Monday, July 4, 2022

গীতাৰ মণি মুকুতাবোৰ - ২

সাংখ্যযোগ (ইহকাল পৰকালৰ হিচাপ)


গীতাৰ দ্বিতীয় অধ্যায় সাংখ্য যোগত ইহকাল পৰকালৰ হিচাপ বা খতিয়ান লোৱা হৈছে।
গীতাৰ জ্ঞানে আমাৰ জীয়াই থকা সময়ৰ আৰু জীৱনৰ পাছৰ সময়ৰো হিচাপ নিকাচ কৰি লবলৈ শিকনি দিয়ে। ইয়াকে ইহকাল আৰু পৰকালৰ হিচাপ বুলি কোৱা হয়। হিচাপৰ বিষয়ে জ্ঞান দিয়া বাবেই গীতাৰ দ্বিতীয় অধ্যায়ক বোলা হয় সাংখ্য যোগ। সাংখ্য শব্দটো আহিছে মূল সংস্কৃত সংখ্যা শব্দৰ পৰা। হিচাপ নিকাচ কৰিবলৈ আমি সংখ্যা ব্যৱহাৰ কৰোঁ। গীতাত সাংখ্য শব্দৰ ব্যৱহাৰ কৰা হৈছে জীৱনৰ হিচাপ নিকাচ লোৱাৰ অৰ্থত।
এই অধ্যায়ত শ্ৰীকৃষ্ণই অৰ্জুনক ইহকাল আৰু পৰকালৰ বিষয়ে বৰ মূল্যবান জ্ঞান উপদেশ হিচাপে দিছে, যি জ্ঞান পালে মানুহে দুখ পালেও বিচলিত নহয়, সুখ পালেও আনন্দত মতলীয়া নহয়, সদায় শান্ত আৰু স্থিৰ হৈ থাকিব পাৰে। যি জ্ঞান পালে মানুহে মৃত্যুৰ প্ৰতি বা পৰকালৰ প্ৰতিও ভয় নকৰে, যি জ্ঞানে যিকোনো পৰিস্থিতিতে মানুহক শান্ত, নম্ৰ আৰু স্থিৰ কৰি ৰাখে।
আমাৰ দুখ, বেজাৰ, শোকৰ এটা কাৰণ হ'ল আমি সাধাৰণ মানুহে ইহকাল পৰকালৰ বিষয়ে বহুত কথাই নাজানো। কথাবোৰ যদি আমি ভালদৰে জানিলোঁহেতেন, আমাৰ কেতিয়াও মনত দুখ বেজাৰ নাথাকিলহেতেন। সেই কথাই গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে। সেয়াই গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া জীৱনৰ হিচাপ নিকাচ কৰাৰ মহান জ্ঞান।
এই জ্ঞান এই কাৰণেই মহান জ্ঞান যে, যি মানুহে এই জ্ঞান লাভ কৰে তেওঁৰ মন কেতিয়াও কোনো কথাতে বিচলিত নহয়। তেওঁৰ মন সদায় স্থিৰ, শান্ত হৈ থাকে। তেওঁলোকে জীৱনত অসাধ্য সাধন কৰিব পাৰে।
শোকত ভাঙি পৰা অৰ্জুনক শ্ৰীকৃষ্ণই বুজালে যে আমি যিবোৰ কাৰণে শোক কৰোঁ, যিবোৰৰ কাৰণে বেজাৰ কৰোঁ, সেইবোৰ শোক বা বেজাৰ কৰিবলগীয়া কথাই নহয়। আমি যিবোৰ কাৰণত দুখ কৰোঁ, যিবোৰৰ কাৰনে মনত বেজাৰ পাওঁ, সেইবোৰৰ কাৰণে জ্ঞানী মানুহে কেতিয়াও বেজাৰ নকৰে। জ্ঞানী মানুহে আনকি আনৰ মৃত্যুৰ কাৰণেও শোক নকৰে।
শ্ৰীকৃষ্ণই অৰ্জুনক বুজাই কৈছে যে মানুহ এজনৰ মৃত্যু হোৱা মানে তেওঁৰ শৰীৰটোৰহে মৃত্যু হয়। কিন্তু মানুহজনৰ আত্মাৰ মৃত্যু নহয়। আত্মাক কোনেও বিনাশ কৰিব নোৱাৰে।
মই কোন? অৰ্জুনৰ এই প্ৰশ্নটোৰ উত্তৰত শ্ৰীকৃষ্ণই কৈছে, আত্মাৰ বাহিৰে আন কোনো বস্তুৱেই মই নহয়, কিন্তু মোৰ হয়। যেনে মোৰ নাম, মোৰ পৰিচয়, মোৰ ঘৰ, মোৰ পোছাক। কিন্তু সেইবোৰ মই নহয়, মই মানে হ'ল কেৱল আত্মা।
গীতাৰ দ্বিতীয় অধ্যায়ৰ শ্লোক নং ২০ত কৈছে
ন জায়তে ম্ৰিয়তে ৱা কদাচিন্নায়ং
ভূত্বা ভবিতা ৱা ন ভূয়:।
অজো নিত্য: শ্বাশ্বতো: আয়ম পুৰাণো
ন হন্যতে হন্যমানে শৰীৰে।।
ইয়াৰ অৰ্থ হ’ল আত্মাৰ কেতিয়াও জন্মও নহয়, কেতিয়াও মৃত্যুও নহয়। আত্মা সদায় আজন্ম, অন্তহীন, শ্বাশ্বত আৰু অমৰ। শৰীৰৰ মৃত্যু হয়, কিন্তু আত্মা অজৰ অমৰ।
আত্মা হ’ল আমাক পৰিচালিত কৰি থকা এটা শক্তি। যিকোনো বস্তু চলিবলৈ যিদৰে শক্তি লাগে, আমাকো এটা শক্তিয়ে চলাই আছে। সেই শক্তিটোৱেই আত্মা। যিদৰে গাড়ী এখন ড্ৰাইভাৰে চলাই থাকে, সেইদৰে মানুহ এজনক চলাই থাকে আত্মাই।ড্ৰাইভাৰজন গাড়ীখনৰ পৰা আঁতৰি দিয়াৰ লগে লগে যিদৰে গাড়ীখনৰ একো কাম নাইকীয়া হয়, সেইদৰে আত্মা আঁতৰি গ’লে শৰীৰৰ একো কাম নাইকীয়া হয়।
গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, শৰীৰৰ মৃত্যুৰ পিছতো আত্মা জীয়াই থাকে। আত্মা অজৰ অমৰ। আত্মাক কোনো অস্ত্ৰই কাটিব নোৱাৰে, বেজীয়ে বিন্ধা কৰিব নোৱাৰে, জুয়ে পুৰিব নোৱাৰে, পানীয়ে তিয়াব নোৱাৰে, বতাহে উৰুৱাব নোৱাৰে।
আত্মা আৰু মানুহৰ শৰীৰ একে নহয়। মানুহৰ শৰীৰ সৰুৰ পৰা ডাঙৰ হয়, ডেকাৰ পৰা বুঢ়া হয়। কিন্তু শৰীৰৰ ভিতৰত থকা আত্মা সদায় একে থাকে, কেতিয়াও সলনি নহয়। আমি যিদৰে কাপোৰ পুৰণি হলে নতুন কাপোৰ লওঁ, আত্মাই ঠিক সেইদৰে শৰীৰটো পুৰণি হ’লে সেইটো সলাই এটা নতুন শৰীৰলৈ গতি কৰে। আত্মাই শৰীৰ সলনি কৰাটোকে আমি জন্ম আৰু মৃত্যু বুলি কওঁ।
গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক বুজাইছে যে মানুহ মৰিলে শৰীৰটোহে বিনাশ হয়, আত্মা জীয়াই থাকে। মানুহৰ আত্মা যিহেতু অবিনাশী, অমৰ আৰু জন্মহীন, গতিকে কোনেও কাকো মাৰিব নোৱাৰে। কোনো মানুহৰ মৃত্যুত আমি শোক কৰিব নালাগে। কাৰণ মানুহ মৰিলে তেওঁৰ শৰীৰটোহে মৰে, কিন্তু আত্মাটো জীয়াই থাকে। আত্মাটোৱে পুৰণি শৰীৰ এৰি এটা নতুন শৰীৰ ধাৰণ কৰে।
আত্মাটো ক'লৈ যায় সেয়া ঈশ্বৰৰ ইচ্ছা আৰু মানুহৰ কৰ্মফলৰ ওপৰত নিৰ্ভৰ কৰে। মানুহে যেনে কাম কৰে সেই কাম অনুসৰি পিছৰ জীৱন পায়। সকলোৱে নিজৰ কাম অনুসৰিহে ফল পায়। ভগৱানে ভক্তক সদায় ভাল কাম কৰিবলৈ সহায় কৰে। ভাল কাম কৰা মানুহৰ আত্মাক ভগৱানে পাছৰ জন্মত আগতকৈও ভাল জীৱন দিয়ে।
ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এই কাৰণেই এই জ্ঞান দিলে যাতে তেওঁ সত্য আৰু ন্যায়ৰ কাৰণে যুদ্ধ কৰাৰ পৰা পিছ হুঁহকি নাহে। অৰ্জুন যিহেতু এজন ক্ষত্ৰিয় আছিল, সেয়েহে ধৰ্ম ৰক্ষাৰ বাবে যুদ্ধ কৰাটো তেওঁৰ কৰ্তব্য। এই কৰ্তব্যৰ পৰা পিছ হুঁহকিলেহে তেওঁৰ পাপ হ'ব।
ভগৱান শ্ৰীকৃষ্ণই কৈছে যে ধৰ্ম আৰু ন্যায়ৰ বাবে যদি যুদ্ধও কৰিবলগীয়া হয়, আৰু সেই যুদ্ধ কৰাটো যদি কৰ্তব্য হয়, তেনেহ’লে সেই যুদ্ধ কৰিবই লাগিব। সেই কৰ্তব্য পালনৰ সময়ত সকলো ধৰণৰ ভয় বা আশংকা, জয় পৰাজয়ৰ চিন্তা মনৰ পৰা আঁতৰাই পেলাব লাগিব। কৰ্তব্য পালন কৰোঁতে কাৰোবাক মাৰিব লগীয়াও হ’ব পাৰে বা নিজেও মৰিবলগীয়া হ’ব পাৰে। কিন্তু কৰ্তব্যৰ পৰা বিচলিত হোৱা উচিত নহয়।
গীতাত শ্ৰীকৃষ্ণই কৈছে, আমি নিজৰ কাম কৰোঁতে কেতিয়াও জয় বা পৰাজয়ৰ কথা ভাবিব নালাগে। সুখ দুখ, লাভ লোকচান, উত্তীৰ্ণ অনুত্তীৰ্ণ একোৰে চিন্তা কৰিব নালাগে।
গীতাৰ দ্বিতীয় অধ্যায়ৰ ৪৭ নং শ্লোকত ভগৱান শ্ৰীকৃষ্ণই কৈছে
কৰ্মণ্যেৱাধিকাৰাস্তে মা ফলেসু কদাচন ।
মা কৰ্মফলহেতুৰ্ভুৰ্মাতে সংগোত্স্ত্ব: কৰ্মণি ।।
এই শ্লোকটোৰ অৰ্থ হ’ল মানুহে ফলৰ কথা চিন্তা নকৰি কেৱল নিজৰ কৰ্তব্য কৰিব লাগে। কেতিয়াও কেৱল ফলাফলৰ বাবে কৰ্ম কৰিব নালাগে বা ফলাফল বেয়া হ’ব বুলি কৰ্ম নকৰাকৈ থাকিব নালাগে। কৰ্ম ভাল হ’লে ভগবান সন্তুষ্ট হয়, ফলাফল ভাল হোৱা নোহোৱাৰ ওপৰত কোনো কথা নাই।
যিবিলাক মানুহ স্থিৰ আৰু নিজৰ কামত মগ্ন হৈ থাকিয়েই আনন্দ পায়, তেওঁলোকৰ কাৰণে ফলাফল ভাল হওক বা বেয়া হওক, কোনো পাৰ্থক্য নাথাকে। তেওঁলোকে জয় আৰু পৰাজয়, সুখ আৰু দুখ দুয়োটাকে একে ধৰণে গ্ৰহণ কৰিব পাৰে। এই অৱস্থাটোত হেনো মানুহৰ ভগৱানৰ লগত সংযোগ ঘটে। সেয়েহে এই অৱস্থাটোকে যোগ বুলি কোৱা হয়। তেনে যোগী মানুহক সফলতা বা বিফলতা একোৱেই বিচলিত কৰিব নোৱাৰে।
অৰ্জুন শ্ৰীকৃষ্ণক সুধিছিল, "সখা মোক কোৱাচোন সুখ আৰু দুখতো একে অৱস্থাত মানুহ সঁচাকৈয়ে থাকিব পাৰেনে? তেনেদৰে থাকিব পৰা মানুহ কেনেকুৱা, তেওঁলোকৰ লক্ষণ কেনেকুৱা, তেওঁলোকে কেনেকৈ কথা কয়, কেনেকৈ থাকে”?
তেতিয়া শ্ৰীকৃষ্ণই ক’লে, সেইসকল মানুহে নিজৰ কামনা বাসনা সকলো ত্যাগ কৰে। তেওঁলোকে নিজৰ মাজতে সন্তুষ্ট হ’ব পাৰে। তেওঁলোকে কেৱল ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰে। ভগৱানৰ ওচৰত নিজকে সমৰ্পন কৰিব পাৰিলে মানুহৰ জ্ঞান আৰু বুদ্ধি স্থিৰ হয়। তেনে মানুহক স্থিতপ্ৰজ্ঞ বুলি কোৱা হয়। তেনে মানুহে দুখতো বিচলিত নহয় আৰু সুখতো উল্লাসিত নহয়। তেনে মানুহ হ'বলৈ হ'লে পোন প্ৰথমতে আমাৰ সকলো কামনা বাসনা ত্যাগ কৰিব লাগিব। আমি সাহসী আৰু ধৈৰ্যশীল হ'ব লাগিব। আমি আমাৰ খং আৰু অহংকাৰৰ পৰা মুক্তি পাব লাগিব।
কামনা বাসনা বোৰে আমাক কিছু সময়ৰ বাবে মনত তৃপ্তি আৰু আনন্দ দিয়ে। কিন্তু সেই আনন্দ ক্ষণস্থায়ী। সেই আনন্দৰ কাৰণবোৰ আঁতৰি গ'লে আকৌ মনলৈ দুখ আহে। ত্যাগ কৰি যি সুখ পোৱা যায়, সেই সুখ দীৰ্ঘস্থায়ী হয়। আমাৰ মনত যে যিকোনো বস্তু পাবলৈ হেপাহ থাকে, সেই হেপাহখিনি ত্যাগ কৰিব লাগে। এই হেপাহ ত্যাগ কৰিলেহে প্ৰকৃত সুখ পোৱা যায়।
গীতাত আৰু কৈছে, আমি আমাৰ পাঁচ ইন্দ্ৰিয়ক নিজৰ নিয়ন্ত্ৰণত ৰাখিব লাগে। চাব নলগা বস্তু চাব নালাগে, শুনিব নলগীয়া বস্তু শুনিব নালাগে, ক’ব নলগীয়া কথা ক’ব নালাগে। শ্ৰীকৃষ্ণই অৰ্জুনক বুজাইছে, ইন্দ্ৰিয়বোৰৰ কাৰণে মানুহৰ মনত বাসনা জাগে, বাসনাবোৰ পূৰণ নহ'লে খং উঠে, খং উঠিলে মানুহ মূৰ্খ হৈ পৰে, মূৰ্খ হৈ পৰাৰ কাৰণে ভাল বেয়া সকলো পাহৰি যায়, বুদ্ধি আৰু জ্ঞানশক্তি নাশ হয় আৰু জ্ঞানশক্তি নাশ হোৱা মানুহৰ সৰ্বনাশ হয়। সেই কাৰণে আমি বাসনা, খং আৰু আনৰ প্ৰতি হিংসা ভাৱক মনত প্ৰশ্ৰয় দিবই নালাগে। খং আৰু হিংসা ভাৱ ত্যাগ কৰিব পাৰিলেহে মনলৈ শান্তি আৰু সুখ আহে।
খং আৰু হিংসাৰ ভাৱ ত্যাগ কৰিবলৈ হ’লে আমি আমাৰ চিন্তাক নিয়ন্ত্ৰণ কৰিব লাগিব। আমি অন্যায়ৰ প্ৰতিক্ৰিয়াও মন শান্ত কৰি ৰাখি, ধীৰে সুস্থিৰে কৰিব পাৰিব লাগিব, খঙেৰে নহয়। আমাৰ মন শান্ত হৈ থাকিলেহে আমাৰ জ্ঞান আৰু বুদ্ধিয়ে আমাক সহায় কৰিব পাৰে। যি মানুহে ইন্দ্ৰিয় সমূহক সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণত ৰাখিব পাৰে তেওঁৰ বুদ্ধি সদায় স্থিৰ হৈ থাকে।
আমি আমাৰ মন আৰু ইন্দ্ৰিয় সমূহক নিয়ন্ত্ৰণত ৰাখিবলৈ হ’লে আমি সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব। আমি সঁচা অন্তৰেৰে ভক্তি কৰিলে ভগৱানে আমাৰ মন শুদ্ধ কৰে, আমাৰ মনৰ বেয়া চিন্তাবোৰ দূৰ কৰে। প্ৰাৰ্থনাই আমাক ভগৱানৰ লগত সংযোজিত কৰে। ভগৱানৰ শক্তি আমাৰ হৃদয়লৈ আহে আৰু আমি অহংকাৰ, হিংসা, খং, ঘৃণা আদি বেয়া ভাববোৰ দমন কৰিবলৈ শক্তি পাওঁ।

No comments:

Post a Comment