Monday, July 25, 2022

গীতাৰ মণি মুকুতাবোৰ - ৭

সপ্তম অধ্যায় - জ্ঞান বিজ্ঞান যোগ


গীতাৰ প্ৰথম ছয়টা অধ্যায়ত আত্মা যে অমৰ আৰু অবিনশ্বৰ, ঈশ্বৰৰ লগত আমি কিয় সংযোগ স্থাপন কৰিব লাগে, কৰ্মযোগ আৰু ধ্যানেৰে কিদৰে ঈশ্বৰৰ লগত সংযোগ স্থাপন কৰিব পৰা যায় এইখিনি কথাকে কোৱা হৈছে। গীতাৰ প্ৰথম ছয়টা অধ্যায় কৰ্মযোগ, অৰ্থাৎ নিজৰ কৰ্মৰ দ্বাৰা ঈশ্বৰ প্ৰাপ্তিৰ পথ দেখুওৱা হৈছে। ভগৱানৰ প্ৰিয়পাত্ৰ হ’বলৈ ভক্তজন কেনে হ’ব লাগিব সেই কথাকে প্ৰথম ছয়টা অধ্যায়ত কোৱা হৈছে।

সপ্তম অধ্যায়ৰ পৰা দ্বাদশ অধ্যায়লৈ এই ছয়টা অধ্যায়ত ভক্তি যোগৰ বিষয়ে কোৱা হৈছে। ভগৱানৰ ওচৰত নিজৰ সকলো সমৰ্পন কৰি একান্ত ভক্তিৰ জৰিয়তে ভগৱানৰ আশীৰ্বাদ কেনেদৰে লাভ কৰিব পাৰি তাৰেই আভাস দিয়া হৈছে।

আমি কৰ্মযোগৰ পৰা জানিলোঁ যে ভগৱানে একান্ত মনে নিজৰ কাম ভালদৰে কৰি যোৱা ভক্তক ভাল পায়। কিন্তু ভগৱান আচলতেনো কেনে, ভগৱানে আমাৰ পৰা আৰু কি কি বিচাৰে সেই কথাও আমি জানিব লাগিব। ভগৱানক ভালদৰে জানিলেহে আমি গম পাম ভগৱানক কেনেকৈ সন্তুষ্ট কৰিব পৰা যায়, কেনেকৈ তেওঁৰ কৃপা লাভ কৰিব পৰা যায়। গীতাৰ সপ্তম অধ্যায়ৰ পৰা এই বিষয়তে আলোকপাত কৰা হৈছে।

ভগৱানৰ বিষয়ে জানিবলৈ হ’লে প্ৰথম কথা হ’ল আমি ভগৱানৰ একান্ত অনুগত বিশ্বাসী ভক্ত হ’ব লাগিব। যিদৰে শিক্ষকৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস থাকিলে আৰু শিক্ষকৰ একান্ত অনুগত হ’লেহে আমি তেওঁৰ পৰা সকলো জ্ঞান লাভ কৰিব পাৰোঁ, সেইদৰে ভগৱানৰ প্ৰতি বিশ্বাসী আৰু তেওঁৰ প্ৰতি সম্পূৰ্ণ অনুগত হ’লেহে আমি ভগৱানৰ বিষয়ে সকলো কথা জানিব পাৰিম আৰু তেওঁৰ আশীৰ্বাদ লাভ কৰিম।

গীতাৰ মতে সকলো মানুহে ভগৱানৰ বিষয়ে জানিব নোৱাৰে। এহেজাৰ মানুহৰ মাজত মাথোন এজনেহে ভগৱানৰ প্ৰিয়ভাজন হ’বলৈ চেষ্টা কৰে। সেই সকলৰ মাজতো মাথোন কেইজনমানেহে সম্পূৰ্ণ ভাবে ভগৱানৰ প্ৰতি নিজকে সমৰ্পিত কৰিব পাৰে। যিসকলে নিজৰ মাজতে ভগৱানৰ অস্তিত্ব অনুভৱ কৰিব পাৰে তেওঁলোকেহে ভগৱানৰ বিষয়ে সকলো কথা জানিব পাৰে।

গীতাত ভগবানৰ স্বৰূপ বৰ্ণনা কৰা আছে। কিন্তু মানুহে সেই ভগৱানৰ অস্তিত্ৱ নিজেই অনুভৱ কৰিব লাগিব। গীতাৰ সপ্তম অধ্যায়ৰ ৪ নং শ্লোকত শ্ৰীকৃষ্ণই কৈছে –

ভুমিৰাপোৎনলো ৱায়ু: খং মনো বুদ্ধিৰেৱ চ।
অহংকাৰ ইতীয়ং মে ভিন্না প্ৰকৃতিৰষ্টধা ।।

অৰ্থাৎ মাটি, পানী, জুই, বায়ু আৰু আকাশ এই পাঁচবিধ মিলি এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তু তৈয়াৰ হৈছে। এই কেইবিধক একেলগে পঞ্চভূত বুলিও কোৱা হয়। সেইদৰে মন, বুদ্ধি আৰু অহংকাৰ এই কেইবিধে মানুহৰ আৰু জীৱজগতৰ প্ৰকৃতি নিৰ্ণয় কৰে। এই আঠবিধ বস্তুৰ প্ৰতিবিধৰ মাজতে ভগবানৰ অস্তিত্ব আছে। গীতাত এই আঠবিধক নিম্ন প্ৰকৃতি বোলা হৈছে। আনৰ মাজত বা আন বস্তুত ভগবানক বিচাৰিবলৈ হ’লে এই আঠবিধ নিম্ন প্ৰকৃতিৰ মাজত বিচাৰিব লাগিব।

গীতাত যি আঠবিধ নিম্ন প্ৰকৃতিৰ কথা কোৱা হৈছে, সেইবোৰত আমি ভগবানৰ অস্তিত্বৰ উমান পাব পাৰোঁ, কিন্তু সেয়া চিৰস্থায়ী নহয়। নিম্ন প্ৰকৃতিৰ সৃষ্টিও আছে ধ্বংসও আছে। পঞ্চভূতৰ দ্বাৰা নিৰ্মিত প্ৰতিটো বস্তুৰ মাজত ভগবান থাকে, কিন্তু সেই বস্তুটোৱেই এদিন ভাঙি চিঙি যায়। উদাহৰণ স্বৰূপে, মন্দিৰ, নামঘৰ বা উপাসনাৰ স্থানত ভগৱান থাকে বুলি আমি বিশ্বাস কৰোঁ, কিন্তু সেয়াও চিৰস্থায়ী নহয়।

গীতাত কৈছে, আনৰ মাজত নহয়, মানুহে নিজৰ মাজত ভগৱানৰ সন্ধান কৰাটোহে আচল কথা। মানুহৰ আত্মাতেই ভগৱানৰ অস্তিত্ব থাকে। এয়াই হ’ল ভগৱানৰ উচ্চ প্ৰকৃতি। আত্মাত ভগৱানৰ অস্তিত্ব অনুভৱ কৰিব পাৰিলেহে ভগৱানৰ অসীম শক্তিৰ উমান পোৱা যায়। উচ্চ প্ৰকৃতি, অৰ্থাৎ আত্মাত অনুভৱ কৰা ভগৱানৰ অস্তিত্ব চিৰস্থায়ী, কাৰণ আত্মাৰ আদিও নাই অন্তও নাই। আত্মাই ভগৱানৰ এই অনুভৱ এটা জন্মৰ পৰা আন এটা জন্মলৈ কঢ়িয়াই লৈ যায়।

আত্মাৰ মাজত পূৰ্বজন্মৰ সকলো অনুভৱ সঞ্চিত হৈ থাকে। আত্মাই জ্ঞান আৰু কৰ্মফল এটা জন্মৰ পৰা আন এটা জন্মলৈ কঢ়িয়াই লৈ যায়। এই সকলোবোৰ ভগৱানৰ ইচ্ছাতেই পৰিচালিত হয়।

গীতাৰ সপ্তম অধ্যায়ৰ ৭ নং শ্লোকত ভগৱানে কৈছে –

মত্ত: পৰতৰং নান্যৎ কিঞ্চিদস্তি ধনঞ্জয়:।
ময়ি সৰ্বমিদং প্ৰোতং সুত্ৰে মণিগণা ইৱ।।

অৰ্থাৎ ময়েই এই জগতৰ সৰ্বময় কৰ্তা, মোৰ বাহিৰে এই জগতৰ আন কোনো পৰম কাৰণ নাই। যিদৰে মণিবোৰ লগ লাগি মালা তৈয়াৰ হয়, সেইদৰে জগতৰ সকলো বস্তুৱে একেডাল সূতাৰে মোৰ লগতে সংযুক্ত হৈ আছে।

আন কথাত ক'বলৈ হ'লে এই পৃথিৱীৰ সকলো বস্তু ভগৱানৰেই দান। ভগৱানেই সকলোৰে মুৰব্বী। ভগৱানেই চন্দ্ৰ আৰু সূৰ্যৰ দ্বাৰা আমাক পোহৰ দিয়াৰ ব্যৱস্থা কৰিছে, ভগৱানেই আমাৰ বাবে প্ৰয়োজনীয় বায়ু আৰু পানীৰ যোগান ধৰিছে, ভগৱানৰ কৃপাতে মানুহ আৰু পশু পক্ষীৰ বংশ বৃদ্ধি হয়, ভগৱানেই ফুলত সুগন্ধ আৰু জুইত উত্তাপৰ সৃষ্টি কৰিছে । এই জগতৰ সকলোবোৰ ভগৱানৰে সৃষ্টি। সেই কাৰণে এই জগতৰ সকলো বস্তুৰে লগত ভগৱান একেডাল সূতাৰে সংযুক্ত হৈ আছে।

গীতাত কৈছে, ভগৱানে ভাল বা বেয়া মানুহ সৃষ্টি নকৰে। নিজৰ মাজত ভগৱানৰ স্বৰূপ উপলব্ধি নকৰাৰ বাবেহে বিপথে গৈ মানুহ বেয়া হয়। মানুহৰ বুদ্ধি, জ্ঞান, তপস্যাৰ ফল এই সকলোবোৰেই ভগৱানৰেই দান। মানুহে নিজৰ আসক্তি আৰু কামনা বাসনাৰ বাবে পথভ্ৰষ্ট হয়। যি মানুহে সকলো কামনা বাসনা পৰিত্যাগ কৰি, নিজৰ ইন্দ্ৰিয় সমূহক দমন কৰি ভগৱানৰ চৰণত নিজকে সমৰ্পন কৰে, সেই মানুহে নিজৰ মাজতে ভগবানক বিচাৰি পায় আৰু ভাল মানুহ হয়।

গীতাত শ্ৰীকৃষ্ণই কৈছে যে বেয়া কাম কৰা মানুহ, মুৰ্খ আৰু পাপী সকলে ভগৱানৰ পৰা আঁতৰি থাকে। যিসকলৰ প্ৰাৰ্থনাত নিষ্কাম ভক্তি নাথাকে, যিসকলৰ মন মায়া মোহৰ দ্বাৰা আবৃত্ত হৈ থাকে, যি সকলে কেৱল নিজৰ দুষ্কাৰ্যৰ পৰা সকাহ পাবলৈ ভগৱানৰ দ্বাৰস্থ হয়, তেনে লোকৰ সেৱা পূজা ভগৱানে গ্ৰহণ নকৰে।

গীতাত চাৰি প্ৰকাৰৰ ভক্তৰ কথা কোৱা হৈছে – আৰ্ত, অৰ্থাৰ্থী, জিজ্ঞাসু আৰু জ্ঞানী। আৰ্ত হ’ল সেই সকল ভক্ত, যিসকলে বিপদত পৰি, জীৱনৰ বাটত পৰাজিত হৈ শেষ আশ্ৰয় হিচাপে ভগৱানৰ চৰণত শৰণ লয়। অৰ্থাৰ্থী হ’ল সেই সকল ভক্ত যিসকলে জীৱনত সফল হোৱাৰ মানসেৰে ভগৱানৰ সহায় বিচাৰি ভগৱানৰ ভক্ত হয়। জিজ্ঞাসু হ’ল সেই সকল ভক্ত যিসকলে ইহলোক পৰলোকৰ চিন্তাত নিমগ্ন হয়, সংসাৰ চক্ৰত উদ্বিগ্ন হয় আৰু আত্মাৰ মুক্তি বিচাৰি ভগৱানৰ শৰণাপন্ন হয়। জ্ঞানী হ’ল সেই সকল ভক্ত, যিসকলে সকলো প্ৰকাৰৰ কামনা বাসনাৰ পৰা মুক্ত হৈ কেৱল ভগৱানৰ ওচৰত নিজকে সমৰ্পন কৰে, নিজৰ কাৰণে একোকে নিবিচাৰে আৰু ভগৱানৰ স্মৰণ আৰু নাম কীৰ্তন কৰিয়েই পৰম আনন্দ লাভ কৰে। ভগৱানে তেনে জ্ঞানী ভক্তকহে বৰ ভাল পায় আৰু তেওঁলোকহে প্ৰকৃত ভক্ত।

সেয়েহে হয়তো শ্ৰীমন্ত মাধৱদেৱে নামঘোষাত লিখিছে –
মুক্তিত নিষ্পৃহ যিটো, সেহি ভকতক নমো ৰসময় মাগোহোঁ ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য, ভজোঁ হেন দেৱ যদুপতি।।

বহুত সাধনাৰ পিছতহে মানুহে তেনে ৰসময় ভক্তি অনুভৱ কৰিব পাৰে। এই ৰসময় ভক্তি অন্তৰত অনুভৱ কৰিব পৰাজনেই প্ৰকৃত জ্ঞানী। ভগৱানেই মোৰ সকলো আনন্দৰ কাৰণ, ভগৱানৰ বাহিৰে মোৰ কোনো ইচ্ছা – বাসনা - সাধনা নাই, এনে মনোভাবৰ ভক্ত হোৱাটো অতি কঠিন কাম। তাৰ বাবে লাগিব ভগৱানৰ প্ৰতি অটল ভক্তি আৰু গভীৰ সাধনা।

গীতাত শ্ৰীকৃষ্ণই কৈছে যে মানুহে আন দেৱ দেৱীৰ পূজা কৰিলেও সেই দেৱ দেৱীৰ যোগেদি আচলতে তেওঁৰে পূজা কৰা হয়, কাৰণ শ্ৰীকৃষ্ণই হ’ল সৰ্বময় কৰ্তা, সবাতোকৈ শ্ৰেষ্ঠ ভগৱান। শ্ৰদ্ধা আৰু ভক্তিৰে কৰা তেনে পূজা সেৱাৰ ফল ভগৱান শ্ৰীকৃষ্ণয়েই ভক্তক প্ৰদান কৰে। কিন্তু আন দেৱ দেৱীৰ পূজা আৰু ভগৱান শ্ৰীকৃষ্ণৰ ভক্তৰ মাজত পাৰ্থক্য হ’ল, আন দেৱ দেৱীৰ পূজাৰ পৰা লাভ কৰা ফল পাৰ্থিৱ আৰু ক্ষণস্থায়ী, কিন্তু কৃষ্ণ ভক্তিৰ পৰা লাভ কৰা ফল চিৰস্থায়ী আৰু সৰ্বব্যাপী। ভগৱান শ্ৰীকৃষ্ণৰ ভক্ত সকলে পাৰ্থিৱ বস্তু প্ৰাপ্তিৰ বাবে নহয়, ভগৱানৰ আধ্যাত্মিক সান্নিধ্য লাভ কৰিবলৈহে ভক্তিত মগন হয়।

মানুহে বাস্তৱ সত্য নেদেখি যে কিছুমান ভুল কথাকে সত্য বুলি ভাবে। সেয়াই হ’ল মায়া। উদাহৰণ স্বৰূপে মানুহে সমগ্ৰ জীৱন সুখ বিচাৰি ঘূৰি ফুৰে। সকলো দুখৰ পৰা পৰিত্ৰাণ বিচাৰে। সুখ বিচাৰি থাকোঁতে তেওঁলোকে ভগৱানৰ কথা চিন্তা কৰিবলৈ সময় নাপায়। ভগৱানযে প্ৰকৃত সুখ আৰু আনন্দৰ কাৰণ সেই কথা মানুহে বুজিবই নোৱাৰে। এয়াই মায়া।

সৰহভাগ মানুহেই এই মায়াৰ জালত আৱদ্ধ হৈ থাকে। কিন্তু যিসকলে নিজৰ সাধনা আৰু চেষ্টাৰ দ্বাৰা ভগৱান শ্ৰীকৃষ্ণৰ মাহাত্ম্য উপলব্ধি কৰি তেওঁৰ চৰণত নিজকে সমৰ্পন কৰিছে, তেওঁলোকে এই মায়াজালৰ পৰা ওলাই আহিব পাৰে। ভগৱানৰ চৰণত নিজকে সমৰ্পন কৰা ভক্তসকলে বৃদ্ধ অৱস্থা আৰু মৰণৰ যন্ত্ৰণাৰ পৰাও মুক্তি লাভ কৰে।

যিজন ভক্তই ভগৱানৰ মাহাত্ম্য আৰু ভগৱানৰ কৰুণা সম্পূৰ্ণভাৱে অনুভৱ কৰে, সেইজন ভক্তক কোনো দুখ-কষ্ট, বিপদ-বিঘিনীয়ে টলাব নোৱাৰে। তেওঁলোকৰ মন এক স্বৰ্গীয় আনন্দেৰে ভৰি থাকে। এয়াই হ’ল মহাপুৰুষ মাধৱদেৱে কোৱা ‘ৰসময় ভকতি’। তেওঁলোকৰ মন ভগৱানৰ ওচৰত এনে ভাৱে নিমগ্ন হৈ থাকে যে বাৰ্ধক্য আনকি মৃত্যুৰ মুহুৰ্ততো তেওঁলোকে কোনো যন্ত্ৰণা অনুভৱ নকৰে।

ভগৱানৰ মাহাত্ম্য নিজৰ জীৱনত অনুভৱ কৰি ভগৱানৰ ভক্তিতে আনন্দ বিচাৰি পোৱাটোৱেই আটাইতকৈ ডাঙৰ জ্ঞান। সপ্তম অধ্যায়ত শ্ৰীকৃষ্ণই এই জ্ঞানৰ কথাই কৈছে। এই জ্ঞান আন সকলো জ্ঞান-বিজ্ঞানৰ উৰ্ধত।

No comments:

Post a Comment