Wednesday, July 6, 2022

গীতাৰ মণি মুকুতাবোৰ - ৫

 কৰ্ম-সন্যাস যোগ


শ্ৰীকৃষ্ণই দিয়া জ্ঞানে অৰ্জুনৰ মনত বহু ধৰণৰ প্ৰশ্নৰ সৃষ্টি কৰিলে।
শ্ৰীকৃষ্ণই এহাতে কৈছে যে সকলো সময়তে ভগবানৰ কথা ভাবিব লাগে আৰু আনহাতে কৈছে যে যিকোনো পৰিস্থিতিতে নিজৰ কাম খুব ভালকৈ কৰি যাব লাগে। এজন মানুহে ভগৱানৰ কথা ভাবিব নে নিজৰ কামৰ কথা ভাবিব? অৰ্জুনে সুধিলে, ভগৱানৰ নামলৈ সন্যাসী হৈ বহি থকাটো ভাল নে নিজৰ কামত বিভোৰ হৈ কাম কৰি থকাটো ভাল।
ইয়াৰ উত্তৰত শ্ৰীকৃষ্ণই ক’লে যে ভগৱানৰ নামত সৰ্বস্ব অৰ্পন কৰি সন্যাসী হৈ যি ফল পাব পাৰি, নিজৰ কামত আত্ম বিভোৰ হৈ থাকি প্ৰতিটো কাম নিয়াৰিকৈ কৰিও সেই একেও ফল পাব পাৰি। কিন্তু শ্ৰীকৃষ্ণই এইবুলিও ক'লে যে সকলো কাম বন এৰি বৈৰাগী বা সন্যাসী হোৱাতকৈ নিজৰ সমস্ত ধ্যান আৰু মনোযোগ সহকাৰে নিজৰ কামত মগন হৈ থকাটো বেছি ভাল।
প্ৰকৃত সন্যাসী কোন হয় সেই কথাও শ্ৰীকৃষ্ণই গীতাত বুজাই দিছে। যিবোৰ মানুহে সদায় আনৰ উপকাৰ কৰাৰ বাবেই কাম কৰে, যিবোৰ মানুহৰ মনত আন কোনো মানুহৰ প্ৰতি ঘৃণাৰ ভাৱ নাই, যিবোৰ মানুহে নিজৰ কামৰ পৰা একো ফল নিবিচৰাকৈ নিস্বাৰ্থ ভাৱে নিতৌ নিজৰ কামত ব্যস্ত হৈ থাকে, তেওঁলোকহে প্ৰকৃত সন্যাসী। তেওঁলোকে নিজৰ কামত ব্ৰতী হৈ থাকিও সকলো প্ৰকাৰৰ বন্ধনৰ পৰা মুক্ত হৈ পৰম আনন্দময় জীৱন যাপন কৰে।
ভগৱান শ্ৰীকৃষ্ণই পুনৰ অৰ্জুনক বুজাই কৈছে, নিস্বাৰ্থ ভাৱে নিজৰ কামত বিভোৰ হৈ থকা লোকক কৰ্মযোগী বোলা হয়। তেওঁলোকে নিজৰ বাবে একো আশা নকৰাকৈ কৰ্মকে যোগ বা প্ৰাৰ্থনা হিচাপে গণ্য কৰে। কিছুমান মানুহে ভাবে যে সকলো কাম এৰি অকল ভগৱানৰ পূজা সেৱা কৰিলেহে বা সন্যাসীৰ জীৱন যাপন কৰিলেহে ভগৱান সন্তুষ্ট হয়। কিন্তু এয়া সঁচা নহয়। নিজৰ কাম নিয়াৰিকৈ কৰাটোও একপ্ৰকাৰৰ প্ৰাৰ্থনা। আকৌ, ভগৱানৰ পূজা সেৱাও যদি সম্পূৰ্ণ ভক্তি আৰু সমৰ্পনৰ মনোভাৱেৰে কৰা নহয়, তেনে পূজাও আচলতে নিৰৰ্থক।
গীতাত কৈছে, যিবোৰ মানুহে নিজৰ কৰ্তব্যকে ভগবানৰ ওচৰত প্ৰাৰ্থনা বুলি গণ্য কৰি ভালদৰে নিজৰ কাম কৰি যায়, যি মানুহৰ অন্তৰ শুদ্ধ, যি মানুহে নিজকে আৰু নিজৰ ইন্দ্ৰিয় সমূহ নিয়ন্ত্ৰণ কৰিব পাৰে, যি মানুহে নিজৰ মাজত আৰু আন সকলো প্ৰাণীৰ মাজত ভগৱানৰ অস্তিত্ব বিচাৰি পায়, তেনে মানুহৰ অন্তৰত ভগৱানে স্থিতি লয়। তেনে মানুহে আনকি চকুৰে চাওঁতে, কাণেৰে শুনোতে, হাতেৰে ষ্পৰ্শ কৰোঁতে, খাদ্য খাওঁতে, ক’ৰবালৈ যাওঁতে, টোপনি যাওঁতে আনকি উশাহ নিশাহ লোৱাৰ সময়তো নিজৰ মাজত ভগৱানৰ অস্তিত্ব অনুভৱ কৰে। তেনে মানুহে এনে অনুভৱ কৰে যে তেওঁ নিজে একো নকৰে, ভগৱানেহে তেওঁৰ হতুৱাই সকলো কাম কৰোৱায়।
কিছুমান মানুহে কেৱল মুখত ভগৱানৰ নাম লয়, কিন্তু অন্তৰত ভগৱানৰ উপস্থিতি অনুভৱ নকৰে। গীতাত সেয়া অকৰ্ম বুলি কোৱা হৈছে। কিন্তু যিবোৰ মানুহে অন্তৰত ভগবানক বিচাৰি পায় আৰু ফলৰ আশা নকৰি নিজৰ কৰ্তব্য কৰি যায়, তেওঁলোকে কেতিয়াও অকৰ্ম কৰিব নোৱাৰে। কোনোবাই যদি ভগবানৰ নাম লৈ যদি বেয়া কাম কৰে সেয়া হ’ল মহাপাপ।
গীতাত শ্ৰীকৃষ্ণই এই বুলিও কৈছে যে, যি মানুহে তেওঁৰ সকলো কৰ্ম ভগৱানৰ নামত সমৰ্পন কৰে, তেওঁ সকলো প্ৰকাৰৰ আসক্তি আৰু কৰ্ম ফলৰ পৰা মুক্তি পায়। সেই কাৰ্য তেতিয়া পাপ বা পুণ্যৰ বিচাৰৰ ঊৰ্ধলৈ যায়। পাপ পুণ্য মানুহে নিজে সৃষ্টি কৰা বিচাৰ। ভগৱানৰ দৃষ্টিত নিস্বাৰ্থ ভাৱে ভগৱানৰ নামত সমৰ্পিত সকলো কামেই পুণ্যৰ কাম।
এজন মানুহে ভগৱানৰ নামত নিজৰ কাম সমৰ্পন কৰিলেই সেই কাম যে ভগৱানে গ্ৰহণ কৰিব সেয়াও সত্য নহয়। ভগৱানে এনে কামহে গ্ৰহণ কৰে যিবোৰ কাম কৰোঁতে মানুহে কোনো ফলৰ আশা নকৰে আৰু যিবোৰ কামৰ দ্বাৰা সমগ্ৰ মানৱ জাতিৰ উপকাৰ আৰু কল্যাণ হয়। যিবোৰ মানুহে নিজৰ ইন্দ্ৰিয় সমুহ দমন কৰিব পাৰিছে, যিবোৰ মানুহে সকলো পাৰ্থিৱ বস্তুৰ প্ৰতি মায়া মোহ ত্যাগ কৰিব পাৰিছে, যি সকলে ফল লাভৰ আসক্তিত কাম নকৰে বা আনৰ দ্বাৰাও নকৰোৱায়, তেনে মানুহৰ কামহে ভগৱানে গ্ৰহণ কৰে। সেয়েহে ভগৱানৰ নামত উচৰ্গা কৰা প্ৰতিটো কামেই হ’ব লাগিব পৱিত্ৰ, নিষ্কাম, আসক্তি ৰহিত আৰু পৰোপকাৰী।
গীতাত শিকাইছে, আমি জ্ঞান অথবা কৰ্মৰ সাধনাৰে ভগৱানৰ ওচৰ চাপিব পাৰোঁ। দুয়োবিধ সাধনাতে ভগৱানৰ প্ৰতি অটল বিশ্বাস ৰাখিব লাগিব, ভগৱানৰ চৰণত নিজকে সমৰ্পন কৰিব লাগিব।
গীতাৰ পঞ্চম অধ্যায়ৰ শ্লোক নং ১৪ত শ্ৰীকৃষ্ণই কৈছে –
ন কৰ্তৃত্বং ন কৰ্মাণি লোকস্য সৃজতি প্ৰভূ।
ন কৰ্মফল সংযোগং স্বভাৱস্তু প্ৰৱৰ্ততে।।
এই শ্লোকটোত কোৱা হৈছে যে ভগৱানে মানুহক কোনো কাম কৰিবলৈ বাধ্য নকৰে। কাম আৰু কৰ্মফলৰ সংযোগো ভগৱানে নিৰূপন নকৰে। এই সকলোবোৰ স্বাভাৱিক ভাৱে সম্পন্ন হয়। ভাল কামৰ ফল ভাল আৰু বেয়া কামৰ ফল বেয়া হয়।
গীতাত ষ্পষ্টকৈ কোৱা হৈছে যে ভগৱানে কোনো মানুহৰ পাপ বা পুণ্যৰ ফল গ্ৰহণ নকৰে। কৰ্মফল স্বাভাৱিক প্ৰক্ৰিয়াত কৰ্ম কৰা জনেই পাব। কিন্তু গীতাৰ জ্ঞানৰ সহায়ত মানুহে এই কৰ্মফলৰ প্ৰভাৱৰ পৰা নিজকে মুক্ত কৰিব পাৰে। জ্ঞানী মানুহে কৰ্মফল হাঁহিমুখে গ্ৰহণ কৰে আৰু কোনো পৰিস্থিতিতে বিচলিত নহয়। যিকোনো পৰিস্থিতিতে নিজৰ মানসিক অৱস্থা নিয়ন্ত্ৰণত ৰাখিব পাৰিলেই মানুহে কৰ্মফলৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব পাৰে।
যিবোৰ মানুহে শিক্ষিত অশিক্ষিত, ধনী দুখীয়া, জ্ঞানী অজ্ঞানী সকলোকে সমান দৃষ্টিৰে চায়, যি মানুহে কুকুৰ, শিয়াল, গাধ আদি জীৱ-জন্তুৰ মাজতো ভগৱান দেখা পায়, সেইবোৰ মানুহেই জ্ঞানী, কাৰণ তেওঁলোকে বুজি পায় যে সকলোৰে আত্মা একেই।
সকলোকে সমভাৱে চোৱাৰ উপৰিও জ্ঞানী মানুহ হয় স্থিৰ বুদ্ধিৰ, সাহসী আৰু উদাৰ। তেওঁলোকে মনে বিচৰা ফল পালেও আনন্দত উত্ৰাৱল নহয়, সেইদৰে মনে বিচৰা ফল নাপালেও বিষাদত ভাঙি নপৰে। তেওঁলোকৰ আত্মাই বাহিৰৰ জগতত নহয়, নিজৰ মনৰ মাজতে সুখ বিচাৰি পায়।
যিবোৰ মানুহে নিজৰ মনৰ মাজত আনন্দ নিবিচাৰি বাহিৰৰ জগতৰ মাজত আনন্দৰ সন্ধান কৰে, যিবোৰ মানুহে বাহ্যিক ৰং ৰহইচ আৰু মনোৰঞ্জনৰ মাজতহে আনন্দ বিচাৰি পায়, তেওঁলোক আচলতে অজ্ঞানী। বাহিৰৰ পৰা পোৱা আনন্দৰ আৰম্ভণিও আছে আৰু সমাপ্তিও আছে। সেয়ে তেনে আনন্দ চিৰস্থায়ী নহয়। তেনে আনন্দই শেষত দুখহে আনে। কিন্তু অজ্ঞানী লোকে সেই ক্ষণস্থায়ী আনন্দতে মতলীয়া হৈ দুখ কষ্ট ভোগ কৰে।
বাহ্যিক মনোৰঞ্জনৰ পৰা আহৰণ কৰা আনন্দ বেছি সময় নাথাকে। সেইবাবে আমি নিজৰ মাজতে আনন্দৰ সন্ধান কৰিব লাগে। মনৰ মাজত বিচাৰি পোৱা আনন্দৰ কেতিয়াও শেষ নাই। যি মানুহে সুখ বা দুখ একোতে বিচলিত নহয়, কাম ক্ৰোধৰ দ্বাৰা প্ৰভাৱিত নহয়, অন্তৰাত্মাৰ মাজত সুখৰ খনি বিচাৰি পায় সেই সকল মানুহকেই যোগী বোলা হয় আৰু তেওঁলোকেই প্ৰকৃততে সুখী হ’ব পাৰে।
গীতাৰ পঞ্চম খণ্ডত ভগৱান শ্ৰীকৃষ্ণই মানুহৰ জীৱনত ধ্যান বা Meditation ৰ প্ৰয়োজনীয়তাৰ বিষয়ে কৈছে। চকু মুদি দীঘলকৈ উশাহ নিশাহ লৈ কপালত দুই ভ্ৰূকুটিৰ মাজত থকা অংশত কিছুসময় মনোযোগ নিবদ্ধ কৰাটোৱেই ধ্যানৰ সহজ উপায়। এইদৰে ধ্যানক জীৱনৰ অংশ কৰিব পাৰিলে মানুহৰ মন শান্ত আৰু নিৰ্মল হয়। তেনে মানুহে নিজৰ কৰ্তব্য সকলো বাহ্যিক প্ৰভাৱ আওকান কৰি হেলাৰঙে কৰিব পাৰে।

No comments:

Post a Comment