Friday, August 5, 2022

গীতাৰ মণি মুকুতাবোৰ - ১০

 চৌপাশে আছে ভগৱান


ভগৱাননো ক’ত থাকে? ভগৱান কোনোবা নেদেখা সৰগত বাস কৰে নে আমি দেখা এই জগতখনতে ভগৱান আছে? ভগৱান কেৱল মঠ, মন্দিৰ, গীৰ্জা, মছজিদত থাকে নে মানুহৰ অন্তৰত থাকে?

এই চিৰন্তন প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা যায় গীতাৰ দশম অধ্যায় বিভূতি যোগত।

গীতাৰ দশম অধ্যায়ত ভগৱানৰ বিভূতি বা মাহাত্ম্যৰ কথা কোৱা হৈছে। ভগৱানক কিয়নো আমি ভক্তি কৰিব লাগে, গীতাৰ কথা কিয়নো মানিব লাগে, দশম অধ্যায়ত এই বিষয়ে ভালদৰে বুজোৱা হৈছে।

আমি ভগৱানৰ বিভূতি বা মাহাত্ম্যৰ জানিব লাগে, কাৰণ আমি যদি ভগৱানৰ মাহাত্ম্যৰ বিষয়ে সঠিককৈ গম পাওঁ, ভগৱানৰ গুণ গৰিমাৰ কথা জানিব পাৰোঁ, আমি সহজেই ভগৱানৰ ভক্ত হ’ব পাৰিম। যিদৰে এজন প্ৰতিভাশালী ব্যক্তিৰ প্ৰতি মানুহৰ অনুৰাগৰ সৃষ্টি হয়, সেইদৰে ভগৱানৰ মাহাত্ম্যৰ কথা জানিলে সাধাৰণ মানুহৰ মনতো ভগৱানৰ প্ৰতি আকৰ্ষণ আৰু ভক্তিভাৱ সৃষ্টি হয়।

গীতাত কৈছে, ভগৱানৰ মাহাত্ম্যৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। ভগৱান এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা। এই সৃষ্টিৰ বিনাশ হ’লেও ভগৱানে পুনৰ নিৰ্মাণ কৰে। আমি দেখা বিশ্ব ব্ৰহ্মাণ্ডৰ আৰম্ভণি আৰু শেষ থাকিব পাৰে, কিন্তু ভগৱানৰ কোনো আৰম্ভণি নাই বা কোনো শেষো নাই।

গীতাত কোৱা হৈছে, ভগৱানে এই সৃষ্টিৰ কেতিয়া নিৰ্মাণ কৰিছিল বা এই সৃষ্টি কেতিয়া শেষ হ’ব সেয়া কোনেও ক’ব নোৱাৰে। ইয়াৰ আগতেও বহুবাৰ সৃষ্টিৰ নিৰ্মাণ হৈছিল আৰু বহুবাৰ বিনাশো হৈছিল। আগলৈও তেনেকুৱা হৈ থাকিব। এয়া অনাদি, অনন্ত কালৰ পৰা চলি আহিছে। এই সৃষ্টি আৰু বিনাশৰ প্ৰক্ৰিয়াৰ যিদৰে কোনো আৰম্ভণি বা শেষ নাই, সেইদৰে ভগৱানৰো আৰম্ভণি আৰু শেষ নাই।

ভগৱানৰ ইচ্ছা অনুসৰিয়েই এই জগতৰ ভাল, বেয়া সকলো ঘটনা হয়। মাত্ৰ এইখিনি কথাকে আমি সদায় বিশ্বাস কৰি চলিব লাগে। যিবোৰ মানুহে ভগৱানৰ এই মাহাত্ম্যৰ কথা সৰ্বান্তকৰণেৰে উপলব্ধি কৰি ভগৱানৰ পৰম ভক্ত হৈ পৰে, তেওঁলোকে ভগৱানৰ অপাৰ কৃপা লাভ কৰে আৰু সকলো মায়া মোহৰ পৰা মুক্তি পায়।

ভগৱানৰ কৃপাত ভক্তসকলৰ গাত বহুতো উত্তম গুণে দেখা দিয়ে। ভগৱানৰ প্ৰকৃত ভক্ত সকলৰ মন সকলো সময়তে আনন্দৰে ভৰি থাকে। তেওঁলোকে সুন্দৰকৈ সকলো কথা চিন্তা কৰি উচিত সিদ্ধান্ত ল’ব পাৰে। তেওঁলোকে সদায় নতুন নতুন কথা শিকি নিজৰ জ্ঞান বৃদ্ধি কৰিব পাৰে। তেওঁলোকে নিজৰ ইন্দ্ৰিয় সমুহ অনায়াসে বশীভূত কৰিব পাৰে। ভগৱানৰ ভক্ত সকলৰ কোনো অহংকাৰ নাথাকে, তেওঁলোকে নিজৰ যশস্যা গাই নুফুৰে। তেওঁলোকে আনৰ প্ৰতি দয়াশীল হয় আৰু দোষীকো সহজতে ক্ষমা কৰি দিব পাৰে।

গীতাত কৈছে, আমি সৰ্বশক্তিমান ভগৱানৰ বিভূতিৰ বিষয়ে আমি যিমানেই অৱগত হ’ম, যিমানেই তেওঁৰ মাহাত্ম্যৰ বিষয়ে জানিব পাৰিম, সিমানেই সহজতে আমি তেওঁৰ ভক্ত হ’ব পাৰিম। ভগৱানৰ এনে কিছুমান অলৌকিক শক্তি থাকে, যিবোৰ মানুহৰ গাত নাথাকে। সেয়েহে এই শক্তিক দৈৱ শক্তি বুলিও কোৱা হয়। মানুহে কৰিব নোৱৰা বহুতো কাম ভগৱানে অনায়াসে কৰিব পাৰে। সেয়াই হ’ল ভগৱানৰ বিভূতি বা অলৌকিক শক্তি। গীতাৰ দশম অধ্যায়ত ভগৱানৰ তেনে দৈৱিক শক্তিৰ বিষয়ে কোৱা হৈছে। সেয়েহে এই অধ্যায়ক বিভূতি যোগ বুলিও কোৱা হয়। ভগৱানৰ দৈৱিক শক্তিৰ কথা উপলব্ধি কৰিব পাৰিলে আমি ভগৱানৰ মাহাত্ম্য সহজেই উপলব্ধি কৰিব পাৰিম।

গীতাৰ দশম অধ্যায়ৰ ৮ নং শ্লোকত ভগৱান শ্ৰীকৃষ্ণই কৈছে –
অহং সৰ্বস্য প্ৰভৱো মত্ত: সৰ্ৱং প্ৰৱৰ্ততে।
ইতি মত্বা ভজন্তে মাং বুধা ভাৱসমম্বিতা:।।

ইয়াৰ অৰ্থ হ’ল ময়েই এই জগতৰ জড় আৰু চেতন সকলো বস্তুৰ উত্পত্তিৰ আদিমূল। সকলো মোৰ পৰাই উদ্ভৱ হয়। যি সকল জ্ঞানী লোক, তেওঁলোকে এই কথা বুজি পায়। তেওঁলোকে সৰ্বান্তকৰণে মোৰ ভক্তি আৰু ভজন কৰে। ইংৰাজীত ক’বলৈ হ’লে God is the source of all creations।

গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক বুজাইছে, ভক্তি আৰু জ্ঞানৰ অতি নিকট সম্বন্ধ আছে। যি ভক্তই সৰ্বান্তকৰণে ভগৱানৰ ওচৰত নিজকে সমৰ্পন কৰে, ভগৱানে সেই ভক্তৰ মনৰ অজ্ঞানতা আৰু অন্ধকাৰ দূৰ কৰি তেওঁৰ ওপৰত দয়া কৰে। তেওঁলোক জ্ঞানী লোক হয়। আনহাতে যিসকল জ্ঞানী হয়, তেওঁলোক ভগৱানৰ পৰম ভক্তও হয়। ভগৱানৰ ভক্ত নোহোৱাকৈ বা ভগৱানৰ কৃপা নোহোৱাকৈ কোনো লোক প্ৰকৃত জ্ঞানী হ’ব নোৱাৰে।

গীতাত অৰ্জুনে শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছিল, সাধৰণ মানুহেতো ভগৱানক দেখা নাপায়, ভগৱান ক’ত আছে তেওঁলোকে কেনেকৈ জানিব? অৰ্জুনে বুজি পাইছিল যে ভগৱান সকলো উত্পত্তিৰ মূল, সকলো প্ৰাণীৰে গৰাকী দেৱতাৰো দেৱতা, সমস্ত জগতৰ অধিপতি। কিন্তু তথাপিও তেওঁ জানিব বিচাৰিছিল সকলোতে বিয়পি থকা ভগৱানক সাধাৰণ মানুহে কেনেদৰে আৰু ক’ত বিচাৰি পাব?

এই প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই অৰ্জুনক ক’লে যে ভগৱান সকলো প্ৰাণীৰ মাজতে আছে। প্ৰতিটো প্ৰাণীত বিৰাজমান আত্মা ভগৱানৰে অংশ। সেইদৰে সূৰ্য, চন্দ্ৰ আদি গ্ৰহ নক্ষত্ৰৰ মাজতো ভগৱান থাকে। সমস্ত দেৱতাগণ, যক্ষ আৰু ৰাক্ষস সকলৰ প্ৰতিজনৰ মাজত একেজন ভগৱানেই থাকে। সেইদৰে নদ নদী, পৰ্বত, সাগৰ, গছ গছনি, ফুল ফল সকলোতে ভগৱান থাকে। মুঠতে এই জড় আৰু প্ৰাণী জগতৰ সকলো বস্তুৰ মাজতে ভগৱান আছে। ভাল বেয়া সকলো বস্তুতে ভগৱান থাকে। এই জড় আৰু জীৱ জগতৰ সকলো বস্তুৰ মাজতে ভগৱানৰ অস্তিত্ব আছে। প্ৰকৃত ভক্ত এজনে সকলোতে ভগৱানৰ অস্তিত্ব অনুভৱ কৰে।

মহাপুৰুষ শংকৰদেৱেও কীৰ্তনৰ প্ৰহ্লাদ চৰিত্ৰত লিখিছে -

সৱাতে আছন্ত জগত স্বামী।
ষ্ফটিকৰ স্তম্ভে দেখোহো আমি।।

অৰ্থাৎ জগতৰ স্বামী ভগৱান সকলোতে আছে। ভক্তই ষ্ফটিকৰ স্তম্ভতো ভগৱানক দেখে। ভক্ত প্ৰহ্লাদে ষ্ফটিকৰ স্তম্ভতো ভগৱানৰ অস্তিত্ব দেখা পাইছিল।

ভূতক ভয় কৰা মানুহেযে সকলো বস্তুৰ মাজতে ভূত দেখে, তেনেকৈ ভগৱানক ভক্তি কৰা মানুহে সকলো বস্তুৰ মাজত ভগৱানক দেখা পায়। ভূতৰ প্ৰতি থকা ভয়ে যিদৰে আমাক সকলো সময়তে ভূতৰ কথা মনত পেলাই দি থাকে, সেইদৰে ভগৱানৰ প্ৰতি থকা অটল ভক্তিয়ে আমাক সকলো সময়তে ভগৱানৰ কথা মনত পেলাই দিয়ে।

গীতাৰ দশম অধ্যায়ত আমি শিকিলোঁ ভগৱান এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোতে বিয়পি আছে। সকলো বস্তু আৰু প্ৰাণীতে ভগৱান আছে। এয়াই ভগৱানৰ মাহাত্ম্য বা বিভূতি। ভগৱান সকলোতে আছে বুলি অনুভৱ কৰিব পাৰিলে আমি সকলো সময়তে ভগৱানৰ কথা মনত ৰাখিব পাৰিম আৰু প্ৰকৃত ভক্ত হ’ব পাৰিম।

এই অধ্যায়ৰ মূল কথা হ’ল ভগৱানক ক’তো বিচাৰি যাব নালাগে। আমাৰ চৌপাশে সকলো বস্তুতে ভগৱান আছে। সকলো প্ৰাণী আৰু জড় বস্তুৰ মাজতো ভগৱানৰ অস্তিত্ব আছে। চৌপাশে ভগৱানৰ উপস্থিতি অনুভৱ কৰিব পাৰিলে আমি তেওঁৰ পৰম ভক্ত হ’ব পাৰিম।

No comments:

Post a Comment