Tuesday, August 9, 2022

গীতাৰ মণি মুকুতাবোৰ - ১১

 বিশ্বৰূপ দৰ্শন

গীতাৰ দশম অধ্যায়ত আমি পাইছোঁ যে ভগৱানে এই পৃথিৱীৰ পাহাৰ - ভৈয়াম, নদ – নদী, সাগৰ - মহাসাগৰ আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ গ্ৰহ, নক্ষত্ৰ, ধুমকেতু, উল্কা গছ গছনি, জীৱ জন্তু আদিৰ অকল সৃষ্টিয়েই কৰা নাই, এই সকলোবোৰৰ মাজতো ভগৱান আছে। কিন্তু প্ৰশ্ন হয়, এই সকলোতে একে সময়তে ভগৱান থাকিব পাৰেনে? সেয়া কেনেকৈ সম্ভৱ?
গীতাৰ একাদশ অধ্যায় বিশ্বৰূপ দৰ্শনত অৰ্জুনেও শ্ৰীকৃষ্ণৰ পৰা জানিব বিচাৰিছে একেজন ভগৱান একেসময়তে সকলোতে কেনেদৰে থাকিব পাৰে। এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোতে ভগৱানৰ অস্তিত্ব আছে বুলি তেওঁ কেনেকৈ বিশ্বাস কৰিব। তেওঁ ভগৱানৰ সেই ৰূপটো চাবলৈ বিচাৰিলে যিটো ৰূপত এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৰ মাজতে ভগৱানৰ অস্তিত্ব থকাৰ প্ৰমাণ পোৱা যায়।
পৰম ভক্ত অৰ্জুনৰ অনুৰোধত ভগৱানে তেওঁৰ বিশ্বৰূপ প্ৰদৰ্শন কৰিবলৈ মান্তি হ’ল। ভগৱানৰ এই ৰূপ সকলোৱে দেখা নাপায়, কাৰণ সেই ৰূপ চাবলৈ হ’লে ভগৱানে দিব্য চকু প্ৰদান কৰিব লাগিব। কুৰুক্ষেত্ৰ যুদ্ধক্ষেত্ৰৰ সোঁমাজত শ্ৰীকৃষ্ণই যেতিয়া ভগৱানৰ প্ৰকৃত ৰূপ প্ৰদৰ্শন কৰিছিল, তেতিয়া অৰ্জুনৰ বাহিৰে কোনেও সেই ৰূপ নিজৰ চকুৰে দেখা পোৱা নাছিল। কাৰণ কেৱল অৰ্জুনকহে ভগৱানে দিব্য চকু প্ৰদান কৰিছিল।
একাদশ অধ্যায়ৰ ৮ নং শ্লোকত শ্ৰীকৃষ্ণই অৰ্জুনক দিব্য চকুৰ বিষয়ে বুজাই কৈছে,
ন তুং মাং শক্যসে দ্ৰষ্টুমনেনৈৱ স্বচক্ষুষা।
দিৱ্যং দদামি তে চক্ষু: পশ্য মে য়োগমৈশ্বৰম।।
এই শ্লোকটোত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে তুমি তোমাৰ এই চকু দুটাৰে মোৰ প্ৰকৃত ৰূপ দেখা নাপাবা। তাৰ বাবে তোমাক দিব্যচকুৰ প্ৰয়োজন হ’ব। সেই চকুৰেহে তুমি মোৰ ঐশ্বৰিক ৰূপ দেখিবলৈ পাবা। ইয়াৰ অৰ্থ হ’ল আমি আমাৰ সাধাৰণ চকুৰে কেৱল বাহিৰৰ পাৰ্থিৱ জগতখনহে দেখা পাওঁ। কিন্তু আমাৰ মনৰ ভিতৰৰ জগতখন দেখা নাপাওঁ। আমাৰ মনৰ ভিতৰৰ জগতখন চাবলৈ আৰু আমাৰ মাজত থকা ভগৱানৰ স্বৰূপ বুজি পাবলৈ আমাক দিব্য চকুৰ প্ৰয়োজন।
আমাৰ মনলৈ প্ৰশ্ন আহিব পাৰে, আজিকালি থ্ৰি ডি চিনেমা চাবলৈ যে বিশেষ ধৰণৰ চশমা পিন্ধিব লাগে, সেইদৰে ভগৱানৰ প্ৰকৃত ৰূপ দৰ্শন কৰিবলৈও দিব্য চকু নামৰ এক বিশেষ চশমাৰ প্ৰয়োজন হয় নেকি? কিন্তু দিব্য চকু কেৱল এজোৰ চশমা নহয়। আচলতে দিব্য চকু হ’ল আমাৰ অন্তৰত ভগৱানৰ অস্তিত্ব আৰু ভগৱানৰ বিশালতা অনুভৱ কৰাৰ এক বিশেষ ক্ষমতা। এই বিশেষ ক্ষমতা অৰ্জন কৰিব পাৰিলেহে ভগৱানৰ প্ৰকৃত ৰূপ দৰ্শন কৰিব পাৰি।
অৰ্জুন শ্ৰীকৃষ্ণৰ আটাইতকৈ ভাল বন্ধু আৰু একান্ত অনুগত ভক্ত আছিল। সেই কাৰণে অৰ্জুনক শ্ৰীকৃষ্ণই কেৱল অলপ সময়ৰ বাবে সেই বিশেষ ক্ষমতা প্ৰদান কৰিছিল। অৰ্জুনক শ্ৰীকৃষ্ণই দিব্য চকুৰে ভগৱানৰ বিশ্বৰূপ দেখুৱালে। কিন্তু, কিনো আছে এই বিশ্বৰূপত?
গীতাৰ একাদশ অধ্যায়ত ভগৱানৰ এই বিশ্বৰূপৰ বৰ্ণনা দিয়া আছে। এই বিশ্বৰূপ অতি আচৰিত। সেই ৰূপত অসংখ্য মুখ আৰু অসংখ্য চকু থকা, দিব্য অলংকাৰ পিন্ধা, উজ্জ্বল ৰঙৰ কাপোৰেৰে আৱৰা, বিভিন্ন অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত, গাত বিভিন্ন সুগন্ধি প্ৰলেপ সনা, হাজাৰ সূৰ্যতকৈও উজ্জ্বল, চকু চাট মাৰি ধৰা ভগৱানৰ বিশাল আৰু বিৰাট ৰূপৰ কথা কোৱা হৈছে। এই ৰূপৰ বৰ্ণনা দিয়াটোৱেই কঠিন। এই সন্মোহিনী ৰূপেৰে ভগৱানে অৰ্জুনক দেখুৱাইছিল যে এই বিশ্ব ব্ৰহ্মাণ্ডত ভগৱানতকৈ শক্তিশালী, ভগৱানতকৈ সৰ্বব্যাপী আন একোৱেই হ’ব নোৱাৰে।
ভগৱানৰ অসংখ্য মুখ আৰু অসংখ্য চকুৰ অৰ্থ হ’ল এই বিশ্বৰ সকলোৰে মাজত সমানেই একেজন ভগৱান আছে। আজিকালি যে সকলোতে CCTV কেমেৰা লগোৱা থাকে আৰু সেই কেমেৰাৰে কোনো এঠাইত বহি সকলো চাই থাকিব পাৰি ঠিক তেনেকৈয়ে ভগৱানেও অসংখ্য চকুৰে আমাক সকলোকে নিৰীক্ষণ কৰি থাকে।
সেই বিশ্বৰূপত অৰ্জুনে দেখিলে যে ভগৱান যিদৰে সকলোতে বিয়পি আছে, সেইদৰে ভগৱানৰ মাজতে সকলো আছে। আনকি সূৰ্য, চন্দ্ৰ, গ্ৰহ, নক্ষত্ৰ, তাৰকাৰাজ্য, উল্কা, ধুমকেতু আদিও ভগৱানৰ মাজতেই আছে। এই পৃথিৱীৰ সকলো জীৱ জন্তু, গছ গছনি, চৰাই চিৰিকতি, পাহাৰ পৰ্বত, নদী সাগৰ আদি সকলো ভগৱানতে আছে। আনকি তেওঁ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বহুত ঘটনাই সেই বিশ্বৰূপত দেখিবলৈ পালে।
গীতাত অৰ্জুনক শ্ৰীকৃষ্ণই কৈছে যে তেওঁ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ যিহকে চাবলৈ বিচাৰে সকলো ভগৱানৰ মাজতে বিচাৰি পাব। ইয়াৰ অৰ্থ হ’ল এইটো যে আমাৰ জীৱনত ঘটা বৰ্তমান, অতীত বা ভৱিষ্যতৰ সকলো ঘটনা ভগৱানৰ ইচ্ছা অনুসৰিয়েই হয়। ভগৱানৰ ওচৰত সকলো ঘটনাৰে কাৰণ বিচাৰি পোৱা যায়। ভৱিষ্যতৰ কথা দেখা পোৱাৰ অৰ্থ হ’ল, ভগৱানৰ পৰম ভক্ত জনে ভৱিষ্যতৰ আগজাননি পায় আৰু ভৱিষ্যতৰ কথাও অনুমান কৰিব পৰা জ্ঞান লাভ কৰে। ভগৱানৰ দৰে বিশাল আন একোৱেই হ’ব নোৱাৰে। অৰ্জুনে শ্ৰীকৃষ্ণৰ কৃপাত ভগৱানৰ এই বিশালতা অনুভৱ কৰিব পাৰিছিল।
এইখিনিতে প্ৰশ্ন হ’ব পাৰে অৰ্জুনে সঁচাকৈয়ে এইবোৰ দেখিছিলনে? নে এয়া তেওঁৰ মনৰ ভ্ৰম বা hallucination আছিল।
গীতাত কৈছে, সাধাৰণ মানুহৰ বাবে অৰ্জুনৰ বিশ্বৰূপ দৰ্শন সঁচাকৈয়ে এক অলৌকিক ঘটনা। আচলতে বাহ্যিক দৃষ্টিৰে আমি এই বিশ্বৰূপৰ মহত্ব অনুভৱ কৰিবই নোৱাৰো। অৰ্জুনে ভগৱানে প্ৰদান কৰা দিব্য চকুৰে বিশ্বৰূপ দৰ্শন কৰাৰ লগতে মনৰ মাজতো ভগৱানৰ সৰ্বব্যাপী স্বৰূপ উপলব্ধি কৰিছিল। ব্ৰহ্মা, বিষ্ণু, শিৱ আদি দেৱতা সকল আৰু আন আন দেৱ দেৱী, দেৱতা, ঋষি মুনি সকলকো তেওঁ ভগৱানৰ সেই বিশ্বৰূপত দৰ্শন কৰিছিল। আনকি তেওঁ কুৰুক্ষেত্ৰ যুদ্ধক্ষেত্ৰত গোট খোৱা ৰজা মহাৰজা, বীৰ সকলকো সেই বিশ্বৰূপত প্ৰত্যক্ষ কৰিছিল। এই জগতত আমি দেখা প্ৰায় প্ৰতিটো বস্তুৱেই তেও বিশ্বৰূপত দেখা পাইছিল। এই বিশ্বৰূপ দৰ্শনৰ দ্বাৰা বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তুৰ মাজতে যে ভগৱান বিৰাজমান সেই কথা তেওঁ ভালদৰে হৃদয়ঙ্গম কৰিব পাৰিছিল। গতিকে এয়া অৰ্জুনৰ ভ্ৰম নাছিল, বৰং সৰ্ব ব্যাপী ভগৱানৰ ব্যাপকতা আৰু বিশালতাৰ অনুভৱ আছিল।
অৰ্জুনক শ্ৰীকৃষ্ণই ভগৱানৰ সংহাৰকাৰী ৰূপটোও দেখুৱালে। ভগৱানে যিদৰে সকলোকে সৃষ্টি কৰিছে, সেইদৰে ভগৱানে সকলোকে বিনাশো কৰে। ভগৱানৰ এই সংহাৰকাৰী ৰূপটোকে গীতাত কাল বুলি কৈছে। কালৰ হাতত সকলোৰে এদিন নহয় এদিন বিনাশ হ’বই। কালে সকলোকে ধ্বংস কৰিব, কালৰ হাতৰ পৰা কোনেও সাৰি যাব নোৱাৰে। ভগৱানে সকলোৰে ভাগ্য আগতেই নিৰ্ণয় কৰি থৈছে। সকলোৰে মৃত্যুও আগতেই স্থিৰ কৰি থোৱা আছে। আনকি কুৰুক্ষেত্ৰ যুদ্ধৰ ফলাফলো আগতেই ঠিৰাং কৰি থোৱা হৈছে, কাৰণ সদায় সত্যৰহে জয় হয়। সেয়েহে শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, ‘উঠা, যুদ্ধ কৰা। যুদ্ধত যিসকলৰ মৃত্যু হ’ব, তেওঁলোকৰ মৰণ আগতেই বিধাতাই স্থিৰ কৰি ৰাখিছে। তেওঁলোকৰ মৃত্যুৰ কাৰণে তুমি চিন্তা নকৰিবা। যুদ্ধ কৰি মাথোন নিজৰ কৰ্তব্য পালন কৰা’।
ভগৱানৰ তেনেকুৱা বিশাল, সৰ্বব্যাপী ৰূপ দৰ্শন কৰাৰ পাছত অৰ্জুনৰ ভয় লাগিছিল। তেওঁৰ মুখৰ মাত হেৰাই গৈছিল। অণ্ঠ কণ্ঠ শুকাই গৈছিল। যিজন শ্ৰীকৃষ্ণক তেওঁ লগৰীয়া বুলি ভাবিছিল, যিজনৰ সৈতে সদায় ৰং ধেমালি কৰিছিল, সেইজন শ্ৰীকৃষ্ণই সৰ্বব্যাপী ভগৱান বুলি জানিব পাৰি তেওঁ থক থককৈ কঁপি উঠিছিল। তেওঁ বহু সময়ত শ্ৰীকৃষ্ণক লগৰীয়া বুলি ভাবি হাঁহি ধেমালি কৰিছিল, কেতিয়াবা উপহাসো কৰিছিল। কিন্তু সেইজনেই যেতিয়া পৰম ক্ষমতাশালী ভগৱান বুলি জানিব পাৰিলে তেওঁ লজ্জিত হ’ল। সেইবোৰৰ বাবে তেওঁ শ্ৰীকৃষ্ণৰ ওচৰত ক্ষমাও বিচাৰিলে।
শ্ৰীকৃষ্ণই যেতিয়া দেখিলে যে তেওঁৰ বিশ্বৰূপ দেখি অৰ্জুনে ভয় খাই কঁপিবলৈ ধৰিছে, অৰ্জুনে তেওঁকেই ভগৱান বুলি বুজিব পাৰি লজ্জিত হৈছে, তেতিয়াই তেওঁ নিজৰ মানৱ ৰূপলৈ ঘূৰি আহিল। তেওঁ ক’লে যে ভগৱানৰ বিশ্বৰূপ দৰ্শনৰ সৌভাগ্য কেৱল অৰ্জুনৰহে হৈছে। এই জগতত আন কোনেও সেই ৰূপ কেতিয়াও দেখা পোৱা নাই। কিন্তু সেই বুলি অৰ্জুনৰ লগত থকা তেওঁৰ পূৰ্বৰ সম্পৰ্ক আৰু বন্ধুত্ব অকণো সলনি হোৱা নাই।
একাদশ অধ্যায়ৰ ৫৩ নং শ্লোকত শ্ৰীকৃষ্ণই কৈছে –
নাহং ৱেদৈৰ্ন তপসা ন দানেন ন চেজ্যয়া ।
শক্য এৱংৱিধো দ্ৰষ্টুং দৃষ্টৱানসি মাং য়থা।।
অৰ্থাৎ বেদৰ অধ্যয়ন, কঠোৰ তপস্যা কৰি, দান দি বা পূজা কৰিও ভগৱানৰ বিশ্বৰূপ উপলব্ধি কৰিব নোৱাৰি। কেৱল একান্ত ভক্তিৰ দ্বাৰাহে সেই বিশ্বৰূপ অনুভৱ কৰিব পাৰি। অৰ্জুন কোনো ঋষি মুনি বা তপস্বী নাছিল। কেৱল শ্ৰীকৃষ্ণৰ একান্ত অনুগত ভক্ত হোৱা বাবেহে তেওঁ ভগৱানৰ বিশ্বৰূপ দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিছিল। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, যিজন ব্যক্তি সকাম কৰ্ম আৰু জল্পনা কল্পনাৰ কুপ্ৰভাৱৰ পৰা মুক্ত, যিজনে কেৱল ভগৱানৰ বাবেই কাম কৰে, যিজনে ভগৱানকেই জীৱনৰ লক্ষ্য কৰি লৈছে, যিজনে সকলো প্ৰাণীকে মিত্ৰ জ্ঞান কৰে, সেইজন ভক্তইহে ভগৱানৰ বিশ্বৰূপৰ স্বৰূপ উপলব্ধি কৰিব পাৰে।
ভগৱানৰ বিশ্বৰূপ দৰ্শন কৰাটো সাধাৰণ মানুহৰ বাবে সহজসাধ্য নহয়। কাৰণ বিশ্বৰূপ দৰ্শন কৰিবলৈ হ’লে ভগৱানৰ পৰা দিব্য চকু লাভ কৰিব লাগিব। কিন্তু শ্ৰীকৃষ্ণই গীতাত কৈছে যে একান্ত অনুগত ভক্তই সেই বিশ্বৰূপৰ স্বৰূপ নিজৰ অন্তৰত নিশ্চয়কৈ উপলব্ধি আৰু অনুভৱ কৰিব পাৰে।

No comments:

Post a Comment