Friday, August 19, 2022

গীতাৰ মণি মুকুতাবোৰ - ১৩

শৰীৰৰ সেৱা
Health Care

আমাৰ শৰীৰটোনো কি, কেনেকৈ কি উপাদান মিহলি হৈ শৰীৰটো গঠন হৈছে, শৰীৰটো আমি কেনেদৰে ব্যৱহাৰ কৰিব লাগে এই সকলোবোৰ কথা আমি জানিব লাগে। মানুহৰ শৰীৰৰ বেমাৰ আজাৰ আদি প্ৰকৃতিৰ নিয়ম অনুসৰি হয়। মানুহে যিদৰে জীৱনত কিছুমান নিয়ম নীতি মানি চলিবলগীয়া হয়, সেইদৰে আমাৰ শৰীৰটোও কিছুমান নিয়মৰ মাজেদি পৰিচালিত হয়। সেই নিয়মৰ খেলি মেলি হ’লেই আমাৰ জীৱনত নানা বেমেজালিয়ে দেখা দিয়ে, বেমাৰ আজাৰবোৰ হয়। গীতাৰ ত্ৰয়োদশ অধ্যায়ত এই কথাবোৰ আছে। সেয়েহে এই অধ্যায়টোক ক্ষেত্ৰ-ক্ষেত্ৰজ্ঞ-বিভাগ যোগ বোলা হয়।
প্ৰতিজন জীৱিত মানুহৰ শৰীৰত আত্মা থাকে। গতিকে শৰীৰ হ’ল আত্মাৰ বাবে কাম কৰাৰ স্থান। সেয়েহে শৰীৰক ক্ষেত্ৰ বোলা হৈছে। যেনে যুদ্ধ কৰা স্থানক আমি যুদ্ধক্ষেত্ৰ বুলি কওঁ, কাম কৰা স্থানক কৰ্ম ক্ষেত্ৰ বুলি কওঁ, সেইদৰে আমাৰ শৰীৰটোও হ’ল আত্মাই বিচৰণ কৰা ক্ষেত্ৰ বা স্থান। আত্মা যিহেতু এই শৰীৰতে বাস কৰে আৰু আত্মাই শৰীৰৰ হতুৱাই সকলো কাম কৰোৱায় সেয়েহে আত্মাৰ লগতে আমাৰ শৰীৰৰো যথেষ্ট গুৰুত্ব আছে। যিসকলে আত্মাৰ লগত শৰীৰৰ সম্পৰ্কৰ কথা ভালদৰে বুজি পায়, তেওঁলোককে ক্ষেত্ৰজ্ঞ বোলা হয়।
ক্ষেত্ৰজ্ঞ মানে হ’ল নিজৰ ক্ষেত্ৰৰ বিষয়ে যিজনে ভালদৰে জানে। এজন খেতিয়কৰ বাবে ক্ষেত্ৰ হ’ল তেওঁৰ খেতিপথাৰ আৰু সেই খেতিপথাৰত ওপজা শস্যৰ বিষয়ে তেওঁ যদি সকলো কথা জানে তেওঁক আমি ক্ষেত্ৰজ্ঞ বুলি ক’ম। সেইদৰে এই শৰীৰ আৰু শৰীৰত বাস কৰা আত্মাৰ সম্পৰ্কৰ বিষয়ে যিজনে জানে তেওঁ হ’ল এই বিষয়ৰ ক্ষেত্ৰজ্ঞ।
বিজ্ঞানত আমি পাইছোঁ যে প্ৰতিটো বস্তুৱেই মৌলিক উপাদান হিচাপে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ অণু পৰমাণু মিলি তৈয়াৰ হয়। অণু পৰমাণুবোৰ আকৌ ক্ষুদ্ৰ ক্ষুদ্ৰ ইলেকট্ৰন, প্ৰ’টনৰ দ্বাৰা গঠিত। সেইদৰে গীতাত কোৱা হৈছে যে মানুহৰ শৰীৰকে ধৰি এই পৃথিৱীৰ সকলো বস্তুৱেই মূলত: পাঁচবিধ উপাদানেৰে তৈয়াৰ হয়। এই পাঁচবিধ উপাদান হৈছে – মাটি, পানী, জুই, বায়ু আৰু আকাশ। এই পাঁচবিধকে পঞ্চভূত বোলা হয়।
পঞ্চভূতৰ উপৰিও পাঁচ ইন্দ্ৰিয় আৰু পাঁচ প্ৰকাৰৰ চেতনা মিলি আমাৰ শৰীৰ গঠন হৈছে। পাঁচ প্ৰকাৰৰ চেতনা হ’ল শব্দ, ষ্পৰ্শ, ৰূপ, ৰস আৰু গোন্ধ। পাঁচ ইন্দ্ৰিয় হ’ল চকু, কাণ, নাক, জিভা আৰু ছাল।
অৰ্জুনে প্ৰশ্ন কৰিলে, সকলোৰে শৰীৰত যদি একেবোৰ উপাদানেই থাকে, সকলো মানুহ একে নহয় কিয়?
শ্ৰীকৃষ্ণই ক’লে, মানুহৰ শৰীৰটো একেবোৰ উপাদানেৰে গঠিত হ’লেও মন, বুদ্ধি আৰু অহংকাৰ সকলোৰে একে নহয়। তদুপৰি ইচ্ছা, দ্বেষ, কামনা বাসনা, সুখ-দুখৰ অনুভূতি আদিও মানুহ ভেদে বেলেগ বেলেগ হয়। জীৱ এইবোৰ কাৰণতে আন বস্তুতকৈ পৃথক। এই বৈচিত্ৰই জীৱ ধাৰী মানুহৰ বৈশিষ্ট।
অৰ্জুনে পুনৰ সুধিলে, সকলোবোৰ যদিহে পঞ্চভূতেৰে গঠিত হৈছে, জড় পদাৰ্থ আৰু জীৱৰ পাৰ্থক্য কি?
আন জড় পদাৰ্থ আৰু আত্মা ধাৰণ কৰা শৰীৰৰ পাৰ্থক্য হৈছে আনবিলাকত কেৱল পঞ্চভূতহে থাকে, কিন্তু জীৱৰ শৰীৰত উপৰঞ্চি আন কেইবাটাও বৈশিষ্ট থাকে। এইবোৰ বৈশিষ্ট আমি য’তেই বিচাৰি পাওঁ, সেয়েই হ’ল ক্ষেত্ৰ। সেই কাৰণে শৰীৰক ক্ষেত্ৰ বুলিও কোৱা হৈছে।
ক্ষেত্ৰজ্ঞ হ’ল সেইসকল ব্যক্তি যিসকলে শৰীৰ আৰু শৰীৰত বাস কৰা আত্মাৰ বিষয়ে ভালদৰে জানে। যিজনে এই জ্ঞানৰ অধিকাৰী হয়, তেওঁ কেতিয়াও নিজৰ শ্ৰেষ্ঠত্বৰ অভিমান নকৰে, দম্ভাচৰণ নকৰে, কোনো প্ৰাণীকে কেতিয়াও দুখ নিদিয়ে, সকলোকে ক্ষমা কৰে, নিজৰ মন আৰু কথাৰ সৰলতা বজাই ৰাখে, ইহলোক বা পৰলোকৰ কোনো বিষয়ৰ প্ৰতি কোনো আসক্তি নকৰে, প্ৰিয় বা অপ্ৰিয় সকলো পৰিস্থিতিত সমভাৱে থাকিব পাৰে। তেনে স্বভাৱৰ লোক সকলেই জ্ঞানী বা ক্ষেত্ৰজ্ঞ বুলি কোৱা হয়।
অৰ্জুনে সুধিলে, ক্ষেত্ৰজ্ঞ মানুহক আমি কেনেকৈ চিনি পাম?
শ্ৰীকৃষ্ণই ক’লে, মানুহৰ দেহত বাস কৰা আত্মা পৰম ব্ৰহ্ম ভগৱানৰে অংশ। যিজনে এই কথা অনুভৱ কৰিব পৰা হয়, যিজনে শৰীৰ আৰু আত্মাৰ সম্পৰ্ক বুজি উঠে, তেওঁ পৰম জ্ঞানী হৈ পৰে। তেওঁৰ মুখমণ্ডলত এক বিৰল জ্যোতি দেখিবলৈ পোৱা যায়। কিছুমান মানুহক দেখিলেই আপোনা আপুনি ভক্তি ভাব আহে, ভগৱানৰ অৱতাৰ যেন লাগে, শ্ৰদ্ধাত মূৰ দোঁ খাই যায়। তেনে মানুহক চিনি পাবলৈ কঠিন নহয়। সেইবোৰ মানুহেই আত্মা আৰু পৰমাত্মাৰ বিষয়ে সকলো কথা অনুভৱ কৰিব পৰা ক্ষেত্ৰজ্ঞ বা পৰম জ্ঞানী।
এই বিশ্ব ব্ৰহ্মাণ্ড ব্যাপি যি এক শক্তিয়ে সকলোকে আৱৰি আছে, যাৰ ইচ্ছাত সকলো পৰিচালিত হৈ আছে, সেয়েই হ’ল পৰমাত্মা। সেই পৰমাত্মাৰ ক্ষুদ্ৰ অংশই হ’ল আমাৰ শৰীৰত বাস কৰা আত্মা। আমাৰ শৰীৰত থকা সেই পৰম শক্তিৰ বিষয়ে মানুহে অনুভৱহে কৰিব পাৰে।
গীতাৰ ত্ৰয়োদশ অধ্যায়ৰ ১৫ নং শ্লোকত কোৱা হৈছে –
সৰ্বেন্দ্ৰিয় গুণাভাসং সৰ্ৱেন্দ্ৰিয় ৱিৱৰ্জিতম।
অসক্তং সৰ্বভূতেষু নিৰ্গুণ গুণভোক্তৃ চ।।
অৰ্থাৎ পৰামাত্মা সকলো ইন্দ্ৰিয়ৰ সৃষ্টিকৰ্তা যদিও তেওঁৰ নিজৰ কোনো ইন্দ্ৰিয় নাই। তেওঁ সকলো জীৱৰে পালনকৰ্তা, কিন্তু তেওঁৰ সৃষ্ট জীৱ বা জড় পদাৰ্থৰ প্ৰতি তেওঁৰ কোনো আসক্তি নাই। তেওঁ সকলো গুণৰে নিয়ন্তা, কিন্তু তেওঁ নিজে নিৰ্গুণ। তেওঁ পৰম ঈশ্বৰ, পৰম প্ৰভু। তেওঁৰ চকুৰ আঁৰত বা তেওঁক ফাঁকি দি কোনো কাম কৰাটো সম্ভৱ নহয়।
সহজ কথাত ক’বলৈ হ’লে ভগৱান আমাৰ ভিতৰতো আছে আৰু বাহিৰতো আছে। আমি চকুৰে দেখা প্ৰতিটো জড় বস্তু আৰু জীৱৰ মাজতে ভগৱান আছে। তেওঁৰ চকুৰ পৰা কোনো সাৰিব নোৱাৰে। কিন্তু সেই ভগৱানক আমাৰ ইন্দ্ৰিয় সমূহেৰে দেখাৰ বা বুজি পোৱাৰ ক্ষমতা নাই।
ভগৱান সকলো জীৱৰ মাজত বিভক্ত হৈ থকা যেন লাগে যদিও আচলতে তেনে নহয়। সূৰ্যৰ পোহৰ যিদৰে ঘৰৰ বাহিৰে ভিতৰে, আকাশে বতাহে সকলোতে বিয়পি থাকে, কিন্তু সেই পোহৰ ভাগ কৰিব নোৱাৰি, সেইদৰে ভগৱান হ’ল সকলোতে বিয়পি থকা আমাৰ জীৱ আৰু জড় প্ৰকৃতি জগত চলাই ৰখা মহান শক্তি। সেই শক্তিক কেতিয়াও ভাগ ভাগ কৰিব নোৱাৰি। তেঁৱেই পৰমাত্মা, তেঁৱেই সকলো জ্যোতিষ্কৰ পোহৰৰ উত্স। তেঁৱেই মানুহৰ হৃদয়ত থাকে আকৌ তেওঁকেই বিচাৰি মানুহে হাবাথুৰি খায়।
ভগৱানক নিজৰ মাজত বিচাৰি পোৱাৰ আটাইতকৈ সহজ আৰু সঠিক উপায় হ’ল ভগৱানৰ প্ৰতি পৰম ভক্তি। ভক্তিৰ কাৰণে লাগিব নিষ্কাম প্ৰাৰ্থনা। মনটো ভক্তিত একাণপতীয়াকৈ লগাবলৈ হ’লে ধ্যান বা মেডিটেচনো কৰিব লাগিব। কিছুমানে জ্ঞানৰ অনুশীলন কৰিও নিজৰ মাজত ভগৱানক বিচাৰি পায়। সেইদৰে কিছুমানে নিষ্কাম ভাৱে নিজৰ কৰ্তব্য কৰিও ভগৱানক পায়।
কিন্তু শুনিবলৈ যিমান সহজ, আচলতে কাৰ্যক্ষেত্ৰত ভগৱানক বিচাৰি পোৱা ইমান সহজ নহয়। ইয়াৰ মূল কাৰণ হ’ল আমি নিজৰ মনটোকে সঠিক ভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। ভগৱানক বিচাৰি পাবলৈ হ’লে আমি দিনে ৰাতিয়ে, খাওঁতে শোওঁতে, সকলো সময়তে ভগৱান আমাৰ লগত আছে বুলি অনুভৱ কৰিব লাগিব। ধ্যান, জ্ঞানৰ সাধনা বা নিজৰ কামত নেৰানেপেৰা ভাবে একমনে লাগি থাকিব পাৰিব লাগিব। তেতিয়াহে ভগৱানক বিচাৰি পোৱাটো সম্ভৱ হয়।
কিন্তু আচৰিত লাগে যে, আমাৰ নিজৰ দেহতে ভগৱান আছে, অথচ আমি মন্দিৰে মছজিদে ভগৱানক বিচাৰি ফুৰোঁ। গীতাত কৈছে, আমি প্ৰথমতে আমাৰ শৰীৰত বাস কৰা ভগৱানৰ অংশ স্বৰূপ আত্মাৰ উপস্থিতি উপলব্ধি কৰিব লাগিব। আমাৰ দেহত জীৱাত্মাৰ লগতে পৰমাত্মাও আছে। সেই কথাও আমি অনুভৱ কৰিব পাৰিব লাগিব৷ আমাৰ লগতে আনৰো শৰীৰত ভগৱানৰ অংশ আছে, সেই কথাও বুজিব লাগিব।
এই কথা সদায় মনত ৰাখিব লাগিব যে আমি যেতিয়া সকলো জীৱ আৰু জড় জগতত ভগৱানৰ অস্তিত্ব দেখিবলৈ পাম, তেতিয়াই আমি ভগৱানক নিজৰ হৃদয়তো বিচাৰি পাম। আনৰ লগতে নিজৰ দেহৰ মাজত ভগৱানৰ অস্তিত্ব অনুভৱ কৰিব পৰাটোৱেই মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা। আৰু এয়াই হ’ল পৰম ক্ষেত্ৰজ্ঞ জ্ঞান। এই কথাখিনি অনুভৱ নকৰা বাবেই মানুহে শৰীৰক বহুতো অপকৰ্মত নিয়োজিত কৰে আৰু তাৰ ফল ভোগ কৰে। আমাৰ শৰীৰত ভগৱানৰ অস্তিত্ব অনুভৱ কৰি শৰীৰৰ যথাযোগ্য যত্ন নোলোৱা বাবেই আমাৰ বেমাৰ আজাৰবোৰো হয়। শৰীৰটো যিহেতু আত্মাৰ বাসস্থান, আমি শৰীৰৰ খুব ভালকৈ যত্ন ল’ব লাগে। শৰীৰ পবিত্ৰ কৰি ৰাখিব লাগে। শৰীৰত আত্মা থাকেই, মাথোন অন্তৰত এই কথা উপলব্ধি কৰি শৰীৰটো ভালদৰে ৰাখিব পাৰিলে জীৱনত সকলো কামতে সফল হ’ব পৰা যায়।
No photo description available.
Pranita Baruah, Sanjit Kumar Bordoloi and 47 others
30 Comments
Like
Comment
Share

No comments:

Post a Comment