Friday, August 19, 2022

গীতাৰ মণি মুকুতাবোৰ - ১৪


সদায় সফল হোৱাৰ উপায়
The Success Mantra
প্ৰতিজন মানুহে জীৱনত সফল হ’ব খোজে। কিন্তু সফলতা নিশ্চিত কৰিব পৰা কিবা উপায় বা মন্ত্ৰ আছেনে? আমি জীৱনত কেতিয়াবা সফল আৰু কেতিয়াবা অসফল কিয় হওঁ? এইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি হয়তো আমি আজিও কোনোবা ধৰ্মগুৰু বা কোনোবা অনুপ্ৰেৰণা দিব পৰা বক্তাৰ (Motivational Speaker) ওচৰলৈ যাওঁ। কিন্তু ভাবিলে আচৰিত লাগেযে পাঁচ হাজাৰ বছৰ আগতেও ভগৱান শ্ৰীকৃষ্ণৰ ৰূপত এনে এজন Motivational Speaker আছিল, যিজনৰ বাণীসমূহে আজিও গীতাৰ শিকনিৰ ৰূপত মানুহক সফল জীৱনৰ বাট দেখুৱাই আহিছে।
গীতাৰ চতুৰ্দশ অধ্যায়ত শ্ৰীকৃষ্ণই অৰ্জুনক বুজাইছে, মানুহে কেনেদৰে সকলো সময়তে সকলো কামতে সাফল্য লাভ কৰিব পাৰে।
এইখিনিতে প্ৰশ্ন উঠিব পাৰে, সঁচাকৈয়ে সকলো কামতে সকলো সময়তে সফল হ’ব পাৰিনে?
বহুতেই হয়তো আচৰিত হ'বযে, সকলো কামতে, সকলো সময়তে সফল হোৱাৰ উপায় গীতাত শ্ৰীকৃষ্ণই মানৱ জাতিলৈ দি গৈছে। গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক এক বিশেষ জ্ঞানৰ কথা কৈছে, যি জ্ঞানৰ সহায়ত আমাৰ আগৰ ঋষি, মুনি, মহাপুৰুষ সকলে কোনেও কল্পনা কৰিব নোৱৰা সাফল্য লাভ কৰিছিল। শ্ৰীকৃষ্ণই কৈছে, এই জ্ঞানৰ সহায়ত আমিও সকলো কামতে সফল হ’ব পাৰিম।
সেয়া হৈছে আমাৰ মাজত থকা তিনিবিধ গুণৰ বিষয়ে জ্ঞান। আমাৰ সকলোৰে মাজত তিনিবিধ বিশেষ গুণ থাকে। এই তিনিবিধ গুন হৈছে সাত্বিক, ৰাজসিক আৰু তামসিক।
গীতাৰ চতুৰ্দশ অধ্যায়ক গুণত্ৰয় বিভাগ যোগ বুলি কোৱা হয়। গুণত্ৰয় বিভাগ যোগ হৈছে আমাৰ মাজত এই তিনি গুণ কেনেদৰে বিভিন্ন পৰিমাণত আছে আৰু সেই গুণে মানুহক কেনেদৰে প্ৰভাৱান্বিত কৰে, সেই বিষয়ে জ্ঞান।
তামস শব্দৰ অৰ্থ হ’ল আন্ধাৰ। তামসিক গুণ মানে আন্ধাৰৰ লগত সম্পৰ্ক থকা গুণ। আমাৰ এলাহ, ভাগৰ, টোপনি, কাম কৰিবলৈ মন নোযোৱা হোৱা এইবোৰকে তামসিক গুণ বোলা হয়। সেইদৰে আমাৰ আমোদ প্ৰমোদৰ প্ৰতি থকা আকৰ্ষণ, নিচাৰ প্ৰতি আসক্তি আদিয়ো হ’ল তামসিক গুণ। এই গুণবোৰে মানুহৰ মন আন্ধাৰ কৰি ৰাখে, অজ্ঞানতাত বুৰাই ৰাখে।
ৰাজসিক গুণবোৰ হ’ল আমাৰ মনত থকা ক্ৰোধ, অহংকাৰ, স্বাৰ্থপৰতা, হিংসা-দ্বেষ আৰু কামনা-বাসনা আদি। আমাৰ মনত যেতিয়া কোনো বস্তুৰ প্ৰতি আসক্তি হয়, মনে বিচৰা কিবা বস্তু পালে আমাৰ অহংকাৰ হয়, নাপালে খং উঠে, আত্ম গৌৰৱত ওফন্দি উঠি আমি আমি আনৰ প্ৰতি হিংসা কৰোঁ, টকা পইচা সম্পত্তিৰ পিছে পিছে দৌৰিবলৈ লওঁ, মনৰ সকলো কামনা বাসনা পূৰ কৰিবলৈ চেষ্টা কৰোঁ, সেইবোৰকে ৰাজসিক বা ৰজো: গুণ বুলি কোৱা হয়।
ৰজা-মহাৰজা সকলৰ মাজতেই এনে গুণবোৰ বেছিকৈ দেখিবলৈ পোৱা যায় বাবেই এইবোৰক ৰাজসিক গুণ বোলা হয়। আমি কৰা কামৰ পৰা আমি যেতিয়া ফল আশা কৰোঁ, সেয়াও ৰাজসিক গুণৰে লক্ষণ। ৰাজসিক গুণবোৰে আমাক উত্তেজিত কৰে, আমাক অহংকাৰী কৰে।
মানুহৰ মাজত থকা তৃতীয়বিধ গুণক গীতাত শ্ৰীকৃষ্ণই আটাইতকৈ পৱিত্ৰ গুণ বুলি কৈছে। চতুৰ্দশ অধ্যায়ৰ ৬ নং শ্লোকত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে
“তত্ৰ সত্বং নিৰ্মলত্বাৎ প্ৰকাশকমনাময়ম।
সুখসংগেন বধ্নাতি জ্ঞানসংগেন চানঘ”।।
অৰ্থাৎ আন গুণবিলাকৰ তুলনাত আটাইতকৈ পবিত্ৰ হ’ল সাত্বিক গুণ। এই গুণে আনক পোহৰাই তুলিব পাৰে আৰু এই গুণ সকলো প্ৰতিক্ৰিয়াৰ পৰা মুক্ত। যিসকলৰ গাত এই গুণটো থাকে তেওঁলোকে সকলো সময়তে সুখ অনুভৱ কৰে। তেওঁলোক সদায় জ্ঞান লাভৰ প্ৰতি আসক্ত হয়।
আমি যেতিয়া এলাহত সময় অপব্যয় নকৰি একান্ত মনে নিজৰ কামত নিমগ্ন হৈ থাকোঁ, কিন্তু কামৰ পৰা একো ফল আশা নকৰোঁ, কিবা পালেও পোৱাখিনিক লৈ আমি গৌৰৱ বা অহংকাৰ নকৰোঁ, নাপালেও নোপোৱা খিনিৰ বাবে শোকত বুৰ নাযাওঁ, স্বাৰ্থপৰ হৈ কেৱল নিজৰ কথা নাভাবি ভগৱানৰ ওচৰত নিজকে সমৰ্পন কৰোঁ, সদায় জ্ঞানৰ অন্বেষণ কৰোঁ, তেতিয়া আমাৰ গাত যিবোৰ গুণে দেখা দিয়ে সেয়াই হ’ল সাত্বিক গুণ। সাত্বিক গুণ থকা মানুহে নিজৰ আমোদ প্ৰমোদ, কামনা বাসনা সকলো হাঁহিমুখে ত্যাগ কৰি নিষ্কাম কৰ্মত ব্যস্ত হৈ থাকে আৰু ভগৱানৰ ওচৰত নিজকে সমৰ্পন কৰে।
অৰ্জুনে শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিলে, এজন মানুহৰ গাত এটাই গুণ থাকেনে আটাইকেইটা গুণেই থাকে?
শ্ৰীকৃষ্ণই বুজাই দিলে, সাত্বিক, ৰাজসিক আৰু তামসিক এই আটাইকেইটা গুণেই প্ৰতিজন মানুহৰ মাজতে কম বেছি পৰিমণে থাকে। এই গুণবোৰৰ পৰিমাণে এজন মানুহৰ ব্যক্তিত্ব নিৰূপন কৰে। আকৌ এই গুণবোৰৰ অনুপাতো বিভিন্ন সময়ত আৰু বিভিন্ন পৰিস্থিতিত সলনি হয়। কোনো এটা গুণৰ প্ৰভাৱ যেতিয়া বেছি হয়, মানুহজনে তেনে ব্যৱহাৰ কৰিবলৈ লয়।
উদাহৰণ স্বৰূপে, যিবোৰ মানুহৰ মাজত তামসিক গুণৰ পৰিমাণ বেছি থাকে, তেওঁলোক এলেহুৱা, আৰাম প্ৰিয়, আমোদ প্ৰিয়, খাদ্য প্ৰিয়, নিচাসক্ত হয়। তেওঁলোকৰ মন গভীৰ আন্ধাৰে আৱৰি থাকে। তেওঁলোকে জীৱনত কোনো উত্সাহ, উদ্দীপনা আৰু নতুন কথা জনাৰ আগ্ৰহ অনুভৱ নকৰে। বাহ্যিক আমোদ প্ৰমোদৰ মাজত থাকিলেও তেওঁলোকৰ মন সদায় অজ্ঞান অন্ধকাৰে আৱৰি থাকে। সেইদৰে যিবোৰ মানুহৰ মাজত ৰাজসিক গুণৰ পৰিমাণ বেছি থাকে তেওঁলোক স্বাৰ্থপৰ, অহংকাৰী আৰু টকা পইচা, ধন সম্পত্তিৰ মোহত আচ্ছন্ন হৈ থাকে। তেওঁলোকে কাম কৰিলেও সেয়া নিজৰ বাবেই কৰে। আনৰ কথা ভাবিবলৈ তেওঁলোকে আহৰি নাপায়। আনহাতে সাত্বিক গুণৰ পৰিমাণ অধিক থকা ব্যক্তিয়ে নিজৰ বাবে একো আশা নকৰাকৈ ভগৱানৰ চৰণত নিজকে সমৰ্পন কৰি নিজৰ কৰ্তব্য কৰি যায়। তেওঁলোকে সা সম্পত্তি বা কোনো নিচাৰ প্ৰতি আসক্ত নহয়, কিন্তু জ্ঞান আহৰণৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ অনুভৱ কৰে। তেওঁলোকে নিজৰ মাজতে সকলো সময়তে সুখ বিচাৰি পায়।
অৰ্জুনে সুধিলে, মানুহ এজনক দেখিলেই তেওঁ সাত্বিক, ৰাজসিক নে তামসিক গুণ থকা ব্যক্তি এই কথা ধৰিব পৰা যায়নে?
শ্ৰীকৃষ্ণই ক’লে, সাত্বিক গুণধাৰী মানুহৰ লগত কথা পাতিলে পৰম শান্তি অনুভৱ কৰিব পৰা যায়। তেওঁলোক জ্ঞানৰ পোহৰেৰে উজ্বল হৈ থাকে। তেওঁলোকে সকলোৰে লগত ভাল ব্যৱহাৰ কৰে, মিঠা ভাষাত কথা পাতে আৰু সদায় নিজৰ কামত ব্ৰতী হৈ থাকে। সেইদৰে খঙাল, অহংকাৰী, লোভী, স্বাৰ্থপৰ, হিংসাকুৰীয়া মানুহ ৰাজসিক গুণৰ অধিকাৰী হয়। যিবোৰ মানুহ এলেহুৱা, নিষ্ক্ৰিয়, নিচাসক্ত, উন্মত্ত, হিংসুক, কাজিয়াখোৰ সেইসকল তামসিক গুণৰ প্ৰভাৱত থাকে। আমি মানুহৰ স্বভাৱ বা ব্যৱহাৰৰ পৰাই তেওঁলোক কি গুণৰ প্ৰভাৱত থাকে জানিব পাৰোঁ। গীতাত এইবুলিও কোৱা হৈছেযে সত্বগুণী সকলে ক্ৰমে ক্ৰমে উদ্গতি লাভ কৰি স্বৰ্গৰ দেৱতাসকলৰ লগত বাস কৰাৰ যোগ্যতা পায়। ৰজোগুণীসকলে এই পৃথিৱীতে থাকি যায় আৰু তমোগুণীসকলে নৰকত স্থান পায়।
আমি দেখা সকলোবোৰ ৰং যিদৰে মূলতে ৰঙা, নীলা আৰু সেউজীয়া ৰঙৰ বিভিন্ন মিশ্ৰণৰ ফলত সৃষ্টি হয়, সেইদৰে এই পৃথিৱীৰ মানুহৰ স্বভাৱ আৰু ব্যৱহাৰ এই তিনিটা গুণৰ সমষ্টিত সৃষ্টি হয়।
অৰ্জুনে সুধিলে, মানুহে কেতিয়াবা এই তিনিটা গুণৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব পাৰেনে?
এই প্ৰশ্নৰ উত্তৰৰ গীতাত চতুৰ্দশ অধ্যায়ত ২০ নং শ্লোকত শ্ৰীকৃষ্ণই অৰ্জুনক এই বুলি কৈছে –
গুণানেতানতীত: ত্ৰীন দেহী দেহসমুদভৱান।
জন্মমৃত্যুজড়াদু:খৰ্ৱিমুক্তো অমৃতমশ্নুতে।।
ইয়াৰ অৰ্থ হ’ল, মানুহে যেতিয়া নিজৰ সাধনাৰ বলত এই তিনিওটা গুণৰ প্ৰভাৱৰ পৰা মুক্ত হৈ পৰে, তেওঁ জন্ম, মৃত্যু, বুঢ়াকাল আৰু দুখৰ পৰা হাত সাৰি এই পৃথিৱীতে অমৃতৰ সোৱাদ পাব পাৰে। অৰ্থাৎ মানুহে এই তিনিটা গুণৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব পাৰিলে এই পৃথিৱীত থাকিও স্বৰ্গত থকাৰ দৰে সুখ পায়।
অৰ্জুনে সুধিলে, তেনেকুৱা মানুহ সঁচাকৈয়ে আছেনে? সাধাৰণ মানুহে তেনে মানুহক চিনি উলিয়াব পাৰিবনে?
ইয়াৰ উত্তৰত শ্ৰীকৃষ্ণই কৈছে, যিজনে কেতিয়াও কোনো বস্তুৰ প্ৰতি লোভ বা মোহ নকৰে, নিজৰ কৰ্তব্য সম্পূৰ্ণ নিস্থাৰে কৰি যায়, কিবা বস্তু হেৰুৱালেও দুখ নকৰে, কোনো বস্তু পাবলৈ আকাংক্ষা নকৰে, সদায় সকলো বস্তুৰ প্ৰতি উদাসীন আৰু স্থিৰ হৈ থাকিব পাৰে সেইজন মানুহেই এই তিনিগুণৰ প্ৰভাৱৰ পৰা মুক্ত। তেনে এজন মানুহক গুণবোৰৰ প্ৰভাৱে বিচলিত কৰিব নোৱাৰে, তেওঁৰ বাবে দুখ আৰু সুখ দুয়োটা সমান, তেওঁৰ মনোযোগ সদায় আত্মাত নিবদ্ধ থাকে, আনৰ নিন্দা বা প্ৰশংসা, মান বা অপমান সকলো তেওঁ সমানভাৱে গ্ৰহণ কৰিব পাৰে, শত্ৰু আৰু মিত্ৰ উভয়কে তেওঁ সমানে আদৰ সন্মান কৰিব পাৰে। সকলোতকৈ মন কৰিবলগীয়া কথা হ’ল তেনে এজন মানুহে কোনো ব্যতিক্ৰম নোহোৱাকৈ সদায় ভগৱানৰ সেৱা ভক্তি কৰে। ভগৱানকে একমাত্ৰ আশ্ৰয় বুলি গণ্য কৰে। সংখ্যাত নগন্য যদিও তেনে মানুহ এই পৃথিৱীত সদায়েই আছে।
অৰ্জুনে জানিব খুজিলে, এই তিনিগুণৰ বিষয়ে জ্ঞান লাভ কৰিলেই মানুহে সফলতা লাভ কৰে নেকি? কিন্তু সেয়া কেনেকৈ সম্ভৱ হয়?
শ্ৰীকৃষ্ণই বুজালে, এই তিনিগুণৰ বিষয়ে জানিলে আমি আমাৰ প্ৰত্যেকৰে মাজত থকা সাত্বিক, ৰাজসিক আৰু তামসিক গুণৰ প্ৰভাৱৰ বিষয়ে অনুভৱ কৰিব পাৰিম। আমাৰ উদ্দেশ্য হ’ল আমাৰ জীৱনত সাত্বিক গুণৰ প্ৰভাৱ বৃদ্ধি কৰাটো। আমি যেতিয়া সাত্বিক গুণৰ প্ৰভাৱ বেচিকৈ অনুভৱ কৰিব পাৰিম, আমাৰ জীৱনটোৱেই সলনি হৈ যাব।
আমাৰ জীৱনত অসফলতা, ব্যৰ্থতা, দুখ, কষ্ট আহে ৰাজসিক আৰু তামসিক গুণৰ কাৰণে। যেতিয়া আমি নিজ ইচ্ছাৰে এই গুণবোৰৰ প্ৰভাৱ কমাই আনিব পাৰিম, আমাৰ সফলতাৰ পৰিমাণো বৃদ্ধি পাব। সাত্বিক গুণৰ প্ৰভাৱে আত্মাৰ অজ্ঞান অন্ধকাৰ দূৰ কৰে আৰু মানুহৰ মগজু অতি কাৰ্যক্ষম কৰি তোলে। যদি সাত্বিক গুণক আমাৰ স্বভাৱত পৰিণত কৰিব পাৰোঁ, সকলো কাৰ্যতে আমি সফল হ’ব পাৰিম।
আমাৰ মাজত থকা ৰাজসিক আৰু তামসিক গুণবোৰৰ প্ৰভাৱৰ কাৰণে আমি কেতিয়াবা বহুত চেষ্টা কৰিও সফল হ’ব নোৱাৰোঁ। উদাহৰণ স্বৰূপে কোনোবাই যদি পৰীক্ষাৰ বাবে পঢ়া শুনা নকৰি এলাহত শুই থাকে, টি ভি চাই আমোদ প্ৰমোদত ব্যস্ত হৈ থাকে, তেতিয়া তেওঁ তামসিক গুণৰ প্ৰভাৱত থাকে। সেইদৰে পঢ়া শুনা কৰোঁতে যদি কেৱল নম্বৰ পোৱাৰ আশা কৰি থাকে, নিজৰ আগৰ ফলাফলক লৈ অহংকাৰ কৰে, আনক হিংসা কৰে, তেতিয়া তেওঁ ৰাজসিক গুণৰ প্ৰভাৱত থাকে। এইবিলাক গুণৰ প্ৰভাৱৰ পৰা মুক্ত হৈ ভগৱানৰ কথা ভাবি একান্ত মনে পঢ়া শুনা কৰিলে সাত্বিক গুণৰ প্ৰভাৱ পৰিব আৰু প্ৰতিবাৰেই সফল হ’ব পাৰি। সাত্বিক গুণৰ এটা লক্ষণ হ’ল জ্ঞানৰ বাবে অফুৰন্ত হেপাহ।
সাত্বিক গুণৰ প্ৰভাৱত মানুহে সদায় সকলো কামৰ ফল ভগৱানৰ চৰণত অৰ্পণ কৰে। এইদৰে লাহে লাহে মানুহৰ জীৱন সলনি হৈ যায়। সাত্বিক গুণৰ প্ৰভাৱত মানুহে সদায় সুখী আৰু আনন্দময় জীৱনৰ অধিকাৰী হ’ব পাৰে আৰু সেয়াই জীৱনৰ সফলতা।

No comments:

Post a Comment