Friday, August 12, 2022

গীতাৰ মণি মুকুতাবোৰ - ১২

 ভগৱানৰ সৈতে প্ৰেম

Love with God

ভগৱানৰ বিশ্বৰূপ দৰ্শনৰ পাছত অৰ্জুনৰ মনত বহুত প্ৰশ্ন জাগিল। দ্বাদশ অধ্যায়ত অৰ্জুনে শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছে, ভগৱানৰ সাকাৰ বা সবিশেষ ৰূপ আৰু নিৰাকাৰ বা নিৰ্বিশেষ ৰূপ এই দুটাৰ কোনটো শুদ্ধ। কোনটো পথেৰে গ’লে ভগবানৰ আশিষধন্য হ’ব পাৰি।
ইয়াৰ উত্তৰত শ্ৰীকৃষ্ণই অৰ্জুনক বুজালে যে দুয়োবিধ পথেৰেই ভগৱানৰ আশিষধন্য হ’ব পাৰি। কিন্তু নিৰাকাৰ বা নিৰ্বিশেষ ৰূপত ভগৱানৰ আৰাধনা কৰাটো কঠিন। যিসকল ব্যক্তিয়ে নিজৰ ইন্দ্ৰিয়সমূহৰ সংযমিত কৰি সকলো প্ৰাণীৰে প্ৰতি সমদৃষ্টি ৰাখে, সকলো জীৱৰে হিত সাধনত সদায় ব্ৰতী হৈ থাকে, ভগৱানৰ নিৰাকাৰ - নিৰ্বিশেষ ৰূপটোক সম্পূৰ্ণ আস্থা আৰু সমৰ্পনৰ মনোভাৱেৰে একান্তমনে উপাসনা কৰে, তেওঁলোকে ভগৱানৰ আশিষ লাভ কৰে। গীতাত কোৱা হৈছে যে এই পথ অতি উত্তম, কিন্তু এই পথেৰে আগবাঢ়ি যোৱাটো কষ্টসাধ্য, কাৰণ এই পথ অনুসৰণ কৰি ভগৱানৰ আশিষ পাবলৈ হ’লে মানুহৰ আধ্যাত্মিক জ্ঞানে এক বিশেষ মাত্ৰা পাব লাগিব। জ্ঞানৰ সাধনাৰে এনে বিশেষ মাত্ৰাত উপনীত হোৱাটো সম্ভৱ কিন্তু সেয়া সকলো মানুহৰ বাবে সহজসাধ্য নহয়।
আনহাতে নিৰাকাৰ ৰূপতকৈ ভগৱানৰ সাকাৰ ৰূপ এটাৰ ওপৰত মনটো স্থিৰ কৰাটো সাধাৰণ মানুহৰ বাবে সহজ। যিসকলে ভগৱানৰ সাকাৰ ৰূপত মনটো স্থিৰ ৰাখি পৰম বিশ্বাসেৰে নিজৰ সকলো কৰ্ম ভগৱানক অৰ্পন কৰে, অবিচলিত ভক্তিযোগেৰে ভগৱানৰ ধ্যান কৰি তেওঁৰ উপাসনা কৰে, তেওঁৰ বাবে ভগৱানক অন্তৰত ধাৰণ কৰাটো সহজ হয়। সেইকাৰণে সকলো ধৰ্মতে ভগৱানক বুজাবলৈ কিবা নহয় কিবা প্ৰতীক ব্যৱহাৰ কৰা হয়। সেই প্ৰতীকত মন স্থিৰ কৰি ভগৱানৰ উপাসনা কৰাটো সাধাৰণ মানুহৰ বাবে কঠিন নহয়।
আমাক আটাইকে একোজন শিক্ষক লাগে, যিজনে আমাক সঠিক বাটৰ সন্ধান দিব পাৰে। গীতাত ভগৱান শ্ৰীকৃষ্ণই সাকাৰ ৰূপত অৱতীৰ্ণ হৈ সেই শিক্ষকৰ ভূমিকা লৈছে। সেয়েহে গীতাত শ্ৰীকৃষ্ণৰ সাকাৰ ৰূপতেই মন স্থিৰ কৰি ভগৱানৰ উপাসনা কৰাৰ কৰাৰ নিৰ্দেশ দিছে। দ্বাদশ অধ্যায়ৰ ৮ নং শ্লোকত শ্ৰীকৃষ্ণই কৈছে –
ময়্যেৱ মন আধত্স্ব ময়ি বুদ্ধিং নিৱেশয়।
নিৱসিষ্যসি ময়্যেৱ অত ঊৰ্ধং ন সংশয়:।।
অৰ্থাৎ মোৰ সাকাৰ ৰূপৰ ওপৰতে তোমাৰ মনটো নিবিষ্ট কৰা। তোমাৰ বুদ্ধিও মোক পোৱাৰ উদ্দেশ্যেই প্ৰয়োগ কৰা। তাৰ পিছত তুমি সদায়েই মোৰ ওচৰতে বাস কৰিবা, সেই কথাত কোনো সন্দেহ নাই।
অৱশ্যে কেৱল সাকাৰ ৰূপতেই ভগৱানৰ উপসনা কৰিব পাৰি তেনে নহয়। গীতাত এই বুলিও কোৱা হৈছে, জ্ঞানৰ সাধনাৰে নিৰাকাৰ ৰূপত ভগৱানৰ উপাসনা হৈছে ভগৱানৰ আশিষ লাভ কৰাৰ উত্তম পথ। কিন্তু এই পথ সাধাৰণ মানুহৰ বাবে কঠিন হয়। সেই কাৰণে অবিচল ভক্তিৰে ভগৱানৰ সাকাৰ ৰূপত মন স্থিৰ কৰিলে মানুহে সহজতে নিজৰ জীৱনত ভগৱানৰ উপস্থিতি অনুভৱ কৰিব পাৰে।
প্ৰশ্ন হয়, সঁচাকৈয়ে মানুহে নিজৰ জীৱনত ভগৱানৰ উপস্থিতি অনুভৱ কৰিব পাৰেনে?
গীতাত কৈছে, ভগৱানৰ প্ৰতি প্ৰেম আৰু আন্তৰিক সমৰ্পনেৰে ভগৱানকো বশ কৰিব পৰা যায়। প্ৰেমিক প্ৰেমিকাই নিজ নিজ জীৱনত আনজনৰ উপস্থিতি অনুভৱ কৰাৰ দৰে ভগৱানৰ প্ৰেমত নিমগ্ন ভক্তই নিজৰ জীৱনত ভগৱানৰ উপস্থিতি অনুভৱ কৰিব পাৰে। তেনে ভক্তই প্ৰেমময় ভক্তিত এনেভাৱে মগন হৈ থাকে যে তেওঁলোকে নিজৰ জীৱনত ভগৱানৰ সান্নিধ্য অনুভৱ কৰে। উদাহৰণস্বৰূপে, বংগদেশৰ কালীসাধক ৰামকৃষ্ণ পৰমহংসই দাবী কৰিছিল যে, তেওঁৰ হেনো মা কালীৰ লগত এনে এক আবেগিক সম্পৰ্ক আছিলযে তেওঁ মা কালীৰ সাকাৰ ৰূপৰ দৰ্শন পাইছিল।
কেনেদৰে উপাসনা কৰিলে আমি ভগৱানৰ উপস্থিতি আমাৰ জীৱনত অনুভৱ কৰিব পাৰোঁ আৰু ভগৱানৰ লগত এটা প্ৰেমময় সম্পৰ্ক গঢ়িব পাৰোঁ, এই কথাখিনিয়েই গীতাৰ দ্বাদশ অধ্যায়ত আছে। গীতাৰ দ্বাদশ অধ্যায়ক ভক্তি যোগ বুলি কোৱা হয়।
ভক্তিৰ জৰিয়তে ভগৱানৰ লগত সংযোগ স্থাপন কৰাই হ’ল ভক্তি যোগ। আমি আকুলতাৰে, শুদ্ধ অন্তৰেৰে, সম্পূৰ্ণ সমৰ্পনৰ মনোভাৱেৰে ভগৱানৰ উপাসনা কৰিলে ভগৱানেও আমাৰ মনৰ কথা শুনিবলৈ পায়। এয়াই হ’ল সংযোগ। এয়া হ’ল ভক্তিৰ দ্বাৰা ভগৱানৰ লগত যোগাযোগ।
গীতাত কোৱা হৈছে, যি ভক্তিৰ জৰিয়তে ভগৱানৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে সেয়াই হ’ল আটাইতকৈ উত্তম ভক্তি আৰু সেয়াই হৈছে ভক্তি যোগৰ মাহাত্ম্য। যিসকলে এনে সম্বন্ধ গঢ়ি তুলিব পাৰে, তেওঁলোকে খাওঁতে, শোওঁতে, উঠোতে, বহোঁতে সদায় ভগৱানৰ চিন্তাতে নিমগ্ন হৈ থাকে। মন কৰিবলগীয়া যে ভগৱানৰ লগত এনে প্ৰেমৰ সম্পৰ্কৰ কথা আন ধৰ্মবিশ্বাসত পোৱা নাযায়।
মহাপুৰুষ মাধৱদেৱেও লিখিছে –
হৰিনাম ৰসে বৈকুণ্ঠ প্ৰকাশে
প্ৰেম অমৃতৰ নদী ।
ইয়াৰ অৰ্থ হ’ল, যি হৰিনাম ৰসত নিহিত প্ৰেম অমৃতৰ দৰে আৰু সেয়েই হ’ল বৈকুণ্ঠ বা স্বৰ্গ। ভগৱানৰ প্ৰতি প্ৰেমেই মানুহৰ জীৱনত অমৃতৰ সন্ধান দিয়ে।
আমাৰ যাৰ লগত প্ৰেমৰ সম্পৰ্ক থাকে তেওঁৰ কথা মনত পেলাবলৈ আমি যত্ন কৰিব নালাগে। সকলো সময়তে তেওঁৰ কথা আপোনা আপুনি মনলৈ আহেই। সেইদৰে যিসকলে ভগৱানক সঁচাকৈয়ে ভাল পায়, তেওঁলোকে অনবৰতে, সকলো সময়তে মনত ভগৱানৰ কথাই চিন্তা কৰি থাকে। মানুহৰ মনৰ এনে অৱস্থাকেই ভগৱানৰ লগত প্ৰেমৰ সম্বন্ধ গঢ়া বুলি কোৱা হয়।
যিসকলে এনে ভক্ত হ’ব নোৱাৰে তেওঁলোকৰ বাবে আন প্ৰকাৰৰ ভক্তিৰ ব্যৱস্থাও গীতাত আছে। যিসকলে ভগৱানৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিব নোৱাৰে তেওঁলোকেও আন উপায়েৰে ভগৱানৰ আশিষ লাভ কৰিব পাৰে।
ভগৱানৰ প্ৰিয় হ'বলৈ আৰু কি উপায় আছে?
গীতাত কৈছে, জ্ঞানৰ চৰ্চা, যোগৰ অভ্যাস আৰু ধ্যানৰ অনুশীলনীৰ যোগেদিও মানুহ ভগৱানৰ প্ৰিয়পাত্ৰ হ’ব পাৰে। যিবোৰ মানুহে কঠোৰ সাধনাৰে নিজৰ মনক অবিচলিত কৰি ৰাখি জ্ঞান আহৰণত আত্মনিয়োগ কৰে সেইজনো ভগৱানৰ প্ৰিয় হয়।
জ্ঞানৰ চৰ্চা কৰিব নোৱৰা সকলৰ বাবেও গীতাত বিধান দিয়া আছে। তেনে লোকে ভগৱানৰ বাবে নিস্বাৰ্থ ভাৱে কাম কৰিবলৈ চেষ্টা কৰিব লাগে। গীতাত কোৱা হৈছে যে ভগৱানৰ বাবে নিস্বাৰ্থ ভাৱে আৰু সম্পূৰ্ণ সমৰ্পনেৰে কাম কৰিলেও সিদ্ধি লাভ হয়।
আমি বেছিভাগ কাম নিজৰ আৰু নিজৰ পৰিয়ালৰ বাবেই কৰোঁ। সেইবোৰ কামত আমাৰ স্বাৰ্থ থাকে। কিন্তু নিস্বাৰ্থ ভাৱে, নিজৰ বাবে একো আশা নকৰাকৈ আমি ভগৱানৰ বাবে সম্পূৰ্ণ সমৰ্পনেৰে কাম কৰিলে তাতো ভগৱান সন্তুষ্ট হয়।
মন্দিৰ, মছজিত, গীৰ্জা, গুৰুদ্বাৰা আদিত বহুত মানুহে নিজৰ সেৱা আগবঢ়ায়। গুৰুদ্বাৰাবোৰত মানুহে জোতা পালিছ কৰি, আনৰ খোৱা বাচন ধুই ভগৱানৰ বাবে কাম কৰা নিয়ম আছে। বহুত মানুহে মন্দিৰ, মছজিদ সাজিবলৈ দান বৰঙণি দিয়ে। কিছুমান মানুহে ভগৱানৰ কথা প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰে। এই আটাইবোৰেই হ’ল ভগৱানৰ কাৰণে কৰা কাম।
ভগৱানৰ বাবে কাম কৰিবলৈ সময় উলিয়াব নোৱাৰিলে নিষ্কাম ভাৱে নিজৰ কাম কৰি যোৱাই একমাত্ৰ উপায়। নিস্বাৰ্থ ভাৱে, সংযত হৈ, কৰ্তব্যপৰায়ণতাৰে নিজৰ কামত ব্যস্ত হৈ থাকি কামৰ সকলো ফল ভগৱানৰ চৰণত অৰ্পন কৰিব পাৰিলেও ভগবানৰ প্ৰিয় হ’ব পৰা যায়। যিবোৰ মানুহে কৰ্তব্য কৰাৰ সময়তো ভগৱানৰ চিন্তাত নিমগ্ন হৈ থাকে, আৰু সেই কামৰ ফলৰ আশা ত্যাগ কৰে, সেয়াও হ’ল উত্তম ভক্তি আৰু তাৰ দ্বাৰাও ভগবানৰ আশিষ পোৱাটো সম্ভৱ।
কিন্তু এইখিনিতে প্ৰশ্ন হয়, ভগবানৰ ভক্ত হ’বলৈ থকা ইমানবোৰ উপায়ৰ মাজত কোনটো শ্ৰেষ্ঠ?
গীতাৰ দ্বাদশ অধ্যায়ত ১২ নং শ্লোকত কোৱা হৈছে –
শ্ৰেয়ো হি জ্ঞানমভ্যাসাজ জ্ঞানাদ্ধ্যানং ৱিশিষ্যতে ।
ধ্যানাৎ কৰ্মফলত্যাগস্ত্যাগাচ্ছান্তিৰন্তৰম ।।
অৰ্থাৎ ইয়াত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে যদি তুমি ভগৱানৰ একান্ত ভক্ত হ’ব নোৱৰা, তেনেহ’লে জ্ঞানৰ চৰ্চাত আত্মনিয়োগ কৰা। অৱশ্যে জ্ঞানতকৈও শ্ৰেষ্ঠ হ’ল ধ্যান আৰু ধ্যানতকৈও উত্তম হ’ল নিষ্কাম কৰ্ম, কাৰণ তেনে কৰ্মৰ দ্বাৰা ভগৱানৰ প্ৰিয়ভাজন হ’ব পাৰি। কিন্তু গীতাত এই বুলিও কোৱা আছে যে ভগৱানৰ প্ৰতি অবিচলিত ভক্তিয়েই হৈছে ভগৱানৰ প্ৰিয়ভাজন হ’বলৈ মানুহৰ বাবে আটাইতকৈ সহজ উপায়। আনবোৰ উপায়ত কঠোৰ সাধনাৰে নিজৰ উত্কৰ্ষ সাধন প্ৰয়োজনীয় হৈ পৰে। সেয়েহে সাধাৰণ মানুহৰ বাবে একান্ত ভক্ত হোৱাটোহে শ্ৰেষ্ঠ উপায় বুলি কোৱা কৈছে।
কিন্তু গীতাত আকৌ কোৱা হৈছে সকলো মানুহ ভগৱানৰ ভক্ত হ’ব নোৱাৰে। অৰ্জুনে জানিব খুজিলে ভক্তিয়েই যদি আটাইতকৈ সহজ উপায়, তেনেহ’লে সকলো মানুহ ভগৱানৰ ভক্ত হ’ব নোৱাৰে কিয়।
শ্ৰীকৃষ্ণই বুজাই কৈছে, সকলো মানুহে ভগৱানৰ ভক্ত এই কাৰণেই হ’ব নোৱাৰে যে মানুহে ভগবানৰ লগত প্ৰেমৰ সম্বন্ধ গঢ়িবলৈ সংকোচ কৰে। যদিও এই পথটো সহজ, কিন্তু তেনে পথ গ্ৰহণ কৰিবলৈ মানুহে নিজকে পতিয়ন নিব নোৱাৰে। মানুহে ভগৱানক সকলো সময়তে মনত ৰখাৰ সলনি কেৱল বিপদৰ সময়তহে মনত পেলায়। সৰহভাগ মানুহে এই কথা মানিবলৈ টান পায়যে ভগৱানৰ লগতো প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিব পাৰি। সেয়েহে সৰহভাগ মানুহে এই পোনপেটীয়া পথ এৰি আওপকীয়া পথ অনুসৰন কৰে আৰু জ্ঞানৰ সাধনা তপস্যা, ধ্যান, পূজা পাতল আদিৰে ভগৱানৰ আশিষ পাবলৈ চেষ্টা কৰে।
ভগবানৰ আশিষ পোৱা এজন মানুহ, যাক আমি প্ৰকৃত ভক্ত বুলি কওঁ, তেওঁ কেনে প্ৰকৃতিৰ হয় সেই বিষয়েও গীতাত সুন্দৰকৈ কোৱা আছে। যিজনে কাকো ঈৰ্ষা নকৰে আৰু সকলো জীৱৰ প্ৰতি বন্ধুত্বৰ ভাৱ পোষণ কৰে, যিজন দয়াশীল, যিজনে নিজকে একো বস্তুৰে গৰাকী বুলি নাভাবে, যিজন অহংকাৰশূন্য, যাৰ বাবে সুখ আৰু দুখ দুয়োটাই সমান, যিজন ক্ষমাশীল, যিজন সদা সন্তুষ্ট, আত্মসংযমী আৰু দৃঢ়সংকল্প, যিজনে তেওঁৰ মন আৰু বুদ্ধি কেৱল ভগবানৰ নামতেই সমৰ্পিত কৰিছে, যিজনে সুখ, দুখ, ভয় আৰু উদ্বেগৰ অৱস্থাত সমানে অবিচলিত হৈ থাকে সেইজন মানুহেই হ’ল প্ৰকৃত ভক্ত।
অৰ্জুনে প্ৰশ্ন কৰিলে, ইমানবোৰ গুণ এজন মানুহৰ গাত কেনেকৈ থাকিব পাৰে?
শ্ৰীকৃষ্ণই অৰ্জুনক বুজাই দিলে, ভগৱানৰ ভক্ত এজনৰ গাত আপোনা আপুনি এইবোৰ গুণ ফুটি ওলায়। তেনে এজন ব্যক্তিৰ সুখ, দুখ কেতিয়াও কোনো পাৰ্থিৱ বস্তুৰ পোৱা নোপোৱাৰ ওপৰত বা মনৰ কামনা সিদ্ধিৰ ওপৰত নিৰ্ভৰশীল নহয়। তেনে এজন ব্যক্তিয়ে অতি আনন্দত খুব স্ফূৰ্তিও নকৰে, অতি দুখত খুব শোকো নকৰে। ভগৱানৰ ভক্তিতে তেওঁ পৰম আনন্দ লাভ কৰে। তেওঁৰ মনত কোনো প্ৰাপ্তিৰ আকাংক্ষাও নাথাকে বা অপ্ৰাপ্তিৰ বেদনাও নাথাকে। তেওঁ শত্ৰু আৰু মিত্ৰ উভয়ৰে বাবে সমভাৱাপন্ন, তেওঁ মান আৰু অপমান দুয়োটাকে সমানে সহজভাৱে ল’ব পাৰে। সেইদৰে তেওঁ ভাল – বেয়া, সুখ – দুখ, যশস্যা – অপযশ আদিকো সমানে গ্ৰহণ কৰিব পাৰে।
তেনে ব্যক্তিৰ স্বভাৱেই এনে হৈ পৰে যে তেওঁ নিজেই অসৎ সংগৰ পৰা আঁতৰি থাকে, তেওঁ মৌনস্বভাৱৰ হয় আৰু যি পায় তাক লৈয়েই সন্তুষ্ট থাকে। তেনে এজন ব্যক্তিৰ নিজা বুলিবলৈ কোনো পাৰ্থিৱ সা- সম্পত্তিৰ লোভ নাথাকে, নিজৰ কোনো সাফল্য বা প্ৰাপ্তিক লৈ তেওঁ গৌৰৱ নকৰে। স্থিৰ বুদ্ধিৰে তেওঁ সকলো সকলো সময়তে ভক্তিৰে কৰা কাৰ্যত ব্ৰতী হৈ থাকে।
গীতাত শ্ৰীকৃষ্ণই কৈছে, প্ৰেমময় ভক্তিৰে ভগৱানক পোৱাটো আটাইতকৈ পোনপেটীয়া পথ অথচ বেছিভাগ মানুহে এই পথেৰে আগবাঢ়িব নোৱাৰে। পাহাৰৰ ওপৰলৈ যোৱা ঠিয় পোনপেটীয়া পথেৰে স্থিৰ মনোভাৱেৰে, সন্তৰ্পনে, অলপ কষ্ট সহ্য কৰি বগাই গ’লে সোনকালে ওপৰ পোৱা যায়, কিন্তু সেই পথেৰে বহুতো মানুহে আগবাঢ়িবই নোৱাৰে। সেয়েহে দীঘলীয়া হ’লেও ঘূৰি পকি যোৱা আওপকীয়া পথহে বাচি লয়। ভক্তিৰ ক্ষেত্ৰতো তেনেকুৱাই। ভগৱানৰ ভক্ত হ’বলৈ হ’লে মন আৰু বুদ্ধি স্থিৰ কৰি ভগৱানৰ ওচৰত নিজৰ সকলো কাম অৰ্পন কৰিব লাগিব। একেদিনাই একান্ত ভক্ত হোৱাটো সহজ নহয়। নিৰন্তৰ সাধনা আৰু চেষ্টাৰ ফলতহে ভগৱানৰ প্ৰিয় ভক্ত হ’ব পৰা যায়।
ভাগৱত গীতাৰ দ্বাদশ অধ্যায়ত শ্ৰীকৃষ্ণই প্ৰেমময় ভক্তিযোগৰ ব্যাখ্যাৰ যোগেদি আচলতে মানুহক সুন্দৰকৈ জীৱন যাপন কৰাৰ পথ দেখুৱাইছে। ভক্তৰ গাত থাকিবলগীয়া গুণবোৰ যদি মানুহে আয়ত্ব কৰিব পাৰে, মানুহৰ জীৱন এনেয়ো সুন্দৰ হৈ পৰিব।

No comments:

Post a Comment