Thursday, August 25, 2022

গীতাৰ মণি মুকুতাবোৰ - ১৫

ওলোটা গছৰ ৰহস্য


গীতাৰ পঞ্চদশ অধ্যায়ত এজোপা বৰ অদ্ভূত বটগছৰ কথা কৈছে যিজোপা গছৰ শিপা ওপৰৰ পিনে আৰু ডাল পাতবোৰ তলৰ পিনে থাকে।
প্ৰশ্ন হয়, এনেকুৱা ওলোটা গছ থাকিব পাৰেনে? গীতাত কি প্ৰসংগত বাৰু এনে এজোপা অদ্ভূত গছৰ কথা কোৱা হৈছে?
পুখুৰীৰ পানীত বিপৰীত পাৰৰ বটগছ এজোপাৰ প্ৰতিবিম্ব আমি এনেকৈ দেখা পাওঁযে পানীত ডাল পাতবোৰ তলৰ পিনে আৰু শিপাবোৰ ওপৰৰ পিনে থাকে। পানীত প্ৰতিবিম্ব দেখাৰ কাৰণেই আমাৰ ভ্ৰম হয় যে গছজোপা ওলোটা। মানুহৰ জীৱনতো এনে ভ্ৰম হয়। এনে ভ্ৰমেই হ’ল মায়া।
গীতাৰ পঞ্চদশ অধ্যায়ত শ্ৰীকৃষ্ণই অৰ্জুনকো এনে ওলোটা গছৰ কথা কৈছে। অৰ্জুনে জানিব খুজিলে গছৰ শিপা ওপৰলৈ আৰু ডাল পাতবোৰ তললৈ থকা গছৰ প্ৰকৃত অৰ্থ কি।
শ্ৰীকৃষ্ণই বুজাই দিলে, গছৰ শিপা ওপৰলৈ আৰু ডাল পাতবোৰ তললৈ থকা গছজোপাই হ’ল সংসাৰ বৃক্ষ আৰু এয়াই হ’ল মায়া। এই গছজোপাৰ শিপা ওপৰৰ পিনে থাকে মানে ইয়াকে বুজোৱা হৈছেযে, গছে যিদৰে জীৱন ধাৰণৰ শক্তি শিপাৰ সহায়েৰে মাটিৰ পৰা সংগ্ৰহ কৰে, সেইদৰে এই সংসাৰতো মানুহে জীয়াই থকাৰ শক্তি ভগৱানৰ পৰা আহৰণ কৰে। এই শক্তি যিহেতু ওপৰৰ পৰা আহে, সেইবাবে শিপা ওপৰলৈ দেখুওৱা হৈছে।
এই গছজোপাৰ পাতবোৰে আমাৰ ইন্দ্ৰিয় বোৰক বুজায়। কাৰণ গছে পাতৰ সহায়ত নিজৰ খাদ্য প্ৰস্তুত কৰাৰ দৰে ইন্দ্ৰিয়বোৰৰ দ্বাৰাই মানুহে নিজৰ লাগতিয়াল কাম কাজ কৰে।
গছৰ ডালবোৰ হ’ল ইন্দ্ৰিয়বোৰে আমাৰ হতুৱাই কৰোৱা কাম। আমাৰ মনৰ কামনা বাসনাবোৰ হ’ল গছজোপাৰ ঠাল ঠেঙুলি। গছৰ ঠাল ঠেঙুলিবোৰ যিদৰে প্ৰসাৰিত হৈ যায়, আমাৰ কামনা বাসনাবোৰো দিনে দিনে প্ৰসাৰিত হৈ থাকে।
এইখিনিতে প্ৰশ্ন হয় গীতাত শ্ৰীকৃষ্ণই এনে এবিধ অদ্ভূত বটগছৰ প্ৰসংগ কিয় আনিলে?
মানুহৰ জীৱনৰ প্ৰকৃত পথ দেখুৱাবলৈহে শ্ৰীকৃষ্ণই গীতাত এই বটগছজোপাৰ উদাহৰণ দিছে। আমাৰ মনৰ কামনা বাসনাবোৰে গছৰ ঠাল ঠেঙুলিৰ দৰে সদায় বাঢ়ি গৈ থাকে। সদায় নতুন নতুন বস্তুৰ প্ৰতি আমাৰ মোহ ওপজে। এই মোহেই আমাক ভগৱানৰ পৰা আঁতৰাই তললৈ লৈ যায় আৰু আমাৰ ইন্দ্ৰিয়বোৰৰ দ্বাৰা আমাৰ দ্বাৰা নকৰিব লগীয়া কাম কৰোৱায়। আমাৰ ইন্দ্ৰিয়বোৰ গছৰ পাতৰ দৰে, কাৰণ এই ইন্দ্ৰিয়বোৰৰ যোগেদিয়েই আমি এই জগতৰ সকলো ভাল বেয়া অনুভৱ কৰোঁ। আমাৰ কামনা বাসনাবোৰ আৰু ইন্দ্ৰিয়বোৰৰ সংযোগ দেখুৱাবলৈ গছৰ ডালবোৰ ব্যৱহাৰ কৰা হৈছে, কাৰণ কামনা বাসনাবোৰেই ইন্দ্ৰিয়বোৰৰ হতুৱাই ভাল বা বেয়া কাম কৰোৱায়।
মানুহৰ মনত থকা অতৃপ্ত কামনা বাসনাবোৰে ইন্দ্ৰিয়ৰ হতুৱাই মানুহক কিদৰে নকৰিবলগীয়া কামত লিপ্ত কৰায় আৰু মানুহক অধোগামী কৰে তাকেই বুজাবলৈ গীতাত এই অদ্ভূত গছজোপাৰ কথা কোৱা হৈছে। যিদৰে গছ এজোপাৰ পাত, ঠাল ঠেঙুলি কিমান বাঢ়িছে আমি তত্ক্ষণাত ধৰিব নোৱাৰো, সেইদৰে আমাৰ কামনা বাসনাবোৰে আমাৰ কৰ্মক কিমান দূৰ প্ৰভাৱিত কৰিছে, আমাক নৈতিক ভাৱে কিমান অৱনমিত কৰিছে সেই কথা আমি গম নাপাওঁ। ঠাল ঠেঙুলিৰে বাঢ়ি অহা গছ এজোপাৰ ঘাই শিপাডাল বিচাৰি নোপোৱাৰ দৰে আমি আমাৰ জীৱনৰ মূল আধাৰ ভগৱানৰ নাম লবলৈকো আমি পাহৰি যাওঁ। আমি গছ এজোপাৰ ডাল, পাত, ঠাল ঠেঙুলিবোৰ চাই মোহগ্ৰস্থ হৈ থকাৰ দৰে এই পাৰ্থিৱ জগতৰ সুখ সুবিধাবোৰ উপভোগ কৰিয়েই আমি আমাৰ জীৱন পাৰ কৰি দিওঁ।
অৰ্জুনে সুধিলে, এই গছজোপাৰ উদাহৰণৰ পৰা সাধাৰণ মানুহে কি শিকিব পাৰে?
শ্ৰীকৃষ্ণই বুজাই দিলে, আমি গছ এজোপাৰ ডাল পাত, ঠাল ঠেঙুলিৰ পৰা মোহ আতঁৰাই গছজোপাৰ গুৰিটো বা ঘাইশিপাডালৰ যত্ন ল’ব লাগে, তেতিয়াহে গছজোপা দীৰ্ঘায়ু হয়। গছৰ ঘাই শিপা যদি অনাদৰত পঁচি যায়, তেতিয়া যিমানেই সুন্দৰ নহওক কিয়, গছজোপা বাগৰি পৰে। সেইদৰে আমিও আমাৰ জীৱনৰ সুখ সুবিধাবোৰত বুৰ গৈ নাথাকি আমি ভগৱানৰ নাম ল’ব লাগে, ভগৱানৰ ওচৰত নিজকে সমৰ্পন কৰিব লাগে। ভগৱানক পাহৰি আমোদ প্ৰমোদত জীৱন পাৰ কৰিলে সেই জীৱনৰ একো মূল্য নাথাকে।
বটগছৰ উদাহৰণৰ পৰা এই কথা ক’ব খোজা হৈছেযে, ভগৱানেই মানুহৰ জীৱনৰ ঘাইশিপা।
গীতাত ভগৱানে নিজেই কৈছে ‘অহং সৰ্ৱস্য প্ৰভৱ:’, অৰ্থাৎ ময়েই সকলো সৃষ্টিৰ, সকলো উত্পত্তিৰ মূল। যেনেদৰে ঘাইশিপাডাল গছ এজোপাৰ উত্পত্তিৰ মূল, সেইদৰে ভগৱানেই আমাৰ জীৱনৰ উত্পত্তিৰ মূল। সেয়েহে ভগৱানেই মানুহৰ জীৱনৰ ঘাইশিপা। সেয়েহে আমি নিজকে ভগৱানৰ ওচৰত আত্ম সমৰ্পন কৰিব লাগে।
ভগৱানৰ ওচৰত আত্ম সমৰ্পন কৰিবলৈ হ’লে আমাৰ কোনো প্ৰকাৰৰ গৰ্ব বা অহংকাৰ থাকিব নালাগিব। আমি এই কথা অনুভৱ কৰিব লাগিবযে আমি যিবোৰ সা-সম্পত্তি, নাম-সন্মান, মান-যশ লাভ কৰোঁ, এই আটাইবোৰৰে গৰাকী হ’ল ভগৱান। আমাৰ ওচৰত যিবোৰ পাৰ্থিৱ বস্তু আছে সেইবোৰৰ গৰাকী আমি নিজেই বুলি ভ্ৰম বা ভুল ধাৰণা লৈ থাকোঁ। সেইবোৰৰ গৰাকীওযে ভগৱানহে সেই কথা আমি হাড়ে হিমজুৱে উপলব্ধি কৰিব পাৰিব লাগিব। মনত সুখ সুবিধা, আনন্দ বিলাসৰ আশা কৰি থাকিলেও ভগৱানৰ ওচৰত সমৰ্পন কৰিব নোৱাৰোঁ। যেতিয়াই আমি এই কথা মানি ল’ম যে ভগৱানৰ কৃপা অবিহনে আমাৰ একোৱেই নাই, তেতিয়াই আমি ভগৱানৰ ওচৰত নিজকে সমৰ্পন কৰিব পাৰিম।
গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, মানুহে নিজৰ মন বৈষয়িক সুখ আনন্দ প্ৰমোদৰ পৰা আঁতৰাই আনিবলৈ সদায় চেষ্টা কৰি থাকিব লাগে। সাময়িক আমোদ প্ৰমোদেযে আমাক চিৰস্থায়ী আনন্দ দিব নোৱাৰে সেই কথা আমি জানিব লাগে। নিজৰ মাজত ভগৱানৰ অস্তিত্ব অনুভৱ কৰিবলৈ প্ৰয়াস কৰিব লাগে। সকলো কামনা বাসনা বিসৰ্জন দি, নিজৰ সুখ সুবিধা, সা সম্পত্তিৰ প্ৰতি মোহ বিসৰ্জন দিব পৰাজনেই আধ্যাত্মিক জ্ঞান আৰু পৰম আনন্দৰ অধিকাৰী হয়।
গীতাৰ পঞ্চদশ অধ্যায়ৰ ১১ নং শ্লোকত কোৱা হৈছে –
য়তন্তো য়োগিনশ্চৈনং পশ্যন্ত্যাত্মন্যৱস্থিতম্
য়তন্তোত্পকৃতাত্মানো নৈনং পশ্যন্ত্যচেতস: ।।
ইয়াৰ অৰ্থ হ’ল আত্মজ্ঞান বা নিজৰ বিষয়ে থকা জ্ঞানেই আটাইতকৈ মহৎ জ্ঞান। নিজৰ অন্তৰৰ মাজত ভগৱানক বিচাৰি পোৱাজনেই আটাইতকৈ জ্ঞানী, আটাইতকৈ সফল যোগী। তেওঁ সাময়িক সুখ-দুখ, আনন্দ বেজাৰ আদি ভাৱৰ পৰা মুক্ত হৈ পৰম সন্তুষ্টি অনুভৱ কৰে। এই সন্তুষ্টিয়েই তেওঁক নিজৰ কৰ্তব্য হেলাৰঙে কৰি যাবলৈ অনুপ্ৰাণিত কৰে। আনহাতে নিজৰ মাজত ভগৱানক বিচাৰি নোপোৱাজনে অনেক বাহ্যিক জ্ঞান লাভ কৰিলেও, অনেক সুখ সুবিধাৰে জীৱন অতিবাহিত কৰিলেও কেতিয়াও সন্তুষ্ট হ’ব নোৱাৰে।
বৰ আচৰিত কথাযে কিছুমান মানুহে সকলো সুখ সুবিধা পায়ো সন্তুষ্ট নহয়, আৰু কিছুমানে সকলো সুখ সুবিধা ত্যাগ কৰিও সন্তুষ্ট হয়।
গীতাত বাৰে বাৰে কোৱা হৈছে, আমি যিবোৰ সা-সুবিধা, আমোদ-প্ৰমোদ, লাহ-বিলাহৰ যোগেদি সুখী হোৱাৰ আশা কৰোঁ, সেইবোৰ গছৰ ডাল পাতৰ দৰে ক্ষণস্থায়ী। যেনেদৰে এখন চিনেমা চাই কেৱল চিনেমাখন শেষ নোহোৱালৈহে আনন্দ লাভ কৰিব পাৰি, সেইদৰে আমোদ প্ৰমোদৰ পৰা পোৱা সকলো আনন্দই এসময়ত শেষ হৈ যায়। কিন্তু সকলো আমোদ প্ৰমোদৰ পৰা আঁতৰত থাকি ভগৱানৰ চিন্তা কৰি যি আনন্দ পোৱা যায়, সেই আনন্দৰ শেষ নাই। বাহ্যিক আমোদ প্ৰমোদৰ পৰা আঁতৰত নিজৰ মনৰ মাজত বিচাৰি পোৱা আনন্দক আধ্যাত্মিক আনন্দ বোলা হয়। আমি তেনে আনন্দকে পাবলৈ সদায় চেষ্টা কৰিব লাগে।
অৰ্জুনে সুধিলে, তেনে আনন্দ সকলোৱে পাব নোৱাৰে নেকি?
শ্ৰীকৃষ্ণই ক’লে, কথাবোৰ শুনিবলৈ সহজ। কিন্তু কাৰ্যক্ষেত্ৰত ইমান সহজ নহয়। আমি সকলোৱে জানো, কামৰ ফল আশা নকৰি, ভগৱানৰ ওচৰত সকলো সমৰ্পন কৰি নিজৰ কৰ্তব্য কৰি যাব লাগে। কিন্তু আমি সকলো জানিও তেনে কৰিব পাৰোঁ জানো? সেইদৰে মনত কোনো সংশয় নৰখাকৈ পৰম পুৰুষ পৰমেশ্বৰ ভগৱানৰ ওচৰত নিজকে সমৰ্পন কৰাজনেই প্ৰকৃত জ্ঞানী বুলি আমি জানো। কিন্তু প্ৰকৃততে আমি নিজকে সম্পূৰ্ণভাৱে ভগৱানৰ ওচৰত সমৰ্পন কৰিব পাৰোঁ জানো?
গীতাৰ পঞ্চদশ অধ্যায়ত কোৱা হৈছে যে, যিজনে নিজৰ সকলো কামনা বাসনা, মোহ অহংকাৰ ত্যাগ কৰি ভগৱানৰ ওচৰত নিজকে সম্পূৰ্ণভাৱে সমৰ্পন কৰে তেওঁহে পুৰুষোত্তম, অৰ্থাৎ শ্ৰেষ্ঠ মানুহ। গীতাৰ পঞ্চদশ অধ্যায়ক সেয়েহে ‘পুৰুষোত্তম যোগ’ বুলি কোৱা হয়।
গীতাৰ পঞ্চদশ অধ্যায়ৰ অন্তিম ২০ নং শ্লোকত কোৱা হৈছে –
ইতি গুহ্যতমং শাস্ত্ৰমিদমুক্তং ময়ানঘ।
এতদ্ বুদ্ধা বুদ্ধিমান্ স্যাৎ কৃতকৃত্যশ্চ ভাৰত।।
অৰ্থাৎ ভগৱানে ষ্পষ্ট ভাষাত কৈছেযে সকলো শাস্ত্ৰৰ মূল গূঢ় কথা এয়েইযে পৰমপিতা পৰমেশ্বৰ ভগৱানেই হ’ল সৰ্বশক্তিমান, সৰ্বজ্ঞ আৰু সকলোৰে ভাগ্য নিয়ন্তা। বেদ, উপনিষদ, কোৰান, বাইবেল সকলোতে এই একেটাই কথা কোৱা হৈছে। এই মহান সত্য শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধক্ষেত্ৰত অৰ্জুনক কৈছে। শ্ৰীকৃষ্ণই অৰ্জুনক এইবুলিও কৈছেযে যিজনে এই কথা বুজিব পাৰিছে, তেৱেঁই প্ৰকৃততে জ্ঞানী। এনে জ্ঞানীলোকেই নিজৰ সকলো প্ৰচেষ্টাত সফল হয় আৰু তেনে ব্যক্তিয়েই হয় পুৰুষোত্তম অৰ্থাৎ উত্তম মানুহ।
পঞ্চদশ অধ্যায়ৰ মূল শিকনি হ’ল, মানুহে জীৱনত কেতিয়াও ভগৱানক পাহৰিব নালাগে। গছ এজোপাৰ ঘাই শিপাৰ দৰে ভগৱানেই মানুহৰ জীৱনৰ মূল, এই কথা অনুভৱ কৰিবলৈ চেষ্টা কৰিব লাগে। আমি যেতিয়া কোনো সংশয় নোহোৱাকৈ ভগৱানকে নিজৰ গৰাকী হিচাপে মানি ল’ব পাৰিম, তেতিয়াই আমাৰ জীৱন অতি উত্তম আৰু আনন্দময় হৈ পৰিব।




No comments:

Post a Comment