(দ্বিতীয় অধ্যায়: সাংখ্যযোগ)
ইহকাল পৰকাল
পিছদিনাও বতৰটো বৰষুণীয়া। কোনো খেলিবলৈ ওলাব পৰা নাই। আবেলি
চাৰিওটা ল'ৰা ছোৱালী আহি ককাকৰ ওচৰতে বহিল।
"তহঁতে আজিও
খেলিবলৈ ওলাব পৰা নাই নহয়নে"? ককাকে মৰমেৰে সুধিলে।
"নাই পৰা
ককা। এই বৰষুণটোৱে ইমান আমনি কৰিছে", ৰাণীয়ে নাক
মুখ কোঁচাই ক'লে।
"ককা আজিও
আমাক তোমাৰ পুথিৰ সাধুকে কোৱা", প্ৰীতিয়ে ক'লে।
“ককা, কুৰুক্ষেত্ৰত
অৰ্জুনে যে যুদ্ধ কৰিবলৈ গৈ খুব দুখ কৰি বহি আছিল, তাৰ পিছত কি
হ'ল? শ্ৰীকৃষ্ণই কেনেকৈ অৰ্জুনক মান্তি কৰালে, জানিবলৈ বৰ
মন গৈ আছে", অভিয়ে ক'লে।
"তহঁতে বহ, মই নিশ্চয় ক'ম। কিন্তু
গীতাৰ সাধু বুজিবলৈ এটা চৰ্ত আছিল নহয়। মনত আছেনে? তহঁতে বাৰু
মই কোৱাৰ দৰে ভগৱানক প্ৰাৰ্থনা কৰিছনে"? ককাকে
আটাইকেইটা ল'ৰা ছোৱালীলৈ চাই সুধিলে।
“হয়, ককা। আমি
সকলোৱে কালি সন্ধিয়া ভগৱানক প্ৰাৰ্থনা কৰিলোঁ। আমাক যে শিকাই দিছিলা প্ৰাৰ্থনাটো, ‘তুমি চিত্ত
বৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ’ সেইটো প্ৰাৰ্থনাকে আমি কৰিলোঁ। প্ৰাৰ্থনা কৰি সঁচাকৈয়ে খুব
ভাল লাগিল”। নীলে ক’লে।
“খুব ভাল কথা। গীতাত কৈছে, ভগৱানক
ভালদৰে বুজি পাবলৈ হ'লে বুজিবলৈ হ’লে আমি সকলোৱে ভগৱানৰ ভক্ত হ’বই লাগিব। ভগৱানৰ ভক্ত হ'বলৈ হ'লে প্ৰথম
কামটোৱেই হৈছে প্ৰাৰ্থনা। সদায় সন্ধিয়া পঢ়া শুনা কৰাৰ আগতে হাত ভৰি কেইটা ধুই লৈ
প্ৰাৰ্থনা কৰিবি। ভগৱানক স্মৰণ কৰিবি। পঢ়িবলগীয়া কথাবোৰ খুব ধুনীয়াকৈ বুজি পাবি”। ককাকে ক’লে।
“আমি প্ৰাৰ্থনা সদায় কৰিব
লাগিব নেকি ককা”? ৰাণীয়ে সুধিলে।
"নিশ্চয়, প্ৰাৰ্থনা
আমি সদায় কৰিব লাগে। প্ৰাৰ্থনাই মানুহৰ মন শান্ত কৰে। মানুহক নম্ৰ আৰু বিনয়ী কৰে।
বাৰু, এতিয়া আমি শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ কথালৈ আহোঁ। আমি এতিয়া
গীতাৰ দ্বিতীয় অধ্যায়লৈ যাম। গীতাৰ দ্বিতীয় অধ্যায়ক কোৱা হয় সাংখ্য যোগ”।
“সাংখ্য যোগ মানে কি ককা”?
“সাংখ্য শব্দটো আহিছে মূল
সংস্কৃত সংখ্যা শব্দৰ পৰা। হিচাপ নিকাচ কৰিবলৈ আমি সংখ্যা ব্যৱহাৰ কৰোঁ নহয়েনে? গীতাত
সাংখ্য শব্দৰ ব্যৱহাৰ কৰা হৈছে জীৱনৰ হিচাপ নিকাচ লোৱাৰ অৰ্থত"। ককাকে ক'লে।
"জীৱনৰ হিচাপ
নিকাচ লোৱা মানে কি ককা"? প্ৰীতিয়ে সুধিলে।
"আমি যিকোনো
এটা কাম কৰিলে কিমান খৰছ হ'ল, কিমান উপাৰ্জন হ'ল সেইবোৰৰ হিচাপ কৰোঁ, নহয় জানো।
সেইদৰে জীৱনটোৰো এটা হিচাপ নিকাচ কৰা দৰকাৰ। জীৱনটোত আমি কি পালোঁ, কি
হেৰুৱালোঁ, জীৱনৰ পিছতনো কি আছে এইবোৰৰ হিচাপো আমি জনা উচিত। কথাটো
বুজিছনে"? ককাকে সুধিলে
"বুজিছোঁ
ককা। কিন্তু জীৱনৰ পাছত, মানে মৰাৰ পাছত কি আছে তাৰ হিচাপ আমি কেনেকৈ ল'ম"? নীলে
সুধিলে।
"গীতাৰ
জ্ঞানে আমাৰ জীয়াই থকা সময়ৰ আৰু জীৱনৰ পাছৰ সময়ৰো হিচাপ নিকাচ কৰি লবলৈ শিকনি
দিয়ে। ইয়াকে ইহকাল আৰু পৰকালৰ হিচাপ বুলি কোৱা হয়। হিচাপৰ বিষয়ে জ্ঞান দিয়া বাবেই
গীতাৰ দ্বিতীয় অধ্যায়ক বোলা হয় সাংখ্য যোগ। বুজি পাইছনে"? ককাকে
সুধিলে।
"ককা, সাংখ্য মানে
কি বাৰু বুজিলোঁ। কিন্তু যোগ মানেনো কি"? অভিয়ে
সুধিলে।
"যোগ মানে হ’ল সংযোগ।
ভগৱানৰ লগত সংযোগ। যোগ চিন মানে ইংৰাজীৰ প্লাছ চিন, হয়নে নহয়।
যোগ চিনে যিদৰে দুটা বস্তুক সংযোজিত কৰে, সেইদৰে যোগে মানুহক ভগৱানৰ লগত সংযোজিত কৰে। আমি গীতাৰ এই
জ্ঞানৰ জৰিয়তে ভগৱানৰ লগত সংযোজিত হ’ব পাৰোঁ। বুজি পাইছনে"? ককাকে
সুধিলে।
"দ্বিতীয়
অধ্যায়ত আৰু কি কথা আছে ককা"? ৰাণীয়ে
সুধিলে।
"এই অধ্যায়ত
শ্ৰীকৃষ্ণই অৰ্জুনক ইহকাল আৰু পৰকালৰ বিষয়ে বৰ মূল্যবান জ্ঞান উপদেশ হিচাপে
দিছে"।
“কেনেকুৱা জ্ঞান ককা”? অভিয়ে
সুধিলে।
“ইহকাল আৰু পৰকালৰ জ্ঞান
মানে কি”? ৰাণীয়ে সুধিলে।
“যি জ্ঞান পালে মানুহে
দুখ পালেও বিচলিত নহয়, সুখ পালেও আনন্দত মতলীয়া নহয়, সদায় শান্ত
আৰু স্থিৰ হৈ থাকিব পাৰে। যি জ্ঞান পালে মানুহে মৃত্যুৰ প্ৰতি বা পৰকালৰ প্ৰতিও ভয়
নকৰে, যি জ্ঞানে যিকোনো পৰিস্থিতিতে মানুহক শান্ত, নম্ৰ আৰু
স্থিৰ কৰি ৰাখে"। ককাকে ক’লে।
“সেয়া কেনেকুৱা জ্ঞান ককা, যি জ্ঞান
পালে মানুহে সুখতো বা দুখতো একেই থাকিব পাৰে”? নীলে আচৰিত
হোৱাৰ দৰে সুধিলে।
“আচ্ছা, আমিযে
আবেগিক হওঁ, মন বেয়া লাগে, কথাই কথাই আমাৰ মনত আঘাত লাগে, দুখত ভাঙি
পৰোঁ, কিয় ক’ব পাৰিবিনে তহঁতে”? ককাকে আটাইকেইটালৈ চাই সুধিলে।
“কোনোবাই আমাক বেয়াকৈ ক’লে, আমাক বেয়া
ব্যৱহাৰ কৰিলে, আমাক ঠগিলে, আমি বিচৰা বস্তু নাপালে আমাৰ মন বেয়া লাগে”। ৰাণীয়ে ক’লে।
“ঠিকেই কৈছ। কিন্তু আমাৰ
মন বেয়া লগাৰ আচল কাৰণ এইবোৰ নহয়"। ককাকে ক'লে।
"তেনেহ'লে আমাৰ মন
বেয়া লগাৰ কাৰণ কি ককা"? প্ৰীতিয়ে সুধিলে।
"আমাৰ মন
বেয়া লগাৰ আচল কাৰণ হ'ল আমাৰ অজ্ঞানতা। আমি সাধাৰণ মানুহে বহুত কথাই নাজানো।
কথাবোৰ যদি আমি ভালদৰে জানিলোঁহেতেন, আমাৰ কেতিয়াও মনত দুখ বেজাৰ নাথাকিলহেতেন”। ককাকে পুথিৰ পৰা মূৰ তুলি ক'লে।
“আমি কি কথা নাজানো ককা? কি কথা
জানিলে আমাৰ দুখ বেজাৰ নাথাকিলহেঁতেন”। নীলে আচৰিত
হৈ সুধিলে।
“সেই কথাই গীতাত
শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে। সেয়াই গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া জীৱনৰ হিচাপ নিকাচ
কৰাৰ মহান জ্ঞান"।
"এই জ্ঞান
কিয় মহান জ্ঞান ককা"? অভিয়ে সুধিলে।
"এই জ্ঞান এই
কাৰণেই মহান জ্ঞান যে, যি মানুহে এই জ্ঞান লাভ কৰে তেওঁ জীৱনত সদায় সফল হয়। তেওঁৰ
মন কেতিয়াও কোনো কথাতে বিচলিত নহয়। তেওঁৰ মন সদায় স্থিৰ, শান্ত হৈ
থাকে। তেওঁলোকে জীৱনত অসাধ্য সাধন কৰিব পাৰে"। ককাকে কৈ গ'ল।
"আমাকো সেই
কথাটো কোৱা ককা। জানিবলৈ বৰ মন গৈছে"। ৰাণীয়ে ক'লে।
"শোকত ভাঙি
পৰা অৰ্জুনক শ্ৰীকৃষ্ণই বুজালে যে আমি যিবোৰ কাৰণে শোক কৰোঁ, যিবোৰৰ
কাৰণে বেজাৰ কৰোঁ, সেইবোৰ শোক বা বেজাৰ কৰিবলগীয়া কথাই নহয়"।
"তাৰ মানে কি
ককা। শোক কৰিবলগীয়া কথা নহয় মানে"? প্ৰীতিয়ে সুধিলে।
"আমি যিবোৰ
কাৰণত দুখ কৰোঁ, যিবোৰৰ কাৰনে মনত বেজাৰ পাওঁ, সেইবোৰৰ
কাৰণে
জ্ঞানী মানুহে কেতিয়াও বেজাৰ নকৰে। জ্ঞানী মানুহে আনকি আনৰ
মৃত্যুৰ কাৰণেও শোক নকৰে"।
আটাইকেইটা ল'ৰা ছোৱালী আচৰিত হ'ল। “ককা, এইটো
কেনেকুৱা জ্ঞানৰ কথা। মানুহ এজন মৰি গ’লে আমাৰ দুখতো লাগিবই”। অভিয়ে সুধিলে।
“গীতাত শ্ৰীকৃষ্ণই
অৰ্জুনক কৈছে যে মানুহ এজনৰ মৃত্যু হোৱা মানে তেওঁৰ শৰীৰটোৰহে মৃত্যু হয়। কিন্তু
মানুহজনৰ আত্মাৰ মৃত্যু নহয়। আত্মাক কোনেও বিনাশ কৰিব নোৱাৰে”। ককাকে ক'লে।
"আমি ভালদৰে
বুজা নাই ককা"। প্ৰীতিয়ে ক'লে।
“এই কথাখিনি বুজাটো অলপ
কঠিন। আমি যে কথাই প্ৰতি মই মই কৰি থাকোঁ সেই মইটো আচলতে কোন ক'ব
পাৰিবিনে"? ককাকে সুধিলে
"মই মানে মই
অভি, তেনেকুৱা নহয় জানো ককা"? অভিয়ে ক'লে।
"তই অভি
কেনেকৈ হ'লি? তোৰ নামটোহে অভি, তইতো অভি নহয়। মাৰ দেউতাৰে তোৰ নাম যদি অভি নিদি ৰবি
দিলেহেঁতেন, তেতিয়া তই অভি হ'লিহেঁতেন নে ৰবি হ’লিহেঁতেন"?
আটাইকেইটাই নুবুজা ভাৱত ককাকৰ মুখলৈ চাই থাকিল।
"তেতিয়া মই
ৰবি বুলি ক'লোঁহেতেন, নহয়নে ককা", অভিয়ে লাহেকৈ মাত লগালে।
"ঠিকেই কৈছ।
তাৰ মানে হ'ল আমি নামবোৰ দি হে লৈছোঁ। কিন্তু ভিতৰত থকা মই জনক সেই
নামেৰে আমি বুজাব নোৱাৰোঁ"। ককাকে ক'লে।
"ভিতৰৰ মই জন
মানে কোন বাৰু ককা”? ৰাণীয়ে সুধিলে।
"ভিতৰৰ মইজন হ’ল মোৰ আত্মা। আচলতে মই বুলি মই যাৰ কথা কওঁ, সেয়া হ'ল মোৰ
আত্মা। মই বুলি ক'লে আচলতে মই মোৰ আত্মাকহে বুজাইছোঁ"। ককাকে ক'লে।
"তেনেহ'লে মোৰ
নামটো কি হ'ব ককা"? অভিয়ে সুধিলে।
"আত্মাৰ
বাহিৰে আন কোনো বস্তুৱেই মই নহয়, কিন্তু মোৰ হয়। যেনে মোৰ নাম, মোৰ পৰিচয়, মোৰ ঘৰ, মোৰ পোচাক।
কিন্তু সেইবোৰ মই নহয়, মই হ'ল মোৰ আত্মা"। ককাকে কথাখিনি কৈ চকু দুটা মুদি দিলে।
"ককা, আত্মাৰ
বিষয়ে ভালদৰে বুজাই কোৱাচোন”, নীলে ক’লে।
ককাকে চকু মুদিয়েই কৈ গ'ল, "গীতাৰ
দ্বিতীয় অধ্যায়ৰ শ্লোক নং ২০ত কৈছে
ন জায়তে ম্ৰিয়তে ৱা কদাচিন্নায়ং
ভূত্বা ভবিতা ৱা ন ভূয়:।
অজো নিত্য: শ্বাশ্বতো: আয়ম পুৰাণো
ন হন্যতে হন্যমানে শৰীৰে।।
ভূত্বা ভবিতা ৱা ন ভূয়:।
অজো নিত্য: শ্বাশ্বতো: আয়ম পুৰাণো
ন হন্যতে হন্যমানে শৰীৰে।।
ইয়াৰ অৰ্থ হ’ল আত্মাৰ কেতিয়াও জন্মও নহয়, কেতিয়াও মৃত্যুও নহয়।
আত্মা সদায় আজন্ম, অন্তহীন, শ্বাশ্বত আৰু অমৰ। শৰীৰৰ
মৃত্যু হয়, কিন্তু আত্মা অজৰ অমৰ”।
“আত্মা মানে ভূত নেকি ককা। ভূতৰহে মৃত্যু নাই।"? প্ৰীতিয়ে সুধিলে।
আটায়ে তাইৰ কথা শুনি
হঁহিলে।
“আত্মা অশৰীৰি, মানে আমি যিদৰে ভাবো ভূতৰ শৰীৰ নাথাকে, আত্মাৰো শৰীৰ নাথাকে। কিন্তু আত্মা মানে অনিষ্টকাৰী ভূত নহয়"। ককাকে ক'লে।
"তেনেহ'লে আত্মানো কি ককা"? ৰাণীয়ে সুধিলে।
"আত্মা হ’ল আমাক পৰিচালিত কৰি থকা
এটা শক্তি। যিকোনো বস্তু চলিবলৈ শক্তি লাগে নহয়নে? আমাকো এটা শক্তিয়ে চলাই আছে। সেই শক্তিটোৱেই আত্মা"। ককাকে ক'লে।
"আত্মা নাথাকিলে আমি চলিব নোৱাৰিম নেকি ককা"? প্ৰীতিয়ে ক'লে।
"যিদৰে গাড়ী এখন ড্ৰাইভাৰে চলাই থাকে, সেইদৰে মানুহ এজনক চলাই থাকে আত্মাই। ড্ৰাইভাৰ নাথাকিলে গাড়ী এখন নিজে নিজে
চলিব পাৰেনে? ড্ৰাইভাৰজন গাড়ীখনৰ পৰা আঁতৰি দিয়াৰ লগে লগে যিদৰে
গাড়ীখনৰ একো কাম নাইকীয়া হয়, সেইদৰে আত্মা আঁতৰি গ’লে শৰীৰৰ একো কাম নাইকীয়া হয়। বুজিলেনে"? ককাকে প্ৰীতিৰ মুখলৈ চালে। তাইৰ বুজি পাই মূৰ দুপিয়ালে।
"মই বুজিছোঁ ককা। আত্মা টৰ্চ লাইটত থকা বেটাৰীটোৰ দৰে।
বেটাৰী থাকিলে টৰ্চ লাইট জ্বলি থাকে। বেটাৰী খুলি থলে টৰ্চ লাইটৰ আৰু কাম নাই”। নীলে বুজি পোৱাৰ দৰে ক’লে।
“তই ঠিকেই বুজিছ নীল। আত্মা আহি শৰীৰত বাস কৰে কাৰণে
আমি শৰীৰটো চলাই ৰাখিব পাৰোঁ। আত্মা থাকে মানে মানুহ এজনৰ মূল্য থাকে। যিদিনাই
আত্মা শৰীৰৰ পৰা গুচি যায়, তেতিয়াই মানুহৰ শৰীৰৰ কাম
নাইকীয়া হয় আৰু মানুহজন কেৱল এটা মৃতদেহ হৈ পৰে"। ককাকে ক'লে।
“কিন্তু ককা, মানুহ মৰাৰ পিছত আত্মাৰ
কি হয়? আত্মা কলৈ যায়”? অভিয়ে সুধিলে।
“গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, শৰীৰৰ মৃত্যুৰ পিছতো আত্মা জীয়াই থাকে। আত্মা অজৰ অমৰ। আত্মাক কোনো অস্ত্ৰই
কাটিব নোৱাৰে, বেজীয়ে বিন্ধা কৰিব নোৱাৰে, জুয়ে পুৰিব নোৱাৰে, পানীয়ে তিয়াব নোৱাৰে, বতাহে উৰুৱাব নোৱাৰে”। ককাকে ক'লে।
“ককা, কথাটো মই এতিয়াও ভালদৰে
বুজা নাই। আত্মা আৰু মানুহ বেলেগ নেকি? মানুহকতো জুয়ে পোৰে, মানুহতো পানীত তিতে, মানুহতো মৰে, কিন্তু আত্মা নমৰে কিয়"? ৰাণীয়ে সুধিলে।
"আত্মা আৰু মানুহৰ শৰীৰ একে নহয়। মানুহৰ শৰীৰ সৰুৰ পৰা
ডাঙৰ হয়, ডেকাৰ পৰা বুঢ়া হয়। কিন্তু শৰীৰৰ ভিতৰত থকা আত্মা
সদায় একে থাকে, কেতিয়াও সলনি নহয়"। ককাকে ক'লে।
"তেনেহ'লে মানুহৰ মৃত্যু হয় কিয়
ককা"? অভিয়ে সুধিলে।
"আমি যিদৰে কাপোৰ পুৰণি হলে নতুন কাপোৰ লওঁ, আত্মাই ঠিক সেইদৰে শৰীৰটো পুৰণি হ’লে সলাই এটা নতুন শৰীৰলৈ
গতি কৰে। আত্মাই শৰীৰ সলনি কৰাটোকে আমি জন্ম আৰু মৃত্যু বুলি কওঁ। কথাটো এতিয়া
বুজি পাইছনে”?
আটায়ে ককাকৰ মুখলৈ চাই
থাকিল। ককাকে বুজিলে তেওঁলোকৰ বাবে কথাটো বুজিবলৈ অলপ কঠিন হৈছে।
“শুন, যিহেতু আত্মাৰ যিহেতু
মৃত্যু নাই, আত্মা সদায় জীয়াই থাকে। শৰীৰ ক্ষণস্থায়ী, কিন্তু আত্মা অজৰ অমৰ। সেই কাৰণে শ্ৰীকৃষ্ণই অৰ্জুনক বুজালে যে শৰীৰৰ কাৰণে
আমি কেতিয়াও দুখ কৰিব নালাগে"। ককাকে ক'লে।
"আত্মাৰ বিষয়ে শ্ৰীকৃষ্ণই অৰ্জুনক আৰু কি বুজালে ককা?", অভিয়ে সুধিলে।
"শ্ৰীকৃষ্ণই অৰ্জুনক প্ৰশ্ন কৰিলে, অবিনাশী, অমৰ আৰু জন্মহীন আত্মাই আন এটা আত্মাক কেনেকৈ মাৰিব
পাৰে বা নিজেও কেনেকৈ মৰিব পাৰে"?
"তাৰ মানে কি ককা"? ৰাণীয়ে সুধিলে।
"অৰ্থাৎ শ্ৰীকৃষ্ণই অৰ্জুনক বুজাইছে কৈছে যে আমাৰ
শৰীৰটোৰ ভিতৰত যি আত্মা থাকে, সেই আত্মাক যিহেতু কোনেও
মাৰিব নোৱাৰে, গতিকে এজন ব্যক্তিয়ে আন এজন ব্যক্তিক মাৰি পেলোৱা
কথাটো আচলতে সম্ভৱ নহয়”।
“তাৰ মানে ককা, মানুহ মৰাৰ পাছতো আচলতে জীয়াই থাকে নেকি? মানুহো আত্মাৰ দৰে অজৰ অমৰ নেকি"? নীলে সুধিলে।
“মানুহ মৰিলে তেওঁৰ শৰীৰটোহে মৰে, কিন্তু আত্মাটো জীয়াই থাকে। আত্মাটোৱে পুৰণি শৰীৰ এৰি এটা নতুন শৰীৰ ধাৰণ কৰে"। ককাকে বুজালে।
ককাকৰ কথা শুনি ল'ৰা ছোৱালীকেইটাই ইটোৱে সিটোলৈ চালে। মানুহ মৰিলে শৰীৰটোহে মৰে, আত্মাটো জীয়াই থাকে এই কথাটোৱে সিহঁতক অলপ চিন্তাত পেলালে।
"ককা তুমিযে কৈছা, আত্মাটো মৰাৰ পিছত বেলেগ শৰীৰলৈ যায় বুলি। কেনেকৈ যায়? আমি চোন আত্মা ওলাই যোৱা দেখা নাপাওঁ। আমাৰ আইতাৰ মৃত্যু হওঁতে মই ওচৰতে
আছিলোঁ। ক'তা, মই চোন একোকে নেদেখিলোঁ"। অভিয়ে ক'লে।
"মানুহ মৰাৰ পিছত আত্মাটো শৰীৰৰ পৰা ওলাই যোৱাটো দেখা
পোৱা নাযায়। কাৰণ আত্মাক আমি মানুহৰ চকুৰে দেখা পাব নোৱাৰোঁ। আত্মা এটা শক্তি। এই
শক্তিক অনুভৱহে কৰিব পাৰি। চকুৰে দেখা পাব নোৱাৰি"। ককাকে কৈ কৈ চকু দুটা
মুদি দিলে।
"আত্মা এজন মানুহৰ শৰীৰৰ পৰা আন এটা শৰীৰলৈ যোৱাৰ
কথাটোৰ কিবা প্ৰমাণ আছেনে? আমি কেনেকৈ মানি ল'ম কথাটো"? নীলে সুধিলে।
"এই কথাৰ কোনো প্ৰমাণ নাই। হয়তো আধুনিক বিজ্ঞানেও এই
কথাৰ কোনো প্ৰমাণ পোৱা নাই। কিন্তু এয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া মহান জ্ঞান।
এই কথা আমি বিশ্বাস কৰিব লাগিব, বুজি পাব লাগিব"। ককাকে ক'লে।
"কিয় ককা? শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে বুলিয়েই প্ৰমাণ নথকা কথা এটা আমি মানি ল'ব লাগিব নেকি"? অভিয়ে সুধিলে।
"গীতাৰ কথা বুজিবলৈ হ'লে আমি ভগৱানে কোৱা প্ৰতিটো কথা বিশ্বাস কৰিব লাগিব। যিহেতু ভগৱানে এই কথা
কৈছে, কথাটো মিছা হ'বই নোৱাৰে"। ককাকে ক'লে।
“কিন্তু ককা, মানুহ মৰাৰ পিছত আত্মাটো
ক’লৈ যায় অমি কেনেকৈ জানিম”? ৰাণীয়ে ক’লে। ককাকে ধৰিব পাৰিলেযে কথাবোৰ বুজিবলৈ বা বিশ্বাস
কৰিবলৈ ল'ৰা ছোৱালী কেইটিৰ অসুবিধা হৈছে।
"আত্মাটো ক'লৈ যায় সেয়া ঈশ্বৰৰ ইচ্ছা
আৰু মানুহৰ কৰ্মফলৰ ওপৰত নিৰ্ভৰ কৰে। মানুহে যেনে কাম কৰে সেই কাম অনুসৰি পিছৰ
জীৱন পায়"। ককাকে ক'লে।
"মানুহে কাম কৰিলে ভাল জীৱন আৰু বেয়া কাম কৰিলে বেয়া
জীৱন পায় নেকি ককা"? অভিয়ে সুধিলে।
"তই ঠিক বুজিছ। সকলোৱে নিজৰ কাম অনুসৰিহে ফল পায়।
ভগৱানে ভক্তক সদায় ভাল কাম কৰিবলৈ সহায় কৰে। ভাল কাম কৰা মানুহৰ আত্মাক ভগৱানে পাছৰ
জন্মত আগতকৈও ভাল জীৱন দিয়ে"। ককাকে ক'লে।
"অ' তাৰমানে আত্মাটো ক'লৈ যায় সকলো ভগৱানৰ ইচ্ছাতে হয়, নহয়নে ককা"? ৰাণীয়ে সুধিলে।
"ঠিকেই বুজিছ। সেই কাৰণেই আমি ভগৱানৰ একান্ত ভক্ত হ'ব লাগে আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগে। যিদৰে জন্ম হ’লে মৃত্যু হ’বই, সেইদৰে মৃত্যু হ’লেও আকৌ জন্ম হ’বই। এয়া ভগৱানে কোৱা সত্য। এই কথাত একান্তমনে বিশ্বাস
কৰিবই লাগিব"। ককাকে ক'লে।
"ককা, বিজ্ঞানী বিলাকেও ক'ব নোৱাৰিব নে মানুহ মৰাৰ পিছত কি হয়"? অভিয়ে সুধিলে।
"বিজ্ঞান এতিয়া বহুত আগুৱাই গৈছে যদিও আজিৰ
বিজ্ঞানীয়েও প্ৰমাণ কৰিব পৰা নাই মানুহৰ মৃত্যুৰ পিছত কি হয়, মৃত্যুৱেই শেষ পৰিণতি নে আৰু আত্মাৰ জীৱন থাকে। সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণৰ
কথাই আমি বিশ্বাস কৰিব লাগিব। গীতাত দিয়া তেওঁৰ বাণী আমি একান্তমনে গ্ৰহণ কৰিব লাগিব।
তহঁতে কথাবোৰ বুজিব পাৰিছনে"? ককাকে আটাই কেইটাৰ চকুলৈ চালে।
"পাৰিছোঁ ককা"। নাতিহঁতে একেস্বৰে ক'লে।
“ককা। কিন্তু শ্ৰীকৃষ্ণই যুদ্ধৰ মাজত অৰ্জুনক এইবোৰ
কথা কিয় ক’লে”? নীলে সুধিলে।
“ভগৱানে অৰ্জুনক এই কাৰণেই এই জ্ঞান দিলে যাতে তেওঁ
সত্য আৰু ন্যায়ৰ কাৰণে যুদ্ধ কৰাৰ পৰা পিছ হুঁহকি নাহে। যিহেতু মানুহৰ আত্মাৰ
মৃত্যু নাই, গতিকে সত্য আৰু ন্যায়ৰ যুদ্ধত কাৰোবাক বধ কৰাটো পাপ হ’ব নোৱাৰে। অৰ্জুন যিহেতু এজন ক্ষত্ৰিয় আছিল, সেয়েহে ধৰ্ম ৰক্ষাৰ বাবে যুদ্ধ কৰাটো তেওঁৰ কৰ্তব্য। এই কৰ্তব্যৰ পৰা পিচ
হুঁহকিলেহে তেওঁৰ পাপ লাগিব”।
ককাকে ল'ৰা ছোৱালী কেইটিৰ মুখলৈ চাই ধৰিব পাৰিলে সিহঁতে কিছু কথা বুজিব পাৰিছে।
“তাৰ মানে ককা, কৰ্তব্য
কৰাৰ কাৰণে মানুহ মাৰিলেও পাপ নহয় নেকি”? অভিয়ে সুধিলে।
“কথাটো ঠিক তেনেকুৱা নহয়।
ভগৱান শ্ৰীকৃষ্ণই কৈছে যে ধৰ্ম আৰু ন্যায়ৰ বাবে যদি যুদ্ধও কৰিবলগীয়া হয়, আৰু সেই
যুদ্ধ কৰাটো যদি কৰ্তব্য হয়, তেনেহ’লে সেই যুদ্ধ কৰিবই লাগিব। সেই কৰ্তব্য পালনৰ সময়ত সকলো
ধৰণৰ ভয় বা আশংকা, জয় পৰাজয়ৰ চিন্তা মনৰ পৰা আঁতৰাই পেলাব লাগিব। কৰ্তব্য পালন
কৰোঁতে কাৰোবাক মাৰিব লগীয়াও হ’ব পাৰে বা নিজেও মৰিবলগীয়া হ’ব পাৰে। কিন্তু সেই বাবে
কৰ্তব্যৰ পৰা বিচলিত হোৱা উচিত নহয়। এতিয়া তহঁতে কথাটো বুজিব পাৰিছনে’? ককাকে
সুধিলে।
“অলপ, অলপ বুজিছোঁ
ককা। অৰ্জুনৰ কাৰণে যুদ্ধ কৰাই কৰ্তব্য আছিল। যদি তেওঁ সেই কৰ্তব্য নকৰিলেহেঁতেন, তেতিয়াহে
তেওঁৰ পাপ লাগিলহেঁতেন”। নীলে ক’লে।
"আমাৰ সৈনিক
সকলেও সীমান্তত কৰ্তব্য পালন কৰিয়েই যুদ্ধ কৰে৷ যুদ্ধত তেওঁলোকে শত্ৰুক মাৰে নহ'লে শত্ৰুৰ
হাতত মৰে৷ তেওঁলোকৰ বাবে মানুহ মৰাটোতো পাপ নহয়", অভি৷য়ে ক'লে৷
“তহঁতে ঠিকেই বুজিছ। ভগৱান
শ্ৰীকৃষ্ণই আকৌ কৈছে যে নিজৰ কৰ্তব্য পালন নকৰাটোহে মানুহৰ আটাইতকৈ ডাঙৰ পাপ। নিজৰ
কাম ভালদৰে নকৰাৰ অপযশ মৃত্যুতকৈও লজ্জাজনক। সেয়া মানুহৰ বাবে অতি দুখৰ কথা”। ককাকে ক'লে।
“কৰ্তব্য পালন কৰা মানে
কি ককা”? ৰাণীয়ে সুধিলে।
“কৰ্তব্য মানেই হ’ল কৰিবলগীয়া
কাম। তহঁতৰ এতিয়া কৰ্তব্য কি ক'ব পাৰিবিনে"? ককাকে সুধিলে।
"পঢ়া শুনা
কৰা", প্ৰীতিয়ে তপৰাই মাতিলে।
"এৰা, এতিয়া তহঁতৰ
কৰ্তব্য হ’ল ভালদৰে মনপুতি পঢ়া শুনা কৰা, খেলা ধূলা
কৰা, নিজৰ প্ৰতিভা বিকাশ কৰা। জীৱনত ভাল মানুহ হোৱাটো তহঁতৰ
জীৱনৰ লক্ষ্য হ’ব লাগে। এই সময়ত তহঁতে আন একো কথাই চিন্তা কৰিব নালাগে। পঢ়া
শুনা কৰোঁতে যদি কিবা বাধাও আহে তহঁতে বিচলিত হ’ব নালাগে। তহঁতৰ লক্ষ্য
পূৰণ কৰোঁতে কিবা হকা বধা পালেও সাহসেৰে আগবাঢ়ি যাব লাগিব। বুজি পাইছতো”? ককাকে ক’লে।
“ককা, মোৰ সদায়
পৰীক্ষালৈ খুব ভয় লাগে। পৰীক্ষাত কম নম্বৰ পাওঁ বুলি বৰ চিন্তা লাগি থাকে”। অভিয়ে ক’লে।
“গীতাত ভগৱানে কৈছে, আমি নিজৰ কাম
কৰোঁতে কেতিয়াও জয় বা পৰাজয়ৰ কথা ভাবিব নালাগে। সুখ দুখ, লাভ লোকচান, পাছ ফেইল
একোৰে চিন্তা কৰিব নালাগে"। ককাকে ক'লে।
"আমি
পৰীক্ষালৈও ভয় কৰিব নালাগে নেকি ককা"? অভিয়ে
সুধিলে।
"তহঁতে
কেতিয়াও পৰীক্ষালৈ ভয় নকৰিবি। পঢ়া শুনা ভালদৰে কৰাটোহে তহঁতৰ হাতত আছে, পৰীক্ষাৰ
ফলাফল তহঁতৰ হাতত নাই। ভালদৰে পঢ়া শুনা কৰি ফল ভাল নহ’লেও দুখ কৰিবলগীয়া একো
নাই”। ককাকে ক'লে।
“কিন্তু ককা, আমি ভালকৈ
পঢ়িলেওচোন কেতিয়াবা ভাল নম্বৰ নাপাওঁ”। প্ৰীতিয়ে ক’লে।
“ভগবান শ্ৰীকৃষ্ণই গীতাত
কৈছে, আমাৰ কোনো প্ৰকৃত চেষ্টা কেতিয়াও অথলে নাযায়। যদি ছাত্ৰই
সঁচাকৈয়ে মনপুতি পঢ়ে, তাৰ ফল এদিন নহয় এদিন পাবই। এটা পৰীক্ষাত ভাল ফল নকৰিলেও
পিছত কোনোবা নহয় কোনোবা এদিন কষ্টৰ ফল নোপোৱাকৈ কোনেও নাথাকে। আজি মনপুতি আয়ত্ব কৰা
কথাখিনি পিছত কেতিয়াবা কামত লাগিবই। তহঁতে বুজিলিতো”?
“বুজিছোঁ ককা। আমি কষ্ট
কৰিলে তাৰ ফল পামেই। কিন্তু সেই ফল সদায় ভালেই হয়নে”? নীলে
সুধিলে।
“গীতাৰ দ্বিতীয় অধ্যায়ৰ
৪৭ নং শ্লোকত ভগৱান শ্ৰীকৃষ্ণই কৈছে
কৰ্মণ্যেৱাধিকাৰাস্তে মা ফলেসু কদাচন ।
মা কৰ্মফলহেতুৰ্ভুৰ্মাতে সংগোত্স্ত্ব: কৰ্মণি ।।
এই শ্লোকটোৰ অৰ্থ হ’ল মানুহে ফলৰ কথা চিন্তা
নকৰি কেৱল নিজৰ কৰ্তব্য কৰিব লাগে। কেতিয়াও কেৱল ফলাফলৰ বাবে কৰ্ম কৰিব নালাগে বা
ফলাফল বেয়া হ’ব বুলি কৰ্ম নকৰাকৈ থাকিব নালাগে। কৰ্ম ভাল হ’লে ভগবান সন্তুষ্ট
হয়, ফলাফল ভাল হোৱা নোহোৱাৰ ওপৰত কোনো কথা নাই। তহঁতে বুজিছতো”?
“আমি দেখোন সদায় পৰীক্ষাত
ভাল কৰিবলৈ, খেলা ধূলাত পুৰষ্কাৰ পাবলৈ চেষ্টা কৰি থাকোঁ। সেয়া বেয়া কথা
নেকি ককা”? অভিয়ে সুধিলে।
“সেয়া বেয়া কথা নহয়।
কিন্তু কেৱল পৰীক্ষাত প্ৰথম বা খেলত চেম্পিয়ন হোৱাটোৱেই লক্ষ্য হ’ব নালাগে।
পঢ়া শুনাৰ লক্ষ্য হ’ব লাগে জ্ঞান অৰ্জন কৰা। সেইদৰে খেলা ধূলাৰ উদ্দেশ্য হ’ব লাহে
শৰীৰটোক সুন্দৰ আৰু সবল কৰি ৰখা। এই কাম কৰোঁতে যদি পুৰষ্কাৰ পাৱ বা পৰীক্ষাত ভাল
ফল লাভ হয়, সেয়া খুব ভাল কথা। কিন্তু ভাল ফল নহ’লেও দুখ
কৰিব নালাগে, হতাশ হ’ব নালাগে”।
“ককা, মাহঁতে যে
আমাক কৈ থাকে পৰীক্ষাত ভাল কৰিবই লাগিব, প্ৰথম দ্বিতীয় হ’বই লাগিব”। ৰাণীয়ে ক’লে।
“সেয়া অভিভাৱকৰ অজ্ঞানতাৰ
কাৰণে হয়। তহঁতৰ মা দেউতা হঁতে পৰীক্ষাত ভাল ফলাফলৰ বাবে আনন্দ পায়, কিন্তু
তহঁতৰ কিমান জ্ঞান হৈছে, কিমান কথা বুজিব পাৰিছ সেই কথা বিচাৰ কৰি চায় জানো। পিতৃ
মাতৃয়ে সন্তানৰ জ্ঞান বৃদ্ধিৰ কাৰণেহে চিন্তা কৰিব লাগে, নম্বৰ
বৃদ্ধিৰ কাৰণে নহয়। তহঁত আটাইয়ে কিন্তু মনত ৰাখিবি, জীৱনত
পৰীক্ষাৰ নম্বৰ কেইটাই যিমান কাম দিব, তাতকৈ তহঁতে পঢ়ি শুনি যিখিনি জ্ঞান লাভ কৰিবি, যিখিনি কথা
বুজি পাবি সেইখিনিয়ে বেছিকৈ কামত আহিব”।
“কিন্তু ককা, কাম কৰোঁতে
ফলৰ কথা মনলৈ তো আহিবই। পৰীক্ষাৰ ৰিজাল্ট বেয়া হ’লে আমাৰ মন বেয়া লগাটো
স্বাভাৱিক”। অভিয়ে ক’লে।
“যিবিলাক মানুহ স্থিৰ আৰু
নিজৰ কামত মগ্ন হৈ থাকিয়েই আনন্দ পায়, তেওঁলোকৰ কাৰণে ফলাফল ভাল হওক বা বেয়া হওক, কোনো
পাৰ্থক্য নাথাকে। তেওঁলোকে জয় আৰু পৰাজয়, সুখ আৰু দুখ দুয়োটাকে একে ধৰণে গ্ৰহণ কৰিব পাৰে। এই
অৱস্থাটোত হেনো মানুহৰ ভগৱানৰ লগত সংযোগ ঘটে। সেয়েহে এই অৱস্থাটোকে যোগ বুলি কোৱা
হয়। তেনে যোগী মানুহক সফলতা বা বিফলতা একোৱেই বিচলিত কৰিব নোৱাৰে”। ককাকে ক’লে।
“সেয়া কেনেকৈ হ’ব পাৰে ককা? মানুহ
সঁচাকৈয়ে তেনে হ’ব পাৰেনে”? প্ৰীতিয়ে সুধিলে।
“অৰ্জুনেও এই একেটা
প্ৰশ্নই ভগবান শ্ৰীকৃষ্ণক কৰিছিল। তেওঁ শ্ৰীকৃষ্ণক সুধিছিল, সখা মোক
কোৱাচোন সুখ আৰু দুখতো একে অৱস্থাত মানুহ সঁচাকৈয়ে থাকিব পাৰেনে? তেনেদৰে
থাকিব পৰা মানুহ কেনেকুৱা, তেওঁলোকৰ লক্ষণ কেনেকুৱা, তেওঁলোকে
কেনেকৈ কথা কয়, কেনেকৈ থাকে”?
“শ্ৰীকৃষ্ণই তেতিয়া কি ক’লে ককা”? ৰাণীয়ে
সুধিলে।
“তেতিয়া ভগবান শ্ৰীকৃষ্ণই
ক’লে, সেইসকল মানুহে নিজৰ কামনা বাসনা সকলো ত্যাগ কৰে। তেওঁলোকে
নিজৰ মাজতে সন্তুষ্ট হ’ব পাৰে। তেওঁলোকে কেৱল ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰে"।
ককাকে ক'লে।
"কিন্তু ককা, তেওঁলোকে
কেনেকৈ সুখ আৰু দুখ দুয়োটাতে বিচলিত নোহোৱাকৈ থাকিব পাৰে"? নীলে
সুধিলে।
"ভগৱানৰ ওচৰত
নিজকে সমৰ্পন কৰিব পাৰিলে মানুহৰ জ্ঞান আৰু বুদ্ধি স্থিৰ হয়। তেনে মানুহক
স্থিতপ্ৰজ্ঞ বুলি কোৱা হয়। তেনে মানুহে দুখত বিচলিত নহয় আৰু সুখতো উল্লাসিত নহয়"। ককাকে ক'লে।
"তেনে মানুহ
হ'বলৈ আমি কি কৰিব লাগিব ককা"? অভিয়ে
সুধিলে।
"তেনে মানুহ
হ'বলৈ হ'লে পোন প্ৰথমতে আমাৰ সকলো কামনা বাসনা ত্যাগ কৰিব লাগিব।
আমি সাহসী আৰু ধৈৰ্যশীল হ'ব লাগিব। আমি আমাৰ খং আৰু অহংকাৰৰ পৰা মুক্তি পাব
লাগিব"। ককাকে বুজাই দিলে।
“ককা, কামনা বাসনা
ত্যাগ কৰা মানে কি মই বুজি পোৱা নাই”। ৰাণীয়ে
সুধিলে।
“কামনা বাসনা হ’ল কিবা
বস্তু পাবলৈ মনত জাগি উঠা তীব্ৰ হেপাহ বা আসক্তি। ধৰি ল তোৰ লগৰ এজনীয়ে খুব ধুনীয়া
দামী ফ্ৰক এটা পিন্ধি আহিল। লগেলগে তোৰ মনত তেনেকুৱা এটা ফ্ৰক পিন্ধিবলৈ খুব হেপাহ
হ’ল। সেয়াই বাসনা। কাষৰ ঘৰত খুব ধুনীয়াকৈ খোৱা বস্তু বনাইছে। খোৱা বস্তুৰ গোন্ধ পাই তোৰো খুব
খাবলৈ মন গৈছে। এই লোভ, হাবিয়াস, হেপাহ বোৰেই হৈছে কামনা বাসনা"। ককাকে ক'লে।
"আমাৰ কামনা
বাসনাবোৰ বৰ বেয়া বস্তু নেকি ককা"? প্ৰীতিয়ে সুধিলে।
"আমি মানুহ।
মানুহৰ কামনা বাসনা থাকেই। কিন্তু এই কামনা বাসনাৰ কাৰণেই আমি মনত দুখ পাওঁ। পাবলৈ
হেপাহ কৰি থকা বস্তু নাপালে মনত বেজাৰ লাগে। সেইকাৰণে ভগবান শ্ৰীকৃষ্ণই কৈছে যে
একো বস্তু পাবলৈ হেপাহ কৰিবই নালাগে। তেতিয়া মনলৈ কোনো দুখ নাহে”। ককাকে ক’লে।
"ককা, কামনা বাসনা
সকলোৰে মনত থাকেই, কিন্তু আমি সেইবোৰ নিজে ইচ্ছা কৰি ত্যাগ কৰিব লাগে নহয়েনে? কিন্তু ককা, সকলোবোৰ
ত্যাগ কৰিলে আমাৰ দেখোন একো ভালেই নালাগিব", নীলে ক'লে।
"কামনা বাসনা
বোৰে আমাক কিছু সময়ৰ বাবে মনত তৃপ্তি আৰু আনন্দ দিয়ে। কিন্তু সেই আনন্দ
ক্ষণস্থায়ী। সেই আনন্দৰ কাৰণবোৰ আঁতৰি গ'লে আকৌ মনলৈ দুখ আহে। সেই কাৰণে কামনা বাসনাৰ পৰা আনন্দ লাভ
কৰিবলৈ চেষ্টাই কৰিব নালাগে। ত্যাগ কৰি যি সুখ পোৱা যায়, সেই সুখ
ক্ষণস্থায়ী নহয়"। ককাকে কৈ গ'ল।
"ককা, ত্যাগ
কৰিলেও সুখ পোৱা যায় নেকি? আমি কি ত্যাগ কৰিব লাগে ককা"? ৰাণীয়ে
সুধিলে।
"আমাৰ মনত যে
যিকোনো বস্তু পাবলৈ হেপাহ থকে, সেই হেপাহখিনি ত্যাগ কৰিব লাগে। এই হেপাহ ত্যাগ কৰিলেহে
প্ৰকৃত সুখ পোৱা যায়"। ককাকে ক'লে।
“কিন্তু ককা, পাবলৈ হেপাহ
নকৰাকৈ কেনেকৈ থাকিব পাৰি। ভাল বস্তুলৈতো মন যাবই”। প্ৰীতিয়ে ক’লে।
“মন যাবই। কিন্তু মনক আমি
বুজাবলৈ শিকিব লাগিব। আমাৰ বেয়া প্ৰবৃত্তিবোৰ আঁতৰ কৰিব পাৰিলে মনেও আমাৰ বুজনি
মানিব"। ককাকে ক'লে।
"বেয়া
প্ৰবৃত্তি মানে কি ককা"? ৰাণীয়ে সুধিলে।
"আমাৰ সকলোৰে
কিছুমান বেয়া স্বভাৱ থাকে। যেনে আমি আনৰ বস্তুলৈ লোভ কৰোঁ, নিজৰ থকা
বস্তু কেইটাৰ প্ৰতি খুব মোহ কৰোঁ, খং কৰি কাজিয়া কৰোঁ, অহংকাৰ কৰোঁ, আনক ঈৰ্ষা
কৰোঁ। এইবোৰ আমাৰ বেয়া প্ৰবৃত্তি। এই বেয়া প্ৰবৃত্তিবোৰ আমি মনৰ পৰা আঁতৰ কৰিব
লাগিব"। ককাকে ক'লে।
"বেয়া
প্ৰবৃত্তিবোৰ আঁতৰ হ'লে কি হ'ব ককা"? প্ৰীতিয়ে সুধিলে।
"আমাৰ বেয়া
প্ৰবৃত্তিবোৰ যদি আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, আমি মনকো
শান্ত কৰিব পাৰিম। মনক বুজনি দিব পাৰিম। আমি আমাৰ ইন্দ্ৰিয় বোৰক নিজৰ আয়ত্বত ৰাখিব
পাৰিলেহে প্ৰকৃত সুখ পাব পাৰোঁ”।
“ইন্দ্ৰিয় মানে কি ককা”? ৰাণীয়ে
সুধিলে।
“আমি যিবোৰ বস্তুৰে দেখা
পাওঁ, শুনিবলৈ পাওঁ, কথা কব পাৰোঁ, কাম কৰিব পাৰোঁ সেইবোৰেই আমাৰ ইন্দ্ৰিয়। আমাৰ চকু, কাণ, নাক, ছাল আৰু
জিভাক পাঁচ ইন্দ্ৰিয় বুলি কোৱা হয়"।
"ইন্দ্ৰিয়বোৰ
আয়ত্বত ৰখাৰ অৰ্থ কি ককা"? অভিয়ে সুধিলে।
"আমি আমাৰ এই
পাঁচ ইন্দ্ৰিয়ক নিজৰ নিয়ন্ত্ৰণত ৰাখিব লাগে। চাব নলগা বস্তু চাব নালাগে, শুনিব
নলগীয়া বস্তু শুনিব নালাগে, ক’ব নলগীয়া কথা ক’ব নালাগে। বুজিলিতো”? ককাকে আটাইকেইটালৈ চালে।
“বুজিছোঁ। কিন্তু ককা, কোনোবাই
আমাক মিছাকৈয়ে খং কৰিলে, বেয়াকৈ ক’লে আমাৰ খং নুঠিব জানো। কোনোবাই আমাৰ অন্যায় কৰিলে আমাৰ খং
উঠিবই”। নীলে ক’লে।
“ভগৱান শ্ৰীকৃষ্ণই
অৰ্জুনক কৈছে, খং উঠিলে মানুহ মূৰ্খ হৈ পৰে, মূৰ্খ হৈ
পৰাৰ কাৰণে ভাল বেয়া সকলো পাহৰি যায়, বুদ্ধি আৰু জ্ঞানশক্তি নাশ হয় আৰু জ্ঞানশক্তি নাশ হোৱা
মানুহৰ সৰ্বনাশ হয়। সেই কাৰণে আমি খং আৰু আনৰ প্ৰতি হিংসা ভাৱক মনত প্ৰশ্ৰয় দিবই
নালাগে। খং আৰু হিংসা ভাৱ ত্যাগ কৰিব পাৰিলেহে মনলৈ শান্তি আৰু সুখ আহে”। ককাকে ক’লে।
“কিন্তু ককা। আমি খং আৰু
হিংসাৰ ভাৱ কেনেকৈ ত্যাগ কৰিব পাৰিম”? অভিয়ে সুধিলে।
“খং আৰু হিংসাৰ ভাৱ ত্যাগ
কৰিবলৈ হ’লে আমি আমাৰ চিন্তাক বশ কৰিব লাগিব। আমি অন্যায়ৰ
প্ৰতিক্ৰিয়াও মন শান্ত কৰি ৰাখি, ধীৰে সুস্থিৰে কৰিব পাৰিব লাগিব, খঙেৰে নহয়।
আমাৰ মন শান্ত হৈ থাকিলেহে আমাৰ জ্ঞান আৰু বুদ্ধিয়ে আমাক সহায় কৰিব পাৰে। যি
মানুহে ইন্দ্ৰিয় সমূহক সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণত ৰাখিব পাৰে তেওঁৰ বুদ্ধি সদায়
স্থিৰ হৈ থাকে”।
“ককা, আমি
ইন্দ্ৰিয় সমূহক নিয়ন্ত্ৰণত ৰাখিবলৈ কি কৰিব লাগিব”? নীলে
সুধিলে।
“আমি আমাৰ মন আৰু
ইন্দ্ৰিয় সমূহক নিয়ন্ত্ৰণত ৰাখিবলৈ হ’লে আমি সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব। আমি ভগবানক
সঁচাকৈ ভক্তি কৰিলে ভগৱানে আমাৰ মন শুদ্ধ কৰে, আমাৰ মনৰ
বেয়া চিন্তাবোৰ দূৰ কৰে। সেই কাৰণে মই তহঁতক সদায় প্ৰাৰ্থনা কৰিবলৈ কৈছোঁ"।
ককাকে ক'লে।
"আমাৰ মায়েও
কৈছে প্ৰাৰ্থনা কৰাটো খুব ভাল কাম"। প্ৰীতিয়ে ক'লে।
"প্ৰাৰ্থনাই
আমাক ভগবানৰ লগত সংযোজিত কৰে। ভগৱানৰ শক্তি আমাৰ হৃদয়লৈ আহে আৰু আমি অহংকাৰ, হিংসা, খং, ঘৃণা আদি
বেয়া ভাববোৰ দমন কৰিবলৈ শক্তি পাওঁ। তহঁতক মই আজি এটা প্ৰাৰ্থনা শিকাইছোঁ। এই
প্ৰাৰ্থনাটো শ্ৰীমন্ত মাধৱদেৱৰ নামঘোষা পুথিত আছে।
মুক্তিত নিস্পৃহ যিটো, সেহি ভকতক নমো
ৰসময়ী মাগোহো ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য
ভজো হেন দেৱ যদুপতি॥
যাৰ ৰাম কৃষ্ণ নাম, নাৱে
ভৱ সিন্ধু তৰি
পাৱে পৰস্পদ পাপী যত।
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
উপাসা কৰাহো হৃদয়ত॥
মত্স্যক কূৰ্ম নৰসিংহ বামন পৰশুৰাম
হলীৰাম বৰাহ শ্ৰীৰাম।
বুদ্ধ-কল্কী নামে দশ আকৃতি ধৰিছা কৃষ্ণ
তযু পাৱে কৰোহো প্ৰণাম॥
এই প্ৰাৰ্থনাটোত কৈছে যে যি ভক্তই ভগৱানক সন্তুষ্ট কৰে, ভগৱান তেওঁৰ
বশ্য হৈ পৰে। শ্ৰীকৃষ্ণক হৃদয়ত উপাসনা কৰিব পাৰিলে আমাৰ জীৱনৰ সকলো পাপ নাইকীয়া হৈ
যায়, মনৰ সকলো বেয়া ভাবৰ পৰা মুক্তি পাব পাৰোঁ আৰু আমি পৰম
শান্তি আৰু সুখ পাব পাৰোঁ। আজি এই প্ৰাৰ্থনাটোও তহঁতে গাবিহক। আজি আমি ইয়াতেই
সামৰিছোঁ”।
“ককা আমি কাইলৈ বাকীখিনি
আকৌ শুনিম দেই”। নীলে ক’লে।
“হ’ব। কাইলৈ মই
তহঁতক গীতাৰ তৃতীয় অধ্যায়, কৰ্মযোগৰ বিষয়ে ক’ম”। ককাকে ক’লে।
No comments:
Post a Comment