱ কৰে। কামৰ ফল ভাল বা বেয়া হোৱাটোৱে
তেওঁলোকক বিচলিত কৰিব নোৱাৰে। কোনো আসক্তি বা মোহ নোহোৱাকৈ নিজৰ কাম কৰি থকা মানুহ
ভগবানৰ অতি প্ৰিয়ভাজন হয়। সেইবাবে তেওঁলোকৰ জীৱন সফল হয়"। ককাকে লাহে লাহে
বুজাই দিলে।
“ককা,
আমি যে আজি ফুটবল খেলত হাৰিলোঁ, তাৰ বাবে আমাৰ মনত খুব বেয়া লাগিছিল”। নীলে ক’লে।
"আমি আশা কৰি থকা কিবা এটা নাপালে আমাৰ মন
বেয়া লাগে নহয়নে?
তহঁতেও ফুটবল খেলখনত জয়ী হ'বলৈ বৰ আশা কৰিছিলি। জয়ী হ'লেহে তহঁতে আনন্দ পাবি বুলি ভাবিছিলি। তহঁতে
এই কথা কেতিয়াও ভবা নাছিলি যে কেৱল খেলটো খেলিয়েইতো তহঁতে আনন্দ লাভ কৰিব পাৰ। হৰা
জিকাৰ কোনো কথা নাই। তহঁতে যদি ফুটবল খেলখন খেলিয়েই আনন্দ লাভ কৰিবলৈ চেষ্টা
কৰিলিহেতেন, তহঁতৰ কেতিয়াও মন বেয়া
নালাগিলহেতেন"। ককাকে ক'লে।
"কিন্তু ককা, হাৰিলে মন বেয়া লাগিবই নহয় জানো"? অভিয়ে সুধিলে।
"তহঁতে যদি ভাবিলিহেঁতেন যে খেলাৰ জৰিয়তে নিজৰ
শৰীৰৰ যতন লৈ তহঁতে নিজৰ কৰ্তব্য কৰিছ আৰু খেলটো খেলাটোহে আচল আনন্দ, তেতিয়া হাৰিলেও মনত কেতিয়াও বেয়া
নালাগিলহেঁতেন। তহঁতে এই কথাটো যদি উপলব্ধি কৰিলিহেতেনে যে তহঁতে খেলাৰ জৰিয়তে
ভগৱানক সন্তুষ্ট কৰিছ,
তহঁতৰ মন এনেয়ো আনন্দেৰে ভৰি
পৰিলহেঁতেন"। ককাকে ক'লে।
"ককা, ভগৱানক সন্তুষ্ট কৰাটোহে আচল কথা নেকি? কিন্তু ভগৱান সন্তুষ্ট হ'লে আমিনো কি
পাম"? নীলে সুধিলে।
"তহঁতে সদায় এটা কথাত বিশ্বাস ৰাখিবি যে
ভগৱানক সন্তুষ্ট কৰাৰ ফল এদিন নহয় এদিন পাবিয়েই। এদিন নহয় এদিন ভগৱানে তহঁতক কিবা
নহয় কিবা উপায়েৰে পুৰষ্কৃত কৰিবই। সেয়াহে আচল জয়, সামান্য হৰা জিকাই তহঁতৰ একো ক্ষতি কৰিব নোৱাৰে”। ককাকে ক'লে।
“কিন্তু ককা, আমি কেনেকৈ
নিশ্চিত হ’ব পাৰিম যে ভগৱানক সন্তুষ্ট কৰিব
পাৰিলে ভগবানে আমাক এদিন নহয় এদিন ভাল ফল দিবই”? নীলে সুধিলে।
ককাকে হাঁহিলে। “ভগৱানে নিজৰ ভক্তৰ অন্যায় কৰিব পাৰে জানো? ভগৱানে যদি অন্যায় কৰা বুলি প্ৰমাণ হয়, সেই ভগৱানক কোনে বিশ্বাস কৰিব? সেই কাৰণে সদায় মনত ৰাখিবি যে ভগৱানে কেতিয়াও ভক্তৰ অন্যায়
নকৰে"?
"ভগৱানে আচলতে কৰে কি ককা"? প্ৰীতিয়ে সুধিলে।
"মানুহৰ দৰে ভগৱানেও সদায় নিজৰ কৰ্তব্য কৰি
থাকে, এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোবোৰ
ভগৱানেই পৰিচালিত কৰি থাকে"। ককাকে ক'লে।
"মানুহৰ দৰে ভগৱানেও যদি কৰ্তব্যত অৱহেলা কৰে, কি হ'ব ককা"? অভিয়ে
সুধিলে।
ককাকে হাঁহিলে, "ভগৱানে যদি কেতিয়াবা কৰ্তব্যত অৱহেলা কৰে, এই পৃথিৱীত অথন্তৰ হৈ যাব। চন্দ্ৰ সূৰ্য নিজ
বাটেৰে চলিবলৈ এৰি দিব, এই পৃথিৱী
ধ্বংস হৈ যাব। ভগৱানে বান্ধি দিয়া নিয়ম মতেই সকলো চলি আছে"।
"ভগৱান মানুহৰ দৰেই সদায় ব্যস্ত হৈ থাকে নহয়নে
ককা"? ৰাণীয়ে সুধিলে।
"ঠিকেই কৈছ। সৃষ্টিকৰ্তা ভগৱানে যিহেতু সদায়
কৰ্ম কৰি থাকে বাবে মানুহেও ভগবানক অনুসৰণ কৰি সদায় কৰ্মত ব্যস্ত হৈ থাকিব লাগে।
নিজৰ কামত ব্যস্ত হৈ থকাটোৱেই হৈছে মানুহৰ আচল ধৰ্ম"। ককাকে বুজাই ক'লে।
“ককা,
তুমিযে কৈছা মানুহে সকলো কাম ভক্তিৰে
কৰিব লাগে, যুদ্ধও ভক্তিৰে কৰিব পাৰি নেকি? শ্ৰীকৃষ্ণই অৰ্জুনক যুদ্ধও ভক্তিৰে কৰিবলৈ
কৈছে নেকি”? অভিয়ে সুধিলে।
"বৰ ভাল প্ৰশ্ন কৰিছ। যুদ্ধ কৰাটো যদি কৰ্তব্য
হয়, তেনেহ'লে সেই কৰ্তব্য নিশ্চয় ভক্তিভাৱেৰে কৰিব পাৰি। সৈনিক সকলে
যুদ্ধক্ষেত্ৰত দেশভক্তিৰ কাৰণেহে প্ৰাণ আহুতি দিবলৈকো ভয় নকৰে। যুদ্ধক্ষেত্ৰত
সৈনিকে দেশমাতৃকে ভগৱান বুলি ভাবি সেই ভক্তিকে বুকুত লৈ সাহসেৰে যুদ্ধ কৰে।
দেশমাতৃৰ প্ৰতি ভক্তি নাথাকিলে কোনো সৈনিক সফল যোদ্ধা হ'ব নোৱাৰে", ককাকে ক'লে।
"সেই কাৰণেই শ্ৰীকৃষ্ণই অৰ্জুনক যুদ্ধ কৰিবলৈ
কৈছে, নহয়নে ককা"? ৰাণীয়ে মাত লগালে।
"কুৰুক্ষেত্ৰ যুদ্ধতো শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, যুদ্ধকো নিজৰ পূজা বুলি গণ্য কৰি যুদ্ধৰ বাবে
কৰা কৰ্মকো ভগৱানৰ চৰণত অৰ্পন কৰি কোনো শোক, মমতা বা বাসনা নোহোৱাকৈ যুদ্ধ কৰা উচিত। কাৰণ কৰ্মৰ সকলো ফল ভগৱানৰ
ইচ্ছা অনুসৰিহে হয়।
গীতাৰ তৃতীয় অধ্যায়ৰ শ্লোক ৩০ত শ্ৰীকৃষ্ণই কৈছে
ময়ি সৰ্বাণি কৰ্মাণি সংন্যস্যা আধ্যাত্মচেতসা।
নিৰাশী নিৰভয়ো ভূত্বা যুশস্ব: বিগতজ্বৰা:।।
নিৰাশী নিৰভয়ো ভূত্বা যুশস্ব: বিগতজ্বৰা:।।
অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই কৈছে, ময়েই অন্তৰ্যামী পৰমাত্মা। মোৰ কথা চিন্তা কৰি সম্পূৰ্ণ কৰ্ম মোকেই
অৰ্পন কৰি সম্পূৰ্ণ বাসনাহীন ভাৱে, মমতাহীন
ভাৱে আৰু সন্তাপ ৰহিত হৈ নিজৰ কৰ্তব্য কৰিবা”। ককাকে ক’লে।
“তাৰ মানে, আমাৰ কাম হ’ল নিজৰ কৰ্তব্য ভালদৰে কৰা, ভগবানৰ ওপৰত
বিশ্বাস ৰাখি নিজৰ কাম কৰি থকা। ফল যি হয় হৈ থাকিব। নহয়নে ককা”? নীলে সুধিলে।
“তই ঠিক বুজিছ। গীতাত শ্ৰীকৃষ্ণই কৈছে, যিজনে সদায় শ্ৰদ্ধা আৰু ভক্তিৰে নিজৰ কৰ্তব্য পালন কৰে, তেওঁ ভগৱানৰ প্ৰিয় হৈ পৰে আৰু জন্ম মৃত্যুৰ
চাকনৈয়াৰ পৰা মুক্তি পায়। আকৌ যিসকলে নিজৰ কৰ্তব্য পালন নকৰে, নিজৰ ভাগ্যৰ বাবে ভগৱানক দোষাৰোপ কৰে, সেইসকল লোকে বাৰে বাৰে পৃথিৱীত জনম লৈ দুখ
দুৰ্দশাৰে জীৱন অতিবাহিত কৰে”। ককাকে বুজাই
ক’লে।
“তেনেহ’লে ককা, মানুহে কিয় বেয়া কাম কৰে। মানুহ মৰাৰ দৰে পাপ কাম কিয় কৰে”? ৰাণীয়ে সুধিলে।
"বৰ
ভাল প্ৰশ্ন কৰিছ। অৰ্জুনেও এই প্ৰশ্নটোকে শ্ৰীকৃষ্ণক কৰিছিল"।
"তেতিয়া
শ্ৰীকৃষ্ণই কি উত্তৰ দিছিল ককা"? ৰাণীয়ে আকৌ
সুধিলে।
"শ্ৰীকৃষ্ণই অৰ্জুনক বুজাই কৈছিল যে মানুহৰ
মনত থকা অতৃপ্ত কামনা বাসনা আৰু ক্ৰোধৰ কাৰণেই মানুহে বেয়া কাম কৰিবলগীয়া হয়।
সেয়েহে অতৃপ্ত কামনা আৰু খঙেই মানুহৰ প্ৰধান শত্ৰু। যিদৰে ধোঁৱাই জুইক, মলিয়ে দাপোনক আৱৰি ৰাখে সেইদৰে কামনা বাসনা
আৰু ক্ৰোধে মানুহৰ জ্ঞানক আবৃত কৰি ৰাখে”। ককাকে ক’লে।
“কথাটো
ভালদৰে বুজাই দিয়াচোন ককা”? ৰাণীয়ে
নুবুজি সুধিলে।
“যিবিলাক মানুহে অনবৰতে কামনা বাসনাৰ মাজত ডুবি থাকে, আমোদ প্ৰমোদত মত্ত হৈ থাকে, কথাই কথাই উগ্ৰ আচৰণ কৰে, অহংকাৰী হৈ আনৰ প্ৰতি বেয়া ব্যৱহাৰ কৰে আৰু
সেইবোৰ মানুহৰ জ্ঞান থাকিলেও সেই জ্ঞানৰ কোনো মূল্য নাই। কাৰণ এখন পৰ্দাৰ দৰে
কামনা বাসনা, অহংকাৰ আৰু ক্ৰোধে তেনে মানুহৰ জ্ঞান
আৱৰি ৰাখে। সেইবোৰ মানুহে নিজৰ অতৃপ্ত কামনা বাসনা পূৰণ কৰিবলৈ বা কিবা নোপোৱাৰ
খঙত পাপ কাম কৰে"। ককাকে ক'লে।
"মানুহৰ
কামনা বাসনা আৰু খং খুব বেয়া বস্তু, নহয়নে
ককা"? প্ৰীতিয়ে সুধিলে।
"ঠিকেই কৈছ। সেইকাৰেণে মনক সদায় নিয়ন্ত্ৰণ কৰি
ৰাখিবি। মনৰ কামনা-বাসনা ত্যাগ কৰিবি, সস্তীয়া
আমোদ-প্ৰমোদ এৰাই চলিবি, অহংকাৰৰ ভাৱ
আৰু খং দমন কৰিবি। এইবোৰে আমাক কষ্টেহে দিয়ে। কথাখিনি বুজি পাইছতো”? ককাকে বুজাই দিলে।
“বুজিছোঁ ককা, কিন্তু মনক আমি কেনেকৈ নিয়ন্ত্ৰণ কৰি ৰাখিব
পাৰিম”? প্ৰীতিয়ে সুধিলে।
“আমাৰ যে খাবলৈ লোভ লাগে, আনৰ বস্তু
নিজৰ কৰি লবলৈ ইচ্ছা হয়, কাৰোবাৰ
ওপৰত হঠাতে খং উঠে,
কাৰোবাৰ প্ৰতি ঈৰ্ষা হয়, এইবোৰ সকলো আমাৰ মনৰ বেয়া চিন্তাৰ কাৰণে হয়।
আমি চিন্তাক এনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে যাতে ক্ষতিকাৰী চিন্তাবোৰ আমাৰ মনলৈ আহিবই
নোৱাৰে। চিন্তাক নিয়ন্ত্ৰণ কৰিব পাৰিলেহে আমি আমাৰ মনক নিয়ন্ত্ৰণ কৰিব পাৰিম”। ককাকে ক’লে।
“ককা মন আৰু
চিন্তা বেলেগ বেলেগ নেকি”? প্ৰীতিয়ে
সুধিলে।
“মন সদায়
চিন্তাৰ ওপৰত, সেইদৰে বুদ্ধি হ’ল মনৰ ওপৰত। বুদ্ধিৰ দ্বাৰা আমি আমাৰ মনক আৰু
মনৰ দ্বাৰা চিন্তাক বশলৈ আনিব লাগিব”। ককাকে ক’লে।
“বুদ্ধিয়েই
আটাইতকৈ ডাঙৰ নেকি ককা”? ৰাণীয়ে
সুধিলে।
“বুদ্ধিতকৈও শ্ৰেষ্ঠ হ’ল আত্মা।
আত্মাই আমাৰ মূল,
আমাৰ সকলো বুদ্ধিৰ আধাৰ। সেয়ে আত্মাৰ
পৰা শক্তি লৈ আমি বুদ্ধিৰ দ্বাৰা আমাৰ মন আৰু চিন্তাক নিয়ন্ত্ৰণ কৰিব পাৰোঁ”। ককাকে ক’লে।
“ককা আত্মাৰ
পৰা শক্তি কিদৰে পাব পাৰি”? অভিয়ে
সুধিলে।
“আমি জ্ঞান, কৰ্ম আৰু
সন্যাসযোগৰ দ্বাৰা আত্মাৰ পৰা শক্তি আহৰণ কৰিব পাৰোঁ। আমি অহাবাৰ জ্ঞান, কৰ্ম আৰু সন্যাসযোগৰ বিষয়ে বহলাই কথা পাতিম।
তহঁতে লাহে লাহে সকলো কথা পৰিষ্কাৰকৈ বুজিব পাৰিবি"। ককাকে ক'লে।
"ককা, আমি আজি এটা কথা বুজিলোঁ যে, আমি আমাৰ কৰ্তব্য সদায় ভক্তিৰে কৰিব
লাগে"। অভিয়ে ক'লে।
"আজি তহঁতে প্ৰাৰ্থনা কৰোঁতে অনুভৱ কৰিবলৈ
চেষ্টা কৰিবি যে ভগৱানৰ কৃপাত আমি সকলো এই পৃথিৱীত আছোঁহক। সেয়েহে আমি প্ৰতিটো কাম
অন্তৰত ভক্তি সহকাৰে কৰিব লাগে। তেতিয়াহে ভগৱান আমাৰ ওপৰত সন্তুষ্ট হ'ব”। ককাকে ক’লে।
সন্ধিয়া লাগিল। নাতিহঁতে ককাকৰ পৰা বিদায় লৈ হাত ভৰি ধুই
প্ৰাৰ্থনা কৰিবলৈ বহিল।
কৃষ্ণ, প্রণাম। আপোনাৰ চেষ্টা সফল। অতি সুন্দৰ হৈছে। পিছলৈ পাৰিলে কিতাপ এখন প্রকাশ কৰিলে বৰ ভাল হব।
ReplyDeleteপঢ়ি ভাল পোৱা বুলি জানিব পাৰি সুখী হ'লোঁ। পিছলৈ কিতাপ হিছাপে প্ৰকাশ কৰিবলৈ যত্ন কৰিম নিশ্চয়।
Delete