Friday, August 5, 2022

গীতাৰ মণি মুকুতাবোৰ - ৯

 আটাইতকৈ গোপন জ্ঞান


গীতাৰ নৱম অধ্যায় হৈছে ৰাজবিদ্যা ৰাজগুহ্য যোগ। ৰাজগুহ্য মানে হ’ল আটাইতকৈ গোপনীয় আৰু ৰাজবিদ্যা মানে হ’ল আটাইতকৈ ডাঙৰ জ্ঞান। ৰাজবিদ্যা ৰাজগুহ্য মানে হ’ল পৰম শ্ৰেষ্ঠ কিন্তু গোপনীয় জ্ঞান। অৰ্থাত্‍ এই অধ্যায়ত আটাইতকৈ গোপনীয় কিন্তু মহত্বপূৰ্ণ জ্ঞানৰ কথা আছে।

জ্ঞানো গোপনীয় হয়নে? পৰম শ্ৰেষ্ঠ জ্ঞান আকৌ গোপনীয় কেনেকৈ হ’ব পাৰে?

গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে এই পৰম জ্ঞান সকলো মানুহে গ্ৰহণ কৰিব নোৱাৰে। কেৱল এজন প্ৰকৃত ভক্তইহে গীতাৰ এই পৰম জ্ঞান গ্ৰহণ কৰি তাৰ আচল অৰ্থ বুজিব পাৰে। গীতাত কোৱা কথাখিনি গোপনীয় নহয়। কিন্তু সাধাৰণ মানুহে এই কথাৰ মাজত থকা জ্ঞানৰ মহত্ব উপলব্ধি কৰিব নোৱাৰে। ভক্ত এজনেহে সেই জ্ঞানৰ সন্ধান পায়, সেয়েহে এই পৰম জ্ঞানক গোপনীয় বোলা হৈছে।

আমি গাখীৰ সকলোৱে দেখিছোঁ। কিন্তু গাখীৰৰ মাজতযে মাখন, ঘিঁ অন্তৰ্নিহিত হৈ থাকে সেই কথা কেৱল এই বিষয়ত জ্ঞান থকা জনেহে বুজিব পাৰে। সেইদৰে গীতাৰ শ্লোক সমূহ কিছুমানৰ বাবে মাথোন সংস্কৃত কাব্য। কিন্তু এই শ্লোক সমূহৰ মাজত লুকাই থকা জ্ঞানৰ ভাণ্ডাৰ প্ৰকৃত ভক্তজনেহে উপলব্ধি কৰিব পাৰে।

নৱম অধ্যায়ৰ আৰম্ভণিতে শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে এই গোপন জ্ঞান লাভ কৰিবলৈ হ’লে প্ৰধান চৰ্ত হ’ল ভগৱানৰ ওপৰত অকপট বিশ্বাস। যি মানুহে ভগৱানৰ পৰম শক্তিৰ ওপৰত সন্দেহ কৰে, ভগৱানৰ কাৰ্যৰ সমালোচনা কৰে, ভগৱানৰ ক্ৰুটি বিচাৰি ফুৰে, ভগৱানক দোষাৰোপ কৰে, ভগৱানক অৱমাননা কৰে, ভগৱানক বিশ্বাস নকৰে তেওঁলোকে কেতিয়াও এই জ্ঞান লাভ কৰিব নোৱাৰে। পৰম জ্ঞান লাভ কৰিবলৈ হ’লে ভগৱানৰ ওপৰত অকপট বিশ্বাস থকাৰ লগতে ভগৱানৰ পৰম ভক্ত হ’বই লাগিব। অৰ্জুনক এই জ্ঞান দিয়াৰ কাৰণ আছিল, তেওঁ আছিল ভগৱান শ্ৰীকৃষ্ণৰ পৰম মিত্ৰ আৰু ভক্ত।

নৱম অধ্যায়ৰ ৪ নং শ্লোকত ভগৱান শ্ৰীকৃষ্ণই কৈছে –

ময়া ততমিদং সৰ্ৱং জগদৱ্যক্তমূৰ্তিনা।
মত্স্থানি সৰ্ৱভূতানি ন চাহং তেষুৱস্থিত:।।

ইয়াত শ্ৰীকৃষ্ণই কৈছে যে – মই মোৰ অব্যক্ত ৰূপেৰে এই সমগ্ৰ বিশ্ব ব্যাপি অৱস্থান কৰিছোঁ। সকলো জীৱ মোৰ মাজতে আছে। কিন্তু মই সেই জীৱ বিলাকৰ মাজত নাই।

ইয়াৰ অৰ্থ হ’ল ভগৱান এই জগতৰ সকলোতে বিয়পি আছে কাৰণ এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো জড় পদাৰ্থ আৰু জীৱ ভগৱানেই সৃষ্টি কৰিছে। কিন্তু আমি তেওঁক দেখা নাপাওঁ। আমি আমাৰ পাৰ্থিৱ ইন্দ্ৰিয়বোৰৰ দ্বাৰা তেওঁৰ উপস্থিতি উপলব্ধি কৰিব নোৱাৰোঁ। এই সৃষ্টিৰ সকলো জীৱ ভগৱানৰ অনুগ্ৰহতে বৰ্তি আছে, সেয়েহে ভগৱান সকলোতে আছে। কিন্তু সেই জীৱবিলাকৰ মাজত ভগৱান নাই।

যিদৰে এখন চিত্ৰত চিত্ৰকৰজনৰ হাতৰ পৰশ অনুভৱ কৰা যায়। কিন্তু চিত্ৰখনেই যিদৰে চিত্ৰকৰ হ’ব নোৱাৰে, সেইদৰে যদিও জীৱৰ মাজত যদিও ভগৱান থাকে, জীৱবোৰ কিন্তু ভগৱান হ’ব নোৱাৰে। যেনেদৰে সূৰ্যৰ পোহৰ পৰা আইনা এখনৰ পৰাও পোহৰ পাব পাৰি, কিন্তু সেই আইনাখন কেতিয়াও সূৰ্য হ’ব নোৱাৰে।

ভগৱানে এই জগতৰ সৃষ্টি কৰিছে। তেওঁ যিদৰে সৃষ্টি কৰিছে, সেইদৰে এদিন এই জগতৰ ধ্বংসও কৰিব। এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তু সৃষ্টি আৰু ধ্বংস কৰিব পৰাটো ভগৱানৰ বিশেষ ক্ষমতা যিটো আন জীৱৰ নাথাকে।

এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি যিদৰে কোনো প্ৰয়োজনত হৈছিল, সেইদৰে ধ্বংসও কোনো প্ৰয়োজনতে হ’ব। কেৱল পৃথিৱীত থকা জীৱ বা জড় পদাৰ্থই নহয় নহয়, এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডই বাৰে বাৰে ভগৱানে সৃষ্টিও কৰে আৰু প্ৰয়োজন হ’লে ধ্বংসও কৰে। সৃষ্টি আৰু ধ্বংসৰ মাজেদি ভগৱানে সমগ্ৰ জগতৰ পৰিচালনা কৰে। অনাদি অনন্ত কালৰ পৰা এয়া চলি আহিছে। ধ্বংসৰ মাজেদি পুৰণিৰ ঠাইত এখন নতুন সৃষ্টিৰ উত্‍পত্তি হয়।

গীতাত কোৱা হৈছে জীৱই কি কৰে, কি নকৰে সেইবোৰ চকু দি থকাটো ভগৱানৰ কাম নহয়। মানুহে নিজৰ নিজৰ কৰ্মফল অনুসৰি এই পৃথিৱীত বাৰে বাৰে জন্ম লৈ থাকে আৰু কৰ্মফল ভোগ কৰে। তাত ভগৱানৰ কৰিবলগীয়া একো নাই। সেয়া এক পূৰ্ব নিৰ্ধাৰিত স্বয়ংক্ৰিয় প্ৰক্ৰিয়া। কিন্তু যেতিয়া এই পৃথিৱীত মানুহৰ পাপ কৰ্ম বাঢ়ি যায়, ধাৰ্মিক লোক সকলে কষ্ট ভোগ কৰিবলগীয়া হয়, তেতিয়া ভগৱানে অৱতাৰ লৈ পৃথিৱীলৈ আহে আৰু পুৰণি সৃষ্টিক ধ্বংস কৰি নতুন সৃষ্টিৰ সূচনা কৰে।

যেতিয়া সঁচাকৈয়ে প্ৰয়োজন হয়, তেতিয়াহে ধৰ্মৰ উদ্ধাৰৰ বাবে ভগৱান পৃথিৱীলৈ আহে। সাধাৰণ মানুহৰ বাবে এই কথাটো বিশ্বাস কৰিবলৈ কঠিন। ভগৱান পৃথিৱীলৈ আহিলেও বহুতে সেই কথা অনুভৱেই কৰিব নোৱাৰে। কিন্তু প্ৰকৃত ভক্ত সকলে মানুহৰ ৰূপ লোৱা ভগৱানক ঠিকেই চিনি পায়। তেওঁলোকে ভগৱান পৃথিৱীলৈ অহাৰ আগজাননিও পায়। যিজন ব্যক্তিয়ে সকলো সময়তে ভগৱানৰ গুণ – কীৰ্তন কৰে, সকলো কাম নিস্বাৰ্থ ভাৱে ভগৱানৰ নামত উচৰ্গা কৰে, মনত কাৰো প্ৰতি ঈৰ্ষাৰ ভাব নাৰাখে, যাৰ মনত কোনো কামনা বাসনা নাথাকে, সেইজন প্ৰিয় ভক্তইহে ভগৱান পৃথিৱীলৈ অহাৰ উমান পায়।

পিছে তেনে ভক্ত হোৱাটো সহজ নহয়। মানুহে ভক্ত হ’বলৈ চেষ্টা কৰে যদিও নিজকে সম্পূৰ্ণ ভাৱে ভগৱানৰ চৰণত সমৰ্পন কৰিব নোৱাৰে। মানুহে ধৰ্ম কৰ্ম কৰে, কিন্তু তেওঁলোকৰ মনত প্ৰায়েই ভগৱানৰ পৰা কিবা লাভ কৰাৰ বাসনা থাকে। আন নাথাকিলেও বহুতো ভক্তৰ মুক্তিৰ বাসনা থাকে। এনে বাসনা মনলৈ অহা মানেই পৰম পিতা পৰমেশ্বৰৰ পৱিত্ৰ, নিষ্কলুষ ভক্তিৰ পৰা আঁতৰি অহা। পৰম পুৰুষ পৰমেশ্বৰ শ্ৰীকৃষ্ণইযে পৰম সত্য সেই কথাও কিছুমান মানুহে সৰ্বান্তকৰণে মানি নলয়। সেয়েহে তেওঁলোকে শ্ৰীকৃষ্ণৰ সলনি ইপ্সিত বস্তু বিচাৰি আন দেৱ দেৱীৰ শৰণস্থ হয়। সেইসকলৰ ভক্তি অথলে যায়।

ভগৱানৰ পৰম ভক্ত কেনেকুৱা হয়, এই বিষয়ে গীতাত বাৰম্বাৰ একেটা কথাই কোৱা হৈছে। গীতাৰ নৱম অধ্যায়ৰ ২২ নং শ্লোকত কৈছে –

অনন্যাশ্চিন্তয়ন্তো মাং য়ে জনা: পৰ্যুপাসতে।
তেষাং নিত্যাভিয়ুক্তানাং য়োগক্ষেমং ৱহাম্যহম।।

ইয়াত শ্ৰীকৃষ্ণই কৈছে যে যিজন ভক্তই মোৰ কথা এক মুহূৰ্তও নভবাকৈ থাকিব নোৱাৰে, মোৰ সান্নিধ্য লাভৰ বাহিৰে মনত আন একো বাসনা নথকাকৈ ভক্তিত নিমগ্ন হয়, তেওঁ কোনো সন্দেহ নোহোৱাকৈ মোৰ ওচৰ চাপিব পাৰে। তেনে ভক্তক মই সদায় ৰক্ষা কৰি থাকোঁ। তেওঁলোকৰ দুখ কষ্ট ময়েই দূৰ কৰোঁ।

মানুহে ভগৱানক সন্তুষ্ট কৰিবলৈ পূজা কৰে, যজ্ঞ কৰে, দান দিয়ে, ব্ৰত কৰে। কিন্তু এইবোৰতকৈও নিজৰ মনত ভগৱানক স্থান দিয়াটোহে বেছি প্ৰয়োজনীয় কথা। মন বিশুদ্ধ কৰি ৰাখিব নোৱৰা মানুহে দান, যজ্ঞ, পূজা কৰিও কোনো ফল নাপায়। যি মানুহে একো নকৰিও কেৱল ভগৱানৰ চিন্তাতে মন স্থিৰ কৰি ৰাখিব পাৰে, তেওঁ ভগৱানৰ প্ৰিয়পাত্ৰ হৈ কৰ্মৰ ফলৰ পৰা মুক্তি লাভ কৰে।

ভগৱানে কেতিয়াও কাৰো প্ৰতি পক্ষপাতিত্ব নকৰে, সকলোকে সমভাৱে চায়। কিন্তু যিসকল ভক্তই কেৱল ভগৱানৰ চিন্তাত মগ্ন হৈ থাকে, তেওঁলোকে ভগৱানৰ সান্নিধ্য লাভ কৰাৰ দৰে অনুভৱ কৰে। তেওঁলোকৰ বাবে ভগৱান হৈ পৰে এজন বন্ধুৰ দৰে। তেনে ভক্তৰ বাবে ভগবান সদায় লগত থকাৰ দৰেই হয়।

আমিও যদি ভগৱানৰ পৰম ভক্ত হ’ব পাৰোঁ, ভগৱানো আমাৰ লগত থাকিব। এয়াই হৈছে গীতাৰ গোপনীয় পৰম জ্ঞান। যি মানুহে এই গোপনীয় জ্ঞানৰ বিষয়ে জানিও অৱজ্ঞা কৰে, ভগৱানৰ প্ৰতি সমৰ্পিত নহয়, তেওঁলোকৰ বাবে এই জ্ঞানৰ কোনো অৰ্থ নাই। ভক্ত ভাল হ’লে ভগৱান ভক্তৰ ওচৰলৈ নিজেই আহে।




No comments:

Post a Comment