Monday, August 1, 2022

গীতাৰ মণি মুকুতাবোৰ - ৮

 অষ্টম অধ্য়ায় - অক্ষৰ পৰম ব্ৰহ্ম যোগ


গীতাৰ অষ্টম অধ্যায়ত শ্ৰীকৃষ্ণই অৰ্জুনক যোগাভ্যাসৰ উপকাৰিতাৰ বিষয়ে বিস্তৃত ভাবে বুজাইছে। তদুপৰি এই মানৱ জীৱনৰ দুখ কষ্টৰ পৰা চিৰকাললৈ মুক্তি পোৱাৰ পথ দেখুৱাইছে। পাৰ্থিৱ দুনিয়াৰ মায়া মোহত পৰি মানুহে নিজৰ বাবে সঠিক পথ বিচাৰি নাপায়। সেয়েহে শ্ৰীকৃষ্ণই এই অধ্যায়ত অৰ্জুনক ভাল আৰু বেয়া দুয়োপ্ৰকাৰৰ পথৰ বিষয়ে বুজাইছে আৰু শেষত মানুহক প্ৰকৃত পথৰ সন্ধান দিছে। মানুহে নিজৰ কৰ্ম আৰু আধ্যাত্মিকতাৰ দ্বাৰা কিদৰে পৰম ব্ৰহ্মৰ সন্ধান কৰিব পাৰে তাকেই ইয়াত বুজোৱা হৈছে।

গীতাত অৰ্জুনে শ্ৰীকৃষ্ণৰ পৰা পৰম ব্ৰহ্মৰ বিষয়ে জানিব খুজিছে। শ্ৰীকৃষ্ণই অৰ্জুনক বুজাই কৈছে যে যি অজৰ অমৰ, যাৰ কেতিয়াও কোনে একো ক্ষয় কৰিব নোৱাৰে, যি সকলোতকৈ শক্তিশালী, সেয়াই হৈছে ব্ৰহ্ম। মানুহৰ শৰীৰত থকা আত্মাৰ কেতিয়াও কোনোদিনে ক্ষয় হ’ব নোৱাৰে। সেয়েহে আত্মাই হ’ল ব্ৰহ্ম আৰু ব্ৰহ্ম হ’ল পৰমাত্মাৰ অংশ। পৰমাত্মা হ’ল সকলো আত্মাৰে মালিক। সেয়ে পৰামত্মাই হ’ল পৰম ব্ৰহ্ম। সেয়াই হ’ল ঈশ্বৰ। সেয়াই ভগৱান।

গীতাত কৈছে, মানুহৰ মাজত যদিও ভগৱান থাকে সেই কথা মানুহে সহজতে অনুভৱ কৰিব নোৱাৰে। ইয়াৰ কাৰণ হ’লে এই পাৰ্থিৱ জগতখনত বাস কৰা সময়ত মানুহে বাহ্যিক জগতৰ প্ৰতিহে সচেতন হৈ থাকে। পাৰ্থিৱ জগতত মায়া মোহত আছন্ন হৈ মানুহে সকলো সুখ সুবিধা, আমোদ প্ৰমোদ পাবলৈ বিচাৰে, কিন্তু ভগৱানৰ কথা পাহৰি যায়। তেওঁলোকে আধ্যাত্মিক ভাব মনলৈ আনিব নোৱৰা হৈ পৰে।

আধ্যাত্মিক ভাব মানে হ’ল অন্তৰ্দৃষ্টি। আমি যিদৰে বাহিৰৰ জগতখন দেখোঁ, সেইদৰে আমাৰ ভিতৰতো এখন জগত আছে, যিখন কেৱল মনৰ চকুৰেহে চাব পাৰি। ধ্যানৰ দ্বাৰা মনৰ চকুৰে চাই মানুহে নিজৰ মাজত আত্মাৰ অস্তিত্ব বিচাৰি পায়। আমাৰ মাজতোযে ভগবানৰ অংশস্বৰূপ আত্মা বাস কৰে সেই অনুভৱেই হ’ল আধ্যাত্মিক ভাব বা আধ্যাত্মিকতা।

যিবোৰ মানুহে নিজৰ ভিতৰত ভগৱানক বিচাৰি পায়, তেওঁলোক অতি সৌভাগ্যবান। তেওঁলোকে কায়মনোবাক্যে নিজকে ভগৱানৰ চৰণত সমৰ্পন কৰে। গীতাত কোৱা হৈছেযে ভগৱানৰ ওচৰত নিজকে সম্পূৰ্ণকৈ সমৰ্পন কৰিব পাৰিলেহে প্ৰকৃত সুখ পোৱা যায়।

অনবৰতে পৰিৱৰ্তন হৈ থকা, ক্ষয় হৈ থকা সকলো বস্তুকে পাৰ্থিৱ বস্তু বুলি কোৱা হয়। আমি বাস কৰা জগতখনৰ সকলো বস্তুৱেই পৰিৱৰ্তনশীল। সেই কাৰণে এই জগতখন পাৰ্থিৱ। গীতাত এই পাৰ্থিৱ জগতখনক অধিভূত বুলি কোৱা হৈছে। আমাৰ শৰীৰৰো যিহেতু পৰিবৰ্তন হয়, আমি সৰুৰ পৰা ডাঙৰ হওঁ, ডেকাৰ পৰা বুঢ়া হওঁ আৰু এদিন শৰীৰ মাটিৰ লগত মিহলি হৈ যায়, সেয়ে আমাৰ শৰীৰো পাৰ্থিৱ শৰীৰ।

মানুহে এই পাৰ্থিৱ শৰীৰকে সাৰথি কৰি নিজকে পাৰ্থিৱ জগতৰ অংশ বুলি ভাবি ভোগ বিলাসত মত্ত হৈ থাকে আৰু নিজৰ কৰ্মফল অনুসৰি বাৰে বাৰে এই পৃথিৱীত পুনৰ জনম লয়। কিন্তু যি মানুহে নিজৰ মাজত থকা ভগৱানক বিচাৰি তেওঁৰ ওচৰত নিজকে সমৰ্পন কৰে, সেই মানুহৰ শৰীৰ আধ্যাত্মিক হৈ পৰে আৰু আত্মাই পুনৰ জনমৰ পৰা মুক্তি লাভ কৰি পৰমাত্মাৰ ওচৰলৈ যায়।

ভগৱানক নিজৰ মাজত বিচাৰি পোৱাটো সহজ কাম নহয়। বহুতো সাধনা আৰু তপস্যাৰ পিচতহে মানুহে নিজৰ মাজত ভগৱানৰ অস্তিত্ব অনুভৱ কৰিব পাৰে। ভগৱানক নিজৰ মাজত বিচাৰি পাবলৈ সক্ষম নোহোৱা সকলৰ বাবেহে ভগৱানৰ বাহ্যিক ৰূপ এটা আছে। সূৰ্য, চন্দ্ৰ আদিকে ধৰি এই বিশ্বৰ সকলো শক্তিৰ মাজতে ভগৱান আছে। ভগৱানৰ এই বাহ্যিক ৰূপক গীতাত বোলা হৈছে অধিদৈৱ। প্ৰায়বোৰ মানুহে পূজা, যজ্ঞ আদি কৰি এই বাহ্যিক ৰূপৰ মাজতে ভগৱানক বিচাৰি ফুৰে।

ভগৱানক পোৱাৰ বাবে আটাইতকৈ সহজ উপায় গীতাতে দিয়া আছে। যিজন মানুহে তেওঁৰ অন্তিম সময়ত কেৱল ভগৱানৰ চিন্তা কৰি দেহত্যাগ কৰে, সেইজন মানুহে ভগৱানৰ সান্নিধ্য লাভ কৰে। পিছে, মৃত্যুৰ সময়ত ভগৱানৰ চিন্তা সেইজন মানুহেহে কৰিব পাৰে যিজনে জীৱনৰ সকলো সময়তে ভগৱানক স্মৰণ কৰি আহিছে। তেনে মানুহৰ মনত ভগৱানৰ চিন্তা স্বভাৱজাত। তেওঁলোকে নিজৰ বাবে একো নিবিচৰাকৈয়ে ভগৱানৰ চিন্তা কৰি থাকিব পাৰে। যিবোৰ মানুহে মায়া মোহৰ দ্বাৰা আবৃত হৈ থাকে, যিবোৰ মানুহে কেতিয়াও একো নিবিচৰাকৈ ভগৱানক স্মৰণ কৰি পোৱা নাই, সেইবোৰ মানুহৰ বাবে মৰণ কালত ভগৱানৰ কথা চিন্তা কৰাটো সম্ভৱ নহয়।

ভগৱানৰ কথা সকলো সময়তে মনত ৰাখিবলৈ হ’লে আমি ধ্যানৰ দ্বাৰা মনক বান্ধিব লাগিব। আমি ইন্দ্ৰিয়বোৰক কঠোৰভাৱে নিয়ন্ত্ৰণত ৰখিব লাগিব। সকলো প্ৰকাৰৰ আমোদ প্ৰমোদ বা লাহ বিলাসৰ পৰা স্বেচ্ছাই আঁতৰি থাকিব লাগিব।

গীতাত শ্ৰীকৃষ্ণই ধ্যান বা যোগসাধনাৰ বিষয়ে সুন্দৰকৈ বুজাই দিছে। অষ্টম অধ্যায়ৰ ১২ নং শ্লোকত কোৱা হৈছে –

সৰ্বদ্বাৰাণি সংয়েম্য: মনো হৃদি নিৰুধ্য চ ।
মূৰ্ধ্যাধায়াত্মন: প্ৰাণমাস্থিতো য়োগধাৰণাম্‍ ।।

এই শ্লোকটোত কোৱা হৈছে যে যোগসাধনাৰ বাবে আমি ইন্দ্ৰিয় বোৰক সম্পূৰ্ণকৈ নিয়ন্ত্ৰণ কৰিব লাগিব। ইন্দ্ৰিয়ৰ লগতে মনকো নিয়ন্ত্ৰিত কৰি, দুই চেলাউৰিৰ মাজত মন একাগ্ৰ চিত্তে ৰাখিব পাৰিলে যোগযুক্ত অৱস্থা এটা পাব পাৰি।

মনৰ সকলো ভাব চিন্তাক কোনো এঠাইত একাগ্ৰ কৰাটো যোগসাধনাৰ বাবে মনক নিয়ন্ত্ৰণ কৰাৰ এটা উপায়। আন এটা উপায় হ’ল কোনো প্ৰতীকক লৈ কৰা জপ। ‘ঔঁম’ শব্দটো মুখেৰে আওৰাই জপ কৰিলে সহজেই মনক নিয়ন্ত্ৰণ কৰিব পাৰি। ‘ঔঁম’ প্ৰতীকটোক সকলো আখৰৰ ভিতৰত শ্ৰেষ্ঠ বোলা হয়।

যি মানুহে এনেদৰে একাগ্ৰ চিত্তেৰে সকলো সময়তে ভগৱানৰ কথা চিন্তা কৰে, তেওঁ সহজেই ভগৱানক লাভ কৰে। ভগৱানক লাভ কৰা মানে হ’ল ভগৱানৰ প্ৰিয়পাত্ৰ হোৱা। যি মানুহ ভগৱানৰ প্ৰিয়পাত্ৰ হয়, তেওঁলোকে মৃত্যুৰ পিছত এই দুখ কষ্ট, বেমাৰ আজাৰেৰে ভৰা পৃথিৱীলৈ কেতিয়াও ঘূৰি নাহে। তেওঁলোকৰ আত্মাই ভগৱানৰ লগত অনন্ত ধামত বাস কৰি থাকে। অনন্ত ধাম হ’ল ভগৱানৰ স্থান। সেই স্থানত আত্মাই পৰমাত্মাৰ সান্নিধ্য পায়। সেই স্থান আত্মাৰ পৰম লক্ষ্যস্থান। সেয়েহে গীতাক ইয়াকে শ্ৰেষ্ঠ ধাম বোলা হৈছে।

গীতাৰ অষ্টম অধ্যায়ৰ ২২ নং শ্লোকত কোৱা হৈছে –

পুৰুষ: স পৰ: পাৰ্থ ভক্ত্যা লভ্যস্ত্বনন্যয়া ।
য়স্যান্ত:স্থানি ভূতানি য়েন সৰ্বমিদং ততম্‍।।

অৰ্থাৎ সকলোতকৈ শ্ৰেষ্ঠ পৰম পুৰুষ পৰমেশ্বৰ যদিও তেওঁ নিজৰ ধামত বাস কৰে তথাপি তেৱেঁই তেওঁৰ অলৌকিক শক্তিৰে সকলোৰে মাজত আছে আৰু সকলো বস্তু তেওঁৰ আশ্ৰয়তে আছে।

ভগৱানে সকলোৰে মাজত থাকিও পিছে কাকো দেখা নিদিয়ে। কেৱল সৎ কৰ্ম, সৎ চিন্তা আৰু নিষ্কাম ভক্তিৰ দ্বাৰাহে ভগৱানক বিচাৰি পাব পাৰি। কেৱল ভক্তিৰে নিজৰ কৰ্ম কৰি গ’লেই ভক্ত এজনে পৰম ধাম লাভ কৰিব পাৰে। সেই কাৰণে সকলো কামেই ভক্তি সহকাৰে একাগ্ৰ চিত্তে কৰিব লাগে। এইখিনিয়েই গীতাৰ অষ্টম অধ্যায়ৰ সাৰ মৰ্ম। এই অধ্যায়ত শ্ৰীকৃষ্ণই অৰ্জুনক ঔঁমকাৰ শব্দৰ মহত্ব আৰু পৰম ব্ৰহ্মৰ জ্ঞান দিছে, সেয়েহে এই অধ্যায়ক অক্ষৰ পৰম ব্ৰহ্ম যোগ বুলিও কোৱা হয়।

No comments:

Post a Comment