Wednesday, July 6, 2022

গীতাৰ মণি মুকুতাবোৰ - ৬


আত্ম সংযম যোগ

গীতাৰ ষষ্ঠ অধ্যায়ত ভগৱান শ্ৰীকৃষ্ণই আত্ম সংযম যোগৰ কথা অৰ্জুনক বুজাইছে।
আত্ম সংযম হ’ল নিজৰ মনৰ ওপৰত নিয়ন্ত্ৰণ। মানুহে মনৰ ওপৰত নিয়ন্ত্ৰণ আনি লোভ – মোহ, কামনা – বাসনা, হিংসা - বিদ্বেষবোৰ ত্যাগ কৰিব পৰা হোৱাকে আত্ম সংযম যোগ বুলি কোৱা হৈছে।
গীতাত শ্ৰীকৃষ্ণই কৈছে, সুখ বা আনন্দ লাভৰ ইচ্ছা ত্যাগ কৰিব পাৰিলেহে মানুহে আত্ম সংযম লাভ কৰিব পাৰে। নিজৰ কামৰ পৰা পোৱা ফলৰ প্ৰতিও আকৰ্ষিত হ’ব নালাগে। মানুহে নিজেই নিজৰ বন্ধু, নিজেই নিজৰ শত্ৰু। নিজৰ সাধনা আৰু ধ্যানৰ দ্বাৰা মনক নিয়ন্ত্ৰণ কৰিব পাৰি আত্ম সংযম লাভ কৰিব পাৰি। আত্ম সংযমী মানুহে সকলো কামতে সফল হ’ব পাৰে আৰু আত্ম সংযম নাথাকিলে মানুহে পদে পদে বিপদত পৰে।
শ্ৰীকৃষ্ণই আকৌ কৈছে যে যি মানুহে নিজৰ মন, ইন্দ্ৰিয় আৰু শৰীৰ নিয়ন্ত্ৰণলৈ আনিব পাৰিছে, তেওঁ নিজেই নিজৰ বন্ধু হৈ পৰে, কাৰণ তেওঁ নিজৰ ভিতৰতে আনন্দ বিচাৰি পায়। তেওঁৰ বাহিৰৰ জগতখনৰ পৰা পাবলগীয়া একো নাথাকে। কিন্তু যি মানুহৰ মন, ইন্দ্ৰিয় আৰু শৰীৰ নিজৰ নিয়ন্ত্ৰণত নাথাকে তেওঁলোক নিজেই নিজৰ শত্ৰু, কাৰণ তেওঁৰ আত্ম সংযমৰ অভাৱে কেতিয়াবা তেওঁক বহুত বিপদত পেলায়।
মনক নিয়ন্ত্ৰণ কৰাটো আটাইতকৈ কঠিন কাম। মনেহে ইন্দ্ৰিয় আৰু শৰীৰক চলায়। সেয়েহে মনক বান্ধিব পাৰিলে ইন্দ্ৰিয় আৰু শৰীৰক নিয়ন্ত্ৰণ কৰাটো সহজ হৈ পৰে। আমাৰ মনক আকৌ প্ৰভাৱিত কৰে আমাৰ চিন্তাই। সেয়েহে আমি মন আৰু চিন্তাক সদায়েই নিয়ন্ত্ৰণত ৰাখিব লাগে।
যি মানুহে নিজৰ মন আৰু চিন্তাক নিজৰ ইচ্ছা মতে নিয়ন্ত্ৰিত কৰিব পাৰে, তেওঁৰ বাবে সুখ - দুখ, মান - অপমান, প্ৰাপ্তি - অপ্ৰাপ্তি, ভাল মানুহ - বেয়া মানুহ সকলো একে হৈ পৰে। যিকোনো পৰিস্থিতিতে তেওঁ সদায় হাঁহি মুখেৰে থাকিব পৰা হয়।
শ্ৰীকৃষ্ণই গীতাত কৈছে যে আত্ম সংযমী মানুহে নিজৰ শত্ৰু - মিত্ৰ, ধনী - দুখীয়া, মৰমৰ পাত্ৰ - ঘৃণাৰ পাত্ৰ, সাধু - পাপী সকলোকে একে দৃষ্টিৰে চাব পাৰে। সকলোকে সমদৃষ্টিৰে গ্ৰহণ কৰিব পাৰিলে ভাল বেয়া সকলো একে লাগে।
গীতাৰ ষষ্ঠ অধ্যায়ত ১০ নং শ্লোকত ভগবান শ্ৰীকৃষ্ণই কৈছে –
যোগী যুঞ্জিত সৎ তমাত্মানং ৰহসি স্থিত: ।
একাকী যতচিত্তাত্মা নিৰাশীৰপৰিগ্ৰহ: ।।
এই শ্লোকটোৰ অৰ্থ হ’ল মন, ইন্দ্ৰিয় আৰু শৰীৰক নিয়ন্ত্ৰণ কৰাটো সহজ কাম নহয়। ইয়াৰ বাবে মানুহে নিৰন্তৰ সংগ্ৰাম কৰিব লাগিব। কঠোৰ অভ্যাসৰ দ্বাৰাহে লাহে লাহে মনৰ ওপৰত নিয়ন্ত্ৰণ পাব পৰা যায়। নিজৰ বাবে একো ফল লাভৰ আশা নকৰাকৈ, মনৰ সকলো চিন্তা ত্যাগ কৰি একান্ত মনে ধ্যান কৰাটো মনক নিয়ন্ত্ৰণ কৰাৰ উত্তম পথ।
পূৰ্ণ আত্ম সংযম দুই এদিনতে লাভ কৰা নাযায়। ইয়াৰ বাবে বহুদিনৰ সাধনা লাগিব। মনৰ ওপৰত নিয়ন্ত্ৰণ লাহে লাহে আহে। ঋষি মুনি সকলে আত্ম সংযম লাভ কৰিবৰ বাবেই বছৰ বছৰ ধৰি তপস্যা কৰে। তেওঁলোকে নিজৰ শৰীৰ, মূৰ আৰু ডিঙি পোন আৰু স্থিৰ কৰি, নাকৰ আগটোত চকু স্থিৰ কৰি বহু সময়, বহু দিন জুৰি বহি থাকে। তেওঁলোকে চেষ্টা কৰে যাতে ধ্যানৰ সময়ত আন কোনো কথাই মনলৈ নাহে, কোনো শব্দ বা কোনো দৃশ্যই তেওঁলোকৰ মন বিচলিত কৰিব নোৱাৰে। যিদৰে চাকিৰ শিখা বতাহ নহ’লে অলপো লৰচৰ নকৰে, সেইদৰে ধ্যানৰ দ্বাৰা আত্ম সংযম লাভ কৰা যোগী সকলৰ মন অলপো লৰচৰ নোহোৱাকৈ স্থিৰ হৈ থাকে। এনেদৰে স্থিৰ হৈ, ভয়হীন হৈ, চিন্তাশূন্য হৈ, অতি শান্ত মনৰ গৰাকী হৈ ঋষি মুনি বা যোগী সকলে মনে প্ৰাণে পৰম আনন্দ লাভ কৰে কৰে। তেনে অৱস্থাত ভগবানৰ ওচৰত নিজকে সমৰ্পন কৰি তেওঁলোকে পৰম শান্তি লাভ কৰে।
শ্ৰীকৃষ্ণই গীতাৰ ষষ্ঠ অধ্যায়ৰ ১৭ নং শ্লোকত অৰ্জুনক কৈছে –
যুক্তাহাৰ বিহাৰস্য যুক্তচেষ্টস্য কৰ্মসু।
যুক্তস্বপ্ৰাববোধোস্য যোগো ভৱতি দু:খহা।।
অৰ্থাৎ যি মানুহে দৈনিক কিছু সময় ধ্যান বা যোগাভ্যাস কৰে, যথাযোগ্য পৰিশ্ৰম আৰু বিশ্ৰাম কৰে, সদায় নিজৰ কাম নিয়াৰিকৈ কৰিবলৈ সচেষ্ট হয়, পৰিমিত খাদ্য গ্ৰহণ কৰে, টোপনি ক্ষতি নকৰে, তেওঁলোকেই সিদ্ধি লাভ কৰিব পাৰে।
আমি ইন্দ্ৰিয়ৰ দ্বাৰা যি আনন্দ অনুভৱ কৰোঁ সেই আনন্দ ক্ষন্তেকীয়া। কিন্তু যি মানুহে সম্পূৰ্ণ আত্ম সংযম লাভ কৰিব পাৰিছে, যি মানুহে নিজৰ মাজতেই ভগৱানৰ অস্তিত্ব অনুভৱ কৰিব পাৰিছে, তেওঁৰ বাবে জীৱনৰ প্ৰতিটো পলেই আনন্দময়। তেনে মানুহে জীৱনত বহুত কিবা কিবি লাভ কৰিলেও প্ৰাপ্তিৰ আনন্দত মতলীয়া নহয়। সেইদৰে জীৱনত বহুত কিবা কিবি হেৰুৱালেও মনৰ আনন্দৰ পৰা বঞ্চিত নহয়। মনৰ এনে অৱস্থাকে সিদ্ধি লাভ কৰা বুলি কোৱা হয়।
যিবোৰ চিন্তাই আমাৰ মন আৰু মগজু উত্তেজিত কৰে, যিবোৰ চিন্তাই আমাক ভয়বিহ্বল কৰে, যিবোৰ চিন্তাই আমাক খঙাল, হিংসুক বা অহংকাৰী কৰে, যিবোৰ চিন্তাৰ কাৰণে আমি আনৰ অপকাৰ কৰোঁ সেইবোৰেই অপ্ৰয়োজনীয় চিন্তা। এনে অপ্ৰয়োজনীয় চিন্তাবোৰৰ বাবে আমি মনত বৰ কষ্ট পাওঁ। এই চিন্তাবোৰ মনৰ পৰা দূৰ কৰিব পাৰিলেহে মনত সদায় আনন্দ থাকিব আৰু আমি সুখী হ’ব পাৰিম।
অপ্ৰয়োজনীয় চিন্তাবোৰ বিষাক্ত পোকৰ দৰে। এই চিন্তাবোৰে আমাক বেয়া কাম বা পাপ কাম কৰিবলৈ উত্সাহিত কৰে। এনে চিন্তা নাথাকিলে আমাৰ মনত পাপ ভাৱো নাথাকিব। মনত পাপ ভাৱ নথকা মানুহৰ আত্মা অতি পৱিত্ৰ হয় আৰু তেওঁলোকে ঈশ্বৰৰ কৃপা লাভ কৰে। তেনে মানুহে সকলো জীৱ আৰু পাৰ্থিৱ বস্তুৰ মাজতেই ঈশ্বৰক বিচাৰি পায়। তেওঁলোকে আনৰ সুখ দুখক নিজৰ দুখ সুখ বুলি ভাবে। তেনে মানুহেই ভগবানৰ অতি প্ৰিয়পাত্ৰ হয়।
গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, যি মানুহে একাগ্ৰভাৱে স্থিৰ হৈ ঈশ্বৰৰ আৰাধনা কৰে, সকলো জীৱৰ মাজত ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰে, আনৰ আৰু নিজৰ সুখ দুখ একেধৰণে অনুভৱ কৰে সেই সকল মানুহে জীৱনত কেতিয়াও কষ্ট অনুভৱ নকৰে। ইয়াৰ কাৰণ হ’ল তেওঁলোকৰ মনত কোনো ক্ষতিকাৰী অপ্ৰয়োজনীয় চিন্তাই বাহ ল’ব নোৱাৰে। তেওঁলোকে মনত পৰম শান্তি অনুভৱ কৰে।
অৰ্জুনে শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছিল, আমাৰ মনত সকলো সময়ত কিবা নহয় কিবা চিন্তাচোন আহিয়েই থাকে। আমাৰ মন প্ৰায়েই চঞ্চল হয়। আমি মনক অপ্ৰয়োজনীয় চিন্তাৰ পৰা আঁতৰত ৰাখিবলৈ কি কৰিব লাগিব”? তেতিয়া শ্ৰীকৃষ্ণই কৈছিল যে মনক বশ কৰিবলৈ হ’লে নিৰন্তৰ প্ৰয়াস কৰিব লাগে আৰু মনলৈ ত্যাগ আৰু বৈৰাগ্যৰ ভাৱ আনিব লাগে। মনক বশ কৰিব নোৱাৰিলে ধ্যান বা যোগ কৰিব নোৱাৰি। আমাৰ দুৰ্বাসনা বা দু:চিন্তাবোৰ অতি বলবান। সেইবোৰে আমাৰ মন এৰি সহজতে দূৰলৈ নাযায়। কিন্তু মানুহে দৃঢ়তাৰে বাৰম্বাৰ চেষ্টা কৰি কৰি মনক বশ কৰিবলৈ সক্ষম হয়।
অৰ্জুনে আকৌ সুধিলে, যিবিলাক সাধক বা যোগীয়ে বহু তপস্যা, সাধনা কৰিও সাধনাত সিদ্ধি লাভ কৰিব নোৱাৰে সেইবিলাক মানুহৰ কি হয়? তেওঁলোকৰ সকলো ত্যাগ আৰু কষ্ট অথলে যায় নেকি? এই প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই অৰ্জুনক বুজাইছে যে মানুহৰ ধ্যান, সাধনা বা তপস্যা কেতিয়াও অথলে নাযায়। মানুহৰ কষ্টৰ ফল কেতিয়াও বিনাশ নহয়। সিদ্ধি লাভত সফল হ’ব নোৱৰা যোগী সকলে কোনোবা জ্ঞানী যোগীৰ পৱিত্ৰ ঘৰতেই পুনৰ জনম লাভ কৰে। তেওঁলোকৰ পূৰ্বৰ জনমত আৰ্জিত জ্ঞানে নতুন জীৱনত পূৰ্ণতা লাভ কৰে। আগৰ জনমৰ আধ্যাত্মিক জ্ঞান আৰু যোগাভ্যাসৰ বলত তেওঁলোক মানসিক ভাৱে শক্তিশালী হয়।

No comments:

Post a Comment