Monday, July 4, 2022

গীতাৰ মণি মুকুতাবোৰ - ৪


জ্ঞান-কৰ্ম-সন্যাস যোগ

গীতাৰ চতুৰ্থ অধ্যায়ত শ্ৰীকৃষ্ণই কৈছে, গীতাৰ মূল বাণী তেওঁ প্ৰথম সূৰ্যক দিছিল। সূৰ্যই সেই জ্ঞান তেওঁৰ পুত্ৰ বৈৱস্বত মনুক দিছিল আৰু মনুৱে তেওঁৰ পুত্ৰ ৰজা ইক্ষাকুক দিছিল। এইদৰে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ গীতাৰ জ্ঞান প্ৰবাহিত হৈ আহিছিল। পিছলৈ এই জ্ঞান ৰাজৰ্ষি সকলে লাভ কৰিছিল। কিন্তু মাজতে বহুকাল জুৰি এই জ্ঞান পৃথিৱীত লুপ্তপ্ৰায় হৈ আছিল। যিহেতু অৰ্জুন শ্ৰীকৃষ্ণৰ পৰম ভক্ত আৰু সখা আছিল সেয়েহে শ্ৰীকৃষ্ণই এই জ্ঞান অৰ্জুনক দি গীতাৰ জ্ঞানৰ পুনৰুদ্ধাৰ কৰিছিল।
অৰ্জুনে জানিব খুজিলে, শ্ৰীকৃষ্ণই কেনেকৈ হাজাৰ হাজাৰ বছৰ আগতে গীতাৰ জ্ঞান সূৰ্যক দিছিল। একেজন শ্ৰীকৃষ্ণই কিদৰে হাজাৰ হাজাৰ বছৰ আগতে সূৰ্যক গীতাৰ জ্ঞান দিয়াটো কেনেকৈ সম্ভৱ৷
তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক ক’লে, তেওঁ আগতে বহুত বাৰ এই পৃথিৱীত জন্ম লৈছে। সেইদৰে অৰ্জুনেও বহু বাৰ এই পৃথিৱীলৈ আহিছে।
অৰ্জুন আচৰিত হ'ল, তেওঁ জানিব খুজিলে, মানুহৰ দৰে ভগৱানেও বাৰে বাৰে জন্ম লয় নেকি? ভগৱানৰ আত্মাও এইদৰে এটাৰ পিছত এটা জনম লৈ ঘূৰি ফুৰে নেকি?
শ্ৰীকৃষ্ণই অৰ্জুনক বুজাই ক'লে যে, সাধাৰণ মানুহৰ আৰু ভগৱানৰ পুনৰ জন্মৰ মাজত পাৰ্থক্য এয়ে যে মানুহৰ আত্মাই কৰ্মফল অনুসৰি এটাৰ পিছত এটাকৈ বিৰামহীন জন্ম লৈয়েই থাকিব লাগিব। কিন্তু ভগৱানে এই পৃথিৱীত প্ৰয়োজন হ’লেহে অৱতৰণ কৰে। তেওঁ নিজৰ ইচ্ছা অনুসৰি উপযুক্ত সময়ত মানুহ হৈ জন্ম লয়।
গীতাৰ চতুৰ্থ অধ্যায়ৰ ৭ আৰু ৮ নং শ্লোকত শ্ৰীকৃষ্ণই কৈছে
যদা যদাহি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত।
অভ্যুত্থানমধৰ্মস্য তদাত্মানং সৃজম্যাহম।।
পৰিত্ৰাণায় সাধুনাম ৱিনাশায় চ দুস্কৃতাম।
ধৰ্মসংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে।।
ইয়াৰ অৰ্থ হ’ল যেতিয়াই পৃথিৱীত ধৰ্মৰ গ্লানি হয় আৰু অধৰ্ম বৃদ্ধি পায়, তেতিয়াই ঈশ্বৰে এই পৃথিৱীত মানুহৰ ৰূপত জন্ম লয়। যেতিয়া অধৰ্মৰ বাবে ধাৰ্মিক আৰু সাধু মানুহৰ বিলাই বিপত্তি হয়, তেতিয়াই পাপী সকলক বিনাশ কৰিবলৈ আৰু ধৰ্মৰ প্ৰতিস্থা কৰিবলৈ যুগে যুগে ভগৱানে এই পৃথিৱীত অৱতৰণ কৰে।
ভগৱানে গীতাত প্ৰতিশ্ৰুতি দিছে যে, প্ৰয়োজন হ'লে ভগৱান আকৌ পৃথিৱীলৈ আহিব । অন্যায় অধৰ্মৰ পৰা ভাল মানুহক ৰক্ষা কৰিবলৈ আৰু পৃথিৱীত ধৰ্ম প্ৰতিস্থা কৰিবলৈ ভগৱান বাৰে বাৰে পৃথিৱীলৈ আহিব।
অৰ্জুনে জানিব খুজিলে, ভগৱান যদি পৃথিৱীলৈ আকৌ আহে, মানুহে সেই কথা কেনেকৈ গম পাব?
শ্ৰীকৃষ্ণই ক'লে, সেই কথা নিজে নিজেই প্ৰকাশিত হ’ব। মানুহ হৈ জন্ম ল’লেও তেওঁ এনে কিছুমান অলৌকিক আৰু দিব্য কাৰ্য কৰিব যে মানুহে তেওঁৰ বিষয়ে জানিব পাৰিব। আজিলৈকে পৃথিৱীত যিমানবোৰ মহাপুৰুষ আহিছে, যিমানবোৰ ধৰ্ম প্ৰচাৰক আহিছে, সকলোৰেই এনে অলৌকিক আৰু দিব্য ক্ষমতা আছিল। এই সকল মহাপুৰুষেই ভগৱানে পৃথিৱীত বাৰে বাৰে জন্ম লোৱাৰ প্ৰমাণ।
যুগ যুগ ধৰি বিভিন্ন ধৰ্ম প্ৰচাৰকে পৃথিৱীত সত্য আৰু ন্যায় প্ৰতিস্থাৰ কথাকে কৈ গৈছে। পৃথিৱীত ন্যায় আৰু সত্য প্ৰতিস্থা কৰা প্ৰতিজনেই হ’ল ভগৱানৰেই অৱতাৰ।
গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৰ্ম আৰু অকৰ্ম কি এই বিষয়ে বৰ সুন্দৰ উপদেশ দিছে। মানুহে যিবোৰ কাম শাস্ত্ৰ আৰু বিধিসন্মত ভাৱে কোনো ফলাফল আশা নকৰাকৈ কৰে সেইবোৰেই কৰ্ম বা ভাল কাম। যিবোৰ কাম মানুহে কেৱল ফলাফলৰ আশা কৰি, নিজৰ স্বাৰ্থ পূৰণৰ বাবে কৰে সেইবোৰ হ’ল অকৰ্ম বা বেয়া কাম।
গীতাত বাৰে বাৰে কৈছে, আমি ফল লাভৰ আশা নকৰি আনন্দ মনেৰে নিজৰ কাম কৰি যোৱাটোতে ভগৱান সন্তুষ্ট হয়। বেলেগকৈ আৰু ভগৱানক উদ্দেশ্য কৰি কাম কৰাৰ প্ৰয়োজন নাই। আমাৰ কামৰ বিনিময়ত আমি যি পাওঁ তাতেই আমি সন্তুষ্ট হ’ব লাগে, কাৰণ সেয়া ভগৱানৰেই দান। কাৰো প্ৰতি মনত ঈৰ্ষা নৰখাকৈ, দুখ সুখ একোতে বিচলিত নোহোৱাকৈ সদায় নিজৰ কাম ভালদৰে কৰি যোৱাতকৈ ডাঙৰ ঈশ্বৰ সেৱা একো নাই।
আমি আমাৰ সকলো কাম ভগৱানৰ চৰণত অৰ্পন কৰাৰ অৰ্থই হ’ল আমি সেই কামৰ সকলো ফলৰ পৰা মুক্তি লাভ কৰিম। আমি সেই কামৰ লগত বান্ধ নাখাওঁ, সেই কামৰপৰা হোৱা ভাল ফল বা বেয়া ফলৰ প্ৰভাৱ আমাৰ ওপৰত নপৰে। আমাৰ কাম হ’ব নিস্বাৰ্থ, পোৱা নোপোৱাৰ উৰ্দ্ধত। আমি কি পাওঁ বা নাপাওঁ, সেয়া ঈশ্বৰেহে ঠিক কৰিব।
গীতাত কৈছে, এই বিশ্বৰ প্ৰতিটো বস্তুৰ মাজতেই, চুকে কোনে, সকলোতে ভগৱান আছে। আমি সকলোতে ভগৱান আছে বুলি মনৰ মাজত অনুভৱ কৰিব লাগিব। তেনে কৰিলে আমি সকলো প্ৰাণীজগত আৰু জড়বস্তুৰ মাজতো ভগৱানক বিচাৰি পাম। কিন্তু এয়া অতি কঠিন কাম। সকলোতে ভগৱান আছে বুলি আৰু সকলো কাম ভগৱানৰ বাবে কৰা বুলি ভাবিব পাৰিলে আমাৰ প্ৰতিটো কামেই পূণ্যৰ কাম হৈ পৰিব।
পূজা, যজ্ঞ, নাম কীৰ্তন এই আটাইবোৰেই ভগৱানৰ বাবেই কৰা হয়। কিন্তু এইবোৰ কাৰ্য কৰোঁতেও সম্পূৰ্ণ ভাৱে ভগৱানৰ ওচৰত সমৰ্পিত হৈ কৰা নাযায়, তেনেহ’লে এইবোৰ কাৰ্যও ভগৱানে গ্ৰহণ নকৰে। কিন্তু নিজৰ কৰ্তব্য কৰোঁতেও যদি সেই কাৰ্য ভগৱানৰ ওচৰত সমৰ্পিত হৈ কৰা হয়, তেতিয়াও ভগৱান সন্তুষ্ট হয়।
ভগৱানৰ নামত নিজৰ কৰ্তব্য সমৰ্পন কৰিব পাৰিলে মানুহৰ জীৱনেই সুখদায়ক হৈ পৰে। যিবোৰ মানুহে নিজৰ কৰ্তব্য বোজা বুলি ভাৱে, নিজৰ কামত ফাঁকি দিয়ে, দুৰ্নীতিত লিপ্ত হয়, তেওঁলোকে কেতিয়াও মানসিক সুখ পাব নোৱাৰে। তেনে মানুহৰ জীৱন শেষত দুখদায়ক হৈ পৰে।
ভক্তি নথকাকৈ কেৱল জাকজমকতাৰে পূজা পাতল, যাগ যজ্ঞ কৰিলেই ভগৱান কেতিয়াও সন্তুষ্ট নহয়। গীতাত শ্ৰীকৃষ্ণই কৈছে ভক্তিহীন ভাৱে ভগৱানক পূজা কৰাতকৈ সন্যাসীৰ দৰে নিজৰ অন্তৰত জ্ঞানৰ সাধনা কৰাটো বেছি ভাল। জ্ঞানৰ সাধনাৰে মানুহে নিজৰ কৰ্মফলৰ পৰাও মুক্তি পাব পাৰে।
প্ৰকৃত জ্ঞান লাভ কৰিবলৈ হ’লে যিসকলে ইতিমধ্যে জ্ঞান লাভ কৰিছে, সেইসকলক গুৰু হিচাপে গ্ৰহণ কৰিব লাগিব। তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকক দণ্ডৱত প্ৰণাম কৰি তেওঁলোকৰ ওচৰত শিষ্যত্ব গ্ৰহণ কৰিব লাগিব। মনত কোনো কপটতা নোহোৱাকৈ সৰলতাৰে প্ৰশ্ন কৰি গুৰুৰ পৰা সমস্ত জ্ঞান লাভ কৰিব পৰা যায়। তেনে গুৰুৰ মাজত ভগৱানৰ অস্তিত্ব অনুভৱ কৰিব পাৰিলে পৰম তত্বৰ সন্ধান পোৱা যায়।
আমি কিছুসময় ধ্যানত মগ্ন হোৱাৰ উদ্দেশ্যেই প্ৰাৰ্থনা কৰিব লাগে। এই প্ৰাৰ্থনাই আমাৰ মনত, আমাৰ হৃদয়ত নতুন জ্ঞানৰ সঞ্চাৰ কৰে। আমাৰ মনৰ বেয়া ভাব বোৰ আঁতৰি যায়। যিসকলে ভগৱান আৰু আন মানুহৰ প্ৰতি শ্ৰদ্ধাশীল হয়, নিজৰ ইন্দ্ৰিয় বোৰক নিয়ন্ত্ৰণত ৰাখে তেওঁলোকৰ বাবে এই দিব্যজ্ঞান লাভ কৰিবলৈ সহজ হয়। তেওঁলোকে মনত পৰম শান্তি লাভ কৰে।
যিবোৰ মানুহে ভগৱানৰ প্ৰতি ভক্তি নাৰাখে, আন মানুহৰ প্ৰতি শ্ৰদ্ধাশীল নহয়, সেইবোৰ মানুহক পথভ্ৰষ্ট হোৱা বুলি ক’ব পাৰি। তেওঁলোকে ইহকাল বা পৰকাল কোনোটোতে সুখ নাপায়।
চতুৰ্থ অধ্যায়ৰ ৪১ নং শ্লোকত কোৱা হৈছে
যোগসংন্যস্তকৰ্মাণং জ্ঞানসচ্ছিন্ন সংশয়ম।
আত্মৱন্তং ন কৰ্মাণি নিবধ্নন্তি ধনঞ্জয়।।
এই শ্লোকটোৰ অৰ্থ হৈছে গীতাৰ বাণী আমি কেৱল শিকিলেই নহ’ব। আমি নিজে শিকা কথাবোৰ জীৱনত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব লাগিব। ধ্যান আৰু যোগাসন কৰি মন সুস্থিৰ কৰিব লাগিব। ধ্যান বা যোগৰ দ্বাৰাহে আমি নিজৰ কৰ্মফলৰ পৰা মুক্ত হ’ব পাৰোঁ। ধ্যানৰ দ্বাৰা আমি জ্ঞান লাভ কৰোঁ আৰু জ্ঞানৰ দ্বাৰা সকলো ভয় বা আশংকা নাইকীয়া হৈ যায়। যি মানুহে নিজকে বুজি পায় আৰু নিজৰ বিষয়ে সচেতন হয়, তেওঁ সাহসী হয়, ধৈৰ্যশীল হয়। তেওঁৰ কাৰণে সকলো কামতে সফলতা লাভ কৰাটো সম্ভৱ হৈ পৰে। তেওঁক কৰ্মফলে বান্ধি ৰাখিব নোৱাৰে।

No comments:

Post a Comment