Monday, July 4, 2022

গীতাৰ মণি মুকুতাবোৰ - ৩


কৰ্মযোগ
(Work is Worship)

গীতাৰ তৃতীয় অধ্যায় কৰ্মযোগৰ আৰম্ভণিতে অৰ্জুনে শ্ৰীকৃষ্ণক সুধিছে, যদি আত্মাৰ বিষয়ে জ্ঞান লাভেই মানুহৰ জীৱনৰ মূল কথা, তেনেহ’লে শ্ৰীকৃষ্ণই তেওঁক যুদ্ধ কৰাটো কিয় বিচাৰিছে। যদি মানুহ মৰণশীল আৰু বাৰে বাৰে জন্ম ল'বই লাগে, তেনেহ'লে মানুহে ধৰ্ম, ন্যায় আদি ৰক্ষাৰ কাৰণে যুদ্ধ কিয় কৰিব লাগে।
দ্বিতীয় অধ্যায়ত ইহকাল পৰকালৰ বিষয়ে জ্ঞানলাভ কৰাৰ পাছত অৰ্জুনৰ মনত নানান ভাৱে ক্ৰীড়া কৰি আছিল। অৰ্জুনে জানিব বিচাৰিছিল, মানুহৰ আত্মাই যদি বাৰে বাৰে জন্ম ল'বই লাগে, তেনেহ’লে ভাল কৰ্ম কৰাৰ প্ৰয়োজন ক’ত?
শ্ৰীকৃষ্ণই অৰ্জুনক বুজাই ক'লে যে, যিকোনো পৰিস্থিতিত এই পৃথিৱীত মানুহে নিজৰ কৰ্ম কৰিবই লাগিব।
যিসকল সন্যাসী, যিসকলে সংসাৰৰ মায়া মোহ ত্যাগ কৰিছে, তেওঁলোকে একো নকৰাকৈ কেৱল জ্ঞানৰ সাধনা কৰিব পাৰে। তেওঁলোকৰ কাৰণে জ্ঞানযোগ অতি উত্তম। কিন্তু যিসকলে সন্যাস লোৱা নাই, তেওঁলোকে একো নকৰাকৈ বহি থকাটো উচিত নহয়। সেই সকলৰ বাবে উচিত হ’ল কৰ্মযোগ।
শ্ৰীকৃষ্ণই অৰ্জুনক বুজাই দিলে যে এই পৃথিৱীত মানুহে কাম নকৰি বহি থকাটো মহাপাপ। তেনে লোকে কেতিয়াও ভগৱানৰ আশিস লাভ কৰিব বা সিদ্ধি পাব নোৱাৰে। শ্ৰীকৃষ্ণই কৈছে, ভক্তি সহকাৰে অবহেলা নকৰি নিজৰ কাম কৰি যোৱাটোৱেই সিদ্ধি লাভ কৰিবলৈ আটাইতকৈ উত্তম উপায়।
গীতাত কৈছে, যি কামে আমাৰ মন আৰু দেহৰ ক্ষতি কৰিব পাৰে, তেনে কাম কৰাটো তেনেই অনুচিত। কাম কৰোঁতে মনত সদায় ভাল ভাব লৈ কৰিব লাগে। কিছুমান মানুহে দেখাত একো বেয়া কাম নকৰে, কিন্তু মনত বেয়া ভাব ৰাখি কাম কৰে। তেনে কৰাটো মিছা কথা কোৱাৰ লেখীয়া আৰু তেনে কৰাটো পাপ কাম বুলি শ্ৰীকৃষ্ণই অৰ্জুনক বুজাই কৈছে।
যিবোৰ কামে আনৰ উপকাৰ কৰে, যিবোৰ কাম ভগৱানৰ নামত উচৰ্গা কৰি কৰা হয়, সেইবোৰ কামকে শ্ৰীকৃষ্ণই উত্তম কাম বুলি কৈছে। ভগৱানৰ নামত উচৰ্গা কৰাৰ অৰ্থ হ’ল আমি কৰ্তব্য কৰি থাকোঁতে মনত এনে ভাব ৰাখিব লাগে যে সেই কামটো আমি ভগবানক সন্তুষ্ট কৰিবলৈকে পৰম ভক্তিৰে কৰিছোঁ। যেতিয়া কামৰ লগত ভক্তি মিহলি হয়, তেতিয়াই সেই কামটো খুব ভাল কাম হৈ পৰে। সেয়াই হৈছে উত্তম কাম।
শ্ৰীকৃষ্ণই গীতাত কৈছে যে মানুহে যদি নিজৰ কামেৰে ভগৱানক সন্তুষ্ট কৰে, ভগৱানেও সদায় মানুহক সন্তুষ্ট কৰিব। আমি যদি ভগৱানৰ ভক্ত হৈ নিজৰ কৰ্তব্য কৰোঁ, ভগৱান সন্তুষ্ট হয়। ভগৱানেও আমাক এদিন নহয় এদিন সেই কামৰ ফল দিবই। আমি আশা নকৰাকৈয়ে সেই ফল পামেই। কিন্তু কেৱল ফলৰ আশা কৰি ভগৱানৰ কথা ভাবিব নাপায়।
গীতাত ভগবান শ্ৰীকৃষ্ণই কৈছে যে আমি যদি সদায় ফলৰ আশা কৰি কাম কৰোঁ, ফল ভাল বা বেয়া হোৱাৰ প্ৰভাৱ আমাৰ ওপৰতে পৰে। ফল ভাল হ'লে যিদৰে আনন্দ লাগে, ফল বেয়া হ'লে সেইদৰে দুখ লাগে। কিন্তু ফলৰ আশা নকৰি ভগৱানৰ নামত কৰ্তব্য কৰিলে আমি তেনে ভাৱৰ পৰা মুক্ত হৈ পৰোঁ। তেতিয়া আৰু ফল ভাল হওক বা বেয়াই হওক, আমি একেধৰনে গ্ৰহণ কৰিব পাৰোঁ।
ফলৰ আশা কৰি, ভগৱানৰ কথা নিচিন্তি কাম কৰিলে মানুহে ভাল বেয়া দুয়োটা ফল নিজেই ভোগ কৰিবলগীয়া হয়। কিন্তু সকলো কাম ভগৱানৰ বাবে কৰা বুলি মনত ৰাখিলে মানুহে তেনে ভাবৰ পৰা নিজকে মুক্ত কৰিব পাৰে।
যিবিলাক মানুহে ভগৱানৰ কথা পাহৰি কেবল ভোগ বিলাসতে মত্ত হৈ জীৱন কটায়, তেওঁলোকে আনন্দত মতলীয়া হ'ব পাৰে, কিন্তু তেওঁলোকৰ জীৱন আচলতে ব্যৰ্থ। তেওঁলোকে নিজৰ ইন্দ্ৰিয়বোৰক সন্তুষ্ট কৰা কামতেই জীৱন অতিবাহিত কৰে। তেওঁলোকে মনত ক্ষন্তেকীয়া আনন্দ পাবলৈ নতুন নতুন লাহ বিলাসৰ সামগ্ৰী বিচাৰি ঢপলিয়াই ফুৰে। লাহ বিলাসৰ মাজতে তেওঁলোকৰ জীৱন অতিবাহিত যায়। তেওঁলোকে কেতিয়াও মনত শান্তি নাপায়। সেই কাৰণে তেওঁলোকৰ জীৱন ব্যৰ্থ হয়।
যিবিলাক মানুহে নিজৰ কামৰ মাজতে সন্তুষ্টি, তৃপ্তি আৰু পৰিপূৰ্ণতা পায়, তেওঁলোকৰ বাবে কোনো লাহ বিলাসৰ প্ৰয়োজন নহয়। তেওঁলোকে কাম কৰাৰ মাজতে পৰম আনন্দ অনুভৱ কৰে। কামৰ ফল ভাল বা বেয়া হোৱাটোৱে তেওঁলোকক বিচলিত কৰিব নোৱাৰে। কোনো আসক্তি বা মোহ নোহোৱাকৈ নিজৰ কাম কৰি থকা মানুহহে ভগৱানৰ প্ৰিয়ভাজন হয়। সেইবাবে তেওঁলোকৰ জীৱন সফল হয়।
ভগৱানেও সদায় নিজৰ কাম কৰি থাকে। ভগৱানে যদি কেতিয়াবা কৰ্তব্যত অৱহেলা কৰে, এই পৃথিৱীত অথন্তৰ হৈ যাব। চন্দ্ৰ সূৰ্য নিজ বাটেৰে চলিবলৈ এৰি দিব, এই পৃথিৱী ধ্বংস হৈ যাব। ভগৱানে বান্ধি দিয়া নিয়ম মতেই সকলো চলি আছে। সৃষ্টিকৰ্তা ভগৱানে যিহেতু সদায় কৰ্ম কৰি থাকে বাবে মানুহেও ভগৱানক অনুসৰণ কৰি সদায় কৰ্মত ব্যস্ত হৈ থাকিব লাগে। নিজৰ কামত ব্যস্ত হৈ থকাটোৱেই হৈছে মানুহৰ আচল ধৰ্ম।
কুৰুক্ষেত্ৰ যুদ্ধত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, যুদ্ধকো নিজৰ পূজা বুলি গণ্য কৰি যুদ্ধৰ বাবে কৰা কৰ্মকো ভগৱানৰ চৰণত অৰ্পন কৰি কোনো শোক, মমতা বা বাসনা নোহোৱাকৈ যুদ্ধ কৰা উচিত। কাৰণ কৰ্মৰ সকলো ফল ভগৱানৰ ইচ্ছা অনুসৰিহে হয়।
গীতাৰ তৃতীয় অধ্যায়ৰ শ্লোক ৩০ত শ্ৰীকৃষ্ণই কৈছে
ময়ি সৰ্বাণি কৰ্মাণি সংন্যস্যা আধ্যাত্মচেতসা।
নিৰাশী নিৰভয়ো ভূত্বা যুশস্ব: বিগতজ্বৰা:।।
অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই কৈছে, ময়েই অন্তৰ্যামী পৰমাত্মা। মোৰ কথা চিন্তা কৰি সম্পূৰ্ণ কৰ্ম মোকেই অৰ্পন কৰি সম্পূৰ্ণ বাসনাহীন ভাৱে, মমতাহীন ভাৱে আৰু সন্তাপ ৰহিত হৈ নিজৰ কৰ্তব্য কৰিবা।
গীতাত শ্ৰীকৃষ্ণই কৈছে, যিজনে সদায় শ্ৰদ্ধা আৰু ভক্তিৰে নিজৰ কৰ্তব্য পালন কৰে, তেওঁ ভগৱানৰ প্ৰিয় হৈ পৰে আৰু জন্ম মৃত্যুৰ চাকনৈয়াৰ পৰা মুক্তি পায়। আকৌ যিসকলে নিজৰ কৰ্তব্য পালন নকৰে, নিজৰ ভাগ্যৰ বাবে ভগৱানক দোষাৰোপ কৰে, সেইসকল লোকে বাৰে বাৰে পৃথিৱীত জনম লৈ দুখ দুৰ্দশাৰে জীৱন অতিবাহিত কৰে।
শ্ৰীকৃষ্ণই অৰ্জুনক বুজাই কৈছিল যে মানুহৰ মনত থকা অতৃপ্ত কামনা বাসনা আৰু ক্ৰোধৰ কাৰণেই মানুহে বেয়া কাম কৰিবলগীয়া হয়। সেয়েহে অতৃপ্ত কামনা আৰু খঙেই মানুহৰ প্ৰধান শত্ৰু। যিদৰে ধোঁৱাই জুইক, মলিয়ে দাপোনক আৱৰি ৰাখে সেইদৰে কামনা বাসনা আৰু ক্ৰোধে মানুহৰ জ্ঞানক আবৃত কৰি ৰাখে।
যিবিলাক মানুহে অনবৰতে কামনা বাসনাৰ মাজত ডুবি থাকে, আমোদ প্ৰমোদত মত্ত হৈ থাকে, কথাই কথাই উগ্ৰ আচৰণ কৰে, অহংকাৰী হৈ আনৰ প্ৰতি বেয়া ব্যৱহাৰ কৰে আৰু সেইবোৰ মানুহৰ জ্ঞান থাকিলেও সেই জ্ঞানৰ কোনো মূল্য নাই। কাৰণ এখন পৰ্দাৰ দৰে কামনা বাসনা, অহংকাৰ আৰু ক্ৰোধে তেনে মানুহৰ জ্ঞান আৱৰি ৰাখে। সেইবোৰ মানুহে নিজৰ অতৃপ্ত কামনা বাসনা পূৰণ কৰিবলৈ বা কিবা নোপোৱাৰ খঙত পাপ কাম কৰে।
আমাৰ যে লোভ লাগে, আনৰ বস্তু নিজৰ কৰি লবলৈ ইচ্ছা হয়, কাৰোবাৰ ওপৰত হঠাতে খং উঠে, কাৰোবাৰ প্ৰতি ঈৰ্ষা হয়, এইবোৰ সকলো আমাৰ মনৰ নেতিবাচক চিন্তাৰ কাৰণে হয়। আমি চিন্তাক এনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে যাতে ক্ষতিকাৰী চিন্তাবোৰ আমাৰ মনলৈ কেতিয়াও নাহে। চিন্তাক নিয়ন্ত্ৰণ কৰিব পাৰিলেহে আমি আমাৰ মন নিয়ন্ত্ৰণ কৰিব পাৰিম।
মন সদায় চিন্তাৰ ওপৰত, সেইদৰে বুদ্ধি হ’ল মনৰ ওপৰত। বুদ্ধিৰ দ্বাৰা আমি আমাৰ মনক আৰু মনৰ দ্বাৰা চিন্তাক বশলৈ আনিব লাগিব। বুদ্ধিতকৈও শ্ৰেষ্ঠ হ’ল আত্মা। আত্মাই আমাৰ মূল, আমাৰ সকলো বুদ্ধিৰ আধাৰ। সেয়ে আত্মাৰ পৰা শক্তি লৈ আমি বুদ্ধিৰ দ্বাৰা আমাৰ মন আৰু চিন্তাক নিয়ন্ত্ৰণ কৰিব পাৰোঁ।

No comments:

Post a Comment